পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 খন্তেকলৈ মই ভাবুক হৈ পৰিলেঁ৷।

 যদি কেতিয়াবা মোৰো!

 জীৱনে ক’ত, কেতিয়া, কোন সমস্যাৰ সন্মুখীন কৰাই কোনেও ক’ব নোৱাৰে।

 বাইদেউ, মই হাৰ আনিছোঁ। ল’ব নেকি?

 নাই। নালাগে দিয়া। বেয়া নাপাবা। মাৰ উত্তৰ। মণিহাৰী বেপাৰীজনক।

 মই ৰে’লগাড়ীত পায়খানা হয় বুলি খোৱাটোৱে বন্ধ কৰি দিছিলোঁ।

 ক্ৰমান্বয়ে বেলি লহিয়াইছিল। ঘৰমুখী পক্ষীয়ে বাহলৈ উৰা মাৰিছে। পথৰুৱাই গাই দামুৰি ঘৰলৈ নিছে। দিনৰ ব্যস্ত পৃথিৱী লাহে লাহে ক্ষান্ত হ’বলৈ ধৰিছে।

 মোৰ মনটো অতীতলৈ গতি কৰিছে। কিমান দিনৰ বিৰতিৰ পিছত বেলি ডুবাৰ দৃশ্য স্বচক্ষুৰে প্ৰত্যক্ষ কৰিছোঁ? সেন্দুৰীয়া এটা বৃহৎ ফোঁট হৈ কমলাৰঙী পশ্চিম আকাশৰ বুকুত ডুব গৈছে বেলিটো।

 অপৰূপ! অপৰূপ!

 মাৰ বাধ্যত নিশাৰ ভাত সাঁজ খালোঁ। তেতিয়ালৈকে মই কাৰো লগত কথা পতা নাই। আৰু পাতিবলৈও একো কথাই নাছিল। মই কথা পাতিছিলোঁ বহুত দিনৰ পৰা বিচ্ছেদ হৈ থকা প্ৰকৃতিৰ শোভাৰ লগত। মোৰ পৰা হেৰাই যোৱা শৈশৱৰ পথাৰখনৰ লগত। মোৰ অতি প্ৰিয় সুবিশাল, সু-উচ্চ নীলা আকাশখনৰ লগত।

 সকলো নিদ্ৰা দেৱীৰ কোলাত দিনৰ এলাহ-আমনিৰ ভাগৰ মাৰিবলৈ বিছনা পৰাত লাগিল।

 মায়ে মোক ঠিক-ঠাক কৰি শুবলৈ দি কাষৰ তলৰ ছিটটোতে নিজেও শুলে।

 মই এইবাৰ খোলা খিৰিকীৰে নিশাৰ নৈসৰ্গিক শোভা উপভোগ কৰাত লাগিলোঁ ৰে’লগাড়ী দৌৰিছে। দূৰৈৰ ঢিমিক-ঢামাককৈ জিলিকি থকা চাকিৰ পোহৰবোৰক পিছ পেলাই। প্ৰতিযোগিতাত নামিছে জোনাক নিশাৰ জোনজনীৰ লগত। কোনে বেগাই দৌৰিব পাৰে। সমানে দৌৰিছে দুয়ো। কোনেও কাকো দুখ দিব নিবিচাৰে। লগ এৰিব নোৱাৰে। ময়ো গৈ আছোঁ। তেওঁলোকৰ লগত। এটা জোনাকে পোহৰাই তোলা মন লৈ।

 নিঃপালি দিলে কোঠাটোৱে। সকলোৰে নাকৰ উশাহ-নিশাহৰ মৃদু শব্দৰ বাহিৰে একো সাৰ-সূৰ নাই। মই মাথোন মোৰ নিশাৰ সংগী জোনজনীৰ লগত এটা অমৃতোপম সময় উপভোগ কৰিছোঁ।

 পিছদিনা পুৱা যিটোলৈ ভয় কৰিছিলোঁ৷ সেইটোৱেই হ’ল। বিছনাৰ কাপোৰখন

আঁৰ কৰি বান্ধি দি মায়ে মোক পৰিষ্কাৰ কৰি দিলে। মনটো সেমেকিল। উপায় নাই।

৯৯