পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মই যেতিয়া পি.টি. লৈ যাওঁ, তাই তেতিয়া অ.টি.ত যায়। আমাৰ কোঠাটোৰ মােৰ বিছনাখনৰ বাহিৰে আন চাৰিখন বিছনাৰ প্ৰথমখনতে পাপৰি থাকে। পুৱাই দেখোঁ মাকে পাপৰিক মুখ ধুৱাই দিয়ে। ধুনীয়া ফুটুকা-ফুটুকী ফ্রক পিন্ধাই দিয়ে, মুখেৰে বঙলাত কথা কৈ কৈ। তেওঁলােক বঙালী সম্প্রদায়ৰ আছিল। দেউতাকে পুৱাৰ ব্রেকফাষ্ট লৈ আহি হাঁহিমুখে তাইক গুড্ মর্ণিং কয়। তাই শুনা-নুশুনা মাতটোৰে দেউতাকলৈ চাই বেঁকা হাঁহিটোৰে গুড্ মর্ণিং বুলি কয়।

 পাপৰিৰ দেউতাকে মােকো লগতে মাতষাৰ দিয়ে। গুড্ মর্ণিং। ভাল আছ’?

 ময়াে মূৰ দুপিয়াই গুড্ মর্ণিং বুলি কওঁ।

 মই বঙলা ভাষা বুজি পাওঁ অলপ অলপ, ক’ব নােৱাৰোঁ।

 দিন গৈ ৰাতি আহিছে, ৰাতিৰ আন্ধাৰক গিলি পােহৰে বিৰাজ কৰিছে ধৰিত্ৰীত। পাপৰিৰ মাকে পাপৰিক দাংকোলা কৰিলৈ কান্দি কান্দি কোঠালৈ বেগাবেগিকৈ আহিছে। তাইক বিছনাখনত শুৱাই দি ৰাউচি জুৰি কান্দিব ধৰিলে। মানুহগৰাকীৰ শুকান কৰুণ মুখখনত চকুপানীৰে বাৰিষাৰ ভেটা ভাঙি অহা বানৰ দৰে হৈছে।

 মােৰ বুজিবৰ বাকী নাথাকিল। আজি শুকুৰবাৰ ‘ৰাউণ্ড’ আছিল। ডাক্তৰে চাগৈ, মানুহগৰাকীৰ মূৰৰ ওপৰৰ আকাশখন খহি পৰাকৈ কিবা এটা ক’লে। যিটোৱে মানুহগৰাকীক শােকত বিধ্বস্ত কৰি তুলিছে।

 ‘ৰাউণ্ড’ হ’ল— শুকুৰবাৰে ডাক্তৰে সপ্তাহটোত কিমান আৰােগ্য হ’ল,তাৰ পর্যবেক্ষণ কৰে। যদি কোনােবা পেচেণ্টক ডিচার্জ দিবলগীয়া সময় হয়, ডিচার্জ দিয়ে। সকলােখিনি কথা এই ৰাউণ্ডতে আলােচনা হয়।

 এজনী মাকৰ জীয়েকক আৰােগ্য কৰিব নােৱৰাৰ দুখ দেখি মই স্তম্ভিত হ’লোঁঁ। ছােৱালীজনী অলপ ভাল হ’ব বুলি যি আশা বুকুত বান্ধি ডাক্তৰৰ ওচৰলৈ আহিছিল, সিওঁ আজি শেষ হ’ল।

 শান্ত্বনাৰ নামত মাত এষাৰ দিবলৈ সাহস গােটাব নােৱাৰিলোঁ। আমাৰ পাঁচজনীয়া বিছনাযুক্ত কোঠাটো কাঁহ পৰি জীণ গ’ল, কেৱল পাপৰিৰ মাকৰ হিয়াভঙা কান্দোনৰ বাহিৰে কোঠাটোত আমি দহ বাৰজন এটা এটা জড় পদাৰ্থৰ দৰে ৰৈ আছোঁ। কোনেও কাৰো চকুলৈ চাব পৰা নাই। প্রত্যেকজনী মাকে জীয়েকহঁতক সুস্থ কৰি তুলিৰ নােৱৰা জীয়া দপ্‌দপীয়া জুইকুৰা বুকুতে লৈ ৰৈ আছে, চাদৰৰ আঁচলেৰে নিঃশব্দে বৈ অহা চকুলাে মচি মচি।

 মই হাস্পতালত ভর্তি হােৱাৰ কেইদিনমানৰ পিছত পি.টি.ৰ পৰা আহি এক নম্বৰ বিছনাখনত বাৰ-তেৰ বছৰীয়া ক্ষীণ-মীন মৰমলগা ছােৱালী এজনী শুই থকা

দেখি মনটো উচ্‌পিচাই উঠিছিল তাইৰ বিষয়ে জানিবলৈ।

১১৫