পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘এঞ্জেল’ মোৰ নতুন সংগী। তাৰ বয়স হ’ব তিনি-চাৰি মাহ। মুগাবৰণীয়া নোদোকা চুটি চুটি ঠেং কেইটাৰে মোৰ মৰমৰ কুকুৰ পোৱালিটো। মই তাক ৰাস্তাৰ পৰা লৈ আহিছিলোঁ। ডিঙিত এডাল সৰু, দেউতাই চাকৰিৰ ঠাইৰ পৰা অনা শিকলিৰে বান্ধি দিছিলোঁ, যাতে সি মোক এৰি কলৈকো যাব নোৱাৰে। ভঁৰালঘৰটোৰ আগত থকা অমিতা গছজোপাৰ তলত ওখকৈ মাটিৰ ভেটি এটা বনাই তাৰ ওপৰত বস্তা কেইখনমান জাপ জাপ কৰি চিলাই পাৰি দিয়া হৈছিল তাক শুবৰ কাৰণে। তাক খাবলৈ দিয়া, গা ধুৱাই দিয়া, ফুৰাবলৈ নিয়া, সকলোখিনি মোৰ কাম আছিল। ষ্টিলৰ বাচন এটাত খোৱা বস্তু খাইছিল। তাৰ বাচন ধোৱা কামো মোৰ আছিল। তাক পুৱাই মই প্ৰাতঃকৰ্ম কৰাই আনো বাৰীলৈ নি। বা, মালা আৰু বাবুৱে তাক আপডাল নকৰিছিল, ভয় কৰিছিল সিহঁতে তালৈ।

 মই তাৰ একমাত্ৰ গৰাকী আছিলোঁ। বহু ভাল পাইছিলোঁ এঞ্জেলক। তাৰ লগত মই এক প্ৰকাৰে বহু সুখী আছিলোঁ।

 কিন্তু। মোৰ সুখ বেছিদিন নিটিকিল।

 কেইদিনমানৰ পিছত তাক মোৰ লগত থাকিব নিদিয়া হ’ল। সকলোৱে মোক গালি দিব ধৰিলে যে সি কাৰোবাৰ গৰুৰ পোৱালি কামুৰিব আৰু সেই কাৰণে তাক ক'ৰবাত এৰি থৈ আহিব লাগে।

 মই প্ৰতিবাদ কৰিছিলোঁ। এঞ্জেলক মই বান্ধি থওঁ। সি ক’তো নাযায়। তাক মই এৰি নিদিওঁ। সি মোৰ লগতে থাকিব।

 মোৰ প্ৰতিবাদ নৰজিল। মই হাৰিলোঁ তেওঁলোকৰ ওচৰত। মোৰ মনটোক তেওঁলোকে দুখেৰে থকা-সৰকা কৰি সিদ্ধান্ত দিলে--- কাইলৈৰ ভিতৰত ইয়াক তই চুবুৰিৰ পৰা বাহিৰ কৰিব লাগিব।

 মোৰ এঘাৰ বছৰীয়া যুক্তিত পৰাজিত হৈ এঞ্জেলক পিছদিনা থৈ আহিম বুলি প্ৰতিশ্ৰুতি দিলোঁ। পিছদিনা মই এঞ্জেলক লৈ গলোঁ আমাৰ গাঁৱৰ কাষৰ পথাৰখনলৈ। তাক তাত এৰি থৈ আহিবলৈ। মোৰ লগত আছিল ৰমেন, বা, মালা, বাবু। মই তাক বহু মৰম কৰি হুকহুকাই কান্দিলোঁ। তাক এৰি দিওঁতে এনে ভাব হৈছিল— মোৰ শৰীৰৰ কোনোবা অংশ যেন এৰি থৈ আহিছোঁ।

২৯