বাৰিষা দিনত প্ৰস্ৰাৱত পাৰি দিয়া তিতা কাপোৰখিনি দুই দিয়াৰ পিছত ৰ’দ নোহোৱাৰ বাবে তিতি থকা নুশুকোৱা কাপোৰখিনি চৌকাত জুই ধৰি এখন এখনকৈ জুইৰ ওপৰত দাঙি ধৰি অলপ অলপ গৰম কৰি মোক আকৌ প্ৰস্ৰাৱ কৰিবলৈ পাৰি দিয়া হৈছিল। প্ৰতিদিনে ভৰি তলৰ ফালে কাগজত নিৰ’স্পিন পাউদাৰ লৈ ঘাখিনিত লগাই দিয়া। মই তলপেট কৰি শুই থকাৰ বাবে ঘাখিনি দেখা নোপোৱাৰ কাৰণে মায়ে আইনা এখনৰ সমুখত ভৰিটো দাঙি ধৰি কোনখিনিত ঘা টুকুৰা আছে, তাৰ প্ৰতিবিম্ব আইনাখনত চাই পাউদাৰ দিয়ে।
মই বৰষুণ খুব ভাল পাওঁ। তেতিয়াৰ দিনকেইটাত বৰষুণ যিমান ভাল পাইছিলোঁ, তাতোকৈ ভয়, দুখে বেছি হেঁচি ধৰিছিল বৰষুণ দিলে। বাৰিষাৰ দিনকেইটাত মই ভগৱানক কাকূতি কৰিছিলোঁ বৰষুণ নিদিবলৈ।
বৰষুণ দিলে যে প্ৰস্ৰাৱত পাৰি দিয়া কাপোৰখিনি নুশুকাব।
সেই সময়খিনিত মোৰ নিজতকৈ মালৈ বেছি দুখ লাগিছিল। মায়ে যেতিয়া কাৰ ঘৰৰ পিছফালে ফটা কাপোৰ পেলায় থৈছে, তাৰ ‘অনুসন্ধানত’ থাকিব লাগিছিল।
এবাৰ আমাৰ সম্বন্ধীয় দাদা এজনৰ ঘৰৰ পৰা আহি মায়ে মোক কৈছিল— সিহঁতৰ ঘৰৰ পিছফালৰ ঢেঁকীশালত দুটামান ফটা লংপেণ্ট থোৱা আছে। তোলৈ আনিব পাৰিলোঁ হয়। যদি সিহঁতে দিয়ে প্ৰস্ৰাৱত পাৰি দিবলৈ।
মই কথাটো শুনি এনেদৰে আনন্দত উৎফুল্ল হলো—যেন মোৰ আগত কোনোবাই অহৰ্নিশে বিচাৰি থকা দুৰ্লভ বস্তুৰহে সন্ধান দিছে। আৰু দুৰ্লভ বস্তুটো হেৰাই গ'লে পুনৰ পাবলৈ নাই বুলি তৎপৰ লগালোঁ।
সঁচাকৈ, সেই সময়খিনিত মই শুকান কাপোৰ, মানুহৰ পেলনীয়া কাপোৰৰ সন্ধানত মাক ৰাখিছিলোঁ।
মাক তৎকালে গৈ সিহঁতৰ প্ৰয়োজন আছেনে নাই কাপোৰখিনি কথা সুধি লৈ আহিবলৈ ক'লোঁ। মায়ো এক মুহূৰ্ত পলম নকৰি সিহঁতৰ ঘৰলৈ ওলাই গ'ল। নহ'লে যদি অলপ পলম হলেও সিহঁতে পেলায় দিয়ে আৰু আমি আমাৰ দুৰ্লভ কাপোৰখিনিৰ পৰা বঞ্চিত হওঁ!