কৰে। কেতিয়াও নিঃসংগ অনুভৱ কৰিব নিদিয়ে। মোৰ ৰক্তাক্ত হৃদয় সিহঁতৰ মৰমৰ উমে জুৰ পৰি থাকে।
সেইদিনা নিশাৰ ভাত মই নাখাওঁ বুলি ক'লোঁ। মায়ে নামানিলে।
অলপ খাবই লাগিব। আজি টোপনিৰ টেবলেট খাব লাগিব। যদি ভাত নাখাৱ টোপনিৰ টেবলেট খাব নোৱাৰিবি।
মাৰ কথাত ভাবিলোঁ আৰু এটা দিনো কষ্ট যন্ত্ৰণা নলওঁ। আজিয়ে মই মৰিম...।
ভাত খালোঁ।
ভাত খোৱাৰ পিছত মায়ে হাতত তুলি দিলে অপেক্ষাৰ অন্তিম টেবলেটটো।
এতিয়া মই ক্ষণ গণিছোঁ মাহঁত শোৱালৈ.........।
মাহঁত শোৱাৰ পিছত দহটা ‘শ্লিপিং’ টেবলেট হাতৰ তলুৱাত লৈ একেলগে মুখত ভৰাই দিলোঁ। বেঞ্চত থকা পানীগিলাচ পি টেলেটকেইটা গিলি দিলোঁ।
........
কাণৰ ওচৰত কিছুমান অস্পষ্ট ভুনভুননি।
অলপ অলপকৈ চকু মেল খাইছে, আকৌ মুদ গৈছে। মুখৰ ভিতৰত টেঙা এসোপা ভৰাই দিছিল। মুখখন বিকটা-বিকট কৰি থু-থুৱাইছিলোঁ৷ মায়ে জোৰে জোৰে গাত ধৰি জোকাৰি আছিল। চকুত পানী ছটিয়াই দিছিল।
নাই.., মই সাৰ নাপাওঁহে নাপাওঁ!
মাহঁতে ভয় খাইছিল, ৰাতিৰ টোপনিৰ টেবলেটটোৱে মোক একেবাৰে সাৰ নোপোৱা কৰিলে নেকি? এনেদৰে সাৰ নোপোৱাকৈ পিছৰ দিনটো আৰু ৰাতিটোও শুই থাকিলোঁ।
তাৰ পিছৰ দিনা দুপৰীয়া মাৰ চিঞৰত সাৰ পালোঁ।
সাৰ পাই দেখোঁ গোটেই ঘৰৰ মানুহকেইটা মোলৈ চাই কান্দি আছে। ময়ো সিহঁতক দেখি কান্দিলোঁ। এক শোকাকুল পৰিৱেশ।
মায়ে সুধিলে— কিয় ইমানকৈ শুইছিলি?
মাৰ প্ৰশ্নৰ উত্তৰত সঁচা কথা ক'লোঁ— মই একেলগে দহটা ‘শ্লিপিং’ টেবলেট খাই মৰি যাব বিচাৰিছিলোঁ।
মায়ে আতংকিত হৈ সুধিলে— ক’ত পালি দহটা টেব্লেট?
মই ক'লোঁ— যেতিয়া ৰাতি টেবলেট খাব দিয়ে, মই নাখাই গোটাই গৈছিলোঁ আৰু দহটা হোৱাৰ লগে লগে খাই দিলোঁ মৰি যাম বুলি!