পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হাস্পতালৰ কাষতে ‘লজ্’ এটাৰ কোঠা এটা ভাড়াত ল’লে। হাস্পতালত মোৰ লগত মাত্র মাকহে থাকিবলৈ দিব। খােৱা বােৱা নিজৰ। সেই গতিকে ভাড়া কোঠাটো ঠিক-ঠাক কৰি তাতে দাদা দুজন থাকিবলৈ ল’লে।

 পিছদিনা। পুৱা সাত বজাত।

 মােক লৈ গৈছে ষ্টেছাৰখনত তুলি এটা কোঠালৈ। আচহুৱা লাগিছিল। বিভিন্ন অৱয়বৰ মানুহ দেখি। কোনােজন অচিনাকিয়ে গুড্ মর্ণিং জনাইছে। কোনােবাজন ৰােগীৰ গৰাকীয়ে সেমেকা চকুৰে সম্ভাষণ জনাইছে।

 মই, মা আৰু দাদা দুজন ৰৈ আছোঁ এটা কোঠাত।

 এজন মানুহে আহি মােক সুধিলে— মােৰ নামটো কি ?

 মই উত্তৰ নিদিলোঁ। মােৰ হৈ পল্লৱদাই মােৰ নামটো ক’লে। ক’ৰপৰা আহিছোঁ সুধিলে। এইবাৰাে পল্লৱদাই উত্তৰ দিলে।

 তৃতীয়বাৰ আৰু কিবা এটা সুধিলে। সেইবাৰাে দাদাই উত্তৰ দিলে।

 এইবাৰ তেওঁ খঙতে হিন্দীতে ক’লে—

 কি কথা ? ছােৱালীজনীয়ে কথা ক’ব নােৱাৰে নেকি ? তাইক মই সুধি আছোঁ আৰু আপুনি উত্তৰ দি আছে। তাইক ক’বলৈ দিয়ক। তাই বােবা নেকি ?

 পল্লৱদাই লগে লগে ক’লে— তাই বােবা নহয়। তাই মাত্র কথা নকয়। খুৱ কম কথা কয়। সেই কাৰণে ময়েই কৈছোঁ।

 মই মানুহজনে ডাঙৰকৈ ধম্‌কি দি কোৱা কথাকেইটাত, ফেকুৰি, ফেকুৰি কান্দিব ধৰিলোঁ।

 মানুহজনে এইবাৰ নম্রভাৱে ক’লে—মােৰ নাম শ্বৰীফ। মই এওঁৰ ‘কেছ’ টো লৈছোঁ। এতিয়া যদি এওঁ কথাই নকয় মুখেৰে, কি হ’ব ? ডাক্তৰৰ আগত কোনে ক’ব এতিয়া৷ মই টপৰাই হিন্দীতে ক’লোঁ— আপুনিয়ে মােৰ হৈ কথাখিনি ক’ব।

 তেওঁ হাঁহি ক’লে। হ’ব দিয়া।

 শ্বৰীফ ছাৰ, ফিজিঅ’ থেৰাপিষ্ট আছিল।

 আমি ডাক্তৰৰ সন্মুখত উপস্থিত হ’লোঁ।

 ডাক্তৰে সুধিলে—মােৰ নাম কি ? কি হৈছে ? সকলাে..।

১০৫