পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(বাইশ)

 “ঐ জুলী,

 তােৰ চাগৈ ভালেই। আমাৰ ভাল নহয়। কাৰণ, তই নাই। আমাৰ ভাল হ’বলৈ, তই আহিব লাগিব। মা আৰু তই নহ’লে একো নাই, খালী খালী লাগে। যিমান পাৰ সােনকালে আহিবি। এই জুলী, তােৰ আমালৈ মনত পৰেনে? আমি যিমান বাৰ উশাহ লওঁ সিমান বাৰ তহঁতলৈ মনত পৰে। তই সুস্থ হৈ অহাৰ প্রতীক্ষাত...

দি আৰু মালা।”

 এখন আবেগ মিহলি, অধীৰ প্রতীক্ষা, অতৃপ্ত মৰম আৰু আশাৰে ভৰা চিঠি। আঃ! এতিয়াই যেন চৰাই হৈ উৰি যাম, সিহঁতৰ কাষলৈ। হেঁপাহ পলুৱাই কথা পাতিম। কৈ ওৰে নপৰিব, মােক কৰা নতুন নতুন চিকিৎসা পদ্ধতিৰ কথা। আৰু যে কিমান কথা কম। হয়তাে এৰি অহা জীৱনত যিমান কথা কোৱা নাছিলোঁ, গােটেইখিনি কৈ কৈ অন্ত কৰিম।

 সঁচাকৈ, কোনােবা এটা বস্তু সহজে পাই থাকিলে সেই বস্তুটোৰ মূল্য কিমান অনুভৱ কৰা নাযায়। যেতিয়া বস্তুটো নােপােৱা হৈ যায় তেতিয়াহে তাৰ মূল্য উপলব্ধি কৰিব পৰা যায়। দুষ্প্রাপ্যৰ মূল্য অধিক।

 নিশাটো ভাড়াৰ ৰূমত থাকি পুৱা ছয় বজাত বাবু আহি আমাৰ ওচৰত উপস্থিত হ’লহি। চাহ লৈ আহিছে। আজিৰ পৰা মনটো উৰুঙা উৰুঙা নালাগে আৰু৷ মােৰ মনটো কিমান ভাল লাগিছে বাৰু ? গেটতে মা, মই আৰু বাবুৱে পুৱাৰ চাহকাপ খালোঁ। আজিৰ পৰা সি মােক পি.টি., অ.টি.-লৈ যাব। সাত বজাৰ লগে লগে আমি পি.টি.ত উপস্থিত হ’লোঁ। পি.টি.ৰ মহেন্দ্র আন্না আৰু শ্বৰীফ ছাৰৰ লগত বাবুক পৰিচয় কৰাই দিলোঁ।

 আজিকালি পিটিত মােক পুশ্ব-আপ, স্পাইন-কর্ড, ডাম-বেল, স্প্রিং টনাৰ লগতে টিল্ট্ টেবুলত কঁকাল, ভৰি দুখন ৰছীৰে আতি আতি বান্ধি পােন কৰিবৰ চেষ্টা কৰিছে।

১১৮