পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মানুহগৰাকীয়ে মই তেওঁৰ কথা শুনিব নিবিচৰা বুলি মোক এনেকুৱা কিছুমান কথা কৈছিল, মানুহগৰাকী আমাৰ ঘৰৰ পৰা যোৱাৰ পিছত মাই খঙত অগ্নিশৰ্মা হৈ ধান থোৱা সৰু কোঠাটোত সুমুৱাই লৈ মোক গুৰুলা গুৰুলকৈ মাৰিছিল। মোৰ টেঁটু ফালি গগন কঁপোৱা কান্দোনৰ চিঞৰত বা-মালা-বাবুৱেও চিঞৰি চিঞৰি কান্দিছিল। কিয় বাৰু মোক বেয়াকৈ কয়? কিয় মোৰ কিবা নহয়, কিবা এটা ভুল উলিয়াই মাৰ কাণ চোৱায়? মোক মৰাৰ পিছত মাই আমাৰ ডাঙৰ বিছনাখনত তলমূৰ কৰি মই যিমান কান্দিছিলোঁ তাতকৈ অধিক জোৰত উচুপি উচুপি কান্দিছিল। মাই জানিছিল, মই সেইদিনা মাৰ খাবলগীয়াকৈ কোনো দোষৰ কাম কৰা নাছিলোঁ। কিন্তু মানুহগৰাকীয়ে মোক বেয়াকৈ কোৱাটো মাৰ সহ্য হোৱা নাছিল। উপায়হীন হৈ মায়ে দুখতে মোকে মাৰিছিল। মায়ে যেতিয়া উচুপি উচুপি মোৰ কোমল দেহত উখহি অহা ৰঙা ৰঙা আঁচবোৰত নাৰিকলৰ তেল সানি দিছিল— মই অনুভৱ কৰিব পাৰিছিলোঁ, মাৰ অন্তৰখন কেনেদৰে শোকত ব্যাকুল হৈ পৰিছে। মায়েনো কিমান আৰু মোৰ

বিৰুদ্ধে — মই জেদি, মই অহংকাৰী এইবোৰ কু-বাদ শুনি থাকিব।

১৫