পাৰোঁ। চুপতা-চুপতি লাগিব পাৰোঁ আৰু কেতিয়াবা নীৰৱে মােৰ ক’বলগীয়াখিনিও ক’ব পাৰোঁ।
মই পুশ্ব-আপ কৰিলে একেৰাহে কৰি থাকিব নােৱাৰোঁ, গতিকে মহেন্দ্র আন্নাই কাউণ্ট কৰি মােৰ আগেদি পাৰ হৈ গ’লেই, মই পুশ্ব-আপ নকৰি ৰৈ থাকোঁ আকৌ কোঠাটোৰ সিমূৰ পাই ঘুৰোঁতেই আন্নাই ধৰিব নােৱৰাকৈ পুশ্ব-আপ কৰাত লাগোঁ।
কিন্তু কি হ'ব ?
শ্বৰীফ ছাৰে যিখিনি মই নকৰাকৈ ৰৈ আছিলোঁ, তেওঁ সেইখিনি অকলে অকলে মােক শাস্তি দিবলৈ পুশ্ব-আপ কৰায়। কেতিয়াবা কেতিয়াবা আকৌ কয়— ‘কিয় নকৰাকৈ আছা, নাপায়।’ মই কওঁ—বহুত ভাগৰ লাগে আৰু কষ্ট। দীঘলকৈ চ’ৰি বুলি কৈ সেইদিনা শাস্তিৰ পৰা মুক্তি লওঁ। ছাৰে মাত্র স্মিত হাঁহিৰে কৈ যায়—‘দেখ লুংগী বাদ মে।’
তাৰ পিছত, ডাম-বেল উঠোৱা। বৰ কষ্টকৰ। তিনি কে জি, পাঁচ কে জি, সাত কে জি। প্রথমে তিনি কে জি দাঙিব দিয়ে। এখন হাতেৰে এবাৰত বিশবাৰকৈ, পাঁচবাৰ দাঙিব লাগে। দুয়ােখন হাত মিলি দুশবাৰ। উস্ ইমান কষ্টকৰ। নােৱাৰোঁ আৰু দাঙিব। শেষৰ ফালে হাত ওপৰলৈ দাঙিব নােৱৰা হ’লে ছাৰক কওঁ।
কৰিব লাগিবই। মই অলপ ধৰি দিম। ছাৰৰ সহায়ত দহ-বাৰ বাৰমান মাৰি সামৰি থওঁ।
মােৰ বাওঁহাতখন একেবাৰে দুর্বল আছিল। সেইখন হাতেৰে মই চাহৰ কাপটো দাঙি চাহ পিব নােৱাৰিছিলোঁ। সেই হাতখনৰ এটা বিশেষ ট্রিটমেণ্ট লৈছিল শ্বৰীফ ছাৰে৷ কাৰেণ্টৰ মেচিন এটাৰে বাওঁ হাতখনৰ সৰু গাঁঠিটোৰ ওপৰত গােল বস্তু এটা ঘূৰাই থাকে। সেই সময়খিনিত ছাৰ আৰু মই এটা বিশেষ কোঠাত থাকোঁ। মই সেই সময়খিনিত ছাৰক বিভিন্ন কথা কওঁ আৰু ছাৰেও মােক বিভিন্ন কথা কয়। ছাৰে মােৰ জীৱনৰ পাৰ হৈ যােৱা অধ্যায়বােৰ একাণপতীয়াকৈ শুনিব বিচাৰে।
এদিন ছাৰক সুধিলোঁ — ‘মই এটা কথা কম, আপুনি খং কৰিব নেকি?’
সােধা খং নকৰোঁ দিয়া— ছাৰে ক’লে।
মই ক’লোঁ – ইয়াত যদি মই মৰি যাব বিচাৰোঁ, তেনেহ’লে মােক মানুহ মৰা বিষাক্ত ইন্জেকশন দি মাৰি দিবনে? আপুনি বাৰু অনুগ্রহ কৰি বিষাক্ত ইন্জেকশ্বনটো আনি মােৰ গাত পুশ্ব কৰি মােক এই যন্ত্রণাভৰা জীৱনৰ পৰা মুক্তি দিব নেকি?
ছাৰৰ খং উঠা নাছিল। চল্চলীয়া হৈ পৰা চকুযোৰেৰে মােৰ মূৰত হাতটো থৈ কৈছিল—“মানুহক মানুহে এনেকৈ মাৰিব নােৱাৰে। তুমি কিয় মৰাৰ কথা ভাবি থাকা? অলপকৈ হ’লেও তুমি ভাল হ’বা। তুমি ভাল ছােৱালী।’