পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্রত্যেক দিনা পল্লৱদাই ড্রেছিং কৰিছিল। আৰু গৰম পানীৰে মােৰ ভৰিৰ আঙুলি, নখবিলাক সদায় গধূলি সময়ত পৰিষ্কাৰ কৰি দিছিল।

 প্রস্রাৱত ভৰি দুখন প্রতি পল পৰি থকা গতিকে নখবিলাক চুলেই খহি আহিছিল। সেই খহি অহা নখবােৰেই এৰাই নােযােৱাকৈ সযত্নে পৰিষ্কাৰ কৰিছিল। তেওঁ মােক অকণাে ‘ঘিণ’ কৰা নাছিল। এজনী সম্পর্ক নলগা ছােৱালীক যেনেদৰে পৰিচর্যা কৰিছিল। তেওঁক কৃতজ্ঞতা জনাবলৈ মােৰ ভাষা নাছিল। ভাবিছিলাে— মানুহৰ অন্তৰত মানুহৰ প্রতি আন্তৰিকতা শেষ হৈ যােৱা নাই।

 মই পল্লৱদাৰ লগতাে খুব কম কথা পাতিছিলোঁ। মােৰ লগত প্ৰতিতাে মুহূর্ত থাকি যেনেদৰে দায়িত্ব পালন কৰিছিল, সেই সময়ত তেওঁক ভগৱানে আমাৰ কাৰণে ‘দেৱদূত’ পঠিয়াই দিয়া যেন লাগিছিল।

 পিছদিনা আমি নির্ধাৰিত সময়ত চি.এম.চি ৰ ডাক্তৰক দেখুৱাবলৈ ওলালোঁ। হাস্পতালখনৰ কাষৰ হােটেল এখনতে আমি থকাৰ ব্যৱস্থা কৰিছিল, গতিকে এখন ৰিক্সা ভাড়া কৰি পল্লৱ দাদাই মােক দাঙি নি ৰিক্সাত বহুৱাই দিলে। তাৰ পিছত তেওঁ মােক পৰি নােযােৱাকৈ ধৰি লৈ গ’ল।

 অকণমান বাটতে মােৰ পেট পকাই যােৱাৰ পিছত মূৰ ঘূৰাই বমি আহিবৰ উপক্ৰম হৈছিল আৰু বমি হৈ গৈছিল।

 হাস্পতাল পােৱাত মােক চকী এখনত বহুৱাই দিলে। পল্লৱদাই মােক দাংকোলা কৰি লৈ গৈছিল। তেওঁৰ গােটেই কাপােৰ কানি মােৰ প্রস্রাৱেৰে তিতি গৈছিল।

 কোনাে ভ্ৰূক্ষেপ নাই। কোনাে ঘিণ ভাব নাই। ডাক্তৰৰ ওচৰলৈ মাত্র মা আৰু দাদা লৰালৰিকৈ গৈছে। লগত যােৱা উৎপল দাদাক মােৰ কাষত থৈ।

 মােৰ অৱস্থা একেবাৰে বেয়াৰ ফালে ঢাল খাইছে। হােলােকা-হােলােকে বমি কৰিছোঁ। উৎপলদাই নিজৰ হাত দুখন মােৰ মুখৰ ওচৰত পাতি দিছে। বমিখিনি পকাত নপৰিবলৈ। দুহাতেৰে বমিখিনি নি আঁতৰত থকা ডাষ্টবিনত পেলাই দিছে।এনেদৰে মই হােলােকা হােলােকে বমি কৰি থাকিলোঁ আৰু উৎপলদাই হাত পাতি পাতি পেলাই থাকিল।

 যন্ত্রণা গধুৰ সময়। উশাহ নাইকিয়া হৈ যাবৰ উপক্রম হয়। কি ভয়ানক দৃশ্য। বুকু কঁপি যােৱা।

১০২