পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাঁজ কৰিবও নোৱাৰি। বহলকৈ মেলি দিব নোৱাৰি, টান। সেয়ে সপ্তাহত দুটা কাৰেন্টৰ সহায়ত বহুত দীঘল বেজি এটা ভৰিৰ হাড়ত ভৰাই দি ঔষধ পুশ্ব কৰি দিয়ে। ধপধপাই থাকে ভৰি দুখন। ‘দুখ’ পোৱাৰ সিমান উমান নাপাওঁ যদিও অলপকৈ পাওঁ। বেজিটো দেখিলেই বুকু কঁপি উঠে। ই...মা...ন ডাঙৰ বেজি মোৰ গাত ভৰাই দিব?

 শনিবাৰে ড্ৰয়িং ক্লাছ থাকে। দুই বজাত। মোৰ ভাললগা এটা ক্লাছ। তাতে এজন লাইব্ৰেৰিয়ান আছে। কোনোবাই কিতাপ পঢ়িলে আনিব পাৰে। চহী কৰি আনিব লাগে। পঢ়া হলে জমা দিব লাগে। ছবি অঁকা শিকাবলৈ অহা ছাৰজনৰ নাম আছিল সুৰেশ। চছমাযোৰৰ সৈতে এখন প্ৰাণোচ্ছল মুখ। ওঁঠত স্মিত হাঁহি। সৰ্বশৰীৰৰ এটা অংগও লৰচৰ কৰিব নোৱাৰে।

 শকত, প্ৰথম দিনাই দেখি হতভম্ভ হৈছিলোঁ। ডিঙিটো পোনাই ৰাখিব নোৱৰে, হালি যায়। সৰ্বশৰীৰৰ কাষে কাষে ডাঙৰ ডাঙৰ গাৰু দি মাজত বহাই দিছে পি. টিৰ বহল বিছনাখনত, দুজনে হুইলচেয়াৰৰ পৰা দাঙি আনি। স্পষ্টকৈ সুন্দৰ কথা পাতিব জানে। উৎসাহে ভৰাই দিয়ে প্ৰতিজনৰ মন-প্ৰাণ। বহীখন সঠিক ঠাইত দি কলমটো সোঁহাতৰ আঙুলি দুটাৰ মাজত ভৰাই দিলে আঁকি যায় সুন্দৰ ছবি। আশ্চৰ্যান্বিত হৈছিলোঁ, কেনেকৈ থাকে বাৰু এটাও অংগ লৰাব নোৱৰাকৈ? নাই আক্ষেপ, নাই উদাসীনতাৰ চাপ।

 মই তাত গ্লাচ পেইন্টিং শিকিব ল’লোঁ। মায়ে কিনি আনি দিয়া কাপোৰত ফুল তুলি ৰুমাল বনাই দিলোঁ। ৰংতুলিকাৰে বিভিন্ন ছবি আঁকিলোঁ। গ্ৰিটিংছ কাৰ্ড বনাই বেচিবলৈ দিলোঁ। সামৰ্থ্য অনুযায়ী পৰাখিনি কৰিলোঁ। মই কাগজৰ ঘৰ সাজো, গতিকে এটা কাগজৰ ঘৰ সাজি তেওঁলোকৰ তাত মোৰ উপস্থিতিৰ এটা চিন দিব লাগে। মই সময় বহু লাগিব বুলি কোৱাত কাগজ, কেঁচী, আঠা যোগাৰ দি ৰূমত থকা আজৰি সময়ত বনাবলৈ দিলে।

 তাই উচুপিছে। তাইৰ উচুপনিয়ে মোৰ হৃদয়ৰ আথাউনিত স্পৰ্শ কৰিছে। মাক এজনীৰ সন্তানৰ পৰা বিচ্ছেদ হোৱাৰ উচুপনি। বুকুৰ আমঠুৰ চিৰদিনৰ কাৰণে এক পলকো দেখিবলৈ নোপোৱাৰ যন্ত্ৰণা।

১২৫