পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিবৰ বাবে অনুমতি বিচাৰিলে। প্ৰধান শিক্ষক ছাৰে মাৰ অনুৰোধ অগ্ৰাহ্য কৰিলে। মায়ে তেখেতক ক’লে— কাৰ্যালয়ৰ পৰা ফাইনেল পৰীক্ষাৰ আগতে কাগজ দিব। তাইক মাত্ৰ টেষ্টৰ পৰীক্ষাটো দিবলৈ অনুমতি দিয়ক। নবছৰ পৰীক্ষা দিয়া নাই। গতিকে ফাইনেল পৰীক্ষাৰ আগতে এবাৰ পৰীক্ষাত বহিলে তাইৰ ফাইনেল পৰীক্ষালৈ অলপ সহজ হ’ব।’

 অনুৰোধৰ উপৰি অনুৰোধ কৰাত শিল ঘঁহি থাকিলে ক্ষয় যোৱাৰ দৰে প্ৰধান শিক্ষকে টেষ্টৰ পৰীক্ষাটোৰ কাৰণে অনুমতি দিলে। নিৰ্ধাৰিত তাৰিখত টেষ্টৰ পৰীক্ষা দিবলৈ আমি স্কুলখনত গৈ উপস্থিত হ’লো। মোক এখন অট’ৰিক্সাত লৈ গৈছিল।

 হুইল চেয়াৰখন অট’ৰিক্সাৰ পৰা নমাই মোক দাঙি নি হুইল চেয়াৰখনত বহুৱাই দিয়াৰ লগে লগে স্কুলখনৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী-কোঠাৰ পৰা ওলাই আহি মোক বেলেগ গ্ৰহৰ প্ৰাণীৰ দৰে জুমাজুমি কৰি চাবলৈ ধৰিলে। আৰু নকৰিবনো কিয়? মই যে সিহঁততকৈ পৃথক হয়েই। সিহঁতে খোজ কাঢ়ে, মই খোজ নাকাঢ়োঁ। মই এটা আছুতীয়া কোঠাত অকলে অকলে পৰীক্ষা দিবলৈ বহিলোঁ।

 কাৰণ মাক স্কুলৰ শিক্ষকে কৈ পঠাইছিল যদি মই পৰীক্ষা দিবলৈ যাওঁ তেনেহ’লে এটা আছুতীয়া কোঠা দিব লাগিব। মই যদি আন ছাত্ৰ-ছাত্ৰীৰ লগত একেলগে পৰীক্ষা দিওঁ, তেওঁলোকৰ পৰীক্ষা দিয়াত মনোযোগ নাথাকিব। লেখাত বাধা আহিব। আৰু বহুতো...

 তিনিঘণ্টা একেৰাহে এখন প্ৰশ্নকাকত শেষ কৰাটো মোৰ কাৰণে বৰ কঠিন কাম আছিল। যিজনী ছোৱালীয়ে আধা ঘণ্টা একেৰাহে লিখি থাকিব নোৱাৰো, বহি থাকিব নোৱাৰো, সেইজনী ছোৱালীৰ কাৰণে তিনি ঘণ্টা একেৰাহে বহি পৰীক্ষা দিয়াটো কিমান কষ্টকৰ আছিল; কাৰোবাক বুজাব পাৰিমনে শব্দৰে?