নাই। নহ’ব। পিবই লাগিব। ভাল হবি তই। মাৰ আশাত চেঁচাপানী নাঢালি মই পিবলৈ ধৰিলোঁ।
প্ৰথমবাৰ অলপ মুখত দিয়ে হোলোকা-হোলোকে বমি কৰি দিলোঁ।
কেনেকুৱা এইসোপা। মই নাখাওঁ মা, নাখাওঁ। মায়ে ক’লে- একো নহয় দে। সহ্য কৰি খা। তই ভাল হ’লে মই সুখী হ’ম? তই মোক সুখী কৰিবলৈ খা।
কাপটো তুলি লৈছিলো’ হাতত আকৌ।
শোহা মাৰিলোঁ নাই। নোৱাৰোঁ। মই পেলাই দিম মা।
এইবাৰ মায়ে কাপটো হাতত ল’লে, মালাই হাত দুখনত ধৰি গাত জোৰত সাবটি ধৰি থাকিল৷ মায়ে মুখখন খুলি মুখত ঢালি দিলে ঔষধখিনি আৰু জোৰত ওঁঠ দুখন হেঁচি ধৰিলে। নিষিক্ত ঔষধখিনি বাহিৰলৈ উলিয়াই পেলাব নোৱৰাকৈ। অলপ সময় ধৰি থকাৰ পিছত ঔষধখিনি পেটলৈ যোৱাত মোক এৰি দিলে।
পেট পোৱাৰ পিছত মোৰ গোটেই শৰীৰটো বিজুলীৰ চক্ দিয়াৰ দৰে ছটফটাব ধৰিলে। মূৰটো লৰাই থাকিলোঁ। চিঞৰি চিঞৰি কান্দিলোঁ। ভয় খাইছিলোঁ অত্যন্ত।
মাহঁতেও যে ভয় খোৱা নাছিল তেনে নহয়। সিহঁতেও ভয় খাইছিল অতিশয়। মোৰ দশা দেখি দুখ পাইছিল অতীৱ।
এটা সময়ত গাৰুটোত মূৰটো জোঁকাৰি জোঁকাৰি, কান্দি কান্দি টোপনি গ’লোঁ।
কিমান সময় যে টোপনিৰ কোলাত প্ৰশান্তিৰে শুইছিলোঁ ঠিক নাই।
ৰাতি ভাত খাবলৈ উঠাই দিয়াত, ভাত খাই কেপচুল এটা খাই আকৌ শুই পৰিছিলোঁ।
এনেদৰে মই মোৰ শৰীৰটোৰ ওপৰত প্ৰতিদিনে ভয়ংকৰ যন্ত্ৰণা দি ঔষধ খাই থাকিলোঁ।
কেতিয়াবা মালাই মোক হেঁচি ধৰি থাকে আৰু মায়ে খুৱাই দিয়ে, যেতিয়া তাই মোক বশ কৰিব নোৱোৰে। মায়ে দুগুণ জোৰত হেঁচি লৰচৰ কৰিব নোৱৰাকৈ
ধৰি থাকে মালাই খুৱাই দিয়ে। সিহঁত কেইজনীয়ে যেতিয়া মোক খুৱাই থাকে,
৮৯