পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰি হালি যায়। হাত-ভৰি লৰাব নোৱাৰে। মাতটো একেবাৰে সৰু হৈ অস্পষ্ট হ’ল। সম্পূৰ্ণৰূপে তাই আঁকোৱালি ল’লে এটা ভয়ংকৰ যন্ত্ৰণাৰে মেৰিয়াই ধৰা জীৱন।

 দেউতাকজনো অলপ অসুখীয়া। তেওঁ কথাবোৰ স্পষ্টকৈ মুখেৰে ক’ব নোৱাৰে, আগতে ভাল আছিল। দুবছৰমানৰ আগতে এটা অসুখ হৈ মাতটো অস্পষ্ট হ’ল। খোজবোৰ থৰক-বৰক। মুৰটো অলপকৈ লৰাই থাকে। তেওঁ কৰ্মত এজন উচ্চ পদত থকা চৰকাৰী বিষয়া। অৱস্থাসম্পন্ন পৰিয়াল। অত্যধিক মৰমেৰে জীয়েকৰ লগত সময় পাৰ কৰে। জীয়েকৰ লগত থকা প্ৰতিটো সময়তে তাইক বিশ্ব ব্ৰহ্মাণ্ডৰ কথা কৈ থাকে। ক্ৰিকেট খেলত কোন জিকিল, আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কি ক’লে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সেইদিনাৰ ভাষণত কি ক’লে— সমস্ত কথা।

 তাইৰো স্মৃতিশক্তি ইমান প্ৰখৰ আছিল যে দেউতাকে যি যি কৈ যায় এবাৰতে মনত ৰাখি থয়। পিছত ডাক্তৰ আহিলে তাইক সোধা প্ৰশ্নবোৰৰ উত্তৰ সঠিককৈ দিয়ে। ডাক্তৰসকলেও তাইৰ মনত আনন্দ দিবলৈ পাপৰি কোৱাচোন ‘অমুক দেশৰ ৰাষ্ট্ৰপতি কোন? অমুক দেশৰ ৰাজধানী কি?’বিভিন্ন প্ৰশ্ন সোধে। তাইক প্ৰশ্ন সোধাটো ডাক্তৰসকলৰ চিকিৎসাৰ ভিতৰত নাছিল। তাইক অকণমান সুখী কৰিবলৈহে ডাক্তৰসকলে প্ৰশ্ন সুধিছিল আৰু অধিক সুখী হৈছিল, তাই সঠিক উত্তৰ দি।

 মাকৰ কান্দোন অলপ থমকিল। মাহঁতেও নিজৰ নিজৰ কৰ্মত ব্যস্ত হ’ব ধৰিলে। ময়ো পৰ্দাখন টানি, নিজৰ লগত নীৰৱে অলপ কথা পাতিব ধৰিলোঁ।

 আবেলি সময়, বেলি ডুবিছে পশ্চিমত। এই সময়খিনিত আমি আজিকালি আগফালৰ নিমগছৰ তলত থাকোঁ। ভাল লাগে নিমপাতৰ শীতল বতাহ। প্ৰশান্তি পাওঁ, দিনত ব্যায়াম কৰি ভাগৰুৱা শৰীৰটোক অলপ সময় আৰাম দি।

 আজি বাবু আহি পাব দেউতাৰ লগত। মনটো আৱেগিক হৈ আছে। প্ৰায় এমাহৰ মূৰত তাক লগ পাম। সি বা কি কি খবৰ লৈ আহে? দি, মালা, চ’নাই বা কি কৈ পঠিয়াইছে?

 জ্যোতি বাক মই আৰু মালাই ‘দি’ বুলি মাতোঁ। কেতিয়া আহি পাব...?

 অপেক্ষাৰ অন্ত পেলাই বাবু আহি পালে মোৰ ওচৰত। কঢ়িয়াই লৈ আনিছে, এটা চিঠিৰ টোপোলা। সি মোৰ হাতত ‘চিঠি’ৰ টোপোলাটো দিয়াৰ পিছত মই তাত উপস্থিত থকা ভানু ভেয়া, মানু, বিজয় আৰু নিভা ভাৱীৰ লগত পৰিচয় কৰি দিলো। ভানু ভেয়াই হিন্দীতে বাবুক প্ৰথমে সুধিলে তোমাৰ বাৰ কি পৰিবৰ্তন হোৱা দেখিছা এই মুহূৰ্ত্তত? বাবুয়ে ক’লে- ‘বায়ে কথা কৈছে।’

১১৭