পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 লাহে লাহে সন্ধিয়া নামি আহিল। মই ভৰি ধুব গৈ পিছফালৰ দমকলৰ পৰা ঘৰৰ ভিতৰলৈ আহিবলৈ শক্তি নোহোৱা হ'ল। মাক মাতি মোক ভিতৰলৈ ধৰি লৈ আহিবলৈ ক'লোঁ। মায়ে মোক ধৰি ধৰি আনি বিছনাত শুৱাই দিলে।

 ক্ৰমশঃ মোৰ ভৰি দুখন জঠৰ হৈ পৰিল। প্ৰস্ৰাব বন্ধ হৈ গ'ল। দেউতাৰ বৰমাক, আমাৰ আশী বছৰীয়া আইতাই হাতত লাখুটি ডাল লৈ আহি নিশা টুলখনতে বহি মোক কৈ থাকিল- ‘অকণমান প্ৰস্ৰাৱ কৰি দে পেটটো ভাল পাবি। মা আৰু বায়ে বিছনাৰ কাষতে পাত্ৰ এটা পাৰি দি থিয় কৰাই প্ৰস্ৰাৱ কৰিব দিলে।

 নাই প্ৰস্ৰাৱ নহয়। ভৰি দুখনৰ আঁঠু দুটা থিয় হৈ নাথাকে, বেঁকা হৈ যায়।

 কি হ’ল অকস্মাত?

 পুৱা ওচৰৰ হাস্পতালৰ ডাক্তৰজনক মাতি আনিলে। ডাক্তৰে কেথেটাৰেৰে প্ৰস্ৰাৱ বাহিৰ কৰিলে। লগতে মোক সোনকালে গুৱাহাটীৰ ‘ইষ্টিটিউট অব নিউৰ'লজিকেল ছায়েঞ্চ’লৈ যাব ক’লে। গাড়ী এখন ভাড়া কৰি মোক লৈ গ'ল গুৱাহাটীলৈ। ঘৰত বেছি টকা নথকাত আমাক সেই সময়ত টিউশ্যন লৈ থকা ঘৰুৱা শিক্ষকজনে পাঁচ হাজাৰ টকা ক'ৰবাৰ পৰা আনি আমাৰ লগত যাবলৈ ওলাল।

 হাস্পতাল পোৱাৰ পিছত ডাক্তৰে মাক ক'লে— “আপোনালোকৰ ছোৱালীক আৰু দহ মিনিট যদি পলম হ’লহেঁতেন আমি বচাব নোৱাৰিলোঁ হয়।

 তেতিয়ালৈকে মোৰ শৰীৰটো ভৰিৰ ফালৰ পৰা জঠৰ হৈ হৈ বুকু পাইছিলহি।

 ২৫ ফেব্ৰুৱাৰী৷ পুৱা সাৰ পাই চকু মেলি দেখোঁ মই থকা হাস্পতালৰ কোঠাটোৰ সন্মুখৰ ঠাইখিনি ৰ'দৰ পোহৰে উজলাই তুলিছে। তাৰ বিপৰীতে ডাক্তৰে আহি মোক জনালে- মোৰ জীৱনত পুৱাৰ পোহৰৰ বিপৰীতে আন্ধাৰে আৱৰিছে। খোজবিহীন এটা অবাঞ্ছিত , অদাহ্য জীৱনৰ প্ৰথম পুৱাতে অনুভৱ কৰিলোঁ।

 ‘শিল’ হৈ পৰিছিলোঁ।

 জীৱনৰ আৰম্ভণিতে সাঁজ লাগিল। নিয়তিৰ নিৰ্মম পৰিহাসত বিধ্বস্ত হৈ পৰিল অৰুণিম জীৱন। নিস্পৃহ অনুভৱৰ অস্থিৰতাই হৃদয়খন ৰুকিছিল।

 সেই অমংগলীয়া দিনটোৱে কাঢ়ি নিলে মই দেখা সপোন, মোৰ মুখৰ হাঁহি, মোৰ স্কুলৰ কিতাপ।

 ভবা নাছিলোঁ ভৰ-দুপৰ নহওঁতেই এনেদৰে বেলি মাৰ যাব বুলি।

 ভবা নাছিলোঁ জীৱনলৈ এনেদৰে “দুখ’ নামি আহিব পাৰে বুলি।

 আগদিনালৈকে দৌৰি ফুৰা ভৰি দুখন এনেদৰে জঠৰ হৈ যাব পাৰে বুলি।

 পিছদিনাখন হাস্পতালৰ ফিজিঅ' থে’ৰাপিষ্টজনে আহি মোৰ উদাসীন

৪৭