সমললৈ যাওক

পৃষ্ঠা:মই যন্ত্ৰণা জয় কৰাৰ পণ লৈছোঁ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুই থাক কালিলৈ থৈ আহিম। মোৰ কোমল মনটোৱে পিছদিনা মাক লগ পাম বুলি ভাবি ভাবি টোপনি যাওঁ।

 পুৱা হোৱাৰ পিছত জেঠায়ে আকৌ কয়— আজিও যাব নোৱাৰিম। থাক দে। কালিলৈ থৈ আহিম।

 নহ’ব, মোক এতিয়াই থৈ আহিব লাগিব বুলি মই কান্দিবলৈ ধৰিলোঁ—

 জেঠায়ে খঙতে ক’লে— ‘কি ভাল এজনী ডিঙিৰ হাৰমাল চপাই ল’লোঁ মই। ধানো কাটিব লাগে। তাইক থ’বলৈ যাবও লাগে। বায়েকজনীৰ চাচোন একো আপত্তিয়ে নাই। তাইৰহে খোৱাত আপত্তি, থকাত আপত্তি, সকলো ফালে আপত্তি। ডাঙৰ ‘গলগ্ৰহ’ এটা গোটাই ল’লোঁ— এই ধান কটাৰ দিনত।

 মই বহি বহি কান্দিয়ে আছিলোঁ।

 জেঠায়ে এইবাৰ মোক ফুচুলাবলৈ ধৰিলে—আজি আমাৰ চাৰিআলিত ‘চাৰ্কাছ’ আহিব। আবেলিৰ পৰা দেখুৱাব। তই ইহঁতকেইটাৰ লগত চাবলৈ যাবি দে। তাত হাতী, ঘোঁৰা আদি জন্তুৱে কিবা কিবি কৰিব, মানুহে যাদু দেখুৱাব, চাই ভাল পাবি। নাকান্দিবি দে এতিয়া। খেলি থাক এতিয়া, আবেলি চাৰ্কাছ চাবলৈ যাবি।

 মই লগে লগে কন্দা বন্ধ কৰি চকুপানী মচি মিচিকিয়াই হাঁহিলোঁ আৰু মুখেৰে উচ্চাৰণ কৰিলোঁ - ‘যাদু’!

 আমিকেইটা আবেলি সময়ত ‘যাদু’ চাবলৈ গ’লোঁ। প্ৰথমবাৰৰ কাৰণে স্বচক্ষে যাদু দেখিলোঁ। হাতী লৈ যাদু দেখুৱাইছে, এডাল ৰছীৰ ওপৰেদি চাইকেল চলাই গৈছে, মুখৰ ভিতৰৰ পৰা ৰঙা-ক’লা দীঘল দীঘল ৰিবন উলিয়াই দিছে।

 কি চমৎকাৰ দৃশ্য! স্ফূৰ্তিত মোৰ আনন্দৰ সীমা নোহোৱা হ’ল। তাতকৈ আৰু বেছি ভাল লাগিছিল বাঁহৰ খাপ খাপকৈ ওখকৈ বনোৱা বাঁহৰ আসন ‘গেলাৰিত’ বহি চাবলৈ পাই। ওপৰত বহি তলৰ মানুহখিনিক চাই বহু মজা লাগিছিল।

 ৰাতি শোৱাৰ সময়ত আকৌ একেই কান্দোন। ঘৰত যাওঁ, ঘৰত যাওঁ। জেঠায়ে -কালিলৈ থৈ আহিম। এনেদৰে ফুচুলাই, কন্দুৱাই মোক এসপ্তাহ ৰাখিলে।

 ক’বলৈ গ’লে জেঠাই মোক লৈ উপায়হীন হৈছিল।

 আনৰ ঘৰত দিনটোৰ কাৰণে কাম কৰে, গতিকে তেওঁ গৰাকীৰ ওচৰত বাধ্য আছিল। আৰু তেওঁ যদি গৰাকীৰ ঘৰত কাম নকৰে, ঘৰত থকা তেওঁৰ ল’ৰা- ছোৱালীকেইটাৰ পেটত খুদকণ এটাও নপৰে। ঘৰত থকা ল’ৰা-ছোৱালীকেইটাক খুৱাবৰ বাবে জেঠাই প্ৰতিদিনে মানুহৰ ঘৰত কাম কৰিবলগীয়াত পৰিছিল। সেই

বয়সতে দৰিদ্ৰৰ জুই দেখিছিলোঁ জেঠাইৰ ঘৰত। উপলব্ধি কৰিছিলোঁ ভোকাতুৰ

৬০