(পােন্ধৰ)
এয়াইনে দুখৰ পৰিসীমা ?
নে আৰু আছে ?
আছে যদি কিমান ?
শৰীৰৰ এটা জীয়া অংশ জুয়ে পুৰি পেলায় আৰু পুৰি থাকোঁতেও উমান পােৱা নাযায়।
কি আচৰিত ?
হয়। মােৰ শৰীৰৰ জীয়া অংশ এটা জুয়ে পুৰি থাকোঁতেও মই উমান পােৱা নাছিলোঁ।
শীতৰ দিন। বহু ঠাণ্ডা। হাড় কঁপােৱা জ্বাৰত শৰীৰটোত অলপ তাপ দিবৰ কাৰণে, মায়ে একুৰা জুই ধৰিছিল কোঠাটোতে চৰিয়া এটাত।
মােক বিছনাতে বহুৱাই দি ভৰি দুখন বিছনাৰ পৰা তললৈ ওলমাই দিছে। ভৰি দুখনত অলপ তাপ দিবলৈ মায়ে মােক তেনেকৈ বহুৱাই থৈ আন এটা কোঠালৈ গ'ল। অলপ সময় পিছত ঘূৰি আহি মােলৈ চাই চিঞৰি উঠিল।
পুৰিলে.. অ’ পুৰিলে।
মায়ে, যেতিয়া হাতেৰে মােৰ বাওঁভৰিখন দাঙি ধৰে, তেতিয়াহে দেখিলোঁ, বাওঁভৰিখনৰ আঁঠুৰ তলৰখিনি পুৰি মঙহ সিজি গৈছে।
মা, লগে লগে চিঞৰি চিঞৰি কন্দাত লাগিল ভৰিখন চাই চাই।
বা, মালা, বাবুৱেও আহি মােৰ ভৰিখন দেখি কন্দা আৰম্ভ কৰিলে।
-মই বাৰু কিয় কন্দা নাছিলোঁ ?
-ভৰিৰ পােৰাখিনিৰ ‘উমান’ নােপােৱাৰ কাৰণে কন্দা নাছিলোঁ নেকি ?
-নে মই একেবাৰে শিল হৈ পৰিছিলোঁ ?
সঁচাকৈ মই কন্দা নাছিলোঁ। নিজৰ শৰীৰটো জীয়াই জীয়াই পুৰি থাকোঁতেই
দুখ পােৱা নাছিলোঁ। আৰু কান্দিমনাে কিয়?
৮২