(একৈশ)
মনটোক মনাব পৰা নাই। সদায় ভাবাে। আজি তাইৰ হাতখন এবাৰ চুই যাম। সাহস গােটাব নােৱাৰোঁ। পিছদিনাখন আকৌ তাইক চাই ভাবোঁ, আজি তাইৰ গালখন চুই চাম— কিমান কোমল ? সেইদিনাও সাহস গোটাব নােৱাৰোঁ। এনেদৰে দিন পাৰ হৈ ৰাতি আহে, মনৰ আশা মনতে মাৰ যায়।
কিন্তু! বুকু ডাঠ কৰি মাতটোকে দি যাওঁ।
পাপৰি।
তাই মুখখনৰ লগতে ওঁঠটো বেঁকা কৰি ফুলাম হাঁহি এটা মাৰি, মােলৈ মূৰ ঘূৰাই চাব নােৱাৰিলেও জোৰ কৰি চাবলৈ যত্ন কৰে।
তাইৰ ফুলাম নিষ্পাপ হাঁহিটোৱে উত্তৰ দিয়ে মােকো যে তাই মাতিব বিচাৰে। তাইৰ হাঁহিটো কিমান মৰমলগা। মই শব্দৰে বৰ্ণনা কৰিব নােৱাৰিম। তাইক দেখাসকলেহে অনুভৱ কৰিব পাৰিব। মােৰ চকুৰ আগতে এক ঘণ্টাৰ অন্তৰে অন্তৰে তাই কাপােৰ সলায়।
আজিকালি তাইক চাই থাকিবৰ কাৰণে মই মােৰ বিছনাৰ কাষৰ দীঘল পর্দাখন অলপকৈ আঁতৰাই থওঁ। তাইৰ হেনাে নতুন নতুন ফ্রক পিন্ধাত বহুত চখ। ৰঙা- নীলা-বগা ৰঙৰ ফুলাম ফ্ৰকবােৰে তাইক অধিক ধুনীয়া কৰি তােলে। মৰমলগা পাপৰি।
এদিন মনটোত সাহস গােটাই তাইৰ হাতখন চুই চালোঁ। কোমল কোমল। আন এদিন সাহস গােটাই তাইৰ গালখন চুই চালোঁ। ফুলৰ পাহিৰ দৰে সুকোমল। কিন্তু! সেই সুকোমল ফুলৰ পাহিতে যে কিমান বিষাক্ত যন্ত্রণাৰ কাঁইটে বিন্ধি থাকে, ভাবি মােৰ বুকু কঁপি উঠে। উশাহ লােৱাত কষ্ট অনুভৱ কৰোঁ, হাহাকাৰ কৰি উঠে মনটো৷ তাইৰ গাৰ পৰা পীড়াৰ কাঁইটবিলাক মই যদি আঁজুৰি আঁজুৰি দলিয়াই পেলাব পাৰিলোঁ হয়।
হায়! মই নিৰুপায়। অদৃশ্যজনক বাৰে বাৰে প্রশ্ন কৰোঁ। তুমি যদি এই সংসাৰত প্রত্যেকৰ দেহত থিতাপি লৈ আছ, তেনেহ’লে তুমিও বাৰু কষ্ট পােৱানে? আৰু যদি তুমি আমাৰ দেহত নাথাকি দূৰৰ পৰাই চাই থাকা, তেনেহ’লে তােমাৰ অন্তৰে দুখ নাপায় নেকি?