পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 প্ৰথম কিতাপখন পঢ়িছিলোঁ কাঞ্চন বৰুৱাৰ “অসীমত যাৰ হেৰাল সীমা”। কিতাপখনৰ চম্পা চৰিত্ৰটোৱে মোক এনে এক বুজাব নোৱৰা ৰোমান্টিক সুখানুভূতি অনুভৱ কৰালে, কেইদিনমানলৈ মনটো কঁহুৱা ফুলৰ দৰে উৰি আছিল প্ৰতিক্ষণ। অনুৰাধা শৰ্মা পূজাৰীৰ “চাহেব পুৰা বৰষুণ” ৰ মূল চৰিত্ৰ বৰ্ষাৰ ত্যাগ, ধৈৰ্য্য, সহৃদয়তাই স্পৰ্শ কৰিছিল মোৰ মন। “নাহৰৰ নিৰিবিলি ছাঁ” ৰ ভাস্বতীৰ মুখৰ সংলাপবোৰে হোষ্টেলত থকা প্ৰতিজনী ছোৱালীৰ জীৱনৰ প্ৰতিটো ঘটনাৰ স্বচ্ছ ছবিৰ লগত পৰিচয় কৰি দিছিল। “কাঞ্চন” উপন্যাসখনৰ মূল চৰিত্ৰ কাঞ্চনৰ জীৱনৰ চৰম কাৰুণ্যতা ফুটাই তুলিছিল লেখিকা অনুৰাধা শৰ্মা পূজাৰীয়ে কলমেৰে। হোমেন বৰগোহাঞিৰ “প্ৰজ্ঞাৰ সাধনা” কিতাপখনত উল্লেখ কৰা জীৱন-যাপনৰ মন্ত্ৰ পঢ়িছিলোঁ। মানৱ জীৱনৰ সাৰ্থকতা যে জীৱন সংগ্ৰামত যুঁজি জয়ী হোৱা, তাক উপলব্ধি কৰিছিলোঁ। বৰগোহাঞি দেৱৰ তত্ত্বগধুৰ মনৰ কথা পঢ়ি সেই বয়সত।

 সেই সময়ত কিতাপ পঢ়ি যোৱাৰ লগে লগে এখন বহীত যি কেইখন কিতাপ মোৰ পঢ়ি ভাল লাগিছিল, নামকেইটা লিখি থৈছিলোঁ। কিতাপৰ তালিকাখনৰ লগত মই এটা আশাও গুঁঠি গৈছিলোঁ। মই এদিন মোৰ ভাল লগা, অন্তৰ চুই যোৱা কিতাপবোৰ কিনিম। কিন্তু, মই যি আশা গুঁঠিছো সেইটো জানো এদিন পূৰণ হ'ব?

 পুথিভঁৰালৰ?

 মই কিতাপৰ ভোকাতুৰ হৈ পৰিছিলোঁ। কিন্তু মই সকলো কিতাপৰ প্ৰতি ভোকাতুৰ নাছিলোঁ। মোৰ মন-প্ৰাণ-মগজুক পুষ্টিকৰ আহাৰ দিব পৰা কিতাপ পঢ়ি ভাল পাইছিলোঁ। পঞ্চাশ, ষাঠি পৃষ্ঠাৰ কিতাপ এখন পঢ়ি শেষ কৰিবলৈ মই বহুদিন পাৰ কৰিছিলোঁ। এইটো নহয় যে মই দুই-এদিনতে কিতাপখন পঢ়ি শেষ কৰিব নোৱাৰোঁ। মই এই কাৰণেহে কিতাপখন লেহেমীয়া গতিৰে পঢ়িছিলোঁ, যদি কিতাপখন পঢ়ি সোনকালে শেষ হৈ যায় মই আকৌ সংগীবিহীন হৈ পৰিম।

 সৌৰভে বা এই সপ্তাহত কিতাপ আনে কি নানে? মই লুকাই চুৰকৈ এটা দুটা শব্দ গাঁথনি কৰি কবিতা ঠিক নহয়, মনৰ ভাব বগা কাগজৰ বুকুত নীল চিয়াঁহীৰে লিখিবলৈ লৈছিলোঁ। চেষ্টা কৰিছিলোঁ শব্দৰ গাঁথনিৰে মোৰ মনৰ মাজত উকমুকাই থকা ভাববোৰ বাহিৰলৈ উলিয়াই আনিবলৈ।

 মোৰ লেখাবোৰ কাকো দেখুওৱা নাছিলোঁ। আনকি কাকো কোৱাও নাছিলোঁ। কেৱল মনৰ কথাবোৰ লিখি থৈছিলোঁ।

৭৭