(সোতৰ)
নিশা আন্ধাৰ যিমান গভীৰ হয়। পুৱাৰ পোহৰ সিমানে কাষ চাপি আহে।
হয়তো, সেয়ে মোৰ গভীৰ আন্ধাৰে ছানি ধৰা জীবনটোত পুৱাৰ ফেঁহু-জালি পোহৰে ভুমুকি মাৰিছিল।
২০০২ চনৰ শেষৰ ফালে আমাৰ সম্পৰ্কীয় ছোৱালী এজনী আহিছিল আমাৰ ঘৰত কেইদিনমান থকাকৈ। মনত এটা ভয় ভয় ভাব লৈ।
তেতিয়ালৈকে মই যন্ত্ৰণাৰ বোজা কঢ়িয়াই জীৱনৰ বাট বোলা জীৱনৰ সাত বছৰত ভৰি দিছিলোঁ।
অপ্ৰস্তুত মুখত এটা ভয় ভাব লৈ মই থকা কোঠাটোলৈ সোমাই আহিল। তাইক মই ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতে এখন বিয়াত শেষবাৰ লগ পাইছিলোঁ। সেই বিয়াখনৰ পিছৰ পৰা মই তাইক দেখা পোৱা নাই আৰু তায়ো মোক লগ পোৱা নাছিল।
কিন্তু তাই মোক জানিছিল আনৰ মুখে মুখে।
মালাৰ লগত তাই মই থকা কোঠাটোলৈ চুচুক-চামাককৈ সোমাই আহিল। তাই এতিয়া এজনী গাভৰু ছোৱালী।
তাইৰ লগত কথা পাতি মই মোৰ সংগী কিতাপৰ লগত আকৌ ব্যস্ত হলোঁ। তেতিয়া মই আন মানুহৰ লগত কমকৈ আৰু কিতাপৰ লগত বেছিকৈ কথা পাতোঁ।
লাহে লাহে অলপ অলপকৈ কথা পাতোঁতে পাতোঁতে তাইক মোৰ ভাল লগা হ’ল।
এদিন তাই, মই আৰু মালাই কথা পাতি থাকোঁতে তাই ক’লে— জান জুলী বা, মই যেতিয়া তহঁতৰ ঘৰলৈ অহাৰ কথা কওঁ, তেতিয়া মোৰ তোৰ কথা ভাবি বৰ ভয় লাগিছিল। মই যদি আহি তহঁতৰ ঘৰত থাকো তেনেহ’লে তই থকা ঘৰটোতেতো থাকিব লাগিব। সকলোৱে কৈ থকা শুনিছিলোঁ— তই হেনো নাহাঁহ, কাকো নামাত।
খুব কম কথা পাত। লেতেৰা বেয়া পাৱ। তোৰ বোলে মুখখন অনবৰতে গোমোঠা
৯১