সমললৈ যাওক

পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আমাৰ নতুনকৈ লোৱা মাটিখিনিত সজা ঘৰটোৰ, সন্মুখৰ খোঁটালীটোত এখন কাঠৰ বেৰ আছিল। বাঁহৰ খুটাত ঘপঘপকৈ বহল বহল কাঠৰ তক্তাত গজাল মাৰি এখন বেৰ বনোৱা আছিল। বেৰখনৰ গাতে এখন সৰু বিছনা। য'ত আমিকেইটাই একেলগে ৰাতি কিতাপ পঢ়োঁ।

 অ’, আমি পঢ়োঁ বুলি ক’লে ভুল হ’ব। মই নপঢ়োঁ। মই গধূলি সিহঁতকেইটাই পঢ়া সময়ত শুই থাকোঁ।

 সিহঁতৰ পঢ়ি শেষ হোৱাৰ পিছত ভাত খাবৰ হ'লে মোক উঠাই দিয়ে, ভাত। খাবলৈ। ভাত খাই উঠি সিহঁতে যেতিয়া শোৱে, মই তেতিয়া পঢ়িবলৈ আৰম্ভ কৰোঁ। মোৰ পঢ়া শেষ হলে, কাকো নজনোৱাকৈ মাৰ ভৰি দুখন সাৱটি ভৰি পথানত শুই থাকোঁ।

 পুৱা মই কাঠৰ বেৰখনৰ কাষত থকা বিছনাখনত পঢ়োঁ। পঢ়াৰ লগতে মায়ে ধৰা পেলাব নোৱৰাকৈ মনে মনে কাঠৰ বেৰখনত ছবি আঁকি থাকোঁ। অলপ অলপকৈ মাৰ আগত ধৰা নপৰাকৈ এদিন এটা ভাটৌ চৰাই আঁকি শেষ কৰিলোঁ। মাক কুতুৰি কুতুৰি এটা ৰঙৰ পেকেট আনি ল'লোঁ।

 প্ৰথম প্ৰথম মোৰ হাতত ৰঙৰ পেকেটটো পৰাত আনন্দৰ সীমা নোহোৱা হ’ল। যেন এটা প্ৰতীক্ষাৰ অন্ত পৰিল। মই অতি হেঁপাহ আৰু আনন্দেৰে ভাটৌ চৰাইটোৰ ছবিত ৰং দিলোঁ ধুনীয়াকৈ।

 মই যে ভাটৌটো আঁকিছোঁ সেই সময়ত আমাৰ ঘৰলৈ অহা কোনো মানুহে বিশ্বাস কৰা নাছিল।

 কোনোজনে ভেকাহি মাৰি কৈছিল— থ থ তাই ইমান ধুনীয়াকৈ আঁকিব নোৱাৰে। ক’ৰবাৰ পৰা কাটি আনি লগাই দিছে। ক’ত শিকিলে তাই?

 মোৰ মনটো সেমেকি গৈছিল। লগতে দুখ, অভিমান, খঙত মনৰ মাজত ধুমুহাৰ সৃষ্টি হৈছিল।

 কৈ দিবৰ মন গৈছিল – কি, মই ছবি আঁকিব নোৱাৰোঁ নেকি? নিশিকাকৈয়ো জানো ছবি আঁকিব নোৱাৰে?’ মই নিশিকাকৈয়ো জনা-নজনাকৈ ছবি আঁকিব পাৰিছোঁ।

 এদিন ভাটৌ চৰাইটোৰ ওপৰত এটা ‘কোদো বৰল’ আহি পৰিল। মই কোদোটোক তই কিয় মোৰ ভাটৌত পৰিবি বুলি সোঁহাতৰ তলুৱাৰ ফালে নহয়, ওপৰৰ ফালে ‘কোদো’টোৰ গাত হাতেৰে মাৰি দিলো জোৰত। সি লগে লগে মোৰ হাতত বৰ বিষাল হুলডালেৰে ফুটাই দি উৰি গ'লগৈ। তাৰ হুলৰ বিষত মোৰ অৱস্থা

কাহিল হৈ পৰিল। মায়ে কিবা লগাই দি মোৰ বিষ ভাল কৰিলে। এতিয়া, আমাৰ

৭২