পিছ দিনা আকৌ আৰম্ভ কৰোঁ আলোচনা। তাৰে মাজৰ এজনীয়ে কোনোবা এজনীৰ লগত কাজিয়া লাগি মাত-বোল নকৰে, গতিকে এজনীয়ে আমাৰ লগত বিহু নাচিলে সিজনীয়ে নাযাওঁ বুলি আপত্তি কৰে। আকৌ সিহঁত দুজনীৰ মাজত থকা মনোমালিন্য আঁতৰ কৰি দুয়োজনীক একেলগে নাচিবলৈ মান্তি কৰা, এই সকলোবোৰ স্কুলৰপৰা ঘৰলৈ আহোঁতে বাটতে আমাৰ মাজত সমাধান হৈছিল।
নিৰ্ধাৰিত দিনত আমি ঠিক কৰি থোৱা গাঁৱৰ এল পি স্কুলখনৰ শিক্ষকৰ জিৰণি কোঠাটোতে বিহুৰ ৰিহাৰ্চেল আৰম্ভ কৰোঁ। তেতিয়া স্কুলঘৰটোৰ শিক্ষকৰ জিৰণি কোঠাটোৰ দুৱাৰ-খিৰিকী লগোৱা নাছিল। শিক্ষকসকলে সেই কোঠাটো জিৰণি কোঠা হিচাপে ব্যৱহাৰ কৰা নাছিল। নতুনকৈ সাজি থকা কেৱল ইটা বালিৰে দেৱালকেইখন গাঁথি থৈছিল। আমি স্কুলৰ সেই জিৰণি কোঠাটোকে ৰিহাৰ্চেলৰ কাৰণে উপযোগী বুলি ভাবি তাতে ৰিহাৰ্চেল কৰোঁ।
‘অ’ই, তই কিয় মুখেৰে চিঞৰি চিঞৰি নাগাৱ, আমিয়ে চিঞৰিব লাগে? তই মাত্ৰ হাত চাপৰি বজাই থাক। হুঁচৰি গাবলৈ দিলেও নাগাৱ। বোবা হৈ থাক। চাবোন’ সুমুৱাই থৱ নেকি মুখত? তোক পইচা ভগাওঁতে কমাই দিম ৰ। তেতিয়াহে মজা পাবি?’ মোক কৈছিল ধেমালিতে লগৰ কেইজনীয়ে। জাহ্নৱী, শেৱালী, স্নেহা, মৰমী, সৰুমণি, বা, মালা, আৰু মই একেলগে বিহু হুঁচৰি গাইছিলোঁ। বেছিকৈ ছোৱালী হ’লে বিহু নাচি পোৱা টকাকেইটা গাইপতি ভগাওঁতে কমকৈ ভাগত পৰিব বুলি বেছিকে ছোৱালীও নলৈছিলোঁ।
বিহুৰ ৰিহাৰ্চেল কৰোঁতেও কিমান যে কাজিয়া হোৱা নাছিল। কাজিয়াৰ কোবত কোনোবাজনীয়ে নাগাওঁ বুলি ভেম কৰি থিয় হৈ থাকিছিল। তাইৰ ভেম ভাঙোতে ভাঙোতে সেইদিনাৰ ৰিহাৰ্চেলেই নহৈছিল।
ৰিহাৰ্চেল শেষ কৰি আকৌ স্কুলৰ ফিল্ডত চোৱা-চুই, কাবাডী, হৌ-গুডু, ৰেডী খেলবোৰ খেলা। কাৰ বাৰীত কি আছে, কি পকিছে, বাৰীয়ে বাৰীয়ে পিট্পিটাই ফুৰা। সকলোখিনি বিহু ৰিহাৰ্চেল কৰিবলৈ যাওঁতেই সম্পূৰ্ণ কৰি অহা হৈছিল।
জাহ্নৱীহঁতৰ কৰ্জা এজোপা আছিল। ৰিহাৰ্চেল আৰম্ভ হোৱাৰপৰা তাইক ফুচুলাই থাকিছিল এটা এটা কৰ্জা দিবলৈ। তাই এবাৰ দিম বুলি কয়, এবাৰ নিদিওঁ বুলি কয়। দিম বুলি ক’লে আনন্দতে তাইক সাৱটি ধৰে আৰু নিদিওঁ বুলি ক’লে ঠেলা মাৰি দিয়ে লগৰকেইজনীয়ে।
মই যিহেতু টেঙা নাখাওঁৱেই। কাকো খোচামতি কৰিবও নাই। কাকো ফুচুলাই থাকিবও নাই। মাত্ৰ সিহঁতৰ লগত থাকোঁ, সিহঁতৰ কাজিয়াৰ সাক্ষী হৈ, বিনিময়ৰ সাক্ষী হৈ।
৬৪