পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তুমি তাৰ কোঠাত গৈ বুজাই থৈ আহিব লাগিব। তুমি আজি আবেলি যাবা। আমি তেওঁক কথাটো ক’বলৈ সাহস গোটাব পৰা নাই। তুমি তোমাৰ জীবনত পাৰ কৰি অহা কিছু অংশ কৈ হয়তো তেওঁক বুজাব পাৰিবা, যিটো আমি কৰাটো কিছু কঠিন হ’ব। তোমাৰ ওপৰত আমাৰ বিশ্বাস আছে। তুমি তেওঁক বুজোৱাত সফল হ’বা।’

 মনে মনে ভাবিলোঁ, পাৰিমনে মই ৰাজুক ক’ব যে, ‘তুমি চিৰদিনৰ কাৰণে এটা খোজবিহীন জীৱন আঁকোৱালি ল’বলগীয়াত পৰিলা।’ পাৰিমনে ক’ব যে চিৰদিন হুইলচেয়াৰখনেই তোমাৰ লগৰী হৈ থাকিব। তুমি মুকলি আকাশৰ তলত বহিবলৈ হুইলচেয়াৰখনৰ সহায় ল’ব লাগিব।’

 পাৰিমনে...?

 অঁ ক’ব পাৰিবই লাগিব মই। ক’ব পাৰিব লাগিব যে মোৰ জীৱনৰ ‘আশা’, ‘সপোন’ সকলো আঠ বছৰৰ আগতেই মৃত্যু ঘটিছে। নিয়তিয়ে মোক চৈধ্য বছৰতে এনেধৰণে কুঠাৰেৰে ঘাপ মাৰিলে যে, সেইদিনাৰ পৰা অহৰ্নিশে ৰক্ত নিগৰি আছে মোৰ হৃদয়ৰ পৰা।

 মই ক’ম যে মই এতিয়া আকৌ নতুন এটা জীৱনলৈ আগবাঢ়িছোঁ। যদিও মোৰ সৰ্বশৰীৰত কাঁইটে এতিয়াও আবৰি আছে আৰু গোটেই জীৱন থাকিবই, তথাপি মই অভিনয় কৰি হ’লেও সুখী হৈ আছোঁ।

 ৰাজুৰ ওচৰ পোৱাৰ লগে লগে সি আনন্দতে ফুলি অজস্ৰ প্ৰশ্নৰ বাণ এৰিলে। মই তাৰ কোঠালৈ কিয় গৈছোঁ। সি মোক কি খাবলৈ দিব? আমিচোন সন্ধিয়া বাহিৰত লগ হ’মেই। কিয় আহিলা, আৰুচোন হাস্পতালৰ নিয়ম অনুসৰি কোনোৱে কাৰো ওচৰলৈ যাব নোৱাৰে, তুমি কেনেকৈ আহিলা? দেখিলে গালি দিব।

 ‘নাই। নিদিয়ে মোক কোনেও গালি আজি।’

 কিয়?

 ‘এনেয়ে।’

 ‘কিয় এনেয়ে?’

 ‘হ’ব দিয়া ইমানকৈ প্ৰশ্ন সুধি থাকিব নালাগে। কোৱা যদি কোৱা বেলেগ কথা।’

 সি হাঁহিটো মাৰি আৰম্ভ কৰিলে—‘মোক আৰু দুদিনমানৰ পিছত ডাক্তৰে খোজ কাঢ়িবলৈ দিবই চাগে।’ তাৰ পিছত আমি ঘৰলৈ যামগৈ। অ’ এটা কথা, মই ঘৰৰ পৰা তোমালোকৰ ঘৰলৈ আহিম। তেজপুৰৰ পৰা নগাঁৱলৈ বেছি দূৰ নহয়। বাইক লৈও আহিব পাৰিম। অ’,এটা কথা, মোৰ দুৰ্ঘটনাৰ লগতে বাইকখনো বেয়াকৈ ক্ষতি হ’ল। জানো, ভাল হ’লনে নাই। এ...হ’ব দিয়া, নহ’লেও ঠিকঠাক কৰি যাম।’

১৪৪