পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মালা উদাস, বিষণ্ণ মনে ঘৰলৈ উভতি আহি আমাক কথাখিনি ক’লে। শিক্ষকজনৰ অমানুষিক দুৰ্ব্যৱহাৰে আমাক অতিশয় আঘাত দিলে। আমাৰ সবিতা খুৰী এগৰাকী শিক্ষয়িত্ৰী। ওচৰা-উচৰি ঘৰ হোৱা গতিকে খুৰীয়ে আমাৰ সকলো সুখ-দুখতে লগত থাকে। প্ৰয়োজনত কৰিবলগীয়া সহায়খিনিও কৰে। নজনাখিনিৰ দিহা-পৰামৰ্শও দিয়ে।

 খুৰীয়ে হৃদয়হীন শিক্ষকজনৰ কথাত দুখ প্ৰকাশ কৰি ক’লে—‘তেখেতে যিখন স্কুলত শিক্ষকতা কৰে, সেই স্কুলৰ শিক্ষক এজনৰ লগত কথা পাতিব।’

 খুৰীয়ে কথা দিয়া মতে তেখেতে শিক্ষকতা কৰা স্কুলখনৰ অংকৰ শিক্ষক অঞ্জন শৰ্মা ছাৰৰ লগত কথা পাতিলে। তেখেত প্ৰথমে মান্তি নহ’ল মোক পঢ়ুৱাবলৈ। খুৰীয়ে অঞ্জন ছাৰক মাত্ৰ দুদিন মোৰ ওচৰলৈ আহি মোক প্ৰাথমিক পৰীক্ষা কৰি চাবলৈ ক’লে। লগতে দুদিন পঢ়ুৱাই চাই পুনৰ পঢ়ুৱাবনে নপঢ়াই সেই সিদ্ধান্ত তেখেতক ল’বলৈ দিলে।

 কেইদিনমানৰ পিছত প্ৰতীক্ষাৰ অন্ত পেলাই অঞ্জন ছাৰ আহিল। দুদিন মোৰ প্ৰাথমিক পৰীক্ষা ল’লে। তাৰ পিছত তেখেতে খুৰীক মোৰ অংকৰ বিষয়টোৰ সম্পূৰ্ণ দায়িত্ব ল’ম বুলি ক’লে আৰু এজন ইংৰাজী শিক্ষকক বিচাৰি আনিম বুলিও কথা দিলে।

 এতিয়া ডাঙৰ সমস্যা হ’ল মোৰ শৰীৰটোৰ। আধাঘণ্টাও বহি পঢ়ি থাকিব নোৱাৰোঁ। উশাহ ল’ব নোৱাৰো। টানি টানি উশাহ উলিয়াই আনিব লাগে। আধা ঘণ্টা পঢ়িলে আধা ঘণ্টা শৰীৰটোক বিৰাম দিব লাগে। কেতিয়াবাতো পঢ়ুৱাবলৈ আহি এক ঘণ্টাও বহি থাকিব লাগে। কেতিয়াবা নপঢ়ুৱাকৈ উভতি যাব লাগে।

 মনৰ জোৰ থাকিলেও শৰীৰৰ ওচৰত পৰাস্ত হওঁ মই সঘনে। শীতৰ দিনত শৰীৰটো একেবাৰে লেবেজান হৈ পৰে। উশাহ ল’বলৈ বৰ কষ্ট হয়। মাতটো বহি যায়। বিষবিলাকে চেপি-খুন্দি মাৰে। গৰম পানীৰ বেগ দি শৰীৰত উত্তাপ আনিব লাগে। শৰীৰত উত্তাপ থাকিবলৈ দিনটোৰ বেছিভাগ সময়েই ৰ’দত বহুৱাই থয়। জুই পুৱাই থাকি হাত দুখনত তাপ ল’বলৈ গধুলি টেবুল লেম্পটো জ্বলাই আনি বিছনাত দিয়ে।

 ঠাণ্ডাৰ দিনকেইটাৰ টিউচনত অঞ্জন ছাৰে প্ৰায়ে পঢ়ুৱাবলৈ আহি মই উশাহ ল’ব নোৱৰা যেন দেখিলেই মোক ৰ’দত গৈ বহি আহিবলৈ কয়। তেখেতে মোৰ শৰীৰৰ যন্ত্ৰণা অনুভৱ কৰিব পাৰিছিল। এজন হৃদয় থকা শিক্ষক।

 প্ৰৱেশিকা পৰীক্ষাৰ আগেতে হোৱা টেষ্টটোলৈকে মোৰ ফাইনেল পৰীক্ষা দিয়াটো ঠিৰাং হোৱা নাছিল। মায়ে প্ৰধান শিক্ষক অনুৰোধ কৰি টেষ্ট পৰীক্ষাটো

১৫০