পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মই মুখখন ঢাকি যোৱাৰ কাৰণে এইবাৰো ছাত্ৰ-ছাত্ৰীবোৰে মোলৈ জুমা জুমি। কৰি চালে। মোৰ সন্মুখেদি সিহঁতৰ লানি পাতি আহ-যাহ চলিল। সেইদিনা মোক গাৰ্ড দিয়া শিক্ষকজনৰ অন্তৰখন কোমল আছিল। তেওঁ মোৰ অবস্থা দেখি মৰমসনা মাতেৰে কৈছিল— ‘যিমানখিনি পাৰা সিমানেই কৰা। তোমাৰ গা বেছি বেয়া হৈ গৈছে।’

 মই টানি-আঁজুৰি কলমটো আগবঢ়াই নি আছো।

 শেষত শিক্ষকজনে মোৰ অৱস্থা চকুৰে চাই থাকিব নোৱৰাত কমনৰুমত বহি থকা মাক কৈছিলগৈ— ‘আপোনাৰ ছোৱালীৰ গা বেছিকৈ বেয়া হৈ গৈছে। উশাহ ল’ব নোৱৰা হৈছে। চকুৰ পানী বৈ আছে। আপুনি গৈ তাইক কওকগৈ যিখিনি কৰিলে সিমানেই হ’ব বুলি। বৰ কষ্ট পাই আছে।’ মায়ে শিক্ষকজনক কৈছিল— ‘তাই তেনেকৈয়ে অংক কৰি থাকিব। মই যদি এতিয়া তাইৰ ওচৰলৈ যাওঁ, তাই বেয়া পাব। মই বুজি পাইছোঁ তাইক তেনেকৈ চাই থাকি আপুনি বেয়া পাইছে। উপায় নাই। তাই কৰিব নোৱৰা হ’লে মোক মাতিব।’

 শিক্ষকে উপায়ান্তৰ নেদেখি মায়ে তেওঁক কোৱা কথাখিনি মোক ক’লেহি।

 মই সেইদিনাৰ পৰীক্ষা শেষ কৰিলোঁ। পৰীক্ষাৰ অন্তত মোৰ নৰিয়া অৱস্থাত শেষ ক্ষণ গণি থকা শৰীৰটোক দাঙি আনি অট’ৰিক্সাত তুলি অনাৰ দৰে ঘৰলৈ লৈ আহিল। ঘৰলৈ আনি আকৌ তেল মালিচ কৰা, উশাহ ঘূৰাই অনা, শৰীৰৰ উত্তাপ অনাৰ কাম। তেনেদৰেই মই মোৰ প্ৰৱেশিকা পৰীক্ষাৰ মহাযুদ্ধখন সমাপ্ত কৰিলোঁ, পৰাস্ত নোহোৱাকৈ।

 ২০০৫ চনৰ প্ৰৱেশিকা পৰীক্ষাৰ ফলাফলত মোৰ প্ৰিয় বিষয় অংকত ৬১ শতাংশ নম্বৰ পাই মই দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’লো। পৰীক্ষাৰ ফলাফল শুনি মায়ে বৰকৈ কান্দিছিল। ময়ো মাৰ আশা পূৰণ কৰিব নোৱৰাৰ দুখত চিৰদিন মাৰ ওচৰত দোষী হৈ থাকিলোঁ।

 প্ৰৱেশিকা পৰীক্ষা পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডাৰী স্কুলখনতে নামভৰ্তি কৰাটো থিৰাং কৰিলো।

 হায়াৰ ছেকেণ্ডাৰীত নামভৰ্তি কৰাৰ পিছত বিদ্যালয়খনৰ অধ্যক্ষগৰাকীয়ে মাক কথা দিলে যে তেওঁ যিখিনি পাৰে সহায় কৰিব। কথা দিয়া মতে সেই বিদ্যালয়তে শিক্ষকতা কৰা প্ৰশান্ত ছাৰক মোৰ কাৰণে ঘৰলৈকে আহি ইংৰাজী নোটখিনি দি যাবলৈ ক’লে। কোনোদিনে এটাও ক্লাছ নকৰাকৈ একাদশ শ্ৰেণীৰ পৰীক্ষা দিবলৈ আগতে প্ৰৱেশিকা পৰীক্ষাত বহা স্কুলখনতে উপস্থিত হ’লোহি।

১৫৫