সমললৈ যাওক

পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ছাৰৰ কথাকেইটাৰ উত্তৰত উচুপি উচুপি কৈছিলোঁ —‘মোৰ জীয়াই থকাৰ ইচ্ছা নাই। মোৰ এই যন্ত্ৰণাক্লিষ্ট জীৱনটো লৈ লৈ আমনি লাগিছে। মই ভাগৰি পৰিছোঁ। মোক মৃত্যু লাগে। অনুগ্ৰহ কৰি, মোক মৃত্যু দিয়ক।’

 এটা হৃদয়বিদাৰক শ্বাসৰুদ্ধ পৰিৱেশে ছানি ধৰিছিল কোঠাটো।

 আজি গ্ৰুপত যাবানে নোযোৱা? পৰিৱেশ সলাবলৈ ছাৰে ক’লে।

 নাই, নাযাওঁ।

 আজিও পলাবা নেকি?

 পলাম।

 কোনটো গেটেৰে পলাবা?

 পানীৰ পুল থকা ফালেদি।

 যদি ধৰা পৰা?

 নপৰোঁ, আপুনি সিটো গেটত থাকিব। মই গৈ সাউৎকৰে ৰূম পাই যাম আৰু যদি অ’.টি.ৰ ছাৰ মেডামহঁতে সোধে, মই কিয় যোৱা নাই। কৈ দিব কিবা এটা।

 “গ্ৰুপ” নামৰ এটা অনুষ্ঠান থাকে প্ৰতি বুধবাৰে। এই অনুষ্ঠানটোত হাস্পতালখনত থকা প্ৰত্যেকজন পেচেণ্টক পি.টি.ৰ ডাঙৰ কোঠাটোত একগোট কৰি প্ৰত্যেকৰে মনৰ ভাব আদান-প্ৰদান কৰে। অসুখৰ আগৰ অৱস্থা আৰু অসুখৰ পাছৰ অৱস্থা, আন ব্যক্তি, ঘৰৰ পৰা পোৱা মৰম, ব্যৱহাৰৰ ওপৰত আলোকপাত কৰে৷

 সুখ-দুখ, আশা-নিৰাশা, এলাগী জীৱন, সপোন ভঙা জীৱনৰ দস্তাবেজ, দৰিদ্ৰতাই কোঙা কৰা জীৱনত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে ৰোগশয্যা, সোণালী জীৱনৰ আঁউসীৰ ঘোপমৰা আন্ধাৰে অধিকাৰ কৰা জীৱনৰ ওপৰত, এখন দুখৰ ‘ভৰ’ সহিব নোৱৰা আলোচনা চক্ৰ। চকুৰ পানীৰে ওপচা এটা স্পন্দনহীন কোঠা। গেলেপা খাই থকা দুখবোৰ খুঁচৰি খুঁচৰি উলিয়াই বাহিৰ কৰা নিৰ্দয় সময়।

 এক-দুই ঘণ্টা অবৰ্ণনীয় পৰিৱেশৰ সমাপ্তিত চাহ নাইবা পেপ্‌‌ছি খাবলৈ দিয়ে। সেই অনুষ্ঠানটোত সকলো পেচেণ্টৰ লগত ছাৰ, মেডাম, পেচেণ্টৰ গৰাকী উপস্থিত থাকে। মই, এই অন্তৰ আঁকুহি বখলা-বখল কৰা অনুষ্ঠানটোৰ পৰাই প্ৰতিটো সপ্তাহৰ বুধবাৰে পলাওঁ। বেয়া পাওঁ তাত উপস্থিত থাকিবলৈ। মোৰ কথা কৈ বেয়া পোৱা স্বভাৱটোৰ কাৰণেই মই সদায় পলাওঁ তাৰ পৰা। যদিও কেতিয়াবা পলাব নোৱাৰি ধৰা পৰি বাধ্যত উপস্থিত থাকিব লাগে, শ্বৰীফ ছাৰক মনে মনে কওঁ— মই আজি কথা ক’ব নোৱাৰিম বুলি ক’ব আপুনি। ছাৰে মিচিকিয়াই হাঁহি দিয়ে। ছাৰে বুজি পায়

১১১