পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 কিমান যে দুঃচিন্তাই অগা-ডেৱা কৰি থাকে। এহ, সোনকালে ধানখিনি ভৰিৰে মোহাৰি কাইলৈ বেচি দিম। আমাৰ ধান কিনা মানুহ এগৰাকী আছিল আমাৰ ‘মা’। আমি ধানখিনি মাৰ তাত প্ৰতিবাৰে দৰ-দাম কৰি বেচো, মায়েও আমাৰ ধানৰ দৰ-দাম কৰি কিনি লয়। আমি আটাইকেইটাই পথাৰৰ পৰা বুটলি অনা নিজৰ নিজৰ ধানৰ গৰাকী হওঁ। নিজকে নিজে বয়সত বহু ডাঙৰ মানুহ, ডাঙৰ মানুহ যেন লাগে।

 মাৰ লগত আমি দৰ-দামত চুপতা চুপতিও কৰোঁ, কমাই দিলে নহ'ব। ধানৰ দাম বাঢ়িছে। আমি কম দামত নিদিওঁ।

 মায়েও আমাৰ কুমলীয়া মনকেইটা মৰহি নাযাবলৈ দুই-এটকা বেছিকৈ দি আনন্দেৰে মনটো ভৰাই দিয়ে! খুড়াই মৰণা মাৰিলে আমি কেইটাও খুড়াহঁতৰ ঘৰত গৈ গৰু খেদি মৰণা ফুৰাই দিওঁ। ধানৰ ওপৰত আমিকেইটা স্ফুৰ্তিতে জঁপিয়াই জঁপিয়াই পৰোঁ। চোতালত থাক থাককৈ থোৱা ডাঙৰিবোৰৰ মাজত লুকাভাকু খেলোঁ। আমাৰ হাঁহি আনন্দৰ খলকনিত গোটেই চুবুৰিটোৱেই ৰজনজনাইছিল। সন্ধিয়া যেতিয়া মায়ে ভৰি ধুৱাই দিয়ে, ধানৰ খেৰে কটা ভৰিত পানী লাগি কলাফুল চিটচিটাইছিল। আমিকেইটাই কান্দিছিলোঁ। মায়ে খঙতে মিঠাতেল সানি দি কৈছিল - ‘কালিৰ পৰা যাবিচোন তহঁতক কি কৰোঁ দেখিবি।’

 মোকতো মায়ে বেছিকৈ গালি দিছিল এটা কাৰণত। গধূলি হলেই মোৰ ভৰি দুখন তীব্ৰ বিষাইছিল। মই সৰুৰে পৰাই দুৰ্বল আছিলোঁ। দুৰ্বল এই কাৰণে আছিলোঁ যে খোৱাৰ প্ৰতি মোৰ আছিল অনীহা আৰু অৰুচি। পৰিষ্কাৰ হাতখনেৰে খালে হাতখন লেতেৰা হ'ব, মুখখন লেতেৰা হ’ব, এই ভাবতে মই নাখাইছিলোঁ আৰু ইয়াৰ লগতে এলাহ নামৰ প্ৰধান শত্ৰুটোও কাৰণ আছিল। জেংখৰি যেন ভৰিকেইটাৰে ‘চোৱা-চুই’ ‘কাবাদী’, ‘হৌ-গুডু’ যিকোনো খেল খেলিলে বা কেতিয়াবা এনেয়ে দৌৰ মাৰিলেও অলপতে পৰি গৈছিলোঁ। চোতালত খেলি থাকিলে ধপকৈ কিবা শব্দ হয়, মা আতংকিত হৈছিল— মই দৌৰোঁতে আকৌ পৰিলোঁ নেকি।

 মই পৰিলেও গাত লগা মাটিখিনি জোকাৰি-পোকাৰি, সেমেনা সেমেনি কৰি হাঁহি হাঁহি কওঁ নকওঁকৈ কওঁ - মই দুখেই পোৱা নাই। চাওক। এনেয়ে ঘূৰি চাওঁতে পৰি গ'লোঁ।

 খোৱাত মই একেবাৰে বেয়া। কোনোটো বস্তু আগ্ৰহেৰে নাখাওঁ। একপ্ৰকাৰে ক'বলৈ গ'লে “জীৱনত বেয়া পোৱা প্ৰথম কামটোৱে হ'ল মই খাই বেয়া পাওঁ।

 - মায়ে এতিয়া মোৰ এই যন্ত্ৰণাদায়ক খোজবিহীন জীৱনৰ কাৰণে মই খাই বেয়া পোৱাটোও একপ্ৰকাৰৰ কাৰণ বুলি দুখ প্ৰকাশ কৰে। মাৰ মতে,যদি সৰুৰে

৪৩