(ন)
এটা মাথোঁ শব্দ— 'জীৱন'। জীবন কি? জীৱনৰ গূঢ়াৰ্থ কি? সুখ, আনন্দ, ধন-ঐশ্বৰ্যৰে পৰিপূৰ্ণতায়েই জীৱন! নে দুখ, যন্ত্ৰণা, হতাশা, বিষাদ, দৰিদ্ৰতাই পিষ্ট কৰা জীৱন। নে দুখ-সুখ, প্ৰাপ্তি-অপ্ৰাপ্তি, হৰ্ষ-বিষাদৰ যোগাত্মক মায়াৰ মাজত আবদ্ধ মায়াবৃত্ত জীৱন।
চৈধ্য বছৰ বয়সত জীৱনৰ সংজ্ঞা বিচাৰি এটা সঠিক সংজ্ঞাত উপনীত হোৱাটো, জোনাক নিশা ফৰকাল আকাশত কণমানি শিশু এটাই আকাশৰ অগণন তৰা গণি শেষ কৰি দিম বুলি কোৱা কথাৰ দৰে। হাবাথুৰি খাইছিলোঁ এটা সঠিক উত্তৰহীন প্ৰশ্নৰ মুখামুখি হৈ।
.....
জীৱনৰ বৈচিত্ৰ্যক জুমি চাবলৈ কৰ্ণকুহৰত কম্পন কৰিলেহি এটা সুমিষ্ট কণ্ঠ। তেওঁৰ কণ্ঠৰে নিগৰিছিল এটা এটাকৈ হিন্দী চিনেমাৰ গীত। তেওঁৰ স্মৃতি শক্তিও আছিল প্ৰখৰ। ওঁঠত মিচিকিয়া হাঁহিটো সানি দ্বিধাহীনভাৱে গাই গৈছিল এটাৰ পিছত এটা কলি। কিন্তু, গান গাই শুনাইছিল বিনিময়ত। গান গাই শুনোৱাৰ বিনিময়ত তেওঁ লৈছিল এধানমান ‘চাধা’ ‘চাধা’ হাতৰ তলুৱাত চূণ দি মোহাৰি মোহাৰি খোৱা খৈনি। তেওঁ চাধা এধানমানৰ কাৰণে অনৰ্গল গান গাইছিল আৰু মই স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ অমানুষিক কিছু দৃশ্য।
মানুহজনৰ বয়স আনুমানিক ২৬-২৭ বছৰমান হ’ব।কেতিয়াবা উদং গাৰে গামোচা এখন পিন্ধি নাইবা কেতিয়াবা উৱলি যোৱা জলহু ছাৰ্ট এটা, ফটা গামোচা এখনেৰে পথে পথে গান গাই গৈ থাকিছিল। তেওঁৰ পিছে পিছে যায় এচাম চেঙেলীয়া ল’ৰা। সিহঁতৰ আনন্দত কিৰীলি পৰা চিঞৰ আৰু ওঁঠৰ সুহুৰিয়ে বুজাই দিয়ে কোনফালে গান গাই গাই মানুহজন আহিছে।
এটাৰ পিছত এটা গান গাই, মানুহজনে চেঙেলীয়াকেইটাৰ আগত হাত পাতে পথৰ মাজত বহি।
সিহঁতৰ ভাষ্য আছিল– গা, আৰু গা, ভালকে গা। নহ'লে নিদিওঁ চাধা।
মনটো সেমেকাই ডোকাতুৰ চাৱনিয়ে আকৌ গাই যায় গান...
হাতখন আগবঢ়ায়। চাধা। চাধা। চূণ। কোনোবাই চোলাৰ জেপ্ খুঁচৰি খুঁচৰি উলিয়াই শুকান গছৰ পাত গুৰি কৰি চাধা হিচাপে দিয়ে। কোনোৱে শুকান ফুলৰ
৫১