পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰোগ্য কৰিব নোৱাৰিলে। ল’ৰাজনে দুগুণ উৎসাহেৰে ক’লে-- নহয় খুৰী মানুহ আছে। মই লৈ আহিম, তেওঁ তাইক ভাল কৰি দিব।

 হঠাৎ এদিন গধূলি এগৰাকী হাড়ে-ছালে লগা, চৰুৰ ছাইৰ দৰে ক'লা শীৰ্ণকায় অৱয়বৰ মলিন কাপোৰ, কোটোহা চুলি, শোটোৰা-শোটোৰ ছালৰ পঁচপন্ন- ষাঠি বছৰীয়া কুৎসিত ৰূপৰ মহিলাই দুটা ক'লা ৰঙৰ জোলোঙা কান্ধত ওলোমাই লৈ আমাৰ ঘৰত উপস্থিত হ’লহি। মানুহগৰাকীক লৈ আহিছিল মাক দৃঢ়ভাবে মোক ভাল কৰিব পাৰিব বুলি কৈ যোৱা ল’ৰাজনে।

 মানুহগৰাকীক দেখি আমাৰ ঘৰৰ প্ৰতিজন মানুহ আতংকিত হৈ পৰিলোঁ। মায়ে ল'ৰাজনক বাহিৰলৈ মাতি নি খবৰ নিদিয়াকৈ আনিব নালাগিছিল বুলি ক'লে।

 অলৌকিকতা, অপদেৱতা, অতিশক্তিত বিশ্বাসী ল’ৰাজনে একপ্ৰকাৰে মাক নিশ্চুপ কৰি দিলে —মানুহগৰাকীয়ে তাইক ভাল কৰি দিব।

 ক'লা মুখত তিৰবিৰাই থকা চকুৰ মণিকেইটা ঘূৰাই, কেইবাদিনো মুখ নোধোৱা, চাফা নকৰা দাতঁকেইটা উলিয়াই বীভৎস ভংগিমাৰে এখন ক’লাকাপোৰ মাটিতে পাৰি মানুহগৰাকী বহিল। কান্ধত থকা এটা জোলোঙা কাপোৰখনৰ ওপৰত থৈ জোলোঙাটোৰ পৰা বিভিন্ন ধৰণৰ মৃত জীৱ-জন্তুৰ মুণ্ড, হাড় উলিয়াই কাপোৰখনৰ ওপৰত থ’লে।

 মই তলপেট কৰি তেতিয়ালৈকে বিছনাত শুই থকা পাঁচ বছৰ হৈছিল। মানুহগৰাকীৰ গাৰ পৰা পঁচা দুৰ্গন্ধ বিয়পি পৰিছে কোঠাটোত।

 মোৰ নাকেৰে দুৰ্গন্ধ পেটৰ ভিতৰলৈকে সোমাই বমি হোৱাৰ উপক্ৰম হৈছিল। কিন্তু মানুহগৰাকীয়ে বমি কৰিলে কিবা ক'ব বুলি ওলাই অহা বমিখিনি গিলি দিছিলোঁ।

 মানুহগৰাকীয়ে কাপোৰখনৰ ওপৰত উলিয়াই লোৱা বিভিন্ন ধৰণৰ মানুহৰ লাওখোলা, হাত-ভৰিৰ শুকাই যোৱা হাড়, জন্তুৰ হাড় সকলোখিনি দীঘল কৰি এটা এটাকৈ শাৰী পাতি থলে।

 তাৰ পিছত হাতেৰে কিবা অংগি-ভংগী কৰি মুখেৰে তন্ত্ৰ-মন্ত্ৰ মাতিব ধৰিলে। তেনেতে এটা কেঁচুৱাৰ কান্দোন আমি শুনিবলৈ পালোঁ।

মই যন্ত্রণা জয় কৰাৰ পণ লৈছোঁ-২
১৭