গন্তব্যস্থান নাই তেওঁৰ। মাথোঁ গৈ থাকে। গৈ থাকে।
বাটত মানুহে ‘কেৰাচিন তেল খাইটি’ বুলি জোকালে অগ্নিশৰ্মা হৈ মানুহলৈ শিলগুটি দলি মাৰি দিয়ে।
তেওঁ কিন্তু ইমান মানসিকভাৱে বিকাৰগ্ৰস্ত নাছিল যে তেওঁক ‘কেৰাচিন তেল খাইটি’, ‘পাগলী’ বুলি জোকালে তেওঁৰ বিবেকে অলপকৈ কৈছিল— তেওঁক জোকাইছে। তাই পাগলী বুলি।
মোৰ লগত একেটা শ্ৰেণীতে পঢ়া ছোৱালী এজনীৰ সম্পৰ্কীয় আছিল।
কোনো কোনোৱে তাইক স্কুললৈ গৈ কয় —‘ঐ তোৰ সম্পৰ্কীয় পাগলীজনীক আজি বাটত পাইছিলোঁ।’
তাই মুখেৰে একো নামাতি মনে মনে থাকে।
কি ভাবিছিল চাগৈ তাই?
তাইৰ ...!
—এতিয়া মই কি ভাবিছোঁ!! হয়, মই এতিয়া ভাবিছোঁ। তেওঁলোকৰ দৰে মোৰ নামটোৰ লগতো এতিয়া শব্দ এটা সংযোগ হ’ব নেকি?
‘পংগু’
উস্, বুকুখনে ভাৰ ল’ব নোৱৰা নামহীন এক জীয়া যন্ত্ৰণা কঢ়িয়াইছিল।
অবিৰাম দুখ, বেদনাত ঘঁহনি খাই থকা বুকুখনৰ স্পন্দন অধিক তীব্ৰভাৱে ধপ্ধপাবলৈ ধৰিলে।
...ইয়াতকৈ আৰু কিবা লাগেনে দুখী হ’বলৈ? সপোন ভঙা দুচকু, আশ্বাসহীন উশাহ... ইয়াতকৈ আৰু লাগিছিলেনে বুকুত যন্ত্ৰণা বঢ়াবলৈ? প্ৰাণৰ আকুল আৱেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ নহৈছিল যদিও আৱেগত বাকৰুদ্ধ হৈ পৰিছিলোঁ।
••••••
‘আজি তোক ধুনীয়া লাগিছে।’
সেইদিনাখন মই গাঢ় কলপতীয়া এযোৰ ধুনীয়া পোছাক পিন্ধিছিলোঁ। মোক দুখে সাৱটি লোৱা জীৱনটোৰ তেতিয়া তিনি মাহ হৈছিল। মা, মই আৰু খুৰা এজন গুৱাহাটীলৈ যাব ওলাইছোঁ চেকআপৰ বাবে।
সঁচাকৈ, ধুনীয়া লাগিছে মোৰ নিজকে।
সৰুৰে পৰা মাৰ ওচৰত মোৰ সদায় এটা আক্ষেপ থাকিছিল। মই বগা নহয়।
ধুনীয়া নহয়। এই বগা নোহোৱা, ধুনীয়া নোহোৱা ভাৱটোৱে মোক বহু অসুখী কৰি