পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈ থাকে। অনবৰতে কিতাপ পঢ়ি থাক আৰু বহুত কিবা কিবি তোৰ বিষয়ে শুনিছিলোঁ ।

 তই কোৱা প্ৰতিটো কথাই সচাঁ। মোৰ বিষয়ে তোক যিখিনি কৈছে, প্রতিটো সঁচা৷ সকলোৱে মোৰ বিষয়ে একেই মন্তব্য দিয়ে। নিদিবনো কিয় ? মোৰ অসুখ হোৱাৰ পৰা অকলে থাকি ভাল পাওঁ। বাৰু ক’চোন-- এতিয়া মোক লগ পোৱাৰ পিছত কেনেকুৱা লাগিছে তোৰ ?

 ভাল লাগিছে। শুনি অহা প্রতিটো কথাই সঁচা যদিও তোৰ লগত মোৰ থাকি ভাল লাগিছে। ভয় ভাবটো নাই এতিয়া। প্রথমে কিন্তু বা, ই.. মা.. ন ভয় লাগিছিল।

 কেইদিনমান তাই আমাৰ ঘৰত থকাৰ পিছত তাইৰ ভনীয়েক আৰু সিহঁতৰ গাঁৱৰ ল’ৰা এজন আহিছিল তাইক ঘৰলৈ নিবলৈ।

 তাইক নিবলৈ অহা পল্লৱদাই মাৰ পৰা মোৰ অৱস্থাটোৰ কথা জনাৰ পিছত কেতিয়াও নুশুনা, শুনিবলৈ প্ৰতিপল অপেক্ষা কৰি থকা এষাৰ কথা ক’লে।

 জুলীক যদি ভেলোৰৰ খ্ৰীষ্টান মেডিকেল কলেজ (চি.এ.চি) হাস্পতাললৈ এবাৰ লৈ যায়, তাই হয়তো অলপ আৰোগ্য হ’ব। - পল্লৱদাৰ কথাকেইটা শুনি এনে লাগিছিল যে তৃষ্ণাৰ্ত মৰুভূমিৰ মাজত পানীৰ হ্ৰদ এটা আছে বুলি খবৰ দিছে। নিশ্চয়কৈ সৃষ্টি হৈছিল- মহা শূন্যতাৰ বুকুত আশাৰ একাঁজলি পোহৰ। ভাৰাক্ৰান্ত মনটোক হাত বাউল দি মাতিছিল এটা কেতিয়াও নভবা সময়ে। মৃত্যুক্ষণ গণি থকা দুচকু উজ্জ্বল হৈ পৰিছিল। উজ্জ্বল হৈ পৰিছিল মাৰ শেঁতা পৰা মুখখন জোনাক নিশাৰ জোনজনীৰ দৰে। আনন্দই চুমিছিল দেউতা, বা, মালা, বাবুৰ মনবোৰ। তাইক অসমৰ বাহিৰলৈ নিলেও ভাল নহ’ব, তাইৰ মৃত্যু আসন্ন৷ - ডাক্তৰে কোৱা বাক্যশাৰী প্রতিধ্বনি হৈ বাজিছিল আমাৰ প্রত্যেকৰে হৃদয়ত।

 চকুলোৰে উপচি পৰিছিল মাৰ দুচকু আৰু চকুলোৰ লগত উজলিছিল চকুৰ মণি।

 মায়ে পল্লৱদাক অনুৰোধ কৰিলে- এবাৰ যদি তেওঁ ভেলোৰৰ হাস্পতালখনলৈ আমাৰ লগত যায়। মোক এই জীৱনৰ পৰা মুক্তি পোৱাত অকণমান দয়া কৰি সহায় কৰে, তেতিয়া তেওঁৰ ওচৰত চিৰ ঋণী হৈ থাকিব।

 যিহেতু আমাৰ কোনেও সেই ঠাইলৈ যোৱা নাছিল সেইপৰ্যন্ত।

 পল্লৱদাই কথা দিলে। তেওঁ আমাক মাত্ৰ হাস্পতালখনত নি ডাক্তৰৰ লগত

৯২