পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কিন্তু?

 কেইদিনমানলৈ ঘৰখনৰ প্ৰত্যেকজন মানুহৰ বুকুৱে বুকুৱে খোজকাঢ়ি ফুৰিছিল বিষাদে।

 মৃত্যু সম্পৰ্কে মোৰ মনত দকৈ বহি যোৱা উপলব্ধিটোৱে কেইদিনমানলৈ মোক ‘মূক’ কৰি ৰাখিলে। শূন্যতাই গাঢ় কৰিছিল কোঠাটো।

 নিজকে মই প্ৰস্তুত কৰিছিলোঁ আকৌ মাহঁতৰ লগত এক সহজ পৰিৱেশ গঢ়ি তুলিবলৈ। যন্ত্ৰণা আৰু বিষাদ মোৰ বাবে উশাহ-নিশাহ হৈ পৰিছিল। দুখ-যন্ত্ৰণাৰ জীৱন সংগ্ৰামৰ চাকনৈয়াত মই পুনঃ ডুবি থাকিলোঁ অহৰহ।

 মই জীৱন-যুঁজত পৰাজয় হৈ আত্মহত্যা কৰিব বিচৰা নাছিলোঁ। যন্ত্ৰণাৰে পীড়িত জীৱনৰ পৰা মুক্তি বিচাৰিহে, সেই দুৰ্বল পথটো বাছি লৈছিলোঁ৷

৪০