তেতিয়া সিহঁতৰো দুখত ‘অন্তৰ’ ফাটি যায়। উপায়হীন সিহঁতো। খুৱাবই লাগিব। মোক ভাল কৰিবই সিহঁতে।
এনেদৰে হৃদয় ক’লা পৰা যন্ত্ৰণাই তিনি সপ্তাহ পিষ্ট কৰি থকাৰ পিছত-
এদিন গুৱাহাটীৰ পৰা আমাৰ সম্পৰ্কীয় দাদা এজনৰ লগত বন্ধু এজনো আহিল। গাড়ীত আহি থাকোঁতে লগত অহা মানুহজনক সম্পৰ্কীয় দাদা জনে মোৰ কথা কোৱাত এবাৰ মোক লগ পাই যাব বিচাৰিলে।
লগত অহা মানুহজনে চিনা-পৰিচয় হোৱাৰ পিছত মই কি ঔষধ বৰ্তমান খাই আছোঁ বুলি সুধিলে। মায়ে মই খাই থকা ঔষধকেইটা মানুহজনৰ হাতত তুলি দিলে।
মানুহজনে কেপচুল কেইটা হাতত লৈ বৰকৈ চিঞৰি ক’লে— এয়া কেপচুল কোনে খাব দিছে? এয়া ‘ড্ৰাগছ’ খোৱা মানুহে খাই। এয়া খাওঁতে খাওঁতে তাই ‘পাগলী’ হৈ যাব। চুলি সৰি যাব। কি মাৰাত্মক ঔষধ খুৱাই আছে!
সেইদিনাৰ পৰা মোৰ ঔষধ খোৱা বন্ধ কৰা হ’ল। মোক যমৰ যাতনাৰ পৰা পৰিত্ৰাণ দিলে মানুহজনে আহি।
তেতিয়ালৈকে মোৰ চুলি সৰি তালু ওলাই গৈছিল। চুলি আঁচুৰিলে মূৰৰ পৰা দীঘল চুলিখিনি একোছা একোছা কৈ খহি আহি আহি টকলা হৈ গৈছিলোঁ। কেইডালমানহে চুলি মূৰত লাগি আছিল।
৯০