মই তলমূৰ কৰি আছোঁ। চকুপানী বৈ আছে।
শ্বৰীফ ছাৰে ক’লে— তাইৰ হৈ মই কাগজত থকাখিনি ক’ম।
শ্বৰীফ ছাৰে মােৰ বিষয়ে কাগজত লিখা থকাখিনি কৈ দিলে। মােকো বিদায় দিলে ডাক্তৰে ৰূমলৈ যাবলৈ।
মই ঘৰৰ পৰা যিটো আশা লৈ চি.এম.চি লৈ গৈছিলােঁ, সেই দীর্ঘদিনীয়া সাত বছৰীয়া আশাটো পূর্ণ হ’ল। হৰহৰ কৈ একেৰাহে প্ৰস্ৰাৱ নিগৰি থকাৰ পৰা পৰিত্ৰাণ পালোঁ মই। কেথেৰেটাৰডাল ভালদৰে সংযোগ কৰি দিয়াত, প্রস্রাৱত তিতি থকাৰ পৰা সকাহ পালোঁ।
কেনেকুৱা লাগিছিল মােৰ মনটো !
কিমান সুখী হৈছিলোঁ মই !
সাতবছৰীয়া শােকৰ পৰা মুক্তি পায় !
পিছদিনা, মােক এটা সৰু কোঠাত নি আল্ট্ৰাছাউণ্ড কৰিবলৈ ওলাল।
আল্টাছাউণ্ড কৰা ডাক্তৰজনে, আল্ট্ৰাছাউণ্ড কৰাৰ আগতে মােৰ গালত উঠা অকণমানি ফোঁহা এটা, এইটো কি উঠিছে বুলি নখেৰে ভাঙি দিলে। তাৰ পিছত, আল্ট্ৰাছাউণ্ড কৰি ক’লে— মােৰ ‘বসন্ত’ ওলাইছে।
ডাক্তৰ-নাৰ্ছৰ এইবাৰ মােকলৈ আকৌ এক বেলেগ ধৰণৰ তৎপৰ লাগিল।
মাহঁতক ডাক্তৰে ক’লে— মােক হাস্পতালৰ আন পেচেন্টৰ লগত ৰাখিব নােৱাৰে। তেওঁলােকৰ গালৈ ‘বসন্ত’ ৰােগ সোঁচৰিব পাৰে গতিকে হাস্পতালৰ আছুতীয়া কোঠা আছে। তাতে মই ভাল নােহােৱালৈকে থাকিব লাগিব। তাৰ পিছত শুকালে, ভাল হ’লে আহিবলৈ ক’লে।
মাহঁতে ডাক্তৰক ক’লে— মােক মাহঁতে ভাড়ালৈ লােৱা কোঠাটোলৈকে লৈ যাব।
‘বসন্ত’ ওলাই আমাৰ মনত আকৌ এটা দুখে কোব মাৰিলে।
ষ্ট্ৰেছাৰখনত তুলি মােক ভাড়াৰ কোঠাটো পােৱাৰ পিছত, মােক দাংকোলা কৰি নি বিছনাত শুৱাই দিওঁতেই, বিছনাৰ কাঠত মােৰ কঁকালটো লাগি দুখ পাই পুৰণা ঘা এটাৰ পৰা হৰ্-হৰ্কৈ তেজ বৈ আহিল।
কি হ’ব এতিয়া ?
আকৌ এটা ঘা বাঢ়িল !