পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হ’ব দে, হ’ব দে। তয়ে ল’বি। একেবাৰে। তাই টকাকেইটা ল'লেহে যেন এটকাটো দুটকা হৈ যাব। বৰ বেছি কৰ।

 সন্ধিয়া হোৱাৰ লগে লগে আমিও নচা বন্ধ কৰি আমাৰ ঘৰলৈ আহোঁ। আমাৰ ঘৰতে সেইদিনাখন কিমান টকা উঠিল হিচাপ কৰি টকাকেইটা মাৰ হাতত সিহঁতে জমা দিয়ে। চাউল কিমান হ’ল টেমাৰে জুখি মোনা এটাত ভৰাই থৈ সিহঁত যায়গৈ। পিছদিনা কিমান সময়ত ক’ত লগ হ’ব কৈ যায়।

 পিছদিনাখন য’ৰ পৰা বিহু গোৱা বন্ধ কৰিছিলোঁ, তাৰ পৰাই আৰম্ভ কৰি গোটেই গাঁওখন শেষ কৰোঁ। বিহু নাচি পোৱা চাউলখিনি জোখ কৰি মাৰ তাত বেচি দিওঁ। চাউল বেচি পোৱা টকা আৰু নগদ টকা মুঠ কৰি গাইপতি মায়ে ভগাই দিয়ে। নিজৰ ভাগৰ টকাকেইটা হাতত পৰাৰ লগে লগে গুণা-গঁথাত লাগি যাওঁ। টকাকেইটা কি কৰিম, কি নকৰিম।

 বছৰ বাগৰাৰ লগে লগে আমিও ডাঙৰ হৈ আহিলোঁ। এতিয়া বা, মই মানসীয়ে গাঁৱৰ ডেকা ল’ৰাবিলাকৰ লগত বিহু গাঁৱতে মাৰো। ব'হাগ বিহু আহিলে এতিয়া আমি ৰাস্তাত বিহু নাচৰ কথা আলোচনা নকৰোঁ।

 মাঘ বিহু। ভৰা পথাৰৰ বুকু উদং কৰি ভঁৰালৰ বুকুত সোণালী ধান ভৰোৱা বতৰ। পথৰুৱাৰ বছৰটোৰ কষ্টোপাৰ্জনৰ ফল প্ৰাপ্তিৰ সময়। হাঁহি হাঁহি দাৱনিয়ে কাটি নিয়া ধান। ককাইটিয়ে ধানৰ ভাৰ কঢ়িওৱা সময়। সমগ্ৰ পৃথিৱীয়ে ‘ফৰকাল’ হোৱাৰ সময়।

 মোৰো মনটো মাঘ বিহু অহাৰ আগে আগে আনন্দত ফৰকাল হৈ থাকিছিল। উৎফুল্ল হৈ আছিল পৰিৱেশ। মোৰ আনন্দৰ কাৰণো আছিল সুকীয়া। দেউতা প্ৰতিটো মাঘৰ বিহুত ঘৰলৈ আহে। দেউতা আহিলে ঘৰখনৰ পৰিৱেশটোৱেই সলনি হৈ যায়। দেউতা সেনাবাহিনীত চাকৰি কৰিছিল, গতিকে ঘৰলৈ আহোঁতে তেওঁ সেনাবাহিনীৰ পোছাকযোৰ পিন্ধি আহিছিল। দেউতা দেখাত ওখ, শকত, হৃষ্ট-পুষ্ট আছিল। সেনাবাহিনীৰ পোছাকযোৰ পিন্ধি আহিলে আমাৰ কণমানি বয়সৰ কুমলীয়া মনকেইটা ভয়তে টিপখাই থাকিছিল। সেইটো আছিল আমাৰ কাৰণে দুখৰ কথা। তাৰ বিপৰীতে দেউতা আহিলে দুখতকৈ সুখৰ আনন্দ আছিল বহু উচ্চ। দেউতাই আমালৈ অনা ‘নতুন’ কাপোৰৰ সুখৰ অনুভূতি। প্ৰতিটো বছৰৰ প্ৰতিটো মাঘৰ বিহুত আহিলে নতুন কাপোৰ আনে আৰু আমি বছৰত এবাৰেই নতুন কাপোৰ পাওঁ। সেয়ে মাঘৰ বিহুটো আমাৰ বাবে বৰ্ণিল আনন্দৰ দিন। দেউতা ঘৰত উপস্থিত হোৱাৰ

লগে লগে এটি চিনাকি গোন্ধে আমাৰ নাক চুই যায়। পাৰাপাৰহীন হেঁপাহেৰে বাট

৬৮