দুটা কণমানি শিশু। এটা ল’ৰা, এজনী ছােৱালী। হাতত ধৰাধৰিকৈ গীত গাই সােমাই আহিছে । কোমল মুখ দুখনে স্পষ্টকৈ শব্দ উচ্চাৰণ কৰি যিমান পাৰে সিমানে টেঁটুফালি গাই গৈছে—
“পৰদেশী পৰদেশী যানা নেহি
মােঝে চ’ৰ কে, মাঝে চ’ৰ কে।”
মনটো ভৰি গ’ল সিহঁতৰ কণ্ঠ শুনি। জানিবৰ মন গ’ল, সিহঁতে ইয়াত যে গীত গাই ফুৰিছে মাক-দেউতাক নাই নেকি? সিহঁতে নপঢ়ে নেকি?
মাক ক’লাে— সিহঁতক সােধকচোন। সিহঁতৰ মাক-দেউতাক আছেনে ?
উজ্জ্বল চকুকেইটাৰে ধুনীয়া মুখৰ মৰমলগা ছয়-সাত বছৰীয়া ছােৱালীজনীয়ে টপৰাই হিন্দীতে ক’লে— মা, বাবা নাই। আমি বস্তিত থাকোঁ। তাতে এজন মানুহে আমাৰ দুটাক ৰাখে। পুৱা ষ্টেচনত থৈ যায়হি। ইখনৰ পিছত সিখন ৰে’লত উঠি টকা গােটাই নি মানুহজনক দিওঁ। ৰাতি আমাক খাবলৈ দিয়ে।
মাক সুধিবলৈ ক’লাে— সিহঁতে হেৰাই যাব বুলি ভয় নকৰে নেকি?
উত্তৰত ক’লে— নকৰে। সদায় আহি আহি ভয় নাইকিয়া হৈ গৈছে। চলি যায়। ভয় নাই।
বুকুখন খোঁচ মাৰি ধৰিছিল। তাইৰ ওঁঠৰ শব্দকেইটা শুনি।
হায় জীৱন।
কাষৰ ৰে’লগাড়ীৰ দবাটোৰ পৰা গির্জনি মৰা হাঁহি ওফৰি আহি ল’ৰা- ছােৱালীকেইটা আৰু আমাৰ কাণত পৰিল।
তেওঁলােকেই সুখী। তেওঁলােকৰ পৃথিৱীখন সুকীয়া সােৱাদেৰে ভৰা। য’ত দুখ, যন্ত্রণা, সপােন ভঙা দুচকু, দৰিদ্ৰতাই চিলাই পেলােৱা ওঁঠ, ভোকাতুৰ পেটৰ পীড়াৰ অনুভৱৰ স্থান নাই। আছে মাথােন সুখ-সন্তোষ।
নিশাৰ নির্জনতা ভাঙি ৰেলগাড়ীখনে উকি মাৰিছে। সৰু-ডাঙৰ ষ্টেচনবােৰত ক্ষন্তেক সময়ৰ কাৰণে ৰে’লগাড়ী থমকিছে।
উঠাই উঠিছে-নমাই নামিছে।
আকৌ, উকি মাৰি গন্তব্যস্থানলৈ ৰেলগাড়ীখনে চেঁকুৰিছে।
আজিৰ সৈতে দুৰাতি হ’ল। এক বিন্দুও চকুযোৰে আৰাম লােৱা নাই।ল’বলৈও বিচৰা নাই। উজাগৰে থাকিয়ে ভাল লাগিছে।
ব...হু....ত!
নিজৰ লগত দীঘলীয়াকৈ কথা পাতিব পাৰিছোঁ। কথা পাতিছোঁ মােৰ ভাল
সংগী জোনজনীৰ লগত...৷