পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতিটো বস্তুৰ বাবে আনক ক'ব লগা হয়। মা, বা, মালাহঁতে মোৰ আলপৈচান পৰিব লগা হ'ল। নিথৰ দেহৰ যন্ত্ৰণাই কোবাইছিল উৱলি যোৱা ফটা হৃদয়খন। মই চকুপানী চকুতে শুকাব দিছিলোঁ। নিজকে দৃঢ় কৰিছিলোঁ চকুৰ পানীৰে কেতিয়াও ঘৰখনত বিষণ্ণতাৰ পৰিৱেশ নানো। চকুৰ পানীয়ে কেতিয়াও মোক দুৰ্বল কৰিব নোৱাৰে।

 হয়তো শুকাই যোৱা মৰুভূমি যেন বুকুখনেও মোক দৃঢ় কৰি তুলিছিল এই সংগ্ৰামত যুঁজিবৰ বাবে। গভীৰ নিশাৰ নিস্তব্ধতাত মই প্ৰতিটো পুৱাৰ সন্মুখীন হ'বলৈ সাহস গোটাইছিলোঁ। বা-হঁত স্কুললৈ যোৱাৰ সময়ত মনটো দুখত ভাগি পৰিছিল যদিও প্ৰকাশ কৰা নাছিলোঁ। মাথোঁ হৃদয়ৰ নীৰৱ কোঠাত নিগৰিছিল তপত হুমুনিয়াহ।

 বা-হঁত স্কুললৈ যোৱাৰ পিছত মায়ে মোক ঘৰতে পঢ়িব দিছিল। কাৰণ, তেতিয়া মোৰ মাতটো অলপ বহি গৈছিল৷ ইমান ভালকৈ শব্দবোৰ উচ্চাৰণ কৰিব নোৱাৰোঁ। বহু যত্ন কৰিছিল মোৰ মাতটো একেবাৰে নাইকিয়া হৈ নাযাবৰ বাবে।

 মানসিকভাৱে মই ভাগি পৰা নাছিলোঁ। এই দুৰ্জয় জীৱন সংগ্ৰামত যুঁজ দিবলৈ ঘৰখনৰ প্ৰতিজন সদস্যই মোক সাহস দিছিল। তেওঁলোকৰ অতুলনীয় মৰমে মোক চকুলো টুকিবৰ বাবে বাধা দিছিল।

 জীৱন মানে সংগ্ৰাম। এই সংগ্ৰামত যুঁজ দিবলৈ মই নিজকে দৃঢ় কৰিলোঁ। কোঠাবন্দী জীৱনটোতে সজাই ল'লোঁ এখন নতুন পৃথিৱী। যত মুক্ত আকাশৰ তলত মই এতিয়া পাখি মেলি দৌৰি নুফুৰোঁ। এতিয়া মই লুকা-ভাকু’, ‘হৌ-গুদু’, ‘কাবাডী’, ‘ৰেডি’, ‘ৰজাই হুকুম দিছে’ নেখেলোঁ।

 এতিয়া মই খেলোঁ— আমি থকা কোঠাটোৰ মাটিত পাৰি দিয়া পাটীখনত বহি লুডু, পাঁচটা সৰু সৰু শিলগুটিৰে খেলা' চেংগুটি, দহটা শিলগুটিৰে খেলা দহগুটীয়া, তামোলৰ সৰু সৰু কলিৰে মাটিত আঁচ টানি দহটা ঘৰ বনাই গুটি ভৰাই ‘খলিগুটি’ খেলোঁ।

 এমাহ পাৰ হোৱাৰ পিছত মই থকা বিছনাখনৰ লগতে দুফালে দুডাল বাঁহ পুতি দীঘলকৈ এডাল বাঁহৰ ডাং বান্ধি দিছিল। আৰু এডাল মাজতে ডাং বান্ধি দিছিল যিডালত হাতেৰে ধৰি মই বহি থাকোঁ, ভৰি দুখন ওলমাই ওপৰত বান্ধি দিয়া ডাংডালত দুয়োখন হাতেৰে ধৰি থিয় হওঁ। ভৰি দুখনত শক্তি নথকাৰ বাবে থিয় হ’লে আঁঠু দুটাত মায়ে হেঁচা মাৰি ধৰি থাকে। বা আৰু মালাই কঁকালত ধৰি থাকে মই পৰি যাব নোৱৰাকৈ।

 সদায় এতিয়া সিহঁতৰ এটাই কাম, মোৰ কঁকালৰ পৰা হেৰাই যোৱা শক্তি

মই যন্ত্রণা জয় কৰাৰ পণ লৈছোঁ ৪
৪৯