পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আজি মই শোকৰ পুখুৰীত ডুবি থাকি ভাবোঁ মই যদি সেইদিনাই ভৰা পুখুৰীটোত ডুব গৈ মৰিলোঁহেঁতেন। আজিতো মই এই শোকৰ পুখুৰীটোত ডুবি থাকিব নালাগিল হেঁতেন!

 –আজি উৰুকা, কাইলৈ বিহু। আজি ৰিহাৰ্চেল নাই। আজিৰ কাম হ’ল— জেতুকা পিচি হাতৰ তলুৱা, নখত লগোৱা। বিহু নাচিবলৈ কোনযোৰ কাপোৰ পিন্ধিম, তাৰ ঠিক্ ঠাক্ কৰা।

 মাৰ তিনিখন মুগাৰ মেখেলা আছিল। চাদৰ আছিল দুখন। এখন ৰঙাপাৰি দিয়া আৰু এখন নীলা-বগা ঘৰ ঘৰ পৰা। তেতিয়াৰ সময়ত মাৰ সামৰণ কাপোৰ বুলিবলৈ সিমানেই আছিল আৰু বগা, ৰঙা, ক’লা ৰঙৰ তিনিটা ব্লাউজ। আমিকেইজনীয়ে এতিয়া ভাগ কৰোঁ। কোনজনীয়ে কোনখন পিন্ধিম? মোৰ ভাল লাগিছিল মোৰ প্ৰিয় ৰং ৰঙা ফুলৰ আঁঠুলৈকে বুটা বছা মুগাৰ মেখেলাখন আৰু ৰঙাপাৰি দিয়া চাদৰখন আৰু ৰঙা ব্লাউজটো। সেইকেইটা গোটাই থৈ এতিয়া জেতুকা পিচি হাতৰ তলুৱা ৰঙা কৰা কাম।

 আমাৰ ঘৰত তেতিয়া জেতুকা গছ নাছিল। কাৰ ঘৰৰ পৰা আনিম এতিয়া। জেতুকা খুজিব গ’লে যদি গালি পাৰে। কিয় বা জেতুকা খুজিবলৈ গ’লে গালি পাৰে আজিও নুবুজিলোঁ। গালি খায়ো আমি কুটুৰি কুটুৰি জেতুকাৰ পাত আনোঁ। জেতুকা খোজোঁতে, গালি খাওঁতে মনটো যিমানে ক’লা পৰি গৈছিল, হাতত জেতুকাৰ ৰং ধৰোঁতে সিমানে মনটো ৰঙীন হৈ পৰিছিল।

 সেই সময়ত হাতৰ জেতুকাৰ ৰং কেইদিনমানলৈকে থাকি আঁতৰি গৈছিল যদিও, জেতুকা খোজোঁতে মনত ক’লা পৰা দাগ আজিকোপতি বিৰাজমান হৈ আছে।

 কুমলীয়া কলিজাত তিক্ত বাক্যবাণে থকা-সৰকা কৰিছিল। আমি তেতিয়া কন্দা নাছিলোঁ বা তেওঁলোকক বেয়া পোৱাও নাছিলোঁ। কাৰণ গালি দিলেও আমাক তেওঁলোকে জেতুকাৰ পাত দিছিল। সেয়ে বহুত।

 দুটা কাম শেষ হ’ল। তিনি নম্বৰ কামটো হ’ল বিহুৰ দিনা তগৰ ফুলৰ মালা গঁথা কাম। কপৌ ফুলৰ অভাৱ, গতিকে আমি বিহুৰ দিনা তগৰ ফুল গোটাই মালা গাঁথিছিলোঁ পুৱাই।

 পুৱাই গোসাঁইঘৰত প্ৰাৰ্থনা কৰাৰ পিছত প্ৰসাদ খায়েই আমাৰ আৰম্ভ হয় কাপোৰ পিন্ধাৰ উৎপাত। আমাক কাপোৰ পিন্ধাই দিছিল অজন্তা বা আৰু ৰুবী বায়ে।

৬৬