সমললৈ যাওক

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি

ৱিকিউৎসৰ পৰা
 
 

[ বেটুপাত ]
 

আমাৰ ঘৰৰ স্কুলখনত কোনো পাঠ্যক্ৰম
অনুসৰি পঢ়োৱা হোৱা নাছিল। এফালে
হয়তো ভালকৈ পঢ়িবই নাজানো,
আনফালে বিশ্বৰ মানচিত্ৰখন হ'লে
ভালকৈয়ে চিনাকি। পঢ়া কোঠাৰ
বেৰত ওলোমাই ৰখা হৈছিল বিভিন্ন
মহাদেশৰ মানচিত্ৰ। আমাক দেউতাই
শিকাইছিল মেপ ৰিডিং কৰিবলৈ।
তেতিয়াৰে পৰা আজিলৈ কল্পনাৰ
ঘোঁৰা চেকুৰাই মই দেশে-বিদেশে
ঘূৰি-ফুৰিছো। মেপখন থাকে চকুৰ
আগত। কেতিয়াবা যাওঁ সুমেৰুলৈ,
কেতিয়াবা কুমেৰুলৈ। কেতিয়াবা
ট্ৰেন্স চাইবেৰিয়ান ৰে'লত উঠি
মস্কোৰ পৰা যাওঁ পিকিঙলৈ (আজিৰ
বেইজিং), কেতিয়াবা জাহাজেৰে লণ্ডন
হৈ আমেৰিকালৈ।

   : ড° অনিমা গুহৰ উপন্যাসোপম
জীৱন কাহিনী (প্ৰথম খণ্ড) জীৱনৰ
‘জোৱাৰ ভাটাৰ মাজেদি’ৰ পৰা

 

[ প্ৰথম পৃষ্ঠা ]
 

জীৱনৰ
জোৱাৰ-ভাটাৰ
মাজেদি
(প্ৰথম খণ্ড)

 

ড॰ অনিমা গুহ

 
 

[ প্ৰকাশন ]

Jibanar Jowar-Bhatar Majedi :An autobiography (1st Part) of Dr. Anima Guha in Assamese, edited by Sabita Lahkar and Published by Binu Deuri Baruah, Banphool Prakashan, R. G. Baruah Road, Guwahati-3. First Edition: November, 2009   Price: Rs. 140.00


 

  © লেখক


প্ৰকাশক : বিনু দেউৰী বৰুৱা
  বনফুল প্ৰকাশন
  আৰ জি বৰুৱা ৰোড
  গুৱাহাটী-৩


ই-মেইল : banphoolprakashan@rediffmail.com


সম্পাদনা : সবিতা লহকৰ


প্ৰথম প্ৰকাশ : নৱেম্বৰ, ২০০৯


প্ৰচ্ছদ  : মনজিৎ ৰাজখোৱা


অংগসজ্জা : বনজিৎ কলিতা


মূল্য  : ১৪০.০০ টকা

ISBN  : 978-81-909523-0-9

 

মুদ্ৰক : ভবানী অফ্‌ছেট এণ্ড ইমেইজিং চিষ্টেমছ প্ৰাঃ লিঃ
 গুৱাহাটী-৭৮১০০৭

[ উছৰ্গা ]
 

উৎসৰ্গা

দুই আতা : গৌৰমোহন দাস আৰু কেশৱ চন্দ্ৰ চৌধুৰী

আৰু

দুই আবু : যমুনা সুন্দৰী দাস আৰু সাবিত্ৰী চৌধুৰীৰ

পবিত্ৰ স্মৃতিত...

 

[  ]

মোৰ জন্ম

বিনন্দীয়া এই ধৰালৈ মোৰ আগমন ঘটিছিল ১৯৩২ চনৰ ২৬ মাৰ্চ তাৰিখে। মইনো কোন যে মোৰ আগমনৰ বাৰ্তা ঢোলপিটি জনাজাত কৰিবলগীয়া হ'ল! এই বিৰাট বিশ্বত নিতৌ ওপজে হেজাৰ হেজাৰ শিশু। ময়ো তাৰে মাজৰ এজন। মোৰ এই গতানুগতিক ধুলিকণাসম জীৱনটোৰ বিষয়ে কিনো লিখিম? মোৰ জীৱনী পাঠ কৰি কাৰনো কি লাভ হ’ব? কেৱল সময় নষ্ট! পিছে মোৰ কেইগৰাকীমান শুভাকাংক্ষীয়ে লেঠা লগালে। আজি বহুদিনৰে পৰা সুলেখিকা নিৰুপমা বৰগোহাঞিয়ে মোক হেঁচা দি আছে নিজৰ বিষয়ে লিখিবলৈ। মনে মনে আছিলো। তাৰপিছত এজন এজনকৈ কেইবাজনেও হেঁচা দিবলৈ আৰম্ভ কৰিলে। সৰ্বশেষ হেঁচা পালো ‘আজৰি’ আলোচনীৰ সম্পাদক সবিতা লহকৰৰ পৰা। এওঁলোক নাচোৰবান্দা। চীনাজোকৰ দৰে বুলি ক'লেও হয়।

 নিজৰ বিষয়ে লিখিবলৈ উল্লেখযোগ্য একো নথকাৰ বাবে অতীতৰ কিছু কথা সোঁৱৰণ কৰিবলৈ চেষ্টা কৰিম। সিও বৰ স্পষ্ট হ’ব যেন নালাগে। কিয়নো স্মৃতিৰ ভিত্তিতহে লিখিব লাগিব। স্মৃতিয়েও কৰে কেতিয়াবা বিশ্বাসঘাতকতা, বিশেষকৈ জীৱনে যেতিয়া পাৰ কৰে পয়সত্তৰটা বসন্ত। চন-তাৰিখত খেলিমেলি লাগিলে ক’বলগীয়া কথাবোৰতো আউল লাগে। দূৰদৰ্শী মানুহে নিয়মীয়াকৈ বাল্যকালৰ পৰা দিনলিপি লিখে। মোৰো এই অভ্যাস নাছিল বুলি নকওঁ। আমাৰ যুগত আজিৰ দৰে ধুনীয়া ধুনীয়া ডায়েৰী আছিল দুৰ্লভ, বিশেষকৈ মই ডাঙৰ হোৱা সৰু ঠাইখনত কিশোৰী বয়সত দিস্তা কাগজ চিলাই স্কুলত ব্যৱহাৰ কৰা নোটবহীতে দিনলিপি লিখিছিলো। পিছে নতুন বছৰৰ প্ৰথম কিছুদিন অতি উৎসাহেৰে পৃষ্ঠা [  ] ভৰাই লিখাৰ পিছত ফেব্ৰুৱাৰী পায় মানে আঠাইশদিনীয়া মাহটোৰ দৰে দিনলিপিও চুটি হ'বলৈ ধৰে। অৱশেষত বছৰটো শেষ নৌহওতে সেইফেৰা কামত যতি পৰে। অৱশ্যে নতুন বছৰত নতুন উৎসাহেৰে আকৌ দিনলিপি লিখাত মন দিওঁ এনেদৰে প্ৰতিজ্ঞাবদ্ধ হৈ যে, এতিয়াৰে পৰা এটা দিনো বাদ নপৰিব। পিছে প্ৰতিবছৰে প্ৰতিজ্ঞা ভংগ কৰিবলগীয়া হওঁ। এটা ঘটনাই অৱশেষত দিনলিপি লিখাৰ পৰা মোক মুক্তি দিলে চিৰদিনলৈ। ঘটনাটো আছিল লাজলগা আৰু ভয়লগাও। চৰিত্ৰত চেকা লাগিবৰ ভয়। তেতিয়া আছিল মোৰ কৈশোৰৰ পৰা যৌৱনলৈ প্ৰমোচন পোৱাৰ বয়স। মন নামৰ অদৃশ্য বস্তুটোৰ গাত কল্পনাৰ ডেউকা লগাই উৰি ফুৰাৰ বয়স। আমাৰ এজন চুবুৰীৰ সম্পৰ্কত ভিনিহিয়ে এদিন ডায়েৰীৰ পাতত মই লিখা কেইটামান শাৰী সলসলীয়াকৈ গাই যোৱাৰ পিছত মোৰ মূৰত জাপানী বোমা এটা বিস্ফোৰণ হোৱা যেন পালো। সেই সময়ত দ্বিতীয় বিশ্বযুদ্ধই মেদিনী কপাই তুলিছিল। ভাৰতৰ পূব প্ৰান্তত জাপানী আক্ৰমণ চলি আছিল, বোমাৰ আঘাতৰ পৰা হাত সাৰিবলৈ ঘৰে ঘৰে ট্ৰেঞ্চ খন্দা হৈছিল। ভিনিহিয়ে পাঠ কৰা বাক্য কেইশাৰী শুনি ট্ৰেঞ্চত জাপ মাৰিবৰ মন গ'ল। ভাবি নাপালো মোৰ টেবুলত ৰখা ডায়েৰীখন ভিনিহিয়ে পালে কেনেকৈ? সুধিবও নোৱাৰো। লাজতে ৰঙা পৰা মুখলৈ চাই ভিনিহিয়ে ক’লে— ‘পাৰ্ছনেল ডায়েৰী’ আনে ঢুকি নোপোৱাকৈ ৰাখিব লাগে।’ কথাষাৰ বুজিলো ঠিকেই, কিন্তু আমাৰ অন্দৰ মহলৰ পৰা ডায়েৰী চুৰ কৰিলে কোনে? দেউতা-মা-বাইদেউয়ে পালে কাকো নিদিয়ে নিশ্চয়। অৱশেষত সুধিয়ে পেলালো তেওঁক। পুৰণি বাতৰি কাকত, কিতাপ-বহী আদি কিনা মানুহৰ— কলকাতাত যিসকলক কোৱা হয় বিক্ৰিৱালা বা ৰদ্দীৱালা— পাচিত হেনো পাইছে। আজিলৈকে নেজানিলো ভিনিহিয়ে পাচিটো খুচৰিছিল কিয়? নে মানুহৰ চকুৰ আঁৰত অৱসৰ সময়ত তেওঁ ঠোঙা বান্ধি বেচিছিল। কথাষাৰ ৰহস্য হৈয়ে থাকিল। আনটো প্ৰশ্ন মনত জাগিল কোনে মোৰ ডায়েৰীখন বেচিলে। সন্দেহ বৰ্তিল সহায়কাৰী ল'ৰাটোৰ ওপৰত। খাতা-বহী বেচি হয়তো সি দুটামান পইচা আৰ্জিছিল। স্বীকাৰ নকৰিলেও মই নিশ্চিত সেইফেৰা কাম কৰিছে সিয়েই। তাক ধমকি দিছিলো যদিও মা-দেউতাৰ আগত তাৰ বিৰুদ্ধে নালিচ কৰিব পৰা নাছিলো ডায়েৰীত লিখা কথাষাৰ চিচিংফাঁক হোৱাৰ ভয়ত। কিনো এনে ভয়ংকৰ কথা লিখা হৈছিল যে কঁপি কঁপি মৰিবলগীয়া হৈছিলো? আজিৰ যুগৰ দৃষ্টিভংগীমতে কথাষাৰ তেনেই পনীয়া, কিন্তু তেতিয়াৰ মতে চৰিত্ৰহীনতাৰ লক্ষণ। বান্ধৱীহঁতৰ ঘৰলৈ ফুৰিবলৈ অহা তাইৰ সুদৰ্শন মোমায়েকজনক দেখি মনটো ভাল লাগিছিল বুলি লিখিছিলো। বচ্ এয়েই। ভিনিহিয়ে সেই পৃষ্ঠাটো দেখুৱাই মোক ব্লেকমেইলিং কৰাৰ ভয়ত বহুদিন তেওঁলোকৰ ঘৰৰ আগেৰে অহা-যোৱা কৰা নাছিলো। যি কি নহওক, সিদিনাৰে পৰা দিনলিপি লিখা বন্ধ কৰিলো। দুখ লাগে অতি সাধাৰণ কথা এটাৰ বাবে ভাল অভ্যাস এটা জলাঞ্জলি দিলো। সেই বয়সত বিপৰীত লিংগৰ কোনোবা ধুনীয়া মানুহক দেখিলে ভাল লগাটো স্বাভাৱিক। আজিও অনেকৰ ধাৰণা ভাল লগাটো চৰিত্ৰহীনতাৰ লক্ষণ, বিশেষকৈ ছোৱালীৰ। নিজৰ জীৱন বৈচিত্ৰ্যহীন হ'লেও চন-তাৰিখেৰে সমসাময়িক ঘটনাবোৰ নিয়াৰিকৈ লিখিব পাৰিলোহেঁতেন। এতিয়া মনত খাজি থোৱা কথাবোৰ হয়তো ধাৰাবাহিকভাৱে লিখা [  ] সম্ভৱ নহ'ব। সত্যজিৎ ৰায়ৰ পত্নী বিজয়া ৰায়ে স্বামীৰ জীৱনীখন লিখোতে দিনলিপিৰ সহায় লৈ লিখা বাবে বিশ্ববন্দিত ব্যক্তিগৰাকীৰ জীৱনৰ এটা কথাও বাদ পৰা নাই, লগতে সমসাময়িক ঘটনাবোৰো সন্নিৱিষ্ট কৰাত বহু নজনা কথা জানিব পাৰিলো। আমাৰ ব্যক্তিগত জীৱনৰ বিষয়ে একো লিখিবলগীয়া নাই, কিন্তু এই সুদীৰ্ঘ কালছোৱাত সমাজত ঘটি থকা ঘটনাসমূহৰ চিত্ৰ এখন আগবঢ়াব পাৰিলোহেঁতেন। তথাপি চেষ্টা কৰি চাওঁচোন পাৰো নেকি!

 মই উপজিছিলো পৰাধীন ভাৰতত। মোৰ জন্মৰ ৯ বছৰ আগতে ১৯২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত হৈছিল অসহযোগ আন্দোলন। তেতিয়া বুজি নেপালেও জ্ঞান হোৱাৰ পিছৰে পৰা এইবোৰ কথা শুনি আহিছো মা, আবুহঁতৰ মুখতো। আমাৰ মা গোৱালপাৰা চহৰৰ ছোৱালী। তেতিয়া তেওঁৰ ৯-১০ বছৰ। স্বাধীনতা যুদ্ধৰ কিশোৰী সেনা। তেওঁলোকে হেনো বিলাতত তৈয়াৰী কাপোৰ জুইত জাহ দিছিল। গোৱালপাৰা চহৰৰ মাজমজিয়াত মণিকান্ত দাসৰ নেতৃত্বত অনুষ্ঠিত বিলাসী সামগ্ৰী ধ্বংসযজ্ঞত। তেতিয়াৰ দিনত আমাৰ দেশত আজিৰ দৰে ভাল ভাল কাপোৰৰ উৎপাদন নহৈছিল। সকলো আহিছিল বিলাতৰ পৰা। মাহঁতে গান্ধীজীৰ আহ্বানত উদ্বুদ্ধ হৈ বিলাতী সামগ্ৰী পুৰিছিল। বৰ্তমান যুগত আকৌ আমাৰ দেশতে উৎকৃষ্ট বয়-বস্তু পোৱা সত্ত্বেও মানুহে ‘ফৰেইন'ৰ বস্তুহে ভাল পায়। এতিয়া অৱশ্যে বিশ্বায়নৰ ফলত সকলো বস্তুৱে ইয়াত পাওঁ, লাগে কেৱল টকা। তথাপি বিদেশৰ মাটিত কিনা বস্তুই যেন মানুহৰ মৰ্যাদা বৃদ্ধি কৰে— বহুতে তেনেদৰে ভাবে।

  মহাত্মা গান্ধীয়ে আশা কৰিছিল এবছৰৰ ভিতৰতে ভাৰত স্বাধীন হ’ব। অসমত সেই সময়ত অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল চন্দ্ৰনাথ শৰ্মা, নবীন চন্দ্ৰ বৰদলৈ, তৰুণৰাম ফুকন প্ৰমুখ্যে জ্যেষ্ঠ নেতাসকলে। গোপীনাথ বৰদলৈ আৰু তৈয়বুল্লা চাহাব আছিল কনিষ্ঠৰ দলত। আন্দোলনৰ সময়ত চৌৰিচুৰাত কেইজনমান আন্দোলনকাৰীয়ে এখন আৰক্ষী থানা ঘেৰাও কৰি এঘাৰজন পুলিচক জুইত পুৰি মাৰে। অহিংসাত আজীৱন বিশ্বাসী গান্ধীজীয়ে অত্যন্ত দুঃখিত হৈ দুবছৰৰ ভিতৰতে এই আন্দোলন প্ৰত্যাহাৰ কৰে। তেওঁৰ সিদ্ধান্তক ঘাইকৈ সমালোচনা কৰে সুভাষ চন্দ্ৰ বসু, চন্দ্ৰনাথ শৰ্মা আৰু বল্লভভাই পেটেলে। সাম্ৰাজ্যবাদী স্কুলত নপঢ়িবলৈ গান্ধীজীয়ে সেই সময়ত আহ্বান কৰাত বহু ছাত্ৰই স্কুল ত্যাগ কৰিছিল। পিছত তেওঁ নিজৰ এই কাৰ্যক Himalayan Blunder কৰা বুলি স্বীকাৰ কৰিছিল।

 আমাৰ আবুই কৈছিল ১৯২১ চনত তেওঁৰ জ্যেষ্ঠ পুত্ৰ অৰ্থাৎ আমাৰ দেউতা গিৰীন্দ্ৰ মোহন দাসে কটন কলেজৰ পৰা বি এ পাছ কৰি স্কুল এখনত শিক্ষক হিচাপে যোগদান কৰিছিল। কোন স্কুলত সঠিক মনত নাই যদিও মোৰ ধাৰণা গোৱালপাৰা হাইস্কুলতে নিযুক্তি পাইছিল তেওঁ। তাৰপিছত অৱশ্যে তেওঁ বিজনী ৰাজ এষ্টেটৰ খুটাঘাট পৰগণাত ছাব মেনেজাৰ হিচাপে যোগদান কৰে। একে সময়তে এষ্টেটখনৰ হাবৰাঘাট পৰগণাত একে পদত নিযুক্তি পায় সুৰেন্দ্ৰ মোহন দাসে। এওঁ পিছত কটন কলেজত ইংৰাজী বিভাগত অধ্যাপক হিচাপে যোগ দিছিল। ১৯৪৭ চনত অলপ দিনৰ বাবে সেই কলেজত আমাক ছাত্ৰী হিচাপে পাইছিল তেওঁ। তেওঁক আমি ঘাইকৈ জানো টলষ্টয়ৰ সাধুৰ অনুবাদক [ ১০ ] হিচাপে। উল্লেখযোগ্য যে সুৰেন্দ্ৰ মোহন দাসৰ জীয়েকৰ ফালৰ নাতিনী বৰ্তমানৰ স্বনামধন্য গায়িকা সংগীতা কাকতী। এইবোৰ ১৯২৫-২৬ চন মানৰ কথা। দেউতাৰ মৃত্যুৰ পিছত তেওঁৰ ফাইলৰ একেখন কাগজতে দিয়া দুয়োগৰাকীৰ নিযুক্তিপত্ৰখন পাইছিলো। তেতিয়াৰ দিনত তেওঁলোকৰ মাহিলী দৰমহা আছিল দুশ টকাকৈ। কি যে সস্তাৰ দিন আছিল তেতিয়া! দুশ টকা দৰমহা পোৱা সুপাত্ৰৰ বাবে ছোৱালীৰ আকাল নাছিল। তাতে গ্ৰেজুৱেট পাত্ৰ। অৱশেষত গোৱালপাৰা হাইস্কুলৰ শিক্ষক কেশৱ চন্দ্ৰ চৌধুৰীৰ বৰজীয়ৰী চৈধ্য বছৰীয়া পৰমা সুন্দৰী নীহাৰিকাৰ সৈতে দেউতাৰ বিবাহ হয়। শুনা কথাবোৰ লিখি নৰখা কাৰণে সঠিক তাৰিখ দিয়া অসম্ভৱ হৈছে। সেইবাবে আন্দাজ কৰিয়ে কওঁ তেওঁলোকৰ বিয়া হৈছিল ১৯২৫-২৬ চন মানত।

 দম্পতীহালৰ পাঁচজনী ছোৱালীৰ ভিতৰত বাইদেউ অনিতাৰ পিছত মোৰ জন্ম। কুৰি বছৰ বয়সতে মা দুজনী ছোৱালীৰ মাতৃ। মই ওপজাৰ তিনি মাহমান আগতে দেউতাৰ কাজিন ডাঃ ভূৱন চন্দ্ৰ দাসৰ পত্নী অৰ্থাৎ আমাৰ খুড়াদেউৰ এটা ল’ৰা হৈছিল। বাইদেউ অনিতা সেই সময়ত তিনি বছৰীয়া ছোৱালী। ভাই এটা হোৱা শুনি তাইৰ বিৰাট খং। তেতিয়াই তাই চৰমপন্থী নাৰীবাদী, পুৰুষ ঘৃণাৰ পাত্ৰ! পাৰিলে কেঁচুৱাটোক পেলাই দিয়াৰ ইচ্ছা। সকলোৰে চিন্তা হ’ল। তিনি মাহমান পিছত খুড়াহঁত তেওঁৰ কৰ্মস্থলীলৈ যাব, কিন্তু মাৰ যদি ল’ৰা এটা হয় অৰ্থাৎ মই যদি ল’ৰা হওঁ তাই হয়তো বিছনাৰ পৰা কোনোবা মুহূৰ্তত ঠেলা মাৰি মোক বগৰাই দিব। ভাবি-চিন্তি কোনোবাই পৰামৰ্শ দিলে ভাইটিটোৰ কেথাৰ তলত লজেন্স-বিস্কুট ৰাখিবলৈ। পুৰুষবিদ্বেষীজনীয়ে যাতে ভাবে ভাইবোৰে বজাৰৰ পৰা ভাল ভাল খোৱা বস্তু আনি দিব পাৰে। লজেন্স-টফী আদি দেখি আঁকৰীজনীৰ ভাতৃপ্ৰেম উথলি উঠিছিল। ভাগ্যে উঠিছিল, নুঠা হ’লে ছাগৈ তাইৰ চাৰিটাকৈ পুত্ৰক দলিয়াই দিলেহেঁতেন।

 এইখিনিতে থুলমুলকৈ বিজনী ৰাজবংশৰ কথা চমুকৈ কৈ থওঁ। দেউতা এইটো বংশৰ চাকৰিয়াল হিচাপে চাকৰিত যোগ দিয়াৰ কথা কোৱা হৈছে। মহাৰাজ নৰনাৰায়ণৰ মৃত্যুৰ পিছত কোচ ৰাজ্যৰ পূব অংশত তেওঁৰ ভায়েক চিলাৰায়ৰ পুত্ৰ ৰঘুদেৱে ৰাজত্ব কৰে। অবিভক্ত গোৱালপাৰা জিলাৰ বিজনী ৰাজ এষ্টেটৰ ৰজাসকল ৰঘুদেৱৰ বংশধৰ। এষ্টেটখনৰ ৰাজধানী অভয়াপুৰীৰ পত্তন ঘটাইছিল স্বনামধন্য ৰাণী অভয়েশ্বৰীয়ে। তেওঁ আছিল ৰজা কুমুদ নাৰায়ণৰ দ্বিতীয়া পত্নী। নিঃসন্তান কুমুদ নাৰায়ণৰ মৃত্যুৰ পিছত সিংহাসনক লৈ বহু পানী ঘোলা হয়। দুয়োগৰাকী ৰাণীৰ মাজত হাই-কাজিয়া, চুলিয়া-চুলি পৰ্যন্ত হৈছিল। অৱশেষত কাজিয়া গৈ পালে কোৰ্ট-কাছাৰী। ডাঙৰগৰাকী ৰাণী সিদ্ধেশ্বৰীৰ মৃত্যু হোৱাত নিষ্কণ্টক অভয়েশ্বৰী ৰাজপাটত বহিল। বৰ্তমানে অভয়াপুৰীত থকা ৰজাবাৰী নামৰ প্ৰাসাদটো নিৰ্মাণ কৰাইছিল ৰাণী অভয়েশ্বৰীয়ে। আৰ্কিটেক্ট আহিছিল চীনদেশৰ পৰা। ৰাণীগৰাকীৰ দেৱান আছিল দেশবন্ধু চিত্তৰঞ্জন দাসৰ শহুৰেক বৰদা হালদাৰ। অভয়াপুৰীৰ বাট এটাৰ দুয়োকাষে থকা দেৱদাৰু গছবোৰ ৰোৱাইছিল বৰদা হালদাৰে। ১৯১৮ চনত অভয়েশ্বৰীৰ মৃত্যুৰ পিছত তেওঁৰ তোলনীয়া পুত্ৰ যোগেন্দ্ৰ নাৰায়ণ নামতহে ৰজা হয়, কাৰণ তেওঁ [ ১১ ] আছিল মানসিকভাৱে প্ৰতিবন্ধী। ৰাজ্য চলোৱাত অসমৰ্থ হোৱা হেতুকে তেওঁৰ হৈ অসম চৰকাৰে ৰাজ্যখন চলাইছিল। যোগেন্দ্ৰ নাৰায়ণৰ সময়তে দেউতাই খুটাঘাট পৰগণাত কামত যোগ দিছিল। তেওঁৰ হেডকোৱাৰ্টাৰ আছিল কোকৰাঝাৰত।

 অপুত্ৰক যোগেন্দ্ৰ নাৰায়ণৰ মৃত্যুৰ পিছত তেওঁলোকৰ বংশৰে ভৈৰবেন্দ্ৰ নামৰ যুৱক এজনক সিংহাসনত উপবিষ্ট কৰোৱা হয়। ৰজা হোৱাৰ পিছত তেওঁ ভৈৰবেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ নামেৰে জনাজাত হয়। পিছত অসম চৰকাৰে এস্টেটৰ শাসনভাৰ ৰজা বাহাদুৰৰ ওপৰত ন্যস্ত কৰে।আমি যেতিয়া সাত-আঠ বছৰীয়া বালিকা, মোৰ মনত পৰে ৰজাগৰাকী আহিছিল কোকৰাঝাৰ অঞ্চল পৰিদৰ্শন কৰিবলৈ। আমাৰ নিস্তৰংগ জীৱনত এই ঘটনাই উন্মাদনাৰ সৃষ্টি কৰিছিল। ৰজাক আদৰিবলৈ প্ৰতিদিনে আমাক আমাৰ সৰু মাহী কোহিনুৰে নাচ-গানৰ প্ৰশিক্ষণ দিব ধৰিলে। বাইদেউৰ তেতিয়া এঘাৰ বছৰমান বয়স। ‘ডাঙৰ’ ছোৱালী হোৱা হেতুকে তাই ৰাজহুৱা ঠাইত নচাৰ অনুপযুক্ত, গান গোৱা ‘এলাউদ’। আৰু ওঠৰ বছৰীয়া কোহিনুৰ মাহী নেপথ্যতো থাকিব নোৱাৰে। যি কি নহওঁক নচাৰ উপযুক্ত বদৰুণ, ম‍ইনা, ফতিমা, ৰেখা, তাৰা, আছিয়া, লীলা আৰু মই সেইকেইদিন হাতত মালা লৈ কেনেকৈ ৰজা বাহাদুৰক আদৰিম তাৰ ৰিহাৰ্ছেল দি দি ভাগৰি পৰিছিলো। ইফালে মায়ে আমালৈ নতুন চোলা চিলোৱাত ব্যস্ত আছিল।

 এটা কথা উল্লেখযোগ্য যে আগৰদিনীয়া মহিলাসকল কিন্তু এমব্ৰয়দাৰি কৰাত, উল গোঁঠাত, ক্ৰুছৰ কামত আছিল অতি পাকৈত। ইমান সূক্ষ্ম কাম কৰিব পাৰিছিল যে আজিৰ মানুহ তবধ লাগিব। অতি সুন্দৰ ডিজাইনৰ ফ্ৰক, ব্লাউজ আদি মাহঁতে চিলাই আমাক পিন্ধাইছিল।

 নিৰ্দিষ্ট দিনত নানাৰঙী ফুলৰ মালা হাতত লৈ আমি ৰজা বাহাদুৰক আদৰিছিলো— ‘আহা আহা গুৰু দিয়াহে শকতি, ভকতিৰ মালাধাৰি লৈ...’ গীতটোৰ সৈতে হালি-জালি নাচি নাচি।


পূৰ্ব পুৰুষসকলৰ বিষয়ে

ৰজা-মহাৰজাসকলৰ বংশৰ লিখিত ইতিহাস থাকে। সাধাৰণৰো থাকে পূৰ্বপুৰুষৰ কাহিনী, অধিকাংশৰে মুখে মুখে। তাৰে কিছু সত্য, কিছু তিলক তাল কৰা আৰু কিছু তালক তিল কৰা। যিসকল পূৰ্বপুৰুষৰ জিন ক্ৰম’জমেৰে মোৰ প্ৰতিটো দেহকোষ গঠিত, ঘৰুৱা ইতিহাসৰ পাত লুটিয়াই সেইসকলক এবাৰ স্মৰণ কৰো। পিছে আমাৰ সেইখন ইতিহাস তেনেই চুটি। যিসকলৰ মুখৰ পৰা অতীতৰ কাহিনী, ঘৰুৱা কাহিনী আদি জানিব পাৰিলোহেঁতেন তেওঁলোকৰ জীৱন আছিল চুটি। আমাৰ আতা, অৰ্থাৎ দেউতাৰ দেউতাকৰ মৃত্যু হৈছিল যেতিয়া তেওঁৰ বৰপুত্ৰৰ বয়স মুঠে দহ। কেনেকৈ তেওঁ ইমান কম বয়সত পৰিয়ালটোক নিঠৰুৱা কৰি যাবলগীয়া হ'ল সেই কথালৈ পিছত আহো। আমাৰ দেউতাই তেওঁৰ আত্মীয়-স্বজনৰ পৰা যিখিনি জানিব পাৰিছিল সেইখিনিও সম্পূৰ্ণৰূপে আমাক ক’বলৈ সময় নাপালে।

[ ১২ ] তেৱোঁ আমাক নিঠৰুৱা কৰি দেউতাকৰ ওচৰলৈ গ'লগৈ। বংশ-পৰিয়ালৰ অন্যান্য আত্মীয়-স্বজন নিজ নিজ গাঁৱত বা কৰ্মসূত্ৰে বিভিন্ন ঠাইত সিঁচৰতি হৈ পৰিল। ফলত নজনাকৈ থাকিলো বহু কথা। বহু তথ্য-পাতি। বহু ইতিহাস।

 অহুকাণে-পহুকাণে শুনিছো আমাৰ, অৰ্থাৎ দেউতাহঁতৰ পূৰ্বপুৰুষসকল হেনো মানৰ আক্ৰমণৰ সময়ত নগাঁৱৰ ফালৰ পৰা আন অনেকৰ সৈতে ব্ৰহ্মপুত্ৰইদি ভটিয়াই নামনিলৈ আহিছিল। তাৰে এটা দলে নৈখনৰ দক্ষিণপাৰত গোৱালপাৰা চহৰৰ সমীপৱৰ্তী বৰভিটা নামৰ গাঁও এখনত বসতি স্থাপন কৰে। গাঁওখনৰ প্ৰাকৃতিক দৃশ্য অতি চিত্তাকৰ্ষক। দীঘলীয়া আকাৰৰ বৰভিটাৰ উত্তৰফালেদি বৈ গৈছিল মহাবাহু ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে এশাৰী অনুচ্চ পাহাৰ। গাঁওখনৰ দুৱাৰমুখত প্ৰসিদ্ধ পাগলাটেক মন্দিৰ। বৰ্তমানে গৰাখহনীয়া হৈ থকাৰ ফলত বৰভিটা বিপদৰ সন্মুখীন হৈছে।

 কথিত আছে এইটো পৰিয়ালৰে কোনোবা এজন উত্তৰ পুৰুষৰ হীৰা আৰু জীৰা নামৰ দুটা পাহুৱাল পুতেক আছিল। জীয়েকজনী আছিল অতি ৰূপৱতী। ৰূপৱতীসকলৰ ৰূপেই হয় কাল। পুৰুষৰূপী ভোমোৰাসকল সেই পুষ্পটিৰ চাৰিওফালে গুণগুণাই ফুৰে। আৰু এই ভোমোৰাসকলৰ মাজত এজন যদি হয় ৰজা-জমিদাৰ, তেনেহ'লে বাকীবোৰ ভোমোৰা আন ফুলৰ সন্ধানত যাবলৈ বাধ্য হয়।

 আমি শুনি অহা কাহিনীটোৰ সত্যতা কিমান দ নেজানো। কিছু ৰহনসনাতো হয়েই। কিন্তু কিমান পাৰছেণ্ট? যিয়েই নহওক, ওচৰৰে মেছপাৰা জমিদাৰকুলৰ মৌ-লোভী নন্দন এজনৰ চকু পৰিল সেই ৰূপেশ্বৰীৰ ওপৰত। বৰলোকৰ পছন্দ হোৱা মানে তাইক নিজৰ হাৰেমভুক্ত কৰা। ই অৱশ্যে কোনো অস্বাভাৱিক আকাংক্ষা নহয়। কিন্তু কিছুমানে সমাজৰ নীতি-নিয়ম অনুযায়ী ছোৱালীৰ অভিভাৱকৰ ওচৰলৈ প্ৰস্তাৱ আগবঢ়ায়, কিছুমানৰ ধৈৰ্য নাই, কিডনেপ কৰে। সাধাৰণতে চিকাৰ কৰিবলৈ যাওঁতে নৈ বা পুখুৰীলৈ পানী আনিবলৈ যোৱা সুন্দৰীসকল জমিদাৰ বা জমিদাৰ-পুত্ৰসকলৰ চকুত পৰে। আমাৰ পূৰ্বপুৰুষৰ ৰূপৱতী জীয়েকগৰাকীক এইখিনিতে অলপ সময়ৰ বাবে এৰি বিজনী এষ্টেটৰ ৰজা বাহাদুৰ কুমুদ নাৰায়ণৰ ওচৰলৈ যাওঁ। কুমুদ নাৰায়ণে চিকাৰ কৰিবলৈ যাওঁতে অভয়াপুৰী অঞ্চলৰ গাঁও এখনত দেখা পাইছিল কিশোৰী অভয়েশ্বৰীক। সুন্দৰীক দেখি ৰজাৰ চিত্তচাঞ্চল্য ঘটিল। পাহৰি গ'ল কাৰেঙত তেওঁলৈ সতৃষ্ণ নয়নেৰে বাট চাই থকা সুস্থদেহী পতিব্ৰতা পত্নী সিদ্ধেশ্বৰীক। তদুপৰি, ‘হু কেয়াৰ্ছ হাৰ’। কুমুদ পুৰুষ, তাতে প্ৰতাপশালী ৰজা, স্বয়ং চিলাৰায়- ৰঘুদেৱৰ বংশধৰ। সিদ্ধেশ্বৰীৰ অন্তৰৰ হাহাকাৰৰ কথা জানিবলৈ তেওঁৰ গৰজ পৰা নাই!ৰজাৰ মতি-গতিৰ বাতৰি পাই বেচেৰীয়ে কিজানি অন্ন-জল ত্যাগ কৰিছিল বাউলী হৈ। নাৰীৰ মনৰ কথা আজিও শুনেনো কেইজন পুৰুষে? একেজনী পত্নীক দেখি দেখি ৰজাৰ আমুৱাইছিল হ’বলা। গতিকে হঠাতে দেখা অনাঘ্ৰাতা অসূৰ্যস্পৰ্শা কিশোৰীয়ে তেওঁৰ মন-প্ৰাণ হৰি নিছিল। পিছে কুমুদ নাৰায়ণ শিক্ষিত, সংস্কৃতিবান। সভ্যতাবৰ্জিত আদিম পুৰুষ তেওঁ নহয়। নিম্নৰুচিৰ কাম কেতিয়াও নকৰে। প্ৰপাৰ চেনেলেৰে প্ৰস্তাৱ আগবঢ়াবলৈ প্ৰস্তুত হ'ল।

[ ১৩ ]  ইফালে অভয়েশ্বৰী আইটিৰ দেউতাকৰ ঘৰৰ চালত হঠাতে আহি বহিল শগুণৰ জাক এটা। মৃতদেহ ভক্ষণ কৰি পৰিবেশ দূষণমুক্ত কৰে যদিও দেখাত আপচু শগুণৰ চৰাই হিচাপে জনপ্ৰিয়তা নাই। আনকি ইহঁতক অমংগলৰ বাহক বুলিও ভবা হয়। সেই অমংগলীয়া শগুণজাকক ঘৰৰ চালত দেখি গৃহস্থৰ অন্তৰাত্মা কঁপি উঠিল। কি বিপদে বা আগজাননী পঠালে। অৱশেষত শৰণাপন্ন হ'ল এজন শাস্ত্ৰজ্ঞ পণ্ডিতৰ। দিন-বাৰ, ক্ষণ-তিথি আদি বিশ্লেষণ কৰি তেওঁ ৰায় দিলে যে শগুণ সদায় অমংগলীয়া নহয়। সিদিনা শগুণৰ আগমনে গৃহস্থলৈ শুভ বতৰা কঢ়িয়াই আনিছে। অতিশীঘ্ৰে তেওঁৰ চোতালত পাত্ৰ-মিত্ৰ সহিতে এজন ক্ষমতাশীল ব্যক্তিয়ে পদাৰ্পণ কৰিব। তদুপৰি এই আগমনে গৃহস্থৰ নাম-যশ তথা শ্ৰীবৃদ্ধি কৰিব। গৃহস্থই ভাবি নেপায় হঠাতে কেনেকৈ ভাগ্যদেৱী তেওঁৰ প্ৰতি প্ৰসন্ন হ’ব।

 ভাগ্যদেৱী প্ৰসন্ন হ’বলৈ বেছি দিন নেলাগিল। কেইদিনমানৰ ভিতৰতে ৰাজকীয় উপঢৌকনসহ ৰজা কুমুদ নাৰায়ণৰ খাচ কটকী দলে-বলে আহি সুলক্ষণা অভয়েশ্বৰীক ৰজাই প্ৰস্তাৱ আগবঢ়োৱা বুলি দেউতাকক জাননী দিলে। মধ্যবিত্ত গৃহস্থই নিশ্চয় কল্পনাতো এনে আশা কৰা নাছিল। ই যে অবিশ্বাস্য ঘটনা! মাক-দেউতাকে বোধকৰো ভাবিছিল— ‘শগুণ, কোনে কয় তুমি মৃতদেহ ভক্ষণ কৰা কুন্ধচ স্কেভেঞ্জাৰ বাৰ্ড!’ তাৰ পিছত পৰিয়ালটোৰ ভাগ্যৰেখাডাল ক্ৰমে ঊৰ্ধ্বগামী হ’বলৈ ধৰিলে। জীয়েক কেৱল ৰজাৰ পত্নী হিচাপে ৰাণী হোৱা নাছিল, স্বামীৰ মৃত্যুৰ পিছত তেৱেঁই হৈছিল বিজনী এষ্টেটৰ শাসনকৰ্তা। প্ৰকৃত ৰাণী। ক্ষমতাশালিনী।

 আমাৰ পূৰ্বপুৰুষৰ ৰূপহী কন্যা বা তাইৰ পৰিয়ালৰ পিছে ভাগ্যৰ একো হেৰফেৰ নহ'ল। জমিদাৰ অথবা তস্য পুত্ৰই তাইক কিডনেপহে কৰিলে। বাতৰি শুনি পেশী শক্তিত বলীয়ান দুই পাহুৱাল ককায়েক হীৰা আৰু জীৰাই পালি-প্ৰহৰীৰে সৈতে হাতত অস্ত্ৰ-শস্ত্ৰ, লাঠি-জোং ইত্যাদি লৈ ভগ্নী উদ্ধাৰ অভিযানলৈ যাত্ৰা কৰিলে শুভদিন চাই। দুয়োপক্ষৰ মাজত আৰম্ভ হ’ল তয়াময়া ৰণ। দুয়োপক্ষ সমানে শক্তিশালী। অৱশেষত জমিদাৰ পক্ষৰ বোধকৰো বিবেকদংশন হ’ল। কামটোতো ঠিক কৰা নাই। গতিকে চৰ্ত এটাৰে সন্ধিৰ প্ৰস্তাৱ আগবঢ়ালে যে তেওঁলোকৰ জমিদাৰী পৰিচালনা কৰিবলৈ সদায় হীৰা-জীৰা পৰিয়ালৰ এজনক নিযুক্তি দিয়া হ’ব। কিডনেপড ৰূপৱতীৰ পৰিণতি কি হ’ল নেজানিলো।

 মৌখিক ইতিহাসৰ কোনো চন-তাৰিখ নাথাকে। গতিকে ঘটনাবোৰ যদি ঘটিছিল কেতিয়া ঘটিছিল জনাৰ উপায় নাই। সেই পৰিয়ালৰে উত্তৰপুৰুষ আমাৰ আতা গৌৰমোহন দাসে মেছপাৰা এষ্টেটৰ দেৱান বা মেনেজাৰ হিচাপে ঊনৈশ শতিকাৰ আশীৰ দশকৰ কোনোবা এটা বছৰত নিযুক্তি পাইছিল। নিজ গুণে পালে নে সন্ধিৰ চৰ্ত হিচাপে পালে নেজানিলো।

 অভয়েশ্বৰী ৰাণীৰ পিতৃকুলৰ আৰু মেছপাৰা জমিদাৰকুলৰ কোনোবা উত্তৰ পুৰুষে মোৰ এই লেখা পঢ়ি যদি মোক হেঁচা মাৰি ধৰি সোধে — ‘ক’ত পালাহে এইবোৰ চন-তাৰিখ নথকা মাথামুণ্ডহীন তথ্য-পাতি? প্ৰমাণ কি? প্ৰমাণ দিব নোৱাৰিলে কিন্তু ৰঙাঘৰৰ ভাত খুৱাম।’ তেতিয়া অসহায় মই কিন্তু সেই ঘৰৰে ভাত খাব লাগিব। অৱশ্যে ভাত নহয়, [ ১৪ ] লপ্‌চিহে খাবলৈ দিয়ে তাত। লপ্‌চিত চাউলতকৈ পানীৰ পৰিমাণ বেছি। গতিকে এইবিধ খাদ্য পি খোৱাৰ উপযুক্ত।

 শুনা কাহিনী বাদ দি এতিয়া জনা কাহিনীলৈ আহো। হীৰা-জীৰা পৰিয়ালৰ উত্তৰপুৰুষ সভাৰাম দাসৰ পুত্ৰ গোবিন্দ দাস। তেওঁৰ পুত্ৰ গৌৰমোহন আমাৰ আতা। দাস উপাধিটো বৰ গণ্ডগোলীয়া। উপাধিটো শুনি ঠাৱৰ কৰিব নোৱাৰি উপাধিধাৰীৰ জাত কি? পশ্চিম অসমত দাসসকল ঘাইকৈ কলিতা। আজিৰ অনেক জাত্যাভিমানী দাস উপাধিধাৰীয়ে পূৰ্বপুৰুষৰ উপাধি ত্যাগ কৰি কলিতা উপাধি আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে। সি যি কি নহওঁক, আতা গৌৰমোহনে এণ্ট্ৰেন্স অৰ্থাৎ মেট্ৰিক পাছ কৰি কলকাতালৈ গৈছিল এফ এ পঢ়িবলৈ ঊনৈশ শতিকাৰ আশীৰ দশকত। তেতিয়াৰ দিনত অসমলৈ ৰেল লাইন অহা নাছিল, গতিকে অসমৰ মানুহে জাহাজেৰে ব্ৰহ্মপুত্ৰৰ বুকুয়েদি ভটিয়াই গৈ বংগদেশৰ গোৱালন্দ বন্দৰত নামি তাৰ পৰা ৰেলেৰে কলকাতালৈ গৈছিল।

 ১৯৮৯ চনত বাংলাদেশৰ ৰাজশাহী বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণক্ৰমে মই এখন চেমিনাৰত যোগ দি সমগ্ৰ বাংলাদেশত এপাক মাৰি কলকাতালৈ উভতি আহোতে গোৱালন্দ হৈ আহিছিলো। নৈৰ বালিত নামি আপোন পাহৰা হৈ এটা শতাব্দী পিছলৈ উভতি গৈছিলো সিদিনা। একেখন নৈ বৈ গৈ আছে অনাদি-অনন্ত কাল ধৰি, তটভূমিৰ বালুকা ৰাশিও একেদৰেই আছে। ভৌগোলিক পৰিবৰ্তন কিন্তু হোৱা নাই বুলি নকও, কিন্তু এই শতিকাতে নিশ্চয় আমূল কোনো পৰিবৰ্তন হোৱা নাই। সিদিনা গোৱালন্দৰ যি বালিত মই নামিলো তাতেই নামিছিল কলকাতালৈ পঢ়িবলৈ যোৱা আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা, আনন্দৰাম বৰুৱা, গুণাভিৰামকন্যা স্বৰ্ণলতা, আমাৰ আতা গৌৰমোহন, মাৰ জেঠা ধৈৰ্যনাৰায়ণ প্ৰমুখ্যে বিদ্যানুৰাগী ছাত্ৰসকল। মই কল্পনাৰ চকুৰে দেখা পালো জাহাজঘাটত লংগৰ পেলোৱা জাহাজবোৰৰ পৰা ব্যস্ত হৈ নামি অহা অসমৰ ছাত্ৰসকলক। গৌৰমোহনকো দেখিলো। বালিত কাৰো পদচিহ্ন নাথাকে বুলি জানিও তেওঁলোকৰ ভৰিৰ খোজ বিচাৰি ফুৰিলো নিচাগ্ৰস্তৰ দৰে। একো বিচাৰি নাপাই একাজলি বালি হাতত তুলি লৈ প্ৰণাম কৰিলো। কি যে এক অদ্ভুত অনুভূতিত মোৰ অন্তৰাত্মা বুৰ গ'ল তাক প্ৰকাশ কৰাৰ ভাষা মোৰ নাই।

 ভাগ্য বোলা এটা অদৃশ্য পদাৰ্থ আছে নে নাই নাজানো, কম বয়সত ভাগ্যক বিশ্বাস কৰিলেও পৰিণত বয়সত সেই বিশ্বাস ধৰি ৰাখিবলৈ যুক্তি বিচাৰি পোৱা নাই। মানুহে নিজৰ ভাগ্য গঢ়ে নিজেই। তথাপিতো কেতিয়াবা দুৰ্বল মুহূৰ্তত পুৰণি বিশ্বাসে উক দি উঠে। ভাগ্যৰ ওপৰত খৰ্গহস্ত হওঁ তেতিয়া। তাক সোধো আতা কিয় তেতিয়াৰ দিনৰ কথাবোৰ নাতি-নাতিনীহঁতক ক’বলৈ জীয়াই নাথাকিল। তেওঁ কলকাতাৰ কোন কলেজত পঢ়িছিল, কোন কোন অসমীয়া ছাত্ৰক তেওঁ চিনি পাইছিল, তেওঁলোকৰ ল'ৰালিকালত সমাজখন কেনে আছিল ইত্যাদি ইত্যাদি বহুতো প্ৰশ্নৰ উত্তৰ দিবলৈ কিয় মোৰ ভাগ্যই তেওঁক জীয়াই নাৰাখিলে। আমাৰ নাতিহঁতক আমাৰ দিনৰ কথা ক'লে সিহঁতে মন্ত্ৰমুগ্ধ হৈ শুনি থাকে। আচৰিত হয় যেতিয়া কওঁ আমি হেৰিকেন লেম্পৰ পোহৰত গধূলিবোৰ [ ১৫ ] কটাইছিলো। টিভি, কম্পিউটাৰ, আইপড, ম'বাইল দূৰৈৰ কথা, আমি ৰেডিঅ’ শুনিছিলো কৈশোৰ পাৰ হৈ, টেলিফোনৰ কথা জানিছিলো কিতাপত। বিজুলী বিছনি আমাৰ নাছিল, গাড়ী-মটৰো কাচিৎহে কয়লাৰ ইঞ্জিনে টানিছিল, গুৱাহাটী চহৰত নাছিল কোনো চিটি বাছ, নাছিল ৰিক্সা; ঘোঁৰাৰ গাড়ী আৰু ভৰি দুখনেই আছিল তেতিয়াৰ যান-বাহন। চাপৰৰ পেহীৰ ঘৰলৈ বা বৰটাৰীৰ মাহঁতৰ আতাৰ ঘৰলৈ যাওঁতে যথাক্ৰমে বাসুগাঁও আৰু সৰুপেটা ষ্টেচনৰ পৰা গৰুৰ গাড়ী আৰু হাতীৰ পিঠিত উঠি গৈছিলো। নাতিহঁতে কয় বৰ এডভেঞ্চাৰাছ ভ্ৰমণ। ব্ৰহ্মপুত্ৰৰ ওপৰেদি দলং নথকা বাবে নামনিৰ পৰা ৰে’লেৰে আমিনগাঁও ষ্টেচনলৈ আহি ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ পাণ্ডু পাইছিলো। আমাৰ আতাই আমাক তেওঁলোকৰ দিনৰ কথা কোৱা দূৰৈৰ কথা, নিজৰ জীয়েক-পুতেককো ক’বলৈ সময় নাপালে। গতিকে বহু জানিবলগীয়া প্ৰশ্নৰ উত্তৰ নোপোৱাকৈ থাকিবলগীয়া হ’লো ওৰে জীৱন।

 আনহাতে প্ৰশ্ন নকৰাকৈয়ে আচম্বিতে গৌৰমোহন সম্পৰ্কীয় কথা এষাৰ জানিলো। জনালে ধুবুৰী ডি চি অফিচত কৰ্মৰত মোৰ ভাই—সৰু খুৰা ডাঃ নৰেন্দ্ৰ মোহন দাসৰ পুত্ৰ প্ৰদীপে। অতীত সম্পৰ্কে জানিবলৈ তাৰ এটি কৌতুহলী মন থকা বাবে ধুবুৰীৰ চৰকাৰী মহাফেজখানাত সময় পালে সোমাই পুৰণি নথি-পত্ৰ, গেজেট আদি মেলি চায় তেওঁ। এদিন এশ বছৰীয়া পুৰণি এখন গেজেটৰ পাত লুটিয়াই থাকোতে হঠাতে চকুত পৰিল সপ্তম শ্ৰেণীত পঢ়ি থকা গৌৰমোহন দাসৰ নাম। তাৰ গাৰ নোমবোৰ শিয়ৰি উঠিল। মেছপাৰা এষ্টেটৰ গেজেট নোটিফিকেশ্যনত উল্লেখ কৰা বাতৰিটোত আছিল ব্ৰিটিছ চৰকাৰে কেইজনমান ছাত্ৰক মাহিলি বাৰ অনাকৈ (আজিৰ পয়সত্তৰ পইচা) বৃত্তি প্ৰদান কৰিছে। এই ছাত্ৰসকলৰ ভিতৰত আতাও আছিল এজন। ইয়াৰ পৰা ধাৰণা হয় আতাই বোধকৰো লক্ষীপুৰৰ স্কুলতে পঢ়িছিল। উল্লেখযোগ্য যে মেছপাৰা এষ্টেটতে লক্ষীপুৰ চহৰখন অৱস্থিত।

 সেই সময়ত কলকাতাৰ কলেজত পঢ়া-শুনা কৰি এফ এ (আজিৰ উচ্চ মাধ্যমিক) পাছ কৰা ডেকা অঞ্চলটোত বিৰল আছিল। তদুপৰি তেওঁ আছিল এখন জমিদাৰী এষ্টেটৰ মেনেজাৰ। এতেকে গৌৰমোহন আছিল অঞ্চলটোত Most eligible bachelor।


আতা-আবু গৌৰমোহন দাস আৰু যমুনা সুন্দৰী

চাকৰিত যোগ দিয়াৰ পিছত অভিভাৱকসকলে গৌৰমোহনৰ বিয়াৰ বাবে কইনা চোৱাত লাগিল। তেতিয়াৰ দিনৰ বিয়া-বাৰুবোৰ অনুষ্ঠিত হৈছিল এটা ঠেক গণ্ডীৰ ভিতৰত, আজিৰ দৰে ক্ষেত্ৰখন বহল নাছিল। অনুন্নত যোগাযোগ ব্যৱস্থাই আছিল ইয়াৰ ঘাই কাৰণ। একে ধৰ্ম, একে জাত, একে বৰ্ণৰ মানুহ বাস কৰিছিল ওচৰা ওচৰি গাঁৱত, বিয়া-বাৰুবোৰো হৈছিল তেওঁলোকৰ মাজত। আজিও গ্ৰামাঞ্চলত আৰু চহৰৰো ৰক্ষণশীল পৰিয়ালবোৰত আগৰ নিয়ম প্ৰচলিত হৈ আছে। গণ্ডীৰ বাহিৰলৈ তেওঁলোক ওলাব নোখোজে।

 বৰভিটা গাঁৱৰ প্ৰায় পোনে পোনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চাপৰ অঞ্চলতো মানৰ আক্ৰমণত নগাঁৱৰ ফালৰ পৰা পলাই অহা কিছু মানুহে বসতি স্থাপন কৰিছিল। দুয়োটা [ ১৬ ]

আবু যমুনা সুন্দৰী আৰু আতা গৌৰমোহন দাস

[ ১৭ ] এলেকাৰ মাজত আহ-যাহ আছিল, আত্মীয়তাও আছিল। সেই যুগত নাৱেই আছিল সংযোগকাৰী একমাত্ৰ বাহন। ডেকা বয়সত গৌৰমোহন এবাৰ চাপৰলৈ মিতিৰ খাবলৈ আহোতে কাষৰ ঘৰৰ চোতালত হেনো দহ বছৰীয়া যমুনা নামৰ অপৰূপা কিশোৰী এজনীক দেখা পাইছিল, অচল হৈ গৈছিল ডেকাৰ দুচকুৰ মণি। নহ'বনো কিয়? তাইৰ তেজগোৰা গাৰ বৰণ, উন্নত নাক, টনা টনা এযোৰ আবেগসনা চকু আৰু মূৰটো আবৃত কিচকিচীয়া ক’লা চুলি একোছাৰে। ঘৰলৈ উভতি গৈও পাহৰিব পৰা নাই সেই চন্দ্ৰবদনীক। অৱশেষত ‘থ্ৰু প্ৰপাৰ চেনেল’ বিয়াৰ প্ৰস্তাৱ আগবঢ়ালে।

 যমুনাৰ মাক-দেউতাকেও তাইৰ বিয়াৰ চিন্তা কৰি আছিল। দহ পাৰ হওঁ হওঁ। সময়মতে বিয়া দিব নোৱাৰিলে সমাজে যে এঘৰীয়া কৰিব। ৰূপৱতী জীয়েকলৈ বিয়াৰ প্ৰস্তাৱ আহি আছিল, পিছে তাইক য’তে ত’তেতো দিব নোৱাৰি। বৰভিটাৰ গৌৰমোহনৰ ঘৰৰ পৰা প্ৰস্তাৱ পাই যমুনাৰ দেউতাকে যেন জোনটো হাতত পালে। স্বচ্ছল অৱস্থা, সুদৰ্শন চেহেৰা। সৰ্বোপৰি কলকাতাত শিক্ষা লাভ কৰি মেছপাৰা এষ্টেটত দেৱান হিচাপে সোমাইছে। এনে ‘লুক্ৰেটিভ বেচ্যেলৰ’ ভূ-ভাৰস্ততে নাই বুলি মানুহৰ ধাৰণা আছিল। বিয়াৰথলীত দৰা-কইনাক দেখি ৰাইজে হেনো কৈছিল, ৰাজযোটক, আজিৰ ভাষাত যাক কোৱা হয় made for each other।

 ভাৰত স্বাধীন হোৱাৰ আগলৈকে অবিভক্ত গোৱালপাৰা জিলা আছিল ৰজা-জমিদাৰেৰে ভৰা। গৌৰমোহন মেছপাৰাৰ দেৱান হোৱা হেতুকে ৰজা-জমিদাৰ শ্ৰেণীটোৰ সান্নিধ্যলৈ আহিছিল। সেই সময়ত সোণ আছিল সস্তা। যমুনা সুন্দৰীয়ে বিয়াত জমিদাৰসকলৰ ঘৰৰ পৰা সোণৰ বহু অলংকাৰ উপহাৰ হিচাপে পাইছিল। তদুপৰি গৌৰমোহনে চন্দ্ৰমুখী পত্নীৰ গাতো সোণেৰে ঢাকি দিছিলেই, বেনাৰচী-আনাৰচী শাৰীও দিছিল।আনাৰচী যে কি বস্তু নাজানিলো। যমুনাই, পৰৱৰ্তী সময়ত যিগৰাকী আমাৰ আবু অৰ্থাৎ পিতামহী হৈছিল—তেওঁৰ বিয়াৰ কাহিনী কওঁতে বেনাৰচীৰ সৈতে আনাৰচী নামটোও কোৱা মনত পৰে। মোৰ দহ বছৰ নৌহওঁতেই আবু ঢুকাইছে। গতিকে সেই সময়ত শাৰী সম্পৰ্কে কোনো ধাৰণাই নাছিল। ডাঙৰ হোৱাৰ পিছত আনাৰচী বিচাৰি হাইৰাণ হৈ অৱশেষত উপলব্ধি কৰিলো বোধকৰো অন্যান্য দামী শাৰীবোৰক একেলগে থুপ খুৱাই আনাৰচী বুলি কৈছিল। নে তেতিয়াৰ দিনত আনাৰচী বুলি কিবা আছিল নাজানো!

 গোৱালপাৰা চহৰৰ পৰা গোৱালপাৰা জিলাৰ সদৰ ধুবুৰীলৈ স্থানান্তৰ কৰাৰ পিছত ৰজা-জমিদাৰসকলে ধুবুৰীত এডোখৰকৈ মাটি কিনিবলৈ ধৰিলে। মেছপাৰাৰ জমিদাৰসকলে মাটি কিনাৰ ভাৰ দিলে দেৱান বা মেনেজাৰ গৌৰমোহনক। ৰূপসী এষ্টেটৰ সেই সময়ত কোনো পৰিচালক নাছিল বুলি শুনিছিলো। গতিকে সেইখন এষ্টেট চোৱা-চিতাৰ ভাৰো গৌৰমোহনক দিয়া হ’ল। সিদ্ধান্ত লোৱা হৈছিল যে দুয়োখন এষ্টেট পৰিচালনা কৰিব একেজন মেনেজাৰে ধুবুৰীত থাকি। তেতিয়া গৌৰমোহনেও নিজলৈ বুলি মাটি কিনি বৰভিটাৰ পৰা উঠা দি আহিছিল ধুবুৰীলৈ। অৱশ্যে গাঁৱৰ লগত সম্পৰ্ক ছিন্ন হোৱা নাছিল।

 সঠিক তাৰিখ-চন নেজানিলেও আনুমানিক ১৮৯১-৯২ চন মানত গৌৰমোহনৰ বিয়া [ ১৮ ] হৈছিল। বহুদিনলৈ তেওঁলোক নিঃসন্তান হৈ থকা বাবে দুয়ো গৈছিল দেওঘৰৰ ওচৰৰ বৈদ্যনাথধামলৈ সন্তান কামনাৰ্থে। দহ বছৰীয়া ছোৱালীজনীক বিয়া কৰাই সন্তানৰ বাবে তেওঁলোকৰ বা কিয় ইমান খৰধৰ লাগিছিল ভাবি নেপাও। অৱশ্যে তেতিয়াৰ দিনত কিশোৰী কালতে ছোৱালীবোৰ মাক হৈছিল। এতিয়াও হয় অনুন্নত এলেকাবোৰত। ভগৱানৰ আশীৰ্বাদত নে যমুনা সুন্দৰীৰ দেহৰ প্ৰয়োজনীয় অংগ-প্ৰত্যংগবোৰ পুৰঠ হোৱা বাবে নাজানো, দম্পতিটোৰ কোলালৈ তিনিটা পুত্ৰ সন্তানৰ আৰু এজনী নুমলীয়া কন্যাৰ আগমন ঘটিল। জ্যেষ্ঠ গিৰীন্দ্ৰ মোহন, মাজু বীৰেন্দ্ৰ মোহন আৰু কনিষ্ঠ নৰেন্দ্ৰ মোহনৰ জন্মৰ পিছত তিনিও অলপ ডাঙৰ হোৱাত তিনিওকে বৈদ্যনাথধামলৈ লৈ গৈ তাতেই চূড়াকৰণ অনুষ্ঠিত কৰিছিল।গৌৰমোহনৰ তেতিয়া সুখৰ সংসাৰ। অৱস্থাও নদন-বদন। তেওঁ হেনো আবুক কৈছিল যে ডাঙৰ ঘৰ এটা সাজিব, বোৱাৰীহঁতে বৰষুণত তিতি ৰান্ধনি ঘৰলৈ যাতে যাবলগীয়া নহয় তাৰো ব্যৱস্থা কৰিব দুয়োটা ঘৰৰ সংযোগকাৰী অংশৰ ওপৰত চাল এখন দিয়া পথ এটা নিৰ্মাণ কৰি। ছোৱালীজনী জন্ম হোৱাৰ পিছতো কিমান যে কল্পনা তাইক কেন্দ্ৰ কৰি!

 গৌৰমোহন-যমুনাৰ সুখৰ সংসাৰ বেছি দিন নিটিকিল। জ্যেষ্ঠ পুত্ৰৰ দহ বছৰ, কনিষ্ঠ সন্তান ছোৱালীজনীৰ ছমাহ। এটা কোঠাতে তিনিটা পুত্ৰক লৈ শুই আছিল দেউতাক, আনটোত ছমহীয়া জীয়েক আৰু বিধবা ননদেৰে সৈতে যমুনা। হঠাতে গৌৰমোহনৰ কোঠাৰ পৰা আঃ আঃ বুলি যন্ত্ৰণাকাতৰ শব্দ এটা অহা শুনি যমুনা আৰু ননদেক দুয়ো উঠি গৈ দেখে তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছে গৌৰমোহন। বেৰ আৰু চিলিঙতো কেঁচা তেজৰ চেকুৰা। খোলা দুৱাৰেৰে ভাহি আহিছিল কেইজনমান মানুহৰ লৰ মাৰি যোৱা ভৰিৰ শব্দ। গৌৰমোহনৰ ভৰি দুখন ওলমি আছিল বিছনাৰ পৰা। শিশু তিনিটা টোপনিত লালকাল হৈ আছে দেউতাকৰ কাষত। আবুৱে সংজ্ঞা হেৰুৱালে। এন্ধাৰ হ'ল তেওঁৰ ভৱিষ্যতৰ দিনবোৰ।

 জ্ঞান হোৱাৰে পৰা আততায়ীৰ হাতত আতাৰ মৃত্যুৰ কাহিনী শুনিছো। দেউতাই এই বিষয়ে বৰকৈ নকৈছিল। পিতৃ বিয়োগৰ সময়ত তেওঁৰ বয়স আছিল মুঠেই দহ বছৰ। এদিন আমাৰ আগত দুখ কৰি কৈছিল যে সেই সময়ত তেওঁ আৰু অলপ ডাঙৰ হোৱা হ’লে এই ঘটনা ঘটিব নোৱাৰিলেহেঁতেন। ঘৰৰ কাষতে থকা পুখুৰী এটাত দেউতাই চাবি ঘূৰালে চলি থকা পুতলা জাহাজ এখন চলাই খেলি আছিল এদিন। সৰু ল’ৰা, নতুন খেলনাটো লৈ মছগুল। এনেতে নামী-দামী মানুহ এজনৰ ঘৰত কাম কৰা ল’ৰা এজনে দেউতাক ফুচফুচাই কৈছিল, সাৱধান হৈ থাকিবলৈ, কোনোবা এদিন ডকাইতৰ দল এটা তেওঁলোকৰ ঘৰলৈ যাবলৈ সাজু হৈছে। প্ৰতিদিনে ৰাতি হেনো নামী মানুহজনৰ ঘৰত কেইবাজনো মানুহ গোট খাই এই বিষয়ে আলোচনা কৰা শুনিছে তেওঁ। নতুন খেলনা এটা লৈ ব্যস্ত কিশোৰজনে কথাষাৰৰ ওপৰত সমূলি গুৰুত্ব দিয়া নাছিল। পাহৰিও গৈছিল।

 আততায়ীৰ উদ্দেশ্য কি আছিল ভালকৈ কোনেও জানিব পৰা নাছিল যদিও স্থানীয় মানুহখিনিৰ ধাৰণা একাংশ মানুহৰ স্বাৰ্থসিদ্ধিৰ বাবে তেওঁক পৃথিৱীৰ পৰা আঁতৰোৱা হয়।

[ ১৯ ] এই কথা সৰ্বজবিদিত যে ইংৰাজসকল অসমলৈ অহাৰ সময়ত কাম-কাজ চলাবলৈ বংগৰ পৰা আনিছিল ইংৰাজী জনা মানুহ। গোৱালপাৰাৰ জমিদাৰীও পৰিচালনা কৰিছিল বংগভাষীসকলে। আমাৰ আতাই আছিল প্ৰথম স্থানীয় ব্যক্তি, যিয়ে এষ্টেট পৰিচালনাৰ কামত নিযুক্তি পাইছিল। ফলত তেওঁ ৰোষত পৰিছিল সেইসকল ব্যক্তিৰ। বাটৰ কাঁইট আঁতৰাব পাৰিলে এচামৰ যে স্বাৰ্থসিদ্ধি হয়। এইসকল ব্যক্তিয়ে যে তেওঁক আঁতৰাবলৈ নানাভাৱে বহু দিনৰ পৰা চেষ্টা কৰিছিল ঘটনাটো ঘটি যোৱাৰ পিছতহে আবুৱে বুজি পাইছিল। আজিৰে পৰা এশ বছৰৰো আগতে আমাৰ ধুবুৰীৰ ঘৰৰ সন্মুখেদি বৈ গৈছিল ব্ৰহ্মপুত্ৰ। আমিও সৰুতে ব্ৰহ্মপুত্ৰৰ ক্ষীণকায় সুঁতি এটা দেখিছো। আজি সেই ব্ৰহ্মপুত্ৰ বহু দূৰলৈ আঁতৰি গৈছে। সি যি কি নহওক দলটোৱে হেনো আতাক ঘৰৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ পানীত এটা হাৱামহল সাজিবলৈ কৈছিল। হাৱামহলটো হ’ল বামৰ ফালে পানীত এখন ওখ আহল-বহল বেৰহীন প্লেটফৰ্ম, যাৰ ওপৰত থাকিব এখন চাল। গৰমৰ দিনত বহি তেওঁলোকে আড্ডা মাৰিব ব্ৰহ্মপুত্ৰৰ হাৱা খাই খাই। বোধকৰো তেওঁলোকে ভাবিছিল তাতে হত্যা কৰি মৃতদেহটো পানীত পেলাই দিব। ঘৰলৈ আহি কোনে ক’ত শোৱে, কেইবজাত শোৱে ইত্যাদি বহু বা-বাতৰিও লৈ গৈছিল। ঘটনাৰ দিনা পালেঙৰ তলত সোমাই আছিল সৰুফুটীয়া মানুহ এজন। শুনিছো ঢাকাৰ পৰা আনিছিল প্ৰফেশ্যনেল হত্যাকাৰী এজনক। মাজনিশা দুৱাৰত টোকৰ শুনি লুকাই থকাজনে দুৱাৰখন খুলি দিছিল। আমি আতাৰ কাজিনসকলক সুধিছিলো কেনেকৈ তেওঁলোকে গম পালে যে পালেঙৰ তলত কোনোবা আছিল আৰু আততায়ীজন ঢাকাৰ। পালেঙৰ তলত হেনো ভৰিৰ ছাপ পাইছিল পুলিচে। হত্যাকাৰীজন এই কামত আছিল এক্সপাৰ্ট। কিয়নো দেহৰ এটা বিশেষ অংশত জোঙা অস্ত্ৰ সুমুৱাই মানুহজনক হত্যা কৰা হৈছিল। সেই ফুটাটোৰে হেনো ফোঁৱাৰাৰ দৰে তেজ ওলাই চিলিংখন, বেৰবোৰ তেজেৰে কৰিছিল ৰাঙলী। বিশেষজ্ঞ নহ'লে কোনেও ইমান সূক্ষ্মভাৱে মানুহ মাৰিব নোৱাৰে। সেই সময়ত এটা জনশ্ৰুতি আছিল যে এনেবোৰ বিশেষজ্ঞ হত্যাকাৰী ঢাকা অঞ্চলত পোৱা গৈছিল।

 বিচাৰত পিছে কাকো দোষী সাব্যস্ত কৰিব পৰা নগ'ল। তেতিয়াৰ দিনত বিচাৰকসকল আছিল ব্ৰিটিছ। বিচাৰকগৰাকীয়ে হেনো আদালততে কৈছিল যে তেওঁলোকে অপৰাধীক শাস্তি দিব নোৱাৰিলে, কিন্তু ঈশ্বৰে নিশ্চয় দিব। আজি বিচাৰ ব্যৱস্থা উন্নত হোৱা সত্ত্বেও অপৰাধীক বিচাৰি উলিয়াব নোৱাৰে বহু ক্ষেত্ৰত। আতাৰ মোকৰ্দমা চলাবলৈ উপযুক্ত মানুহো পৰিয়ালটোত নাছিল। আমাৰ দেউতাই আক্ষেপ কৰি কৈছিল তেওঁ ডাঙৰ হোৱা হ’লে ইমান সহজতে এৰি নিদিলেহেঁতেন।

 আইনে বিচাৰি উলিয়াব নোৱাৰিলেও সৰু ঠাইখনৰ প্ৰায় সকলোৱে জানিছিল অপৰাধীসকল কোন। এওঁলোকৰ নাম কালক্ৰমে আমি শুনিছো। মানুহে কোৱা শুনিছো পাপৰ ফলত তথাকথিত অপৰাধী পৰিয়াল এটাৰ কেইবাজনো সদস্যই হেনো ৰাজ যক্ষ্মা ৰোগত ভুগি অকাল মৃত্যুমুখত পৰিছে। আন এটা পৰিয়ালত প্ৰৱেশ কৰিছিল কুষ্ঠৰোগে। সেই যুগত এই দুয়োটা ৰোগৰ কোনো চিকিৎসা নাছিল। পাপ-পূণ্য মই বিশ্বাস নকৰো। কথাষাৰ মানুহে [ ২০ ]
আতা-আবু আৰু দুই কনিষ্ঠ ভাতৃৰ সৈতে দেউতা (বাওঁফালৰ পৰা দ্বিতীয়জন)
[ ২১ ] কৈছিল বাবে উল্লেখ কৰিলো। মোৰ জন্মৰ বহু আগতে ঘটা ঘটনাবোৰ পৰিয়ালৰ আৰু চহৰখনৰ কেইগৰাকীমান ব্যক্তিৰ মুখে শুনিছো।

 ইয়াৰ পিছত চাৰিটা এমা-ডিমা সন্তানক লৈ গাভৰু হৈ থকা আবুজনীৰ যে কি অৱস্থা হৈছিল। কেইটামান বছৰ ৰাজৰাণীৰ দৰে জীৱন কটাই হঠাতে ভিক্ষাৰিণী হ'বলগীয়া হ'ল অপৰূপা সুন্দৰী মহিলাগৰাকী। আতাৰ কাজিন ভায়েকসকলে আলোচনা কৰি সিদ্ধান্ত ল’লে আবুহঁতক গাঁৱলৈ লৈ যাব। তাত যিখিনি মাটি-বাৰী আছে তাৰেই জীৱনটো সুখে-দুখে কটাব পাৰিব। আত্মীয়-স্বজনকো তাত পাব আপদে-বিপদে। কিন্তু ল’ৰাহঁতৰ পঢ়া-শুনা? যিসকলৰ দেউতাক গৈছিল কলকাতালৈ পঢ়িবলৈ, সেইসকলে গাঁৱলৈ গৈ হাল বাই খাব? ই হ’ব নোৱাৰে— আতাৰ দুজন কাজিন আমাৰ শশী আতা আৰু নিশি আতাই ক'লে। তেওঁলোকৰ সৈতে একমত হ’ল দেউতাহঁতৰ ঘৰুৱা শিক্ষক সতীশ চন্দ্ৰ দত্ত। আশ্বাস দিলে যে ধুবুৰীত তেওঁ ল’ৰাকেইটাৰ অভিভাৱক হিচাপে সিহঁতক চোৱাচিতা কৰিব। পিছে খাব কি, পিন্ধিব কি? ব্ৰহ্মপুত্ৰৰ বতাহ খাইতো মানুহ জীয়াই থাকিব নোৱাৰে। শশী আতা-নিশি আতাই ল’লে সেই দায়িত্ব। গাঁৱৰ পৰা আতাৰ মাটিত হোৱা ধান তেওঁলোকে নাৱেৰে লৈ আহিব। তাতেইতো সমস্যাৰ শেষ নহয়। চাৰিটা শিশুক লৈ দুগৰাকী গাভৰু বিধৱা, আবু আৰু তেওঁৰ ননদেক থাকে কেনেকৈ? তাৰো উপায় ওলাল। জৱৰদস্ত বিহাৰী পৰিয়াল এটাক নিৰাপত্তাৰক্ষী হিচাপে নিযুক্তি দি আতাৰ মাটিৰ এফালে থকাৰ ব্যৱস্থা কৰিলে। গদাধৰ নামৰ বিহাৰী মানুহজনক মই তেওঁৰ বৃদ্ধ বয়সত দেখিছো। তেতিয়া তেওঁ কুঁজা হৈ গৈছিল। ঘৰৰ পিছফালে চাৰিগৰাকী কন্যা কবুৰী, উৰহিয়া, দুখীয়া, কেজিয়াসহ থাকিল আন এটা পৰিয়াল। তেওঁলোকক আমি পিসিমা (পেহী) বুলি মাতিছিলো। দুয়োটা পৰিয়ালকে দেউতাহঁতে আজীৱন আপোনজনৰ মৰ্যাদা যাচিছিল। আমাৰ পিতৃ পৰিয়ালৰ একমাত্ৰ জীৱিত সদস্য খুড়ীদেউ শ্ৰীমতী সৰলা দাসে ক’লে গদাধৰ দাদুৰ নাতিজনে মৃত্যুৰ আগে আগে ধুবুৰীলৈ আহি খুড়ীৰ ঘৰত ভাত খাই গৈছে। আনটো পৰিয়ালৰ উত্তৰপুৰুষসকল একেডোখৰ মাটিতে আছে আজিলৈ।

 আজিকালি পশ্চিমীয়া দেশবোৰত গাত টাটু (Tatto) কৰা এটা ফেশ্বন। বিহাৰী কবুতৰী পিসিমাহঁতৰ দেহাত সেই টাটু জ্ঞান হোৱাৰ পৰা দেখিছো। পৃথিৱীৰ অনেক জনগোষ্ঠীৰ মাজত টাটুৰ প্ৰচলন আছে। গাৰ ছাল বেজিৰে খুচি খুচি ভিতৰত ৰং— ঘাইকৈ ক’লা ৰং সুমুৱাই নক্সা বা চিত্ৰ অঁকাকে কোৱা হয় টাটু। বিহাৰী মহিলাসকলৰ ডিঙিয়ে-হাতে টাটুৰ নক্সা দেখিবলৈ পোৱা যায়। তেওঁলোকৰ মাজত ই বাধ্যতামূলক বুলি উৰহীয়া পিসিমাহঁতে কৈছিল। ইমান কষ্টেৰে দেহাটো সজাবলৈ বাধ্য বুলি জানি বিহাৰী পৰিয়ালত জন্ম নোহোৱা বাবে সৰুতে ভগৱানক ধন্যবাদ জনাইছিলো। সেই টাটু দেখিবলগীয়া হৈছিলো অত্যাধুনিক দেশ আমেৰিকাত। চেৰাবলিয়া আমেৰিকান মেম আৰু চাহাবহঁতৰ বাহু, হাত, ডিঙিৰ গুলপীয়া ছালখনৰ ওপৰত ক'লা ৰঙৰ টাটুৰ ডিজাইন দেখি মই বিচুৰ্তি খাইছিলো। আলোচনী এখনত দেখিছিলো অন্তঃসত্বা মহিলা এগৰাকীয়ে ওফন্দি থকা পেটটো টাটুৰ নক্সাৰে ঢাকিছে। টিভিৰ পৰ্দাত দেখিছিলো এগৰাকী প্ৰায় বিবসনা নাৰী, যাৰ সৰ্বশৰীৰ [ ২২ ] ঢাকিছে টাটুৰে। কেনেকৈ যে বেজিৰ খোচকেইটা সহ্য কৰিলে।

 উভতি আহো মহাসমুদ্ৰত পৰা পৰিয়ালটোলৈ। ল’ৰাকেইটাই যে পঢ়া-শুনা কৰিব পাৰিব তাকে ভাবি দুখৰ মাজতো আবুৱে শান্তি পাইছিল। তেওঁৰ সৈতে সমানে পৰিশ্ৰম কৰিছিল দেউতাহঁতৰ নিঃসন্তান বিধৱা পেহীয়েকগৰাকীয়েও। বেচেৰী বালবিধৱা ভনীয়েকক সুখত ৰাখিবলৈ ককায়েকে নিজৰ ঘৰলৈ আনিছিল, পিছে দুৰ্ভগীয়া ভনীয়েকে ভতিজাহঁতৰ ভৱিষ্যতৰ বাবেহে খাটিবলগীয়া হৈছিল।

 আবুৱে তেওঁৰ বিয়াত বহু সোণ পোৱা বুলি উল্লেখ কৰিছো। সেই সোণেই আছিল তেওঁৰ মূলধন। শুনি আচৰিত হৈছিলো প্ৰয়োজনত তেওঁ একো একো তোলা সোণ সাত টকা হাৰত বেচিছিল। বহুদিন পিছত জনা মানুহৰ পৰা জানিব পাৰিছো কোনোদিনে হেনো সোণৰ মূল্য ইমান কম নাছিল। বেচেৰী আবুৱেতো এইবোৰ কথা নাজানিছিল, কিনোতাই বিপদত পৰা মানুহগৰাকীক ঠগিছিল বুলি ক’লে বোধকৰো ভুল কোৱা নহয়।


কটন কলেজত দেউতা গিৰীন্দ্ৰমোহন

১৯১৭ চনত আবুৰ বৰপুত্ৰ গিৰীন্দ্ৰ মোহন ধুবুৰীৰ পৰা জাহাজেৰে গুৱাহাটীলৈ গৈছিল মেট্ৰিক পৰীক্ষা দিবলৈ। তেতিয়াৰ দিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো স্কুলৰ ছাত্ৰ আহিবলগীয়া হৈছিল উপত্যকাখনৰ একমাত্ৰ পৰীক্ষা কেন্দ্ৰ গুৱাহাটীলৈ। সেই বছৰ এবাৰ দুবাৰ নহয় তিনিবাৰকৈ প্ৰশ্নকাকত আউট হোৱা বাবে পৰীক্ষাৰ্থীসকলৰ হাৰাশাস্তি হৈছিল। সেই যুগত বাৰে বাৰে ঘৰৰ পৰা চাউল, চিৰা আদি টোপোলা-টুপুলি বান্ধি গুৱাহাটীলৈ যোৱা সহজ নাছিল। কিন্তু উপায়োতো নাছিল কাৰো।

 যিয়েই নহওক পুত্ৰই সুখ্যাতিৰে মেট্ৰিক— তেতিয়া কৈছিল এণ্ট্ৰেন্স— পাছ কৰা বাতৰি পাই আবুৰ দুচকুয়েদি ধাৰাসাৰে নামি আহিছিল চকুপানী। সেই চকু পানীত মিহলি হৈ আছিল আনন্দ আৰু বিষাদ। বহু কষ্ট কৰি পোনাহঁতক পঢ়ুৱাই আছে কোমল বয়সতে বিধৱা হোৱা মাকজনীয়ে। সেই কষ্ট যেন সাৰ্থক হ’ল— তেওঁৰ মৰমৰ ‘বাবা গিৰীনে’ (আবুই সেইদৰেই মাতিছিল পুতেকক) এণ্ট্ৰেন্স পাছ কৰিলে। আতালৈ মনত পৰি চকুলো টোকা স্বাভাৱিক। আবু চিন্তাত মগ্ন হ’ল। পুতেকক চাকৰিত সুমুৱাই দিব নে কলেজত পঢ়ুৱাব! আৰু দুটা ল’ৰা আছে, ছোৱালীকো দিব লাগিব বিয়া। তাই তেতিয়া তল ক্লাছৰ ছাত্ৰী। ককায়েকহঁতে মৰমতে ভনীয়েকক মাতিছিল বুৰী বুলি, ভাল নাম অবলা সুন্দৰী, পিছলৈ আমাৰ একমাত্ৰ পেহী। আবুৰ এই জীয়েকজনীৰ উপস্থিত বুদ্ধিয়ে ককায়েকহঁতক বিস্মিত কৰিছিল। তেতিয়াৰ দিনত ধুবুৰী চহৰত জিলাখনৰ খিলঞ্জীয়া মানুহতকৈ বংগভাষীৰ সংখ্যা আছিল বেছি। শিক্ষাৰ মাধ্যমো আছিল বাংলা। কণমানি বুৰীৰ স্কুলীয়া বান্ধৱীসকলে হেনো আবুক তাঁতশালত কাপোৰ বোৱা দেখি কৈছিল— ‘তোৰা কি জাতে তাঁতী?’ বুৰীয়ে টপৰাই উত্তৰ দিছিল— ‘তোদেৰ মা-ৰা যে কাপড় কাচে, তোৰা কি জাতে ধোপা?’ ককায়েকহঁতে খেলা-ধুলা শেষ কৰি গধূলি ঘৰ সোমোৱাৰ লগে লগে উত্তেজিত বুৰীয়ে [ ২৩ ] বিজয় গৰ্বেৰে লৰ মাৰি গৈ তেওঁলোকক কৈছিল— ‘আজি বাঙালী আপিগুলাৰ থোতা মুখ ভোঁতা কৰিলু।’ বুৰী ওৰফে অবলা সুন্দৰীক এইখিনিতে এৰি কিংকৰ্তব্যবিমূঢ় আবুৰ ওচৰলৈ যাওঁ।

 আবুৰ মনত পৰিছিল আতালৈ। ঘৰৰ আগচোতালত তালগছজোপাৰ তলত গধূলি ব্ৰহ্মপুত্ৰৰ পৰা অহা ৰিব ৰিব বতাহত গা জুৰ পেলাই বহি আছিল দম্পতিটো। দেউতাকৰ কোলাত আছিল আঢ়ৈ বছৰীয়া বৰপুত্ৰ আৰু মাকৰ কোলাত ছমহীয়া সৰুটো পুত্ৰ। ইহঁতৰ ভৱিষ্যৎ সম্পৰ্কে কৰিছিল আলোচনা। মাক তিৰোতা মানুহ, বাহিৰৰ খা-খবৰ নাজানে বৰকৈ। দেউতাকে কৈছিল ল’ৰা দুটাক কলকাতালৈ পঢ়িবলৈ নপঠায়। এণ্ট্ৰেন্স পাছ কৰাৰ পিছত গুৱাহাটীতে পঢ়ুৱাব। তেতিয়া আছিল ১৯০১ চন। কোলাৰ পোনাটোক চুমা এটা খাই গৃহস্থৰ মুখলৈ চাই মাকে সুধিলে—‘আপুনি কিয় গুৱাহাটীত পঢ়া নাছিল?’ পঢ়া নাছিল, কাৰণ তেওঁৰ দিনত উচ্চ শিক্ষাৰ কোনো ব্যৱস্থা নাছিল অসমত। সেই বছৰেই গুৱাহাটীত কটন কলেজৰ শুভাৰম্ভ হৈছিল, শুনি মাকেও বৰ ভাল পালে। কলকাতা বহু দূৰ। স্বামীৰ লগত গোৱালন্দ হৈ তেওঁ এবাৰ কলকাতালৈ গৈছিল বৈদ্যনাথধামলৈ যোৱাৰ পথত, ইমান দূৰলৈ পুতেকহঁতক পঠাই তেওঁ থাকিব কেনেকৈ? গুৱাহাটীও ওচৰ নহয়, কিন্তু কলকাতাতকৈ ওচৰ। তদুপৰি ধুবুৰীৰ জাহাজঘাটত উঠিলে পোনে পোনে গৈ গুৱাহাটী পাব পাৰি।

 এইবোৰ কথা ভাবি থাকোতে আবুৰ মনত পৰিল জমিদাৰ পৰিয়াল এটাৰ সৈতে কলকাতালৈ যোৱাৰ কথা। গোৱালপাৰাৰ অধিকাংশ জমিদাৰ পৰিয়ালৰ কলকাতাত একোটাকৈ ঘৰ আছিল। এতিয়াও অনেকৰ আছে। আবুহঁতৰ সহযাত্ৰী জমিদাৰনীয়ে নিজৰ বাৰীৰ সতেজ শাক-পাচলি টুকুৰী এটাত ভৰাই কোনোবা চিনাকি মানুহৰ বাবে লৈ গৈছিল। জাহাজতে নে ট্ৰেইনতে জানো উঠিছিল এযোৰা চাহাব আৰু মেম। তেতিয়া বগা ছালৰ মানুহ মাত্ৰেই আমাৰ প্ৰভু, সকলোৱে সমীহ কৰি চলে। টুকুৰী এটাত শাক-পাচলি দেখিলে প্ৰভূসকলে পাছে এওঁলোকক অসভ্য জংঘলী বুলি ভাবে সেই আতংকত জমিদাৰনীয়ে লৰালৰিকৈ বাকচৰ পৰা গোটেই গাত বন কৰা ৰঙা বেনাৰচী শাৰী এখন উলিয়াই টুকুৰীটো ঢাকি দিলে। এইদৰে সন্মান ৰক্ষা হ’ল। আমাৰ বাল্য কালত আবুৰ মুখে এইবোৰ কাহিনী শুনিবলৈ বৰ ভাল পাইছিলো। চাহাব-মেমক ইমান ওচৰৰ পৰা দেখা বাবে আবুক ভাগ্যৱতী বুলি ভাবিছিলো। আজিও বহু ভাৰতীয়ই এওঁলোকক দেখিলে জীৱন ধন্য হোৱা যেন পায়।

 এটা ঘটনাৰ কথা উলিয়ালে গছৰ পোখা মেলাদি ওলাই আহে আন এটা ঘটনা। আমি কিশোৰ-কিশোৰী কাজিনবোৰ ধুবুৰীৰ ঘৰৰ কিবা এটা উৎসৱ উপলক্ষে একেলগ হৈছিলো। কৈশোৰৰ দিনবোৰ সঁচাকৈয়ে সোণালী। চিন্তা-ভাবনা-দায়িত্ব একো নাই। স্কুল বন্ধ থাকিলে পৰীক্ষাৰ চিন্তাও নাই। বন্ধৰ দিনবোৰত ডেউকা লগাই উৰি ফুৰাই একমাত্ৰ কাম। যিয়েই নহওক, আমি ল’ৰা-ছোৱালীজাকে ভিতৰ চোতালত খেলি আছিলো, এনেতে কিবা কাৰণে মই আগ চোতাললৈ আহোতে দেখিলো ঘৰৰ আগেদি গৈ আছে আঠজনমান মেম আৰু চাহাব। য’ত এজনকে দেখা পোৱা টান, তাত আঠজন, এনে বিৰল দৃশ্য অকলে জানো উপভোগ কৰা যায়? মই একেবাৰে মিছাইলৰ গতিত ভিতৰলৈ গৈ মেমহঁতক চাবলৈ [ ২৪ ]
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে দেউতা (শেষৰ শাৰীৰ সোঁফালৰ পৰা দ্বিতীয়গৰাকী)সহ কটন কলেজৰ
ছাত্ৰসকল
[ ২৫ ] সকলোকে মাতিলো চিঞৰি চিঞৰি। হুৰহুৰাই কাজিনবাহিনীয়ে মোৰ পিছ ল’লে। পিছে আমাৰ আনন্দত চেঁচাপানী ঢালি গালি বৰ্ষণ কৰি কৰি ওলাই আহিছিল ডাঙৰ খুড়া। মানুহ চাবলৈ অসভ্যৰ দৰে আচৰণ কৰাটো আছিল আমাৰ অপৰাধ। ক’ত বগা-বগীহঁতক দেখি নয়ন সাৰ্থক কৰিম, ভয়তে সোমাবলগীয়া হ’লো বৈঠকখানাৰ চকী-মেজৰ তলত। তাৰ পৰা টানি উলিয়াই খুড়াই আমাক আচাৰ-ব্যৱহাৰ শিকাবলৈ দীঘলীয়া লেকচাৰ জাৰিলে।আমি অধোবদন হৈ শুনি থাকিলো যদিও মেমহঁতক নেদেখাৰ দুখত ম্ৰিয়মান হৈ আছিলো। খুড়াৰ হাতৰ পৰা উদ্ধাৰ পোৱাৰ পিছত ঘৰৰ চুক এটাত একেলগ হৈ ফুচফুচাই আমাৰ দুখৰ কাহিনীৰ বিষয়ে আলোচনা কৰাৰ কথা আজিও মনত পৰে।

 বহু বছৰ পিছত মই কলেজত পঢ়ি থাকোতে মানুহ চাবলৈ যোৱাক কেন্দ্ৰ কৰি একেজন খুড়াৰ গালি খাইছিলো। চাবলৈ যোৱা মানুহ দুজন কিন্তু চাহাব নাছিল, আছিল ফিল্মষ্টাৰ। এজন আছিল প্ৰদীপ কুমাৰ আৰু আনজন বিকাশ ৰয়। প্ৰদীপ কুমাৰে বাংলা-হিন্দী দুয়ো ভাষাৰ চিনেমাত অভিনয় কৰিছিল, বিকাশ ৰায়ে বোধকৰো কেৱল বাংলাত। তেওঁলোক দুয়ো, বিশেষকৈ প্ৰদীপ কুমাৰ আছিল বৰ জনপ্ৰিয়। চেলিমৰ ভাৱত অভিনয় কৰা তেওঁৰ এখন হিট কথাছবি আছিল ‘আনাৰকলি’। আনাৰকলি হৈছিল বীনা ৰায়। সেইখন ছবিত হেমন্ত কুমাৰে গোৱা গীতবোৰলৈ আজিও মনত পৰে। আমি হোষ্টেলৰ পৰা কেইজনীমান ছোৱালীয়ে গুৱাহাটীৰ এজন বিশিষ্ট অথচ বদনামী মানুহৰ ঘৰলৈ অতিথি হিচাপে অহা তাৰকাদ্বয়ক চাবলৈ ঢাপলি মেলিছিলো। নাজানো কোনে কথাষাৰ গুৱাহাটীবাসী খুড়াক লগালে। মনৰ আনন্দত যেতিয়া প্ৰদীপ কুমাৰ আৰু বিকাশ ৰায়ক দেখি জীৱন সাৰ্থক কৰি উভতিছো তেতিয়া কটকী পঠিয়াই মোক মাতি নিয়া হ’ল। তাৰ পিছত সকলো আনন্দ নিমিষতে মিহলি হৈ গ'ল ধূলিত। খুড়াই কথাষাৰ দেউতাক জনাব বুলি কৈ দিলে। বহুদিনলৈ দেউতাৰ গালি খোৱাৰ ভয়ত বুকুখন ঢিপ্লিং ঢিপ্লিং কৰি থাকিল। খুড়াই বোধকৰো জনোৱা নাছিল, মোক ৱাৰ্নিং এটাহে দিছিল। কাৰণ দেউতাৰ গালি খাবলগীয়া নহ'লো।

 এটা সময়ত চিনেমাত অভিনয় কৰা লোকসকলৰ, বিশেষকৈ অভিনেত্ৰীসকলৰ সামাজিক মৰ্যাদা বৰ সুবিধাজনক নাছিল। তেওঁলোকক লগ পাবলৈ যোৱাটোও আছিল গুৰুতৰ অপৰাধ, তাকো এজন বদনামী মানুহৰ ঘৰত। আজিকালি চিনেমা হলটো বেডৰুমলৈ অহা বাবে পৰিয়ালৰ সকলোৱে একেলগে বহি নায়কৰ বাহুবন্ধনত থাকি এবেগেত কাপোৰ পিন্ধা উলংগ নায়িকাৰ অভিনয় চায়। বাতৰি কাকত, আলোচনী আদিতো ছবিৰ সৈতে ছপোৱা সেইসকল নৰ-নাৰীৰ বিষয়ে সকলোৱে একেলগে পঢ়ে। আমাৰ সময়ত আপাদমস্তক ঢাকি ৰখা অভিনেত্ৰীসকলকো অনেকে বাঈজীহে বুলিছিল। আজি ভাবো, তেতিয়াৰ মানুহ বোধকৰো অহেতুক বেছি ৰক্ষণশীল আছিল। আৰু আজিৰ একাংশ হৈছে বেছি মুকলি।

 যাওক বাৰু এইবোৰ কথা। আতাৰ মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈ আবুৱে তেওঁলোকৰ বৰপুত্ৰ গিৰীন্দ্ৰক অৱশেষত গুৱাহাটীলৈ পঠাইছিল কটন কলেজৰ কলা বিভাগত আৰু দুবছৰ পিছত মাজুপুত্ৰ বীৰেন্দ্ৰক বিজ্ঞান বিভাগত ভৰ্তি কৰাবলৈ। আৰ্থিক অনাটনৰ মাজতো কেনেকৈ যে আবুৱে এই অসাধ্য সাধন কৰিলে নাজানো। অৱশ্যে আবুৰ সোণখিনি আছিল তেওঁৰ [ ২৬ ] অৰ্থবল।

 তেতিয়াৰ দিনত ছাত্ৰ সংখ্যা ইমানেই কম আছিল যে অধ্যক্ষ চুডমাৰ্চন চাহাবে প্ৰতিজন ছাত্ৰক নামেৰে সৈতে চিনি পাইছিল। ১৯১৮ চনত অগাপিছাকৈ সূৰ্য কুমাৰ ভূঞা আৰু বাণীকান্ত কাকতিয়ে কলেজখনত অধ্যাপক হিচাপে যোগ দিয়ে। ভূঞাদেৱ আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক। দেউতা অৰ্থাৎ আবুৰ বৰপুত্ৰ দুয়োগৰাকী অসমীয়া অধ্যাপকৰ ছাত্ৰ আছিল।

 জ্ঞান হ’বৰে পৰা দেউতা আৰু খুড়াৰ মুখে কটন কলেজ, চুডমাৰ্চন চাহাব, সূৰ্য কুমাৰ ভূঞা, বাণীকান্ত কাকতি আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা শুনিছো। পিছে এওঁলোক নো কি—মানুহেই নে আন কিবা বুজা নাছিলো।

 ১৯১৯ চনত ৰবীন্দ্ৰনাথ ঠাকুৰ অসমলৈ আহিছিল। কটন কলেজ পৰিদৰ্শন কৰাৰ সময়ত দেউতা সহিতে কেইজনমান ছাত্ৰৰ লগত তোলা ৰবীন্দ্ৰনাথৰ ফটো এখন আমাৰ ঘৰৰ বেৰত আঁৰি থোৱা মাত ফুটিবৰে পৰা দেখি আহিছিলো। ভাবিছিলো আমাৰ দেউতাৰ বন্ধু ৰবীন্দ্ৰনাথ। পিছে মোতকৈ চাৰি বছৰে ডাঙৰ বাইদেৱে ধমকি মাৰি মোৰ ভুল শুধৰাই দি কৈছিল— ‘এই আকৰীজনী, দেখা নাই মানুহটোৰ দীঘল ডাঢ়িখিনি। এওঁ দেউতাৰ মাষ্টৰহে।’ বাইদেৱে ভুল কোৱা নাছিল, ৰবীন্দ্ৰনাথ সমগ্ৰ বিশ্বৰে শিক্ষক। দেউতাৰ শিক্ষকসকলৰ ভিতৰত আমি পাইছিলো বাণীকান্ত কাকতিক, অৱশ্যে শিক্ষক হিচাপে নহয়, কটন কলেজৰ অধ্যক্ষ হিচাপেহে। আৰু সূৰ্য কুমাৰ ভূঞাৰ দৰে ব্যক্তিত্বক পাইছিলো পুৰণি কটন কলেজৰ হোষ্টেলত থাকোতে প্ৰতিবেশী হিচাপে। তেওঁৰ জীয়ৰী কমলিৰ লগত মই বৰ ঘনিষ্ঠ আছিলো। দুয়ো একে চনতে মেট্ৰিক পাছ কৰিছিলো যদিও তেওঁ সন্দিকৈত আৰু মই কটনত পঢ়িছিলো। আমি দুয়ো কেতিয়াবা তেওঁলোকৰ ঘৰত, কেতিয়াবা আমাৰ হোষ্টেলত একেলগে ইংৰাজী আৰু অসমীয়া পঢ়িছিলো।

 উভতি যাওঁ আবুৰ বৰপুত্ৰৰ কলেজীয়া জীৱনলৈ। এটা ঘটনাই প্ৰথম বাৰ্ষিক শ্ৰেণীত পঢ়া এই ছাত্ৰজনক চুডমাৰ্ছন চাহাবৰ কাষ চপাই আনিছিল। এদিন চাহাবে তেওঁক অধ্যক্ষৰ কোঠালৈ মতাই অনালে। ভয়তে কঁপি কঁপি বেচেৰাই সোমাই দেখে কলেজ ডিছপেন্সাৰীৰ কম্পাউণ্ডাৰজন তাত বহি আছে। তেওঁলৈ আঙুলিয়াই চুডমাৰ্ছন চাহাবে ছাত্ৰজনক ক'লে—‘এওঁৰ লগত কালি কিয় বেয়া ব্যৱহাৰ কৰিছিলা?’ ছাত্ৰজনে অস্বীকাৰ কৰাত কম্পাউণ্ডাৰজন জাঙুৰ খাই উঠিছিল। খঙাল মাতটো উচ্চগ্ৰামলৈ তুলি তেওঁ কৈছিল— ‘ঐ বদমাচ, তই কালি মোক বৰ্বৰ, চালা আৰু কিবা কোৱা নাছিলিনে? এতিয়া ছাৰৰ আগত মিছা মাতিছ?’

 ‘নাই ছাৰ, বৰ্বৰ, চালা কোৱা নাছিলো।’

 ‘কৈছিল ছাৰ, এতিয়া ভয়তে তেনেকৈ কৈছে।’

 ‘কিবা নিশ্চয় কৈছিলা। এনেয়ে আৰু তোমাৰ বিৰুদ্ধে ক’বনে? কি কৈছিলা কোৱা।’

 ‘ছাৰ, লজিকৰ ছাৰে অদ্ভূত কেইটামান শব্দ মুখস্থ কৰিবলৈ দিয়া বাবে সেইবোৰ গাই আছিলো। সেই সময়ত তেওঁ মোৰ আগেদি গৈছিল।’

 ‘কি গাই আছিলা শুনোৱাচোন।’

[ ২৭ ]  ‘বাৰ্বাৰা, ছালাৰেণ্ট, ডেৰিয়াই, ফেৰিঅ’, ছিজাৰে, কেমেছটিছ, বাৰোক্কো, ফেষ্টিনো...’ একে উশাহতে গাই গ'ল প্ৰথম বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰ গিৰীন্দ্ৰ মোহনে।

 চুডমাৰ্ছন চাহাবৰো লজিক আছিল হ’বলা। অট্ট হাঁহিৰে তেওঁ কোঠাটোৰ বতাহ কঁপাই তুলিলে। সেই দিনাৰে পৰা গিৰীন্দ্ৰ মোহন চুডমাৰ্ছন চাহাবৰ প্ৰিয়পাত্ৰ হৈ উঠিছিল। ১৯২১ চনত তেওঁ বি এ পৰীক্ষা দিয়াৰ বছৰটোত আন এটা ঘটনা ঘটিছিল। পৰীক্ষালৈ কেইটামান দিন বাকী। আবেলি চকীত বহি পঢ়ি আছে, এনেতে পিছফালে উচুপনিৰ শব্দ শুনি ঘূৰি চাই দেখে তেওঁৰ মোমায়েকৰ পুতেক ভুবন চন্দ্ৰ উচুপি উচুপি থিয় হৈ আছে। এওঁ এণ্ট্ৰেন্স পৰীক্ষা দিবলৈ আহিছিল। ককায়েকে ভাবিলে, তাৰ অংক পৰীক্ষা ভাল নোহোৱা বাবে কান্দিছে। পিছে কথা বিষম। পৰীক্ষাত এশৰ ভিতৰত এশই শুদ্ধ, কিন্তু বহীখনৰ ওপৰত নাম নিলিখাকৈয়ে জমা দি আহিছে। ককায়েকে একে জাপে চকীৰ পৰা উঠি ভায়েকক চোঁচৰাই লৈ গ’ল চুডমাৰ্ছন চাহাবৰ ওচৰলৈ। চাহাবে সকলো কথা শুনি পৰীক্ষাৰ্থীজনক নানাভাৱে পৰীক্ষা-নিৰীক্ষা কৰি বহীখনত নামটো লিখিবলৈ দিছিল। সকলো কাম নিৰ্বিঘ্নে হৈ যোৱাৰ পিছত চুডমাৰ্ছনে তেওঁৰ মৰমৰ ছাত্ৰজনক সুধিছিল বহীত নাম নিলিখা ল'ৰাজন কোন? উত্তৰত ছাত্ৰজনে ক'লে— ‘মোৰ কাজিন।’ অধ্যক্ষই মাটিত সজোৰে পদাঘাত কৰি কৈছিল— ‘The world is your cousin!’ আচলতে সেই সময়ত কটনত পঢ়ি আছিল গিৰীন্দ্ৰ মোহনৰ আৰু দুজনমান কাজিন।

 ইংৰাজী সাহিত্যৰ বিখ্যাত অধ্যাপক পি চি ৰয়ক দেউতাহঁতে পোৱা নাছিল। ১৯২৯-৩১ চনত কটন কলেজত নাম লগোৱা প্ৰথম গৰাকী ছাত্ৰী সুজাতা ৰয় আছিল পি চি ৰয়ৰ কন্যা। সুজাতাৰ আইতাক (মাতামহী) স্বৰ্ণলতা গুণাভিৰাম বৰুৱাৰ জীয়ৰী। কটন কলেজত ছোৱালীয়ে নাম লগোৱা শুনি দেউতাই বোধকৰো ভাবিছিল তেওঁ কেতিয়াবা কন্যা সন্তানৰ পিতৃ হ’লে তাইক তাতে পঢ়াব। তেওঁৰ মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈকে হ’বলা এই ধৰাত মোৰ আগমন ঘটিল। মই লহপহলৈ বাঢ়িলো সেইখন কলেজতে পঢ়িবলৈ।


পেহী অৱলাৰ বিয়া

চক্ৰবৎ পৰিবৰ্তন্তে দুখানি চ সুখানি চ— সুখ আৰু দুখ ঘূৰে চকৰিৰ দৰে। যমুনাৰ জীৱন-চকৰিটোও ধীৰে ধীৰে ঘূৰি থাকে। ধুমুহা বতাহেও ভাঙিব নোৱাৰা মানুহজনীয়ে নিজৰ ভাগ্যাকাশৰ পূব দিগন্তত দেখা পালে নতুন সূৰুযৰ ৰঙচুৱা পোহৰ। দুখৰ বিনিদ্ৰ নিশা পাৰ হ’ল নে, তেওঁ ভাবে।

 ১৯২১ চন। বৰপুত্ৰ গিৰীনে কটন কলেজৰ পৰা কলা শাখাত বি এ পাছ কৰি বংশৰ মুখ উজলালে। মাজু পুত্ৰ বীৰেনো দুবছৰ পিছত একেখন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক হৈ ওলাব। এই ল’ৰাজন ফুটবল খেলতো পাকৈত। সৰুটো ল’ৰা নৰেনে মন পুতি পঢ়ি আছে। এণ্ট্ৰেন্স পাছ কৰাৰ পিছত সকলোৰে ইচ্ছা তেওঁক ডিব্ৰুগড়ৰ বেৰী হোৱাইট মেডিকেল স্কুলত ডাক্তৰী পঢ়োৱাৰ। চন্দুকত থোৱা সোণখিনি লিৰিকি-বিদাৰি চাই যমুনাই [ ২৮ ] ভাবে, পাৰিবতো নৰেনক ডাক্তৰী পঢ়াবলৈ। কোৱা বাহুল্য যে নৰেনক বেৰী হোৱাইট মেডিকেল স্কুললৈকে পঢ়িবলৈ পঠিওৱা হৈছিল। নিচেই কম বয়সতে বিধৱা হোৱা যমুনাই অলংকাৰৰ পাহাৰ থকা সত্ত্বেও সকলো ত্যাগ কৰিবলগীয়া হৈছিল। বাকচত ভৰাই থৈছে বেনাৰচী-আনাৰচী শাৰীবোৰ। স্বামীহীনা হিন্দু নাৰীয়ে যে সকলো ত্যাগ কৰি শুধ বগা কাপোৰ পৰিধান কৰিব লাগে, আমিষ আহাৰ ত্যাগ কৰিব লাগে! তাৰ বাবে যমুনাৰ কোনো খেদ নাই। সেই সোণেৰে যে তেওঁৰ বুকুৰ আমঠু কেইটিক মানুহ কৰিব পাৰিছে এয়েতো তেওঁৰ পৰম প্ৰাপ্তি।

 ছমাহ বয়সতে পিতৃহীন হোৱা অবলাজনীৰ ৰূপ-গুণৰ খিয়াতি চৌদিশে জনাজাত হৈছে। দৰাৰ খবৰো আহি আছে। জীয়েকলৈ চাই ভাবে তাইৰ কপালখন যেন মাকৰ দৰে নহয়গৈ। এৰি অহা দিনবোৰে তেওঁক উপলব্ধি কৰিবলৈ শিকাইছে যে জীৱনত কেৱল ধনবলৰে নহয়, জনবলৰো প্ৰয়োজন আছে। ঘৰখন মানুহেৰে ভৰি থকা হলে কোনোবা হত্যাকাৰীয়ে সাহস পালেহেঁতেননে মুহূৰ্ততে তেওঁৰ জীৱনটো এইদৰে তচনচ কৰিবলৈ। মনে মনে সিদ্ধান্ত ল'লে তেওঁৰ আলাসৰ লাৰু, ককায়েকহঁতৰ নয়নৰ মণি বুৰীক এনে এটা পৰিয়ালত বিয়া দিব য’ত একেটা চৰুত ভাত খায় কুৰি-পঁচিশজনে। এইবোৰ কথা ভাবি থাকোতে ডাক্তৰ দৰা এজন ওলাল। ডিব্ৰুগড়ৰ পৰা নহয়, তেওঁ এম বি পাছ কৰি আহিছে কলকাতাৰ মেডিকেল কলেজৰ পৰা। নিঃসন্দেহে অতি লোভনীয় পাত্ৰ। গোৱালপাৰা চহৰৰ সমীপৱৰ্তী মৰনৈত তেওঁৰ ঘৰ। সদ্য গ্ৰেজুৱেট বৰপুত্ৰই যেন আকাশৰ জোনটো হাতত পালে। পিছে মাকে ক’লে— ‘সদবংশৰ চিকিৎসক জোঁৱাই এজন পোৱা ভাগ্যৰ কথা, কিন্তু একমাত্ৰ পুত্ৰ সন্তানলৈ ছোৱালীজনীক দিবলৈ মোৰ মনটো আগনাবাঢ়ে যে সোণ।’

 ‘দেউতা অকলশৰীয়া নাছিল জানো?’

 ‘তথাপিতো আমাৰ ভাগ্য ভাল, তেওঁৰ খুৰাকৰ ঋষিতুল্য দুজন পুতেক আছিল, তহঁতৰ শশী খুৰা আৰু নিশি খুৰা, আৰু আছিল তহঁতৰ মাষ্টাৰ বাবু সতীশ দত্ত, ৰূপসীৰ জমিদাৰ পৰিয়ালটো আৰু প্যাৰীমোহন দত্ত। এওঁলোক নথকা হ’লে আমাক শিয়াল-কুকুৰে টানি লৈ গ'লহেঁতেন।’

 এইখিনি কথা কৈ হঠাতে তেওঁ থমকি ৰ’ল। অতীতৰ কিছুমান ভয়ংকৰ ঘটনাৰ কথা ভাবি শিঁয়ৰি উঠিল মানুহজনী। বাকৰুদ্ধ হৈ গভীৰ চিন্তাত পোত যাবলৈ ধৰা মাকক দেখি পুতেকেও মনোকষ্ট পালে। দুখিনী মাকৰ বাবে তেওঁৰ প্ৰাণ কান্দি উঠিল। চকুপানী লুকুৱাবলৈ তেওঁ মাকক অকলে এৰি থৈ আঁতৰি গ’ল। এনেতে চঞ্চলা হৰিণীৰ দৰে নাচি নাচি মাকৰ কাষ পালে পাটগাভৰু বুৰী বা অবলা। মাকক থৰ লাগি বহি থকা দেখি তাইৰ নাচ বন্ধ হ’ল। মাকক দুবাহুত ধৰি জোকাৰি দিয়াৰ লগে লগে তেওঁৰ দুচকুৰে ধাৰাসাৰে নামি আহিল বৰষাৰ ধল। জীয়েকক সাবটি ধৰি কঁপা কঁপা মাতেৰে ক'লে— ‘আই অ’, তোক জাকৰুৱা ঘৰত বিয়া দিম।’ লাজতে ৰঙা পৰি দৌৰি ওলাই গ’ল অবলা।

 যমুনাৰ মন আকৌ উৰা মাৰিলে অতীতলৈ। চিনেমাৰ পৰ্দাত দেখা দিয়াৰ দৰে সেই দিনবোৰ, সেই ভয়ংকৰ দিনবোৰৰ ছবি এটাৰ পিছত এটাকৈ ওলালহি মনৰ পৰ্দাত। [ ২৯ ] চাৰিটাকৈ সন্তানৰ মাক হোৱা সত্ত্বেও সদ্য বিধৱা যুৱতীজনীৰ ৰূপ-লাৱণ্য অটুট আছিল। নিৰলংকাৰ দেহত শুধু বগা কাপোৰ সাজেও তেওঁৰ সৌন্দৰ্যক অলপো ম্লান কৰিব পৰা নাছিল। সেই ঘোৰ দুৰ্দিনত সহায়ৰ হাত আগবঢ়াই দিয়া সজ্জনৰ মাজত মুখা পিন্ধা কেইজনমান দুৰ্জনো যে থাকিব পাৰে বাহিৰা জগতৰ আও ভাও নুবুজা যমুনাই জানিব কেনেকৈ? তেতিয়াৰ ঘটনাবোৰৰ কথা মনত পৰিলে তেওঁৰ অন্তৰাত্মা আজিও কঁপি উঠে। সেই অধ্যায়টোৰ কথা পাহৰি যাব খোজে, কিন্তু নোৱাৰে, পাহৰা টান।

 বহু বছৰ আগৰ কথা ১৯০৮ নাইবা ১৯০৯ চন। গৌৰমোহন হত্যাকাণ্ডৰ এবছৰো হোৱা নাই। এদিন ৰাণা (ছদ্মনাম) নামৰ আত্মীয় এজনে গধূলি এঘৰলৈ ফুৰিবলৈ আহি ভিতৰত চাকিৰ মলিন পোহৰত কেইজনমান মানুহক ফুচফুচাই কথা কোৱা শুনিলে। কৌতূহলী হৈ তেওঁ ইকৰাৰে সজা বেৰখনত কাণ পাতি মানুহবোৰৰ আলোচনা শুনিবলৈ চেষ্টা কৰিলে। সিহঁতৰ কথাবোৰ উতলি থকা তেল যেন হৈ ৰাণাৰ কাণত বৰ্ষিত হ’ল। মানুহ ইমান হীন, ইমান ইতৰ হ’ব পাৰে নে? ৰাণাৰ হনু টান হৈ উঠিল। দুচকুৰে দাও দাওকৈ ওলাল জুইৰ লেলিহান শিখা। মন গ'ল আটাইকেইটা নৰাধমৰ নেলু চেপি ধৰিবলৈ। সেই নিশা এন্ধাৰত খুপি খুপি তেওঁ কেইজনমান শুভাকাংক্ষী আত্মীয়ৰ ঘৰলৈ গৈ জনালে ভাল মানুহৰ ছদ্মবেশত থকা নৰকৰ কীট কেইটামানে গাভৰু বিধৱাজনীক বেচিবলৈ দালালৰ সৈতে দৰদাম কৰি আছে। বজ্ৰাহত মানুহৰ দৰে শ্ৰোতাসকল লৰচৰ কৰিব নোৱাৰা হ’ল। অৱশেষত এওঁলোকৰ চেষ্টাত অধিক সুৰক্ষাৰ ব্যৱস্থা কৰা হ’ল ধুবুৰীৰ পৰিয়ালটোৰ।

 প্যাৰীমোহন দত্ত নামৰ ধুবুৰীৰ এগৰাকী সম্ভ্ৰান্ত ব্যক্তিৰ সৈতে আতাহঁতৰ পৰিয়ালটো অতি ঘনিষ্ঠ আছিল। আবুৰ ভাষাত তেওঁক ‘বাপদায়’ দিছিল। আবুৱে তেনেদৰেই আমাক কোৱা মনত পৰে। ‘বাপদায়’ দিয়াৰ অৰ্থ তেওঁলোকে দুয়োৰে মাজত পিতা-পুত্ৰীৰ সম্পৰ্ক স্থাপিত হোৱা। বোধকৰো তাকে কৰোতে ধৰ্মীয় কিছু বিধি-বিধান অনুষ্ঠিত কৰিবলগীয়া হৈছিল কেইগৰাকীমান গণ্যমান্যৰ উপস্থিতিত। প্যাৰীমোহনে হেনো কৈছিল পিতৃৰ উপস্থিতিত কোনো দূৰাচাৰীয়ে কন্যাৰ সন্মান হানি কৰিব নোৱাৰে।

 দত্ত পৰিয়ালত তাহানিৰে পৰা আজিলৈকে দুৰ্গা পূজা অনুষ্ঠিত হৈ আছে। সেই পৰিয়ালৰে ছোৱালীৰ ফালৰ উত্তৰপুৰুষ এঘৰৰ বোৱাৰী, নৃত্যপটিয়সী জাৰ্মান-তনয়া এৰিকা নন্দীয়ে পৰম্পৰাগতভাৱে চলি অহা দুৰ্গা পূজাত আৰতি নৃত্য কৰে।

 বাৰ বছৰীয়া অবলা সুন্দৰীৰ মাকে পছন্দ কৰা দৰাৰ লগত বিয়া হৈ গ’ল এদিন। দৰা তেতিয়াও স্কুলীয়া ছাত্ৰ। ঘৰ আবুৰ মাক-দেউতাকৰ গাঁও মৌৱাটাৰীৰ সমীৱৰ্তী সত্যপুৰ গাঁৱত। মৌৱাটাৰী, আৰেয়াৰঝাৰ, ভকতপাৰা, সত্যপুৰ আদিকে লৈ কেইবাখনো গাঁৱৰ সমষ্টিকে কোৱা হয় চাপৰ।

 পূবে চম্পাৱতী নৈ আৰু ভৈৰৱ পাহাৰ, পশ্চিমে ধীৰ বিল আৰু চক্ৰশিলা পাহাৰ, উত্তৰে পাতালপুৰ আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ — এই চাৰিসীমাৰ মাজত অৱস্থিত চাপৰ এখন উন্নত গাঁও। ৰত্নগৰ্ভা চাপৰে সুদূৰ অতীতৰে পৰা জন্ম দিছে অনেক সুসন্তানৰ। ১৮৮৬ চনত সত্যপুৰ গাঁৱৰ পৰা শিক্ষা লাভ কৰিবলৈ নাৱেৰে ঢাকালৈ গৈছিল জোতদাৰ পুত্ৰ [ ৩০ ] শম্ভুচৰণ দাস। তাৰ পৰা অহাৰ পিছত তেওঁ বিলাসীপাৰা-চাপৰ জমিদাৰৰ দেৱান (মেনেজাৰ) পদত নিযুক্তি পায়। শম্ভুচৰণৰ ভায়েক বিন্দুচৰণো ঢাকালৈ গৈছিল চিকিৎসা শাস্ত্ৰ অধ্যয়ন কৰিবলৈ। সেই সময়ত অঞ্চলটোত তেৱেঁ আছিল একমাত্ৰ নামী স্ত্ৰীৰোগ বিশেষজ্ঞ। বিন্দুচৰণৰ প্ৰতিভা আছিল বহুমুখী। কুৰি শতিকাৰ প্ৰথমৰ ফালে খেতিপথাৰত পানীৰ যোগান ধৰিবলৈ তেওঁ চম্পা নৈৰ পানী নলাৰে বতৰদল গাঁৱলৈকে বোৱাই নিয়াৰ ব্যৱস্থা কৰিছিল। এই নলা (irrigation canal) খান্দিছিল ৰাইজে। শিল্পীসুলভ মনৰ অধিকাৰী বিন্দুচৰণে ৰাইজৰ বিনোদনৰ বাবে লক্ষ্ণৌৰ পৰা উচ্চাংগ সংগীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ কৰি আনিছিল ওস্তাদসকলক। কলকাতাৰ পৰা অনাইছিল যাত্ৰাৰ দল। নিজৰ গাঁৱত নাটকৰ দল গঠন কৰি প্ৰায়ে নাটক মঞ্চস্থ কৰিছিল।

 এটা পুত্ৰ সন্তান জন্ম দিয়াৰ পিছত বিন্দুচৰণৰ পত্নীৰ মৃত্যু হোৱাত পত্নীশোকত ম্ৰিয়মান হৈ তেওঁ সংসাৰ ত্যাগ কৰি স্বামী নিগমানন্দৰ শিষ্যত্ব গ্ৰহণ কৰে। পৰিয়ালটোত এটা মাত্ৰ সন্তান থকা বুলি গম পাই স্বামীজীয়ে তেওঁক গৃহী হ’বলৈ উপদেশ দিয়ে। গুৰুৰ আদেশমতে বিন্দুচৰণে গৃহ ধৰ্ম পালন কৰিছিল যদিও ঘৰৰ সন্মুখত আশ্ৰম পাতি বিনামূলীয়াকৈ ৰাইজলৈ চিকিৎসা সেৱা আগবঢ়াইছিল। সাধু হৈ যোৱা বাবে তেওঁ ‘সাধু আতা’ নামেৰে খ্যাত হৈছিল পিছৰ প্ৰজন্মৰ ল'ৰা-ছোৱালীৰ মাজত।

 বিন্দুচৰণৰ জ্যেষ্ঠ পুত্ৰ হৰেন্দ্ৰ চন্দ্ৰ দাসেই আছিল অবলা সুন্দৰীৰ স্বামী। মাকে বিচৰামতে এইখন ঘৰত একেটা চৰুতে ভাত খাইছিল বৃহৎ যৌথ পৰিয়ালটোৱে। কালক্ৰমে হৰেন্দ্ৰ চন্দ্ৰ— যাক চাপৰবাসীয়ে তেওঁৰ ঘৰত মতা নাম ডিম্বু বাবু বুলিয়ে জানে— চাপৰ অঞ্চলত এগৰাকী খ্যাতনামা ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হয়। ঠাইখনৰ উন্নতিৰ বাবে তেওঁ বহু জনহিতকৰ কাম কৰিছিল। লোকেল বোৰ্ডৰ সদস্য হৈ থকা সময়ছোৱাত তেওঁ ভিতৰুৱা অঞ্চলত বাট-পথ নিৰ্মাণ কৰাৰ উপৰি গাঁওবোৰত পকী নাদ সাজি দিছিল। তেওঁ আছিল চাপৰ হাইস্কুলৰ প্ৰতিষ্ঠাপক সচিব, তেওঁ নিজে আছিল এজন ফুটবল খেলুৱৈ আৰু খেলখন জনপ্ৰিয় কৰিবলৈকো তেওঁ চেষ্টা কৰিছিল।

 চাপৰৰ উজ্জ্বল নক্ষত্ৰ শৰৎ চন্দ্ৰ সিংহই হৰেন্দ্ৰ চন্দ্ৰক মামা বুলি সম্বোধন কৰিছিল। সিংহ ডাঙৰীয়াই এঠাইত লিখিছে যে মামা কম বয়সত আছিল পাকৈত খেলুৱৈ আৰু পৰিপক্ক বয়সত হ’ল অভিজ্ঞ ৰাজনীতিবিদ। মোমায়েকেও পাৰ্শ্বৱৰ্তী ভকতপাৰা গাঁৱৰ শৰতৰ মাজত প্ৰতিভাৰ উমান পাই তেওঁ যাতে বাধাহীনভাৱে আগবাঢ়ি যাব পাৰে তালৈ লক্ষ্য ৰাখিছিল। হৰেন্দ্ৰ চন্দ্ৰক মানুহে কিং মেকাৰ বুলিও কয়। শৰৎ সিংহৰ উত্থানৰ আঁৰত আছিল এইগৰাকী ব্যক্তিৰো অৱদান।

 টকা-পইচা, মাটি-বাৰী আৰু প্ৰভাৱ-প্ৰতিপত্তিত অঞ্চলটোৰ এগৰাকী সম্ভ্ৰান্ত ব্যক্তিক জোঁৱাই হিচাপে পাই আবুৱে মনত বৰ শান্তি পাইছিল। এইটো পৰিয়ালতে জোঁৱায়েকৰ বৰ দেউতাক শম্ভুচৰণৰ লগত বিয়া হৈছিল আবুৰ ভনীয়েক জানকীৰ। কম বয়সতে তেওঁৰ মৃত্যু হয়। আমি কোনেও তেওঁক নেদেখিলেও তেওঁৰ ডিঙিৰ কুৰি তোলা ওজনৰ বিস্কুট ডিজাইনৰ শকত হাৰডাল দেখিছো। তেওঁ নিঃসন্তান হোৱা হেতুকে যৌথ পৰিয়ালটোৰ [ ৩১ ] উত্তৰাধিকাৰীসকলে তেওঁৰ অলংকাৰবোৰ পাইছিল। উল্লিখিত হাৰডাল আমাৰ পেহী অবলাৰ কোনোবা এজন পুতেকে পাইছে। আগৰ দিনৰ চহকী পৰিয়ালবোৰত কিমান যে সোণ-ৰূপ আছিল। আমাৰ আবুৱে তেওঁৰ সোণ বেচি তিনিটা ল’ৰাক পঢ়ুৱাইছিল, জীয়েকক বিয়া দিছিল। তাৰ পিছতো আছিল এডাল ষোল্ল তোলা ওজনৰ হাৰ। সেইডাল আমি দেখিছো, অতি মিহি সোণৰ তাঁৰেৰে কৰা হাৰডালৰ শিল্পমান আছিল অতি উন্নত। আবুৰ মৃত্যুৰ পিছত চাৰি ভাই-ভনীৰ মাজত ভাগ হয় হাৰডাল।

 আবুৰ বৰপুত্ৰজন কিছুমান কথাত আছিল অতি অঁকৰা। বিয়া হোৱাৰ পিছত ছোৱালীজনীয়ে যে বাকী জীৱনটো শহুৰেকৰ ঘৰত কটায় তেওঁ নেজানিছিল। মৰমৰ ভনীয়েকজনী লোকৰ ঘৰত থাকিব বুলি জানি তেওঁ হেনো অন্তৰত গভীৰ আঘাত পাইছিল। তেওঁৰ মনত প্ৰশ্ন জাগিছিল একে মাক-দেউতাকৰ সন্তান হৈ কিয় ল’ৰাকেইজন ঘৰত থাকিল আৰু ছোৱালীজনী যাবলগীয়া হ'ল। বোধকৰো তেতিয়াই তেওঁ এই বৈষম্যৰ প্ৰতি সচেতন হৈছিল। পৰৱৰ্তী জীৱনত নাৰীৰ প্ৰতি তেওঁৰ যি উদাৰ দৃষ্টিভংগী লক্ষ্য কৰিছো সি তেতিয়াৰ যুগত আছিল অসাধাৰণ। হয়তো তেওঁৰ ধাৰণা আছিল স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ ঘটিলে লিংগবৈষম্যৰ ওৰ পৰিব। এই সন্দৰ্ভত তেওঁৰ অৱদানৰ কথা সময়ত কম।

 ভনীয়েকক চাবলৈ আৰু ঘৰলৈ আনিবলৈ বৰ ককায়েকজন ঘনাই সত্যপুৰলৈ গৈছিল। তেওঁক দেখা পালেই ভনীয়েকৰ বৰদেউতা-শহুৰ শম্ভুচৰণ হেনো গহীন হৈ পৰিছিল, কাৰণ বোৱাৰীয়েক ইমান ঘনাই মাকৰ ঘৰলৈ যোৱাটো তেওঁ ভাল পোৱা নাছিল। আনহাতে তেওঁৰ নিজৰ শহুৰেকে কিন্তু ককায়েকক উষ্ণ আদৰণি জনাইছিল। তেওঁ গৃহী হৈও আছিল সাধু, , গতিকে বোৱাৰীজনীৰ প্ৰতিও আছিল উদাৰ। আবুৱে জনসমুদ্ৰৰ মাজত ছোৱালীজনীক আপদ-বিপদৰ পৰা ৰক্ষা কৰিবলৈ বিয়া দিছিল ঠিকেই, কিন্তু তেওঁ যে অনু পৰিয়াল এটাত ককায়েক-মাকৰ আলাসৰ লাৰু হিচাপে ডাঙৰ হোৱা একমাত্ৰ ছোৱালী! শহুৰৰ ঘৰতো তেতিয়ালৈ একমাত্ৰ বোৱাৰী হিচাপে মৰম পালেও আনৰ ঘৰত কোনো বোৱাৰী কোনো দিনেই মুকলিমুৰীয়া হৈ থাকিব নোৱাৰে। তদুপৰি মূৰৰ ওপৰত চাৰিজনীকৈ শাহু আই, শহুৰেকৰ সাত ভায়েকৰ ভিতৰত জীয়াই থকা চাৰি ভায়েকৰ চাৰিগৰাকী পত্নী। মাহী শাহু, পেহী শাহু সকলৰো সঘন আগমন ঘটে ঘৰখনত। শাহুয়েকসকলৰ মৰম পালেও হুকুমো মানিব লাগে। এবাৰ হেনো এগৰাকী শাহুয়েকে তেওঁক কৈছিল— ‘এই দেৱানৰ বেটি (জীয়ৰী), ঘৰ মুচিবা (মচিব) পাৰিস্?’ বোৱাৰীয়েকে পাৰিম বুলি কোৱাত তেওঁ থিয় হৈ থাকি মজিয়াখন মচিবলৈ শিকাইছিল। কালক্ৰমে বোৱাৰীয়েক ইমান এক্সপাৰ্ট হ’ল যে ওচৰ-চুবুৰীয়া পৰিয়ালৰ শাহুয়েকহঁতে তেওঁলোকৰ বোৱাৰীহঁতক গালি পাৰিছিল আমাৰ পেহীক উদাহৰণ স্বৰূপে দাঙি ধৰি এইদৰে— ‘জোতদাৰ ঘৰেৰ বৌখিনি (বোৱাৰীজনী) দেৱানেৰ বেটি আছিল, ঘৰখনত ক’ত কামানি (কাম) কৰে! হোৰা (সৌৱা) চাকৰ বাকৰ নাথাকিলে গোহালি চাফা কৰিয়া মাথাত গোবৰেৰ পাচিটা নিয়া (লৈ) যাবা লাজ নাকৰে। আৰ তুমিৰা (তোমালোক) খাবা-নাপাওয়াৰ বেটি (খাবলৈ নোপোৱাৰ জীয়েক) কিছু কৰিবা নাপাৰিস।’

 পেহীক জাকৰুৱা ঘৰত বিয়া দিয়াৰ প্ৰসংগত মনত পৰিছে মোৰ ডাঙৰ জা প্ৰতিভা [ ৩২ ] বাইদেউৰ দেউতাকলৈ। বৰ্তমানে নব্বৈ বছৰীয়া বাইদেউ আমাৰ গুহ পৰিয়ালটোৰ জ্যেষ্ঠতম সদস্য। প্ৰগতিশীল ঘৰৰ জীয়ৰী বাইদেৱে তেতিয়াৰ দিনতে আই এ পাছ কৰাৰ পিছত জাকৰুৱা ঘৰত বিয়া দিছিল দেউতাকে। ১৯৩৭ চনত বাইদেউৰ বিয়া হোৱাৰ সময়ত গুৱাহাটীৰ উলুবাৰীত থকা গুহ পৰিয়ালটোত আছিল শহুৰ শাহুৰে সৈতে স্বামীৰ এঘাৰজন ভাই-ভনী, বৰজনাকৰ ছটা মাতৃহীন এমা-ডিমা ল’ৰা-ছোৱালী, শাহুৰ মাক আৰু কোনোবা কোনোবা। তেওঁ আছিল মাক-দেউতাকৰ একমাত্ৰ জীয়ৰী, ককায়েক এজন। ককায়েক শিশিৰ কুমাৰ ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰিয়পাত্ৰ আছিল। তেওঁ ভাল বাঁহীবাদক আছিল বাবে ৰবীন্দ্ৰনাথে শিশিৰদাক বাঁশীৱালা বুলি মাতিছিল। ৰবীন্দ্ৰনাথৰ লগত তেওঁ বহুবাৰ বহু ঠাইলৈ গৈছে। আজি এবছৰ আগতে বিৰানব্বৈ বছৰ বয়সত শিশিৰদাৰ মৃত্যু হৈছে। যিয়েই নহওক, প্ৰতিভা বাইদেউক সুধিছিলো দেউতাকে কিয় তেওঁক এই জাকৰুৱা ঘৰখনত বিয়া দিছিল। আমাৰ আবুৰ দৰে ওৰে জীৱন অকলশৰীয়া বাইদেউৰ দেউতাকে কৈছিল, ধনবলতকৈ জীৱনত জনবলৰ প্ৰয়োজন বেছি! নাজানো, কথাষাৰ বৰ্তমান যুগত কিমানদূৰ প্ৰযোজ্য। আজিৰ মানুহৰ সন্তান সংখ্যা কম, আত্মকেন্দ্ৰিক, সম্পত্তিৰ লোভ বেছি। চহকী দেউতাকৰ একমাত্ৰ পুত্ৰক জোঁৱাই হিচাপে পাবলৈ আজিৰ অধিকাংশ পিতৃ-মাতৃয়ে আশা কৰে। মোৰ ছোৱালী নাই, থকা হ’লে ময়ো সৰু পৰিয়ালত বিয়া দিলোহেঁতেন নিশ্চয়।

 জীয়েকক বিয়া দি বোৱাৰী আনিবলৈ আবু ব্যস্ত হৈ পৰিল। বি এছ পাছ কৰি বৰপুত্ৰ গিৰীণে স্কুল এখনত সোমাইছিল। মেচপাৰা জমিদাৰৰ দেৱান বা মেনেজাৰৰ পদো তেওঁ পাইছিল, পিছে মাকৰ আপত্তি। তেওঁৰ স্বামী একেটা পদত থাকোতে আততায়ীৰ হাতত নিহত হৈছিল। স্বাভাৱিকতেই পুতেক সেই মুৱা হোৱাটো পছন্দ কৰা নাছিল তেওঁ। ইতিমধ্যে বিজনীৰাজ এষ্টেটৰ খুটাঘাট পৰগণা পৰিচালনা কৰিবলৈ তেওঁ নিযুক্তি পায়। ইফালে মাজুপুত্ৰ বীৰেণেও সুখ্যাতিৰে কটন কলেজৰ পৰা ১৯২৩ চনত বি এছ চি পাছ কৰি জামছেদপুৰৰ টাটা কোম্পানীত চাকৰি পাই অসম এৰে। তাত কিছুদিন কাম কৰাৰ পিছত কিবা কথাত কেৰাণী এজনৰে স’তে তৰ্কাতৰ্কি হয়। তেওঁৰ আৰু ভাল নালাগিল তাত। তেতিয়াৰ দিনৰ বিজ্ঞানৰ স্নাতকৰ বাবে চাকৰিৰ অভাৱ নাছিল। বিহাৰৰ ধানবাদত চাকৰি এটা পালে যদিও পৰিয়ালৰ মানুহে বাহিৰত থকাটো ভাল নোপোৱা বাবে অসমলৈ উভতি আহি কো-অপাৰেটিভ ইন্সপেক্টৰ হিচাপে অসম চৰকাৰৰ অধীনত চাকৰিত যোগ দিয়ে। চাকৰি জীৱনটো সেই বিভাগতে থাকি এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ পদলৈ উন্নীত হৈ তেওঁ অৱসৰ গ্ৰহণ কৰে।

 আবুৰ পুত্ৰসকল আছিল দিলদৰিয়া স্বভাৱৰ, মাকৰ দৰেই। তেওঁ যেতিয়া অশেষ কষ্টৰ মাজেৰে নিজৰ ল’ৰা-ছোৱালী চাৰিটাক পোহপাল দি আছিল তেতিয়া বৰপুত্ৰই গাঁৱৰ পৰা মোমায়েকৰ পুতেকহঁতকো ধুবুৰীলৈ আনি স্কুলত ভৰ্তি কৰোৱাৰ প্ৰস্তাৱ আগবঢ়ায়। তাৰে পৰিণতিত মোমায়েকৰ বৰপুত্ৰ ভুবন চন্দ্ৰই এইখন ঘৰতে থাকি চতুৰ্থ শ্ৰেণীৰ পৰা এন্ট্ৰেন্স পৰীক্ষালৈ ধুবুৰী হাইস্কুলত পঢ়ে। ভুৱন চন্দ্ৰ আছিল অত্যন্ত মেধাৱী। এঁৱে এন্ট্ৰেন্স পৰীক্ষাত [ ৩৩ ] গণিতৰ উত্তৰপত্ৰত নাম লিখা নাছিল। এওঁৰ মেধা উত্তৰাধিকাৰী সূত্ৰে বিয়পিছে পুতেক জীয়েক আৰু নাতি-নাতিনীসকলৰ মাজলৈ। এওঁলোকৰ মাজেৰে ভুৱন খুৰাৰ জিন-ক্ৰমজ’ম বাহিত হৈ প্ৰতিষ্ঠিত হৈছে দেশ-বিদেশত। খুৰাৰ জ্যেষ্ঠপুত্ৰ বৰ্তমানে গ্লাছগো নিবাসী ডাক্তৰ অনিমেষ দাসক জন্মৰ পাছতে আমাৰ বাইদেৱে বিছনাৰ পৰা বগৰাই দিব খুজিছিল ভণ্টী নহৈ ভাইটি হোৱা বাবে। অনিমেষ আৰু তেওঁৰ স্কটিছ পত্নী এ্যনৰ তিনিটা ল'ৰা-ছোৱালী তিনি মহাদেশত সুপ্ৰতিষ্ঠিত।

 ভুৱন খুৰাই অতি সুখ্যাতিৰে এন্ট্ৰেন্স পাছ কৰাৰ পিছত তেওঁৰ মন গ’ল ডিব্ৰুগড়ত ডাক্তৰী পঢ়িবলৈ। তেতিয়া সস্তাৰ দিন আছিল যদিও আৰ্থিক অৱস্থা ডাক্তৰী পঢ়াৰ অনুকুল নাছিল। আবুৰ সোণৰ ভঁৰালো ইতিমধ্যে উদং হৈ আহিছে। দুটা ল’ৰাক হোষ্টেলত ৰাখি গ্ৰেজুৱেট কৰিলে, সৰুটোৱে ডাক্তৰী পঢ়ি আছে, ছোৱালীজনীক বিয়া দিছে। এতিয়া ভতিজাকক পঢ়ায় কেনেকৈ? সেই বুলি তাকতো কলিতে মৰহি যাবলৈ দিব নোৱাৰি। তেওঁ ধৰ্মপিতৃ প্যাৰী মোহন দত্তৰ ওচৰলৈ গ’ল কথাষাৰ আলোচনা কৰিবলৈ। কন্যা আহিছে পিতৃৰ ওচৰলৈ সহায় বিচাৰি! তাইকতো নিৰাশ কৰিব নোৱাৰি। অৱশেষত তেওঁ ল’ৰাজনৰ বাবে এটা বৃত্তি যোগাৰ কৰি দিলে। মেডিকেল স্কুলৰ কৰ্তৃপক্ষয়ো ছাত্ৰজনৰ মাচুল ৰেহাই কৰি দিছিল। আমাৰ এইগৰাকী খুৰা চিকিৎসক হিচাপে যেনে সফল আছিল ব্যক্তি হিচাপেও আছিল সমানে উদাৰমনা। গ্ৰামাঞ্চলত ডাক্তৰী কৰা খুৰাই দুখীয়া ৰোগীৰ পৰা ভিজিট লোৱা দূৰৈৰ কথা পথ্য কিনিবলৈ নিজৰ জেপৰ পৰা পইচা উলিয়াইহে দিছিল।

 বৰ্তমান যুগত বেছিভাগ মানুহ হৈছে আত্মকেন্দ্ৰিক। কোনেও কাকো চিনি নাপায়, কাৰো বাবে কোনেও নাভাবে। আগৰ দিনত ভাই-ভতিজাহঁততো আপোনেই, অঙহী-বঙহীহঁতো আপোন। আমাৰ আবুৱে যেনেকৈ অভাৱ-অনাটনৰ সংসাৰত আত্মীয়-স্বজনক নানাভাৱে সহায় কৰিছে তেনেকৈ কৰিছে পুত্ৰসকলেও। বোধকৰো তেতিয়াৰ দিনত এই প্ৰৱণতা পৰম্পৰাগত ৰীতি আছিল। মোৰ মনত পৰিছে মোৰ ডাঙৰ জা প্ৰতিভা বাইদেউহঁতৰ পৰিয়াললৈ। তেওঁলোকৰ মোমায়েকৰ ঘৰত আশ্ৰিত হৈ থাকি এসময়ত কলেজত পঢ়িছিল বিশ্ববিখ্যাত যাদুকৰ পি চি সৰকাৰে (জ্যেষ্ঠজন)। ৰাতি ৰাতি তেওঁৰ কোঠাৰ পৰা হেনো ধুপ-ধাপ শব্দ নিস্তব্ধতা ভেদ কৰি বাইদেউহঁতৰ কাণত পৰিছিল। মোমায়েকহঁতে কোৱা-কুই কৰিছিল ল’ৰাটোৱে পঢ়া-শুনা নকৰি কি কৰি থাকে। বোধকৰো যাদুবিদ্যাত তেতিয়াই তেওঁৰ ‘হাতে খড়ি’ হৈছিল। সেইখন ঘৰত আশ্ৰিত হৈ থাকিলেও তাৰ বিনিময়ত তেওঁ পৰিয়ালটোৰ স্কুলীয়া ল’ৰাবোৰক পঢ়ুৱাইছিল।

 দেউতাহঁতে অনেক আত্মীয় আৰু দূৰ সম্পৰ্কৰো আত্মীয়ক পঢ়া-শুনা কৰি নিজৰ ভৰিত থিয় দিবলৈ সহায় কৰিছিল। আমি বাই-ভনীকেইজনীৰ জন্মৰ পিছতো দেউতাৰ দান-দক্ষিণা কৰা স্বভাৱটো বৰ্তি আছিল পূৰ্ণোদ্যমে। কেইগৰাকীমান শুভাকাংক্ষীয়ে মনত পেলাই দিছিল নিজৰ জীয়েককেইজনীৰ ভৱিষ্যতৰ কথা ভাবিবলৈ— ‘সিহঁতক ভিক্ষাৰী কৰিব খুজিছা নেকি?’ তেনে এটা পৰিস্থিতি জীয়েকহঁতৰ জীৱনলৈ নহা নহয়। পিছে সেই কথা আজি নুলিয়াওঁ।

[ ৩৪ ]

মা-দেউতাৰ সৈতে বাইদেউ
[ ৩৫ ]

বৰবোৱাৰীক আদৰিলে যমুনাসুন্দৰীয়ে

অৱশেষত যমুনা সুন্দৰীয়ে তেওঁৰ দৰে এজনী ৰূপৱতী পাটগাভৰু নীহাৰিকা চৌধুৰীক বৰবোৱাৰী কৰি আনিলে। কইনা চাবলৈ দৰা হেনো বগা ঘোঁৰাত চেকুৰি গৈছিল। এনে আকৰ্ষণীয় ডেকাজনক দেখি কইনাৰ হৃদয় নিশ্চয় নাচি উঠিছিল। নীহাৰিকাৰ দেউতাক অবিভক্ত গোৱালপাৰা জিলাৰ শগুণবাহী গাঁও নিবাসী কেশৱ চন্দ্ৰ চৌধুৰী আছিল গোৱালপাৰা হাইস্কুলৰ শিক্ষক। তেওঁ অতি শিক্ষিত আৰু সংস্কৃতিবান পুৰুষ আছিল। অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে কেশৱ চন্দ্ৰই কবিতা লিখি কিতাপ আকাৰে প্ৰকাশো কৰিছে। বাংলা ভাষাত ‘সতী জয়মতী’ নামৰ কবিতা পুথিখন লিখাৰ ঘাই উদ্দেশ্য আছিল বাঙালী সমাজক জয়মতীৰ মহিমা সম্পৰ্কে অৱগত কৰোৱা। চাণক্য শ্লোকখন সংস্কৃতৰ পৰা অসমীয়ালৈ ভাঙণি কৰিছিল তেওঁ। এই কিতাপখন সম্প্ৰতি পোৱা গৈছে কবি-সাহিত্যিক ড° মহেন্দ্ৰ বৰাৰ নিজা পাঠাগাৰত। তেওঁ হেনো চতুৰ্থ শ্ৰেণীত পঢ়োতে সেইখন কিনিছিল। তেতিয়া মহেন্দ্ৰই কল্পনা কৰিব পৰা নাছিল যে এদিন সেই কবিগৰাকীৰ নাতিনী গীতা তেওঁৰ সহধৰ্মিণী হ’ব। কেশৱ চৌধুৰীৰ পিতৃ আছিল গাঁওখনৰ এজন আঢ্যৱন্ত ব্যক্তি। মাটি-বাৰী প্ৰতাপ-প্ৰতিপত্তিও যথেষ্ট আছিল। প্ৰথমা পত্নী সূৰ্যকান্তিৰ মৃত্যুৰ পিছত সম্ভৱতঃ তেওঁৰ ভনীয়েক চন্দ্ৰকান্তিক বিয়া কৰায়। সম্ভৱতঃ বুলি কোৱাৰ কাৰণ নাম দুটাৰ মাজত থকা সামঞ্জস্য। অৱশ্যে বিয়াৰ পিচতো প্ৰথমাৰ স’তে মিলাই দ্বিতীয় ভাৰ্যাৰ নামকৰণ কৰিব পাৰে। দুয়োজনী পত্নীৰ মাজত কেশৱ চন্দ্ৰৰ পিতৃদেৱৰ দুটা ল’ৰা আৰু তিনিজনী ছোৱালীৰ জন্ম হয়। পিতৃদেৱ মানুহজন ইমানে দাম্ভিক আছিল যে তেওঁ স্বয়ং কৃষ্ণকো নিজৰ পদতলত স্থান দিছিল। সগৰ্বে কৈ ফুৰিছিল—কইলা (ক’লা) গোহাঁই যঁহে যঁহে মোৰ ভৰিখান সঁহে সঁহে। তেওঁৰ জ্যেষ্ঠ নাতিনী নীহাৰিকা অৰ্থাৎ আমাৰ মাই সদায় কৈছিল যে ককাকৰ এনে দাম্ভিক উক্তি ঘৰখনৰ পতনৰ একমাত্ৰ কাৰণ। মাৰ বিয়াৰ অলপ দিনৰ পাছতে তেওঁৰ মাকৰ মৃত্যু হোৱাত ঘৰতে থকা বাকী ছটা সন্তানক লৈ কবি-দাৰ্শনিক পিতৃজনৰ সীমাহীন দুৰ্গতি হোৱা দেখি সম্ভৱতঃ মায়ে ককাকৰ বিৰুদ্ধে তেনেকৈ কৈছিল। পিছে ‘কইলা গোহাঁয়ে’ বিপদৰ পৰা উদ্ধাৰো নকৰা নহয়।

 আগতেই কৈছো আমাৰ দেউতাৰ অন্তঃকৰণখন আছিল বহল। বিপদত পৰা মানুহক সহায় কৰিবলৈ সদায় আগবাঢ়ি আহিছিল। শহুৰেকৰ দুৰ্গতি দেখি তেওঁ মাৰ এজন ভায়েক আৰু দুজনী ভনীয়েকক নিজৰ ঘৰলৈ লৈ আহিছিল। তেনেই কণমানি দুজনীক মোমায়েকহঁতে লৈ গ’ল আৰু দেউতাকৰ লগত থাকিল পোন্ধৰ বছৰীয়া মাৰ দাদা গীষ্পতি। দেউতাই লৈ অহা আমাৰ কণ কণ প্ৰভাস মামা, শিশিৰ মাহী আৰু মৃণাল মাহীক নিজ সন্তানৰ দৰে লালন-পালন কৰি ডাঙৰ কৰিবলৈ ধৰিলে আবুৱে। নিজৰ সন্তানকেইটাক মানুহ কৰি যেতিয়া আবু মুকলি হৈছিল তেতিয়া পোহপাল কৰিবলগীয়া হ’ল বোৱাৰীৰ ভায়েক -ভনীয়েকক।

[ ৩৬ ] এইবোৰ আমাৰ জন্মৰ আগৰ কথা। এখন আহল-বহল বিছনাত হেনো তিনিওটা ল’ৰা-ছোৱালীক লৈ আবু শুইছিল। মাজত তেওঁ, এফালে প্ৰভাস আনফালে মৃণাল। শিশিৰ অলপ ডাঙৰ, মানে কিশোৰী, গতিকে তাই শুইছিল অলপ আঁতৰত। ৰাতি হেনো প্ৰভাস আৰু মৃণালৰ কাজিয়া লাগিছিল আবুক লৈ, কাৰ ফালে কাতি হৈ তেওঁ শুব। মাতৃহীন শিশুকেইটাৰ ওপৰত আবুৱে উজাৰ কৰি দিছিল মাতৃত্বৰ মৰম। তেওঁ হেনো বোৱাৰী আদৰিবৰ সময়ত হুকহুকাই কান্দি কৈছিল—‘কোন মাকৰ বুকু শুদা কৰি মই ছোৱালীজনীক আনিলো।’ শাহু-বোৱাৰীৰ তিক্ত সম্পৰ্কৰ বিষয়টো সৰ্বজনবিদিত। কিন্তু আবু আছিল ব্যতিক্ৰমী। কোনো দিনে কোনেও দেখা নাছিল আবুৰ স’তে তেওঁৰ বোৱাৰী তিনিজনীৰ সম্পৰ্ক বেয়া হোৱা। তেওঁলোকক মাতিছিল বৰবৌমা, মেজবৌমা আৰু ছোটবৌমা বুলি।

 আবুৰ ইচ্ছাত তেওঁৰ মাজুপুতেক বীৰেণৰ স’তে বিয়া হয় মাৰ ভনীয়েক শিশিৰৰ। মাউৰা ল’ৰা-ছোৱালী তিনিটাৰ প্ৰতি আবুৰ যে কি মৰম সোমাইছিল নাজানো, তেওঁৰ হেনো ইচ্ছা আছিল সৰু পুতেক নৰেনৰ লগত মৃণালক বিয়া দি আটাইকে নিজৰ ডেউকাৰ তলতে ৰাখিবলৈ। পিছে আত্মীয়-স্বজনে একেটা পৰিয়ালৰ পৰা ছোৱালী নানি আন এটা পৰিয়ালৰ স’তে আত্মীয়তা পাতিবলৈ কোৱাত তেওঁ মান্তি হ’ল। সৰু খুৰীৰ দেউতাক আছিল চৰকাৰী ডাক্তৰ। ঘৰ যদিও সাপটগ্ৰামত, বদলি হৈ ফুৰা দেউতাকৰ স’তে খুৰীহঁত অসমৰ নানা ঠাইত থাকিবলগীয়া হৈছিল। খুৰী আছিল বেচ স্মাৰ্ট আৰু জনা-বুজা ছোৱালী। বৰ্তমানে নব্বৈৰ ডেওনা পাৰ হোৱা খুৰী এতিয়াও যথেষ্ট স্মাৰ্ট আৰু সপ্ৰতিভ।

 তেনেহ’লে মৃণাল মাহীৰ বিয়া হ'ল কাৰ লগত! দৰা বোধকৰো কবি-আতাই ঠিক কৰিছিল। গোৱালপাৰা চহৰৰ ৰাজেন্দ্ৰ লাল দাস আছিল আমাৰ এইগৰাকী মহা। বিয়াৰ পিচত আইন শাস্ত্ৰ পঢ়িবলৈ তেওঁ কলকাতালৈ গৈছিল। দেউতাই নিয়মীয়াকৈ নে মাজে-সময়ে তেওঁলৈ টকা পঠাইছিল নাজানো, দেউতাৰ মৃত্যুৰ পিচত তেওঁৰ ফাইলত ৰাজেন মহালৈ কলকাতাৰ ঠিকনাত পঠোৱা মণি অৰ্ডাৰৰ ৰছিদ কেইখনমান পাইছিলো। এইজনী মাহীৰ বিয়া বোধকৰো মোৰ জন্মৰ পিছত হৈছিল। প্ৰথম সন্তানটো জন্ম দিয়াৰ পিছত মাহী আৰু শিশু দুয়ো মৃত্যু মুখত পৰে। মহাই পিছত আকৌ বিয়া কৰাইছিল যদিও তেওঁৰ লগত এইখন ঘৰৰ সম্পৰ্ক ছেদ হোৱা নাছিল।

 যোৱা শতিকাৰ ত্ৰিশ-চল্লিশৰ দশকতো যোগাযোগ ব্যৱস্থা ইমানে অনুন্নত আছিল যে আপোন মানুহৰ লগত দেখা-সাক্ষাৎ সহজতে নহৈছিল। এবাৰ কোকৰাঝাৰৰ আমাৰ ঘৰলৈ আহিছিল এজনী কিশোৰী। যাৰ লগত আহিছিল, তেওঁক চ’ৰা ঘৰত বহুৱাই থৈ কিশোৰীজনীক মাৰ ওচৰলৈ আনি দেউতাই সুধিছিল তাইক চিনি পাইছে নে নাই। মাই হেনো তাইৰ মুখলৈ ৰ লাগি চাই থাকিও চিনিব নোৱাৰিলে। তেতিয়া আমাৰ কৰুণাসাগৰ দেউতাৰ দুচকুৱেদি নিগৰি আহিছিল চকুলো। ছোৱালীজনী আছিল তিনি বছৰ বয়সৰে পৰা মোমায়েকৰ ঘৰত ডাঙৰ হোৱা মাৰ ভনীয়েক সৰযূ। পৰিস্থিতিয়ে এওঁলোকক এনে অৱস্থাৰ মাজলৈ আনিছে যে নিজৰ বাই-ভনীৰ মাজতো চা-চিনাকি নোহোৱা হৈছিল। তেতিয়াৰে পৰা দেউতাৰ হেঁচাত সৰযূ মাহীও এইখন ঘৰত থাকিল। এটা সময়ত মাহঁতৰ নুমলীয়া ভনী কোহিনুৰ [ ৩৭ ] মাহীও আমাৰ পৰিয়ালৰ সদস্য হ'ল। মাহঁতৰ আত্মীয়-স্বজন সকলোৱে আমাৰ দেউতাক বখানি আতাক কৈছিল— ‘এনে এজন জোঁৱাই আপুনি পাইছে মহা ভাগ্যৰ ফলত।’ এই মাহী দুজনী আমাৰ লগত থকা সময়ৰ কথা ভালকৈয়ে মনত আছে। দুয়ো বৰ গুণী আছিল। ডাঙৰজনীয়ে চোলা চিলাই দিছিল আৰু সৰুজনীয়ে আমাক নাচ-গান শিকাইছিল। আতাই এই দুজনী জীয়েকক বিয়া দিছিল যদিও দৰা বিচাৰি দিছিল দেউতাই। সৰযু মাহীৰ বিয়া হয় দেউতাৰ এজন আত্মীয় গোৱালপাৰা হাইস্কুলৰ শিক্ষক মথুৰাকান্ত দাসৰ লগত। কোহিনুৰ মাহীৰ স্বামী আছিল মৰনৈৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ পুত্ৰ ৰমেশ চন্দ্ৰ দাস। এওঁলোক আছিল বহু ভূ-সম্পত্তিৰ অধিকাৰী।

 কবি-আতাই ৰচনা কৰি দিয়া কবিতাৰে আমি কোহিনুৰ মাহীলৈ চিঠি লিখিছিলো— ‘কোহিনুৰ মাহী, আহা কেনে ফুলি থকা পদুমৰ পাহি।’ কেতিয়াবা নিজে লিখিছিলো— ‘কোহিনুৰ মাহী, তোমাক দেখিলে মোৰ মুখত আহে হাঁহি।’

 মাহী দুজনীৰ বিয়াৰ পিছত আমি তেওঁলোকৰ অভাৱ বহুদিনলৈ অনুভৱ কৰিছিলো। আজিও সৰুকালৰ কথা মনত পৰিলে মাহীহঁতৰ স্মৃতিয়ে আমনি কৰে।

 মাৰ দেউতাক কবি আতাৰ বিষয়ে থূলমূলকৈ ক’লো। জীৱনৰ খলা-বমাৰে আগবাঢ়োতে তেওঁ আকৌ ভুমুকি মাৰিবহি মাজে মাজে।ডাঙৰজনী জীয়েকক বিয়া দিয়াৰ পিছতেই তেওঁৰ পত্নীয়ে অকালতে পৃথিৱীৰ মায়া ত্যাগ কৰা বুলি কৈছো। সৰুপেটাৰ সমীপৱৰ্তী বৰটাৰী মৌজাৰ প্ৰতাপশালী মৌজাদাৰ পুষ্পৰাম চৌধুৰীৰ তিনি কন্যা সাবিত্ৰী, বিবিত্ৰী আৰু গায়ত্ৰীৰ মাজত বৰজীয়ৰী সাবিত্ৰী আছিল আমাৰ মাৰ মাক। পুষ্পৰামৰ দোৰ্দণ্ড প্ৰতাপত হেনো বাঘে-ছাগে একে ঘাটত পানী খাইছিল।

 চৌধুৰী পৰিয়ালটোৰ উৎস সম্পৰ্কে কবি-সাহিত্যিক বীৰেশ্বৰ বৰুৱাই ‘সুন্দৰীত শ্ৰীশ্ৰীমাধৱদেৱ, মাধৱ মৰল, আতিৰাম বৰুৱা আৰু অন্যান্য’ নামৰ গ্ৰন্থত বিতংকৈ লিখিছে। বৰুৱা পৰিয়ালৰ উৎসও সেই একেটাই। লেখকৰ মতে বিজয় সিং চৰ্দাৰ নামৰ ৰাজপুতনাৰ পৰা অহা এজন সেনাধ্যক্ষ তেওঁলোকৰ বংশৰ প্ৰতিষ্ঠাতা। প্ৰবাদ আছে যে সাংগো-পাংগ সহিতে বিজয়সিঙে ঘোঁৰাত উঠি কামৰূপ মুলুক পায়হি। পৰম্পৰাগত বিশ্বাস যে, কমতাপুৰৰ নীলধ্বজ ৰজাৰ পিছত আৰু নীলাম্বৰ ৰজাৰ আগেয়ে, চতুৰ্দশ শতিকাত আহি তেওঁ বৰপেটাৰ সমীপৱৰ্তী সুন্দৰীত খোপনি পোতে। ধীৰে ধীৰে দাঁতিকাষৰীয়া বহু এলেকা নিজৰ দখললৈ আনি এক স্বাধীন ভূ-স্বামী হিচাপে প্ৰতিষ্ঠা লাভ কৰে বিজয়সিঙে। তেওঁৰ পুত্ৰ গন্ধৰ্ব সিঙে চৌধুৰী উপাধি গ্ৰহণ কৰিছিল।

 বিজয় সিঙৰ চাৰিটা পীৰি পাছত খীৰা মৰলৰ সময়ত আহোমৰাজ্য এৰি মহাপুৰুষ শংকৰদেৱে ৰজা নৰনাৰায়ণৰ কোচৰাজ্যৰ অন্তৰ্গত বাউসী পৰগণাৰ পাটবাউসীত থাকি একশৰণ নামধৰ্ম প্ৰচাৰ কৰে। খীৰা মৰলৰ সময়ত কোচৰজা নৰনাৰায়ণ কামৰূপৰো ৰজা আছিল। পাটবাউসীলৈ গৈ খীৰা মৰলে শংকৰদেৱৰ ওচৰত শৰণ লৈছিল। মাধৱদেৱো তেতিয়া এই অঞ্চললৈ আহে আৰু ১৫৭২ খ্ৰীষ্টাব্দৰ পৰা সুন্দৰীত থাকিবলৈ লয়। সুন্দৰী আছিল এটি দিয়া অৰ্থাৎ চাপৰি। মাধৱদেৱে ঠাইখনৰ নাম দিছিল সুন্দৰীদিয়া।

[ ৩৮ ]  মা-মাহীহঁতৰ মুখত সৰুৰে পৰা সুন্দৰীদিয়াৰ নাম শুনি শুনি ঠাইখন চাবলৈ বৰ মন গৈছিল। তেওঁলোকে অৱশ্যে সুন্দৰীদিয়া নহয় কামৰূপীয়া উচ্চাৰণত ‘সুইন্দৰদিয়া’হে বুলিছিল। সেই সুইন্দৰদিয়ালৈ মোৰ যোৱাৰ সৌভাগ্য ঘটিল সত্তৰ বছৰ বয়সত পদাৰ্পণ কৰি। মালৈ খুব মনত পৰিছিল, যেন কওঁগৈ তেওঁৰ পূৰ্বপুৰুষৰ ভিঠাত থিয় হৈ আছো। পিছে তেওঁকনো আৰু পাম ক’ত!

 খীৰা মৰলৰ বাৰীত মাধৱদেৱৰ বাবে ঘৰ নিৰ্মাণ কৰা হৈছিল। সুন্দৰীদিয়াত তেওঁ আছিল চৈধ্য বছৰ। তাত বাস কৰাৰ সময়ত তেওঁ নাট–পদ আদি লিখে। তদুপৰি শংকৰদেৱৰ আজ্ঞামতে ‘ভক্তিৰত্নাৱলী’ ভাঙনি কৰে আৰু নামঘোষাখনো ৰচনা কৰে। বীৰেশ্বৰ বৰুৱাৰ কিতাপখনৰ কেইশাৰীমান বাক্যৰ উদ্ধৃতি দিলো—

 ‘সুন্দৰীত থকা চৈধ্য বছৰ ছমাহৰ কালছোৱা মাধৱদেৱৰ জীৱনৰ উজ্জ্বল অধ্যায়। এই কালছোৱাত তেওঁ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মক দৃঢ়ভূমিত প্ৰতিষ্ঠা কৰে আৰু অসমীয়া সাহিত্যকো অতি উচ্চ পৰ্যায়লৈ উন্নীত কৰে। সুন্দৰীদিয়াৰ মানুহৰ তথা অসমৰ মানুহৰ বাবে এই সময়ছোৱা এক দেৱ-দুৰ্লভ সৌভাগ্যৰ যুগ।’

 কেইবা শতিকাজোৰা দীঘলীয়া ইতিহাস চমুকৈ কওঁ। বংশটোৰ প্ৰতিষ্ঠাপক বিজয় সিঙৰ চতুৰ্দশ পীৰিৰ উত্তৰপুৰুষ পুষ্পৰাম চৌধুৰীয়ে এটা সময়ত সুন্দৰীদিয়া এৰি বৰটাৰী মৌজাৰ অধিকাৰী হয়। বহিৰাগত বিজয় সিং চৰ্দাৰে অসমৰ ছোৱালী বিয়া কৰাই ৰাজপুতনাৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা-সংস্কৃতি আকোঁৱালি লৈ নিভাঁজ অসমীয়ালৈ ৰূপান্তৰিত হয়।

 পিছে ভাষা-সংস্কৃতি ত্যাগ কৰিলেও বিজয় সিঙৰ দেহৰ কোষে কোষে থকা জিন-ক্ৰমজ’মবোৰ উত্তৰপুৰুষসকলৰ দেহত বিয়পাই দি গৈছে। কোনবোৰ জিন-ক্ৰমজ’ম কাৰ দেহত কেইটা গৈছে নেজানো, কিন্তু উত্তৰপুৰুষৰ প্ৰতিজন পুৰুষৰ দেহকোষত আছে তেওঁৰ লিংগ নিৰ্ধাৰক ওৱাই ( Y ) ক্ৰমজ’মটো। এই ক্ৰমজ ’মটোৰ প্ৰতিলিপি অক্ষত অৱস্থাত পিতৃৰ দেহৰ পৰা আহে পুত্ৰৰ দেহলৈ। অৰ্থাৎ বিজয় সিং চৰ্দাৰে তেওঁৰ ৰাজস্থানী পূৰ্বপুৰুষৰ পৰা কঢ়িয়াই অনা ওৱাই ক্ৰমজ’মটোৱে চাৰিটা শতিকাজুৰি অসংখ্য পুৰুষৰ দেহকোষত ঠাই পাইছে। ভৱিষ্যতেও পাই থাকিব।

 বংশাৱলী ( Genealogy ) অধ্যয়ন কৰা মোৰ এটা হবি। বীৰেশ্বৰ বৰুৱাৰ বিৰামহীন চেষ্টাৰ ফলত বিজয় সিং চৰ্দাৰৰ বংশাৱলীখনে গঢ় লৈছে। তেওঁৰ ধৈৰ্য, সাধনা আৰু অধ্যৱসায়ৰ প্ৰশংসা নকৰি নোৱাৰো। এইখনৰ খুঁটি-নাটিবোৰ চাই থাকোতে বহু চিনাকি মানুহৰ নাম পালো। মই আনুবংশিক বিজ্ঞানৰ ( Genetics ) ছাত্ৰী। থিয়’ৰেটিকেলিহে জানো ওৱাই ক্ৰমজ’মটো কেনেকৈ বাহিত হয় পিতৃৰ পৰা পুত্ৰলৈ। কিন্তু প্ৰেকটিকেল কোনো অভিজ্ঞতা নাই। বিজয় সিঙৰ জীৱিত পুৰুষ বংশধৰসকলৰ ওৱাই ক্ৰমজ’মবোৰ সঁচাই একেধৰ্মী নেকি যদি পৰীক্ষা কৰিব পাৰিলোহেঁতেন! হয়তো এওঁলোকৰ মাজত কোনো চা-চিনাকিও নাই। এই চাৰিশ বছৰে পৰস্পৰৰ পৰা বিচ্ছিন্ন হোৱা মানুহবোৰে যদি জানিব পাৰে যে তেওঁলোকে দেহত একেধৰ্মী ওৱাই ক্ৰমজ’ম বহন কৰি আছে, তেন্তে কি [ ৩৯ ] যে মজা লাগিব তেওঁলোকৰ। সুদূৰ ৰাজস্থানৰ পৰা আমদানী কৰা ওৱাই ক্ৰমজ'মটোৱে কেনেকৈ যে অসমীয়া সমাজত থিতাপি ল'লে।

 বৰ্তমান যুগত আনুবংশিক বিজ্ঞানৰ আকাশস্পৰ্শী অগ্ৰগতি হোৱা হেতুকে কোনো ব্যক্তিৰ উৎস ( root ) বিচাৰি উলিওৱা অসম্ভৱ হৈ থকা নাই। পুৰুষৰ লিংগ নিৰ্ধাৰক ওৱাই ক্ৰমজ’ম আৰু মহিলাৰ দেহকোষৰ মাইটকন্ড্ৰিয়া বিশ্লেষণ কৰি ব্যক্তি এজনে তেওঁৰ শিপাৰ সন্ধান পাব পাৰে। প্ৰক্ৰিয়াটো ব্যয়বহুল হ’লেও পশ্চিমৰ দেশবোৰৰ মানুহে বিশেষকৈ কৃষ্ণাংগ আমেৰিকানসকলে শিপা বিচাৰি হাবাথুৰি খাইছে। বৰ্তমান আমেৰিকান কৃষ্ণাংগ জনগোষ্ঠীটোৰ উৎপত্তি হৈছে আফ্ৰিকাৰ পৰা ধৰি আনি আমেৰিকাত ক্ৰীতদাস হিচাপে খটোৱা মানুহবোৰৰ পৰা। কিন্তু তাৰ আগত তেওঁলোকৰ পূৰ্বপুৰুষ আছিল কোন? বিশাল আফ্ৰিকা মহাদেশৰ কোন অঞ্চলত?

 আগ্ৰহী ব্যক্তিজনৰ দেহকোষৰ ক্ৰমজ’মত থকা DNA পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ পিছত সংশ্লিষ্ট প্ৰতিষ্ঠানটোত একেটা কাৰণৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা আহৰণ কৰা তথ্য-পাতিৰ ( data base ) স’তে তাৰ তুলনা কৰি মানুহজনৰ আঁতিগুৰি বিচাৰি উলিয়াব পাৰি। মই যিমান সহজতে ক’লো প্ৰক্ৰিয়াটো সিমান সহজ নহয়। আমাৰ বোৱাৰী মনীষাই এই পদ্ধতিৰে নিজৰ উৎস বিচাৰি পাইছে। মোকো কৈছিল কৰাবলৈ, পিছে সেই যাত্ৰাত নকৰালো।

 ভাৰতৰ জাত্যাভিমানী জনগোষ্ঠীবোৰে ব্যাপকভাৱে মানুহৰ মাজত এইদৰে ডি এন এ বিশ্লেষণ কৰিলে হয়তো দেখা পাব নীহকুলীয়া বুলি যাক পদদলিত কৰি ৰাখিছিল তেওঁলোক একে পূৰ্বপুৰুষৰে ঠাল-ঠেঙুলি। বিজ্ঞানসন্মতভাৱে নিজ নিজ জাতিৰ চিনাকি উলিয়াব পাৰিলেহে নিৰ্ভুল সিদ্ধান্তলৈ আহিব পাৰি। চালে-বেৰে কোবোৱা মূৰ্খামি। সম্প্ৰতি কলকাতাস্থিত ইণ্ডিয়ান ষ্টেটিচটিকেল ইনষ্টিটিউটে ভাৰতীয়ৰ মাজত এনে এটা বিষয়ত অনুসন্ধান চলাইছে। এই প্ৰকল্পটোৰ দায়িত্বত থকা মুখ্য বিজ্ঞানী ড° পাৰ্থ মজুমদাৰে ত্ৰিশ বছৰ আগতে মোৰ থিছিছৰ বাবে আহৰণ কৰা ডাটা ( data )বোৰৰ ষ্টেটিছটিকেল এনালাইছিছ কৰাত সহায় কৰিছিল। তেতিয়া তেওঁ আছিল ডেকা ল’ৰা, উঠি অহা বিজ্ঞানী।

 বিজয় সিঙৰ ওৱাই ক্ৰমজ’মটোৰ প্ৰসংগত বহু কথা কোৱা হ’ল। ক্ষুদ্ৰাতিক্ষুদ্ৰ একো একোটা ক্ৰমজ’ম তথা জিনে আজিৰ যুগত কিমান যে ৰহস্যৰ উদঘাটন কৰিব পাৰিছে তাক ভূ ৰাখোতাসকলে নজনা নহয়। পিতৃদেহ নিসৃত ওৱাই ক্ৰমজ’মটোৱে যে পুত্ৰ সন্তান সৃষ্টি কৰে এই মহাসত্য বিজ্ঞানসন্মতভাৱে সুপ্ৰতিষ্ঠিত নোহোৱালৈ পুত্ৰ জন্ম দিব নোৱাৰাৰ বাবে মাকগৰাকীকে দোষী সাব্যস্ত কৰা হৈছিল। আজিও নজনাসকলে তাকে কৰে। হকে -বিহকে তিৰোতা জাতিটোক আচামীৰ কাঠগড়াত তুলিবলৈ শিকাইছে ধৰ্মৰ ভিত্তিত গঢ়ি উঠা পিতৃতান্ত্ৰিক সমাজে। এই সমাজৰ ধাৰক আৰু বাহক হিচাপে নাৰীয়েও নাৰীক নিৰ্যাতন কৰে। কুসংস্কাৰ আৰু অন্ধবিশ্বাস ত্যাগ কৰি বিজ্ঞানসন্মত মনৰ অধিকাৰী নোহোৱালৈ সমাজ কেতিয়াও সুস্থ হ’ব নোৱাৰে।

[ ৪০ ]


টমাচ জেফাৰছনৰ ওৱাই ক্ৰমজ’মটো

 সাধাৰণ অনুবীক্ষণ যন্ত্ৰৰেও মনিব নোৱাৰা ক্ৰমজ’ম এটাই দীৰ্ঘদিনীয়া সন্দেহ এটাৰ অবসান যে ঘটাব পাৰে তাৰ উৎকৃষ্ট উদাহৰণ আমেৰিকাৰ তৃতীয়গৰাকী প্ৰেছিডেণ্ট টমাচ জেফাৰছনৰ (১৭৪৩-১৮২৬) ওৱাই ক্ৰমজ’মটো। ১৮০১ চনৰ পৰা ১৮০৯ চনলৈ প্ৰেছিডেণ্ট হৈ থকা জেফাৰছনৰ আমেৰিকাৰ স্বাধীনতা যুদ্ধত আছিল মুখ্য ভূমিকা। Declaration of Independence ৰ প্ৰধান ৰচোতা হিচাপেও তেওঁ সুবিদিত। মুঠতে আমেৰিকাত টমাছ জেফাৰছন এটা পূজনীয় আৰু স্মৰণীয় নাম। তেওঁৰ জন্মৰ আঢ়ৈশ বছৰ পিছত আকৌ তেওঁক স্মৰণীয় কৰিলে তেওঁৰ ওৱাই ক্ৰমজ’মটোৱে।

 জেফাৰছনৰ ঘৰ আছিল ভাৰ্জিনিয়া ৰাজ্যৰ মণ্টিছেলত। সেই সময়ত আমেৰিকাত ক্ৰীতদাস প্ৰথা চৰম অৱস্থাত বৰ্তি আছিল। চহকী মানুহৰ ঘৰত ক্ৰীতদাস-দাসীসকলে খেতিবাতিৰ পৰা ঘৰুৱা কামলৈ সকলো চম্ভালিছিল। জেফাৰচনৰ ঘৰত কাম কৰিছিল ছেলী হেমিংছ নামৰ এজনী কৃষ্ণাংগ ক্ৰীতদাসীয়ে। মানুহে সন্দেহ কৰিছিল ছেলীৰ ছটা সন্তানৰ আটাইকেইজনৰ নহ’লেও অন্ততঃ এজনৰ পিতৃ স্বয়ং টমাছ জেফাৰছন। এই সন্দেহ যোৱা দুশ বছৰ ধৰি মানুহৰ মনত জীয়াই আছে।

 এই দীৰ্ঘদিনীয়া সন্দেহৰ সম্প্ৰতি অৱসান ঘটিল উইনিফ্ৰেড বেনেট নামৰ এগৰাকী অপেছাদাৰী ইতিহাসবিদৰ আগ্ৰহত। তেওঁ নিজে সঠিক অৰ্থত ইতিহাস বা আনুবংশিক বিজ্ঞানৰ ছাত্ৰী নহয়, কিন্তু কৌতূহলী আৰু জ্ঞানপিপাসু। ১৯৯৬ চনৰ এটা গধূলি তেওঁৰ বন্ধু অৱসৰপ্ৰাপ্ত পেথ’লজিষ্ট ইউজিন এ ফষ্টাৰৰ ঘৰত ৰাতি ডিনাৰ খাই থাকোতে এন এৰ প্ৰসংগ ওলাল। তেওঁলোক বাস কৰা এলেকাটোত আনা এণ্ডাৰছন মানাহান নামৰ এগৰাকী মহিলাই হেনো দাবী কৰিছিল যে তেঁৱে ৰাছিয়াৰ জাৰ (czar) নিকোলাচৰ বহুদিনৰ আগতে হেৰাই যোৱা জীয়েক এনাচটাচিয়া। ১৯৮৪ চনত মানাহানৰ মৃত্যু হয় আৰু ১৯৯৪ চনত ডি এন এ পৰীক্ষাই নিশ্চিতভাৱে প্ৰমাণ কৰে যে তেওঁৰ দাবী শুদ্ধ নহয়। মানাহানৰ কাহিনী আলোচনা কৰি থাকোতে উইনিফ্ৰেডৰ মনলৈ আহে জেফাৰছন-ছেলীৰ কাহিনীটো। কথাষাৰ প্ৰকাশ কৰাৰ পিছতে ডাঃ ফষ্টাৰে বিষয়টো সন্দৰ্ভত গৱেষণা কৰাবলৈ উঠি-পৰি লাগে।

 ছেলী নামৰ ক্ৰীতদাসীৰ সন্তানৰ পিতৃ জেফাৰছন হয় নে নহয় তাক প্ৰমাণ কৰিবলৈ মানুহৰ বাৰু গৰজ পৰিল কিয়? প্ৰথম কাৰণ কৌতূহল নিবৃত্তি। দ্বিতীয় কাৰণ ছেলীৰ বংশ-পৰিয়ালৰ উপকাৰ কৰা।

 আমেৰিকাৰ প্ৰেছিডেণ্টসকলৰ বংশধৰসকলে কিছুমান অভিজাত প্ৰতিষ্ঠানৰ সদস্য হ’বলৈ সুবিধা পায়। এই সন্দেহৰ ভিত্তিত ছেলীৰ বংশ-পৰিয়ালৰ দুই-একে সেই সুবিধাবোৰ দাবী কৰাত জেফাৰছনৰ আইনসংগত শ্বেতাংগ উত্তৰাধিকাৰীসকল খঙত জ্বলি উঠে। উঠিবই। এওঁলোক অভিজাত শ্ৰেণীৰ আৰু সিটো দল ক্ৰীতদাসী পৰিয়ালৰ। ইমান আস্পৰ্ধা? পিছে মানুহৰ মনত সন্দেহ এটা থাকি গ’ল। কিছুমানে কোৱা-কুই কৰিছিল জেফাৰছন নহয়, [ ৪১ ] তেওঁৰ ছেমুৱেল নাইবা পিটাৰ কাৰ্ নামৰ ভাগিন দুটাৰ মাজৰ কোনোবা এটাহে ছেলীৰ সন্তানৰ পিতৃ।

 সন্দেহজনক এই কাহিনীটোৰ আৰম্ভণি হৈছিল ১৮০২ চনত যেতিয়া টমাছ জেফাৰছন আমেৰিকাৰ তৃতীয়গৰাকী প্ৰেছিডেণ্ট। ঊনৈশ শতিকা অতিক্ৰম কৰি কুৰি শতিকাৰ শেষ প্ৰান্তলৈ মানুহৰ মনত জীয়াই থকাৰ পিছত এই সন্দেহৰ অৱসান ঘটিল। ঘটালে কোনে? সেই ওৱাই ক্ৰমজ’মে।

 ডাঃ ফষ্টাৰে এদল বিজ্ঞানীক একেলগ কৰি অতীতক পুনৰুদ্ধাৰ কৰাৰ কামত ব্ৰতী হ’ল। প্ৰথমতে বিচাৰি-খোচাৰি উলিয়ালে ছেলীৰ দুজন পুত্ৰৰ কেৱল পুৰুষ উত্তৰপুৰুষসকলক। আগতেই কোৱা হৈছে পুৰুষৰ লিংগ নিৰ্ধাৰক ওৱাই ক্ৰমজ’মটো পিতৃৰ পৰা পুত্ৰই পায় পীৰিৰ পিছত পীৰি ধৰি। জেফাৰছনৰ উত্তৰপুৰুষসকলৰ স’তেও যোগাযোগ কৰা হ’ল। ইফালে দুশ বছৰ ধৰি একাংশই সন্দেহ কৰিছিল জেফাৰছনৰ ভাগিন দুজনৰ এজনক। গতিকে তেওঁলোকৰ উত্তৰপুৰুষসকলকো বিচাৰি উলিয়ালে গৱেষক মণ্ডলীয়ে। অৱশেষত এওঁলোকৰ ক্ৰমজ’ম পৰীক্ষা কৰা হ’ল তন্ন তন্নকৈ। জেফাৰছনৰ ওৱাই ক্ৰমজ’মটো আছিল বিশেষ ধৰণৰ। একেবাৰে হুবহু একে ওৱাইটো পোৱা গ’ল ছেলীৰ কনিষ্ঠ পুত্ৰ এছটনৰ উত্তৰপুৰুষৰ দেহত। এতেকে যিটো কথা গুপুতে ৰাখিছিল জেফাৰছন আৰু ছেলীয়ে, তাক বিশ্বৰ আগত উন্মুক্ত কৰিলে এই বিজ্ঞানীজাকে। ১৯৯৮ চনত Nature নামৰ জাৰ্নেলত গৱেষণালব্ধ এই মহাসত্যটো প্ৰকাশ কৰা হৈছিল। বিজ্ঞানে যে পৃথিৱীখনক ক’লৈ নিছে আৰু ভৱিষ্যতে ক’লৈ নিব ভাবি নেপাও।

 পিছে মোৰ দৰে ঢাল-তৰোৱাল নথকা নিধিৰাম চাৰে বিজয় সিং চৰ্দাৰৰ ওৱাই ক্ৰমজ’মটোৰ প্ৰতিলিপি তেওঁৰ উত্তৰপুৰুষসকলৰ মাজত বিচাৰি উলিয়াও কেনেকৈ? অৱশ্যে জেফাৰছন-ছেলীৰ মাজত থকাৰ দৰে গুপুত কোনো সম্পৰ্কৰ ফল বিচাৰি নহয়, মোৰ মন যায় বিজয় সিঙৰ বিশেষ সেই ক্ৰমজ’মটোৰ বাহকসকলৰ মাজত মিল বিচাৰি আত্মীয়তা স্থাপন কৰাবলৈ। যাওক বাৰু এইবোৰ অলীক কল্পনাৰ কথা। বাস্তৱলৈ উভতি আহো।


মাৰ আতা পুষ্পৰাম চৌধুৰীৰ পৰিয়াল

মা-মাহী-মামাহঁতৰ মুখত তেওঁলোকৰ তেজস্বী আতা পুষ্পৰাম চৌধুৰীৰ কথা প্ৰায়ে শুনিছিলো। তেওঁ পিতৃভিঠা সুন্দৰীদিয়াৰ পৰা আহি বৰটাৰী মৌজাত নিগাজীকৈ থাকিবলৈ লৈছিল। তেওঁ বিয়া কৰাইছিল ভৱানীপুৰৰ মৌজাদাৰ তনুৰাম চৌধুৰীৰ ভনীয়েক মহাৰাণীক। পুষ্পৰাম আৰু তনুৰামৰ নাম হঠাতে পালো ১৯০৮ চনত প্ৰকাশিত এখন বাংলা কিতাপত। মহাৰাণীৰ ব্যক্তিত্বও হেনো আছিল মহাৰাণী সদৃশ। এই দম্পতীহালৰ চাৰিটা ল’ৰা আৰু তিনিজনী জীয়েকৰ ভিতৰৰ জ্যেষ্ঠ সাবিত্ৰী আমাৰ মাৰ মাক আছিল বুলি উল্লেখ কৰিছো। পুষ্পৰাম ইমানে অহংকাৰী আছিল যে জীয়েকৰ জোৰণত দৰাঘৰে দিয়া অলংকাৰবোৰ নিভাঁজ সোণৰ নহয় বুলি ঘোষণা কৰি জীয়েকক পিন্ধিব দিয়া নাছিল। বিশুদ্ধ সোণেৰে [ ৪২ ]

মাৰ মোমায়েক ভবানন্দ চৌধুৰী (বৰটাৰী)

[ ৪৩ ] অলংকাৰ গঢ়া নেযায়, অলপ তাম মিহলি কৰিব লাগে। বিশুদ্ধ সোণৰ অলংকাৰ লেতুসেতু হয়। পুষ্পৰামে জীয়েকক বিয়াত লেতুসেতু গহনা দিছিল আৰু দৰাঘৰে দিয়া সমপৰিমাণৰ অলংকাৰ পিছত লেতুসেতুকৈ কৰাই দিছিল। শহুৰেকৰ ঘৰলৈ যোৱাৰ পিছত তেওঁলোকে দিয়া সোণো সম্ভৱতঃ সাবিত্ৰীয়ে পাইছিল। মুঠতে তেওঁৰো আছিল যথেষ্ট আ-অলংকাৰ।

 বহু বছৰ পিছত মোৰ ডাঙৰ বাইদেউ অনীতাৰ আগত সাবিত্ৰী অৰ্থাৎ আমাৰ আবুৰ ভূয়সী প্ৰশংসা কৰি সৰু জা-কে কৈছিল যে আবুৱে হেনো তেওঁৰ দেওৰেক শ্যাম চৌধুৰীক কলকাতাত আইন পঢ়িবলৈ যোৱাৰ সময়ত নিজৰ গহণা উলিয়াই দিছিল। আবুহঁতৰ তিনিওজনী বাই-ভনীৰ হৃদয় যিদৰে আছিল কুসুমৰ দৰে কোমল, ঠিক তেনেদৰে প্ৰয়োজনত হ’ব পাৰিছিল বজ্ৰৰ দৰে কঠিন। তিনিও আছিল তেজস্বিনী আৰু অত্যন্ত সাহসী, বিশেষকৈ ডাঙৰ দুজনী। সৰুজনীয়ে অৱশ্যে সাহস দেখুৱাব পৰা পৰিস্থিতিত পৰা নাছিল।

 সাবিত্ৰী, বিবিত্ৰী আৰু গায়ত্ৰী এই তিনিওজনী বাই-ভনী সাধাৰণ অসমীয়া মহিলাৰ তুলনাত আছিল ওখ আৰু হৃষ্টপুষ্ট। পুষ্পৰামৰ ল’ৰা চাৰিজনো তেনেকুৱাই। এওঁলোকৰ ভিতৰৰ কনিষ্ঠজনকহে মই দেখিছো। মাৰ এই সৰু মামাজন, অৰ্থাৎ ভবানন্দ চৌধুৰী আছিল ওখ-পাখ আৰু সুদৰ্শন। ভৰিৰ পতাবোৰ ইমান ডাঙৰ আছিল যে তেতিয়াৰ দিনত তেওঁৰ বাবে জোতা পোৱা নগৈছিল। মনত আছে তেওঁলৈ ডেৰাদুনত অৰ্ডাৰ দি বিৰাট আকাৰৰ চেণ্ডেল তৈয়াৰ কৰাই অনাইছিল। শুনিছো আজিকালি বাটা কোম্পানীয়ে একষ্ট্ৰা লাৰ্জ ভৰিৰ গৰাকীক বিনামূলীয়াকৈ জোতা তৈয়াৰ কৰি দিয়ে। এইগৰাকী আতা আছিল হাতী চিকাৰী। কোকৰাঝাৰৰ উত্তৰে ভূটানৰ পাদদেশত হাতী ধৰিবলৈ যাওঁতে আতা সদলবলে আমাৰ কোকৰাঝাৰৰ ঘৰত দুৰাতিমান থাকি গৈছিল। তেওঁৰ দলত আছিল কেইবাজনো মাউত, ফান্দী আৰু সহকাৰীসকল। তদুপৰি ঘৰচীয়া হাতীৰো দল এটা আহিছিল। হাতীবোৰক বান্ধি ৰাখিছিল বাৰীত। এৰাতি কেনেবাকৈ হাতী এটা শিকলি ছিঙি ওলাই বাৰীৰ আম-লেচুৰ গছ ভাঙি তহিলং কৰিছিল। আতা আহিলে বন্ধু-বান্ধৱীসকলৰ আগত অহংকাৰত আমি গংগাটোপ যেন হৈছিলো। সিহঁতক বুজাব খুজিছিলো যে হাতী ধৰিব পৰা বীৰ আতা জানো সিহঁতৰ আছে? আতাক দেখাত ভাৰতীয় যেন নালাগিছিল। হিটলাৰৰ স’তে তেওঁৰ মুখৰ অলপ সাদৃশ্য থকা যেন পাই তেওঁক আমি হিটলাৰ আতা বুলিছিলো।

 পুষ্পৰাম চৌধুৰীৰ ল’ৰা-ছোৱালীবোৰ বিজয় সিং চৰ্দাৰৰ পোন্ধৰ পীৰি পাছৰ হ’লেও এওঁলোকৰ চেহেৰা আৰু সাহসিকতাত সেই ৰাজপুত যোদ্ধাজনৰ তেজৰ — বিজ্ঞানৰ ভাষাত জিনৰ উপস্থিতি দেখা পাইছিলো।

 আমাৰ মাৰ মুখে তেওঁৰ মাক সাবিত্ৰী আৰু মাহীয়েক বিবিত্ৰীৰ সাহসিকতাৰ নানা কাহিনী শুনি বিস্ময়ত হতবাক হৈছিলো। মায়ে কোৱা এনে কেইটামান কাহিনী মই মোৰ ল’ৰাক তাৰ বাল্যকালত শুনাইছো, তাৰ পুতেক দুটাক অৰ্থাৎ মোৰ নাতিহঁতকো শুনাইছো। তাৰে দুটামান মোৰ এই স্মৃতিকথাত খাঁজি থও।

 সাবিত্ৰী তেতিয়া গোৱালপাৰা চহৰৰ সমীপৱৰ্তী শগুণবাহী গাঁৱৰ বোৱাৰী। গাঁৱৰ ঘৰবোৰৰ বিন্যাস হ’ল আহল বহল আয়ত ক্ষেত্ৰাকাৰ চোতাল এখনৰ এটা ফালে শোৱনি [ ৪৪ ] ঘৰ, এটা ফালে চ’ৰা ঘৰ, আন এটা ফালে ৰান্ধনি ঘৰ, সিটো ফালে আলহী-অতিথি থকা ঘৰ। অদূৰত ভঁৰাল, গোহালি, হাঁহ-ছাগলীৰ গড়াল, চুৱা- পাতনি ইত্যাদি। তাৰে কোনোবা এটা ঘৰত আতাহঁতৰ খেতিৰ মৰাপাট দম বান্ধি ৰখা হৈছিল। কোঠাটোৰ একাষে পাতি থোৱা আছিল তক্তাপোছ এখনত বিছনা এখন।

 এদিন মাজনিশা আবুৰ কোনোবা এজন পুতেকৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন হোৱাত মাকে তাক উলিয়াই লৈ যাওঁতে দেখিলে মৰাপাটৰ ঘৰটোৰ দুৱাৰখন কাণি-দুৱৰীকৈ খোলা। তেওঁ নিশ্চিত হ’ল চোৰে মৰাপাটখিনি চুৰ কৰি নিলে। সাহায্যকাৰী ল’ৰা দুটাক জগাই সিহঁতক লগত লৈ আবু সোমাল মৰাপাট ৰখা কোঠাটোত। মৰাপাটখিনি ঠিকেই থকা দেখি তেওঁ ধাৰণা কৰিলে চোৰটো তেনেহ’লে কোঠাটোৰ ভিতৰতে আছে। কাম কৰা ল’ৰা দুটাই আবুৰ নিৰ্দেশমতে মৰাপাটৰ দমৰ ওপৰত উঠি তন্নতন্নকৈ গৰু বিচৰা দি চোৰ বিচাৰিলে। তক্তাপোছৰ তলখনো চালে, চোৰ ক’তো নাই। ইতিমধ্যে আতাৰ টোপনি ভগাত মাজনিশাৰ নাটকখন চাবলৈ শোৱাপাটী এৰি আহিল। আহি ঘটনাটোৰ বুজ ল’লে। তাৰ পিছত চাৰিওফালে চাই ক'লে—

 চোৰটোতো বতাহ নহয় যে তোমালোকক দেখি উৰি যাব। দুৱাৰখন খোলাই আছিল।

 —মই নিজে ৰাতি শুবলৈ যোৱাৰ আগতে বন্ধ কৰি গৈছো।—আবুৱে কয়।

 —তেনেহ'লে সি গ’ল ক’লৈ?

 —ইয়াতে আছে।

 —তলে-ওপৰেতো চোৱা হ’ল। যোৱা এতিয়া শুই থাকাগৈ।

 —আপুনি শোৱক গৈ যাওক। আজি মই চোৰটোক উলিয়াইহে এৰিম। এইদৰে দুয়োৰে মাজত মিনি কাজিয়া এখন হ’ল। আতাই কথা নবঢ়াই খৰমত শব্দ তুলি শোৱনি ঘৰৰ ফালে আগবাঢ়িল।

 এইবাৰ আবুৱে নিৰ্দেশিকাৰ ভূমিকা এৰি চাদৰখন কঁকালত মেৰিয়াই নিজেই চোৰৰ সন্ধানত নামিল। মনতে ভাবিলে চোৰ নোসোমালে দুৱাৰ খুলিলে কোনে? সি ইয়াতেই আছে। মাটিৰ মজিয়াখনত লেপেটা কাঢ়ি বহি তেওঁ জুমি চালে তক্তাপোছৰ তলখন। খন্তেক পিছতে তেওঁৰ মুখত বিৰিঙি উঠিল আবিস্কাৰৰ আনন্দ। খ্যাতনামা গ্ৰীক গণিতজ্ঞ তথা আবিস্কাৰক আৰ্কিমিডিছৰ ( ২৮৭-২১১খ্ৰী.পূ. ) দৰে সাবিত্ৰী চৌধুৰীয়েও সম্ভৱতঃ কৈছিল উত্তেজিত হৈ— ‘ইউৰেকা ইউৰেকা। পালো পালো।’ লগুৱা দুটাক ক’লে দীঘল লাঠি এডাল আনিবলৈ।

 মজিয়ালৈ ওলমি থকা বিছনা চাদৰখন লাঠিডালেৰে তুলি আবুৱে দেখে বেৰ আৰু বিছনা চাদৰৰ মাজত থকা মজিয়াৰ ঠেক ঠাই ডোখৰত চোৰ বোপা নীৰৱে বহি আছে উশাহ বন্ধ কৰি। চোৰটোৰো প্ৰত্যুৎপন্নমতিতা শলাগিবলগীয়া। ধৰা পৰাৰ ভয়ত বিছনাৰ চাদৰখন টানি এটা নিৰাপদ আশ্ৰয় গঢ়ি তুলিছিল। লগুৱা দুটাই বিছনাৰ তলখন চাই তাক বিচাৰি নোপোৱা বাবে সি ছাগৈ এই যাত্ৰাত ৰক্ষা পৰা যেন পাই ঈশ্বৰক ধন্যবাদ যাচিছিল। পিছে সাবিত্ৰী চৌধুৰীৰ আই কিউ যে সাধাৰণতকৈ ওপৰত সেই কথা নিশিকুটুম্বজনে পালে [ ৪৫ ] পিছত।

 তেৰাক হেঁচোক মাৰি উলিয়াই আনি গৰু বন্ধা পঘাৰে বাৰাণ্ডাৰ খুঁটা এটাত বন্ধা হ’ল। তাক এৰি দিবলৈ আবুৰ হাতে-ভৰিয়ে ধৰিলে বেচেৰাই। আবুৰ মন ফুলৰ দৰে কোমল হ’লেও প্ৰয়োজনত তীখাৰ দৰে টান হ’ব পাৰে বুলি কৈছো। চোৰৰ চকুপানীয়ে তেওঁৰ হৃদয় গলাব নোৱাৰিলে।

 – বেট্‌টা চুৰ কৰবা আহি এইত্যা কান্দ্‌বা লাগছা. কালি তোক পুলিচত দিম। ভোক লাগছে যদি খাবা দিবা পাৰু, খুলি হ’লে দিবা নৰু।— আবুৱে ক’লে।

 লগুৱা দুটাক শুবলৈ পঠাই দি বাকীছোৱা ৰাতি তেওঁ চোৰক পহৰা দি বহি থাকিল। পিছদিনা পুলিচক গতাই দিহে তেওঁৰ শান্তি। চোৰৰ কি শাস্তি হৈছিল নাজানো। পিছে গঞা ৰাইজে তেওঁক বাঘৰ তেল খাইতী উপাধিৰে ভূষিত কৰা কথাষাৰ পাহৰা নাই কোনেও। উপাধিটো দিয়াৰ সময়ত ৰাইজে কোৱাকুই কৰিছিল— বাপ্পা ঐ! তিৰী মানুহৰ ইমেন সাহ, চোৰটু ই তাইক মাৰবা পাইল্যাক হই। বাঘৰ তেল খাইতী আপীছলি দে।

 আবুৰ সাহসিকতাৰ আন এটা কাহিনী আমাৰ মনত গাঁথি আছে। গাঁৱত ভাল স্কুল নথকা বাবে আতাই তেওঁলোকৰ ডাঙৰ ল'ৰা গীষ্পতিক গোৱালপাৰা চহৰৰ হাইস্কুলৰ হোষ্টেলত ভৰ্তি কৰাই দিছিল। মাক-দেউতাকক এৰি দহ-এঘাৰ বছৰীয়া ল’ৰাজনে কান্দি-কাতি অস্থিৰ হৈ থকা বাতৰি পাই মাকৰ পৰাণ উচুপি উঠিছিল। বাছাক লগ পাবলৈ এদিন এন্ধাৰে-পোহৰে লাৰু-পিঠাৰ টোপোলা দুটা লৈ গৰুৰ গাড়ীৰে মাক ৰাওনা হ’ল শগুণবাহীৰ পৰা গোৱালপাৰা অভিমুখে। লগত গ’ল বান্দী এজনী। মাকক দেখি পুতেকৰ শোক উথলি উঠিল। লাৰু-পিঠা দলিয়াই দিলে। লাৰু-পিঠা নেখায়, ঘৰলৈহে যাব। তাক বুজাই-বঢ়াই ঘৰলৈ ওভতে মানে আবেলি হ’ল। ডাঠ হাবিৰে আবৰা বিপদসংকুল পথ। চোৰ-ডকাইতৰ উপৰি আছে হিংস্ৰ জন্তু।

 গৰুৰ গাড়ী গৈ থাকিল ঘেটলেং ঘেটলেংকৈ। বেলি মাৰ নৌযাওতেই হাবিতলীয়া বাটত নামি আহিল এন্ধাৰ। গাৰোৱানে লেমটো জ্বলাই ল’লে। কিছুসময় পিছত আবুহঁতক আগুৰি ধৰিলে এজাক জোনাকী পৰুৱাই। নাকে-মুখে সোমাব খোজা এনে অদ্ভুত জোনাকী আবুৱে কেতিয়াও দেখা নাছিল। বান্দীজনীয়ে ’লে এইবোৰ জোনাকী নহয়, বীৰাহে। এই জাতৰ বীৰা উগ্ৰ নহয়, লাৰু-পিঠাৰ গোন্ধ পাই আহিছে। খাবলৈ দিলে যাবগৈ। পুতেকে দলি মাৰি দিয়া পিঠা অলপ আছিল। তাকে ছটিয়াই দিয়াত সিহঁত গ’লগৈ।

 দিনটো লৰা-ঢপৰা কৰি থকা বাবে আবুহঁত ভাগৰত টোপনিয়াই গৈ আছিল। হঠাতে গাৰোৱানে ফুচফুচাই ক’লে— সমুখত বাঘ! এন্ধাৰত চকচকীয়া দুটা চকু দেখিবলৈ পাই আবুহঁত লৰি-চৰি বহিল। লগত অহাজনীয়েতো কান্দিবলৈ ধৰিলে। আবুৱে তাইক মনে মনে থাকিবলৈ কৈ গাৰোৱানৰ পৰা লেমটো লৈ তাক গাড়ীখন চলাই থাকিবলৈ ক’লে। আবুৱে জানিছিল চকুত পোহৰ পৰিলে বাঘে একো নেদেখা হয়। গতিকে লেমৰ পোহৰ বাঘৰ চকুত পৰাকৈ তেওঁ লেমটো ধৰি থাকিল বহু সময়লৈ। আবুৰ প্ৰত্যুৎপন্নমতিতাৰ বাবে তেওঁলোক ৰক্ষা পৰিল সিদিনা।

[ ৪৬ ]

মামা গীস্পতি চৌধুৰী আৰু মামী ৰেৱতী চৌধুৰী

[ ৪৭ ]

 ঘৰ গৈ পোৱাৰ পিছত গাৰোৱানে আতাক কৈছিল— আইৰ দৰে এনে সাহসী তিৰী মানুহ মই জীৱনতে দেখা নাই।

 আবুৰ এই কাহিনীটো শুনি মোৰ পাঁচ বছৰীয়া নাতিজনে কৈছিল— তোমাৰ আবুৰ বাঘলৈ ভয় নাছিল আৰু তুমি কুকুৰ এটা দেখিলেও পলোৱা।

 মাৰ মাহী বিবিত্ৰীও বায়েকৰ দৰেই বাঘৰ তেল খাইতী। এওঁক বিয়া দিছিল অভয়াপুৰীৰ নিকটৱৰ্তী ধৰ্মপুৰ গাঁৱত। এইগৰাকী আবুক আমি সৰুৰে পৰা লগ পাইছো। এওঁ আছিল আমাৰ মৰমৰ ধৰ্মপুইৰা (ধৰ্মপুৰীয়া) আবু। এই আবুৱে ঘটোৱা দুটামান দুঃসাহসিক ঘটনালৈ মনত পৰিছে।

 এদিন জাৰকালি ধৰ্মপুৰৰ ঘৰত ভাত-পানী খাই লেপৰ উম লৈ সকলোৱে যেতিয়া ঘোৰ টোপনিত মগ্ন তেতিয়া শব্দ এটা পাই আবুৰ টোপনি ভাগিল। শব্দটো ক্ষীণ হ'লেও বিৰতিহীন। তেওঁ উঠি বহি ঠাৱৰ কৰিবলৈ চেষ্টা কৰিলে কিহৰ শব্দ, আহিছে কোন ফালৰ পৰা। অৱশেষত তেওঁৰ ধাৰণা হ’ল সিন্ধি কটাৰ শব্দ। সিন্ধিনো কি আজিৰ চহৰীয়া প্ৰজন্মইতো নাজানেই, সম্ভৱতঃ গাঁৱৰ ল'ৰা-ছোৱালীয়েও নাজানে। আজিৰ চোৰ-ডকাইতসকলৰ কালৈকো ভয় নাই। দুৱাৰত টোকৰ মাৰি দুৱাৰ খোলাই লুট কৰে, হাতত থাকে মাৰণাস্ত্ৰ। সিহঁতক বাধা দিবলৈ যোৱাৰ অৰ্থ জীৱনটো হেৰোৱা — হয় মূৰত কোব খাই, নহ’লে গুলী খাই। আগৰ দিনত চোৰে ঘৰৰ গৃহস্থক ভয় কৰিছিল। গতিকে পিৰালি নাইবা বাৰাণ্ডাইদি মাটি খান্দি ঘৰৰ ভিতৰলৈ সুৰংগ পথ নিৰ্মাণ কৰি সেই পথেৰে নিঃশব্দে সোমাই বস্তু-বাহানি চুৰ কৰি নিছিল। বেছিভাগ গাঁৱৰ মানুহৰ আছিল মাটিৰ মজিয়া। গতিকে সুৰংগ খন্দা উজু আছিল। অৱশ্যে তেতিয়াৰ দিনতো ডকাইতসকলে মানুহ মাৰি-কাটি সকলো লুটি নিছিল। আমি কোকৰাঝাৰত থাকোতে এনে এটা লোমহৰ্ষক ডকাইতিৰ কথা শুনিছিলো। দেউতাহঁতৰ চিনাকি চহকী গৃহস্থজন কিবা কামত কেইবাদিনো ঘৰত নথকা অৱস্থাত ডকাইত সোমাই গৃহিণীক নিৰ্দয়ভাৱে কাণ, হাত, ভৰি আদি বিভিন্ন অংগ ৰেপি ৰেপি কাটি সৰ্বস্ব লুট কৰি লৈ গৈছিল। মানুহগৰাকীলৈ মোৰ আজিও মনত পৰে। যিয়েই নহওক তেতিয়াৰ দিনৰ চোৰবোৰ ডকাইতসকলৰ দৰে দুঃসাহসী নাছিল। আজি চোৰ নামৰ শ্ৰেণীটো নাই যেন লাগে, সকলো ডকাইত।

 ধৰ্মপুইৰা আবুৰ ঘৰৰ চোৰটোৰ কথালৈ আহো। আবুই হাতত সাৰে ভৰিত সাৰে বিছনাৰ পৰা নামি কোঠাটোৰ চুকত ৰখা ভলুকাবাঁহৰ লাঠিডাল লৈ সিন্ধি কাটি থকা ঠাইডোখৰ আন্দাজ কৰি বহি থাকিল চোৰলৈ বাট চাই। সুৰংগ পথ নিৰ্মাণ হোৱাৰ পিছত চোৰ ডাঙৰীয়াই যেতিয়া চুঁচৰি চুঁচৰি বগাই আহি মূৰটো ঘৰৰ মজিয়াৰ ফালে উলিয়ালে তেতিয়াই আবুৱে তাৰ মূৰত বাঁহডালেৰে মাৰিলে প্ৰাণনাশী এক কোব। বিকট চিঞৰ এটা মাৰি চোৰ মূৰ্চা গ'ল। তাৰ চিঞৰত আতাৰে সৈতে ল'ৰা-ছোৱালীহঁত উঠি বহিল। ক’ৰ শব্দ, কোনে চিঞৰিছে তৰ্কিব নোৱাৰিলে কোনেও। আবুৱে কোৱাৰ পিছত সকলোৱে মিলি চোৰটোক টানি উলিয়াই আনি মূৰে-মুখে পানী ছটিয়ালে। আবুৱে তাক এবাতি গাখীৰো খুৱালে। অলপ সুস্থ হৈ চোৰটোৱে শেহাই শেহাই ক’লে— কি কৰিম দক্। ঘৰত আই[ ৪৮ ] পিতা, ভাই-ভনীৰে ডাঙাৰ সংসাৰ। খাবাৰ নাই, পিন্ধবাৰ নাই। ইয়াকে কৰি ঘৰখান চলাই আছু। আবুৱে তাক পাঁচ সেৰমান চাউল দি এইমুৱা নহ’বলৈ সকীয়াই দিছিল। কথাষাৰ চোৰসকলৰ মাজত সম্ভৱতঃ জনাজাত হৈছিল, কাৰণ আবুহঁতৰ ফালে ইয়াৰ পিছত কোনো চোৰে পদাৰ্পণ কৰা নাই।

 আবুৰ আন এটা দুঃসাহসিক অভিযানৰ কথা মনত পৰিছে। তেতিয়া আতা প্ৰয়াত। ছোৱালীকেইজনীৰ বিয়া হৈ গৈছে। পুতেক দুজন ঘৰত নাই। মুঠতে আবু আছিল অকলে। প্ৰতিদিনে পুৱা উঠি তেওঁ হাঁহৰ গড়ালত দেখে হয় এটা হাঁহ নাই, নহ’লে কণী নাই। শিয়াল বা হাপাই খায় বুলি ভাবি এদিন তেওঁ ৰাতিটো সাৰে থাকি খিৰিকীৰ কাষত বহি থাকিল। শেষ নিশা তেওঁ আচৰিত হৈ দেখিলে শিয়াল নহয়, হাপা নহয়, কোনো চোৰো নহয়, গড়ালৰ ফালে আগুৱাই গৈ আছে মস্ত এডাল ফেটীসাপ!

 মৰসাহ বুলি ক’লে ভুল হ’ব, দুঃসাহস আবুৰ। সেই এন্ধাৰ নিশা লেমৰ পোহৰত হাতত যাঠি এডাল লৈ আবুৱে খুপি খুপি সাপটোলৈ আগুৱাই গৈছে —দৃশ্যটো কল্পনাৰ চকুৰে চালেও গা শিয়ৰি উঠে। দেহৰ সকলো শক্তি উজাৰ কৰি বাঘৰ তেল খাইতীয়ে সাপটোৰ পেটতে হান মাৰি ধৰিলে যাঠিৰ তীক্ষ্ণ ফলকেৰে। খোচটো ইমান জোৰে মাৰিছিল যে ফলকৰ আগটো সাপৰ পেট ভেদ কৰি মাটিত লাগি ধৰিছিল। আবুৰ কেৱল সাহেই নহয়, তেওঁৰ লক্ষ্যও আছিল নিৰ্ভুল। চলমান সাপক কাণি-মুনি পোহৰত এইদৰে হানি মাটিত স্থানু কৰি ৰখাটো সহজ কাম নহয়। পিছে লৰচৰ কৰিব নোৱাৰিলেও সাপটোৱে তাৰ মুক্ত নেজডালেৰে যাঠিৰ নালডাল মেৰিয়াই ভাঙিবলৈ আপ্ৰাণ চেষ্টা কৰি থাকিল। আহত সাপৰ গাত হাতীৰ বল। বাঁহৰ নালডালৰ যেতিয়া ভাঙো ভাঙো অৱস্থা তেতিয়া সাহসিনীৰ বুকুৰ তেজ হিম হৈ আহিবলৈ ধৰিলে। এবাৰ মুক্ত হ’ব পাৰিলে আবুৰ আৰু ৰক্ষা নাছিল। সেই অৱস্থাত তেওঁ চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে ওচৰ-চুবুৰীয়াক। তিৰোতা মানুহৰ কণ্ঠত আৰ্তনাদ শুনি তেওঁলোকে বিছনাৰ পৰা জাপ মাৰি মাৰি ওলাই আহিল। আবুৰ চোতালত এই ভয়ংকৰ দৃশ্য দেখি দৰ্শকসকলৰ মুখৰ মাত হৰিল। সম্বিৎ ফিৰাই পাই মানুহবোৰে লাঠি, যাঠি, জোং যিয়ে যি পাইছে আনি উধাই-মুধাই কোবাই-খুচি সাপটোক মাৰি পেলালে। সিদিনা পিছে ৰাইজে আবুক প্ৰশংসা নকৰি গালিহে পাৰিছিল। তেঁৱো সিদিনাৰে পৰা আগপিছ ভাবিহে যিকোনো কামত আগবাঢ়িছিল।

 সাবিত্ৰী-বিবিত্ৰীৰ ল’ৰা-ছোৱালীবোৰ কিন্তু তেওঁলোকৰ দৰে সাহসী নহ'ল। বোধকৰো দেউতাকহঁতৰ স্বভাৱ পালে। আমাৰ দুয়োগৰাকী আতা আছিল শান্তশিষ্ট দাৰ্শনিক স্বভাৱৰ। মাৰ পিতাক আছিল কবি তথা শিক্ষক। তেওঁৰ মহায়েক অৰ্থাৎ বিবিত্ৰীৰ স্বামী প্ৰথম জীৱনত পুলিচ বিভাগত দাৰোগাৰ চাকৰিত সোমাইছিল। পিছে এমাহ চাকৰি কৰি তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিলে এইটো বিভাগৰ বাবে তেওঁ উপযুক্ত নহয়। গতিকে দাৰোগাৰ কামত ইস্তফা দি বাকী জীৱন শিক্ষকতা কৰি কটাইছিল। আমি মাজে-সময়ে কোৱাকুই কৰো যে আবুৱে পুলিচ বিভাগত নিযুক্তি পোৱা হ’লে চোৰ-ডকাইতহঁতে ত্ৰাহি মধুসুদন দেখিলেহেঁতেন।

[ ৪৯ ]  সাবিত্ৰী-বিবিত্ৰীৰ নুমলীয়া ভনী গায়ত্ৰীৰ কথাৰে মোখনি মাৰো। তেওঁক বিয়া দিছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী নামী নেতা কামেশ্বৰ দাসলৈ। পঢ়া-শুনাতো তেওঁ আছিল চোকা। অংকশাস্ত্ৰত কলকাতা বিশ্ববিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী কামেশ্বৰ দাসে ৰেংগুন বিশ্ববিদ্যালয়ত পোৱা চাকৰিও গ্ৰহণ নকৰি স্বাধীনতা যুদ্ধত নিজকে সঁপি দিছিল। ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁক অসমৰ প্ৰথম পাব্লিক চাৰ্ভিছ কমিছনৰ চেয়াৰমেন পদত নিযুক্তি দিয়া হৈছিল।

 স্বাধীনতা সংগ্ৰামত লিপ্ত হৈ থকা সময়ছোৱাত তেওঁলোকৰ ঘৰলৈ ভাৰতৰ নানা ঠাইৰ পৰা নেতাসকল আহিছিল। এবাৰ এগৰাকী বাঙালী নেতৃস্থানীয় ব্যক্তিয়ে আবুৱে ৰন্ধা মাছৰ আঞ্জাখন বৰ সোৱাদ লগা বুলি কোৱাত তেওঁ কৈছিল— আপোনালোকে যে আমাক খাৰখোৱা অসমীয়া বুলি ইতিকিং কৰে এই আঞ্জাখন সেই খাৰেৰে ৰন্ধা। নেতাজনে কৈছিল— বাঃ, খাৰ এতো সুস্বাদু।


মোৰ ছোৱালীকাল

আমাৰ চাৰিজনী বাই-ভনীৰ শৈশৱ আৰু কৈশোৰ অতিবাহিত হৈছে কোকৰাঝাৰত। মাৰ আটাইকেইটা সন্তানৰ পিছে জন্ম হৈছে ধুবুৰীত — আমাৰ নিজা ঘৰত। আমাৰ জন্মৰ আগৰে পৰা দেউতা কোকৰাঝাৰত আছিল যদিও যোৱা শতিকাৰ ত্ৰিশ-চল্লিশৰ দশকত তাত চিকিৎসা সেৱা নাছিল বুলিয়ে ক’ব পাৰি। গতিকে মা যাবলগীয়া হৈছিল ধুবুৰীলৈ। তেতিয়াৰ দিনত ঘৰতে প্ৰসৱ কৰোৱা হৈছিল। তাকে কৰাবলৈ অনোৱা হৈছিল লেডী ডাক্তৰক। একেগৰাকী ডাক্তৰৰ হাততে আমাৰ প্ৰথম চাৰিজনী বাই-ভনীৰ জন্ম হৈছিল। তেওঁৰ চেহেৰাটো মোৰ এতিয়াও মনত আছে। তেওঁ শাৰীখন পিন্ধিছিল বাঙালী বয়সীয়া মানুহে পিন্ধা ধৰণে। তেওঁ বাঙালীয়ে আছিল।

 মোতকৈ তিনিবছৰমানে সৰু ভণ্টী টুলুৰ জন্ম হোৱাৰ পিছত মই হেনো দুৱাৰৰ পিছফালে বহি উচুপি উচুপি কান্দিছিলো। সকলোৱে ভাবিছিল মাৰ কোলাত আন এজনক দেখি মোৰ ঈৰ্ষা ওপজা বাবে কান্দি আছিলো। পিছে কন্দাৰ কাৰণ আছিল বেলেগ। মই হেনো ভাবিছিলো লেডী ডাক্তৰে লগত লৈ অহা চুটকেছটোত টুলুক ভৰাই লৈ আহিছিল, তাই তেওঁৰে জীয়েক। নিষ্ঠুৰ মাকজনীয়ে তাইক আমাৰ ঘৰত এৰি থৈ গ’ল। টুলুৱে বোধহয় কান্দি আছিল, মই ভাবিছিলো মাকক নেদেখি তাই কান্দিছে, মাক আৰু সন্তানৰ যে এৰাব নোৱাৰা সম্পৰ্ক, মুহূৰ্তৰ বাবে মাকক নেদেখিলে যে শিশুৱে নিৰাপত্তাৰ অভাৱ বোধ কৰে সেই ধাৰণা মোৰ মনত জাগি উঠা বাবে কান্দিছিলো। চুটকেছত ভৰাই অনাজনীক ঈশ্বৰে আমালৈ লেডী ডাক্তৰৰ হাতেৰে পঠোৱা বুলি জনাৰ পিছত মোৰ মহা স্ফূৰ্তি, পুতলা হেন ভনী এজনী পোৱা বাবে।

 ধুবুৰীত জন্ম হ’লেও কোকৰাঝাৰৰ আকাশৰ তলত, কোকৰাঝাৰৰ মাটিত কোকৰাঝাৰৰ বায়ু সেৱন কৰি মোৰ জীৱনৰ প্ৰথম তেৰটা বছৰ কটাইছো। তাৰ পিছত পঢ়া-শুনা কৰিবলৈ [ ৫০ ]

দেউতাৰ কোলাত মই    ভনী ডল আৰু ভাই ত্ৰিদীপ আৰু প্ৰবীৰ
[ ৫১ ] আৰু জীৱনৰ বিভিন্ন অধ্যায়ৰ মুখামুখি হ’বলৈ মোৰ চিৰ চেনেহী কোকৰাঝাৰ এৰিবলগীয়া হৈছিলো যদিও কোকৰাঝাৰৰ স’তে সম্পৰ্ক ছিঙা নাই। বড়ো আন্দোলন তুংগলৈ উঠাৰ সময়ত যেতিয়া বহুতে ঠাইখন এৰি গৈছে তেতিয়াও কলকাতাৰ পৰা গুৱাহাটীলৈ ফুৰিবলৈ আহোতে কেইদিনমানৰ বাবে কোকৰাঝাৰলৈ গৈছিলো। কিছুমানে মোক কৈছিল— ‘বলিয়া হৈছা নেকি এই ভয়ংকৰ সময়ত তালৈ যাবলৈ?’ মই কৈছিলো, ‘নিজৰ ঘৰলৈ যাবলৈ কোনোবাই ভয় কৰে নে?’

 যিখন ঠাইত মানুহৰ প্ৰথম মাত ফুটে, য’ত মানুহৰ জ্ঞান মুকুলিত হয়, য’ত মানুহে প্ৰথম আখৰ শিকে সেইখন ঠাইৰ স্মৃতি কোনোদিনে মলিন নহয়। লিখি থাকোতে কিমান স্মৃতিয়ে যে জুমুৰি দি ধৰিছে। কিমান চিনাকি মুখে যে সন্মুখত থিয় দিছে! আজিৰ দৰে তেতিয়া পৰিয়ালবোৰ সৰু নাছিল। আমাৰ লগত আছিল আবু যমুনা সুন্দৰী। আছিল দেউতাৰ কাজিন ভাই-ভতিজা। মাজে মাজে আহি থাকিছিল পেহীহঁত। মাৰ পিতা–আমাৰ কবি আতা, সৰযু মাহী, কোহিনুৰ মাহী আৰু অনেকেই। আলহী-অতিথিও প্ৰায়ে আহিছিল। ডাঙৰ খুড়া, সৰু খুড়াৰ পৰিয়ালো নিজ নিজ কৰ্মক্ষেত্ৰৰ পৰা ল'ৰা-ছোৱালীৰ গৰম বা পূজাৰ বন্ধত আহিছিল। তদুপৰি ঘৰত সাহায্যকাৰীও আছিল কেইবাজনো। গৰখীয়া ফুলমামুদ আৰু শুকুৰালৈ মনত পৰে। মনত পৰে চঞ্চলমতী হাতীজনী আৰু মাউত-ঘাঁহিলৈ। মাউতৰ দুজনী ঘৈণীয়েক, তাৰে এজনী ঘৰত থাকিছিল, এজনী লগত। এইজনী আছিল উজনিৰ। সেই প্ৰথম মই উজনিৰ মানুহ দেখিছো। মাউতনীয়ে বিড়ি হোপা দেখি ভাবিছিলো উজনিৰ মহিলাসকলে বিড়ি খায়। কি যে অদ্ভুত ধাৰণা!

 আমাৰ দেউতা গিৰীন্দ্ৰ মোহন দাস সেই সময়ত বিজনী ৰজাৰ খুটাঘাট পৰগণা পৰিচালনাৰ দায়িত্বত কোকৰাঝাৰত আছিল। আন আন বিষয়া-কৰ্মচাৰীৰে সৈতে একেটা চুবুৰিত নিজৰ নিজৰ সুকীয়া কোৱাৰ্টাৰত আমি থাকিছিলো যদিও সকলোৰে লগত মিলাপ্ৰীতি আছিল। ভবাই নাছিলো যে আমাৰ মাজত তেজৰ সম্পৰ্ক বা আত্মীয়তা নাই। সকলোৰে ঘৰত অবাধ প্ৰৱেশ। অবাধ মিলামিচা।

 কোকৰাঝাৰত ল’ৰাৰ বাবে হাইস্কুল এখন আছিল যদিও ছোৱালীৰ বাবে এল পি স্কুল এখনো নাছিল। সেই বুলি আমাক নপঢ়াইতো ৰাখিব নোৱাৰে। ঘৰতে আমাৰ বিদ্যাৰম্ভ হ’ল। পশ্চিম অসমত, বিশেষকৈ ধুবুৰী-গৌৰীপুৰৰ মানুহে এসময়ত বাংলা ভাষাত পঢ়া-শুনা কৰিছিল। আমালৈ আনিছিল ‘হাসিখুশী’, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ ‘বৰ্ণ পৰিচয়’ আদি কিতাপ-পত্ৰ। গতিকে আখৰ আৰু সংখ্যাৰ সৈতে চিনাকি হলো বাংলাত। অৱশ্যে বেছি দিনলৈ নহয়। কিছু দিনৰ ভিতৰতে আমাৰ টেবুললৈ আহিল অসমীয়া কিতাপ। অৱশ্যে বাংলা সাধু কথাৰ কিতাপ পঢ়া বন্ধ হোৱা নাছিল। আখৰ আৰু সংখ্যাৰ স’তে বাংলাৰে প্ৰথম চিনাকি হোৱা বাবে মই আজিলৈ কোনোবাই মুৰ্ধণ্য ট, ঠ, ড, ঢ আৰু দন্ত্য ত, থ, দ, ধ ক’লে তৎক্ষণাতে ধৰিব নোৱাৰো। বাংলা ভাষাত দুয়োবিধৰ স্পষ্ট উচ্চাৰণ, অসমীয়াত দুয়ো বিধৰ উচ্চাৰণ প্ৰায় একে। সেইদৰে সংখ্যা আওৰাওতেও খেলিমেলি লাগে। তদুপৰি অঞ্চলটোৰ স্থানীয় ভাষাৰ — যি গোৱালপাৰীয়া, দেশী আৰু কোচ-ৰাজবংশী নামেৰে [ ৫২ ] বিভিন্নজনৰ মাজত খ্যাত—এটা সুকীয়া অস্তিত্ব আছে যদিও, উচ্চাৰণ বাংলাৰ দৰে। যেনে, আমি ঘৰত কোৱা দেশী ভাষাত চ আৰু ছৰ, ট আৰু তৰ উচ্চাৰণ বাংলাৰ দৰেই স্পষ্ট। অসমীয়া উচ্চাৰণ কোমল। আজি ভাবিলে হাঁহি উঠে আমি যেতিয়া প্ৰথম অসমীয়া পাঠ্য কিতাপ জোৰে জোৰে পঢ়িছিলো তেতিয়া উচ্চাৰণ কিন্তু কোমল হৈ থকা নাছিল। তেতিয়াৰ দিনত যোগাযোগ ব্যৱস্থা উন্নত নাছিল, ৰেডিঅ’, টিভিৰতো অস্তিত্বই নাছিল। গতিকে উজনিৰ ভাষা বহুদিনলৈ শুনাই নাছিলো। অৱশ্যে মাৰ ফালৰ আত্মীয়-স্বজন কামৰূপৰ হোৱা বাবে সেই অঞ্চলৰ ভাষাৰ স'তে পৰিচিতি আছিল।

 এই প্ৰসংগত মনত পৰিছে সৰু খুড়ীদেউৰ মাহীয়েকৰ পুতেক মাখন দাসলৈ। তেওঁ আমাৰ লগতে কটন কলেজত পঢ়িছিল। যিমান দূৰ মনত পৰে তেওঁ বাংলা ভাষাতে স্কুল-কলেজত পঢ়া-শুনা কৰিছিল। গতিকে অসমীয়া ক’ব পাৰিছিল যদিও সচৰাচৰ ব্যৱহাৰ নকৰা অনেক অসমীয়া শব্দৰ সৈতে চিনাকি নাছিল তেওঁৰ। মাখনে বিয়া কৰাইছিল শ্বিলং নিবাসী উজনিৰ ছোৱালীক। মোক এদিন তেওঁ সুধিছিল নুমলীয়াৰ অৰ্থ মই জানো নে নাই। জানো শুনি তেওঁ আচৰিত। তেওঁ হেনো দেউতাক-মাকৰ নুমলীয়া জীয়েকৰ স’তে বিয়া হ’ব শুনি ভাবিছিল কইনাৰ নাম নুমলীয়া!

 ইয়াৰ পিছত মোৰ অসমীয়া ভাষাজ্ঞান পৰীক্ষা কৰিবলৈ সুধিছিল ঢেৰেকনি মানে কি। মই বজ্ৰপাত বুলি কোৱাৰ লগে লগে তেওঁ যেন বজ্ৰাহত হ’ল। তেওঁ শ্ৰীমতীৰ মুখত ঢেৰেকনি, গোজৰণি, কানি-মুনি, কাণি-দুৱৰী, শেতেলি আদি শব্দবোৰ শুনি ভাবিছিল হিব্ৰু বা ফাৰ্চি কোৱা বুলি। আজি বহু বছৰৰ পৰা পিছে সকলোৱে অসমীয়া পঢ়ে। বাংলাৰ লগত অধিকাংশৰে সম্পৰ্কহীন।

 মনত পৰিছে ডাঙৰ খুৰা বীৰেন্দ্ৰ মোহন দাসৰ জীয়েক শেফালিলৈ। তাইৰ মাক মাৰ আপোন ভনী আমাৰ শিশিৰ মাহী বুলি কোৱা হৈছে। খুৰাই হেনো তেওঁৰ বৰভিটা গাঁৱৰ পৰা চাইকেলত উঠি মাহীক বিয়া কৰাবলৈ আহিছিল শগুণবাহীলৈ। যিয়েই নহওক খুৰা কৰ্মসূত্ৰে হাইলাকান্দিত থকা বাবে তেওঁৰ ল’ৰা-ছোৱালীবোৰে সৰুকালত বাংলা পঢ়িছিল। গৰমৰ বন্ধ, পূজাৰ বন্ধত তেওঁলোক আহিছিল কোকৰাঝাৰলৈ। এদিন মোক মনপুতি কিতাপ পঢ়ি থকা দেখি শেফালি মোৰ ওচৰলৈ আহি তায়ো পঢ়িবলৈ ধৰিলে। কিতাপত থকা বাক্য এটা পঢ়ি তাই মোক সুধিলে,— ‘কলং নৈত দলং আছে’ৰ অৰ্থ কি? বেচেৰীয়ে বোধকৰো মাখনৰ দৰেই আটাইকেইটা শব্দ হিব্ৰু বা ফাৰ্চি বুলি ভাবিছিল। সেই সময়ত সিহঁতৰ আটাইকেইজনী বাই-ভনীয়ে ঘৰত চিলেটি ভাষা কৈছিল। ইয়াৰ পিছত খুৰা ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিল আৰু মেজিকৰ দৰে অতি কম সময়ৰ ভিতৰতে চিলেটি পাহৰি আটায়ে উজনি অসমৰ ভাষাও আয়ত্ত কৰিলে। সেইজনী শেফালিৰে জীয়ৰী জুলা বৰ্তমানে কলং নৈপৰীয়া প্ৰশান্ত শইকীয়াৰ পত্নী। গুৱাহাটীৰ চকু বিশেষজ্ঞ ডাঃ দীপক ভূঞা আৰু ৰূপাই বোধকৰো বিশ্বাস নকৰিব যে সঘনাই কলঙৰ দলং পাৰ হৈ জীয়েকৰ ঘৰলৈ অহা-যোৱা কৰা তেওঁলোকৰ মাকে এদিন আচৰিত হৈ শব্দ দুটা নো কি জানিব খুজিছিল। শেফালিৰ অৱসৰপ্ৰাপ্ত চিভিল চাৰ্জন স্বামী ডাঃ যোগেন্দ্ৰ নাথ ভূঞাও সম্ভৱতঃ এই বিষয়ে অৱগত [ ৫৩ ] নহয়। শেফালিয়ে কেৱল জীয়েককে কলংপৰীয়ালৈ বিয়া দিয়া নাই, ভনীয়েক আৰতিক তাৰ আগতে একেখন নগাঁৱৰ আমোলাপট্টী নিবাসী ভূপেন মহন্তলৈ দিছে। এওঁৰ দেউতাক ভূজ মহন্ত নগাঁৱৰ এগৰাকী নাম কৰা ব্যক্তি আছিল। মহাত্মা গান্ধী নগাঁৱলৈ আহোতে ভূজ মহন্তৰ ঘৰত আছিল।


বিদ্যাৰম্ভ

ছোৱালীৰ বাবে স্কুল নোহোৱা তাহানিৰ কোকৰাঝাৰত আমি কেনেকৈ পঢ়িলো তাকে কোৱা যাওক। আমাৰ ঘৰুৱা স্কুলত মা আছিল আখৰ আৰু সংখ্যা শিকোৱা, সৰু সৰু যোগ-বিয়োগ আদি শিকোৱা মাষ্টৰণী বাইদেউ। দেউতাই পুৱা গীতা বা চাণক্য শ্লোকৰ একোটাকৈ শ্লোক মুখস্থ কৰাইছিল। ইংৰাজী, ভূগোল আদিৰো ছাৰ আছিল তেওঁ। অলপ ডাঙৰ হোৱাৰ পিছত যে নীৰস ইংৰাজী গ্ৰামাৰসোপা শিকাইছিল সেই দিনবোৰৰ কথা আৰু নাপাহৰো। দেউতা আছিল born teacher। পঢ়াবলৈ তেওঁ বৰ ভাল পাইছিল৷ এইটো তেওঁৰ হবি আছিল বুলি ক’লে বঢ়াই কোৱা নহয়। তেওঁৰ সহকৰ্মীৰ ল’ৰা-ছোৱালীক বাটৰ পৰা মাতি আনি ইংৰাজী পঢ়াইছিল। বহু বছৰ পিছত কলকাতাত লগ পাইছিলো পুৰণি চিনাকি ল’ৰা এজনক। তেওঁলোকে হেনো আমাৰ দেউতাই বাটৰ পৰা ধৰি আনি পঢ়ায় বুলি ভয়তে আমাৰ ঘৰৰ আগেৰে অহা-যোৱা কৰা নাছিল। কিন্তু তেওঁ পঢ়োৱা বাবে যে ইংৰাজী শিক্ষাৰ ভেটিটো মজবুত হৈছে সেই কথা স্বীকাৰ কৰিছিল। মাকো দেউতাই ইংৰাজী পঢ়াইছিল।

 আমাৰ ঘৰৰ স্কুলখনত কোনো পাঠ্যক্ৰম অনুসৰি পঢ়োৱা হোৱা নাছিল। এফালে হয়তো ভালকৈ পঢ়িবই নাজানো, আনফালে বিশ্বৰ মানচিত্ৰখন হ’লে ভালকৈয়ে চিনাকি। পঢ়া কোঠাৰ বেৰত ওলোমাই ৰখা হৈছিল বিভিন্ন মহাদেশৰ মানচিত্ৰ। আমাক দেউতাই শিকাইছিল মেপ ৰিডিং কৰিবলৈ। তেতিয়াৰে পৰা আজিলৈ কল্পনাৰ ঘোঁৰা ঢেঁকুৰাই মই দেশে-বিদেশে ঘূৰি-ফুৰি আছো। মেপখন থাকে চকুৰ আগত। কেতিয়াবা যাওঁ সুমেৰুলৈ, কেতিয়াবা কুমেৰুলৈ। কেতিয়াবা ট্ৰেন্স চাইবেৰিয়ান ৰে’লত উঠি মস্কোৰ পৰা যাওঁ পিকিঙলৈ (আজিৰ বেইজিং), কেতিয়াবা জাহাজেৰে লণ্ডন হৈ আমেৰিকালৈ।

 এদিন লাঠি এডালেৰে কোবাই কোবাই দেউতাৰ সহকৰ্মী এজনে তেওঁৰ পুতেক কালাচাঁদক আমাৰ ঘৰলৈ আনি দেউতাক মাতি পঠালে। কথা হেনো বিষম। কালাচাঁদ বোধকৰো সপ্তম-অষ্টম শ্ৰেণীৰ। আমাৰ চকুত বেচ ডাঙৰ ল’ৰা। দেউতাকে তাক ব্ৰহ্মপুত্ৰ নৈৰ গতিপথ সম্পৰ্কে শিকাই আছিল, কিন্তু বাছাধনৰ মূৰত কথাষাৰ নোসোমায়। নোসোমায় বুলি ক’লে ভুল কোৱা হ’ব — সোমায় ওলোটাকৈ। যেনে ব্ৰহ্মপুত্ৰ নৈ বংগোপ সাগৰৰ পৰা ওলাই বংগদেশৰ (তেতিয়া বৰ্তমানৰ বাংলাদেশ আৰু পশ্চিমবংগক একেলগে বংগদেশ বোলা হৈছিল। তেতিয়াও ভাৰত বিভাজন হোৱা নাছিল) মাজেৰে কিছুদূৰ বৈ গৈ অসমত সোমায়। তাৰ পিছত অসমৰ পৰা ওলাই তিব্বতৰ মাজেৰে গৈ মানস সৰোবৰত পৰে। দেউতাকে কণ্ঠস্বৰ সপ্তমত তুলি কয়—‘বেটা মুৰ্খ, ওলোটাই কৱ কিয়?’ তাৰ পিছতে [ ৫৪ ] পিঠিত সৌকাৰ কোব। কালাচাঁদৰ দেউতাক অকলে নহয় আমাৰ ঘৰলৈ আহোঁতে লগত আনিছিল তেওঁৰ বন্ধু এজনক। এওঁ আছিল বিজনী এষ্টেটৰ ফৰেষ্টাৰ। পেটুৱা হোৱা বাবে আমি পেটলা জেঠু বুলি মাতিছিলো। তেওঁ মোক মতাই আনি বেৰত আঁৰি থোৱা মানচিত্ৰখনৰ ওচৰলৈ লৈ গৈ ব্ৰহ্মপুত্ৰৰ গতিপথ মুখেৰে কৈ কৈ দেখুৱাবলৈ ক’লে। মেপ ৰিডিং বা ভূগোলক মই পঢ়াশুনাৰ অংশবিশেষ বুলি ভবা নাছিলো, ধেমালি বুলিহে ভাবিছিলো।গতিকে গতিপথ দেখুওৱাত ভুল নহ’ল। মোৰ ‘কৃতিত্ব’ত সন্তুষ্ট হৈ পেটলা জেঠুই চাব্বাছ বুলি ক’লে আৰু কালাচাঁদৰ পিঠিত ধুপুচকৈ মাৰিলে এটা কিল। দেউতাই ল’ৰা-ছোৱালীক পঢ়াওতে লাঠি বা কিল-ভুকুৰ ব্যৱহাৰ পছন্দ কৰা নাছিল। তেওঁ কালাচাঁদৰ দেউতাক, পেটলা জেঠু আৰু মোক আঁতৰি যাবলৈ কৈ কালাচাঁদক ওচৰ চপাই ল’লে। সিদিনা নোৱাৰিলেও ল’ৰাটোৱে দুদিনমানৰ চেষ্টাৰ পিছত শুদ্ধকৈ ব্ৰহ্মপুত্ৰৰ গতি-পথ ক’ব পৰা হৈছিল। সম্প্ৰতি আমীৰ খানৰ ‘তাৰে জমিন পৰ’ নামৰ কথাছবিখন চাই ধাৰণা হ’ল কালাচাঁদ হয়তো ডিচ্‌লেক্সিয়া ৰোগৰ বলি আছিল।

 আবু যমুনা সুন্দৰী আছিল মোৰ সবাতোকৈ প্ৰিয় শিক্ষয়িত্ৰী। তেওঁ লিখা-পঢ়া জানিছিল নে নাই নেজানো। তেওঁলোকৰ দিনত ছোৱালীয়ে পঢ়াশুনা নজনাটোৱে স্বাভাৱিক, কিন্তু দেউতাৰ দৰে তেৱোঁ আছিল এগৰাকী born teacher। তেওঁৰ সাধুকথাৰ ভৰাঁল আছিল সমৃদ্ধ। মোক শিশু বয়সতে কল্পনাৰ বিচিত্ৰ জগতখনত সোমাবলৈ এইগৰাকী শুভ্ৰবসনা অপৰূপাই দুৱাৰখন মেলি দিছিল। ঈশ্বৰ-ঈশ্বৰী, অসুৰ-দানৱ, ভূত-বীৰা, স্বৰ্গ-নৰক, যমদূত-যমজা, দুখীয়া-নিচলা, ৰজা ৰাণী, সোণৰ কাৰেং-দুখীয়াৰ পঁজা, পৰী-মাছাং, হালুম-হুলুম, ৰাক্ষস-খোক্ষস, মধুসুদন দাদা-দুখীয়া ছাত্ৰ-লোভী শিক্ষক, ফটা-ছিটা ফটহু, ছাল ছিগা ভিকহু আদি অসংখ্য লৌকিক-অলৌকিক চৰিত্ৰৰে ঠাহ খাই আছে সেইখন জগত। আবু আছিল পাকৈত গল্প কথক। ইমান সাৱলীল আৰু শিশুৰ মন মুহিব পৰা ভাষাত কাহিনীবোৰ বৰ্ণাইছিল যে দৃশ্যবোৰ চিনেমাৰ পৰ্দাত ওলোৱাদি মনৰ পৰ্দাত ওলাই থাকিছিল।

 ‘মই পখী ডালত, ৰজাই ভাত খায় সোণৰ থালত’ বুলি আবুৱে কোৱাৰ লগে লগে ডালত বহি থকা পখীটো আৰু ৰজাই সোণ-ৰূপ খটোৱা কাৰেঙত লগুৱা-লিকচৌ পৰিবেষ্টিত হৈ সোণৰ কাঁহীত সুগন্ধী জহা চাউলৰ ভাত খোৱা দৃশ্যটো মোৰ কল্পনাত এতিয়াও উজ্জ্বল হৈ আছে। তেৱেঁই মোক প্ৰথম ৰামায়ণ, মহাভাৰত আৰু অন্যান্য হিন্দু পৌৰাণিক আখ্যানবোৰ শুনাইছিল। জহকালি চোতালত বহুৱাই চিনাকি কৰি দিছিল সপ্তৰ্ষি মণ্ডল, ধ্ৰুৱ-নক্ষত্ৰ আদি তৰা ভৰা আকাশখনৰ সৈতে, উমলিবলৈ শিকাইছিল ফুলে-ফলে শোভিত প্ৰকৃতিৰ কোলাত নাচি –বাগি থকা চৰাই-চিৰিকতি, জীৱ-জন্তুৰ স’তে। ভাল পাবলৈ শিকাইছিল মানুহক।

 মাহঁতৰ দৰে আবুৰ কপালত সেন্দূৰৰ ফোটটো নেদেখি আমাৰ ভাল লগা নাছিল। গতিকে দুপৰীয়া খাই-বই তেওঁ শুলে বাইদেৱে-ময়ে মাৰ সেন্দুৰৰ টেমিটো আনি তেওঁৰ কপালত আৰু শিৰত সেন্দূৰ পিন্ধাই দিছিলো। আমাৰ উৎপাতত সাৰ পাই তেওঁ আমাক বুজাই কৈছিল তেওঁ বোলে কিবা বিধবা মানুহ, সেন্দুৰ ল’ব নাপায়। বিধবা-চিধবা বুজাৰ বয়স তেতিয়া হোৱা নাছিল। গতিকে সেই একে উৎপাত আমি সঘনাই চলাই আছিলো [ ৫৫ ] আবুৰ ওপৰত। তেওঁৰ দেউতাক নে ককাদেউতাক কোনোবা এজন আছিল বিলাসীপাৰা জমিদাৰীৰ পৰিচালক। আমি কৈছিলো তোমাক তেওঁলোকে ভাল এখন শাৰী কিনি দিব নোৱাৰেনে? সেই একে কথা— তেওঁ বিধবা। তদুপৰি দেউতাক-ককাদেউতাক কেতিয়াবাই আকাশলৈ গুচি গৈছে, তেওঁ কৈছিল।

 আমাৰ আন এজন অতি মৰমৰ শিক্ষক আছিল মাৰ পিতা— আমাৰ কবি আতা, কেশৱ চন্দ্ৰ চৌধুৰী। এওঁ মোৰ লেখাত মাজে মাজে ভুমুকি মাৰিব বুলি আগতে কোৱা হৈছে। আতা মাজে-সময়ে আমাৰ ঘৰলৈ আহি আমাক বুৰঞ্জী পঢ়াইছিল। স্বৰচিত কবিতাৰ মাধ্যমেৰে। আচলতে ‘পদ্য ভাৰত বুৰঞ্জী’খন তেওঁ লিখিছিল বাইদেউৰ বাবে। অপ্ৰকাশিত কিতাপখনৰ আগকথাত আতাই লিখিছে এইদৰে—

 ‘মোৰ কুমলীয়া নাতিনী পিক্‌লুক (বাইদেউৰ ঘৰত মতা নাম) তাইৰ গৃহ শিক্ষকে বুৰঞ্জীৰ পাঠ দিওঁতে মই ধেমালি কৰি সেই পাঠবিলাক কবিতা আকাৰে লিখি তাইক পঢ়িবলৈ দিওঁ। এই কবিতাবিলাক পাই পিক্‌লুৰ ইমান ৰং হ’ল যে তাই ১৫/২০ মিনিটৰ ভিতৰত সেই বিলাক মুখস্থ কৰি যেতিয়াই তেতিয়াই আবৃত্তি কৰি ফুৰিব ধৰিলে। তাইৰ মুখত শুনি বুলু, টুলুয়েও (৫ বছৰীয়া আৰু ৩ বছৰীয়া তাইৰ ভনীয়েক) সেইবিলাক মধুৰ সুৰত গাবলৈ আৰম্ভ কৰে। ইয়াৰ কিছুদিন পাছত মই বৰপেটালৈ যোৱাত মোৰ কনিষ্ঠা কন্যা কোহিনুৰেও এই পাঠবিলাক দেখি ৰঙত জপিয়াব ধৰে আৰু তায়ো সেইবিলাক মুখস্থ কৰি যেতিয়াই তেতিয়াই গাই ফুৰিবলৈ ধৰিলে। এনেকৈ দুটা-এটাকৈ লিখোতে ই কিতাপৰ আকৃতি পালে। মই ক'ব নোৱাৰো ই লৰা-ছোৱালীৰ কিবা উপকাৰত আহিব পাৰে নে নোৱাৰে। এতেকে সুধীসকলৰ হাতত সবিনয়ে ইয়াৰ বিচাৰৰ ভাৰ অৰ্পিলো।

 কোকৰাঝাড় ১০ আগষ্ট ১৯৩৮ – গ্ৰন্থকাৰ’

 কিতাপখন বোধকৰো পাণ্ডুলিপি অৱস্থাতে বাগৰি বাগৰি বৰ্তমানে মোৰ হাতলৈ আহিছে। এইখনেই নহয়, শিশুৰ বাবে তেওঁ ৰামায়ণ-মহাভাৰতো লিখিছিল। পদ্য ভাৰত বুৰঞ্জীখনত হিন্দু ৰাজত্বৰ পৰা ব্ৰিটিছ শাসনলৈ সামৰা হৈছে। শেষ পদ্যটো দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাতি-সংঘক লৈ লিখা। তাৰ পিছতে তেওঁ পৰলোক গমন কৰে।

 আলেকজেণ্ডাৰক ‘পাঁচবছৰীয়া বুলু’ অৰ্থাৎ মোৰ স্মৃতিত বীৰৰ স্থানত অধিষ্ঠিত কৰিছিল আতাৰ কবিতাই—

গ্ৰীচ দেশৰ  মেচিদনিয়াৰ
 আলেকজেণ্ডাৰ বীৰে
বহু সৈন্য লই  এচিয়ালৈ আহি
 দেশ জয় কৰি ফুৰে....

 হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে চুটি চুটি কবিতাৰে অনাৰ্য জনগোষ্ঠীৰ পৰা তাৰিখ-চনৰে সৈতে কালক্ৰমানুসৰি ভাৰতৰ সকলো শাসককে বুৰঞ্জীখনত স্থান দিছে। তাৰ মাজত মেগেস্থেনিছ, হিউ য়েন ছাং, বুদ্ধদেৱ, হজৰত মহম্মদ, মহাত্মা গান্ধী প্ৰমুখ্যে ইতিহাসপ্ৰসিদ্ধ ব্যক্তিসকলৰ কথাও কবিতাকাৰে আছে। হজৰত মহম্মদৰ বিষয়ে লিখা [ ৫৬ ]

আইতাৰ সৈতে দুগৰাকী বোৱাৰী আৰু আমি পাঁচজনী নাতিনী (আইতাৰ ভৰিৰ ওচৰত ডাঙৰজনী মই)}}
সোঁফালে মূঢ়াত বহি থকাগৰাকী আমাৰ সৰযূ মাহী

[ ৫৭ ] পদ্যটো পঢ়ি আমাৰ শৈশৱৰ মুছলমান বান্ধৱী বদৰুন্নিছাৰ দেউতাক ডাঃ বজলুৰ ৰহমানে আতাক দেখা কৰিবলৈ আহিছিল।

 আতাই নাতিনীসকলৰ স’তে কবিতাৰে চিঠি লিখি যোগাযোগ ৰাখিছিল। বৰাকবাসী নাতিনীহঁতলৈ লিখিছিল বাংলাত। কবিতাবোৰ আজিও সত্তৰোৰ্ধ নাতিনী গীতাৰ (কবি- সাহিত্যিক ড° মহেন্দ্ৰ বৰাৰ সহধৰ্মিনী) মুখস্থ। কবিতাত উল্লিখিত অঞ্জলি নামৰ ডাঙৰজনী নাতিনী দহ বছৰ বয়সতে ঢুকাইছে।

 ‘সোণামণি অঞ্জলি মোৰ, হীৰেৰ টুকৰো গীতা
 বড়দিনে খেলাম কত কেক, চকলেট, পিঠা।
 খাবি যদি আয় না হেথা দিয়ে একটা ছুট
 দিব সন্দেশ, ৰসগোল্লা, বিস্কুট এৰাৰুট।...

 কেতিয়াবা আমালৈকো বাংলাত লিখিছিল আতাই। বাইদেউ পিক্‌লুলৈ লিখিছিল এইদৰে—

 ‘পিকুমণি সোণামণি সপ্তৰাজাৰ ধন
 চিঠিখানা পেয়ে তোমাৰ ঠাণ্ডা হলো মন।
 কিন্তু তোমাৰ লাঠিৰ গুতোয় ভয়ে কঁপে প্ৰাণ
 কোথায় যাইগো দিদিমণি নাই লুকোবাৰ স্থান।’

 ককা-আইতাৰ স’তে নাতি-নাতিনীৰ এটা মধুৰ সম্পৰ্ক গঢ়ি উঠে। আমাৰ জীৱনত তেওঁলোক দুয়োৰে অৱদান অপৰিমেয়। আমাৰ অকালপক্ক সৰু নাতিটোৱে আমাৰ সান্নিধ্য পাই বোধকৰো উপলব্ধি কৰিছে এই মিঠা সম্পৰ্কৰ বিষয়ে। সি পাঁচ বছৰ বয়সত কৈছিল তাৰ বাপেক হোৱাৰ ইচ্ছা নাই, একে জাপে ষোল্লটা নাতিৰ ককাদেউতাক হ’ব। কেইবছৰমান পিছত বুজি পালে নাতি পাবলৈ হ'লে প্ৰথমতে দেউতাক হ’ব লাগিব, যদিও দেউতাক হোৱাৰ ইচ্ছা তাৰ মুঠেও নাই।

 আমাৰ গৃহশিক্ষক দীননাথ দাস আছিল এগৰাকী অতি কৃতী ব্যক্তি। তেওঁ কোকৰাঝাৰৰ ল’ৰাৰ হাইস্কুলত শিক্ষকতা কৰিছিল। শিক্ষকৰ প্ৰশিক্ষণপ্ৰাপ্ত মাষ্টাৰ বাবুৱে (আমি তেনেকৈয়ে সম্বোধন কৰিছিলো) জানিছিল শিক্ষাদান কৰাৰ নীতি-নিয়ম। তেওঁ বাইদেউ আৰু মোক অংক, সাহিত্য, ভূগোল, ছবি অঁকা, মেপ অঁকা ইত্যাদি সকলোবোৰ বিষয় পঢ়াইছিল। মাষ্টাৰ বাবুৰ হাতৰ আখৰকেইটা আছিল মুকুতাৰ দৰে।

 মই সৰুতে আছিলো অলপ খেয়ালী স্বভাৱৰ। কেতিয়াবা পঢ়িবলৈ মন নগ’লে পানী খাবলৈ যাওঁ বুলি মাষ্টাৰ বাবুক কৈ আৰু ঘূৰি নাহিছিলো। কেতিয়াবা আকৌ পঢ়াত ইমানে মন যে মাষ্টাৰ বাবুক বহুৱাই ৰাখিছিলো। পঢ়িছিলো নিজৰ খুচিমতে। এদিনৰ এটা ঘটনাৰ কথা আজিও পাহৰা নাই। সিদিনা অংকৰ নিচাই পাইছিল মোক। অংক কৰি আছো কৰিয়েই আছো। মাষ্টাৰ বাবুৱে ক'লে— আৰু অংক কৰিব নালাগে, সাহিত্যৰ পুথিখন পঢ়া। মোক ডিছটাৰ্ব দিয়া বাবে ইমান খং উঠিছিল যে কাষত থকা দুহাত দীঘল কাঠৰ ৰুলাৰ ডালেৰে মাষ্টাৰ বাবুক মাৰিবলৈ উদ্যত হৈছিলো। তেওঁ থাপ মাৰি নধৰা হ’লে অঘটন ঘটিলহেঁতেন।

 দেউতাৰ ইচ্ছা আছিল আমাক ঘৰতে পঢ়ুৱাই অলপ ডাঙৰ হোৱাৰ পিছত ধুবুৰী ছোৱালী [ ৫৮ ] হাইস্কুলৰ হোষ্টেলত ৰাখি পঢ়ুৱাব। তাৰ পিছত পঠিয়াব শান্তি নিকেতনলৈ। সেইমতে বাইদেউক এটা সময়ত ধুবুৰীলৈ পঠালে। তিনি বছৰমান পিছত যাবলৈ ময়ো ভৰি দাঙি থাকিলো। পিছে মোৰতো যোৱা নহ'লেই বাইদেৱো উভতি আহিবলগা হ'ল।

 ১৯৩৯ চনৰ ছেপ্টেম্বৰৰ ১ তাৰিখে ইউৰোপত দ্বিতীয় বিশ্বযুদ্ধৰ ৰণভেৰি বাজি উঠিল। কালক্ৰমে সেই যুদ্ধ আহি পালে এচিয়াৰ পূব প্ৰান্ত। জাপানী সৈন্যবাহিনীয়ে ব্ৰহ্মদেশ অধিকাৰ কৰি অসমৰ পূব সীমা পালেহি। চাৰিওফালে যুদ্ধ যুদ্ধ পৰিবেশ। আমাৰ ঘৰৰ অনতিদূৰেদি পাৰ হৈ যোৱা ৰে'লত দেখিছিলো শ্বেতাংগ আৰু কৃষ্ণাংগ সৈনিকসকলক উজনি অসমলৈ যোৱা। এটা সময়ত ধুবুৰীতো সেনাৰ ছাউনী পৰিল। ছোৱালী হোষ্টেল বন্ধ কৰি দিয়া হ’ল। নৱম শ্ৰেণীত পাঠৰত অৱস্থাত বাইদেউ উভতি আহিল কোকৰাঝাৰলৈ। কলকাতাতো যুদ্ধৰ বিভীষিকা। জাপানে তাত বোমাও পেলালে। গতিকে শান্তি নিকেতন সপোন হৈয়ে থাকিল। উপায়বিহীন হৈ ঘৰতে বাইদেৱে মেট্ৰিক পৰীক্ষাৰ বাবে সাজু হ’বলৈ ধৰিলে।

 বাইদেউ উভতি আহিব লগা হোৱাৰ বাবে দেউতাই যি মনোকষ্ট পাইছিল তাক এতিয়া মই ভালকৈয়ে উপলব্ধি কৰিব পাৰো। আজিও অনেক পৰিয়ালত কন্যা সন্তান উপেক্ষিতা। কিন্তু আমাৰ ঘৰত ছোৱালী সদায় মৰমৰ মাজতেই ডাঙৰ হৈছে। আনকি আমাৰ আবুয়েও ল'ৰা নোহোৱাৰ বাবে আক্ষেপ কৰা নাই। তেওঁৰ তিনিওজন পুতেকৰ ছোৱালীৰ সংখ্যাই বেছি। আবুই মৃত্যুৰ আগতে এটা মাত্ৰ নাতিৰ জন্ম দেখি গৈছে। কিন্তু তাৰ প্ৰতি কোনো পক্ষপাতিত্ব কৰা আমি দেখা নাছিলো। আমি ডাঙৰ হোৱাৰ বহু পাছত মাই আমাক কৈছিল যে তেওঁৰ কোনোবা এজনী জীয়েকৰ জন্মৰ পিছত হেনো তেওঁ কৈছিল— ‘এইজনীও ছোৱালী হ’ল।’ দেউতাই অবাক হৈ মাক কৈছিল, মাক হৈ তেওঁ এনে কথা কেনেকৈ ক’বলৈ পালে। সন্তান সন্তানেই। তাৰ আকৌ ল’ৰা-ছোৱালী কি?

 দেউতাৰ জীয়েক কেইজনীক লৈ বহু আশা আছিল। যিজনী বৰজীয়ৰীক তেওঁ ঘোঁৰা চেকুৰাবলৈ শিকাইছিল, বন্দুক মাৰিবলৈ শিকাইছিল, যাক তেওঁৰ লগত হাতীত বহুৱাই চিকাৰ কৰিবলৈ নিছিল সেইজনী জীয়েকক স্কুলৰ পৰা উলিয়াই আনিবলৈ বাধ্য হোৱা বাবে তেওঁৰ হৃদয় ভাগি নিশ্চয় টুকুৰা-টুকুৰ হৈছিল।

 দেউতা আছিল বিদ্যোৎসাহী, বিশেষকৈ স্ত্ৰী শিক্ষাৰ প্ৰতি আছিল আগ্ৰহী। তেওঁ কেৱল নিজৰ জীয়েককেইজনীৰ শিক্ষাৰ চিন্তা কৰা নাছিল, চিন্তা কৰিছিল সমগ্ৰ এলেকাটোৰ স্ত্ৰী শিক্ষাৰ বাবে। কোকৰাঝাৰ তেতিয়াৰ দিনতো কোনো ঘোকোট গাঁও নাছিল। অসমলৈ কুৰি শতিকাৰ প্ৰথমৰ ফালে ৰে'ল সেৱাৰ আৰম্ভ হোৱাৰ পিছতে কোকৰাঝাৰত স্থাপিত হৈছিল এটা ৰে'ল ষ্টেচন। মোৰ মনত থকা সময়ৰে পৰা তাত দেখিছো এখন থানা, ল’ৰাৰ বাবে এখন হাইস্কুল, ৰে'ল লাইনৰ উত্তৰ পাৰে এটা বৃহৎ কাঠ ব্যৱসায়ৰ কেন্দ্ৰ, দোকান, বজাৰ ইত্যাদি। তদুপৰি বিজনীৰাজৰ খুঁটাঘাট পৰগণাৰ মুখ্য কাৰ্যালয়টোও আছিল কোকৰাঝাৰত। কাৰ্যালয়টোৰ লগতে থকা ডিচপেন্সাৰিখন সম্ভৱতঃ অঞ্চলটোৰ একমাত্ৰ চিকিৎসাকেন্দ্ৰ আছিল। এনে হেন কোকৰাঝাৰত কিন্তু নাছিল ছোৱালীৰ স্কুল। প্ৰগতিশীল পৰিয়ালৰ [ ৫৯ ] জীয়ৰীসকল আন ঠাইলৈ গৈছিল পঢ়িবলৈ। ৰূপনাথ ব্ৰহ্মৰ কন্যা কমলাৱতী বাই, জয়ৰাম ব্ৰহ্মৰ কন্যাত্ৰয় জ্যোস্না বাই, প্ৰভা বাই, কুসুম বাই প্ৰমুখ্যে অন্যান্য প্ৰগতিশীল পৰিয়ালৰ ছোৱালীবোৰে বাহিৰতে পঢ়িছিল। কিন্তু সকলো শ্ৰেণীৰ মানুহৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটাব লাগিলে প্ৰয়োজন স্থানীয় স্কুলৰ।


কোকৰাঝাৰত ছোৱালী স্কুল প্ৰতিষ্ঠা

কোকৰাঝাৰত ছোৱালীৰ শিক্ষাৰ বাবে কোনো স্কুল নথকা কথাটোৰে দেউতাক চিন্তিত কৰি তুলিছিল। তেওঁ স্কুল প্ৰতিষ্ঠা কৰাৰ বিষয়েও চিন্তা কৰিবলৈ ধৰিছিল। চিন্তাক কাৰ্যত ৰূপান্তৰিত কৰিবলৈ যোৱা শতিকাৰ ত্ৰিশৰ দশকৰ শেষৰ ফালে তেওঁ উঠি-পৰি লাগিছিল। স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ৰাইজক সচেতন কৰিবলৈ মেল-মিটিং পাতিছিল ঘনাই। দেউতাই বড়ো ভাষা জনা বাবে ৰাইজৰ ওচৰ চাপিব পাৰিছিল সহজতে। তেওঁৰ মহান উদ্দেশ্য সফল কৰিবলৈ যিসকলে তেওঁক সহায় কৰিছিল তাৰ মাজত ৰূপনাথ ব্ৰহ্ম খুৰা আৰু মদাৰাম ব্ৰহ্ম খুৰাৰ নাম উল্লেখযোগ্য। আমি আছিলো একেটা পৰিয়ালৰ সদস্যৰ দৰে। অৱশেষত দেউতাৰ আশাশুধীয়া চেষ্টাৰ ফলত ১৯৩৮ চনত স্থাপিত হ’ল কোকৰাঝাৰ বালিকা নিম্ন প্ৰাইমেৰী স্কুলখন।

 স্কুলখন স্থাপিত হ'লেইতো নহ'ব, লাগিব ছাত্ৰী, লাগিব শিক্ষয়িত্ৰী। ইয়ো আছিল এক প্ৰত্যাহ্বান। দেউতাৰ এটা শলাগিবলগীয়া গুণ আছিল। তেওঁ কিবা কাম কৰিব খুজিলে কৰিহে এৰিছিল। কোনো কাম এৰা নাছিল আধৰুৱাকৈ। বহু চেষ্টাৰ ফলত কোনোদিনে কিতাপৰ মুখ নেদেখা ছাত্ৰীকেইজনীমান যেনিবা যোগাৰ হ’ল। সিহঁত আছিল দাঁতিকাষৰীয়া গাঁৱৰ। একেলগে শিক্ষয়িত্ৰীৰ সন্ধানতো থাকিবলগীয়া হৈছিল। মনৰ অদম্য ইচ্ছা কেতিয়াও অপূৰ্ণ হৈ নাথাকে। মাষ্টাৰ বাবু দীননাথ দাসৰ পত্নী জ্ঞানদা বাই আছিল শিক্ষিতা। বিলাসীপাৰাৰ জীয়ৰী বাই বোৱাৰী হৈ আহিছিল কাশীপাৰা ভোটগাঁৱলৈ। তেওঁক মহিলি পাঁচ টকা দৰমহাত প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্তি দিয়া হ’ল। স্কুলৰ দ্বিতীয় শিক্ষয়িত্ৰীক যেন ঈশ্বৰেই পঠাই দিলে। বিজনীৰাজৰ কোকৰাঝাৰস্থ ডিচপেন্সাৰিৰ চিকিৎসক হৰিশচন্দ্ৰ চৌধুৰীৰ নৱবিবাহিতা পত্নী প্ৰিয়বালা বাই গোৱালপাৰা চহৰৰ শিক্ষিতা ছোৱালী। সম্পৰ্কত তেওঁ আমাৰ মাৰ ভাগিনী। ইয়াৰ পিছত তৃতীয়গৰাকী শিক্ষয়িত্ৰী হিচাপে যোগ দিলে ৰূপনাথ খুৰাৰ বৰজীয়ৰী কমলাৱতী বায়ে। খুৰা মন্ত্ৰী হৈ শ্বিলঙলৈ যোৱাত কমলা বাই স্কুল এৰি যাবলগীয়া হৈছিল। তাৰ পিছত একে একে আহিল জ্যোৎস্না বাই, মানসী বাই।

 বাইদেউ তেতিয়া ধুবুৰী স্কুলত পাঠৰতা। মোক লৈ সকলোৰে চিন্তা। নতুন স্কুলৰ কোন শ্ৰেণীৰ উপযুক্ত মই! ঘৰৰ পঢ়াশালিত ইতিমধ্যে নানা বিষয়ত পাঠ লোৱা হৈছে। বয়স ছয় বছৰ। মাষ্টাৰ বাবু আৰু দেউতাই গুণা-গঁথা কৰি দ্বিতীয় শ্ৰেণীত নাম লগাই দিলে। স্কুল নামৰ বস্তুটো জীৱনতে দেখা নাছিলো। তাতে বাইদেউ কেইগৰাকী চিনাকি। কেতিয়াবা বেঞ্চত বহি বহি আমনি লাগিলে বাইদেউহঁতৰ কোলাত বহিছিলো।

[ ৬০ ]  মই আছিলো বন্য স্বভাৱৰ। প্ৰকৃতিৰ মাজত বন্ধনমুক্ত হৈ উমলি জামলি থাকিবলৈ ভাল পাইছিলো। স্কুলখনক জেলখানা যেন লাগিছিল। তাৰ মাজতে আটাইতকৈ ভাল লাগিছিল নেওতা মুখস্থ কৰা ক্লাছটো। কাৰণ ছাত্ৰীসকলক নেওতা মুখস্থ কৰিবলৈ বাহিৰলৈ পঠাই দিয়া হৈছিল। গছ এজোপাৰ তলত আমাৰ মাজৰ এজনীয়ে প্ৰথমে আৰম্ভ কৰিছিলো এইদৰে— তিনি এগুণ তিনি, লগে লগে বাকীবোৰেও সমস্বৰে চিঞৰি চিঞৰি কৈছিল তিনি এগুণ তিনি। তাৰ পিছত প্ৰথমজনে কৈছিল তিনি দুগুণ ছয়, বাকীবোৰেও লগে লগে আগৰ দৰেই প্ৰথমাক অনুসৰণ কৰিছিল। ...এইদৰে মুখস্থ কৰা নেওতা আজিলৈকে পাহৰা নাই।

 ভাল লাগিছিল সৰস্বতী পূজাৰ দিনবোৰ। স্কুলত উখল-মাখল পৰিবেশ। হিন্দু ছাত্ৰীসকলে কৰিছিল মূৰ্তি পূজা আৰু ব্ৰহ্ম ধৰ্মাৱলম্বী বড়ো ছাত্ৰীসকলে বাবাজী নামেৰে জনাজাত ছোট কালীচৰণ ব্ৰহ্মৰ পৌৰোহিত্যত কৰিছিল যজ্ঞাহুতি। বাবাজী আছিল এগৰাকী সাধু চৰিত্ৰৰ ব্যক্তি। সাজ-পাৰতো আছিল তেওঁ সাধুসদৃশ। দীঘল চুলিখিনি মূৰৰ মুধচত খোপা বন্ধাদি বান্ধিছিল। আঁঠুলৈকে বৈ পৰা শুদ্ধ বগা কাপোৰ এডোখৰ মেৰিয়াই লৈছিল কঁকালত। উৰ্ধাংগ ঢাকিছিল বগা উত্তৰীয় এখনেৰে। আহুতি প্ৰদান কৰোতে তেওঁ উচ্চাৰণ কৰা ‘ওম সৎ গুৰু’ শব্দকেইটা মোৰ মস্তিষ্কত অনুৰণিত হৈ আছে আজিও। ব্ৰহ্মধৰ্মৰ গুঢ়াৰ্থ তেওঁ আমাক বুজাইছিল যদিও তাৰ আগ-গুৰি একো বুজা নাছিলো। কিন্তু মুখস্থ কৰি থৈছিলো সেই আপ্তবাক্যটো— চন্দ্ৰমা সূৰ্য নাৰায়ণে জ্যোতি..., যাৰ অৰ্থ সূৰ্যৰ পৰা বিচ্ছুৰিত হৈ অহা জ্যোতিয়ে সকলো এন্ধাৰ দূৰ কৰি আমাক ব্ৰহ্মৰ ওচৰলৈ লৈ যায়।

 স্কুলৰ একেটা চৌহদতে এফালে অনুষ্ঠিত হৈছিল স্বৰস্বতী পূজা, আন এফালে যজ্ঞাহুতি। সকলো ছাত্ৰীয়ে কিন্তু দুয়োটা অনুষ্ঠানত যোগদান কৰিছিলো। এবাৰ আহুতিৰ সন্মুখত থিয় হৈ কওঁ ওম সৎ গুৰু। পিছ মুহূৰ্ততে পূজা মণ্ডপৰ ডাক পাই হাতত ফুল-বেলপাত লৈ পুৰোহিতে ক’বলৈ কোৱা মন্ত্ৰ মাতো—

সৰস্বতী মহাভাগে বিদ্যে কমললোচনে
বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহী নমস্তুতে।
এষঃ সচন্দন পুষ্প বিল্লপত্ৰাঞ্জলি
নমঃ শ্ৰীসৰস্বতী দৈব্যে নমঃ।

 মই সেই বয়সতে মূৰ্তিহীন যজ্ঞাহুতি অনুষ্ঠানৰ প্ৰতি আকৃষ্ট হৈছিলো। আমাৰ ধুবুৰীৰ ঘৰৰ কাষতে থকা ব্ৰাহ্ম পৰিয়ালটোক শিশু বয়সতে দেখিছিলো সংগীতৰ মাধ্যমেৰে আৰাধনা কৰা। ব্ৰহ্মোপাসনাৰ সংগীতৰ সুৰে সেই বয়সতে মোৰ হৃদয় চুই গৈছিল, যদিও শব্দবোৰৰ অৰ্থ বুজাৰ বয়স হোৱা নাছিল।

 ...পাদপ্ৰান্তে ৰাখ সেৱকে/ শান্তি সদন সাধনধন দেবদেব হে।/ সৰ্বলোক পৰম শৰণ, সকল-মোহকলুষ হৰণ/ দুঃখ তাপ বিঘ্নতাৰণ শোকশান্ত স্নিগ্ধচৰণ…….।

 আমাৰ মা-দেউতা দুয়োৰে পৰিয়াল দুটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপুৰুষীয়া ধৰ্মৰ অনুগামী— এক দেৱ এক সেৱ এক বিনে নাহি কেৱ। মুঠতে বাল্যকালৰে পৰা [ ৬১ ] নাজানো কিয়— ঘৰৰ পৰিবেশো হ'ব পাৰে — হিন্দুসকলৰ তেত্ৰিশ কোটি দেৱ-দেৱীৰ ধাৰণাটো মোৰ আকৰ্ষণীয় যেন লগা নাছিল। পিছে তাৰ মাজতো কেতিয়াবা চিন্তাত আউল লাগিছিল। অৱশ্যে এইবোৰ বাল্যকালৰ ধাৰণা।

 আমাৰ ঘৰখন আছিল ধৰ্মনিৰপেক্ষ। আমি বড়ো, মুছলমান, খ্ৰীষ্টান, ব্ৰাহ্ম আদি সকলো ধৰ্মমতাৱলম্বী পৰিয়ালৰ স'তে মিলা-মিছা কৰিছো। আবুও ৰক্ষণশীল নাছিল। উচ্চ-নীচ, জাত-পাতৰ ধাৰণাও নাছিল ঘৰখনত। ঈদত বান্ধৱী বদৰুন্নিছাহঁতৰ ঘৰত আৰু পুলিচ ইন্সপেক্টৰ দৌলা চাহাবৰ ঘৰত দাৱাত খাইছিলো বাবে ৰক্ষণশীল হিন্দু আত্মীয় আৰু ওচৰ-চুবুৰীয়াই আঁৰত কোৱাকুই কৰিছিল— গিৰীণ বাবু একেবাৰে চাহাব হৈ গৈছে, ম্লেচ্ছ জীয়েককেইজনীক কোনো হিন্দুৱে বিয়া নকৰায়।

 দহ বছৰ বয়সত গছ এজোপাৰ ফেৰেঙণিত বহি থকা দেখি জেঠা বুলি মতা এজন মানুহে মোলৈ চাই কৈছিল, এই মদ্দানীজনীক (মৰদ সদৃশ) কোনেও বিয়া নকৰায়। ঘৰৰ নহয়, বাহিৰৰ মানুহবোৰেহে মোক ভাবিবলৈ বাধ্য কৰিছিল যে সমাজৰ চকুত ল’ৰা আৰু ছোৱালী একে নহয় আৰু ছোৱালীৰ বাবে বিয়া হোৱাটোৱে জীৱনৰ একমাত্ৰ লক্ষ্য। বোধকৰো আজিও এই ধাৰণাৰ বিশেষ সলনি হোৱা নাই। যিয়েই নহওক অভিজ্ঞতাই মানুহৰ চিন্তাক, ধ্যান-ধাৰণাক সমৃদ্ধ কৰে। আবুৰ স্বামী মৃত বাবে তেওঁ অলংকাৰ আৰু ৰঙীণ কাপোৰ নিপিন্ধে আৰু মাৰ পিতা অৰ্থাৎ আমাৰ কবি আতাৰ পত্নী মৃতা হোৱা সত্ত্বেও তেওঁ মাছে-মঙহে কিয় খায়, এই বৈষম্যবোৰৰ উত্তৰো কিশোৰীকালতে পাইছো আৰু মনক বিদ্ৰোহী কৰিছো।

 নিম্ন প্ৰাইমাৰী স্কুলখনত বছৰি একোটাকৈ নতুন শ্ৰেণী যুক্ত হৈ হৈ এম ই স্তৰলৈ উন্নীত হৈছিল। ১৯৪২ চনত এম ই পৰীক্ষাৰ বাবে সাজু হৈ আছিলো, এনেতে স্কুল ইন্সপেক্টৰ (বোধকৰো নাম আছিল শৈলেন নাথ) এগৰাকীয়ে মোলৈ আঙুলিয়াই ক'লে এবছৰ ৰাখি থ’বলৈ, কাৰণ বয়স কম। দেউতাক লগ ধৰিও ক’লে একে কথা। ঘৰত আকৌ মিটিং বহিল। মাষ্টাৰ বাবুও আছিল সেই মিটিঙত। সিদ্ধান্ত ল'লে আৰু এটা বছৰ ষষ্ঠ শ্ৰেণীতে ৰখাৰ। শুনি মোৰ মূৰত বিস্ফোৰণ ঘটা যেন পালো। পৰীক্ষাত নবহিম? খঙতে কিতাপ-বহীবোৰ তুলি লৈ দেউতাৰ আগত দলি মাৰি দিলো। জীৱনতে আৰু নপঢ়াৰ সিদ্ধান্ত লোৱা বুলি কৈ প্ৰস্থান কৰিলো। দেউতাই পিছে পিছে দৌৰি গৈ মোক কোলাত তুলি ক'লে— ‘পৰীক্ষা দিবি আই তই, নিশ্চয় দিবি।’

 তেতিয়াৰ দিনত এম ই পৰীক্ষাৰ কেন্দ্ৰ কোকৰাঝাৰত নাছিল। তাৰ বাবে যাবলগীয়া হৈছিলো বিলাসীপাৰালৈ। যোগাযোগ ব্যৱস্থা নথকা বাবে কোকৰাঝাৰৰ পৰা দেউতাৰ চাইকেলৰ আগফালৰ মাৰিডালত বহি বিলাসীপাৰাৰ সমীপৱৰ্তী ৰোকাখাতা পাইছিলো। ৰোকাখাতাত বিজনীৰজাৰ গেষ্ট হাউছত থকা হৈছিল। কোকৰাঝাৰৰ পৰা ৰোকাখাতাৰ দূৰত্ব পোন্ধৰ-ষোল্ল মাইলতকৈ কম নহয়। তদুপৰি ফুটকিবাৰীৰ ওচৰত গৌৰাং নৈ পাৰ হ’বলগীয়া হৈছিলো নাৱেৰে। দুখ পাম বুলি চাইকেলৰ মাৰিডালত মায়ে পাতল গাদী এখন ৰচীৰে বান্ধি দিছিল। লগত গৈছিল মাষ্টাৰ বাবু আৰু দেউতৰ সহকৰ্মী দুজনমান। ইমান কষ্ট কৰি [ ৬২ ] গৈছিলো পৰীক্ষা দিবলৈ। তেতিয়া এইবোৰ পিছে কষ্ট যেন নালাগিছিল। গেষ্ট হাউছত প্ৰতিসাজ আহাৰৰ লগত দিয়া বিৰাট আকাৰৰ মাছৰ টুকুৰাবোৰৰ কথা এতিয়াও মনত আছে। পৰীক্ষাৰ বাবে নাছিল কোনো টেনশ্যন বা ভীতি। পেট ভৰাই মাছৰ আঞ্জা-ভাত খাই ৰোকাখাতাৰ পৰা আকৌ চাইকেলত সদলবলে গৈছিলো বিলাসীপাৰাৰ পৰীক্ষাকেন্দ্ৰলৈ।

 পৰীক্ষা শেষ হোৱাৰ পিছত কোকৰাঝাৰলৈ উভতি আহি গম পালো আমাৰ একমাত্ৰ ছমহীয়া ভাইটিটো অসুস্থ হোৱা বাবে মোক দেউতাই ৰোকাখাতাত খুৱাই-শুৱাই ৰাতি পোন্ধৰ-ষোল্ল মাইল চাইকেলেৰে আহি কোকৰাঝাৰ পাইছিল। মোৰ লগত থৈ আহিছিল মাষ্টাৰবাবুক। সেই ৰাতিয়েই ভাইটিৰ চিকিৎসাৰ ব্যৱস্থা কৰি বেলি উঠাৰ আগতে দেউতা আহি উপস্থিত হৈছিল ৰোকাখাতাত। মোক চিন্তাত নেপেলাবলৈ এই ব্যৱস্থা কৰা হৈছিল। এইবোৰ কথা মনত পৰিলে হৃদয় আলোড়িত হয়, চকু হয় অশ্ৰুসিক্ত। পিতৃ-মাতৃৰ সমান মংগলাকাংক্ষী আপোনজন পৃথিৱীত নাই।

 এম ই পৰীক্ষাত অসম চৰকাৰৰ পাঁচটকীয়া বৃত্তি এটা পাইছিলো। এবছৰৰ ষাঠি টকাৰে বঙাইগাঁৱৰ চাপাগুৰি অঞ্চলত মাটি এডোখৰ কিনি দিছিল দেউতাই মোৰ নামত। সেই মাটিত এতিয়া নাৰ্ছিং হোম সাজিছে ডাক্তৰ এজনে। মাটি চোৱাচিতা কৰাৰ কোনো নথকা বাবে দেউতাৰ মৃত্যুৰ পিছত সেই মাটি বেচি দিয়া হৈছিল।

 ১৯৪২ চনত এম ই পাছ কৰাৰ পিছত মোৰ পঢ়া-শুনাক কেন্দ্ৰ কৰি আকৌ লাগিল হাহাকাৰ। দেশৰ পৰিস্থিতি অত্যন্ত জটিল। ইফালে বিশ্বযুদ্ধই চৰমসীমা পাইছে, পৃথিৱী ধ্বংসৰ মুখত। ভাৰতত বিয়াল্লিছৰ ভাৰত ছাড়ো আন্দোলনো তুংগত। এনে স্থলত মই যাও ক’লৈ? পঢ়ো ক’ত? দেউতাই সকলো আশা ধুলিস্যাৎ হোৱা যেন পালে। বাইদেউক ইতিমধ্যে স্কুল এৰুৱাই আনিবলৈ বাধ্য হৈছিল। দেউতাক চিন্তা কৰা দেখি দুই-একে কৈছিল ছোৱালী মানুহৰ বাবে ইমান দুশ্চিন্তা কিয়? বিয়া দিলেই লেঠা শেষ। দেউতাই হেনো কৈছিল তেওঁৰ দেউতাকে ঊনৈশ শতিকাতো পঢ়িবলৈ গৈছিল কলকাতালৈ আৰু তেওঁৰ ছোৱালীয়ে কুৰি শতিকাত ঘৰতে বহি ভাত ৰান্ধিবলৈ শিকিব নে? উপায় উলিয়াব লাগিব।

 উপায় ওলাল। Where there is a will there is a way. মোক কোকৰাঝাৰ ল’ৰাৰ হাইস্কুলত সপ্তম শ্ৰেণীত নাম লগাই দিলে। ডাঃ বজলুৰ ৰহমানৰ জীয়ৰী মোৰ সহপাঠী বান্ধৱী বদৰুন্নিছাও তাত ভৰ্তি হ’ল। ইয়াৰ আগতে কোনো ছোৱালীয়ে ল’ৰাৰ স্কুলত পঢ়া নাছিল। দেউতাই সেই যুগতে ইতিহাস ৰচিলে। প্ৰথম কেইদিনমান আমি দুয়ো ইমানবোৰ ল’ৰাৰ মাজত অস্বস্তিবোধ কৰিছিলো, যেন, হংসমধ্যে বক যথা। তদুপৰি শিক্ষকসকলো আছিল পুৰুষ।

 এইখন স্কুললৈ আহি পঢ়া-শুনাত মোৰ কিছু অধঃপতন ঘটিছিল। আবুৱে গধুলি আমাক সাধুকথা শুনাইছিল বুলি কৈছো। প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীটো শুনাৰ পিছত ময়ো প্ৰহ্লাদৰ দৰে ঈশ্বৰ বন্দনাত সময়বোৰ অতিবাহিত কৰিছিলো। কিতাপৰ ফালে চাই চাই ভগৱানৰ নাম জপ কৰিছিলো আৰু মাজে মাজে মূৰটো দাঙি চাইছিলো নৃসিংহৰূপী ঈশ্বৰৰ আবিৰ্ভাৱ ঘটাৰ আশাত। তেৰাক দেখা নাপাই ভাবিছিলো মোৰ আৰাধনাত কিবা ত্ৰুটি হৈছে। গতিকে [ ৬৩ ] পঢ়া-শুনা ধোঁৱা-চাঙত তুলি বলিয়াৰ দৰে কেৱল ঈশ্বৰৰ নাম জপ কৰাত মগ্ন হৈ থাকিলো। ছয়মাহিলী পৰীক্ষাৰ ফল দেখি মাষ্টাৰ বাবু আৰু মা-দেউতা আচৰিত। ভাবিলে ল’ৰাৰ স্কুলত নিজকে খাপ খুৱাব পৰা নাই। মই যে কিতাপ নপঢ়ো আৰু ক্লাছত ছাৰহঁতৰ কথা নুশুনি ঈশ্বৰ দৰ্শনৰ আশাত বাহিৰলৈ চাই থাকো এইবোৰ কথা কওঁ নো কেনেকৈ? ইতিমধ্যে আবু ঢুকাল। গতিকে তেওঁকো সুধিব নোৱাৰো মই কি কৰা উচিত। নানা চিন্তাই মোৰ মগজু তোলপাৰ কৰিবলৈ ধৰিলে। নিজৰ বিবেকৰ লগত দহ বছৰীয়া মইজনীয়ে যুঁজি থাকিলো। যুঁজোতে যুঁজোতে এটা সময়ত উপলব্ধি কৰিলো ভূত-প্ৰেতৰ কাহিনীবোৰৰ দৰে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীটোও সাধুকথাহে। সঁচা নহয়। পঢ়াশুনাত ফাকি দিয়া বাবে অনুতপ্ত হোৱাত দুগুণ উৎসাহেৰে পঢ়িবলৈ ধৰিলো। বছৰেকীয়াত ভাল ফল হোৱা দেখি দেউতাহঁতে স্বস্তিৰ নিঃশ্বাস কাঢ়িলে। আৰু মই ক'ব নোৱাৰাকৈ ঈশ্বৰভক্ত প্ৰহ্লাদৰ ঠাইত ঈশ্বৰ অবিশ্বাসী হিৰণ্যকশিপুলৈ ৰূপান্তৰিত হ’লো। কেইবা বছৰ জুৰি নাস্তিক হৈ থকাৰ পিছত ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কে কৌতুহলী হ’বলৈ ধৰিলো। কিয় আৰু কেনেকৈ সময়ত কম। আজিও ভাবিলে আমোদ পাওঁ যে নতুন স্কুলৰ নতুন পৰিবেশকে পঢ়া-শুনাত মোৰ সাময়িক অধঃপতনৰ কাৰণ বুলি দেউতা আৰু মাষ্টাৰবাবু নিশ্চিত হৈছিল। মোৰ গাত যে ঈশ্বৰ লম্ভিছিল সেই কথা তেওঁলোকে গমকে নাপালে।


যুদ্ধৰ প্ৰভাৱ

সেই সময়ত বিশ্বযুদ্ধই মানুহক আতংকিত কৰি তুলিছিল। আজিৰ দৰে তেতিয়া যোগাযোগ ব্যৱস্থা উন্নত নাছিল, গতিকে ডাঁৰৰ বাতৰি ডাঁৰে পোৱা আছিল অসম্ভৱ। এনে স্থলত উৰা বাতৰিয়ে মানুহক চিন্তিত কৰি তুলিছিল। পিছে কলকাতাৰ পৰা অহা বাতৰি কাকতবোৰ কোকৰাঝাৰত ৰেল ষ্টেচন থকা হেতুকে আৰু পূব বাংলাৰ মাজেদি ৰেলখন পোনে পোনে অহা বাবে পাওঁতে তেতিয়াৰ দিন হিচাপে বৰ বেছি সময় লগা নাছিল। জাপানী বোমাৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ সকলোৱে ঘৰে ঘৰে খান্দিছিল দীঘল গাঁত, যাক কোৱা হয় ট্ৰেঞ্চ।

 এদিন দেউতাহঁতে আলোচনা কৰি থকা শুনিলো, হাৱাই দ্বীপপুঞ্জৰ পাৰ্ল হাৰ্বাৰত সুপ্ৰতিষ্ঠিত আমেৰিকাৰ প্ৰধান নৌসেনা শিবিৰত জাপানীয়ে বিমানৰ পৰা বোমা পেলাই শিবিৰ চেদেলি-ভেদেলি কৰিলে। সিদিনা তাৰিখটো আছিল ৭ ডিচেম্বৰ ১৯৪১। মই তেতিয়া ছোৱালী স্কুলখনৰে পঞ্চম নাইবা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। দেউতাৰ অভ্যাস আছিল মানচিত্ৰৰ যোগেদি পৃথিৱীৰ সকলো ঠাইৰ লগত চিনাকি কৰি দিয়া। বেৰত ওলোমাই ৰখা পৃথিৱীৰ মানচিত্ৰখনত পাৰ্ল হাৰ্বাৰ উলিয়াবলৈ বাইদেউকে মোকে মাতি পঠালে। আমিও বিশাল প্ৰশান্ত মহাসাগৰখন চলাথ কৰি হাৱাই দ্বীপপুঞ্জ বিচাৰি উলিয়ালো।

 এই ঘটনাৰ কিছুদিন পিছত আমাৰ ঘৰলৈ আহিছিল মাৰ জেঠাইৰ পুত্ৰ ডাঃ সুৰেন দাস আৰু মাৰ দুগৰাকী কাজিনৰ স্বামী গোৱালপাৰাৰ আইনজীৱী চাৰুমোহন দাস আৰু গুৱাহাটীৰ [ ৬৪ ]

সুধীৰ খুৰা

[ ৬৫ ] ঈশ্বৰ প্ৰসাদ চৌধুৰী। দেউতাৰে স’তে হোৱা তেওঁলোকৰ আলোচনাৰ পৰা জানিব পাৰিছিলো হিটলাৰ বাহিনীৰ বিৰুদ্ধে যুদ্ধত আমেৰিকাইও যোগ দিলে পাৰ্ল হাৰ্বাৰ ঘটনাৰ পিছত। ব্ৰিটেইনে যে হিটলাৰৰ বিৰুদ্ধে যুঁজিছিল তাক আমি গম পাইছিলো স্বাভাৱিকভাৱেই। কাৰণ ভাৰতকে লৈ ব্ৰিটিছৰ উপনিবেশবোৰৰ পৰা বহুতে যুদ্ধত যোগ দিবলৈ গৈছিল। তাৰ মাজত এজন আছিল আমাৰ সুধীৰ খুৰা, দেউতাৰ সৰু মোমায়েকৰ পুতেক। এইজন খুৰা আছিল আমাৰ অতি মৰমৰ। তেওঁ আমাক বহু মজাৰ মজাৰ কাহিনী কৈ হহুৱাই ৰাখিছিল। এই ফুৰ্তিবাজ মানুহজন যে কাকো নজনোৱাকৈ উধাও হৈ যাব আমি ভাবিব পৰা নাছিলো। পিছে কোকৰাঝাৰত থকা কোনোবা সৈন্যৰ লগত যে যোগাযোগ আছিল গম পাইছিলো। মোৰ কণমাণি ভণ্টী টুলু আৰু খুকুক খুড়াই তালৈ লৈ গৈছিল আৰু তেওঁলোকে সেনাৰ বাবে বন্ধ টেমাত থকা ৰেডীমেড খাদ্য, খেলনা আদি সিহঁতক দিছিল।বোধকৰো সেনা ৰিক্ৰুট কৰিবলৈ মানুহকেইজনে বাহৰ পাতি আছিল। বাটলাৰ, বেটাকি আৰু বেন নামৰ চাহাব তিনিটাক টুলু-খুকুই বৰ ভাল পাইছিল, টেমাৰ খাদ্য দিয়াৰ বাবে হ’বলা।

 এটা সময়ত ‘সুধীৰ নাই, সুধীৰ নাই’ বুলি সকলো ফালে হুলস্থুলৰ সৃষ্টি হ’ল। উত্তৰ-দক্ষিণ-পূব-পশ্চিমে যিমান আত্মীয়-স্বজন আছে সকলোৰে ঘৰে ঘৰে সুধীৰক বিচাৰি মানুহ ওলাই গ’ল। তাৰ পিছত হঠাতে অচিনাকি ঠিকনাৰ পৰা আহিল তেওঁৰ এখন চিঠি, সেনা বাহিনীত যোগ দিছে। জানিলে কোনেও মান্তি নহ'ব বুলি জানি তেওঁ কাকো নজনোৱাকৈ গৈছে। যুদ্ধৰ বিভীষিকা সম্পৰ্কে অজ্ঞ আমি ল'ৰা-ছোৱালীবোৰে কিন্তু যুদ্ধ কৰিব পৰা বীৰ সুধীৰ খুৰাৰ বীৰত্ব দেখি গৌৰৱবোধ কৰিছিলো। তেওঁৰ চিঠিৰ উত্তৰ আমি লগে লগে দিছিলো, তেঁৱো লিখিছিল ঘনাই। খুৰাই যে লাহোৰত ট্ৰেইনিং লৈছিল তেওঁ উভতি অহাৰ পিছতহে জানিছিলো। চিঠিপত্ৰবোৰ অহা-যোৱা কৰিছিল গুপুত ঠিকনা এটাৰ যোগেদি।

 সুধীৰ খুৰাৰ ঘৰ চাপৰত, হাইস্কুলীয়া শিক্ষাৰ বাবে অঞ্চলটোৰ আন অনেক ছাত্ৰৰ দৰে তেঁৱো বিলাসীপাৰাৰ ইন্দ্ৰ নাৰায়ণ একাডেমী স্কুলত ভৰ্তি হৈছিল। বিলাসীপাৰাৰ সমীপৱৰ্তী হাকামা এখন বৰ্ধিষ্ণু গাঁও। এই গাঁওখন অতীতৰে পৰা বহু বিদ্বান পণ্ডিতৰ বাসভূমি। তেওঁলোক জাতিত ঘাইকৈ ব্ৰাহ্মণ। সংস্কৃত শিক্ষা, শাস্ত্ৰ অধ্যয়ন আৰু বিদ্যা চৰ্চাত ঠাইখনৰ এটা আভিজাত্য আছে। এই ব্ৰাহ্মণ পৰিয়ালবোৰৰ ঘৰত দূৰৈৰ পৰা অহা ছাত্ৰসকলে আশ্ৰয় বিচাৰি পাইছিল। সুধীৰ খুৰাই এনে এজন ব্ৰাহ্মণৰ ঘৰত থাকি পঢ়া-শুনা কৰিছিল। শৰৎ চন্দ্ৰ সিংহইয়ো চাপৰৰ পৰা আহি হাকামাৰ এটা ব্ৰাহ্মণ পৰিয়ালত আশ্ৰয় লৈ পঢ়া-শুনা কৰিছিল ইন্দ্ৰ নাৰায়ণ একাডেমী স্কুলত। এওঁলোকে থকা-খোৱাৰ বিনিময়ত ঘৰৰ ল'ৰা-ছোৱালীক পঢ়ুৱাইছিল বা আন কামত সহায় কৰিছিল।

 সুধীৰ খুৰাই কোৱা ৰসাল দুটামান কথালৈ মনত পৰিছে। বামুণৰ মাজত দীৰ্ঘদিন বাস কৰি তেওঁৰ হেনো ধাৰণা হৈছিল এই শ্ৰেণীটো বৰ লুভীয়া আৰু কৃপণ। পূজা, শ্ৰাদ্ধ, বিয়া-বাৰু আদিত পৌৰহিত্য কৰিবলৈ যোৱাসকলে নিজে ভালপোৱা বস্তু প্ৰসাদত দিবলৈ গৃহস্থক কয়। এদিন মানুহ এঘৰৰ পূজালৈ নিমন্ত্ৰিত হৈ খুৰা বন্ধু বামুণ ল’ৰা এজনৰ সৈতে তালৈ গৈছিল। পূজাত আগবঢ়োৱা কুৰিখন নৈবেদ্যত চাউল-কল-ফুলৰ সৈতে কুৰিটা দুৰা-কাছ [ ৬৬ ] দেখি অবাক হৈ বামুণ ল'ৰাটোৱে পূজা কৰি থকা পুৰোহিতজনক সুধিছিল— ‘এ কি অদ্ভুতং দৃশং, পিণ্ডে পিণ্ডে দুৰা-কাছম্।’

 পুৰোহিতে পূজা কৰাৰ চলেৰে উত্তৰ দিলে ধৰা পৰাৰ ভয়ত লগে লগেই— নকবং, তোৰ অৰ্ধম মোৰ অৰ্ধম, ফুল ছিটাও ছিটাও, অং নমঃ শ্বাহা।’

 পুৰোহিতজনৰ দুৰা-কাছ খাবলৈ বৰ হেঁপাহ, অথচ কিনি পইচা খৰচ কৰাৰ ইচ্ছা নাছিল। গতিকে নৈবেদ্যতে দুৰা কাছৰ ব্যৱস্থা কৰোৱা হ'ল। হঠাতে পূজা চাবলৈ অহা বামুণ ল’ৰাটোৱে নৈবেদ্যত দুৰা-কাছ দেখি আচৰিত। এই ল'ৰাজনে গৃহস্থক কিবা লগায় বুলি পুৰোহিতে তেওঁক আধা দিব বুলি মন্ত্ৰ গোৱাদি কোৱাত তেওঁ মনে মনে থাকিল। সুধীৰ খুৰাই কৈছিল সিদিনা গধুলি পুৰোহিতজনে বামুণ ল’ৰাটোক প্ৰতিশ্ৰুতিমতে দহটা দুৰা কাছ দি গৈছিল। পিছদিনা খুৰা আৰু ল'ৰাজনে দহটা দুৰা কাছ ৰান্ধি দগৰি খাইছিল হেনো। কাহিনীটো তেতিয়া বিশ্বাস কৰিছিলো যদিও প্ৰকৃততে ই নিশ্চয় গাজা আছিল। কোন মুৰ্খ গৃহস্থই বাৰু নৈবেদ্যত দুৰা কাছ দিবলৈ ৰাজী হ’ব!

 খুৰাৰ আন এটা গাজাখুৰী কাহিনী কৈ আন প্ৰসংগলৈ যাম। কাহিনীটো অৱশ্যে তেতিয়া আমি সঁচা ঘটনা বুলি বিশ্বাস কৰিছিলো। এবাৰ এজন পাদুৰী চাহাব খ্ৰীষ্টধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিল বিলাসীপাৰালৈ। হিন্দুসকলে সাপ, গছ, পাথৰ আদি পূজা কৰা দেখি চাহাব আচৰিত! স্থানীয় এদল ল’ৰাৰ স’তে চাহাবে গাঁৱৰ হাবিতলীয়া বাটেৰে গৈ থাকোতে সুধি সুধি গৈছিল ‘আৰু ক’ত তোমালোকৰ হিন্দুৰ দেৱতাসকল আছে।’ সুধীৰ খুৰাহঁতে বাটৰ কাষত গজি থকা চোৰাত গছলৈ দেখুৱাই তাত দেৱতা থকা বুলি ক'লে।

 চাহাবে ধৰিয়ে লৈছিল সাপ-বেং পূজা কৰা হিন্দুসকল জাতি হিচাপে অনুন্নত আৰু নিকৃষ্ট। হিন্দুৰ দেৱতাক উপেক্ষা কৰিবলৈ তেওঁ চোৰাত পাত কেইটামান ছিঙি দুহাতেৰে মোহাৰি গাত ঘঁহিবলৈ ধৰিলে এইদৰে কৈ কৈ— ‘এইয়া মই হিন্দুৰ দেৱতাক ছিঙিলো, মোহাৰিলো আৰু গাত ঘঁহিলো৷’ ল’ৰাজাকক তুচ্ছ-তাচ্ছিল্য কৰি আকৌ সুধিলে ‘আৰু ক’ত দেৱতা আছে কোৱা’। হিন্দুক অৱহেলা কৰা চাহাবক এসেকা দিবলৈ সিহঁতে বাটৰ দাঁতিত থকা পুখুৰী এটালৈ দেখুৱাই ক’লে ‘তাতো আছে আমাৰ দেৱতা'। চাহাবে ইতিকিং কৰাৰ সুৰত ক’লে— ‘পানীতো তোমালোকৰ দেৱতা আছে?’ সময় নষ্ট নকৰি চাহাবে পুখুৰীত মাৰিলে এক জাঁপ। ‘এয়া মই নামিলো, এয়া মই সাঁতুৰিলো— আশ্চৰ্য জাতি তোমালোক! অদ্ভূত তোমালোক! সভ্য জাতি হ’বলৈ তোমালোকক কেইবা চেঞ্চুৰি লাগিব। পানীতো গড্ থাকে নে? খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰা। হিন্দু হৈ থাকিলে তোমালোক এন্ধাৰতে থাকিবা।’

 ইতিমধ্যে চাহাবৰ গাত খজুৱতি আৰম্ভ হৈছিল। তেওঁতো নাজানে চোৰাত পাতে মানুহক ডাকে। পানী লাগিলে অৱস্থা হয় আৰু শোচনীয়। চাহাবৰ মাত কথা বন্ধ হ’ল, বগা মানুহটোৰ সৰ্বশৰীৰ নীলা হৈ আহিল। মৰে বুলি ভয় খাই গৰুৰ গাড়ীত তুলি চাহাবক হাস্পতাললৈ লৈ যাওঁতে সুধীৰ খুৰাহঁতে কাণৰ ওচৰত চিঞৰি কৈছিল—‘চাহাব হিন্দুৰ দেৱতাৰ ক্ষমতা দেখিলা?’ গৰ্বত বুকু ফিন্দাই খুৰাই কৈছিল, এইদৰে তেওঁলোকে হেনো অঞ্চলটোত খ্ৰীষ্টধৰ্ম সোমোৱাৰ বাট বন্ধ কৰিছিল। আমিও আছিলো অঁকৰা। ভাবিছিলো [ ৬৭ ] সেই কাৰণেই আমি হিন্দু হৈ আছো।

 যুদ্ধৰ পৰা অক্ষত দেহাৰে উভতি অহাৰ পিছত আমি তেওঁৰ সৈনিক জীৱনৰ কথা শুনিবলৈ বেৰি ধৰিছিলো। তেতিয়া অৱশ্যে আমি আগৰ দৰে অঁকৰা হৈ থকা নাছিলো। গতিকে তেওঁৰ কাহিনীৰ শতকৰা পঞ্চাশভাগ বতাহৰ স'তে মিলি যাবলৈ দিয়া হৈছিল। তেওঁ অসমৰ বুলি জানি সহকৰ্মী সৈনিকসকলে অসমৰ আলিবাটেৰে বাঘ-হাতী আদি ঘূৰি ফুৰে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত হেনো কৈছিল যে কুকুৰক যেনেকৈ মানুহে ছেই ছেই কৰি খেদে, অসমীয়াই বাটেৰে যোৱা বাঘ-হাতীক তেনেকৈ খেদে। এইষাৰ কথা অৱশ্যে বিশ্বাস কৰিছিলো, কাৰণ আজিও বহু ভাৰতীয়ৰ ধাৰণা একেই।

 বহু বছৰ পিছত সুধীৰ খুৰাৰ পুত্ৰ দীপকে কালিকটৰ ৰিজিয়নেল ইঞ্জিনিয়াৰিং কলেজত নাম লগাবলৈ যাওঁতে খুৰাই হালধীয়া হৈ অহা পুৰণি ডায়েৰীৰ পৰা তেওঁৰ কেৰালা নিবাসী সৈনিক বন্ধুৰ ঘৰৰ ঠিকনা উলিয়াই চিঠি দিছিল পুতেকৰ কথা জনাই। যুদ্ধৰ পৰা ১৯৪৫ চনত উভতি অহাৰ পিছত প্ৰায় চল্লিশ বছৰ তেওঁলোকৰ মাজত যোগাযোগ নাছিল। চিঠি পাই উল্লসিত সৈনিক বন্ধুগৰাকীয়ে দীপকৰ লগত দেখা কৰিছে। বন্ধত নিজৰ ঘৰলৈ লৈ গৈছে। মুঠতে পিতৃৰ স্নেহেৰে ওপচাই দিছে দীপকক। সুধীৰ খুৰাক ইয়াতে এৰিলো আজিলৈ।

 যুদ্ধৰ সময়ত নিতৌ নতুন নতুন বাতৰি পোৱা গৈছিল। উজনি অসমৰ কিছুমান ঠাইত জাপানীয়ে বোমাবৰ্ষণ কৰাৰ বাতৰি আহিল। দিনজান এৰোড্ৰাম ভালকৈয়ে আক্ৰান্ত হৈছিল। ইফালে ব্ৰহ্মদেশৰ পৰা শ শ ভগনীয়াই হাবি-বননি আৰু পাহাৰ পদব্ৰজে পাৰ হৈ অসমত সোমাই ট্ৰেইনেৰে নামনিলৈ আহি থকাৰ বাতৰি মানুহৰ মুখে মুখে শুনিবলৈ পাইছিলো। এনেতে এদিন কোকৰাঝাৰৰ আকাশত এটা গমগমীয়া শব্দ শুনা গ'ল। মানুহৰ মাজত হুৱা-দুৱা লাগিল। জাপানী আহিছে, এতিয়াই বোমা পেলাব। আমি ট্ৰেঞ্চৰ ফালে ঢাপলি মেলিলো। আকাশত বিমান এখন অনেকৰ দৃষ্টিগোচৰ হ’ল। কোনোবাই ক’লে এইখন জাপানী বিমান নহয়, মিত্ৰপক্ষৰহে। বিমানখন আমাৰ ঘৰৰ সকলোৱে দেখিলে, একমাত্ৰ নেদেখিলো মই। নেদেখাৰ বেদনাই মোৰ বুকুত খুন্দা মাৰি ধৰিলে যদিও কাকো নক’লো দেখা নাই বুলি।

 বিমান নেদেখাৰ শোক পাতলিল, যিদিনা শুনিলো কোকৰাঝাৰৰ পিছৰ ষ্টেচন ফকিৰাগ্ৰামত এখন বিমান নামিছে আৰু দেউতাই সেইখন পাৰাৰ ল'ৰা-ছোৱালীক দেখুৱাবলৈ নিব। গাঁও-ভূইৰ মানুহ হিলদল ভাঙি ওলাই আহিছিল বিমান দৰ্শন কৰিবলৈ। দুপৰীয়া এক বজাৰ ট্ৰেইনত আমি অনুৰ্ধ দহ বছৰীয়া ছোৱালীবোৰহে যোৱাৰ উপযুক্ত বুলি বিবেচনা কৰিলে অভিভাৱকসকলে। সেই হিচাপত বাইদেউ আৰু সৰু মাহী বাদ পৰিল। যিয়েই নহওঁক, আমাৰ দহ-এঘাৰ জনীয়া দলটোক লৈ যাবলৈ চাৰিজনমান মানুহক নিৰ্বাচন কৰা হ'ল। পুৱাৰে পৰা ঘৰে ঘৰে উখল-মাখল অৱস্থা। আকাশেদি উৰি যোৱা যান! কম আচৰিত বস্তু নে? ভাগ্যৰ বলতহে মানুহে এনে বস্তু চাবলৈ সুযোগ পায়। তাতে বিমানৰ চালক আৰু যানখনত উঠি অহাসকল বগা চাহাব। সিহঁতক দেখাওতো ভাগ্যৰ কথা। যিহকে তিহকে পিন্ধি আমাৰ প্ৰভু ইংৰাজৰ দেশৰ মানুহৰ সন্মুখলৈতো যাব নোৱাৰি। মোৰ বাবে ভাল ফ্ৰক [ ৬৮ ] এটা বিচাৰি সৰু মাহী কোহিনুৰে আলমাৰিটো চলাথ কৰিলে। কোনোবাটো ফটা, কোনোবাটো দাগ লগা। আনকি কেইদিনমান আগতে মায়ে চিলাই দিয়া ফ্ৰকটোতো চিয়াঁহীৰ দাগ। ফ্ৰককেইটা আনি পাকঘৰত ভাত ৰান্ধি থকা মাক দেখুৱাই মাহীয়ে ক'লে—‘চাচোন বাই, এই আপীটুই কেনকে গোটেইকেইটা চোলাত দাগ লাগাইছে।’ মায়ে ক'লে— ‘তাৰ যাবা নালগে। জংঘলে জংঘলে ঘূৰি ফুৰি চোলাত দাগ লাগাই আহে।’ তেওঁলোকৰ কথা শুনি মই কান্দিবলৈ ধৰিলো। অৱশেষত ঘৰতে থকা বগা অগেণ্ডি কাপোৰেৰে মা আৰু মাহী মোৰ বাবে ফ্ৰক চিলাবলৈ বহিল। যেনেতেনেকৈ চিলোৱা চোলা পিন্ধি চাহাবৰ আগত ওলাবতো নোৱাৰি। আজি ভাবি মই আচৰিত হওঁ ইমান কম সময়ৰ ভিতৰত মাহীয়ে কেনেকৈ বেজি সুতাৰে ফ্ৰকটোত হানিকম্ব ডিজাইন কৰিলে আৰু মায়ে ফ্ৰকটো ধুনীয়াকৈ চিলালে।

 ষ্টেচনলৈ গৈ দেখিলো প্লেটফৰ্মত ভৰি থবলৈ ঠাই নাই। লোকে লোকাৰণ্য। সকলোৰে গন্তব্যস্থল ফকিৰাগ্ৰাম, উদ্দেশ্য বিমান দৰ্শন কৰি জীৱন সাৰ্থক কৰা। পিছে ভিৰ দেখি ধাৰণা হ’ল ট্ৰেইনত উঠা অসম্ভৱ। সৰু ষ্টেচন, গাড়ী ৰয় মাত্ৰ দুমিনিট। ষ্টেচন মাষ্টাৰজনে গাড়ী ৰখাই হ’লেও আমাক তুলি দিয়াৰ দায়িত্ব ল’লে। উত্তেজনাত তেতিয়া আমাৰ বুকু ঢিপ্লিং ঢিপ্লিং কৰিবলৈ ধৰিলে। নিলগত ট্ৰেইনৰ ইঞ্জিনটো দৃষ্টিগোচৰ হোৱাত আনন্দত ইজনীয়ে সিজনীক সাবটি ধৰিলো। আৰু মুঠে আধা ঘণ্টামান পিছত চৰাইৰ দৰে আকাশেৰে উৰি যোৱা আচৰিত বস্তু এটা দেখিম! ট্ৰেইনখন আহি প্লেটফৰ্ম পালে। ঠেলা-হেঁচা আৰম্ভ হৈছে। ইফালে ডবাবোৰত তিল ধাৰণৰ ঠাই নাই। ষ্টেচন মাষ্টৰজনে ঠেলি-হেঁচি আমাৰ বাবে অলপ ঠাই যোগাৰ কৰিছিলহে, এনেতে কোনোবা এজনে চিঞৰি চিঞৰি ক’বলৈ ধৰিলে—‘উৰুক্কল চইল্যা গেছে। চইল্যা গেছে। যাইয়া লাভ নাই৷’ ‘উৰুক্কল’ মানে উৰি যোৱা কল অৰ্থাৎ মেচিন গুছি গৈছে। ষ্টেচন মাষ্টাৰে আমাক টানি টানি ট্ৰেইনৰ পৰা নমালে। সিদিনাৰ আশাভংগই মনত যি আঘাত দিছিল তাক বহুদিনলৈ পাহৰিব পৰা নাছিলো।


দ্বিতীয় বিশ্বযুদ্ধৰ দিনবোৰ

কবি আতাই শিশুৰ উপযোগী কৰি লিখা চুটি চুটি পদ্যৰ মাজেৰে আমি ভাৰত বুৰঞ্জীখন থুলমূলকৈ জানিছিলো। ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ ছবছৰ জুৰি হোৱা দ্বিতীয় বিশ্বযুদ্ধখনৰ কথা মনত চিৰস্থায়ীকৈ ৰাখিছে এটা বাংলা গানে। ইয়ো আছিল হাতী মাৰি ভুৰুকাত ভৰোৱা এটা ছবছৰীয়া ইতিহাস। তদুপৰি সেই সময়ত দেশৰ অৱস্থা, সমাজৰ অৱস্থা কেনে হৈছিল সেইবোৰৰ বিষয়েও কেইবাখনো গ্ৰামোফ’ন ৰেকৰ্ড ওলাইছিল। মাৰ সৰু ভায়েক প্ৰভাস মামা আছিল সংগীতপ্ৰেমী। নিজেও ভাল গান গাইছিল। তেওঁ সংগ্ৰহ কৰি আনিছিল নানা ধৰণৰ গ্ৰামোফ’ন ৰেকৰ্ড। আজি চিডি এখনত অনেক গান একেলগে ৰেকৰ্ড কৰা হয়। তেতিয়াৰ দিনত কাঁহী এখনৰ সমান ৰেকৰ্ডত শুনিবলৈ পাইছিলো এটা মাত্ৰ গান, দুপিঠিত [ ৬৯ ] দুটা। এদিন মামাই আনিলে যুদ্ধ সম্পৰ্কীয় গানৰ এখন ৰেকৰ্ড। আমি কেইবাদিনো জুৰি উধাই-মুধাই শুনিছিলো একেটা গানকে। কোনে ৰচনা কৰিছিল, কোনে গাইছিল মনত নাই। কিন্তু বিশ্বযুদ্ধৰ ইতিহাস অতি সংক্ষেপে মনত থাকি গ'ল। আৰু এই চুটি ইতিহাসেই পিছত যুদ্ধৰ দীঘলীয়া ইতিহাস জানিবলৈ আগ্ৰহী কৰি তুলিলে। সেই গীতটোৰ দুটামান লাইন আছিল এনেধৰণৰ—


(বাংলাৰ পৰা অসমীয়ালৈ অনুবাদ কৰি দিয়া হল)
১৯৩৯ পহিলা ছেপ্টেম্বৰ
জাৰ্মানীৰ শাসনকৰ্তা গ্ৰেট ডিক্টেটৰ
এডলফ হিটলাৰে কৰে ডানজিগ অধিকাৰ
পোলেণ্ডৰ ওপৰত কৰে প্ৰথম অভিযান।
জাৰ্মানী গৈছে আগুৱাই
যেয়ে য’লৈ পাৰিছে গৈছে পলাই।
ভাগি-চিগি য’ত অভেদ্য দুৰ্গ
একেদিনাই আক্ৰান্ত হলেণ্ড, বেলজিয়াম লুক্সেমবুৰ্গ...।


...মুছ'লিনী ইটালী হিটলাৰৰে কৰে জোৰদাৰ মিতালি,
দুয়োৰে স্বপ্ন ফেছিজিম, ৰচনা কৰিলে নতুন স্কীম।
গোৱেৰিং, হিমলাৰ, মুছ’লিনী হিটলাৰ
বিশ্ব কঁপাই কৰিলে চিৎকাৰ
ফেছিজিম ফেছিজিম
সমগ্ৰ ইউৰোপ হ’ব ফেছিস্থান...


....২৮ ছেপ্টেম্বৰ ৩৯ চন
ইংৰাজ আৰু ফৰাচীয়ে
যুদ্ধ ঘোষণা কৰে শুনে জগতবাসীয়ে
চেম্বাৰলিন, চেম্বাৰলিন ব্ৰিটেনৰ মন্ত্ৰী প্ৰধান...।


.....১৯৪৫ চনৰ আগষ্টত বাৰ্লিনত ৰাছিয়াই বিজয় পতাকা উৰুওৱালৈ বিশ্বযুদ্ধৰ সকলো ঘটনা-পৰিঘটনা গীতটোত সন্নিৱিষ্ট কৰা হৈছে।

 যুদ্ধ আৰু যুদ্ধ পৰৱৰ্তী সময়ছোৱাক কেন্দ্ৰ কৰি বাংলা ভাষাত কেইবাখনো গ্ৰামোফন ৰেকৰ্ড ওলাইছিল। প্ৰভাস মামা আৰু ‘ধৰ্মপুইৰা’ বিবিত্ৰি আবুৰ পুতেক অনঙ্গ মামাই আমাক প্ৰায় প্ৰতিখনেই আনি শুনাইছিল।

 অলপতে সিদিনা মোৰ সৰু ভনী খুকুৰ দহ বছৰীয়া নাতি মাইনাই আইতাকক সুধিছিল [ ৭০ ] দ্বিতীয় বিশ্বযুদ্ধৰ সৈতে কোন কোন দেশ জড়িত আছিল। আজিকালিৰ ল'ৰা-ছোৱালীয়ে বহু কথা জানিব লাগে। যি কি নহওঁক তাৰ প্ৰশ্নৰ উত্তৰত খুকুই গান এটা গাই দিয়াত আচৰিত হৈ ল'ৰাটোৱে আইতাকৰ মুখলৈ চাই থাকিল। গানটোৰ সাৰাংশ আছিল পৃথিৱীখনক ফুটবল জ্ঞান কৰি সাতখন দেশৰ সাতজন খেলুৱৈয়ে বল খেলি আছে। এই সাতজন হ’ল— জাৰ্মানীৰ হিটলাৰ, ব্ৰিটানিয়াৰ চাৰ্চিল, ইটালিয়ান মুছ’লিনী, ইউ এছ এৰ ৰুজভেল্ট, চীনা চিয়াং কাই শ্বেক, ৰাছিয়াৰ ষ্টেলিন, তোজো জাপানী... চললো মজাৰ চাল, এই দুনিয়াৰ হাল... One football seven legs ছুটছে বড় ফাইন, World today 1939. সুৰ গালে মন্ত্ৰমুগ্ধ হৈ শুনি থাকিবৰ মন যায়।

 যুদ্ধ শেষ হৈ যোৱাৰ পিছতো দেশৰ বিধ্বস্ত অৱস্থাক কেন্দ্ৰ কৰি ওলাইছিল গ্ৰামোফ’ন ৰেকৰ্ড। তাৰে এটালৈ মনত পৰিছে।

যুদ্ধ হ’ল শেষ, থাকিল ইতিহাস।
যুদ্ধত জিকিল মিত্ৰপক্ষ আমি যাৰ দাসানুদাস,
সিহঁতে পালে হেৰোৱা ৰাজ্য আমাৰ ভাগ্যত ঘোঁৰাৰ ঘাঁহ।
কিছুমানে পালে ভিক্‌ট্টি বোনাছ নিৰ্মম পৰিহাস।
যদু-মধু আৰু খলিহা-পুঠি আটায়ে হৈছিল মিলিটাৰী,
যুদ্ধ জিকাই আনিলে যেয়ে তেওঁলোক হৈ ৰ'ল অনাহাৰী।

 আমাৰ সুধীৰ খুৰাক সম্ভৱত বাটলাৰ, বাটকি আৰু বেনে প্ৰলোভন দেখুৱাই যুদ্ধলৈ নিছিল। উভতি অহাৰ পিছত তেওঁ চকুত লগাকৈ কিবা সা-সুবিধা পোৱা যেন নালাগে। তেওঁ পিছত ব্যৱসায় কৰিছিল।

 ইৰাক যুদ্ধত যোগ দিবলৈ আমেৰিকা কৰ্তৃপক্ষৰ দালালে কেনেকৈ গাঁও আৰু পিছপৰা অঞ্চলৰ ল’ৰাবোৰক ফুচলাইছিল প্ৰবন্ধ এটাত পঢ়িছিলো। সৈনিক জীৱনৰ যিটো উজ্জ্বল দিশ, সেইটো দাঙি ধৰে— ‘বহু দৰমহা পাবা, নতুন নতুন ঠাই দেখিবা, উভতি অহাৰ পিছত চৰকাৰৰ খৰচত কলেজত পঢ়িবা, ঘৰ-মাটি পাবা ইত্যাদি।’ তোমালোকৰ অংগ হানি হ’ব পাৰে, মানসিকভাৱে ভাগি পৰিব পাৰা, পংগু হোৱাৰ সম্ভাৱনা আছে এইবোৰ কথা উচ্চাৰণেই নকৰে।

 প্ৰথম বিশ্বযুদ্ধৰ কথা ডাঙৰ হৈ পঢ়িছোহে। কিন্তু দ্বিতীয় বিশ্বযুদ্ধখন পোনপটীয়াকৈ নেদেখিলেও তাৰ ফলাফল ভোগ কৰিছো। বাইদেৱে হোষ্টেল এৰি ধুবুৰীৰ পৰা আহিবলগীয়া হ’ল। শান্তি নিকেতনলৈও তাইৰ যোৱা নহ'ল। সেই সময়ত গ'লে অন্ততঃ এটা বছৰৰ বাবে হ'লেও কবিগুৰু ৰবীন্দ্ৰনাথৰ সান্নিধ্য লাভ কৰিব পাৰিলেহেঁতেন। দেশ, সমাজ আৰু সমগ্ৰ বিশ্বৰ যি ক্ষয়-ক্ষতি হৈছিল তাৰ তুলনাত ব্যক্তিগত ক্ষতি নগণ্য। তথাপিতো যাৰ ক্ষতি হ'ল তেওঁ নিশ্চয় তাৰ বাবে কেতিয়াবা মানসিক যন্ত্ৰণা অনুভৱ কৰে।

 সেই সময়ত বিশেষকৈ খোৱা বস্তুৰ আকাল হৈছিল। কাপোৰ-কানিও সহজতে পোৱা নগৈছিল। ষ্টেণ্ডাৰ্ড ক্লথ নামৰ মাৰ্কিন কাপোৰৰ নিম্নমানৰ ধুতি আৰু শাৰী চৰকাৰে যোগান ধৰিছিল। মনত পৰে মাহঁতে পুৰণি শাৰীৰ পাৰি কাটি মাৰ্কিন কাপোৰৰ শাৰীত লগাই লৈ [ ৭১ ] দেখাত অলপ শুৱনি কৰি লৈছিল। আমাৰ ফ্ৰকবোৰতো কৰি দিছিল এমব্ৰয়ডাৰি। খেতিৰ ধান থকা বাবে চাউলৰ অভাৱ আমাৰ নাছিল। বাকী খাদ্য সামগ্ৰী দেউতাই ক'ৰ পৰা সংগ্ৰহ কৰিছিল নাজানো। পাকঘৰৰ আখলৰ ওপৰত বাঁহৰ চাং বান্ধি কলপাতৰ টোপোলাত নিমখ সংৰক্ষণ কৰি ৰখাৰ কথা মনত আছে।

 আমি সৰুৰে পৰা ইংলেণ্ডত তৈয়াৰী লজেন্স, বিস্কুট, ললীপপ আদি খাইছিলো। আমিয়ে নহয় সকলোৱে খাইছিল। কাৰণ পৰাধীন ভাৰতত এইবোৰ বস্তু তৈয়াৰ নহৈছিল। যিয়েই নহওক, যুদ্ধৰ সময়ত আমি ল'ৰা-ছোৱালীবোৰে লজেন্স, বিস্কুটৰ দুৰ্ভিক্ষত চকুপানী টুকিছিলো। এতিয়া ভাবো ভাত এমুঠিৰ বাবে যেতিয়া হাহাকাৰ অৱস্থা, তেতিয়া আমি চিন্তা কৰিছিলো ললীপপৰ!

 দুৰ্ভিক্ষই কলকাতাত এক বিভীষিকাৰ সৃষ্টি কৰিছিল বুলি শুনিছিলো। সেই সময়ত কিশোৰ অৰ্মত্য সেনে চাক্ষুস কৰা সেই বিভীষিকাই তেওঁৰ মনত এক মছিব নোৱাৰা ছাপ পেলাই থৈ গৈছিল। সময়টো আছিল ১৯৪৩ চন। দুৰ্ভিক্ষৰ পৰা কেনেকৈ হাত সাৰিব পাৰি সেই বিষয়ে পৰিণত বয়সত অমৰ্ত্য সেনে বহু পৰামৰ্শ আদি আগবঢ়াইছে। প্ৰবন্ধ পাতিও আছে একাধিক। দুৰ্ভিক্ষ হয় মানুহৰ ভুল নীতিৰ বাবে।

 আমাৰ গৃহস্থ অমলেন্দু গুহ সেই সময়ত কলকাতাৰ প্ৰেছিডেন্সী কলেজৰ ছাত্ৰ আছিল। তেওঁৰ মুখত পাছত শুনিছো তেওঁলোকৰ হোষ্টেল ওৱাই এম চি এৰ পৰা বাৰ মিনিটৰ পথৰ আঁতৰৰ কলেজলৈ যাওঁতে বাটৰ দুয়োকাষে বাগৰি থকা দুৰ্ভিক্ষপীড়িত মানুহৰ মাজেদি খোজকাঢ়ি যাবলগীয়া হৈছিল। এওঁলোকৰ ভিতৰত আছিল মৃতদেহ আৰু অৰ্ধমৃতদেহো। নিশকতীয়া মানুহবোৰে কোনোমতে শুনা পোৱাকৈ বাটৰুৱাক কাকুতি কৰিছিল— অলপ ভাতৰ মাৰ দিবলৈ। ক্ষুধা কাক বোলে এওঁলোকক নেদেখিলে অনুভৱ কৰিব নোৱাৰি। গৃহস্থৰ হোষ্টেলৰ চৌহদত প্ৰতিদিনে বিতৰণ কৰা হৈছিল খিচিৰী। পিছে দিব কিমানক? চোতালখন ভৰি গ’লে গেট বন্ধ কৰি দিছিল। গাঁওবোৰত চাউলৰ আকাল হোৱাত গঞা ৰাইজে ধাৰণা কৰিছিল যে কলকাতালৈ আহিব পাৰিলে হয়তো অভুক্ত হৈ থাকিব নালাগিব। ফলত কলকাতাৰ ওপৰত পৰিছিল মানুহৰ প্ৰচণ্ড হেঁচা। অসমলৈও আহিছিল কিছু দুৰ্ভিক্ষপীড়িত মানুহ। ইয়াত কেম্প পাতি গৌৰশংকৰ ভট্টাচাৰ্য প্ৰমুখ্যে সমাজসেৱীসকলে তেওঁলোকক চোৱা-চিতা কৰিছিল।

 সেই সময়ত বিশ্বযুদ্ধৰ ভয়াৱহ অৱস্থা। জাপানীসকল ভাৰতৰ পূব সীমাত উপস্থিত। তেওঁলোকৰ স’তে যুঁজ কৰিবলৈ অহা সেনাবাহিনীক খুৱাবলৈ খাদ্যবস্তু মজুত ৰাখিছিল বিভিন্ন ঠাইৰ পৰা চাউল-আটা আদি সংগ্ৰহ কৰি। ফলত সাধাৰণ মানুহৰ মাজত সৃষ্টি হৈছিল অভাৱৰ। দুৰ্ভিক্ষৰ পিছতে হয় মহামাৰী। গতিকে সেই সময়ত প্ৰাণ দিবলগীয়া হৈছিল অসংখ্য মানুহে। কোকৰাঝাৰত বহি আমি এই দুৰ্ভগীয়া মানুহবোৰৰ চৰম দুৰ্গতি দেখিবলগীয়া হোৱা নাছিলো। বহু বছৰ পিছত আমাৰ চিনাকি পৰিয়াল এটাৰ গৃহিণীগৰাকীয়ে কৈছিল যে পাঁচোটা সন্তানৰ সৈতে সাধাৰণ আয়ৰ পৰিয়ালটো প্ৰায়ে অভুক্ত হৈ থাকিছিল। চাউলখিনি সিজাই ভাতকেইটা দিছিল গৃহস্থ আৰু সৰু ল’ৰা-ছোৱালী তিনিটাক। ভাতৰ মাৰৰ লগত [ ৭২ ] অলপ কেইটামান ভাত মিলাই দিছিল ডাঙৰ দুটাক আৰু বিশুদ্ধ মাৰ পি খাইছিল ঘৰৰ গৃহিণীয়ে। যুদ্ধৰ সময়ত ব্ৰিটিছৰ ভুল নীতিৰ বাবে অসংখ্য ভাৰতীয় নাখাই মৰিবলগীয়া হৈছিল।


বালিকাকালৰ দিনবোৰলৈ মনত পৰে :

পুতলা খেলিবলৈ বৰ ভাল পাইছিলো। দেউতাই পিছে অংগ চালনা হোৱা খেলবোৰ খেলিবলৈহে বেছিকৈ উদ্‌গনি দিছিল। আবেলি আমাৰ ডাঙৰ চোতালখনত বান্ধৱীসকলৰে সৈতে হাউ গুদু গুদু, দাৰিয়াবান্ধা, গোল্লাছুট আদি খেলিছিলো। কেতিয়াবা বেডমিণ্টনো খেলিছিলো। দেউতাই আচলতে বেডমিণ্টনৰ কোৰ্টটো কটাইছিল মা-মাহী-খুৰীহঁতে খেলিবলৈ। তেওঁ মা-মাহীহঁতৰ ক্ষেত্ৰত কিন্তু পৰ্দানচীন আছিল। বাটৰ মানুহে যাতে মাহঁতক খেলি থকা দেখা নাপায় সেইফালে লক্ষ্য ৰাখিছিল।

 আমাৰ মা, মামা-মাহীহঁতৰ কণ্ঠস্বৰ আছিল সুৰীয়া। গধূলি খোলা-মেলা দক্ষিণৰ বাৰাণ্ডাত বহি দেউতাই মাৰ গান শুনিবলৈ ভাল পাইছিল। আমিও বহিছিলো মাৰ কাষত। বাৰাণ্ডা সংলগ্ন বাগিচাত ফুলা নানা ধৰণৰ ফুলৰ সুগন্ধে পৰিবেশ কৰিছিল স্বপ্নিল। ঘৰৰ কাম কৰা মানুহ আৰু আশ্ৰিত আত্মীয়-স্বজনেও যাতে মাৰ গান নুশুনে সম্ভৱতঃ সেইকাৰণে প্ৰধান ঘৰটোৰ পিছফালৰ বাৰাণ্ডাখন নিৰ্বাচিত হৈছিল। দেউতাই তেতিয়াৰ দিনৰ বিখ্যাত গায়িকা আঙুৰবালাই গোৱা গীত— ‘যদি চিৰ সুন্দৰ নাহি হবে গো’, কৃষ্ণ চন্দ্ৰ দেৰ ‘চিৰদিন কাহাৰো সমান নাহি যায়’, ৰেণুকা দাশগুপ্তৰ ‘যদি গোকুল চন্দ্ৰ ব্ৰজে না এলো’ মাৰ কণ্ঠত শুনি মুগ্ধ হৈ পৰিছিল। অসমীয়া, বাংলা, হিন্দী, ইংৰাজী, উড়িয়া আদি নানা ভাষাৰ গ্ৰামোফ’নৰ ৰেকৰ্ড কিনা আছিল দেউতাৰ হবি। সেইবোৰ শুনি আমি গান শিকিছিলো।

 দেউতাই মাক ইংৰাজী পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱা মনত পৰে। দেউতা আছিল এগৰাকী সংস্কৃতিবান ব্যক্তি। তেওঁৰ আদব-কায়দা, থকা-মেলাৰ এটা নিজস্ব ষ্টাইল আছিল। হবি অছিল একাধিক। পাকৈত চিকাৰী হিচাপে তেওঁ বাঘ, হৰিণা, সাপ, ঘঁৰিয়াল আদি বিভিন্ন বনৰীয়া জীৱ-জন্তু চিকাৰ কৰিছিল। এবাৰ হাবিৰ পৰা ধৰি আনিছিল নটা বাঘৰ পোৱালী। তেতিয়া বোধহয় মোৰ তিনি বছৰ মান বয়স আৰু বাইদেউৰ সাতমান। শুনিছো সিহঁতক দেউতাই গাখীৰ খুৱাইছিল বটলেৰে আৰু ৰাখিছিল এটা কোঠাত। এদিন দুপৰীয়া বাইদেৱে টেবুল এখন টানি বন্ধ কোঠাটোৰ দুৱাৰৰ খিলিটো খুলিবলৈ টেবুলখনত উঠিছিল আৰু মোক কৈছিল দুয়ো বাঘৰ পোৱালীকেইটাৰ স’তে খেলিম বুলি। দুপৰীয়া ভাত খাই শুই থকা মায়ে খিলি খোলাৰ শব্দ পাই উঠি আহি আমাক দুয়োকে দেখি ভয়তে চিঞৰি উঠিছিল। সকলো শুনি দেউতায়ো ভয় খাই পিছদিনা বস্তাত ভৰা পোৱালিকেইটাক য’ৰ পৰা আনিছিল তাত এৰি থৈ আহিছিল। তাৰ পিছত কোনোবা এটা সময়ত লোৰ ডাঙৰ পিঞ্জৰা এটা সাজি এটা বাঘৰ পোৱালি পুহিছিল।

[ ৭৩ ]  কেৱল বাঘেই নহয়, তেওঁৰ সৰু চিৰিয়াখানাটোত আছিল হৰিণা, বান্দৰ, ময়ূৰ-ময়ূৰীকেইটামান। তেতিয়াৰ দিনত কালী পূজাৰ সময়ত চীনা চাৰ্কাছ পাৰ্টি কোকৰাঝাৰলৈ আহিছিল প্ৰায় প্ৰতি বছৰ। আমি প্ৰতিদিনে চাৰ্কাছ চাবলৈ গৈছিলো। এদিন আগবেলা চীনাসকলে আমাৰ চিৰিয়াখানাটো চাবলৈ আহি চুং চুং চাং চাং কৰি সিহঁতৰ মাজত কথা-বতৰা পাতিছিল। আমি সিহঁতৰ কথাৰ আগগুৰি বুজি নেপাই ফুচফুচাই হাঁহিছিলো। এবাৰ কলকাতালৈ ফুৰিবলৈ গৈ উভতি আহি দেখিলো বাঘটো মৰি গৈছে। তাক কুকুৰা খুৱাবলৈ পইচা দি যোৱা হৈছিল। বনকৰা লোকসকলে সেই কুকুৰা নিজে খাই বাঘটোক অনাহাৰে মাৰিলে। এই ঘটনাত আমি আটায়ে অত্যন্ত দুখ পাইছিলো।

 তেতিয়াৰ দিনত কোকৰাঝাৰৰ চাৰিওফালে থকা হাবিত আছিল বাঘৰ বাস। ৰাতি ৰাতি আমি প্ৰায়ে শুনিবলৈ পাইছিলো বাঘৰ গোজৰণি। কেতিয়াবা গোহালিৰ গৰুৰ লোভত সিহঁত আহিলে গৰখীয়া ফুলমামুদ, শুকুৰাহঁতে জুই জ্বলাই টিন বজাই বাঘ খেদিছিল। হাপাও আহিছিল মাজে সময়ে ময়ূৰকেইটাক খাবলৈ।

 বৰ্তমানে কোকৰাঝাৰ চহৰৰ অন্তৱৰ্তী শান্তিনগৰ অঞ্চল জনাজাত আছিল ভাতাৰমাৰী নামেৰে। হাবি বননিৰে ঢাক খাই থকা ভাতাৰমাৰী গাঁৱত বাঘৰ উৎপাতত মানুহৰ বৰ বিলৈ হৈছিল। কেতিয়াবা গৰু-ম’হ টানি নিছিল, কেতিয়াবা মানুহ। মনত আছে এদিন গাঁওখনৰ পৰা কেইজনমান মানুহ আহি দেউতাক কাকুতি-মিনতি কৰি কৈছিল প্ৰতিদিনে আহি মানুহক টানি লৈ যোৱা চিতা বাঘটোক মাৰিব নোৱাৰিলে গাঁওখন নিশ্চিহ্ন হৈ যাব। বাঘে এবাৰ মানুহৰ তেজৰ সোৱাদ পালে সেই লোভ এৰিব নোৱাৰে। চিকাৰপ্ৰেমী মানুহজন মানৱদৰদীও। গতিকে পিছদিনা হাতীত উঠি বন্দুক, বাঘ মৰা গুলী আদিৰে সজ্জিত হৈ দেউতা ওলাইছিল ভাতাৰমাৰীবাসীক উদ্ধাৰ কৰিবলৈ। লগত গৈছিল তেওঁৰ দুগৰাকী সহকৰ্মী। তাৰে এগৰাকী আমাৰ বান্ধৱী দুজনীৰ আতা বাবে আমিও আতা বুলি মাতিছিলো। তেওঁ কেতিয়াও চিকাৰলৈ যোৱা নাই, বন্দুকো চুই পোৱা নাই। হাবিৰ বাঘ চোৱাৰ বৰ চখ।

 ভাতাৰমাৰীত উপস্থিত হৈ দেখে বাঘে-মানুহে আৰম্ভ হৈছে তয়াময়া যুদ্ধ। তাকে দেখি চঞ্চলমতী নামৰ হাতীজনীয়ে দৌৰিবলৈ আৰম্ভ কৰিলে। হাতীৰ শৰীৰ গধুৰ হ’লে কি হ’ব, ঘোঁৰাতকৈও বেগেৰে দৌৰিব পাৰে। দেউতাহঁতে হাওদাৰ ৰচীত ধৰি প্ৰাণটো হাতত লৈ গৈ থাকিল। এনেতে কাহানিও বাঘ নেদেখা আতাই চিঞৰিবলৈ ধৰিলে— মোক বাঘে খাইল ৰে, বাঘে খাইল। মাউতৰ পিছফালে বহিছিল দেউতা। দেউতাৰ পিছফালে আতা, আতাৰ পিছত আনজন।

 চিতা বাঘে গছত উঠিব পাৰে, হাতীত জাপ মাৰি উঠাও অসম্ভৱ নহয়। দেউতাই ভাবিলে শেষত বহাজনক খাই আতাক আক্ৰমণ কৰিছে। পিছে আতাই একেষাৰ কথাকে কৈ কৈ চিঞৰি থকা বাবে দেউতা নিশ্চিত হ’ল ভয়তে আতাই তেনেকৈ চিঞৰিছে। যি কি নহওক, আধাঘণ্টা পিছত হাতী অলপ শান্ত হোৱাত আকৌ ‘ৰণস্থলী’লৈ যাবলৈ সিদ্ধান্ত লোৱা হ’ল। ঘূৰি আহি দেখে গাঁৱৰ মানুহৰ মাজত ভয়, আতংক। যুদ্ধ কৰাজনক মাৰি বাঘে চোঁচৰাই নি হাবিত সোমাইছে। সকলোৰে অনুৰোধ বাঘটোক সিদিনা মাৰিবই লাগিব।
[ ৭৪ ]

চিকাৰী ৰূপত দেউতা

[ ৭৫ ] দেউতাই হাতীটোক নিবলৈ আপত্তি কৰাত গঞাসকলে খোজকাঢ়িয়ে যাবলৈ অনুৰোধ কৰিলে। লগত লাঠি-যাঠি-জোং লৈ তেওঁলোকো যাবলৈ ওলাল দেউতাৰ পিছে পিছে।

 তেতিয়া বেলিটোৱে মধ্য গগনৰ পৰা পশ্চিমলৈ গতি কৰিছিল। চিকাৰ পাৰ্টিটো উভতি নহা বাবে ঘৰত সকলোৰে চিন্তা। আতাৰ পৰিবাৰ আবুৱে আমাৰ ঘৰলৈ আহি কান্দিবলৈ ধৰিলে। কেতিয়াও চিকাৰলৈ নোযোৱা মানুহজন হাতীৰ পিঠিৰ পৰাই সৰি পৰিল নে বাঘে তেওঁক খালে ইত্যাদি কথাবোৰ বিনাই ঘৰৰ পৰিবেশ অশান্ত কৰি তুলিলে। আমাৰ নিজৰ আবুৰ মুখতো বিষাদৰ ছাঁ— গিৰীন বাবা এতিয়াও উভতি নাহিল। আমাৰ মা নিমাতী কন্যা। তেওঁৰ মনোজগতত কি ঘটিছিল কোনেও গম নাপালে। ঘৰৰ গৃহিণী হিচাপে তেওঁ কৰ্তব্য কৰি থাকিল। আমি সৰু সৰুবোৰে খেল-ধেমালি, পঢ়া-শুনা, হাই-কাজিয়া বাদ দি থমথমীয়া হৈ থাকিলো। দেউতাৰ আনগৰাকী সহকৰ্মীৰ পৰিয়ালো আমাৰ ঘৰত নিঃশব্দে বহি থাকিল।

 এন্ধাৰে গ্ৰাস কৰিলে কোকৰাঝাৰক। চাকি, বন্তি, লেম জ্বলোৱা হ’ল। চিকাৰ পাৰ্টিৰ দেখা-সাক্ষাৎ নাই। মাউত -ঘাঁহীৰ ঘৰৰ গৃহিণীসকল আমাৰ ঘৰত। এনেতে নিস্তব্ধতা ভেদ কৰি এটা শব্দ শুনিবলৈ পোৱা গ'ল। হাতত লেম্প ওলোমাই চ’ৰা ঘৰৰ আগলৈ সকলোৱে ঢাপলি মেলিলোহঁক। আজিৰ দৰে বাট-ঘাট পোহৰ কৰি ৰাখিবলৈ চাকিৰ ব্যৱস্থা নাছিল যদিও এন্ধাৰতে হাতীজনীক দেখা পালো।

 হাতীৰ পিঠিৰ পৰা নামিল এটা বিৰাট চিতা বাঘ আৰু চিকাৰীৰ দলটো। নিমিষতে আমাৰ পদূলিত গোট খালে অসংখ্য মানুহ। আতাক দেখি আবুৱে হায়ৈ-বিয়ৈ কৰি আনন্দতে কান্দিবলৈ ধৰিলে। ৰাইজৰ মাজৰ পৰা ৰসিক কোনোবা এজনে ক'লে— ‘এই আবু, আতাই বাঘ মাৰি আনছে, ক’ত আমাক ভোজভাত খুৱাবি, কান্দিবা লাগছিস কিয়? যা বাঘেৰ মসং (মঙহ) ৰান্ধেক তাৰাতাৰি।

 আবুও কম নহয়, গাঁৱলীয়া ভাষাত গালি পাৰি ক'লে— ‘কায়তো এই কাণা যমেৰ আধুৰা টা? তোৰ আপীটাকে ৰান্ধিবা দে। দুইজনে খাবি লাপুৰ লুপুৰ কৰিয়া।’ (কণা যমেও আধা খোৱাকৈ পেলাই যোৱা এইটোনো কোন? তোৰ ঘৈণীয়েৰকে ৰান্ধিবলৈ ক। তাৰ পিছত দুয়ো দগৰি খাবি।)

 কোনোবাই এটা হেছাক লাইট জ্বলাই চাৰিওফাল উজলালে। বিৰাট বাঘটো দেখি সকলোৰে মুখৰ মাত হৰিল। শুনিলো সিদিনা খোজকাঢ়িয়ে ওচৰৰ নলখাগৰিৰ অনুচ্চ হাবিখনৰ ওচৰ পাইছিল হাতত বন্দুক লৈ দেউতা আৰু পিছে পিছে গঞা ৰাইজৰ এটা দল। হঠাতে নল খাগৰিৰ মাজত বাঘৰ নেজডাল দৃশ্যমান হ’ল, বাঘ চিকাৰীৰ সন্মুখতে। পিছফালে ঘূৰি চাই দেউতাই দেখিলে লগত অহা দলটো নাই। এই হাবিত দুটা মাত্ৰ প্ৰাণী— পৰস্পৰৰ শত্ৰু দেউতা আৰু বাঘ। হয় চিকাৰীৰ হাতত বাঘৰ মৃত্যু, নহয় বাঘৰ হাতত চিকাৰীৰ। মানুহৰ গোন্ধ পাই বাঘ থিয় হ’ল। পৰস্পৰে পৰস্পৰলৈ চাইছে। বাঘে দেউতাক আক্ৰমণ কৰিবলৈ জাঁপটো মাৰোতেই তেওঁ ট্ৰিগাৰত হেঁচা মাৰিলে। বাঘ পৰি গ'ল যদিও নিশ্চিত হ’বলৈ তেওঁ দ্বিতীয় গুলীটোও মাৰিছিল।

[ ৭৬ ]  নিশ্চিত মৃত্যুক জয় কৰি উভতি অহাৰ পিছত দেউতাই মা আৰু আমাৰ আবুক কৈছিল যে তেওঁৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালটোক বিপদত পেলাবলৈ তেওঁ আৰু কেতিয়াও বাঘ চিকাৰলৈ নাযায়। পিছদিনা ফটোগ্ৰাফাৰ এজন আহিল৷ আজিৰ সৰু সৰু ডিজিটেল কেমেৰাবোৰ দেখিলে আমাৰ দিনৰ ফটোগ্ৰাফ তোলাৰ ব্যৱস্থালৈ মনত পৰে। তিনিঠেঙীয়া ষ্টেণ্ড এটাৰ ওপৰত কেমেৰাটো বহুৱাই ক’লা কাপোৰেৰে কেমেৰাটো ঢাকি ফটোগ্ৰাফাৰে তাৰ তলত সোমাই কিবাকিবি এডজাষ্ট কৰি লৈছিল। আৰু আমি উশাহ বন্ধ কৰি ক'লা কাপোৰডোখৰলৈ চাই থাকিছিলো ফটো উঠাৰ আশাত। এটা সময়ত ‘ৰেডী ৱান টু থ্ৰী’ বুলি কৈ ফটোগ্ৰাফাৰে ক’লা কাপোৰখন আঁতৰাই দিছিল। সিদিনা বাঘ আৰু চিকাৰীক সন্মুখত ৰাখি ৰাইজৰ এখন ফটো তোলাৰ পিছত কেৱল চিকাৰী আৰু বাঘৰ এখন ফটো তোলা হৈছিল। এইখন ফটো তেতিয়াৰ দিনত কলকাতাৰ পৰা প্ৰকাশিত ‘হিন্দুস্তান ষ্টেণ্ডাৰ্ড’ নামৰ ইংৰাজী কাগজত বাতৰিটোৰ সৈতে ওলাইছিল। বাঘৰ ছালখন কাণপুৰলৈ পঠাই বন্ধাই অনোৱা হৈছিল। দেউতাই চিকাৰ কৰা ঘঁৰিয়ালৰ ছামৰাখনেৰে তৈয়াৰ কৰি আনিছিল দুটা চুটকেচ আৰু সাপৰ ছালেৰে কৰাই আনিছিল কেইবাটাও ভেনিটি বেগ। এই সামগ্ৰীবোৰ যে অত্যন্ত মূল্যৱান আছিল আমি গমেই পোৱা নাছিলো।

 সৰুৰে পৰা চিকাৰী দেউতাক দেখি দেখি আমাৰ তেজতো সোমাইছিল চিকাৰৰ নিচা। সেই নিচাই মোক টানি লৈ গৈছিল ঘৰৰ পিছফালে থকা জোপোহা গছেৰে ভৰা হাবিখনলৈ। দুপৰীয়া যেতিয়া খাই-বই সকলো টোপনিত লালকাল তেতিয়া মই হাতত সাৰে ভৰিত সাৰে সোমাইছিলো হাবিত। ফৰিং, পখিলা, পোক-পৰুৱা আদি চিকাৰ কৰি উভতি আহি সুবোধ বালিকাৰ দৰে বিছনাত লাং খাই পৰি দিছিলো। পিছে মোৰ এই অভিযানৰ কথা জনাজাত হ’ল নিজৰ দোষত। মই আছিলো ধেপেচি। আছিলো বুলি নকওঁ, গোটেই জীৱনটোত মই বহুবাৰ পৰিছো। যি কি নহওঁক, সিবাৰ জংঘলত পৰি থকা মামৰে ধৰা টিন এটাৰ ওপৰত পৰাত হাত কাটি হুৰহুৰাই তেজ ওলাবলৈ ধৰিলে। ভয়তে কান্দি কান্দি ঘৰলৈ উভতিলো। মা-দেউতাই সাৰ পালে। কটা ঠাইডোখৰ হেঁচি ধৰি দেউতাই মোক লৈ গ’ল ডিচপেনচাৰীলৈ। তেতিয়া বোধকৰো মোৰ সাত বছৰমান বয়স। জীৱনত সিদিনা প্ৰথম দেউতাৰ গালি খাইছিলো। দুষ্ট ছোৱালী বুলি কৈছিল। এনেয়ে হাতৰ বিষ, তাতে দেউতাই পাৰিলে গালি। শোকে খুন্দা মাৰি ধৰিছিল।

 দেউতাহঁতৰ অফিচৰ মানুহবোৰৰ মাজত আছিল মিলাপ্ৰীতি। মোৰ খবৰটো পাই প্ৰতিটো পৰিয়ালৰ পুৰুষসকল ডিচপেনচাৰী পালেহি। নিজকে ভি আই পি যেন লগা হ’ল। ডাক্তৰে দৰৱ-চৰব দি চিলাই কৰিবলৈ যন্ত্ৰপাতি আনিলে। তেতিয়া মই ফৰেষ্টাৰ জেঠাৰ ওলাই অহা পেটটোলৈ আঙুলিয়াই কৈছিলো সিমান ডাঙৰ বিস্কুটৰ টিন এটা দিলেহে চিলাই কৰিবলৈ দিম। ক’ত মোৰেই দোষত অঘটন ঘটা বাবে দুগালত দুটা চৰ শোধাব, তাকে নকৰি হাজী চাহাবৰ দোকানৰ পৰা জেঠাৰ পেটটোৰ সমান ডাঙৰ বিস্কুটৰ টিন এটা আনি দিলে। তেতিয়াৰ দিনত ইংলেণ্ডৰ পৰা সুদৃশ্য টিনত সুস্বাদু বিস্কুট আহিছিল। মোৰ চিকাৰী জীৱনৰ তাতেই সমাপ্তি ঘটিল।

[ ৭৭ ]  উল্লেখ কৰিছোৱেই, পুতলা খেলিবলৈ বৰ ভাল পাইছিলো। তেতিয়াৰ দিনত সকলো ছোৱালীয়ে পুতলা খেলিছিল। ফটা কানিৰে তৈয়াৰ কৰা পুতলাৰ সংসাৰখন আছিল ডাঙৰ। স্বামী-স্ত্ৰী, ল’ৰা-ছোৱালী, আতা-আবু, খুৰা-খুৰী আৰু বহুতো। ডাঙৰ ডাঙৰ কাগজৰ বাকচ আৰু পুৰণি চুটকেচত পুতলাসকলে ঘৰ-গৃহস্থালী চম্ভালিছিল। ইংলেণ্ডত তৈয়াৰী ধুনীয়া ধুনীয়া পুতলাও আমাৰ আছিল, পিছে সেইবোৰক আমি কাঁচৰ আলমাৰীত সজাই থৈছিলো। চাহাবী পুতলা বাবে সিহঁতক কোৱা হৈছিল ডল পুতলা। ফটা কানিৰ পুতলাবোৰক কেন্দ্ৰ কৰিয়ে আমাৰ জীৱন অতিবাহিত হৈছিল। আমাৰ পুতলাবোৰৰ অলংকাৰ গঢ়ি দিছিল কোহিনুৰ মাহীয়ে, কাপোৰো চিলাই দিছিল তেওঁ, দিয়াচলাইৰে সাজি দিছিল ফাৰ্নিচাৰ।

 পুতলাৰ বিয়াও হৈছিল ধুমধামকৈ। এবাৰ বাইদেউৰ পুতলা দৰাৰ স’তে বিয়া হ'ল পেহীদেউৰ জীয়েক পাৰুল বাইদেউৰ পুতলা জীয়েকৰ। সেই কেইদিন কোহিনুৰ মাহীৰ উশাহ পেলাবৰ সময় নাই। কইনাৰ বাবে চুমকি খটোৱা কাপোৰ, মণিৰ অলংকাৰ, দিয়াচলাই আৰু কাগজৰ বাকচৰে সজা ফাৰ্নিচাৰ আৰু ক’ত কি যে মাহীয়ে তৈয়াৰ কৰিছিল। দৰাই কইনা ঘৰলৈ যাব পৰাকৈ সাহায্যকাৰী ল’ৰাকেইটাই ঘৰৰ কাঠৰ বাকচ এটাত কাঠৰ চকা লগাই ধুনীয়া গাড়ী এখন সাজিছিল।

 আমাৰ এজনী সম্পৰ্কীয় বাইদেউৰ চৈধ্য বছৰতে বিয়া হৈ কোকৰাঝাৰলৈ আহিছিল। পুতলাখেলৰ নিচা তেওঁৰো আছিল। পিছে বয়স যিমানেই কম নহওঁক বিয়া হোৱা তিৰোতা। বাইদেউ, পাৰুল বাইদেউৰ পুতলা জীয়েকৰ বিয়াত অংশগ্ৰহণ কৰাৰ ইচ্ছা ইমানে প্ৰবল হ’ল যে তেওঁ প্ৰস্তাৱ দিলে ভিনিহিয়ে ভাতপানী খাই অফিচলৈ গ'লে বিয়াখন তাতেই পাতিব। সেইমতে পাৰুলবায়ে তেওঁৰ জীয়েক আৰু সকলো সা-সামগ্ৰী লৈ সিগৰাকী বাৰ ঘৰলৈ গ'ল। আমাৰ বান্ধৱীসকলৰ ভিতৰৰ আধা হ’ল কন্যাপক্ষৰ আধা দৰাপক্ষৰ।

 সুসজ্জিত গাড়ীখনত দৰাক তুলি দি আমি বাজনা বজাই গ'লো কইনাঘৰলৈ। বায়ে কলপুলি পুতি থৈছিল। দৰা আদৰাৰ পিছত বিয়া হ’ল। বাৰ চুবুৰীয়া এগৰাকী কমবয়সীয়া তিৰোতাই বিয়াত পৌৰোহিত্য কৰিলে। তেওঁলোকে লুচি, ভাজি, চুজি বনাই থৈছিল। বিয়াৰ পিছত আমি খোৱা-বোৱা কৰিলো। কইনা যাবৰ হ’ল। কন্দা—কটা লাগিল। কোহিনুৰ মাহীয়ে সাজি দিয়া সকলো ফাৰ্নিচাৰ দৰাৰ মাকে হস্তগত কৰা দেখি কইনাৰ মাক পাৰুল বায়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। অৱশেষত তেওঁ থাপমাৰি পুতলাহেন বাকচটো গাড়ীৰ পৰা নমালে। দৰাৰ মাক আৰু কইনাৰ মাকৰ মাজত বাকচটো লৈ টনা-আজেৰা লাগিল। কইনাৰ মাকে গাৰ জোৰেৰে বাকচটো খামোচ মাৰি ধৰি ক’বলৈ ধৰিলে—‘বাকচটো নো কিয় দিম?’ বৰ্তমানে আশীৰ ওচৰা উচৰি পাৰুলবাক লগ পালে আমি কওঁ, ‘বাকচটো নো কিয় দিম?'

 পাৰুলবা পেহীৰ বৰজীয়ৰী, যৌথ পৰিয়ালটোৰ প্ৰথম নাতিনী। কেইবাজনো ককা-আইতা, খুৰা-খুৰীৰ কোলাৰ পৰা ননমা পাৰুল বা আছিল তেওঁলোকৰ বুকুৰ আমঠু। জাকৰুৱা ঘৰত ব্যঞ্জন সদায় জুতি-পুতি লগাকৈ ৰান্ধিব নোৱাৰি। খাদ্যৰসিক পেহা আৰু পাৰুলবাৰ বাবে বেলেগে অন্ততঃ দুখনমান আঞ্জা তেল চপচপীয়াকৈ ৰন্ধা হৈছিল। পাৰুলবায়ে [ ৭৮ ] বাচি বাচিহে পাচলি খাইছিল। পেহী আমাৰ ঘৰলৈ আহিলে আমাক যি দিয়ে তাকে খোৱা দেখি জীয়েকক মাৰ তত্ত্বাৱধানত থৈ গৈছিল কিছুদিনৰ বাবে, যেন সকলো খাদ্য খাবলৈ শিকে। হেজাৰ হওঁক কন্যা সন্তান, বিয়াৰ পিছত শহুৰেকৰ ঘৰত আবদাৰ নচলিব।

 এই পাৰুল বাইদেউৰ এদিন বিয়া হ'ল বৰপেটা নিবাসী হৰেকৃষ্ণ দাসৰ লগত। ভিনিহি আছিল শিক্ষক। বিয়াৰ পিছত কইনা মাকৰ ঘৰলৈ আহোতে ৰে'লত বৰপেটাৰ পৰা আহি কোকৰাঝাৰত নামিছিল। আমাৰ পদুলিমুখ পাই বাক চিঞৰি চিঞৰি কন্দা দেখি মোমায়েক অৰ্থাৎ আমাৰ দেউতাৰ হেনো বুকু কঁপি উঠিছিল। শহুৰেকৰ ঘৰখন পছন্দ নোহোৱা বুলি ভাবি। তাইৰ গায়ে-মূৰে হাত বুলাই কন্দাৰ কাৰণ কি সুধিছিল মৰমেৰে। মৰমৰ পৰশ পাই বাৰ কান্দোন দুগুণে চৰিল। পিছত জানিব পৰা গ'ল যে বৰপেটীয়া মানুহে ৰন্ধা আঞ্জা তেওঁৰ ভাল লগা নাছিল। ডাঙৰ ডাঙৰ কাৱৈ মাছবোৰেৰে ঘৰত ৰন্ধাৰ দৰে তেল-কাৱৈ নাৰান্ধি জুতিহীনকৈ ৰান্ধে। তাইৰ কন্দাৰ কাৰণ শুনি সকলোৱে সিদিনা গিৰ্জনি মাৰি হাঁহিলে। নিশ্চিন্তও হ’ল। ভিনিহি বৰ ভাল মানুহ আছিল। তেওঁৰ অকাল মৃত্যুৱে এমাডিমা চাৰিটা সন্তানেৰে স’তে পাৰুলবাক নিঠৰুৱা কৰি গলেও বাৰ ল’ৰা-ছোৱালী নাতি-নাতিনীবোৰে পৰৱৰ্তী জীৱনত তেওঁক সুখৰ মুখ দেখুৱাইছে।


মজাৰ ঘটনা

তেতিয়াৰ যুগত আজিৰ দৰে ঊল সহজলভ্য নাছিল। বিলাতৰ ঊল কোকৰাঝাৰৰ দৰে সৰু ঠাইত পোৱা নগৈছিল বাবে দেউতাই সমগ্ৰ চুবুৰীটোৰ বাবে কলকাতাৰ পৰা অৰ্ডাৰ দি অনাইছিল। সেই সময়ত আমাৰ ঘৰত থাকি স্কুলত পঢ়িছিল দেউতাৰ সম্পৰ্কীয় ভাই অজয় খুৰা। খুৰা মাৰে নহয় চুবুৰীটোৰে দেওৰ যেন আছিল। ঊলৰ পাৰ্চেল আহিলে মহিলাসকলৰ মাজত তেঁৱো উপস্থিত থাকি কাৰ কোনবিধ ঊল বাছি উলিয়াইছিল। এবাৰ এগৰাকী মহিলাই ঊলৰ লগত অহা ইংৰাজীত লিখা কাগজ এখন টানমাৰি পঢ়িবলৈ ধৰিলে, তাকো ওলোটাকৈ। খুৰাই এই দৃশ্য দেখি বৰ আমোদ পাই সুধিলে— ‘বৌ, কি পঢ়িছে?’ বৌয়ে উত্তৰ দিলে— ‘ঊলৰ বিষয়ে লিখিছে আক।’

 দুদিনমান পিছত খুৰাই তেওঁৰ ইংৰাজী কিতাপখন লৈ বৌহঁতৰ ঘৰ পালে। বৌৱে তেতিয়া ভাত ৰান্ধি আছিল।

 — বৌ, মোক এই লেছনটো অলপ বুজাই দিয়ক না। আমাৰ বৌৱে ইংৰাজী নজনা বাবে আপোনাৰ ওচৰলৈকে আহিলো। চুবুৰীটোত আপোনাৰ বাহিৰে ইংৰাজী জনা মহিলা নায়েই।

 —যা যা, এতিয়া যা, মোক বিৰক্ত নকৰিবি। ভাত ৰান্ধি আছো দেখা নাই? সিদিনা গ’ল যদিও প্ৰতিদিনে খুৰাই তেওঁক বিব্ৰত কৰিবলৈ গৈছিল। যাতনা সহিব নোৱাৰি কিছুদিনৰ বাবে তেওঁ বেমাৰ হোৱাৰ চেলু লৈ মাকৰ ঘৰলৈ গৈছিল। খুৰাৰ ইচ্ছা আছিল উভতি অহাৰ পিছত আকৌ যাব, পিছে মায়ে হাক দিলে।

[ ৭৯ ]  বৰ মজাৰ মজাৰ ঘটনা ঘটিছিল আমাৰ চুবুৰীটোত। আন এজন খুৰাই দেউতাক কৈছিল ফৰেষ্টাৰ বাবুৰ (পেটলা জেঠা নহয়) ভূতলৈ বৰ ভয়। দেউতা ভূত-প্ৰেতত অবিশ্বাসী বাবে কোনোবা মতা মানুহ ভূত বিশ্বাসী বুলি শুনিলে বিশ্বাস কৰিব নুখুজিছিল। খুৰাই মাথোঁ কৈছিল যে তেওঁ প্ৰমাণ কৰি দেখুৱাব যে তেওঁ মিছা নাই কোৱা।

 খুৰাৰ বন্ধু-বান্ধৱহঁতৰ দলটোৱে এদিন মা আৰু দেউতাক এন্ধাৰ নিশা চ’ৰা ঘৰৰ বাৰাণ্ডাত নিঃশব্দে বহিবলৈ কৈ গ'ল। সেইবোৰ ঠাইত গধূলিতে এন্ধাৰ নামি আহে। খুৰাহঁতৰ দলটোৱে হাঁহি-মাতি গান গাই আহি আছিল এনেতে আমাৰ ঘৰৰ সন্মুখ পাওঁতে প্লেনমতে দলৰে কোনোবাই কেইটামান শিলগুটি দলিয়ালে। ফৰেষ্টাৰ বাবুয়ে চিঞৰ মাৰি উঠিল— ভূত ভূত। শিলগুটিৰ বৰষুণ ধাৰাসাৰে নামিবলৈ ধৰিলে। ফৰেষ্টাৰ বাবুৰ তেতিয়া মূৰ্ছা যোৱাৰ উপক্ৰম। মানুহজনৰ অৱস্থা দেখি দেউতা ওলাই গৈ তেওঁক বুজাবলৈ ধৰিলে যে ভূত বুলি পৃথিৱীত একো নাই এইবোৰ দুষ্ট ল’ৰাৰ কাম। মানুহজন ঠৰ লাগি আছিল। তেওঁক আমাৰ ঘৰলৈ আনি চাহ-পানী খুৱাই ঘৰত থৈ অহা হ’ল। নিষ্ঠুৰ খেল খেলা বাবে ল’ৰাজাকে দেউতাৰ গালি খালে।

 কথাৰ ইয়াতে অন্ত পৰা নাছিল। নিঃসন্তান ফৰেষ্টাৰ বাবুৰ বেচেৰী ঘৈণীয়েকজনীয়ে এনে এটা ভয়পাদুৰা গিৰিয়েকক অকলে এৰি থৈ মাকৰ ঘৰলৈকো যোৱা নাছিল। হঠাতে দেউতাকৰ যোৱা-থোৱা অৱস্থা শুনি চুবুৰীৰ ডেকা ল’ৰাকেইটাক মাতি অনুৰোধ কৰিলে কেইটামান দিন তেওঁলোকৰ ঘৰত থাকিবলৈ। উভতি আহি সিহঁতক মাংস-পোলাও খুওৱাৰ প্ৰতিশ্ৰুতি দি গ’ল। পৰম উৎসাহেৰে সিহঁত ৰাজী হ’ল। দলটোত আছিল আমাৰ খুৰাজনো। অঘাইতং ল’ৰাকেইটাই ৰাতি ফৰেষ্টাৰৰ ঘৰৰ চালত শিল দলিয়াবলৈ ধৰিলে। ফৰেষ্টাৰে ভয়তে কাপোৰ-কানি তিয়াবলৈ ধৰাত ল’ৰাজাকে ক’লে পিছদিনা ভূতৰ ওজাক মতা হ’ব, গতিকে চুৰিয়াখন সলাই যেন শুই থাকে। পিছদিনা সিঁহতৰ দৰেই লাঠুৱা লৰা এটাক কাপালিকৰ দৰে সজাই-মেলি ফৰেষ্টাৰৰ ঘৰলৈ লৈ আহিল। সি ক'লে ঘৰৰ পিছফালৰ হাবিত ভূত-পূজা কৰিব লাগিব৷ পিছে ভূতক ফল-মূল, বুট-মণ্ডৰে পূজা নকৰে। নৈবেদ্যত আগবঢ়াব লাগিব পঠা ছাগলীৰ মাংস আৰু পোলাও। তথাস্তু বুলি ক'লে ফৰেষ্টাৰে। তেতিয়াৰ দিনত এইবোৰ বস্তু পানীৰ দামত পোৱা গৈছিল। এদিন হাবিত এডোখৰ ঠাই চাফা কৰি ভূত-পূজাৰ ব্যৱস্থা কৰা হ’ল। ল’ৰাহঁতে জুতি লগাকৈ মাংস-পোলাও ৰান্ধিলে। ৰঙা বস্ত্ৰ পৰিধান কৰি ভূতৰ ওজাই তাণ্ডৱ নৃত্যৰ মাজেৰে ভূত পূজা কৰিলে উচ্চস্বৰে মন্ত্ৰ মাতি। গছৰ ডালত বহি থকা দুটামান ল’ৰাই ডাল ভাঙি জাননী দি ক’লে নাকী সুৰত— ‘পূজাত আমি সন্তুষ্ট হৈ গুচি গ'লো। আৰু কোনোদিনে উভতি নাহো।’ ফৰেষ্টাৰৰ মুখত হাঁহি বিৰিঙি উঠিল। ল’ৰাজাকক ক'লে যে তেওঁৰ পৰিবাৰ উভতি আহিলে ডাঙৰকৈ ভোজ খুৱাব। ল’ৰাজাকে সিদিনাও মাংস-পোলাওৰ ‘প্ৰসাদ’ দগৰি খালে।

 দহ দিনমানৰ পিছত ফৰেষ্টাৰ-পত্নী উভতি আহি সকলো কথা শুনি গিৰিয়েকক গালিত থকাসৰকা কৰিলে। মুৰ্খ এটাক বিয়া কৰাই জীৱনটো নষ্ট কৰা বাবে অনুতাপত দগ্ধ হোৱা বুলি ক'বলৈকো এৰা নাছিল। ল’ৰাহঁতৰ বিৰুদ্ধে গোচৰ দিবলৈ প্ৰথমতে তেওঁ আহিল [ ৮০ ]

ডাঙৰ খুৰা বীৰেন্দ্ৰমোহন দাস  সৰু খুৰা ডাঃ নৰেন্দ্ৰমোহন দাস, পুত্ৰ-কন্যা প্ৰদীপ
আৰু মঞ্জুৰ সৈতে
[ ৮১ ] আমাৰ মাৰ ওচৰলৈ। শুনি মা স্তম্ভিত। কেইদিনমান আগতে ইহঁতে দেউতাৰ গালি খাইছিল, তাৰ পিছত এই কাণ্ড ঘটালে। খুৰাক বুজাই কোৱা হ'ল যে গাঁৱৰ পৰা তেওঁক ইয়ালৈ অনা হৈছে পঢ়া-শুনা কৰিবলৈ, পৰিয়ালৰ নাম ডুবাবলৈ নহয়। যি কি নহওঁক, ফৰেষ্টাৰ বাবুৰ ওচৰলৈ গৈ ক্ষমা খোজোৱা হ'ল। কথাষাৰ দেউতাক মায়ে নজনালে।

 দেউতা আছিল সংস্কৃতিবান। অশালীন, অশ্লীল কথা-বতৰা কোৱাৰ বা অভদ্ৰ ব্যৱহাৰ কৰাৰ সাহস কাৰো নাছিল। এবাৰ আহিছিল দেউতাৰ সম্পৰ্কীয় ভাই নে ভতিজা এজন গাঁৱৰ পৰা পঢ়িবলৈ। তেওঁৰ মুখত ‘চালা’ শব্দটো শুনি দেউতাই তেওঁক বহী আৰু পেঞ্চিল এডাল দি এশবাৰ লিখিবলৈ কৈছিল অশ্লীল এই শব্দটো আৰু যেন কেতিয়াও উচ্চাৰণ নকৰে। বাধ্য হৈ তেওঁ লিখিলে যদিও আমাৰ ঘৰত বেছি দিন নাথাকিল। বহু বছৰ পিছত তেওঁ অনুতপ্ত হৈ হেনো কৈছিল যে নিজৰ ভুলৰ বাবে তেওঁৰ জীৱনত পঢ়া-শুনা নহ'ল। খেতি-বাতি কৰি গাঁৱতে থাকিল পৰিয়ালটো।


উৎসৱমুখৰ কোকৰাঝাৰ

শাল বননিৰ মাজত কোকৰাঝাৰ আছিল যেন এজনী ৰূপৱতী অপেশ্বৰী। উত্তৰলৈ গৰুভাসা, উল্টাপানী, হলটুগাঁৱলৈ বা ভূটান সীমান্তৰ ফালে গ’লে বাটৰ দুয়োকাষে থকা অটব্য অৰণ্যত গছে গছে জঁপিয়াই ফুৰা সোণালী বান্দৰৰ জাকবোৰ দেখিলে সিহঁতৰ লগত উমলিবলৈ মন গৈছিল। কি যে ধুনীয়া সিহঁত!

 উল্টাপানী নৈৰ স্বচ্ছ পানীত নিজৰ প্ৰতিবিম্ব দেখি অবাক হৈছিলো। ঠাইডোখৰৰ গছবোৰৰ উচ্চতাও আকাশচুম্বী। সেইবোৰ ঠাইলৈ ৰাতি আগমন ঘটিছিল হাতীৰ দলৰ। উল্টাপানী নৈৰ পাৰত থকা বন বিভাগৰ ওখ চাং বঙলাত নিঃশব্দে বহি থাকি অনেকে জোনাক নিশা হাতীৰ দলৰ উপস্থিতি উপভোগ কৰে। সিহঁতক আকৰ্ষণ কৰিবলৈ তলত ৰাখে লোণৰ বস্তা। আমেৰিকাৰ গ্ৰেণ্ড কেনিয়ন চাবলৈ গৈ মোৰ মনত পৰিছিল সৰুতে দেখা কোকৰাঝাৰৰ উত্তৰাঞ্চলৰ কথা। তাত অৱশ্যে হাতী নাই। বৰ্তমানে গছ-বন কাটি তহিলং কৰা বাবে কোকৰাঝাৰৰ উত্তৰ ভাগত আগৰ সৌন্দৰ্য, আগৰ সেই গাম্ভীৰ্য, এনেকি সোণালী বান্দৰবোৰকো বিচাৰি নেপাও। শুনিবলৈ নেপাও অটব্য অৰণ্যৰ নিজস্ব সংগীত। মন বিষাদেৰে উপচি পৰে। প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট হ’বলৈ ধৰা এইখন কোকৰাঝাৰকতো আমি নিবিচাৰো। কোনোবাই যদি পুৰণি কোকৰাঝাৰক আকৌ আনি দিলেহেঁতেন!

 এনেয়েই কোকৰাঝাৰ আছিল প্ৰাণোচ্ছল, কালীপূজা, দুৰ্গা পূজাৰ বতৰত যেন যৌৱনৰ পৰশ পাই কোকৰাঝাৰৰ উচ্ছলতা ওফন্দি উঠিছিল। চাৰিওফালে যেন আনন্দৰ নিজৰা নামি আহিছিল ধাৰাসাৰে। সেই সময়ত কলকাতা আৰু নামনি অসমৰ পৰা আহিছিল যাত্ৰাপাৰ্টিৰ দল। চীনদেশৰ চাৰ্কাচৰ দল আৰু স্থানীয় কুশান গানৰ দল। আৰু বহিছিল মেলা। মেলা বহিছিল ফাঁকুৱাৰ সময়তো। আমাৰ বালিকা কালত নাছিল ৰেডিঅ’, নাছিল চিনেমা, নাছিল আজিৰ যুগৰ ল'ৰা-ছোৱালীৰ দৰে বাহিৰা আকৰ্ষণ। গতিকে পূজাৰ সময়ছোৱাই আছিল [ ৮২ ] বহিৰ্জগতৰ সৈতে সম্পৰ্ক ৰখাৰ প্ৰধান উপায়। সৰু ল'ৰা-ছোৱালী, ঘাইকৈ ছোৱালীৰ পূজাৰ বতৰত অন্যতম আকৰ্ষণ আছিল নতুন চোলা, জোতা, চুলিত মৰা ক্লিপ, ফিটা, কাঁচৰ খাৰু, মণিৰ মালা ইত্যাদি। আমি পিছে বিশ্বযুদ্ধই চৰমসীমা পোৱাৰ আগলৈকে বৰ উচ্চমানৰ কাপোৰ-চোলা পিন্ধিছিলো। পূজাৰ কেইমাহমান আগতে বাহিৰৰ পৰা, ঘাইকৈ ঢাকা, কলকাতাৰ পৰা ফ্ৰেীৱালাসকল শাৰী, কাপোৰৰ বোজা লৈ আমাৰ ফালে আহিছিল। আনিছিল চীনা, জাপানী, বিলাতী চিল্কৰ কাপোৰ। মা-মাহীহঁত আছিল চিলাইত পাৰদৰ্শিনী। বিলাতৰ পৰা অহা কেটেলগ চাই চাই ফ্ৰকবোৰ চিলাইছিল। এওঁলোকে কেচি ব্যৱহাৰ কৰিছিল কিন্তু তেওঁলোকৰ মাকে অৰ্থাৎ আবুৱে বঠিৰে কাটি বেজী-সূতাৰে চোলা চিলাইছিল। কেচি বোধকৰো নাছিল গ্ৰামাঞ্চলত।

 চাৰ্কাচ আৰু যাত্ৰা বা কুশানগান চাবলৈ প্ৰায়ে গৈছিলো। আৰু গৈছিলো হৰেক ৰকমৰ বস্তুৰে উপচি পৰা মেলা চাবলৈ। আমাৰ দেউতাৰ বীজাণুলৈ ইমান ভয় আছিল যে বজাৰৰ মিঠাই খাই পোৱা নাছিলো। ঘৰত কেইবাজনী খীৰতী গাই আছিল৷ ডাঙৰ ডাঙৰ কেৰাহিত মায়ে প্ৰতিদিনে ৰসগোল্লা নাইবা লালমোহন নাইবা সন্দেশ বনাইছিল। নাৰিকলৰ লাৰু-পিঠাৰ লগতে কেক-বিস্কুটো ঘৰতে কৰিছিল তেওঁ। ঘৰত যিমানে নেখাও নিষিদ্ধ বস্তুৰ প্ৰতি আকৰ্ষণ বেছি। মেলাত মাখি ভেনভেনাই থকা মিঠাইবোৰ দেখি জিভাৰ পানী ৰোধ কৰা বৰ কষ্টকৰ আছিল। তাতে কিনি খোৱাও অসম্ভৱ। সৰু ঠাই, আমাক সকলোৱে চিনি পায়। দেউতাক লগায় বুলি ভয়। চেনিৰ ঘন ৰসত গুলপীয়া ৰং মিহলাই কৰা বিছনি আৰু পাচিৰ আকাৰৰ সৰু সৰু এবিধ শুকান মিঠাই পোৱা গৈছিল। এবাৰ তেনে এটা পাচি মিঠাই কিনি ফ্ৰকৰ তলত ভৰাই মাৰিছিলো ঘৰলৈ বুলি লৰ। পিছে বস্তুটো খাওঁ কেনেকৈ, ৰাখো ক’ত। ঠাই বিচাৰি বিচাৰি কোনো গুপুত ঠাই নেপাই আলমাৰিৰ পিছফালে মজিয়াতে থৈছিলো একামোৰ মাৰি। মুখত ভৰাই গা-ধোৱা ঘৰত শব্দ নোহোৱাকৈ খাইছিলো। আকৌ খাবলৈ মন গ'লে ইফালে সিফালে চাই আলমাৰিৰ পিছফালে সোমাই খাইছিলো পৰম তৃপ্তিৰে। আমাৰ বাইদেউৰ স্বভাৱ আছিল মোৰ বিপৰীত। তাই মা-দেউতাৰ কথা আখৰে আখৰে মানি চলিছিল। মোৰ কেঁচুৱা অৱস্থাত এবাৰ দেউতা বিজনী এষ্টেটৰ ৰাজধানী অভয়াপুৰীত আছিল অলপ দিনৰ বাবে। তাত অকণিহঁতৰ স্কুলত বাইদেউক ভৰ্তি কৰোৱা হৈছিল। স্কুলখন পৰিচালনা কৰিছিল তেতিয়াৰ মেনেজাৰৰ শিক্ষিতা, প্ৰগতিশীল পত্নীগৰাকীয়ে। এদিন স্কুলত পতা কিবা অনুষ্ঠানৰ পিছত অকণিহঁতক মিঠাই খুওৱা হৈছিল। সকলো ছোৱালীয়ে খাবলৈ ধৰিলে মহা আনন্দত আৰু বাইদেৱে কান্দিবলৈ ধৰিলে মহা দুখত। শিক্ষয়িত্ৰীসকল দৌৰি আহিল। কি হ’ল, তাই নকয় কোনোপধ্যেই। উপায়বিহীন হৈ চকিদাৰৰ কোলাত তাইক উঠাই দি দুগৰাকী শিক্ষয়িত্ৰী আমাৰ ঘৰলৈ আহিল। মাৰ কোলাত উঠি তাইৰ কান্দোন বন্ধ হ’ল যদিও কন্দাৰ কাৰণ নক’লে। শিক্ষয়িত্ৰীসকল উভতি যোৱাৰ পিছত ক'লে যে দোকানৰ মিঠাই খুৱাই তাইক হেনো মাৰিব খুজিছিল স্কুলৰ বাইদেউহঁতে!

 মেলাবোৰৰ বতৰতে এবাৰ মই এটা কি যে কাণ্ড ঘটাইছিলো। দিনটোত লগৰ বান্ধৱীহঁতৰ লগত মেলালৈ কেইবাবাৰো অহা-যোৱা কৰাটো আমাৰ এটা কাম আছিল। এদিন বাইদেৱে [ ৮৩ ] দুটা পইচা দিলে তাইলৈ কাঁচৰ খাৰু আনিবলৈ। তেতিয়াৰ সময়ত চাৰি পইচাত হৈছিল এক অনা আৰু ষোল্ল অনাত এটকা। সস্তীয়া দিন-কাল আছিল। দুপইচাতে ঢেৰ খাৰু পোৱা গৈছিল। মোৰ দুজনী অন্তৰংগ বান্ধৱী আছিল। হীৰা আৰু নীৰা (নাম সলাই দিয়া হৈছে)। তেওঁলোকৰ দেউতাকে পুলিচ বিভাগত চাকৰি কৰিছিল। আমি তিনিও ওলাইছিলো বাইদেউৰ খাৰু কিনিবলৈ। খাৰু পছন্দ কৰি পইচা উলিওৱাৰ সময়ত হীৰা-নীৰাই ক'লে সিহঁতে হেনো পইচা নিদিয়াকৈ বস্তু উঠাই নিয়ে। গতিকে মোকো উঠাই নিবলৈ অৰ্থাৎ চুৰ কৰিবলৈ ক'লে। ময়ো মহানন্দে Shop lifting কৰি ঘৰলৈ আহি বাইদেউক পইচা দুটাৰে সৈতে খাৰু কেইপাত বুকু ফিন্দাই দিলো। যেন বৰ ভাল কাম কৰিছো। মোৰ কাণ্ড শুনি বাইদেউৰ উশাহ ল'ব নোৱাৰা অৱস্থা। তাইৰ ভনীয়েক চোৰ! বাৰ বছৰীয়া বাইদেৱে মোক আদেশ দিলে তেতিয়াই খাৰুবোৰ ঘূৰাই দি আহিবলৈ। তাইৰ আদেশ অমান্য কৰিলে মা-দেউতাক লগাই দিব। তেতিয়া দুপৰীয়া গা-ধুই ভাত খোৱাৰ সময়। বান্ধৱীহঁতো নাই। শোকে-ভোকে বুকুখন ফাটি যোৱা যেন লাগিছিল। অথচ তাইৰ আদেশ অমান্য কৰাৰ সাহস নাই। অকলে অকলে চকুপানী মচি মেলাস্থলীলৈ গৈ মানুহজনক ক'লো যে পইচা দুটা দিবলৈ পাহৰি গৈছিলো। মানুহজনে মই অতি সৎ ছোৱালী বুলি বখানিলে। পিছে তেওঁৰ এই প্ৰশংসাই মোৰ বুকুত শেল হনা দি হানিছিল সিদিনা। মইতো সৎ নহওঁ, মই চোৰহে! সিদিনা গধুলি মেলালৈ নাইবা পূজাস্থলীলৈ আৰু নগ’লো। ঘৰতে বহি থাকিলো আমন-জিমনকৈ। ক্ষণে ক্ষণে ভয় লাগিছিল বাইদেৱে মা-দেউতাক কৈ দিয়ে বুলি। পিছে বুজিলো তাই মোক ক্ষমা কৰি দিছে।

 চুৰ আৰু কোনোদিনে কৰা নাছিলো যদিও দিন দুপৰতে ডকাইতি কৰিছিলো কিন্তু। আমাৰ প্ৰভাসমামাৰ কোকৰাঝাৰত এখন দোকান আছিল। তাত বিস্কুট, ললীপপ, লজেন্স অদি পোৱা গৈছিল। মামাৰ টকা-পইচাৰ প্ৰতি অলপো আকৰ্ষণ নাছিল। দুপৰীয়া দোকান বন্ধ কৰি ভাত খাই দোকানতে শুই থাকিছিল। তেওঁৰ সাহায্যকাৰীয়ে দোকান খুলি বস্তু-বাহানি বেচি নিজে কিছু সৰকাইছিল, কিছু মামাক দিছিল। আবেলি আমি বান্ধৱীসকলে লজেন্স, ললীপপৰ বৈয়ামবোৰ খুলি পৰমানন্দে খাইছিলো। মামা কাষতে থকা বিছনাত হয় বাগৰি থাকিছিল, নহ'লে গান গাইছিল আপোনমনেৰে। ওচৰৰ দোকানীবোৰে চিঞৰি চিঞৰি মামাক মাতি কৈছিল— অ’ মামা, আপোনাৰ দোকানত ডকাইতৰ দল। মামাৰ ভ্ৰক্ষেপ নাই, তেওঁৰ আচৰণ ‘পি পু সিঁ শো’ৰ দৰে, নহ'লে সম্ৰাট নিৰোৰ দৰে। গান- এক বাজনাৰ উপৰি মামাৰ আন এটা ভাললগা কাম আছিল মানৱসেৱা। কোনোবা এটা সময়ত তেওঁ ডিব্ৰুগড়বাসী খুৰাক শ্যাম চৌধুৰীৰ ঘৰত থাকি পঢ়িবলৈ গৈছিল। শ্যাম চৌধুৰী আছিল আইনজীৱী তথা স্বাধীনতা সংগ্ৰামী। তেওঁৰ জ্যেষ্ঠ পুত্ৰ আমাৰ মনোমামা অৰ্থাৎ মনোৰঞ্জন চৌধুৰীয়ে আমি কলেজত পঢ়াৰ সময়ত কৈছিল যে প্ৰভাসমামাই হেনো পাৰাৰ মানুহৰ বেমাৰ-আজাৰ হ’লে স্বতঃস্ফূৰ্তভাৱে গৈ ৰোগীৰ আলপৈচান ধৰিছিল। মৃতদেহ সৎকাৰতো লৈছিল আগভাগ।

 প্ৰভাসমামাই আমাক গান শিকাইছিল। গ্ৰামোফোন ৰেকৰ্ড শুনি শুনিও গান শিকিছিলো। [ ৮৪ ] পিছত আমাক গান শিকাবলৈ ফকিৰাগ্ৰামৰ পৰা এজন শিক্ষক আহিছিল। বাইদেউ, মই আৰু সৰু ভনী টুলু আছিলো তেওঁৰ ছাত্ৰী। শিকাইছিল বাংলা গান— ৰবীন্দ্ৰ সংগীত, নজৰুল সংগীত ইত্যাদি। অসমীয়া গান শিকাইছিল সৰু মাহী কোহিনুৰে... পৰ্বতৰ তলেদি ভৰা নৈ বৈ যায় সাগৰৰ সাধনা কৰি, জয় সাগৰৰ বুকুৰ মাজতে উঠে চকুলোৰে ঢল, হালি-জালি পখিলী, নাহৰ ফুলে নুশুৱায় তগৰ ফুলে শুৱাব... ইত্যাদি।

 পূজা বা গৰমৰ বন্ধত ডাঙৰ খুৰা, সৰু খুৰাৰ পৰিয়াল আহিছিল কোকৰাঝাৰলৈ। কেতিয়াবা মাহী, জেঠী, পেহীৰ পৰিয়ালো আহিছিল। তেতিয়া আমি কাজিন ভাই-ভনীবোৰে থিয়েটাৰ, ভেৰাইটি শ্বো আদি কৰিছিলো। আবুৰ কোঠাটোৰ সন্মুখৰ বহল বাৰাণ্ডাখনত মঞ্চ সজা হৈছিল। সন্মুখৰ চোতালত বহিছিল দৰ্শকসকল। নাচ, গান, আবৃত্তি, নাট্যাভিনয় আদি অনুষ্ঠিত হৈছিল। চুবুৰিৰ ল'ৰা-ছোৱালীয়েও যোগ দিছিল। এই অভ্যাসটো আমাৰ মাজত বহুদিনলৈ প্ৰচলিত আছিল। দেউতা সহকাৰী দেৱান হৈ অভয়াপুৰীলৈ অহাৰ পিছতো আমি ঘৰতে মঞ্চ সাজি অভিনয় কৰিছিলো। কালক্ৰমে আমাৰ শিল্পীজীৱনত কেনেবাকৈ গৰাখহনীয়া হ’ল। হাৰমনিয়ম ধূলিৰে ঢাক খালে। একমাত্ৰ মোৰ চতুৰ্থ ভনী খুকুই (প্ৰতিমা) বহুদিনলৈ গানৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল। তাই শিলচৰ আকাশবাণীৰ শিল্পী আছিল। ডাঙৰ খুৰাৰ জীয়ৰী গীতা বৰাই ডিব্ৰুগড়ত এতিয়াও গানৰ চৰ্চা কৰি আছে। তাই গুৱাহাটী আকাশবাণীৰ জন্মলগনত নিয়মীয়াকৈ গীত পৰিবেশন কৰিছিল।

 পূজাৰ সময়ত যাত্ৰাচাৰ্কাচ আদি চাই আহি আমি ঘৰতে বান্ধৱীহঁতৰে একেলগে যাত্ৰাত শুনা গান, নাটকৰ ডায়লগ আদি অনুকৰণ কৰিছিলো। এতিয়া ভাবিলে হাঁহি উঠে কিছুমান শব্দৰ অৰ্থ নুবুজা বাবে কাণেৰে যি শুনা যেন লাগিছিল তাকেই সুৰ লগাই গাইছিলো। যেনে— অলি ঘুমধৰে (হ’ব লাগে গুঞ্জৰে), গোপন কথা উৰহ (বিৰহ) ব্যাথা বাজিছে সবাৰ কাণে কাণে, কৈছে কথা পাণে পাণে (প্ৰাণ)। দেশী ভাষাত ঘুম ধৰাৰ অৰ্থ টোপনি ধৰা। গুঞ্জৰে, বিৰহ, প্ৰাণ আদি শব্দৰ স’তে সাত-আঠ বছৰীয়া আমিসকল চিনাকি নাছিলো।

 ৰবীন্দ্ৰ সংগীতৰ এটা কলিৰ কি বিকৃত অৰ্থ কৰিছিলো জানিলে স্বয়ং কবিগৰাকীৰ কিজানি হাঁহিত উশাহ বন্ধ হ'লহেঁতেন। কলিটো হ’ল – এসো নীপবনে ছায়াবিথি তলে, এসে কৰ স্নান নব ধাৰা জলে...। নীপ মানে যে কদম মই মুখই ডাঙৰ হোৱাৰ পিছতো জনা নাছিলো। সৰুতে ভাবিছিলো, এসোনি (নাহিবা) পবনে (বতাহত) অৰ্থাৎ বতাহৰ মাজলৈ নাহিবা বৰষুণ আহিলে পানী লাগিব পাৰে। ডাঙৰ হোৱাৰ পিছত অলপ সন্দেহ হ'ল, মই ভবা দৰে অৰ্থতো হ’ব নোৱাৰে। খা-খবৰ কৰি গম পালো আচল অৰ্থটো। আমি আকৌ নীপৰ নীটো কাটি ‘এসো’ত লগালো আৰু পটোক ‘বন’ৰ সন্মুখত!

 গোৱালপাৰাৰ (অবিভক্ত) লোক-সংস্কৃতিৰ কথা সৰ্বজনবিদিত। কোচ-ৰাজবংশী সম্প্ৰদায়ৰ মাজত প্ৰচলিত কুশানগান তথা নৃত্য মোৰ অতি প্ৰিয়। আমি সৰুতে দেখা আৰু আজি দেখাৰ মাজত অৱশ্যে ভালেখিনি পৰিবৰ্তন পৰিলক্ষিত হৈছে। নৰ্তক-নৰ্তকীৰ দল এটাই হাতত ৰুমাল একোখন লৈ ঘূৰণীয়াকৈ মঞ্চত উপবিষ্ট হৈ মন পৰশা গীত গাই গাই নাচিবলৈ ধৰে। এইদৰে নাচোতে দুখোজ আগুৱাই এখোজ পিছুৱাই আহে। এটা সময়ত [ ৮৫ ] আমিও ঘৰলৈ আহি কুশান নাচ নাচিছিলো। গাঁৱলীয়া জীৱনৰ সুখ-দুখৰ কাহিনীৰে ৰচিত কুশান গানবোৰ। যেনে— পৰকীয়া প্ৰেম কৰা বৃদ্ধস্য তৰুণী ভাৰ্যা এজনীয়ে বুঢ়াৰ হাতত মাৰ খাই বেজাৰ মনেৰে গাইছিল—

অ' মোৰ ঢেকুৱা বুঢ়াৰে
অ' মোৰ কানীয়া বুঢ়াৰে
মোক ডাঙালু (মাৰিলি) নিশা ৰাতি
কাৰ বা কথাতে...।

 কলকাতাৰ পৰা নট্ট কোম্পানী আৰু কামৰূপ জিলাৰ পৰা আহিছিল যাত্ৰা পাৰ্টি। যাত্ৰাভিনয়বোৰ অনুষ্ঠিত হৈছিল ভালেমান ৰাতি, শেষ হওঁতে হওঁতে ৰাতি প্ৰায় পুৱাই আহিছিল। এই কাৰণে আমি যাত্ৰা বৰকৈ চোৱা নাছিলো। জানিছিলো গধুলিতে অনুষ্ঠিত হোৱা চাৰ্কাচ সৰুৰ বাবে আৰু যাত্ৰা ডাঙৰৰ বাবে। আমি সৰুবোৰে ঐতিহাসিক যাত্ৰা কেতিয়াবা কেতিয়াবা চাবলৈ সুযোগ পাইছিলো। যাত্ৰাভিনয় প্ৰদৰ্শন কৰা মঞ্চখন আছিল চাৰিওফালৰ দৰ্শকে সমানে উপভোগ কৰিব পৰাকৈ মাজত। তেতিয়াৰ দিনত মাইক্ৰ'ফোন নাছিল যদিও অভিনেতাসকলে সকলোৱে শুনিব পৰাকৈ সংলাপ প্ৰক্ষেপ কৰিছিল। হেছাক লাইট জ্বলাই কৰিছিল পোহৰৰ ব্যৱস্থা। পুৰুষ অভিনেতাসকলেই মহিলা সাজিছিল। যাত্ৰাদলৰ ৰজা সেনাপতিসকলে জকমকীয়া সাজ পিন্ধি তৰোৱাল-যুদ্ধ কৰা দৃশ্যবোৰ আমি উপভোগ কৰিয়ে ক্ষান্ত নাছিলো, বাঁহৰ কামি হাতত লৈ তৰোৱাল-যুদ্ধ খেলিবলৈও চেষ্টা কৰিছিলো ঘৰত।


মা-দেউতাৰ মৰমৰ বান্ধোনত

বহুতৰে ঘৰত এতিয়াও দেখো জীয়েকহঁতক ৰন্ধা-বঢ়া আদি ঘৰুৱা কাম শিকায়। মুঠতে বিয়াৰ পিছৰ জীৱনটোৰ বাবে সিহঁতক মাকৰ ঘৰতে ট্ৰেইনিং দিয়া হয়। বিশেষকৈ মাকগৰাকীয়ে এই বিষয়ত আগভাগ লয়। কিন্তু আমাৰ মায়ে আমাক পঢ়া-শুনা কৰিবলৈহে উদ্‌গনি দিছিল। তেওঁৰ মতে কুমলীয়া বয়সতে বিদ্যাৰ্জন কৰিব নোৱাৰিলে পাছত মগজু ভোতা হয়। ঘৰৰ কাম আৰু ৰন্ধা বঢ়া কৰিবলৈ মগজুৰ প্ৰয়োজন নহয়। গতিকে প্ৰয়োজন হ’লে এই বিদ্যা সহজতে আয়ত্ত কৰিব পাৰিব। চিলাই, ঊণগোঠা আদি অৱশ্যে শিকাইছিল। মুঠতে ৰান্ধনি ঘৰত সোমাব নেলাগিছিল। হয়তো সেই কাৰণেই ৰন্ধা-বঢ়া কৰো যদিও আৰু মানুহে খাই বখানে যদিও এই কামটো কৰিবলৈ মই কোনোদিনে ভাল নেপালো। যিকোনো কাম ম‍ই মনপুতি কৰো বাবেই হয়তো মই ৰন্ধা আঞ্জাপাতি খাবলৈ বেয়া নহয়।

 ভ্ৰমণো শিক্ষাৰ এটা প্ৰয়োজনীয় দিশ বুলি দেউতাই বিশ্বাস কৰিছিল। সেয়ে তেওঁৰ সাধ্যমতে আমাক অসমৰ ভিতৰত আৰু অসমৰ বাহিৰলৈকো ফুৰাবলৈ লৈ গৈছিল। তেওঁৰ এই আঁচনিখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাত দ্বিতীয় বিশ্বযুদ্ধ হেঙাৰ হিচাপে থিয় দিছিল। আজি ক’ৰবালৈ যাবলগীয়া হলে কেইবামাহ আগতে ৰে'লৰ টিকট কিনিব লাগে, দিনে দিনে [ ৮৬ ] ৰে'ল গাড়ীৰ সংখ্যা বাঢ়ি যোৱা সত্ত্বেও। আনকি বিমানৰ টিকটো আগধৰি কিনি থ’ব লাগে। জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ মাজত যাতায়াতো বাঢ়িছে। ষাঠি-পয়ষষ্ঠি বছৰ আগতে আমাৰ ছোৱালীকালত মন গ'লেই টোপোলা-টুপলি বান্ধি ষ্টেচনলৈ যাব পাৰিছিলো। তেতিয়াৰ দিনত ৰে'লত প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ বাহিৰেও ইণ্টাৰ নামৰ এটা শ্ৰেণী আছিল। প্ৰথম শ্ৰেণীত ভাৰতীয়ৰ প্ৰৱেশ নিষিদ্ধ আছিল বুলিয়ে ক’ব পাৰি। দ্বিতীয় শ্ৰেণীত ভ্ৰমণ কৰিছিল অৱস্থাপন্ন ভাৰতীয়সকলে, ইণ্টাৰ শ্ৰেণী মধ্যবিত্তৰ আৰু তৃতীয় শ্ৰেণীৰ যাত্ৰী সৰ্বসাধাৰণ ৰাইজ। এবাৰ ছাৰ আশুতোষ মুখাৰ্জি নিজৰ পদমৰ্যাদাৰ জোৰতে হওক বা অৰ্থৰ জোৰতে হওক প্ৰথম শ্ৰেণীৰ ডবাত উঠি ক’ৰবালৈ গৈ আছিল। তেওঁৰ সহযাত্ৰীজন আছিল বগা চাহাব। ক’লা মানুহজনৰ স্পৰ্ধা দেখি চাহাবৰ তেজৰ চাপ উৰ্ধমুখী হ’ল। খঙত একো নাই হৈ ডবাতে হিংস্ৰ জন্তুৰ দৰে ইফালৰ পৰা সিফাললৈ পায়চাৰি কৰিবলৈ ধৰিলে— যেন সুযোগ পালেই ক'লাজনৰ ওপৰত জঁপিয়াই পৰিব। ছাৰ আশুতোষে চাহাবৰ মানসিক অৱস্থা ঠাৱৰ কৰিব পাৰি ঘটনাটো উপভোগ কৰি আছিল নিঃশব্দে। এটা সময়ত তেওঁ টোপনি গ'ল। সাৰ পাই দেখিলে তেওঁৰ জোতাযোৰ নাই। তৎক্ষণাতে বুজি পালে সেয়া যে চাহাবৰ কাণ্ড। তেওঁ কোনো প্ৰতিক্ৰিয়া প্ৰদৰ্শন নকৰি আকৌ শুই থাকিল। এটা সময়ত চাহাব টয়লেটলৈ যোৱাৰ সুযোগ লৈ ছাৰ আশুতোষে চাহাবৰ কোটটো খিৰিকীৰে দলিয়াই দি আকৌ চকু মুদি থাকিল। টয়লেটৰ পৰা ওলাই কোটটো নেদেখি চাহাব খঙতে অগ্নিশৰ্মা হৈ আশুতোষৰ গাত ঢকা মাৰি সুধিলে— ‘কোটটো ক’ত?’ অলপো উত্তেজিত নহৈ তেওঁ ক'লে— ‘তোমাৰ কোটটোৱে মোৰ জোতাযোৰ আনিবলৈ গৈছে।’

 আজিৰ দৰে ৰে'লৰ ডবাত তেতিয়া ভিৰ মুঠেই নাছিল। ৰিজাৰ্ভেশ্যন নোহোৱাকৈয়ে বহা-শোৱা এনেকি লগত লৈ যোৱা প্ৰাইমা ষ্টোভত ভাত-দাইল ৰান্ধিও খাব পৰা গৈছিল। কাঠ কয়লা সহিতে ইকমিক কুকাৰ, কেৰাহি, হেতা-খন্তি, চাউল-দাইল, আলু-পিঁয়াজ, তেল-হালধি-নিমখ লৈ বৰাক উপত্যকাত চাকৰি সূত্ৰে থকা আমাৰ ডাঙৰ খুৰাৰ ঘৰলৈ যোৱাৰ কথা মনত আছে। লগত গৈছিল ৰান্ধনি খগেনদা৷ তেতিয়াৰ দিনতো ষ্টেচনে ষ্টেচনে ‘চায়, গ্ৰম গ্ৰম চায়’, বুট ভাজি, মুৰি আদি পোৱা গৈছিল। পিছে য’ৰে ত’ৰে বস্তু খোৱা আমাৰ বাবে আছিল নিষিদ্ধ। ৰে’লত উঠি কু ঝিক ঝিক কৰি যাবলৈ সেই বাল্যকালত কিমান যে আনন্দ লভিছিলো। আনকি ৰে'লত ৰন্ধা দাইল-ভাত টিফিন কেৰিয়াৰৰ বাটিত খাই অমৃত খোৱা যেন লাগিছিল। তাতে খগেনদাই গান গাই গাই আমাৰ আনন্দ দুগুণে চৰাইছিল। গানটো আছিল এনেধৰণৰ — গাড়ী আমাৰ বাড়ী (ঘৰ), টিফিন কেৰিয়াৰ আমাৰ হাড়ী। তেওঁৰ লগত সুৰ মিলাই আমিও গাইছিলো। বৰাক উপত্যকালৈ ৰে’ল ভ্ৰমণ অতি উপভোগ্য, কেউফালৰ প্ৰাকৃতিক পৰিবেশ উপভোগ কৰাৰ উপৰি এইটো লাইনত ছয়ত্ৰিশটা (বোধকৰো) সুৰংগৰ মাজেৰে সোমাই যোৱাৰ অভিজ্ঞতা আৰু আনন্দ লাভ কৰিব পাৰি। বহু বছৰ পিছত বাছেৰে শ্ৰীনগৰলৈ যাওঁতে সুদীৰ্ঘ বানিহাল সুৰংগৰ মাজেৰে গৈছিলো, তাৰ পিছতো নিউয়ৰ্কৰ পৰা ৱাশ্বিংটনলৈ যাওঁতে পানীৰ তলেদি সুৰংগ পথেৰে গৈছিলো। কিন্তু প্ৰথমবাৰ [ ৮৭ ] সুৰংগৰ মাজেদি যোৱাৰ উত্তেজনা নাছিল।

 এবাৰ গৈছিলো কলকাতালৈ, ব্ৰিটিছৰ যুগৰ কলকাতা। কি জাকজমক। কি পৰিস্কাৰ পৰিচ্ছন্ন। কি সুন্দৰ সুন্দৰ অট্টালিকা, দোকান-বজাৰ চৌৰংগী আৰু ডেলহাউছী স্কোৱেৰত। হোটেলৰ পৰা দেখিছিলো আলিবাটবোৰ প্ৰতিদিনে পুৱা পানীৰে ধোৱা। গৈছিলো কোকৰাঝাৰৰ পৰা, নাদৰ ভেকুলী সাগৰত পৰা যেন লাগিছিল। ফাৰপো নামৰ কেক-পেষ্ট্ৰিৰ দোকান এখনত সোমাই উশাহ ল'বলৈ পাহৰি গৈছিলো। বিক্ৰেতাসকল আছিল চাহাব আৰু হৰেক ৰকমৰ খাদ্য সামগ্ৰী দেখি মোৰ মূৰ ঘূৰাই যোৱাৰ অৱস্থা। অতি চাফচিকুণ বাবেই হ’বলা সেইখন দোকানৰ কেক-বিস্কুট খোৱাত বাধা নাছিল আমাৰ। আজিৰ ফাৰপোত সেই আভিজাত্য নাই। এদিন দেউতাই লৈ গ'ল এটা আইচক্ৰীম পাৰ্লাৰলৈ। চৌৰংগীত। মায়াবী নীলা পোহৰে আৱৰি ৰখা পাৰ্লাৰটোত কোনোবা সপোনপুৰীত সোমোৱাৰ অনুভূতি হৈছিল। ইয়াৰ আগতে আইচক্ৰীম নামৰ বস্তুটো খোৱা দূৰৈৰ কথা, নামেই শুনা নাছিলো। দীঘলীয়া গিলাচ একোটাত পৰিবেশন কৰিছিল অতি উপাদেয় নানাৰঙী আইচক্ৰীম। জীৱন সাৰ্থক হোৱা যেন লাগিছিল।

 আমি কৰবালৈ যোৱাৰ আগতে দেউতাই সেই ঠাইখনৰ অৱস্থিতি, কেনেকৈ, কোন কোন ঠাইৰ মাজেৰে যাব লাগে মেপত দেখুৱাইহে আগবাঢ়িছিল। ঠাইখন গৈ পোৱাৰ পিছতো কোন বাটেৰে গৈ আছো, কেনেকৈ হোটেললৈ উভতিম ইত্যাদি নানা বিষয়ে শিক্ষা দিয়ে। নতুন ঠাইত দিকদৰ্শন কৰাবলৈ সৰু কম্পাচ এটা আমাৰ হাতত দিছিল। আমাকেই নহয়, মা আৰু আমাৰ লগত খুৰা, মামা যিয়ে গৈছিল তেওঁলোককো শিকাইছিল। আমি সৰু সৰুবিলাকক হোটেল পোৱাৰ অলপ আগতে বাট দেখুৱাই লৈ যাবলৈ কৈছিল। আজিও ক’ৰবালৈ গ'লে মই কাল্পনিক মেপ এখন চকুৰ আগত মেলি লৈহে যাওঁ। সমুদ্ৰ দৰ্শনৰ বাবে পুৰীলৈ যাওঁতে আমাক টোপনিৰ পৰা জগাই মহানদীখন দেখুৱাইছিল।

 মাৰ মামাহঁতৰ ঘৰ বৰটাৰীলৈ যাবলৈ আটাইতকৈ ভাল পাইছিলো। সেইখনো আছিল আমাৰ বাবে এক আশ্চৰ্যজগত। কোকৰাঝাৰৰ পৰা ৰে’লত উঠি সৰুপেটাত নামিছিলোগৈ। কেইমাইলমান আঁতৰত বৰটাৰীলৈ আমাক লৈ যাবলৈ ষ্টেচনলৈ আতাহঁতে হাতী আৰু ছৈ দিয়া গৰুৰ গাড়ী পঠাইছিল। মোৰ পছন্দ আছিল দ্বিতীয়বিধ যান, কাৰণ হাতীত প্ৰায়ে উঠো, গৰুৰ গাড়ী আছিল ৰোমাঞ্চকৰ। গাৰোৱানে গৰু দুটাৰ নেজ দুডাল পকাই টপ গিয়েৰত গাড়ীখন চলোৱা বৰ উপভোগ কৰিছিলো।

 আতাহঁতৰ ঘৰলৈ প্ৰথমবাৰ গৈ অবাক দৃষ্টিৰে চাৰিওফালে চাইছিলো। যেন ‘অনিমা in wonderland’। চাৰিগৰাকী আতাৰ ল'ৰা-ছোৱালীৰে সৈতে ডাঙৰ সংসাৰখনত সকলো বস্তুৰে উভৈনদী। হাতী কেইবাটাও, পোৱালীবোৰে শুঁৰ দাঙি দাঙি চোতালখনত খেলি থকা ল’ৰাহঁতৰ ফালে আহিলে সিহঁতে কল-ছল আদি খুৱাই দিয়া দৃশ্য ৰ লাগি চাইছিলো। কেৱল হাতী দেখিয়ে নে? হাঁহৰ গড়ালৰ আগত থিয় হৈ ভাবিছিলো কণীবোৰ বজাৰৰ পৰা আনি থৈছে হ’বলা। পিছে ঘৰতে পোহা অসংখ্য হাঁহৰ অসংখ্য কণী সেইবোৰ। কণীবোৰ দীঘলীয়া হেতা এখনৰ দৰে বস্তু এটাৰে গড়ালৰ পৰা টানি টানি আনোতে বহু কণী ভাঙি যায়। তালৈ [ ৮৮ ] কোনেও কেৰেপ নকৰে। আমি গৈছিলো মোহিনী মাহীৰ বিয়ালৈ। কি আয়োজন! মোৰ সৰু সৰু চকু দুটা বিস্ফাৰিত হৈ পিংপং বলৰ দৰে হৈছিল আহল বহল কোঠা এটাত যেতিয়া দেখিছিলো দৈৰ টেকেলিবোৰ। নিজৰে বাথান আছে, গতিকে গাখীৰৰ অভাৱ নাই। বিৰাট বিৰাট ঢৌত কোমল চাউল আৰু গুৰৰ টেকেলিবোৰেও মোক কম আচৰিত কৰা নাছিল। মৌজাদাৰৰ জীয়েকৰ বিয়া, মৌজাবাসী সকলোৱে নিমন্ত্ৰিত। মাই কৈছিল তেওঁৰ আতা পুষ্পৰাম চৌধুৰীৰ আমোলত কোমল চাউল তিওৱা হৈছিল ডিঙা নাৱত (canoe)। সেই মোহিনী মাহীৰে বৰপুত্ৰ গুৱাহাটীৰ বিশিষ্ট আইনজীৱী সত্যেন ডেকা।

 মাহীৰ বিয়াত এটা মজাৰ ঘটনা ঘটিছিল। আত্মীয় স্বজনেৰে ভৰা ঘৰখনৰ উখল-মাখল পৰিবেশত কোনোবাই মেতৰ মেৰ বুলি কাৰোবাক মতা শুনি ডিব্ৰুগড়বাসী ডাঃ বল্লভ বৰুৱা মহাই মানুহজনক ধমকি মাৰি কৈছিল যে মেত্ৰক মেৰ বুলি মতাটো অভদ্ৰতা। মহাৰ কথা শুনি সকলোৱে হাঁহিবলৈ ধৰিলে। মেতৰ কাম কৰা ল'ৰা এটাৰ নাম, আচল মেতৰ নহয়। তেতিয়াও মহাৰ খং। নামটো কিনিবলৈ পইচা নালাগে যেতিয়া এনে নাম কোনোবাই ৰাখেনে? ৰখাৰ কাৰণটোও মজাৰ। মেৰৰ মাকৰ ল'ৰা-ছোৱালী হেনো নাবাচে। যমৰ দৃষ্টি আকৰ্ষণ কৰে ভাল ভাল নামৰ মানুহে। মেৰ নামটোৱে যমৰ মনত ঘৃণাৰ ভাব ওপজালে তালৈ ঘূৰিও নেচাব। যি কি নহওক, মাকৰ ধাৰণা নামটোৰ বাবেই বাছাক হেৰুৱাব লগা হোৱা নাই।

 তাৰ পিছত এদিন মোক এজনে ক'লে, ‘কলাক গেৰি মাৰচোন মাই।’ বাক্যটোৰ অৰ্থ বুজি নেপাই চিন্তাত পৰিলো। দৌৰি গৈ মোৰ সমবয়সী বুলু মাহীক ফুচফুচাই মোৰ সমস্যাৰ কথা কোৱাত গ'ম পালো ‘গেৰি মৰা' মানে চিঞৰি মতা আৰু কলা হ’ল এজন আত্মীয়ৰ নাম। গাৰ বৰণ ক’লা বাবে তেওঁৰ নাম হ'লগৈ কলা। বুলু মাহীৰ লগত মই তেওঁলোকৰ বিৰাট চৌহদটোত টিঘিল ঘিলাই ঘূৰি ঘূৰি আগতে নেদেখা চৰাই-চিৰিকতি, গছ-বন আদিৰ সন্ধান পাইছিলো। মাৰ সৰু মামা হাতী চিকাৰী ভবানন্দ আতাৰ বৰজীয়ৰী বুলু মাহীৰ অন্তঃকৰণখন আছিল বৰ বহল। মানুহক বৰ আদৰ-সাদৰ কৰিব জানিছিল৷ গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ মুনীন্দ্ৰ মোহন ডেকা মোৰ বান্ধৱীসম বুলু মাহীৰ ডাঙৰ জোঁৱাই।

 উৎসৱ আদি নথকা সময়তো বৰটাৰীৰ ঘৰখন আমাৰ বাবে আকৰ্ষণীয় আছিল। হঠাতে হয়তো লেতুক মামাই সুধিলে মাংস খাবৰ মন গৈছে নেকি। হাঁ বুলি কোৱাৰ লগে লগে বন্দুকটো উলিয়াই হাতীত উঠি ৰাওনা হ’ল আৰু অলপ সময়ৰ পিছতে চোতালত নমালে এটা পহু। ৰান্ধনী ঘৰত বহি আবুহঁতে ৰন্ধা-বঢ়া কৰি থকা চায়ো হৈছিলো অবাক। বিৰাট বিৰাট হাড়ী-কোহিত ৰঙা মেখেলা-চাদৰ পিন্ধি কিমান মানুহৰ ভাত ৰান্ধিছিল নেজানো। আমাৰ ঘৰতো খাওতা অনেক আছিল, আমাৰো ৰন্ধন পাত্ৰ আছিল ডাঙৰ ডাঙৰ। কিন্তু তেওঁলোকৰবোৰ আছিল জাম্বো আকাৰৰ। চেনিৰ সলনি তেওঁলোকে ব্যৱহাৰ কৰিছিল বিশুদ্ধ মৌ। নিজৰ কাঠনি-বননিত বাহ বান্ধিছিল অজস্ৰ মৌমাখিয়ে। আতাহঁতৰ নিৰোগ আৰু সৱল দেহবোৰৰ বিশুদ্ধ আহাৰেই ঘাই কাৰণ। আতা-আবু বুলি কৈ আছো যদিও তেওঁলোক কিন্তু সিমান বয়সীয়া নাছিল, বিশেষকৈ ভবানন্দ আতা।

[ ৮৯ ]

কমলাবাইৰ বিয়া

কমলাবাই আছিল ৰূপনাথ ব্ৰহ্ম আৰু দময়ন্তী ব্ৰহ্মৰ প্ৰথম সন্তান। তেওঁলোকৰ ঘৰখন তেতিয়াৰ দিনতো প্ৰগতিশীল আছিল। দময়ন্তী ব্ৰহ্ম আৰু দক্ষেশ্বৰী ব্ৰহ্ম দুয়ো বড়ো সমাজত ব্ৰহ্মধৰ্মৰ প্ৰৱৰ্তক গুৰুদেৱ কালীচৰণ ব্ৰহ্মই প্ৰতিষ্ঠা কৰা টিপকাই স্কুলৰ ছাত্ৰী। তেওঁলোক দুয়ো সেইখন স্কুলৰ পৰা এম ই পাছ কৰিছিল। গুৱাহাটীৰ ইন্দুমতী কছাৰীৰ পিছতেই দময়ন্তী ব্ৰহ্ম বড়ো সমাজত এম ই পাছ কৰা দ্বিতীয়গৰাকী মহিলা।

 যি কি নহওঁক, এদিন মাহঁতৰ মুখে শুনিছিলো কমলাবাইৰ বিয়া। মোৰ সাত-আঠ বছৰ বয়স। আমাৰ বিৰাট স্ফূৰ্তি। মন্ত্ৰীৰ জীয়েকৰ বিয়া, নিশ্চয় বৰ আমোদ হ’ব। বিয়াখন তেওঁলোকৰ নিজাগাঁও বাশবাৰীত হৈছিল। ডিব্ৰুগড় নিবাসী দৰা ভীমবৰ দেউৰীয়ে বাহৰ পাতিছিল কোকৰাঝাৰত। তাৰে পৰা বাশবাৰীলৈকে তিনি মাইল পথত বান্ধিছিল অসংখ্য তোৰণ। মিঠাই অনোৱাইছিল কলকাতাৰ পৰা। বেণ্ডপাৰ্টি আৰু ঢুলীয়াৰ দল আহিছিল গেন্দ্ৰাবিলৰ পৰা। ৰূপনাথ ব্ৰহ্ম খুৰাই দেউতাক দাদা বুলি মাতিছিল আৰু বৰ সন্মান কৰিছিল। তেওঁ আমাক বিয়া ঘৰলৈ লৈ যাবলৈ গাড়ী পঠাই দিছিল। বগা ধকধকীয়া টেবুলক্লথেৰে ঢকা দীঘল দীঘল টেবুলত নানা ধৰণৰ খাদ্য পৰিবেশন কৰিছিল উৰ্দি পিন্ধা বাটলাৰে। বেণ্ডৰ বাজনা আৰু ঢুলীয়াৰ ঢোলৰ কোবত বাশবাৰীৰ পৰিবেশত তেতিয়া আনন্দৰ জোঁৱাৰ উঠিছিল। ইমান আনন্দ আৰু উখল-মাখলৰ মাজত হুপিং কাঁহত ভুগি থকা বাবে মই সকলো ধৰণৰ সুখাদ্যৰ পৰা বঞ্চিত হৈ এচুকত বহি থাকিবলগীয়া হৈছিলো। কমলাবাইৰ বিয়াত খাব নোৱাৰাৰ দুখে আজিও মোক ব্যথিত কৰে।

 সাত-আঠ বছৰীয়া মই, তেতিয়া বুজি পোৱা নাছিলো কাৰ লগত বিয়া হ’ল, ক’লৈ যাব তেওঁ। মাত্ৰ জানিছিলো বহু দূৰলৈ যাব। পিছে ডাঙৰ হোৱাৰ পিছতহে বুজি পালো যে ১৯৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত ব্ৰহ্মধৰ্মমতে অনুষ্ঠিত কমলাবাই-ভীমবৰ দেউৰীৰ বিয়াখন আছিল এক ঐতিহাসিক বিয়া। বিভিন্ন জনজাতিৰ মাজত ঐক্য আৰু সম্প্ৰীতি স্থাপনৰ মহান উদ্দেশ্য সন্মুখত ৰাখি ৰূপনাথ খুৰাই তেওঁৰ জীয়েকক বড়ো সমাজৰ বাহিৰত বিয়া দিছিল। ইয়াৰ আগতে বিভিন্ন ট্ৰাইবেল গোষ্ঠীৰ মাজত আন্তঃবিবাহ অনুষ্ঠিত হোৱা নাছিল। বিয়া সাধাৰণতে নহৈছিল উজনি আৰু নামনিৰ মাজতো। সমন্বয়ৰ সেতু বন্ধনকাৰী এই বিয়াখনত উপস্থিত আছিলো বাবে মই গৌৰৱ অনুভৱ কৰো। ইয়াৰ পিছত খুৰাৰ দ্বিতীয় কন্যা দয়াৱতীবাইৰ বিয়া হৈছিল বন্ধুৰাম কছাৰীৰ স’তে। সেইখন বিয়াতো উপস্থিত আছিলো। ১৯৪৭ চনত অকালতে দেহাৱসান ঘটে ভীমবৰ দেউৰীৰ। বহু বছৰ অদৰ্শনৰ পিছত গুৱাহাটীত কমলাবাইক লগ পাইছিলো তেওঁৰ সুযোগ্য পুত্ৰ ইন্দিবৰ দেউৰীৰ ঘৰত। পুত্ৰৰ ঘৰতে ২৯ নৱেম্বৰ ২০০৬ চনত বায়ে ইহলীলা সম্বৰণ কৰে।


আনন্দ আৰু বিষাদ :

১৯৪২ চনৰ জন্মাষ্টমীৰ দিনা আমি চাৰিজনী বাই-ভনীৰ পিছত এটা ভাইটিৰ জন্ম হয়। [ ৯০ ] বান্ধৱীসকলৰ আটাইৰে ভাইটি আছিল, আমাৰ নথকা বাবে অলপ মনোকষ্ট নোপোৱা নহয়। গতিকে আমাৰো মহাস্ফূৰ্তি। দেউতা-মায়ো, বিশেষকৈ মাই নিশ্চয় পৰম সন্তোষ লাভ কৰিছিল। কিন্তু তেওঁলোকে মনৰ ভাব কেতিয়াও প্ৰকাশ কৰা নাছিল। তদুপৰি তাৰ প্ৰতি কোনো পক্ষপাতিত্বও নাছিল তেওঁলোকৰ। হাকামাৰ প্ৰসিদ্ধ শাস্ত্ৰজ্ঞ পণ্ডিত দুৰ্গা কিংকৰ শাস্ত্ৰীদেৱে আমাৰ সকলোৰে কোষ্ঠীবোৰ ৰচনা কৰিছিল। তেওঁৰ কথামতে ভাইটিৰ নাম দিয়া হ'ল বিশ্বেন্দ্ৰ নাইবা সৌৰীন্দ্ৰ, আমি মাতিছিলো বাবলু বুলি। আবু যমুনা সুন্দৰীয়ে তাৰ জন্মৰ আগতে ইহলীলা সম্বৰণ কৰা হেতুকে নাতিৰ মুখ চাই যাব নোৱাৰিলে।

 আজি কোকৰাঝাৰৰ পৰা চাপৰলৈ দিনটোত কেইবাবাৰো অহা-যোৱা কৰিব পাৰি, কিন্তু আমাৰ বাল্যকালত ই আছিল সপোন। চাইকেল, গৰুগাড়ী আৰু পদযুগলেই আছিল যাতায়াতৰ একমাত্ৰ বাহন। গতিকে আমি আবুৰ মাকৰ ঘৰলৈ যাব পৰা নাছিলো। বাবলুৰ ডেৰ বছৰমান বয়সত চাপৰৰ প্ৰথম গ্ৰেজুৱেট তীৰ্থলোচন দাস জেঠাই এখন মটৰ গাড়ী কিনিছিল। বাট-পথৰো উন্নতি ঘটিছিল বিশ্বযুদ্ধৰ সময়ত। গতিকে চাপৰত দেউতাৰ মোমায়েকৰ পুতেক মাখন খুৰাৰ বিয়ালৈ যাবলৈ আমি বৰকৈ ইচ্ছা প্ৰকাশ কৰাত জেঠাৰ গাড়ীখনেৰে সপৰিয়ালে তালৈ ৰাওনা হৈছিলো। ইমান সৰু ল’ৰাটোক লৈ গাঁৱলৈ যোৱাৰ আগ্ৰহ দেউতাৰ বৰ বেছি নাছিল। আজি চাপৰত চিকিৎসকৰ অভাৱ নাই, কিন্তু সেই সময়ত ডাক্তৰী চিকিৎসাৰ অলপো সুবিধা নথকা বাবেই দেউতাই যাবলৈ ইতস্ততঃ কৰিছিল। আবুৰ মুখত চাপৰৰ ইমান কাহিনী শুনিছিলো যে সেইখন ঠাইৰ প্ৰতি আমাৰ আছিল তীব্ৰ আকৰ্ষণ। ধীৰবিলৰ মাছ, কছাৰী ম'হৰ ‘কুঠাৰে কটা’ উৎকৃষ্ট দৈ, আম-কঠাল, জামু আৰু ক’ত যে কি আকৰ্ষণ! তেওঁ কৈছিল শাল আৰু কঠাল গছৰ কাঠেৰে সজা চুঙাত দৈ পতা হৈছিল। সেই দৈ ইমানে খমখমীয়া যে কাটিবলৈ প্ৰয়োজন হৈছিল কুঠাৰৰ। এতিয়া কুঠাৰ নালাগে হেতাৰেই তুলিব পাৰি। চৰ-চাপৰিবোৰত জনবসতি বঢ়া বাবে মইবোৰ নলখাগৰি খোৱাৰ পৰা বঞ্চিত হৈছে। ম'হৰ খুঁটিবোৰো সেয়েহে নোহোৱা হৈছে।

 খুৰাৰ বিয়া হৈ যোৱাৰ পিছত আমাৰ মূৰত যেন বজ্ৰাঘাত হ’ল। বাবলু আক্ৰান্ত হ’ল তেজ হাগনি ৰোগত। চিকিৎসক নাই, নাই চিকিৎসালয়। জেঠাহঁতৰ গাড়ীখন ধুবুৰীলৈ গৈছিল দেউতাৰ বন্ধু তেতিয়াৰ চিভিল চাৰ্জেনগৰাকীক আনিবলৈ। পিছে তেওঁ আহি পোৱাত পলম হ’ল। চম্পা নৈৰ বালিত কণমাণি বাবলুক অকলশৰীয়াকৈ এৰি থৈ আমি কোকৰাঝাৰলৈ উভতি আহিছিলো। আজিও চম্পানৈৰ দলঙৰ ওপৰেদি অহা-যোৱা কৰোতে বাবলুক বিচাৰো, অশ্ৰুসিক্ত হৈ উঠে দুচকু।

 বাবলুৰ বিয়োগে কেৱল আমাকে নহয়, কন্দুৱাইছিল আত্মীয়-অনাত্মীয় বহুতকে। কোকৰাঝাৰৰ ঘৰত সহানুভূতি জনাবলৈ আহিছিল শোকত ম্ৰিয়মান বহু মানুহ, চিঠি-পত্ৰ আহিছিল অসংখ্য। তাৰে মাজত এদিন এগৰাকী মহিলাই দেউতাক ক'লে— ‘কণা যমটোৱে ল’ৰাটোকহে দেখা পালে, এজনী ছোৱালীকেচোন নিব পাৰিলেহেঁতেন।’ দেউতাৰ চকুত ল’ৰা-ছোৱালী দুয়ো সমান। দেউতাই মানুহগৰাকীক সুধিছিল বাবলুৰ সলনি কোনজনীক [ ৯১ ] নিলে ভাল আছিল। মহিলাগৰাকীয়ে থতমত খাই নিৰ্বাক হৈ বহি থাকিল। তেতিয়া দেউতাই ব্যাখ্যা কৰি তেওঁক বুজাই দিলে যে ল'ৰা-ছোৱালীৰ মাজত পিতৃ-মাতৃয়ে বৈষম্য ৰাখিব নালাগে। তদুপৰি শাস্ত্ৰত কয় দশ পুত্ৰ সম কন্যা, এজনী কন্যা সন্তানৰ মূল্য দহজন পুত্ৰৰ সমান। এই ঘটনাৰ কেইবাবছৰ পিছত মাৰ কোলালৈ আহিছিল নুমলীয়া ভণ্টী ৰীতা।


বিদায় কোকৰাঝাৰ

১৯৪৫ চনত আমাৰ ডাঙৰ খুৰাদেউ বীৰেন্দ্ৰ মোহন দাস ধুবুৰীৰ পৰা বদলি হৈ যোৰহাটলৈ সপৰিয়ালে যাওতে মোকো লৈ গ'ল৷ লৈ যোৱাৰ উদ্দেশ্য যোৰহাটৰ স্কুলত পঢ়োৱা। কোকৰাঝাৰ ল’ৰা হাইস্কুলত সপ্তম আৰু অষ্টম দুটা শ্ৰেণী পঢ়াৰ পিছত যোৰহাট ছোৱালী হাইস্কুলত নাম লগাইছিলো নৱম শ্ৰেণীত।

 সিবাৰেই আছিল মোৰ প্ৰথম উজনি অসম দৰ্শন। এখন নতুন পৃথিৱী দেখা যেন লাগিছিল। তেতিয়াৰ দিনত ঘৰ ভাড়া পোৱা কিমান যে উজু আছিল তাকেই ভাবিছো। খুৰাৰ বাবে ভোগদৈ নৈৰ ওচৰত ঘৰ এটা ভাড়া কৰি থোৱা আছিল। আমি টোপোলা-টাপলি লৈ ঘৰটোত সোমাই নিৰাশ হ'লো ঘাইকৈ মজিয়াখন মাটিৰ হোৱা বাবে। তদুপৰি পৰিবেশো আছিল হতাশাজনক। নিৰানন্দময়। সেইদিনাই খুৰাৰ অফিচৰ মানুহে ভাল এটা এলেকাত ৰ’দ-বতাহ সোমাব পৰা ঘৰ এটা ঠিক কৰি দিয়াত আবেলি আমি তালৈ গ'লো। নতুন মানুহ অহা দেখি চুবুৰীটোৰ এঘৰ মুছলমান মানুহ আহিছিল আমাক সহায়ৰ হাত আগবঢ়াবলৈ। নতুন ঠাইত নতুন পৰিবেশত সিদিনা মানুহঘৰক পাই আমি সঁচাকৈয়ে উপকৃত হৈছিলো। অলপ সময়ৰ ভিতৰতে তেওঁলোকৰ জীয়ৰী মাণিকজানৰ সৈতে মোৰ আৰু খুৰাৰ ছোৱালী গীতাবাৰ বন্ধুত্ব হ’ল। মাণিকজান আমাতকৈ এক-দুই শ্ৰেণী ওপৰত পঢ়িছিল। দেখাত ধুনীয়া ছোৱালীজনীয়ে গানো গায়। গীতাবাইতো এতিয়াও গায়, ময়ো তেতিয়া গাইছিলো। মুঠতে গধুলি আমি সকলোৱে গানৰ আসৰ বহুৱাইছিলো। মনত আছে মাণিকজানে গোৱা গানটো— ইয়ে চাঁদ ছুপ না জা না...’।

 এই ঘৰটো ভাল আছিল যদিও আমাৰ ডাঙৰ পৰিয়ালটোৰ বাবে অলপ সৰু আছিল। খুৰা-মাহী (খুৰীগৰাকী সম্বন্ধত মোৰ নিজৰ মাহীও আছিল), তেওঁলোকৰ ছোৱালী গীতা, শেফালি, আৰতি, মিনতি আৰু কণমাণি পুত্ৰ ত্ৰিদিব, মই আৰু সাহায্যকাৰীজন। দেউতাহঁতৰ ভায়েক কেইজনে সদায় কোনোবা নহয় কোনোবা কাজিন নাইবা আন কোনো আত্মীয়ক লগত ৰাখিছিল। সেই পৰম্পৰা ৰক্ষা কৰি আহিছিল এজন খুৰা চাপৰৰ পৰা। গতিকে আমি যোৰহাটৰ বিখ্যাত দাস কোম্পানীৰ সন্মুখৰ আহল-বহল ঘৰ এটালৈ গ'লো। মাণিকজানক এৰি থৈ যাবৰ সময়ত কলিজাৰ এফাল থৈ যোৱাৰ অনভূতি হৈছিল। মানুহৰ স্মৃতি বৰ ক্ষন্তেকীয়া। দীৰ্ঘ অদৰ্শনে ঘনিষ্ঠতাও শিথিল কৰি আনে। নতুন বন্ধু পাই মাণিকজানক পাহৰি গৈছিলো। অসমৰ মন্ত্ৰীসভাত আনোৱাৰা তাইমূৰৰ নামটো দেখাৰ পিছত মাণিকজানলৈ [ ৯২ ]

যোৰহাটত মই, ‘বুৰীদি’, তেওঁৰ ভাই-ভনী আৰু মোৰ ভাই-ভনী

[ ৯৩ ] মনত পৰিল। তেওঁৰ নামো আছিল আনোৱাৰা তাইমূৰ। নিশ্চিত হ'বলৈ দুই-এজনক মই সুধিছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়ানীৰ ঘৰত মতা নাম মাণিকজান নেকি বাৰু? তেওঁলোক কোনেও নাজানে। কথাষাৰ আজিলৈ মোৰ মনত ৰহস্য হৈয়ে থাকিল। মোক এজনে কৈছিল— ‘তুমি নোসোধা কিয়?’ হ’ব পাৰে তেঁৱেই মাণিকজান, কিন্তু মই ষাঠি বছৰ অদৰ্শনৰ পিছততো মন্ত্ৰী এগৰাকীক সুধিব নোৱাৰো— ‘হেৰি, আপুনি বাৰু ‘ইয়ে চাঁদ ছুপ না জা না’ গীতটো গোৱা মাণিকজান নেকি?’ অৱশ্যে ঘনিষ্ঠভাৱে কোনো মেল-মিটিঙত পালে সুধিম।

 কোকৰাঝাৰৰ পৰা যোৰহাটলৈ যাওতে দেউতাই তেওঁৰ পিয়ন ফুল্‌তা নামৰ ডেকাজনকো লগত পঠাইছিল বাটে-পথে খুৰাক সহায় কৰিবলৈ। গৈ পোৱাৰ দিনাই ফুল্‌তাই যোৰহাট চহৰখনত পাক এটা মাৰিবলৈ ওলাই গৈছিল। গধুলি উভতি অহাৰ পিছত সুধিছিলো—চহৰখন কেনে পালে। ফুল্‌তা পশ্চিম অসমৰ ল’ৰা। নিজৰ সমাজখনৰ বাহিৰে একো দেখা নাই। পশ্চিম অসমৰ মানুহ উজনিৰ তুলনাত ৰক্ষণশীল আজিও। তেতিয়া বোধকৰো আমাৰ ফালৰ মহিলাসকল আছিল অসূৰ্যস্পৰ্শা। ফুল্‌তাই আমাৰ প্ৰশ্নৰ উত্তৰ টপৰাই দিছিল—

 — ঠাইখান বেয়া নাহয়, কিন্তু মান্‌সীগুলাৰ (মানুহবোৰৰ) চৰিত্ৰ ভাল নাহয়।

 আমি কোনোমতে হাঁহি কণ্ট্ৰল কৰি সুধিলো—

 —কাৰ চৰিত্ৰ বেয়া দেখিলা?

 —হেই, কাৰো ভাল নাহয়, কি আপায় কয়েন কি আপীয়ে কয়েন। (ছোৱালীয়ে কওক বা ল’ৰাই কওক কাৰো ভাল নহয়)।

 দুঘণ্টামান যোৰহাট দৰ্শন কৰিয়ে ফুল্‌তাই যোৰহাটবাসীৰ চৰিত্ৰ বিশ্লেষণ কৰিব পৰাৰ আঁৰত বোধকৰো এটা কাৰক আছিল। যোৰহাট বহু আগৰ পৰাই প্ৰগতিশীল। বোধকৰো ঠাইখনৰ মহিলাসকলক মুকলিমূৰীয়া হৈ বাটেৰে অহা-যোৱা কৰা দেখা পাই আৰু চিনাকি পুৰুষৰ লগত কথা কোৱা দেখি পোনচাটে চৰিত্ৰত আঘাত কৰিছিল ৰক্ষণশীল পৰিবেশৰ পৰা অহা ফুল্‌তাই। ফুল্‌তাকনো দোষ দিও কিয়? এসময়ত অধিকাংশ মানুহে পুৰুষ আৰু নাৰীৰ মাজত এটা সম্পৰ্কৰ বিষয়েহে জানিছিল। কাৰোবাৰ সৈতে কথা কোৱা দেখিলেই গাভৰু ছোৱালীৰ চৰিত্ৰ হনন কৰিবলৈ নেৰিছিল। আজিৰ মানুহৰ দৃষ্টিভংগী বহু উন্নত হ’ল।

 যোৰহাট বালিকা হাইস্কুলত নাম লগোৱাটো মোৰ বাবে আছিল এক অভিনৱ অভিজ্ঞতা। কোকৰাঝাৰত ছোৱালীৰ স্কুল নথকা বাবে প্ৰথমতে পঢ়িলো ঘৰত। তাৰপিছত দেউতাৰ প্ৰচেষ্টাত স্থাপিত হোৱা কণমাণি এল পি আৰু পিছত এম ইলৈ উন্নীত হোৱা স্কুলত, য’ত ছাত্ৰীসংখ্যা আৰু শিক্ষয়িত্ৰীৰ সংখ্যা আছিল হাতৰ আঙুলিত গণিব পৰা। সপ্তম আৰু অষ্টম শ্ৰেণী পঢ়িলো কোকৰাঝাৰ ল’ৰা হাইস্কুলত। ছাত্ৰী প্ৰথমতে আছিলো দুজনী। এনে এটা পৰিবেশৰ পৰা আহি যোৰহাটত প্ৰকৃত স্কুলৰ সোৱাদ পালো। বিৰাট আকাৰৰ স্কুলখনত অসংখ্য ছোৱালী, শিক্ষয়িত্ৰী বাইদেউ অনেক। তেওঁলোকৰ মাজত সংস্কৃতৰ শিক্ষক আৰু বিজ্ঞানৰ শিক্ষক হৰেণ শৰ্মা ছাৰ এই দুগৰাকীয়ে আছিল পুৰুষ। সংস্কৃত ছাৰে আমাক লাই দিয়া বাবে তেওঁৰ ক্লাছত আমি বৰ দুষ্টামি কৰিছিলো। বাইদেউসকলকতো ভয় কৰিছিলোৱে, [ ৯৪ ] হৰেণ শৰ্মা ছাৰকো ভয় কৰিছিলো। আমাৰ সময়ত প্ৰধান শিক্ষয়িত্ৰী আছিল দেৱবালা দেৱী বাইদেউ আৰু আনসকল আছিল নিৰ্মলা বাইদেউ, পূৰ্ণিমা বাইদেউ, চুনী বাইদেউ। বাকী বাইদেউসকলৰ নাম স্মৃতিয়ে ধৰি ৰাখিব পৰা নাই। গণিত পঢ়াইছিল নিৰ্মলা বাইদেৱে। আমি কেইজনীমানে গণিতৰ (Mathematics) সলনি অংক (Arithmetic) আৰু গাৰ্হস্থ্য বিজ্ঞান লোৱা নাছিলো। আমাৰ সময়ত ছোৱালীৰ বাবে মেট্ৰিক পৰীক্ষাত গণিত বাধ্যতামূলক নাছিল। অধিকাংশ ছোৱালীয়ে গাৰ্হস্থ্যবিজ্ঞান আৰু অংক লৈছিল। এশ নম্বৰৰ প্ৰশ্নপত্ৰত ত্ৰিশ নম্বৰ আছিল অংক আৰু সত্তৰ গাৰ্হস্থ্য বিজ্ঞানৰ বাবে। সেই সময়ত ধাৰণা আছিল গণিত আৰু বিজ্ঞান বিষয় দুটা ছোৱালীৰ ‘কোমল' অৰ্থাৎ অনুন্নত মগজুৰ বাবে কঠিন। যি কি নহওক কেতিয়াবা ফাকি দিয়া যেন পালে নিৰ্মলা বাইদেৱে আমাক গালি পাৰি কৈছিল গণিতত ফেল কৰি আমি হেনো স্কুলত লালবাতি জ্বলাম। মনত আছে কটন কলেজত ভৰ্তি হোৱাৰ পিছত মালতী বৰুৱা (পিছলৈ অসম চৰকাৰৰ Director of Health Services, Family Welfare) আৰু মই নিৰ্মলা বাইদেউক কৈছিলো গৈ যে আমি লালবাতি জ্বলোৱা নাই, দুয়ো চৰকাৰী বৃত্তি পাইছো। বাইদেৱে কৈছিল—— আমাৰ ভালৰ বাবেহে তেনেকৈ কৈছিল।

 সংস্কৃত ছাৰ আছিল আমাৰ বন্ধুৰ দৰে। ক্লাছত মনযোগ নিদি মাজে মাজে ছবি আঁকিছিলো, গল্প কিতাপ পঢ়িছিলো আৰু মাজে মাজে ছাৰক কৈছিলো সাধুকথা শুনাবলৈ। ছাৰে প্ৰায়ে আমাক চুলুং বুলি কৈছিল। এদিন সুধিলো— ছাৰ, চুলুং মানে কি? তেওঁ বানান কৰি কৈছিল S H A L L O W অৰ্থাৎ Shallow | এতিয়া বুঢ়া বয়সত ভাবো আমি বৰ দুষ্ট আছিলো কিন্তু। Shallow বুলি কোৱা বাবে লাজতো নেপালোৱে, গিৰ্জনি মাৰি হাঁহিবলৈহে ধৰিছিলো। এদিন মানুহ এটাৰ ছবি আঁকি তলত লিখা হ’ল—শিল্পী চুলুং। ছবিখনলৈ চাই ছাৰে মিচিককৈ হাঁহি কৃত্ৰিম খং দেখুৱাই কৈছিল সংস্কৃতত আমি ফেল কৰিম। নিৰ্মলা বাইদেউৰ দৰে আমাৰ ৰিজাল্ট দেখি ছাৰো সন্তুষ্ট হৈছিল।

 আমাৰ আৰু এটা দোষ আছিল— অকাৰণে হাঁহিছিলো। অৱশ্যে ক্লাছত নহয়। এইটো বয়সত হেনো ছোৱালীবোৰ খামখেয়ালী স্বভাৱৰ হয়। এদিনৰ ঘটনা এটালৈ মনত পৰিছে। মেট্ৰিকৰ টেষ্ট পৰীক্ষাৰ পাছত গীতা আৰু মোক দুমাহৰ বাবে ঘৰুৱা শিক্ষক এজনে গণিত শিকাইছিল। শুনিছিলো তেওঁ বৰ ভাল শিক্ষক। আমি দুয়ো তেওঁৰ ঘৰলৈ গৈ অনুৰোধ কৰিছিলো আমাক পঢ়াবলৈ। তেওঁৰ তাৎক্ষণিক উত্তৰ আছিল ছোৱালীক তেওঁ নপঢ়ায়। আমাৰো উত্তৰ আছিল ওঁঠৰ আগত— ‘আমি ছাৰ লাজুকীলতাৰ দৰে ছোৱালী নহও, আমাক ল’ৰা বুলিয়ে ধৰি ল'ব পাৰে।’ তেওঁ ৰাজী হ’ল। এদিন পঢ়াই থাকোতে আমাৰ যে কি মতিভ্ৰম হ’ল দুয়ো হাঁহিবলৈ ধৰিলো, একেবাৰে যাক কয় non-stop হাঁহি। ছাৰ হতভম্ব। জ্যামিতিৰ কিতাপখন জপাই থৈ তেওঁ বহাৰ পৰা উঠি ক'লে—‘তোমালোকে হাঁহি থাকা, মই গ’লো।’ ছাৰক যোৱা দেখি খুৰা আহি আমাৰ পঢ়া কোঠাত সোমাই দেখে বলিয়াৰ দৰে হাঁহি আছো। খুৰাক দেখি আমি দুয়ো ঘৰৰ পৰা ওলাই পিছফালে বহি হাঁহিয়েই থাকিলো। খুৰা আচৰিত। অসভ্যালি কৰা বাবে তেওঁৰ খঙো উঠিছিল। চাপৰৰ পৰা অহা [ ৯৫ ] আত্মীয় এজনৰ মতে হাঁহুৱালী বীৰাই লম্ভিছে আমাৰ গাত। ওজাইহে আমাক স্বাভাৱিক কৰিব বুলি তেওঁ কয়। বহু বছৰ পাছত যোৱা শতিকাৰ আশীৰ দশকত ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ চাপৰলৈ গৈছিলো নৃতত্ত্ব বিষয়ক সমীক্ষা এটাৰ বাবে। তাত ওজাসকলৰ সাক্ষাৎকাৰ ল'বলৈ গৈ ভূত-প্ৰেত-বীৰা আদি অলৌকিক জগতৰ বাসিন্দাসকলৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰিছিলো। ওজাই কৈছিল হাঁহুৱালী বীৰাই লম্ভিলে মানুহে হাঁহে, কান্দুনীয়াই লম্ভিলে কান্দে, নাচুনীয়াই লম্ভিলে নাচে ইত্যাদি। সিদিনা পিছে ওজা নমতাকৈয়ে গীতাবা আৰু মই স্বাভাৱিক হৈছিলো। পিছে আমাৰ মাৰাথন হাঁহিৰ কাৰণ যে কি আছিল নাজানো। এই ঘটনাটোৰ বিষয়ে লিখি থাকোতে, বিশ্বাস নকৰিব, সেই দশম শ্ৰেণীৰ ছাত্ৰীজনৰ দৰেই অকলে অকলে হাঁহি আছো।মোবাইলটোত ডিব্ৰুগড়বাসী গীতাবাৰ নম্বৰ উলিয়াই যোগাযোগ কৰি ১৯৪৬ চনৰ ঘটনাটোলৈ মনত পেলাই দিলোহে তাই সিফালে হাঁহিত বাগৰি পৰিল। হাঁহিৰ বীজাণু সহজে নমৰে।

 আমাৰ ঘৰৰ পোনে পোনে বাটৰ সিটো পাৰে দাস কোম্পানীৰ গেৰেজত এদিন এজন বৰ সুদৰ্শন ডেকা দেখিবলৈ পালো। তেতিয়া স্কুললৈ যাবৰ সময় হৈছিল। আমাৰ ঘৰত গোট খাই আমি কেইবাজনী ছোৱালীয়ে দল বান্ধি স্কুললৈ গৈছিলো। লগৰবোৰক ফুচফুচাই ধুনীয়া ল’ৰাটোৰ বিষয়ে কোৱাত সিহঁতেও পৰ্দাৰ ফাঁকেৰে তাক চাবলৈ ধৰিলে। A thing of beauty is joy for ever. স্কুললৈ অহা-যোৱা কৰোতে তালৈ দৃষ্টি নিক্ষেপ কৰাটো আমাৰ এটা অভ্যাসত পৰিণত হৈছিল। সিও ডেকা ল'ৰা, এজাক স্কুলীয়া ছোৱালীক একেলগে দেখাৰ আশাত গেৰেজৰ বাহিৰত থিয় হৈ থাকিছিল আমি স্কুললৈ যোৱাৰ সময়ত। কেনেবাকৈ গম পাইছিলো ডেকাজন কলকাতাৰ, বি এছ চি পাছ কৰিছে। বিলাতলৈ যাব অট’মবাইল ইঞ্জিনিয়াৰিং পঢ়িবলৈ। তাৰ আগতে দেউতাকৰ বন্ধুৰ গেৰেজত কাম শিকিবলৈ আহিছে। শুনি আমি তবধ মানিছিলো। আজি বিলাত-আমেৰিকালৈ অনেকে যায়। তেতিয়াৰ দিনত তালৈ অহা-যোৱা কৰা মানুহ আছিল তাকৰ।

 এদিন স্কুললৈ যোৱাৰ সময়ত বাটত আগৰে পৰা পৰ দি থকা কলিকতীয়া ডেকাজন আগবাঢ়ি আহি আমাক কৈছিল দুদিনৰ বাবে এলজেব্ৰা কিতাপখন তেওঁক লাগে। আমি হাততে স্বৰ্গ ঢুকি পোৱা যেন পালো। বিলাতলৈ যাবলৈ ওলোৱা বি এছ চি পাছ ল'ৰা এজনে এলজেব্ৰা কিতাপ খুজিছে, ই যে আমাৰ মহাভাগ্য। পিছদিনা কিতাপখন দিলো। কেইদিনমানৰ পিছত তেওঁ ওভোতাই দিয়া কিতাপৰ মাজত বাংলা ভাষাতে লিখা এখন প্ৰেমপত্ৰ পোৱা গ'ল। তেতিয়া কিন্তু আমি ভয়তে কঁপিবলৈ ধৰিছিলো। আমাৰ কণ্ঠৰুদ্ধ হৈ গৈছিল। দুদিনমান পিচত স্কুলৰ টিফিন পিৰিয়ডত বান্ধৱীকেইজনীৰ আগত চিঠিখনৰ কথা উলিয়ালোহে, মঞ্জু নামৰ বাঙালী বান্ধৱী এজনীয়ে জাঁপ মাৰি উঠি ক'লে— তায়ো সেই একেজনৰে পৰা প্ৰেমপত্ৰ এখন পাইছে। তেতিয়াহে আমাৰ স্ফূৰ্তি লাগিল। খেলোৱাড় ল’ৰা দেই। সি নিজকে কৃষ্ণ বুলি ধৰি লৈছিল।

 আমাৰ ঘৰৰ পিছফালে এঘৰ অতি ৰক্ষণশীল বাঙালী ব্ৰাহ্মণ পৰিয়াল আছিল। ইমানে ৰক্ষণশীল যে তেওঁলোকৰ বুৰী আৰু বুলু নামৰ ডাঙৰ ছোৱালী দুজনীয়ে স্কুলৰ মুখ দেখি [ ৯৬ ] পোৱা নাই। সৰুজনী টুলুৱেহে পঢ়িছিল স্কুলত। বুৰীদি আৰু বুলুই ঘৰতে অলপ পঢ়া-শুনা কৰিছিল, কিন্তু গৃহকৰ্মত আছিল সুনিপুণা। বুৰীদি বৰ ৰসিকো আছিল। আমাৰ ঘৰলৈ আহিলে অসূৰ্যস্পৰ্শা বাই-ভনী দুজনীয়ে কিন্তু পৰ্দাৰ ফাঁকেৰে গেৰেজত কাম কৰি থকা কলিকতীয়া ডেকাজনলৈ চাইছিল। বুৰীদিয়ে প্ৰেমপত্ৰখন পঢ়ি এটা উত্তৰ লিখিছিল। নাজানো তেওঁ নিজে লিখা নে ক'ৰবাৰ পৰা তুলি দিয়া। সেই উত্তৰ অৱশ্যে আমি কেতিয়াও পঠোৱা নাছিলো। বুৰীদিয়ে লিখাখন আছিল এনেধৰণৰ — ‘হাঁসিটুকু, কথাটুকু, নয়নেৰ দৃষ্টিটুকু যাহা পাস তাই ভাল, সমগ্ৰ মানুষ তুই পেতে চাস, এ কি দুঃসাহস তোৰ।’

 প্ৰায় চৈধ্য-পোন্ধৰ বছৰ পিছত মঞ্জুৰ লগত কলকাতাত মোৰ দেখা হৈছিল। তাই ক'লে, ধুনীয়া দুষ্ট সেই ল'ৰাজনে বিলাতৰ পৰা আহি তাইৰে কোনোবা আত্মীয়ক বিয়া কৰাইছে। মঞ্জুক হেনো আমাৰ সকলোৰে খা-খবৰ সুধিছিল, কলিযুগৰ কৃষ্ণ হ’ব খোজা ল’ৰাজনে যে বিলাতৰ পৰা মেম লৈ অহা নাই এইটোৱে আচৰিত।

 যাওক বাৰু এইবোৰ কথা। যোৰহাটত মই দুবছৰ আছিলো। কিন্তু এই কম সময়ৰ ভিতৰত দেৱেশ্বৰ শৰ্মা, দৰ্প শৰ্মা, গুঞ্জানন বৰুৱা প্ৰমুখ্যে কেইবাগৰাকী স্বনামধন্য ব্যক্তিক ওচৰৰ পৰা পাইছিলো। গুঞ্জানন বৰুৱাৰ কন্যা জ্যোৎস্না আমাৰ এক শ্ৰেণী তলত পঢ়িছিল। তেওঁলোকৰ ঘৰত প্ৰথম লগ পাইছিলো হৰেশ্বৰ গোস্বামীক। তেওঁ বৰুৱা পৰিয়ালৰ বৰজোঁৱাই। কৃষ্ণকান্ত সন্দিকৈৰ ডাঙৰ জীয়ৰী প্ৰমীলা বাইদেউ আছিল মোৰ ছিনিয়ৰ আৰু অহল্যা জুনিয়ৰ। তেওঁলোকৰ ঘৰলৈ মাজে মাজে গৈছিলো যদিও কৃষ্ণকান্ত সন্দিকৈৰ ওচৰলৈ যোৱাৰ সাহ নাছিল। বিজয়কৃষ্ণ সন্দিকৈ আছিল তেতিয়া স্কুলৰ তল শ্ৰেণীৰ ছাত্ৰ। তেওঁলোকৰ মাক আছিল বৰ সাদৰী আৰু সুন্দৰীও। মাক-জীয়েক তিনিওৰে গাৰ বৰণ ‘দুধে-আলতা’। কুলধৰ চলিহাৰ ঘৰলৈ মাজে-সময়ে গৈছিলো। তেওঁলোকৰ ডাঙৰ জীয়ৰী আৰতি বাইদেৱে এতিয়াও মোক যথেষ্ট মৰম কৰে। আমাৰ ঘৰৰ কাষতে আছিল খ্যাতনামা কবিৰাজ জগদীশ ভট্টাচাৰ্য। তেওঁ ধুবুৰীৰ প্ৰমথ নাথ চক্ৰৱৰ্তীৰ জীয়েকক বিয়া কৰোৱা বাবেই হ’বলা আমাৰ অতি ঘনিষ্ঠ হৈ পৰিছিল। প্ৰাক্তন শিক্ষামন্ত্ৰী, সমাজসেৱী তথা অধ্যাপিকা কমলকুমাৰী বৰুৱা বাইদেউ আমাৰ চুবুৰীয়া আছিল। তেওঁৰ ভনী দেৱীকাৰ সৈতে আমাৰ বন্ধুত্ব থকা হেতুকে তেওঁলোকৰ ঘৰলৈ প্ৰায়ে গৈছিলো। কমলকুমাৰী বাইদেউ তেতিয়া আছিল জে বি কলেজৰ অধ্যাপিকা। নৱম-দশম শ্ৰেণীত পঢ়া আমিসকলে তেওঁৰ কাষ চাপিবলৈ ভয় কৰিছিলো। আজিও অশীতিপৰ বাইদেউ দেখাত ধুনীয়া হৈ আছে, তেওঁ গাভৰু কালত কি যে সুন্দৰী আছিল! প্ৰতিভা আৰু সৌন্দৰ্যৰ মহামিলন ঘটিছে বাইদেউৰ মাজত।

 আমাৰ ঘৰৰ আগফালে ঘাইপথৰ সিটো পাৰে দাস কোম্পানীৰ মালিকহঁতৰ ঘৰলৈ মাজে মাজে বুৰীদিহঁতৰ লগত গৈছিলো। তেওঁলোকৰ ঘৰৰ মানুহবোৰৰ ঘৰত মতা নামবোৰ আছিল হাঁহি উঠা। চাৰিজন ভাই-ককাইৰ নাম ডাঙৰৰ পৰা সৰুলৈ যথাক্ৰমে দুষ্ট, পাজি, দুৰো, চঞ্চল। বায়েক-ভনীয়েকৰ নাম ভুতুনী-চুতুনী ধৰণৰ কিবা আছিল। দেউতাকৰ নাম আছিল বোধকৰো হাবা।

 স্কুলতে নহয় বাহিৰা মঞ্চতো আমি গান গাইছিলো, নাটক কৰিছিলো। ‘আলিবাবা আৰু [ ৯৭ ] চল্লিশ চোৰ’ নাটকখন চাবলৈ হলঘৰটো ভৰি পৰিছিল। নৃত্য-গীতত পাৰদৰ্শিনী বৰ্তমানৰ পদ্মশ্ৰী শীলা বৰঠাকুৰ মৰ্জিনাৰ ভাওত, কাছেমৰ ভাওত আজিৰ শিল্পী পেঞ্চনাৰ গীতা বৰা, দস্যু চৰ্দাৰৰ ভাওত ইৰাণী হাজৰিকা বাইদেউ আৰু আলিবাবাৰ ভাওত মই অভিনয় কৰিছিলো। এবাৰ কৰিছিলো আন এখন কমিক নাটক। নাটকৰ চৰিত্ৰ চাৰিটা— লোভৰাম, বুদ্ধিৰাম, ঠগীৰাম আৰু ফাকিৰাম। নিজ নিজ চৰিত্ৰদোষৰ ফলত তেওঁলোকৰ ব্যৱসায়ত লালবাতি জ্বলিছিল। লোভৰাম হৈছিল লাৱণ্য (কীৰ্তিকমল ভূঞাৰ শাহুয়েক), বাকী কেইজন মালতী, গীতা আৰু মই। ব্যৱসায় ফেল মৰাৰ পিছত চাৰিওজনে ‘আমি ঐ চাৰি ঐ ৰামে ঐ বান্ধৈ ঐ...’ বুলি মঞ্চ কঁপাই উদ্দাম নৃত্যত মতলীয়া হোৱাৰ দৃশ্যটোলৈ মনত পৰিলে ভাবো আজি খোজ কাঢ়িবলৈকে ভয় খোৱা আমিসকলে এসময়ত জঁপিয়াব পাৰিছিলো নে? হায় বয়স!


বাইদেউৰ বিয়া

আমি যোৰহাটলৈ অহাৰ বছৰত দেউতা কোকৰাঝাৰৰ পৰা বদলি হৈ কৃষ্ণাইলৈ গৈছিল। আমাৰ পিতৃকুলৰ সকলোৰে এটা প্ৰৱণতা আছিল ঘৰৰ অৱস্থা বেয়া হ’লেও বিদ্বান পাত্ৰৰ হাতত ছোৱালীক তুলি দিয়া। বাইদেউ অনিতা আছিল বংশৰ ডাঙৰ ছোৱালী। ব্ৰিটিছৰ যুগত ভাৰতীয়ৰ বাবে চাকৰিৰ সংখ্যাও আছিল কম। দৰা বিচাৰি পোৱা সঁচাকৈয়ে আছিল সমস্যা। সেই যুগত বিয়াৰ ক্ষেত্ৰখনো আছিল ঠেক। দূৰণিবটীয়া বিয়া নহৈছিলেই। তদুপৰি জাত-পাতৰ সমস্যা। দেউতাই মৰমৰ জীয়েকক পাৰিলে ঘৰৰ সমীপতে বিয়া দিয়ে যাতে চকুৰ সন্মুখতে থাকে, যাতে তাই শহুৰেকৰ ঘৰত বোৱাৰী খাটিব নালাগে। মায়ে দেউতাক ৱাৰ্নিং দি কৈ থৈছিল ঘৰৰ কাষতে থাকক নাইবা দূৰতে থাকক ল’ৰা যেন ধীৰ, স্থিৰ, শান্ত প্ৰকৃতিৰ হয়। ‘ছেকছেল্লু’ (চেলেপু) স্বভাৱৰ যেন নহয়। তাৰ মাজতে দেউতাৰ কাজিন ককায়েক যাক তেওঁলোকে জ্যেষ্ঠৰ সন্মান যাচে অৰ্থাৎ আমাৰ বাণেশ্বৰ জেঠাই কৈ গ’ল যে ল’ৰাজন যেন বৰকলিতা হয় (কলিতাৰো যে কিমান শ্ৰেণী বিভাগ)। তদুপৰি কন্যাৰ বিয়াত মাকৰ ইচ্ছাক প্ৰথমতে গুৰুত্ব দিব লাগে।

 দৰা এজন পোৱা গৈছে বুলি খুৰাক জনোৱা হ’ল। তেওঁৰ মতামত বিচাৰিলে। গোৱালপাৰা জিলাৰ পাঁচনীয়া গাঁও নিবাসী এম ই স্কুলৰ প্ৰধান শিক্ষক যোগেন্দ্ৰ নাৰায়ণ দাসৰ ছয়োটি পুতেকেই কৃতী। তেওঁৰ তৃতীয় পুত্ৰ ভূপেন্দ্ৰ নাৰায়ণ দাস সেই সময়ত গুৱাহাটীত আইনজীৱী। পঢ়া-শুনাত তেওঁ আছিল বৰ চোকা। বিভিন্ন পৰীক্ষাত একাধিক সোণ-ৰূপৰ মেডেল অৰ্জন কৰা পাত্ৰজন ধীৰ-স্থিৰ স্বভাৱৰো। মাৰ বৰ পছন্দ হৈছিল। বিভিন্ন উৎসৰ পৰা দেউতাই ভাবী জোঁৱাইৰ স্বভাৱ-চৰিত্ৰৰ অনুসন্ধান কৰিছিল। দৰাৰ ককায়েক নগেন্দ্ৰ নাৰায়ণ দাস দেউতাৰ চিনাকি। তেওঁ আছিল ব্ৰিটিছৰ যুগৰ মেজিষ্ট্ৰেট। দৰাজনো মেজিষ্ট্ৰেট হোৱা হ’লে দেউতাই কিজানি সপ্তম স্বৰ্গ হাতত পোৱা যেন পালেহেঁতেন। নগেনদাই আমাৰ দেউতাক দাদা বুলি সম্বোধন কৰিছিল। কৈছিল— ‘দাদা চিন্তা নকৰিব, আপোনাৰ [ ৯৮ ]

বাইদেউ অনিতাৰ সৈতে

[ ৯৯ ] ছোৱালী আমাৰ ঘৰত মৰমতে থাকিব আৰু ভূপেনো এদিন মেজিষ্ট্ৰেট হ'ব।’

 ঘৰৰ প্ৰথম বিয়া। আমাৰ মন উগুল-থুগুল। এনেতে যোৰহাটৰ ঘৰলৈ আমাৰ এজন আত্মীয় আহি উপস্থিত। ক'লে— ‘তহঁতৰ বাপেৰে আৰু দৰা বিচাৰি নাপালে। সি মস্ত এটা মদাহী।’ আজিকালি অনেকে মদ্যপান কৰে, আমিও মদ খোৱাক সিমান গুৰুত্ব নিদিও। কিন্তু তেতিয়াৰ দিনত কোনোবাই এটুপি মদ খোৱাৰ অৰ্থই চৰিত্ৰহীন, উশৃংখল, মানুহ নামৰ অযোগ্য। বিয়াৰ দিন ওচৰ চাপি আহিছে। দেউতাহঁত কৃষ্ণাইত ব্যস্ত, এনেতে মোৰ চিঠিখনে যেন বিস্ফোৰণ ঘটালে। কাৰো হাত-ভৰি নচলা হ'ল।

 কথাষাৰ কোৱা মানুহজন আমাৰ শুভাকাংক্ষী বাবেহে কৈছে, সকলোৱে ভাবিলে। দেউতা অনতিবিলম্বে গুৱাহাটীমুখী হ’ল। বাৰ লাইব্ৰেৰী, আদালত আৰু দৰা ঘৰৰ চিনাকি পৰিয়ালৰ মাজত দেউতাৰ পৰিচিত বিশ্বাসযোগ্য যিসকল আছিল প্ৰায় সকলোকে লগাই দিলে শুনা কথাষাৰৰ অনুসন্ধান কৰিবলৈ। অৱশেষত সকলোৰে পৰা ভাল চাৰ্টিফিকেট পাই পূৰ্ণোদ্যমত লাগি গ'ল বিয়াৰ প্ৰস্তুতিত।

 যোৰহাটৰ পৰা কৃষ্ণাইলৈ আহি শুনিলো দৰাক মদাহী বুলি কোৱা আত্মীয়জনৰ আবিয়ৈ ভনীয়েকজনীক এইজনা দৰালৈ যাচিছিল। মানুহ কেতিয়াবা অতি ঈৰ্ষাপৰায়ণ হৈ আনৰ চৰিত্ৰহনন যে কৰিব পাৰে তেতিয়াই প্ৰথম গম পাইছিলো। যি কি নহওক, গুৱাহাটীৰ পৰা বিয়াৰ দিনা গধূলি কেইবাখনো বাছ আৰু গাড়ীৰে বহু মানুহ আহিছিল দৰাৰ লগত। আহিয়ে দৰাৰ অভিভাৱক নগেনদাই দেউতাক কৈছিল চালিঘৰ এটাৰ ব্যৱস্থা কৰিবলৈ, দৰাপাৰ্টিটোৱে তাত চাহ কৰি খাব। বিয়া কৰাবলৈ আহি কইনাৰ ঘৰত নিজে চাহ কৰি খাব এনে নাভূত-নাশ্ৰুত কথা শুনি সকলো অবাক। গুৱাহাটীৰ পৰা অহাৰ সময়ত তেওঁলোকে হেনো ভাত খায়ে আহিছে। মাঘমহীয়া জাৰকালি চাহ কৰি খাবলৈ ডাঙৰ ডাঙৰ কেটলি, গাখীৰ, চেনি, চাহপাত, মাটিৰ গিলাচ আৰু মিঠাই-চিঠাই লৈ আহিছে। এনেকি জুই জ্বলাবলৈ খৰিও। দেউতাই কৈছিল চাহ-ভাতৰ যোগাৰ কৰা হৈছে, বস্তুবোৰ যেন ওভোতাই লৈ যায়। নগেনদাই নামানে। তেওঁলোক হেনো কইনাঘৰক কষ্ট দিয়াৰ পক্ষপাতী নহয়। জীয়েকৰ বিয়াত দৰাপাৰ্টিটোক খুৱাবলৈ মাছ, মাংস, পোলাও, দৈ, মিঠাইৰ ব্যৱস্থা কোনে নকৰে বাৰু? তেওঁলোকে চাহে-ভাতে অৱশেষত খালে যদিও চালি এখনত ওৰে ৰাতি নিজাকৈ চাহ কৰি খাই থাকিল৷ তেতিয়াৰ যুগত আজিৰ দৰে পুৰোহিতে শ্বৰ্টকাটকৈ বিয়া নাপাতিছিল। গধুলিতে আৰম্ভ হোৱা বিয়া শেষ হৈছিল ধলপুৱা। আমি ল'ৰা-ছোৱালীবোৰে অলপ সময়ৰ মূৰে মূৰে দৰাঘৰৰ চালিলৈ আহি চাহ মিঠাই খাইছিলো।

 আজি অসমীয়া সমাজত যৌতুক প্ৰথাৰ ব্যাপক প্ৰচলন দেখি ভাবো এসময়ত কইনাৰ ঘৰত চাহ-ভাত খাই তেওঁলোকক জুলুম কৰিব নোখোজা অসমীয়াৰ যৌতুকৰ বাবে বোৱাৰীক হত্যাপৰ্যন্ত কৰিবলৈ হাত নকঁপা হ'ল।

 বাইদেউৰ বিয়াৰ পিছত আমি যোৰহাটলৈ উভতি যোৱাৰ পথত ভিনিহিহঁতৰ গুৱাহাটীৰ শান্তিপুৰৰ ঘৰত সোমাই গৈছিলো। আমাক ট্ৰেইনত তুলি দিবলৈ গধূলি ষ্টেচনলৈ ঘোঁৰা গাড়ীত আহোতে ভিনিহিয়ে মোক ক'লে— ‘এক পেগ খাই আহিছো’। মই চক খাই [ ১০০ ] উঠিছিলো যদিও বাইদেউ আৰু ভিনিহিৰ মুখত হাঁহি দেখি বুজিলো বাইদেৱে বিয়াৰ পিছত দেউতালৈ মোৰ উল্লিখিত চিঠিখনৰ কথা কৈছে। মই লাজতে ৰঙা পৰিছিলো।


দেশৰ পৰিস্থিতি আৰু আমাৰ মেট্ৰিক পৰীক্ষা

১৯৪৬-৪৭ চনত ভাৰতৰ স্বাধীনতাৰ যুদ্ধ তুংগত উঠিছে। আমিও মাজে-সময়ে জে বি কলেজৰ ছাত্ৰ নেতাসকলৰ আহ্বানত স্কুলৰ পৰা ওলাই সমদলত যোগ দিছিলো, সভা-সমিতিত উপস্থিত হৈছিলো। সামান্যভাৱে হ'লেও স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰি সন্তুষ্টি লাভ কৰিছিলো আমি ছাত্ৰীসকলে। নেতাসকলে নিজৰ মাজত আৰু ব্ৰিটিছৰ সৈতে আলোচনাত ব্যস্ত। মুছলিম লীগৰ হৈ মহম্মদ আলী জিন্নাই ভাৰত দ্বিখণ্ডিত কৰি স্বাধীন পাকিস্তানৰ দাবীত ১৯৪৬ চনৰ ১৬ আগষ্টত Direct Action Day পালন কৰিবলৈ আহ্বান জনায়। বন্ধ, সমদল, প্ৰতিবাদী সভা আদিৰে দিনটো পালন কৰাৰ প্ৰগ্ৰাম আছিল যদিও অৱশেষত ই এক তাণ্ডবলৈ ৰূপান্তৰিত হয়। সিদিনা কলকাতাত আৰম্ভ হয় হিন্দু-মুছলমান সংঘৰ্ষ। সেই সময়ত প্ৰেচিডেন্সী কলেজৰ এম এ ক্লাছৰ ছাত্ৰ হৈ থকা আমাৰ গৃহস্থ অমলেন্দু গুহই নাৰকীয় সেই সংঘৰ্ষ নিজ চকুৰে দেখা বুলি পিছত কৈছে। তেওঁলোকৰ হোষ্টেল আছিল হিন্দু আৰু মুছলিম দুটা বিভিন্ন এলেকাৰ মাজত। তেওঁলোকে পহৰাও দিবলগীয়া হৈছিল নিজ নিজ এলেকাত।

 এই সংঘৰ্ষই নোৱাখালিত (বৰ্তমান বাংলাদেশত) এক বীভৎস ৰূপ ধাৰণ কৰে। ঠাইখনৰ বিধ্বস্ত এলেকাবোৰত পদযাত্ৰা কৰি মহাত্মা গান্ধীয়ে শান্তিৰ বাণী প্ৰচাৰ কৰিবলৈ আহিছিল। বংগৰ তেতিয়াৰ আতংকিত মুখ্যমন্ত্ৰী চুৰাবৰ্দী খান চাহাবে কঠোৰ ভাষাত ঘোষণা কৰিছিল গান্ধীজীক কোনোবাই আক্ৰমণ কৰিলে নোৱাখালিক তেওঁ শ্মশানত পৰিণত কৰিব। আগমুহূৰ্তলৈ যিসকল ব্যক্তিয়ে তৰোৱাল, দা আদিৰে ঘপিয়াই মানুহৰ শিৰচ্ছেদ কৰিছিল সিহঁতৰ অনেকে গান্ধীজীৰ চৰণত সেই অস্ত্ৰবোৰ সমৰ্পণ কৰিছিলহি। এই সংঘৰ্ষ বংগতে নহয়, বিয়পিছিল বিহাৰ আৰু পঞ্জাবলৈ। পঞ্জাৱৰ সংঘৰ্ষ আছিল তুলনাবিহীন। হিংসাত্মক এই সংঘৰ্ষৰ প্ৰাথমিক চোকটো কিছু কমিলেও ভাৰত স্বাধীন নোহোৱালৈকে চলি আছিল। সংঘৰ্ষৰ বলি কিছু মানুহৰ মুখে সেই ৰক্তাক্ত দিনবোৰৰ কাহিনী শুনি আৰু এই বিষয়ে প্ৰকাশিত কিতাপ-পত্ৰ-প্ৰবন্ধ আদি পঢ়ি ভাবিছিলো এই স্বাধীনতাৰ কিবা মূল্য আছে নে?

 ১৯৪৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত মেট্ৰিক পৰীক্ষা দিয়া আমিয়ে আছিলো সৰ্বশেষ ছাত্ৰ-ছাত্ৰী। দেশৰ এনে এক অস্থিৰ পৰিস্থিতিত মাৰ্চত হ’বলগীয়া পৰীক্ষা হ’ল জুনত। হ’ল যে সিও আছিল আমাৰ ভাগ্য। দুমাহ পিছত ১৫ আগষ্টত ভাৰত দ্বিখণ্ডিত হৈ ভাৰত আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰৰ জন্ম হ'ল। মহাত্মা গান্ধীয়ে এই স্বাধীনতা বিচৰা নাছিল। বোধকৰো যুঁজ কৰি ক্লান্ত হোৱা নেতাসকলৰ হেঁচাত তেওঁ ৰাজী হ’বলগীয়া হৈছিল। মহম্মদ আলী জিন্নাও প্ৰথমৰফালে আছিল মুছলিম লীগ বিৰোধী। তেওঁ অখণ্ড [ ১০১ ] ভাৰতৰে পক্ষপাতী আছিল। বোধকৰো দুয়োটা ধৰ্মৰ নেতাসকলৰ মাজত কিছু এৰা ধৰা কৰিব পৰা হ'লে ভাৰত দ্বিখণ্ডিত নহ'লহেঁতেন। পিছে সকলোৰে চকু ক্ষমতাৰ আসনবোৰৰ ফালে। যুঁজ কৰি কৰি ভাগৰি পৰাসকলৰ ইতিমধ্যে বয়সো বাঢ়িছিল, গতিকে সেই আসনবোৰত উপবিষ্ট হোৱাৰ বাসনা ত্যাগ কৰাও টান হৈ পৰিছিল। নেতাসকলে অৱশেষত ক্ষমতাৰ আসনবোৰ লাভ কৰিলে। আনহাতে পশ্চিম পঞ্জাৱ আৰু পূব বংগৰ মানুহে সাতামপুৰুষীয়া ভিঠামাটিৰ মায়া ত্যাগ কৰি অচিন ঠাইলৈ আহিবলগীয়া হ’ল ভগনীয়া নাম লৈ। আজিও তেওঁলোকৰ পিঠিৰ পৰা ভগনীয়া বা ৰিফিউজি ষ্টাম্পটো নাতৰিল।

 জুনত পৰীক্ষা দি মই ঘৰলৈ উভতিলো যোৰহাটৰ পৰা। ইতিমধ্যে দেউতাই বিজনী এষ্টেটৰ সহকাৰী দেৱান হিচাপে ৰাজধানী অভয়াপুৰীত নিযুক্তি পাইছিল। ৰাতি ঘৰ সোমায়ে মাখনৰ দৰে কোমল তুলতুলীয়া বগা পুতলাহেন আমাৰ নুমলীয়া কণমাণি ভণ্টীজনীক প্ৰথম দেখিলো। তায়ো মাজু বায়েকক লগ পাবলৈ সাৰে আছিল। ৰাতিয়েই মোৰ লগত তাইৰ বন্ধুত্ব হৈছিল। ডল পুতলা, ডল পুতলা কৈ থাকোতে থাকোতে তাইৰ ঘৰত মতা নাম ডল হ’ল। পোছাকী নাম ৰীতা। ডল নামটো শুনি আমাৰ গাঁওবাসী দুগৰাকীমান আতা-আবুই এনে এটা অদ্ভুত নাম দিয়া বাবে আমাক সমালোচনা কৰিছিল। আমাৰ ফালে ধান ৰাখিবলৈ ব্যৱহাৰ কৰা ডুলিক কয় ডোল। বুঢ়া-বুঢ়ীৰ খাৰখোৱা জিভাত ডল হ'লগৈ ডোল।

 ইয়াৰ পিছত আমাৰ ডাঙৰ খুৰাৰ ঘৰ আলোকিত কৰি আহিল ভাইটি প্ৰবীৰ। আতা গৌৰমোহন দাস আৰু আবু যমুনা সুন্দৰীৰ তিনিজন পুত্ৰৰ ফালৰ পৰা কন্যা সন্তান চৈধ্যজনী আৰু পুত্ৰ সন্তান চাৰিজন। এওঁলোকৰ ভিতৰত ডাঙৰ খুৰাৰ জ্যেষ্ঠ কন্যা অঞ্জলিৰ মৃত্যু হয় দহ বছৰ বয়সত আৰু আমাৰ ভাইটি বাবলুই আমাক এৰি যায় ডেৰ বছৰত। আতা-আবুৱে একমাত্ৰ জীয়ৰীৰ ফালৰ পৰা পায় চাৰিজন নাতি আৰু তিনিজনী নাতিনী। নাতি-নাতিনীৰ উত্তৰপুৰুষসকল বৰ্তমানে অসম আৰু অসমৰ বাহিৰতো বিয়পি পৰিছে।

চিৰ যৌৱনা কটন কলেজৰ ৰ’দ কাঁচলিত

‘তুমি অসমৰ দীপ্ত প্ৰাণৰ প্ৰদীপ্ত মেজি জুই
তোমাৰ নাচৰ ছেৱে ছেৱে ফুলে আশাৰ পাপৰিবোৰ
উঠি অহা ডেকাদলৰ চকুত ফিৰিঙতি সানি দিয়া
লুইতপাৰৰ চিৰ যৌৱনা কটন কলেজ মোৰ।’

(অমলেন্দু গুহ)

পৰাধীন ভাৰতত মেট্ৰিক পৰীক্ষা দি ফলাফল পালো বহু পলমকৈ স্বাধীন ভাৰতত। বিজ্ঞানত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ অসম চৰকাৰৰ প্ৰতিভা বৃত্তি লাভ কৰিছিলো। আন দুটামান বিষয়ত দুই-তিনি নম্বৰৰ বাবে লেটাৰ নোপোৱাত মনটো অলপ বেয়া লাগিছিল। যি কি নহওক দেউতাই ভাবিয়ে থৈছিল মোক কটন কলেজত পঢ়ুৱাব। দেশৰ প্ৰতিকূল অৱস্থাৰ বাবে ৰিজাল্ট ওলাল ১৯৪৭ চনৰ প্ৰায় শেষত।

[ ১০২ ]

মোৰ দশম শ্ৰেণীৰ সহপাঠী বান্ধৱীসকল, যোৰহাট বালিকা হাইস্কুল, ১৯৪৭ চন

[ ১০৩ ]

 কটন কলেজ, চুডমাৰ্চন চাহাব আৰু ৰবীন্দ্ৰনাথ — এই তিনিটা শব্দৰ সৈতে বোধহয় মোৰ জ্ঞান হ’বৰে পৰা চিনাকি। কাৰণ ১৯১৭ চনত মেট্ৰিক পাছ কৰি দেউতা কটনত পঢ়িছিল, সেই সময়ত প্ৰিন্সিপাল আছিল চুডমাৰ্চন চাহাব আৰু ১৯১৯ চনত ৰবীন্দ্ৰনাথ অসমলৈ আহোতে কটন কলেজৰ ছাত্ৰকেইজনমানৰ সৈতে তোলা ফটোখনত দেউতাও আছিল এজন। আগেয়ে উল্লেখ কৰিছো যে আমাৰ ঘৰৰ বেৰত আঁৰি থোৱা ফটোখনৰ দড়িয়া ৰবীন্দ্ৰনাথক মই দেউতাৰ বন্ধু বুলিয়ে ভাবিছিলো। বাইদেৱে আকৌ মোক শুধৰাই দি কৈছিল যে মই হেনো মস্ত আকৰী। মানুহজন দেউতাৰ মাষ্টৰহে। তাই বৰ ভুল কোৱা নাই, ৰবীন্দ্ৰনাথ বিশ্বৰে শিক্ষাগুৰু।

 আমাৰ সময়ত অসমত সাত-আঠখন মাত্ৰ কলেজ আছিল যদিও কটন কলেজত ভৰ্তি হোৱাটো আজিৰ দৰে অসাধ্য নাছিল। সকলোৰে জীৱনত স্কুল শিক্ষা সমাপ্ত কৰি কলেজলৈ উত্তৰণ জীৱনৰ এক স্মৰণীয় ঘটনা। যেন নাদৰ ভেকুলী সাগৰত পৰিলো। পাণবজাৰৰ পৰা দীঘলীপুখুৰীলৈ বিস্তৃত এই সাগৰখনত ছাত্ৰ-ছাত্ৰী আৰু প্ৰফেচাৰসকলক দেখি সৰু সৰু ঠাইৰ পৰা অহা আমিয়েই নহয়, গুৱাহাটীত ডাঙৰ হোৱা আমাৰ সহপাঠিনী অনুসূয়া, মণি, তুলতুলহঁতেও তবধ মানিছিল। পাণবজাৰৰ গাতে লাগি থকা আৰ্টছ বিল্ডিঙত ইংৰাজী ক্লাছ কৰি ব’টানী ক্লাছ কৰিবলৈ দীঘলীপুখুৰীৰ পাৰলৈ দৌৰি আহি পাওঁ মানে ৰোলক’ল আৰম্ভ হৈ যায়। মোৰ আকৌ ৰোল নম্বৰ আছিল এক। সদায় ক্লাছ শেষ হোৱাৰ পিছত ছাৰৰ ওচৰলৈ যাবলগীয়া হৈছিলো। ই এটা বৰ বিৰক্তিকৰ কাম আছিল।

 ষাঠি বছৰ আগৰ কথা লিখিবলৈ গৈ বহু স্মৃতি কলমৰ আগত থুপ খাইছে। চাৰি বছৰৰ ইতিহাস লিখিবলৈ গলে মহাভাৰত হ’ব। গতিকে কি লিখো কি এৰো ভাবি বিভ্ৰান্ত হৈছো। ছাৰসকলকে প্ৰাধান্য দিও নেকি! ছাত্ৰাৱস্থাত শিক্ষক-শিক্ষয়িত্ৰীৰ দৰে আদৰ্শ ব্যক্তি বোধহয় পৃথিৱীতে নাথাকে। সৰু সৰু ল’ৰা-ছোৱালীহঁতে মাক-দেউতাকতকৈ শিক্ষয়িত্ৰীৰ কথাতে গুৰুত্ব দিয়ে বেছি। আমি টিন এজাৰসকলে ছাৰসকলক শ্ৰদ্ধা-ভক্তি কৰিলেও কেইগৰাকীমান ডেকা ছাৰ আছিল আমাৰ হিৰো— ৰোল মডেল। সেই সময়ত কটন কলেজৰ ছাত্ৰীনিবাসটো আছিল ড° সূৰ্য কুমাৰ ভূঞাৰ বাসভৱনৰ কাষত এটা ভাড়া কৰা অসম আৰ্হিৰ ঘৰত। ছাত্ৰী সংখ্যা আছিল চৈধ্যজনীমান। আমাৰ ৱাৰ্ডেন ব’টানীৰ অধ্যাপিকা পৰমা সুন্দৰী ড° কমলা ৰয় আছিল একেটা চৌহদত আন এটা একে আৰ্হিৰ ঘৰত আঠ-ন বছৰীয়া জীয়েক ছুকুৰ সৈতে। তাই গাভৰু ছোৱালীজাকক অনবৰতে লগ পাই অকালপক্ক হৈছিল যেন লাগে। তদুপৰি চোৰাংচোৱাৰ কামতো বোধকৰো লিপ্ত আছিল। এদিন ৱাৰ্ডেনে আহি আমাক জেৰা কৰিলে— নৰল নামৰ মানুহটো কোন? জীয়েকে হেনো মাকক কৈছে মাহী অৰ্থাৎ আমি হেনো নৰলৰ নাম লৈ হাঁহি-স্ফূৰ্তি কৰো। আমি তেনে নামৰ কাকো চিনি নাপাও বুলি ক’লেও জানিছিলো নৰল হ’ল গণিতৰ অধ্যাপক নুৰুল ইছলাম ছাৰ। টান বিষয় এটা সহজভাৱে বুজোৱা ছাৰজন দেখাতো আছিল সুপুৰুষ। গতিকে তেওঁ আমাৰ আলোচনাৰ মধ্যমণি হোৱাটো স্বাভাৱিক। তেওঁক পিছে ভয় কৰিছিলো। বিপৰীতে তেওঁৰ ককায়েক কেমেষ্ট্ৰিৰ অধ্যাপক আহমেদ হুছেইন ছাৰ আছিল আমাৰ মাই ডিয়েৰ। তেওঁ আমাক অলপ [ ১০৪ ] লাইও দিছিল।

 সেই সময়ত কেইবাগৰাকী ছাৰৰ নামৰ শেষত বাবু শব্দটো যোগ কৰাৰ ৰীতি আছিল। যেনে ব’টানীৰ স্বনামধন্য অধ্যাপক অতুল বাবু (দত্ত), কেমেষ্ট্ৰিৰ ইন্দুবাবু (সৰকাৰ) আৰু যদুবাবু (মুখাৰ্জি) আৰু গণিতৰ ৰাধাবাবু (কান্ত দাস)। প্ৰিন্সিপাল বানীকান্ত কাকতি আছিল বাণীবাবু। সুপণ্ডিত বাণীবাবুক ইমান ওচৰৰ পৰা লগ পোৱাটো আছিল আমাৰ পৰম সৌভাগ্য। তেওঁ কটন কলেজত অধ্যাপক হিচাপে যোগ দিয়াৰ সময়ত আমাৰ দেউতাক পাইছিল ছাত্ৰ হিচাপে আৰু অৱসৰ গ্ৰহণ কৰিবৰ সময়ত মই তেওঁক পালো অধ্যক্ষ হিচাপে। বাণীবাবুৰ পিছত কটন কলেজৰ সেইখন আসন অলংকৃত কৰিছিল সংস্কৃত সাহিত্যৰ এগৰাকী সুপণ্ডিত শ্ৰীনাথ চক্ৰৱৰ্তীয়ে।

 বাণীবাবুক চিনি পোৱাসকলে জানে তেওঁ কথাইপতি হাঁহিছিল বুলি। তেওঁ বক্তৃতা দিয়া সভাখন আছিল হাঁহিত উটি-ভাঁহি যোৱা লাফিং ক্লাব সদৃশ। একো একোটা বাক্যৰ মাজত তেওঁ তিনি-চাৰিবাৰকৈ হাঁহিছিল। মাইকত ভাঁহি অহা সেই হাঁহিৰ খলকনিত গোমোঠা মুখীয়া শ্ৰোতায়ো উচ্চস্বৰত হাঁহিছিল। আৰু আমাৰতো স্বভাৱেই আছিল অকাৰণে হঁহা। বেছি পঢ়া-শুনা কৰা মানুহে হাঁহিব নাজানে। সদায় গুৰুগম্ভীৰ প’জত থাকে। জোৰে হঁহাটো হেনো গাঁৱলীয়াৰ লক্ষণ। পিছে হাঁহিয়ে যে হাওফাওটোক সুস্থ ৰাখে ছফিছটিকেটেডসকলে সম্ভৱতঃ নাজানে। বাণীবাবুই আগতে নেহাঁহিছিল। কিতাপতে মূৰ গুজি থকা মানুহে হাঁহিবলৈ সময় পাব ক’ত? শুনিলো, তেওঁক হেনো ডাক্তৰে হাঁহিবলৈ কৈছিল, বোধকৰো কিবা অসুস্থতাৰ বাবে। তেতিয়াৰে পৰা হাঁহিক চিকিৎসা হিচাপে লৈ তেওঁ যেতিয়াই তেতিয়াই হাঁহিছিল। তেওঁৰ হাঁহিয়ে আমাৰো স্বাস্থ্যৰ উন্নতি ঘটাইছিল। হাঁহিৰামৰ ৰাজত্বত আমি স্ফূৰ্তিতে আছিলো। অধ্যক্ষৰ ওচৰলৈ যাব পাৰিছিলো সহজতে।

 গণিতৰ অধ্যাপক ৰাধাবাবুই সদায় গণিতৰ ভাষাত কথা কৈছিল। প্ৰথম দিনাই তেওঁ আমাক ক্লাছত কৈছিল— Mathematics is a subject which you cannot study by making your body hundred and eighty degree. Make it ninety degree. অৰ্থাৎ গণিত শুই শুই পঢ়া বিষয় নহয়, বহি কৰিব লাগে অংক। ৰাধাবাবুৰ বিষয়ে কাহিনী এটা প্ৰচলিত আছিল যে কলকাতাত এম এছ চি পঢ়াৰ সময়ত তেওঁৰ বাঙালী গাভৰু এজনীৰ সৈতে হিয়া দিয়া নিয়া হৈছিল। গণিতৰ দৰে নিৰস বিষয়ত পঢ়া-শুনা কৰিলেও তেওঁৰ হৃদয় নিশ্চয় নাছিল শুকান মৰুভূমি। পিছে যুক্তি আৰু ফৰ্মুলাৰে ভৰা বিষয় এটাত ব্যুৎপত্তি লাভ কৰা বাবেই হ’বলা উপলব্ধি কৰিলে এই সম্পৰ্কৰ পৰিণতি হ’ব বিয়োগাত্মক। তেতিয়াৰ দিনত আন্তঃৰাজ্য বিয়া কোনেও মানি নল’লেহেঁতেন। বিৰহিনী প্ৰেমিকাই তেওঁৰ এই সিদ্ধান্তৰ কাৰণ কি জানিব খোজাত গণিতজ্ঞ প্ৰেমিকে কৈছিল— two parallel straight lines can not meet together. ঘটনাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নে কোনোবা ৰসিক ছাত্ৰৰ উৰ্বৰ মস্তিষ্কপ্ৰসূত নাজানো কিন্তু।

 কটন কলেজৰ শতবৰ্ষ সোঁৱৰণী সংকলন ‘সোঁৱৰণি’ত প্ৰকাশিত আমাৰ লেখা এটাত ৰাধাবাবুৰ প্ৰেম কাহিনীটো পঢ়ি তেওঁৰ পুত্ৰ এজনে ফোন কৰি কৈছিল যে, তেওঁৰ [ ১০৫ ] দেউতাক দেখাততো ধুনীয়া নাছিল, কোন ছোৱালীনো তেওঁৰ প্ৰেমত পৰিছিল। মই কৈছিলো ছোৱালীজনীয়ে সম্ভবতঃ বাহিৰা ৰূপতকৈ মস্তিষ্কৰ প্ৰতিভাক বেছি মূল্য দিছিল।

 কেমেষ্টিৰ অধ্যাপক যদুলাল মুখাৰ্জী আছিল এগৰাকী নিষ্ঠাবান গৱেষক অধ্যাপক। তেতিয়াৰ দিনত আজিৰ দৰে গৱেষণাৰ সা-সুবিধা নথকা সত্ত্বেও অক্লান্তভাবে প্ৰতিকূল পৰিবেশত কাম কৰি গৈছিল। পোছাকৰ প্ৰতি আছিল তেওঁ উদাসীন। পেণ্টৰ তলৰ ফোল্ডাৰটোৰ ফাটি ছিঙি অহা অংশটো যে চোচৰাই লৈ গৈ থাকিছিল সেই বিষয়ে তেওঁ আছিল সম্পূৰ্ণ অজ্ঞ। গমেই নাপাইছিল যে ব্লেক ব'ৰ্ডখন হাতেৰে মোহাৰি সেই হাতখনেৰে মুখ মচাৰ ফলত চক মাটিৰ গুড়িৰে মুখখন ঢাক খাইছিল। আমি তেওঁৰ এই মূৰ্তি দেখি হাঁহি ৰখাইছিলো কোনোমতে।

 হঠাতে টেৰামাইছিন ছাৰ আহি উপস্থিত হৈছে মোৰ চকুৰ আগত। মানুহজন আছিল হোলাৰ ভাই মোলা স্বভাৱৰ। এদিন আমাৰ সহপাঠী দুজনমান স্ফূৰ্তিবাজ ল’ৰাই আড্ডা মাৰি থাকোতে ছাৰক ৰেডিমেড কাপোৰৰ দোকানত সোমোৱা দেখি তেওঁৰ পিছ ল’লে। উদ্দেশ্য তেওঁ নো কি কিনে চোৱাটো। ছাৰে তেতিয়া ছেলচমেনজনক তেওঁৰ জোখৰ এটা ‘টেৰামাইছিন’ চাৰ্ট দেখুৱাবলৈ কৈ আছিল। দোকানীৰ চকু কপালত উঠিল। তেওঁ ছাৰক ক'লে— ‘আপুনি বোধকৰো টেৰামাইছিন কেপচুল বিচাৰিছে, কাষৰ ফাৰ্মাচীখনত পাব।’ লাজত ৰঙা পৰি ওলাই আহিবৰ সময়ত দুষ্ট ল’ৰা দুটাক দেখি তেওঁ কোবাকুবিকৈ ওলাই গৈছিল। সেই সময়ত টেৰেলিনৰ চাৰ্ট হৈছিল জনপ্ৰিয়। পৰৱৰ্তী জীৱনত ময়ো এনে ধৰণৰ ভুল শব্দ ব্যৱহাৰ কৰি হাঁহিয়াতৰ পাত্ৰ হৈছিলো। সেইবোৰ কথা পাছলৈ থলো।

 ছাৰহঁতৰ নাম দিয়াত আমি আছিলো পাকৈত। কেমেষ্ট্ৰি ক্লাছত জোতা-মোজাৰ সৈতে চাৰ্টৰ ওপৰত চুৰিয়াখন পিন্ধি অহা ইন্দুবাবু ছাৰে যেতিয়া ‘ভল্যিউম’ বুলি কৈ মুখখন জপাই অলপ পৰ ৰৈ দিছিল তেতিয়া মুখ গহ্বৰত সোমোৱা এমোকোৰা বতাহে তেওঁৰ মুখৰ ভল্যিউমো বঢ়াইছিল। সেয়েহে তেওঁ আছিল আমাৰ মৰমৰ ভল্যিউম ছাৰ। ইংৰাজীৰ অধ্যাপক চন্দ্ৰ কলিতা ছাৰৰ নাম দিছিলো ‘এনচিয়েণ্ট মেৰিনাৰ’। কাৰণ এবছৰ জুৰি তেওঁ আমাক কলৰিজৰ ‘ৰাইম অব্ দ্য এনচিয়েণ্ট মেৰিনাৰ’ কবিতাটো পঢ়াইছিল। তেতিয়াৰ কটন কলেজত একমাত্ৰ কলিতা ছাৰৰে গাড়ী আছিল। সঁচা-মিছা নাজানো, আমাৰ সহপাঠীসকলে কৈছিল ছাৰে হেনো পুৱা উঠি হাল বাইছিল। এই প্ৰসংগত মনত পৰিছে দেউতালৈ। তেওঁ নিজে শিক্ষক নাছিল যদিও ল’ৰা-ছোৱালীক, বিশেষকৈ ইংৰাজী পঢ়াবলৈ ভাল পাইছিল। গৰমৰ বন্ধ আৰু পূজাৰ বন্ধত মই আই এছ চি (আজিৰ উচ্চ মাধ্যমিক) পঢ়ি থাকোতে তেওঁ ‘পাছিং অব্ আৰ্থাৰ’ কবিতাটো পঢ়াইছিল। মুঠতে কলেজত কলিতাছাৰে আৰু ঘৰত দেউতাই এই দুয়োটা দীঘলীয়া কবিতা দুবছৰ ধৰি পঢ়াইছিল। বি এছ চিত যিহেতু ইংৰাজী পঢ়িব নালাগে গতিকে কলেজীয়া জীৱনত মুঠ দুটা কবিতাই পঢ়িছিলো মনত থকাকৈ।

 বেলু (Value) ছাৰৰ আচল নামটোৱে পাহৰিলো। চিলেটি ভাষাক সমালোচনা নকৰি কওঁ, তেওঁলোকৰ জিভাত ‘ক’ আৰু ‘খ’, ‘প’ আৰু ‘ফ’, ‘গ’ আৰু ‘ঘ’, ‘ভ’ আৰু ‘ব’ৰ উচ্চাৰণত কোনো তাৰতম্য নাই। ছাৰে ভ্যেলুক বেলু কৈছিল বাবে তেওঁ আছিল বেলু ছাৰ। [ ১০৬ ]

কলেজৰ পিকনিকত আমি

[ ১০৭ ] দুষ্ট ল’ৰাবোৰে বেচেৰা পণ্ডিত ব্যক্তিজনৰ নামেৰে এটা গাঁজাখুৰী গল্প উলিয়াইছিল। কটন কলেজত চাকৰি পাই শ্ৰীহট্টৰ পৰা ৰেলেৰে আহি গুৱাহাটী ৰেল ষ্টেচনৰ প্লেটফ'মৰ্ত শাৰী পাতি ওলোমাই থোৱা অগ্নিনিৰ্বাপক ৰঙা বালটিবোৰৰ গাত ‘ফায়াৰ’ লিখি থোৱা দেখি বেলু ছাৰে হেনো আচৰিত হৈ কৈছিল—‘অসমীয়া গুলা খি বুখা (কি বোকা অৰ্থাৎ অঁকৰা) লেখছে ফায়াৰ ৰাখছে জল (পানী)।’

 কেমেষ্ট্ৰিৰ প্ৰফেচাৰ এজনে প্ৰেক্‌টিকেল ক্লাছত ছাত্ৰীৰ গাত ঘঁহনি এটা মাৰি অহা-যোৱা কৰিবলৈ ভাল পোৱা বাবে তেওঁৰ নাম দিছিলো ঘেষ্টাং। নামটো ছাত্ৰ সমাজত ইমান পপুলাৰ হৈছিল যে আমাতকৈ এক ক্লাছ তলৰ নিৰুপমা বৰগোহাঞিয়ে কৈছিল তেওঁলোকৰ ক্লাছৰ ল’ৰাহঁতে হেনো প্ৰেকটিকেল ক্লাছত লিখি থৈছিল—‘কিয় এনে ঘেষ্টাং?’ ঘেষ্টাং ছাৰ অৱশ্যে কুমতলবী নাছিল। আমি তেওঁক ভালেই পাইছিলো।

 গণিতৰ ছাৰ ৰেৱতীমোহন দত্ত চৌধুৰীয়ে নিজৰ নাম নিজে দিছে। সেই শীলভদ্ৰ নামৰ আঁৰত ৰেৱতীমোহন তল পৰি গৈছে। মনত পৰিছে ছাৰ আৰু বাইদেউসকললৈ যিসকলৰ অধিকাংশই আজি নাই। আজি কটন কলেজৰ চৌহদলৈ গ’লে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা সমান সমান লগাৰ দৰে অধ্যাপক-অধ্যাপিকাও সমসংখ্যাৰ যেন লাগে। ই এক শুভলক্ষণ। ষাঠি বছৰ আগতে আমাৰ সময়ত কলেজখনত ছাত্ৰী আছিল মুষ্টিমেয়। বিজ্ঞান পঢ়িছিলো এমুঠিমানেহে। ড° হীৰেন গোহাঁইৰ বায়েক অন্নদা গোহাঁই আৰু প্ৰভা বৰুৱাক কেমেষ্ট্ৰি অনাৰ্চ প্ৰেক্‌টিকেল ক্লাছ কৰা আমি শ্ৰদ্ধাৰ দৃষ্টিৰে চাইছিলো। দেউতাই কটন কলেজত পঢ়াৰ সময়লৈ (১৯১৭-১৯২১) কলেজখনত এজনী ছাত্ৰীও নাছিল। ১৯২৯ চনত এইখন কলেজত নাম লগোৱা প্ৰথমগৰাকী ছাত্ৰী আছিল সেইখন কলেজৰে ইংৰাজী বিষয়ৰ খ্যাতনামা অধ্যাপক পি চি ৰয়ৰ কন্যা সুজাতা ৰয়। সুজাতাৰ আইতাক (মাতামহী) স্বৰ্ণলতা গুণাভিৰাম বৰুৱাৰ জীয়ৰী। উল্লেখযোগ্য যে ১৯৮০ চন মানত স্বৰ্ণলতাই আঠ বছৰ বয়সত অসমৰ পৰা কলকাতাৰ বেথুন স্কুলত পঢ়িবলৈ গৈছিল। শুনামতে অপৰূপা সুন্দৰী স্বৰ্ণলতাৰ ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সৈতে বিয়া হোৱাৰ কথা আছিল। কিয় বিয়াখন নহ’ল সঠিককৈ কোনেও নাজানিলেও কিছুমানৰ মতে ৰবীন্দ্ৰনাথৰ পিতৃ দেৱেন্দ্ৰনাথ ব্ৰাহ্ম ধৰ্মাৱলম্বী অৰ্থাৎ প্ৰগতিশীল হ’লেও বিশেষ বিশেষ ক্ষেত্ৰত ৰক্ষণশীলো আছিল। গুণাভিৰাম বৰুৱা আছিল সংস্কাৰমুক্ত সমাজ সংস্কাৰক। তেওঁ বিয়া কৰাইছিল এগৰাকী বিধৱা মহিলাক। স্বৰ্ণলতা তেওঁলোকৰে জীয়ৰী। বিধৱা মাকৰ ছোৱালী হোৱা বাবে হেনো দেৱেন্দ্ৰনাথে পুতেকলৈ স্বৰ্ণলতাক আনিব খোজা নাছিল। মাজে মাজে ভাবো ৰবীন্দ্ৰ নাথ অসমৰ জোঁৱাই হোৱা হ’লে কিমান যে ভাল লাগিলহেঁতেন। পিছত স্বৰ্ণলতাৰ ভায়েক স্বনামধন্য জ্ঞানদাভিৰাম বৰুৱাই ঠাকুৰ পৰিয়ালৰ ছোৱালীকে বিয়া কৰাইছিল। এওঁলোকৰে নাতিনী অভিনেত্ৰী শৰ্মিলা ঠাকুৰ আৰু নাতি জোঁৱাই পতৌদিৰ নবাব বিখ্যাত ক্ৰিকেটাৰ মনছুৰ আলী খান।

 সুজাতাৰ কথা উলিয়াই তেওঁৰ বংশ-পৰিয়ালকো টানি আনিলো। মোৰ বিয়াৰ পিছত শুনিছো আমাৰ গৃহস্থৰ ককায়েক সুধেন্দু গুহ আছিল সুজাতাৰ সহপাঠী। কটন কলেজত প্ৰথমগৰাকী অধ্যাপিকা কোন আছিল সঠিককৈ নাজানো। আমাৰ সময়ত আছিল তিনিগৰাকী। [ ১০৮ ] তিনিও আছিল ব’টানীৰ — ড° কমলা ৰয়, ড° পাৰুকুট্টি বৰুৱা আৰু বীণা দত্ত। বোধকৰো ড° কমলা ৰয়েই আছিল প্ৰথমগৰাকী মহিলা অধ্যাপিকা।

 ৰেগিঙৰ নাম আমি শুনা নাছিলো যদিও নতুনকৈ অহা দুই-এজনী ছোৱালীৰ সৈতে নিৰ্দোষ ধেমালি কৰিবলৈ এৰা নাছিলো। তাৰে এটালৈ মনত পৰিছে। আজিকালি কপালত পিন্ধিবলৈ নানাৰঙী ফোট কিনিবলৈ পোৱা যায়, আমাৰ সময়ত এইবোৰ নাছিল বাবে বৈচিত্ৰ্য আনিবলৈ আমি এটা উপায় উলিয়াইছিলো। নৱাগতা ছোৱালীজনীয়ে মেৰল ৰঙৰ ফোট ক’ত পালো বুলি সোধাত এটা ধেমেলিয়া বুদ্ধি মূৰত সোমাল। ক’লো সেন্দুৰৰ লগত টেট্ৰাভেলেণ্ট কাৰ্বন মিহলালে এই ৰংটো হয়। বস্তুটো ক’ত পোৱা যায় জানিব খোজাত কৈছিলো দোকানে –বজাৰে পাবলৈ নাই। কেমেষ্ট্ৰিৰ প্ৰফেচাৰৰ লগত খাতিৰ থাকিলে লেবৰেটৰিৰ বাবে অনা বস্তুটো পাব পাৰি। তাইকো আনি দিব লাগে বুলি কোৱাত ক’লো— ‘তুমি ঘেষ্টাং ছাৰৰ ওচৰলৈ যোৱা, আন ছাৰে এই বহুমূলীয়া সামগ্ৰীবিধ নিদিয়ে মনত ৰাখিবা।’ আমাৰ কথামতে তাই চুচুক-চামাক কৰি ছাৰক কথাষাৰ কোৱাত তেওঁ বুজিলে কোনোবা দুষ্টই ধেমালি কৰিছে। আমি কোৱা বুলি গম পাই মিচিকিয়াই হাঁহি হেনো কৈছিল— আমাৰ হাততে পঠিয়াই দিব বুলি।

 সেই সময়ত আমি বি এছ চি ক্লাছত মৌলিক আৰু যৌগিক পদাৰ্থবোৰৰ গঠন সম্পৰ্কে জ্ঞান আহৰণ কৰি আছিলো। কাৰ্বন অৰ্থাৎ এঙাৰ পৰমাণুৰ ভেলেন্সি— যাক আমি হাত বুলি কৈছিলো— চাৰি। অৰ্থাৎ কাৰ্বন পৰমাণু হ’ল টেট্ৰাভেলেণ্ট বা চাৰিহতীয়া। ৰান্ধনী ঘৰৰ চৌকাৰ পৰা উলিয়াই অনা এঙাৰ গুড়ি কৰি সেন্দূৰৰ লগত মিহলাই আমি মেৰুণ ৰঙৰ ফোট তৈয়াৰ কৰিছিলো। বেচেৰী ছোৱালীজনীৰ সৈতে আমাৰ নৱলব্ধ জ্ঞানেৰে অলপ স্ফূৰ্তি-তামাচা কৰিছিলো। নিয়তিয়ে বোধকৰো আঁৰত থাকি মোক কৈছিল— ‘স্ফূৰ্তি-তামাচা কৰি লোৱা বাছা, ইয়াৰ পিছত তুমি হাঁহিবলৈ পাহৰি যাবা।’

 টেট্ৰাভেলেণ্ট কাৰ্বনৰ প্ৰসংগই ডম্বৰু গগৈ ছাৰলৈ মনত পেলাই দিলে। ব্যক্তিগত জীৱনত কৃষ্ণকান্ত সন্দিকৈৰ বৰজোঁৱাই গগৈ ছাৰৰ অনু-পৰমাণুৰ গঠন ফটফটীয়াকৈ বুজাব পৰাৰ এক অসামান্য ক্ষমতা আছিল। তেওঁ আমাক লৈ গৈছিল অনু-পৰমাণুৰ ভিতৰলৈ যেন নিজ চকুৰে চাই আহিলো প্ৰতিটোৰে গঠন। আজিকালিতো উন্নত ব্যৱস্থাৰ জৰিয়তে অনুৰো অভ্যন্তৰখন চাব পৰা যায়। গগৈ ছাৰে তেওঁৰ যাদুকৰী বক্তৃতাৰ যোগেদিয়ে এই কামফেৰা কৰিছিল। ছটা চাৰিহতীয়া পৰমাণুৰে সৈতে ছটা একহতীয়া হাইড্ৰ’জেন পৰমাণুৱে হাতত ধৰাধৰিকৈ ষড়ভূমাকাৰত সৃষ্টি কৰা বেনজিন নামৰ যৌগটোৰ গঠন আজি ইমান বছৰে পাহৰা নাই যেন লাগিছে।

 ফিজিক্স ক্লাছতো মৌলিক পদাৰ্থৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা পৰমাণুবোৰৰ গঠন, নিউট্ৰন-প্ৰোটনৰ অৱস্থান আদিৰ বিষয়ে জানিবলৈ পাই কম আচৰিত হোৱা নাছিলো। প্ৰতিটো মৌলিক পদাৰ্থত নিউট্ৰন-প্ৰোট্ৰন থাকে নিৰ্দিষ্ট সংখ্যাত। পৰমাণুৰ কেন্দ্ৰীয় অংশ (nucleus)ত থকা প্ৰোটনবোৰ ধনাত্মক বিদ্যুৎ শক্তি সম্পন্ন আৰু নিউট্ৰনবোৰ বিদ্যুৎ শক্তি শূণ্য। এই পৰমাণুৰ মাজতে লুকাই থাকে কল্পনা কৰিব নোৱাৰা শক্তি। পৰমাণু বোমাৰ [ ১০৯ ] প্ৰচণ্ড শক্তি ওলাই আহে নিউক্লিয়াচ বিভঞ্জনৰ (fission) ফলত। পৃথিৱীৰ সকলো ঠাইতে পোৱা একেবিধ মৌলিক পদাৰ্থৰ, ধৰি ল’লো লো, পৰমাণুৰ গঠন, প্ৰোটন-নিউট্ৰনৰ সংখ্যা একে। মোৰ ক্ষুদ্ৰ মগজুত এইবোৰ কথাই তোলপাৰ লগালে। বিশ্বৰ সকলো বস্তুৰ জধে মধে সৃষ্টি নিশ্চয় হোৱা নাই। হোৱা হ’লে কাৰো লগত কাৰো সামঞ্জস্য নাথাকিলহেঁতেন। তেনেহ’লে সকলো সৃষ্টিৰ আঁৰত কোনোবা সৃষ্টিকৰ্তা আছে নে? সেই সৃষ্টিকৰ্তাকে ঈশ্বৰ বোলে নে? স্কুলত পঢ়োতে প্ৰহ্লাদৰ দৰেই ঈশ্বৰ আৰাধনা কৰা সত্ত্বেও তেৰাক দেখা নাপাই নাস্তিক হোৱা বুলি ইতিমধ্যে লিখা হৈছে। অনু-পৰমাণুৰ জ্ঞান হোৱাৰ পিছত কোনোবা এজন সৃষ্টিকৰ্তাৰ অস্তিত্বৰ বিষয়ে সন্দিহান হ’বলৈ ধৰাৰ ফলত মই হ’লোগৈ এ্যগ্‌নষ্টিক— হয়তো ঈশ্বৰ আছে হয়তো নাই। প্ৰাকৃতিক শক্তিয়েই হয়তো সেই ঈশ্বৰ।


কটন কলেজ ইউনিয়ন ছ'চাইটি

স্নাতক মহলাত নাম লগোৱাৰ পাছত ১৯৪৯-৫০ চনত সেই বছৰ কলেজ ইউনিয়নৰ নিৰ্বাচনত মহিলা জিৰণি কোঠাৰ সম্পাদিকাৰ পদৰ বাবে মই প্ৰতিদ্বন্দ্বিতা কৰিব লাগে বুলি ছাত্ৰীসকলৰ একাংশই বৰকৈ জোৰ দিছিল। আজিও মোৰ স্বভাৱ মানুহৰ চকুৰ আঁৰত থাকি কাম কৰা। পিছে হেঁচাত পৰি ওলাবলগীয়া হওঁ। হেঁচাত পৰিয়ে নিৰ্বাচন খেলিলো। আজিৰ যুগৰ দৰে ইমান জাকজমককৈ নেপাতিলেও আমাৰ সময়তো নিৰ্বাচনৰ আগে আগে কলেজ কেম্পাছত যথেষ্ট উখল-মাখল হৈছিল। মাইকত শ্ল’গান ধ্বনি, বক্তৃতাৰ দপদপনি ইত্যদিয়ে কলেজ চৌহদ উত্তপ্ত কৰি ৰাখিছিল। দেৱালবোৰ ভৰি পৰিছিল প’ষ্টাৰেৰে। ৰাতিৰ এন্ধাৰত কিছুমান ছাত্ৰই অশ্লীল ভাষাৰে লিখা প’ষ্টাৰ আঁৰিছিল, সভ্য কটনিয়ানৰ দল এটাই ৰাতিপুৱা সেইবোৰ ফালি পেলাইছিল। মহিলা জিৰণি কোঠাৰ সন্মুখত মাৰি থোৱা প’ষ্টাৰখন বৰ বেছি ৰুচি বিগৰ্হিত নোহোৱা বাবেই হ’বলা সেইখন তেনেকৈয়ে এৰি থৈ গ’ল। আমাৰ ক্লাছৰ ছাত্ৰ এজন সেই নিৰ্বাচনত থিয় হৈছিল। তেওঁৰ নামেৰে লিখা বাক্য কেইশাৰী কেনেবাকৈ মনত থাকি গ’ল। ছাত্ৰজনৰ নাম উহ্য ৰাখি কথাখিনি লিখিলো— ‘ভোট দিবা দিবা কাক, অমুক বৰুৱাক? অমুক পাইতাৰাৰ নুগুছে পিয়াহ হে অভাগিনী ভোটেৰে তোমাৰ।’

 কলেজ এৰাৰ সুদীৰ্ঘ পঞ্চল্লিশ বছৰ পিছত অমুক বৰুৱাৰ লগত হঠাতে দেখা বিয়া এখনত। দৰা তেওঁৰ ভাগিন, কইনা মোৰ ভাগিনী। সাউত কৰে প'ষ্টাৰত লিখা বাক্য কেইশাৰীলৈ মনত পৰিছিল।

 আমাৰ সময়ত নিৰ্বাচন হৈছিল Proportional representation by means of the Single Transferable Vote System নামৰ এক জটিল পদ্ধতিৰ দ্বাৰা। গণনাত প্ৰথম পছন্দৰ ভোটেৰে মই জিকি যোৱাৰ পাছত বুজা গৈছিল যে কেৱল ছাত্ৰীৰে নহয়, বুজন সংখ্যক ছাত্ৰৰো প্ৰথম ভোটটো পাইছিলো। কেইজনমান ধেমেলীয়া ল’ৰাই সেইসকল ছাত্ৰক উদ্দেশি কৈছিল— ‘হেৰ, গাৰ্লছ কমন ৰুমৰ ছেক্ৰেটাৰী নিৰ্বাচন কৰি তহঁতৰ কি লাভ হ’ব?’

 ১৯৪৯-৫০ বছৰটোৰ বাবে কটন কলেজ ইউনিয়ন ছ’চাইটিৰ সাধাৰণ সম্পাদক হিচাপে [ ১১০ ] নিৰ্বাচিত হৈছিল নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিয়া মহেন্দ্ৰ বৰা। পৰৱৰ্তীকালত এৱেঁই হৈছিল প্ৰথিতযশা কবি-সাহিত্যিক, অধ্যাপক আৰু অসম সাহিত্য সভাৰ সভাপতি। তেওঁৰ সাহিত্য প্ৰতিভা বিকশিত হৈছিল স্কুল জীৱনতে। নিৰ্বাচনৰ আগে আগে এটা বৰ মজাৰ কাহিনী শুনিছিলো। ইংৰাজী ক’ব পৰা বাবেও হেনো মহেন্দ্ৰক ইউনিয়নৰ সাধাৰণ সম্পাদক হোৱাটো বিচাৰিছিল সকলোৱে। অসমীয়া মানুহে ইংৰাজী ক’ব নাজানে বুলি বদনাম এটা আছে। অসমৰ পৰা নিৰ্বাচিত এগৰাকী সাংসদক হেনো জৱাহৰলাল নেহৰুৱে সুধিছিল—‘How do you do?’ তেওঁ টপৰাই উত্তৰ দিছিল— ‘I am doing nothing.’ নেহৰুৱে কৈছিল— ‘Then do something.’ কথাষাৰ কোনোবা ৰসিকৰ মস্তিষ্কপ্ৰসূত যেন লাগে। অৱশ্যে লোকসভাত অসমৰ সাংসদসকল বোবা হৈ বহি থকাৰ বদনাম এতিয়াও আছে। ব্যতিক্ৰম আছিল হেম বৰুৱা।

 আমাৰ কাৰ্যকালত কলেজ সপ্তাহলৈ আমন্ত্ৰণ কৰি আনিছিলো হেম বৰুৱাদেৱক। তেওঁৰ পাণ্ডিত্য আৰু বাগ্মীতাই প্ৰথম দৰ্শনতে আমাক মুগ্ধ কৰিছিল। একেদৰে অম্বিকাগিৰি ৰায়চৌধুৰী, জ্ঞানদাভিৰাম বৰুৱা, ৰঘুনাথ চৌধাৰী প্ৰমুখ্যে কেইবাগৰাকী খ্যাতনামা ব্যক্তিকো পাইছিলো ওচৰৰ পৰা। আবেলি হোষ্টেলৰ ছোৱালীবোৰে একেলগ হৈ দীঘলীপুখুৰীৰ বা ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ফুৰিবলৈ যাওঁতে প্ৰায়ে অম্বিকাগিৰি ৰায়চৌধুৰীক লগ পাইছিলো। দলবান্ধি বিশৃংখলভাৱে খোজকঢ়াটো পছন্দ কৰা নাছিল তেওঁ। কম বয়সতে শৃংখলাবদ্ধ হ’ব লাগে বুলি কৈ নিজে থিয় হৈ থাকি দুজনীকৈ শাৰীপাতি মাৰ্চ কৰাৰ ভংগীত খোজ কাঢ়িবলৈ দিহা দিছিল। বাটৰ মানুহে হাঁহে বুলি আমি লাজতে ৰঙা পৰিছিলো। তেওঁ চকুৰ আঁতৰ হোৱাৰ পাছত আকৌ হৈছিলো ছেদেলি-ভেদেলি। মাজে মাজে বাটত ৰখাই বাটৰুৱাই শুনাকৈ অসমকেশৰীয়ে আমাক প্ৰশ্ন কৰিছিল— ‘তোমালোকে লাচিতৰ দৰে সন্তান জন্ম দিব পাৰিবা নে নাই কোৱা?’ উত্তৰ নোপোৱালৈ তেওঁ মুক্তি নিদিছিল। কম বয়সীয়া অবিবাহিতা ছোৱালীৰ বাবে এনে ধৰণৰ প্ৰশ্নৰ উত্তৰ দিয়া কঠিন হ’লেও মুক্তিৰ আশাত এজনীয়ে পাৰিব বুলি কোৱাতহে ৰক্ষা। ছোৱালীজনী বোধকৰো সন্দিকৈ কলেজৰ ছাত্ৰী আছিল। তেওঁক দেখিলেই পলাই ফুৰা আমাক এদিন তেওঁ পাকৰাও কৰিলে। আমাৰ বুকু কঁপি উঠিল। আজি বা আকৌ কাৰ মাক হ’ব লাগে? নাই, সিদিনা কাৰণটো আছিল অন্য। অলপ কুঁজা হৈ খোজকঢ়া ছোৱালী এজনীৰ পিঠিত থপৰিয়াই পোন হৈ খোজ কাঢ়িবলৈ কৈ কৈছিল তেওঁ— ‘তোমালোক মূলা গাভৰুৰ দেশৰ ছোৱালী, কুঁজা হৈ খোজ নাকাঢ়িবা। বীৰাংগনা হোৱা।’ সেই সময়ত তেওঁক এৰাই ফুৰিবলৈ চেষ্টা কৰিছিলো যদিও সেই মুহূৰ্তবোৰৰ স্মৃতি অন্তৰত আপুৰুগীয়া সম্পত্তিৰ দৰে সাঁচি থৈছো।

 এবাৰ এখন মুকলি সভাত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিল— ‘মানুহে মোক বাঙালী বিদ্বেষী মনোভাবৰ মানুহ বুলি কয়, কিন্তু প্ৰথম যৌৱনত যিগৰাকী ছোৱালীৰ প্ৰেমত পৰি কবিতা লিখিছিলো তেওঁ আছিল বাঙালী। সেই জাতিটোৰ প্ৰতি বিশ্বাসঘাতকতা কৰিম এনে নিমখ হাৰাম মই নহওঁ।’ শ্ৰোতাসকলৰ মাজৰ পৰা এজনে প্ৰশ্ন কৰিছিল— ‘কোন সেইগৰাকী?’

 তাৎক্ষণিক উত্তৰ আছিল— ‘বিদ্যুৎলতা।’

[ ১১১ ]  ১৯৭৩ ৰ পৰা ১৯৯১ চনলৈ আমাৰ কলিকতাবাসৰ সময়ত ঘৰৰ কাষত জীয়েকৰ সৈতে আছিল বিদ্যুৎলতা নামৰ এগৰাকী কবি। হয়তো তেঁৱেই আছিল অসমকেশৰীৰ প্ৰাণত প্ৰেমৰ জোঁৱাৰ তোলা সেই নাৰী। সুধিবলৈ সাহ নহ'ল।


দুটা উল্লেখযোগ্য ঘটনা

আমি কটন কলেজ ইউনিয়ন ছ'চাইটিৰ সদস্য হৈ থকা কাৰ্যকালত দুটা অবিস্মৰণীয় ঘটনা ঘটিছিল। ১৯৫০ চনৰ ১৫ আগষ্টৰ দিনা সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা কঁপাই হৈছিল এক বিধ্বংসী ভূঁইকঁপ। যাৰ ফলত অসমৰ বহু ভৌগোলিক পৰিবৰ্তন হয়। প্ৰথম প্ৰধান খুন্দাটোৰ পাছত দহ-পোন্ধৰ মিনিটৰ মূৰে মূৰে যিবোৰ কঁপনি উঠিছিল তাৰ প্ৰতিটোৱে আছিল হৃদপিণ্ড স্তব্ধকাৰী। ভূঁইকঁপ ভীতি মোৰ মনত এনেকৈ শিপালে যে আজিও ৰাতি মই শুবলৈ যোৱাৰ আগতে বিছনাৰ পৰা দুৱাৰলৈকে যোৱা বাটটো মুকলি কৰি থওঁ যাতে কঁপনি উঠিলেই বিছনাৰ পৰা জাঁপ মাৰি নামি বাহিৰলৈ ওলাই যাব পাৰো।

 দ্বিতীয় ডাঙৰ ঘটনাটো আছিল ছাত্ৰ আন্দোলন। আমাৰ গৰমৰ বন্ধৰ ভিতৰত অসম চৰকাৰে কেইটামান সিদ্ধান্ত লৈছিল। (১) কলেজৰ মাচুল বৃদ্ধি, (২) ছাত্ৰাবাসবোৰতো মাহিলী দিবলগীয়া মাচুলৰ হাৰ বৃদ্ধি, (৩) কলা আৰু বিজ্ঞান দুয়োটা শাখাত আসনৰ সংখ্যা হ্ৰাস। আমাৰ মানত এই সিদ্ধান্ত আছিল অগণতান্ত্ৰিক আৰু শিক্ষা বিস্তাৰ নীতিৰ পৰিপন্থী। গতিকে ইয়াৰ বিৰোধিতা কৰাৰ প্ৰয়োজনবোধ কৰা হ’ল। মহেন্দ্ৰ বৰাৰ নেতৃত্বত এটা সঁজাতী দল তেতিয়াৰ ৰাজধানী শ্বিলঙলৈ গ’ল যদিও চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি নাপালো। ছাত্ৰ সমাজৰ একাংশই প্ৰস্তাৱ দাঙি ধৰিলে যে এই অন্যায় সিদ্ধান্ত তুলি নল’লে কটন কলেজৰ কাম-কাজ অচল কৰি দিয়া হ’ব। এই প্ৰস্তাৱ কাৰ্যকৰী কৰিবলৈ গঠন কৰা হ’ল এখন সংগ্ৰাম পৰিষদ।

 ধৰ্মঘট আৰু শ্ৰেণীবৰ্জন কৰা হ’ল। প্ৰভাৱশালী ব্যক্তিসকলৰ হস্তক্ষেপ বিচাৰি আগবঢ়া হ’ল যদিও লাভ নহ’ল একো। চৰকাৰেও আন্দোলন দমাবলৈ হেঁচা প্ৰয়োগ কৰিলে৷ আমাৰ প্ৰতিযোগিতামূলক বৃত্তিবোৰ বন্ধ কৰিলে, ছাত্ৰাবাসবোৰৰ মেছ বন্ধ কৰিলে ইত্যাদি। তাৰ পিছত কলেজ বন্ধ কৰি দিলে অনিৰ্দিষ্ট কাললৈ। সংগ্ৰাম পৰিষদেও অনিৰ্দিষ্ট কাললৈ অনশন-ধৰ্মঘট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে।

 সেইমতে এদিন ত্ৰিশ-একত্ৰিশজনীয়া ছাত্ৰৰ দল এটাই কলেজৰ প্ৰশাসনীয় ভৱনৰ (বৰ্তমানে ঐতিহ্যপূৰ্ণ ভৱনটো ভাঙি সেই স্থানত কংক্ৰীটৰ বিল্ডিং সাজিছে) আগফালৰ বাৰাণ্ডাখনত আৰম্ভ কৰিলে অনশন ধৰ্মঘট। দলপতি মহেন্দ্ৰ বৰাৰ উপৰি অনশনকাৰীসকলৰ মাজত দুলাল খাওণ্ড, অৰুণ তামুলী, সদা শ‍ইকীয়া, চৈয়দ মেৰাজ হুছেইন, ৰোহিনী কাকতি আৰু ৰণেন বৰুৱাক মনত পৰিছে। ৰণেনক দেখি আমি হতভম্ব। তেওঁ আছিল ৰঙিয়াল স্বভাৱৰ। ব’টানী প্ৰেকটিকেল ক্লাছত ছাৰে আমাক কাম কৰিবলৈ দি ওলাই যোৱাৰ পিছত ৰণেনে ফুচুৰি কথা কৈ আৰু জনপ্ৰিয় হিন্দী গানবোৰ নিভাঁজ অসমীয়া আৰু কামৰূপীয়া [ ১১২ ]

অতুল দত্ত ছাৰৰ ঘৰত

[ ১১৩ ] অসমীয়ালৈ ভাঙনি কৰি একে সুৰতে গাই আমাক দিছিল অনাবিল আনন্দ। সেইজনা ৰণেন যে বিস্ফোৰক পদাৰ্থৰে গঠিত, অনশনকাৰী দলটোৰ মাজত তেওঁক দেখি জানিব পাৰিলো। সঁচাকৈয়ে appearences are deceptive. অনশনৰ চতুৰ্থ দিনা ৰণেন অজ্ঞান হোৱাত ডাক্তৰ আহিল বেজী দিবলৈ। হঠাতে জ্ঞান পাই তেওঁ সুধিলে ছিৰিঞ্জটোত কি আছে। ডাক্তৰে গ্লুকোজ বুলি কোৱাৰ লগে লগে ৰণেনে ইমান জোৰে ডাক্তৰক ঘোঁচা এটা মাৰিলে যে বেচেৰা কেইবা হাত দূৰত ছিটিকি পৰিল।

 অনশনকাৰীসকলক দিনে-নিশাই পৰ দি থকা ছাত্ৰসকলক আমি মাজে মাজে খোৱা-বস্তুৰ যোগান ধৰিছিলো। অধিকাংশ অভিভাৱকে ছাত্ৰ আন্দোলনৰ বিৰোধিতা কৰিছিল স্বাভাৱিক কাৰণতে। তেওঁলোকৰ ভয় সন্তানৰ ভৱিষ্যৎ নষ্ট হোৱাৰ। এনে অৱস্থাত প্ৰকাশ্যে ছাত্ৰসকললৈ ঘৰতে ৰান্ধি আহাৰ যোগোৱা সহজ কাম নাছিল। কিন্তু ইচ্ছা থাকিলে উপায় ওলায়। সেই কেইদিন হোষ্টেলৰ পৰা আহি মই ডাঙৰ খুৰাৰ ঘৰত আছিলো। তেওঁৰ জীয়ৰী গীতা আৰু মই দুয়ো ঘৰৰ সকলোৱে খাই-বই শোৱাৰ পিছত চোৰৰ দৰে হাতত সাৰে ভৰিত সাৰে উঠি গৈ ৰান্ধনী ঘৰত সোমাইছিলো। খৰিৰ জুই জ্বলাই ঘাইকৈ গীতাই ৰুটি-ভাজি বনাইছিল আৰু মই আছিলো পহৰাদাৰ। টিফিন কেৰিয়াৰৰ বাটিত ভৰোৱা খাদ্যখিনি বাহিৰৰ বাৰাণ্ডাত নিঃশব্দে থৈ আহিছিলো। নিৰ্দিষ্ট সময়ত ল’ৰাহঁতে লৈ গৈছিল কেৰিয়াৰটো।

 আন্দোলন চলাবলৈ লাগিল টকা। আমাৰ যুগত আজিৰ দৰে অভিভাৱকে ল’ৰা-ছোৱালীক পকেট মানি দিয়া নাছিল। কোনে কেনেকৈ ফাণ্ডত টকা দিছিল মনত নাই। গীতা আৰু মই দুয়ো সোণাৰীৰ দোকানলৈ গৈ আমি পিন্ধি থকা হাৰৰ পিছফালৰ পৰা একাংশ কাটি বেচিছিলো। আমাৰ হাৰবোৰ যে অলপ চুটি হ’ল ঘৰৰ কোনেও মন কৰা নাছিল।

 ছাত্ৰসকলৰ দাবী সমৰ্থন কৰি হেম বৰুৱা, লক্ষ্যধৰ চৌধুৰী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে চৰকাৰৰ শিক্ষা সংকোচন নীতিৰ সমালোচনা কৰিছিল। অনশন চলি থকা অৱস্থাত এদিন মাজনিশা কংগ্ৰেছৰ এগৰাকী বিশিষ্ট নেতাই মৌসনা মিঠা মাতেৰে ছাত্ৰসকলক বুজালে যে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত তুলি লবলৈ সময় লাগে। সিমান দিনলৈ উঠি অহা ডেকাসকলক কোনেও নেখাই মৰিবলৈ দিব নোৱাৰে। তেওঁ সকলো দায়িত্ব মূৰ পাতি লৈ ল’ৰাহঁতক অনশন ভংগ কৰিবলৈ কোৱাত টেঙৰ ৰাজনীতিকৰ কথাত ভোল গৈ অনশন ভংগ কৰিলে বোধকৰো পঞ্চম দিনা। একাংশ ছাত্ৰই এই সিদ্ধান্ত সমৰ্থন কৰা নাছিল। তেওঁলোকৰ কথা সঠিক আছিল, কিয়নো কিছুদিনৰ ভিতৰতে বুজা গ’ল যে আন্দোলন সফল নহ’ল। নেতাজনকো বিচাৰি পোৱা নগ’ল।

 আন্দোলন সফল নহ’ল যদিও এই সময়তে মহেন্দ্ৰ বৰা আৰু গীতাৰ মাজত গঢ়ি উঠিল এটা মধুৰ সম্পৰ্ক। ঘৰৰ মানুহে ঘুনুক-ঘানাককৈ জানিব পাৰি বিমৰ্ষ হ’ল। তাইলৈ তেতিয়া বিলাত ফেৰৎ ইঞ্জিনীয়াৰ দৰা ওলাইছিল। তেতিয়াৰ দিনত (হয়তো আজিও) বিলাতত শিক্ষা গ্ৰহণ কৰা দৰা পোৱা ভাগ্যৰ কথা আছিল। ‘হীৰাৰ টুকুৰা’হেন পাত্ৰজনক বিদায় দিবলগীয়া হ’ল বি এ পঢ়া ল’ৰা এজনৰ বাবে। সেই ‘সৌভাগ্যক’ ভৰিৰে গচকি গীতাবায়ে আগবাঢ়িছিল, সকলোৰে ধাৰণাত এক ‘অন্ধকাৰ ভৱিষ্যত’ লৈ। অৱশেষত সেইজন ব্যক্তিয়েই [ ১১৪ ] হীৰাৰ টুকুৰা হৈ অসমৰ সাহিত্য জগতখন উজলালে। নিঃসন্দেহে গীতাবা আছিল মণি-মুকুতা চিনিব পৰা এজনী পকা জুহুৰী।

 ধৰ্মঘটত ভাগ লোৱা ছাত্ৰসকলৰ প্ৰায় আটাইকেইজনে সুখ্যাতিৰে স্নাতক হোৱাৰ পিছত কেইজনমান গৈছিল অধ্যক্ষ শ্ৰীনাথ চক্ৰৱৰ্তীক দেখা কৰিবলৈ। তেওঁলোকক মৰমতে সাবটি ধৰি ছাৰে কৈছিল— ‘মই জনা নাছিলো যে তোমালোক পঢ়া-শুনাতো ইমান ভাল।’ জীৱনত সফল হ’বলৈ তেওঁ সকলোকে আশীৰ্বাদ কৰিছিল।

 শিক্ষকসকলৰ তেতিয়াৰ দিনত দৰমহা বৰ কম হোৱা সত্ত্বেও তেওঁলোকে বিদ্যা বেচি অৰ্থ উপাৰ্জন কৰা নাছিল। কিবা জানিবলগীয়া বা বুজিবলগীয়া পাঠ থাকিলে তেওঁলোকে ক্লাছৰ পাছত নাইবা ঘৰলৈ মাতি নি বিনামূলীয়াকৈ পঢ়াইছিল। ঘৰলৈ গ'লে আমাৰ লাভ হৈছিল বেছি। ছাৰৰ গৃহিণী বাইদেউহঁতে ঘৰতে তৈয়াৰ কৰা সুখাদ্য খুৱাই আমাৰ ৰসনাক তৃপ্ত কৰিছিল। অতুল দত্ত ছাৰৰ ঘৰলৈ প্ৰায়ে গৈছিলো। ফটোগ্ৰাফী তেওঁৰ হবি আছিল। বাইদেৱে কৰা কেঁচা অমিতাৰ হালুৱা খাই থকা অৱস্থাত ফটো তুলি ছাৰে কৈছিল— ‘পোন্ধৰ বছৰ পিছত এই ছবিখন তোমালোকৰ বেছি ভাল লাগিব।’ আজি ষাঠি বছৰ পিছত সেই ছবিয়ে ছাৰ আৰু বাইদেউলৈ মনত পেলায়। মনত পেলায় মুক্ত কলেজীয়া জীৱনলৈ।


অঁকৰা মইনা পাৰ্টি

কিমান স্মৃতিয়ে যে আগুৰি ধৰিছে! বৰ অঁকৰা আছিলো আমি। সেই কথা মনত পেলাই অঁকৰা মইনা পাৰ্টিৰ মেম্বাৰসকলে আজিও আমোদ কৰো। কলেজৰ প্ৰথম বাৰ্ষিক শ্ৰেণীৰ ছাত্ৰী। মায়া কুণ্ডু আৰু মই বাহিৰৰ পৰা আহিছো, গুৱাহাটীৰ বাট-ঘাট একো চিনি নাপাও। অফ্ পিৰিয়ডত দুয়ো ওলালো পাণবজাৰখন এক্সপ্ল’ৰ কৰিবলৈ। চাৰিআলিত চতুৰ্থ বৰ্ষৰ প্ৰমোদিনী বাইদেৱে আমাক ঘামি জামি ৰঙা পৰা দেখি কাষতে থকা জামাতুল্লা নামৰ দোকানখনলৈ আঙুলিয়াই তাত কোল্ড কিবা এটা খাবলৈ ক’লে। বস্তুটোৰ নাম আমি তেতিয়ালৈ শুনিয়ে পোৱা নাই, খোৱা দূৰৈৰ কথা। দুটা শব্দেৰে গঠিত বস্তুটোৰ নামৰ আধাহে মনত থাকিল, খাওঁ কেনেকৈ। ভাবিলো আমাৰ সহপাঠী বান্ধৱী অনুসূয়া, মণি আৰু তুলতুল গুৱাহাটীৰ ছোৱালী, সিহঁতে নিশ্চয় জানিব। পিছে সিহঁতেও কোল্ড কিবা খাই পোৱা নাই। দুদিনমান পাঁচোজনীৰ মাজত গৱেষণা চলিল।

 স্কুলত পঢ়ি থাকোতে কলকাতাত এবাৰ আইচক্ৰীম খাইছিলো। দোকানত আইচক্ৰীমৰ বাহিৰে নো কি কোল্ড বস্তু পোৱা যায়! আইচক্ৰীমেই হ’ব। আইচ তো কোল্ডেই। গুৱাহাটীত আইচক ছাগৈ কোল্ড কয়। পাঁচোজনী একমত হ’লো। ধাৰণা হ’ল যে পৃথিৱীৰ এক বিৰাট ৰহস্য উদ্ঘাটন কৰিলো। আবিষ্কাৰৰ আনন্দই আমাক সপ্তম স্বৰ্গ পোৱালে। বীৰদৰ্পে জামাতুল্লাত সোমাই আইচক প্ৰমোদিনী বাইদেৱে কোল্ড বুলি কোৱা বাবে দোকানীক ক’লো কোল্ড ক্ৰীম দিবলৈ। প্ৰৌঢ় দোকানীজনে উলিয়াই দিলে জাৰকালি মুখত ঘঁহা সৰু কোল্ড ক্ৰীমৰ বটল এটা। নিজৰ মুৰ্খামিত নিজে বুৰ্বক বনি গ’লেও মগজুত কিছু বুদ্ধিৰ উদয় হ’ল। শ্বেলফত [ ১১৫ ] কোল্ড ক্ৰীমৰ ডাঙৰ বটল এটা নেদেখি ক’লো সৰুটো নালাগে। মানুহজনে ভিতৰত আছে বুলি আনিবলৈ যাওঁতে আমি পলাই ফাট মাৰিলো। আজিৰ শিশু এটায়ো শুনি আচৰিত হ’ব গুৱাহাটীত তেতিয়া আইচক্ৰীম পোৱা নগৈছিল। আইচক্ৰীম বিচাৰি পাণবজাৰ চলাথ কৰাৰ সময়তে এদিন শ্বেখ ব্ৰাদাৰ্ছত সোমাই আইচক্ৰীম বিচৰাত দোকানীয়ে থকা বুলি কৈ ভিতৰৰ পৰা কাগজৰ টোপোলা এটা আনি দিলে। টোপোলাত আইচক্ৰীম, অলপ আচৰিতেই হ’লো। কলকাতাৰ আইচক্ৰীমলৈ মনত পৰিল। ভাবিলো কলকাতা মহানগৰী, তাতে তেতিয়া আছিল ব্ৰিটিছৰ অধীন। তাৰ তুলনাত গুৱাহাটী এখন গাঁও। কাৰ লগত কাৰ তুলনা! ইয়াত আইচক্ৰীম বাতৰি কাকতেৰে নিশ্চয় মেৰিয়াই দিয়ে। হাতত লৈ টিপি চাই কিবা বেলেগ বস্তু যেন লাগিল। বস্তুটোৰ দাম আছিল এসিকি অৰ্থাৎ পঁচিশ পইচা। দাম দি কমনৰুমলৈ উভতি আহিলো। পাঁচ বাজি গৈছিল, কোঠাত আন কোনো নাই আমি পাঁচজনীৰ বাহিৰে। টোপোলাটোৰ মাজত সৰু পাওৰুটি এটা দেখি হাঁহিম নে কান্দিম বুজি নাপাই হাঁহি হাঁহিয়ে কান্দিলো। ভোক লাগিছিল।সেইটোকেই চিঙি পাঁচোজনীয়ে খাই কলেজৰ পৰা ওলাই আহিলো হতাশ হৈ। আজিও শ্বেখ ব্ৰাদাৰ্ছলৈ গ’লে ভাবো দোকানীজনে কিয় আমাৰ লগত নিষ্ঠুৰ ধেমালিখন কৰিছিল।

 কোল্ড ক্ৰীমৰ ঘটনাটোৰ পাছত আমি জামাতুল্লালৈ যোৱা বাদেই দিছিলো, পিছে ইটো-সিটো বস্তুৰ বাবে কলেজৰ নিকটতম দোকানখনলৈ যাবলৈ বাধ্য হৈছিলো। এদিন কিবা এটা কিনি থাকোতে চতুৰ্থ বাৰ্ষিক শ্ৰেণীৰ চাৰিগৰাকী বাইদেউ সোমাল। তেওঁলোকৰ ভিতৰত আছিল শান্তি চলিহা বাইদেউ। ফিগাৰে-চিগাৰে অতি ধুনীয়া বাইদেউজনীয়ে এসময়ত কলকাতাতো পঢ়িছিল। তেওঁৰ সমসাময়িক কলকাতাৰ দুগৰাকীমান মানুহে এতিয়াও বাইদেউৰ ৰূপৰ কথা সোঁৱৰে। দোকানত সোমাই চাৰিজনী বাইদেৱে ‘কোল্ড ড্ৰিংক’ৰ অৰ্ডাৰ দিয়াত আমি উচপ খাই উঠিলো। বহুমূলীয়া হেৰোৱা বস্তু এটা বিচাৰি পোৱাৰ আনন্দই আমাক উতলা কৰিলে। কোল্ড ক্ৰীমো নহয় আইচক্ৰীমো নহয় কোল্ড ড্ৰিংক বস্তুটো নো কি নেদেখা ভাও জুৰি চাই থাকিলো। যি কোল্ড কিবাটোৰ বাবে আমি গৱেষণা কৰিবলগীয়া হৈছিলো, দোকানে দোকানে ঘূৰি-ফুৰি বস্তুটো বিচাৰি নেপাই পাওৰুটি এটাকে আইচক্ৰীম বুলি লৈ ভোকতে খাবলগীয়া হৈছিলো, সেই কোল্ড ড্ৰিংক চকুৰ আগত দেখি নিজকে অঁকৰা মইনা নাম্বাৰ ওৱান যেন লাগিল। আমি ঘৰত খোৱা লেমোনেড বা চৰবৎ আৰু কোল্ড ড্ৰিংকৰ পাৰ্থক্য হিচাপে কোল্ড ড্ৰিংকত বৰফ দেখা পালো। তেতিয়াৰ দিনত ঘৰে ঘৰে ফ্ৰীজ নথকা বাবে বৰফ আছিল দুষ্প্ৰাপ্য। জামাতুল্লাৰ লেমোনেডেই সেয়েহে ছফিছটিকেটেড নাম পালে কোল্ড ড্ৰিংক। আজিকালি লেমোনেড নামৰ পানীয়বিধ বোধকৰো নোহোৱা হ’ল।

 কোল্ড ড্ৰিংকৰ আকৰ্ষণে প্ৰতিদিনে আমাক অফ পিৰিয়ডত জামাতুল্লালৈ টানি নিছিল। আমিয়ে বোধকৰো আছিলো তেওঁলোকৰ নিয়মীয়া কাষ্টমাৰ। সেইবিধ পানীয় সকলোৱে থিয়ৈ থিয়ৈ খায় যদিও মূল্যৱান ক্ৰেতাৰ মৰ্যাদা লাভ কৰা আমি কেইজনীয়ে মেনেজাৰৰ টেবুলত বহি পিবলৈ সুযোগ পাইছিলো। আমাৰ এটা বিশেষত্ব আছিল কোল্ড ড্ৰিংক খোৱাৰ [ ১১৬ ] সময়ত কোল্ড ক্ৰীমৰ কথা মনত পেলাই খিলখিলকৈ হাঁহিছিলো। এদিন হাঁহি ৰখাবলৈ যাওঁতে মায়াৰ মুখৰ পৰা ফোৱাৰাৰ দৰে ড্ৰিংক ছিটিকি আহি মেনেজাৰৰ টেবুলৰ ফাইল, কাগজ-পত্ৰ তিয়াই পেলোৱাত মেনেজাৰজনে নাকী সুৰত কৈছিল— ‘তোঁমালোকৰ ব্যৱহাৰ পাতি সঁকলো ভাল, কেৱল পাঁনী খাবৰ সময়ত হাহাঁ।’ তেওঁতো গম নাপালে যে অঁকৰাই বাৰে বাৰে হাঁহে নিজৰ অঁকৰামিলৈ মনত পেলাই।


অভিজ্ঞতা বুটলিলো

আন এটা মজাৰ কথা কোৱা যাওক। হঠাতে এদিন শুনিলো মুছলিম ছাত্ৰাবাসৰ ল’ৰা এজনক পৰীয়ে টানি লৈ গ’ল। পৰীসকল সুন্দৰী, ল’ৰাজনো সুন্দৰ। তাই আহিলে ‘নিলে নিলে’ বুলি ল’ৰাজনে পৰিত্ৰাহি চিঞৰ মাৰে। নোযোৱাকৈ থাকিবও নোৱাৰে। কলেজত হুলস্থুলীয়া পৰিবেশ। তেওঁৰ ৰুমমেটজন ভয়তে আন এটা কোঠালৈ যোৱাৰ পাছত পাৱাল সাহসী ল’ৰা এজন সেই কোঠাটোলৈ আহিল। পৰীজনীক নিজ চকুৰে চোৱাৰ মন তেওঁৰ। পিছে গাৰুত মূৰটো থোৱাৰ লগে লগে নাক বজাই দুৰ্ঘোৰ টোপনিত লালকাল হয় এওঁ। সিফালে পৰীয়ে আনজনক টানি লৈ যায়। মৌলবীয়ে পৰীক্ষা কৰি ক’লে ল’ৰাজনক জিনে লম্ভিছে। জৰা-ফুকাও কৰিলে। বহু বছৰৰ মূৰত শুনিলো পৰীৰ দেশ স্কটলেণ্ড পালেগৈ তেওঁ। পৰীজনীয়ে তালৈ লৈ গ’ল হ’বলা।

 কলেজ জীৱনৰ প্ৰথম দুবছৰ আমি ছাত্ৰীসকলে ছাৰ নহালৈকে শ্ৰেণী কোঠাৰ দুৱাৰমুখত থিয় হৈ থাকিছিলো আৰু ক্লাছ শেষ হোৱাৰ পাছত আমি ওলাই যোৱাৰ পিছতহে ছাৰ গৈছিল। ল’ৰাৰ লগত পঢ়িলেও ল’ৰাৰ লগত কথা কোৱা নিয়ম নাছিল। বহিছিলো আছুতীয়াকৈ ৰখা বেঞ্চত। ফিজিক্স, কেমেষ্ট্ৰি ক্লাছৰ গেলেৰীৰ প্ৰথম শাৰীটো আছিল ছাত্ৰীসকলৰ বাবে ৰিজাৰ্ভ কৰা। সৌ সিদিনা সম্পৰ্কীয় নাতিনী এজনীয়ে মোৰ এই কথাবোৰ শুনি হাঁহি মৰিছে। এতিয়া হেনো সিহঁতে একেলগে বহে, কথা পাতে, আড্ডা মাৰে। আচুতীয়াকৰণ নীতি নাই।

 সচৰাচৰ ভবা বা কোৱাৰ দৰে Old is gold বাক্যশাৰীত মই বিশ্বাসী নহওঁ। আগৰ ৰক্ষণশীল সমাজখনৰ অনেকৰ মনবোৰ আছিল অত্যন্ত ঠেক। এওঁলোক স্ত্ৰী-পুৰুষৰ মাজৰ এটা মাথোঁ সম্পৰ্কৰ বিষয়েহে অৱগত আছিল। আজিৰ মানুহৰ মনবোৰ তুলনামূলকভাৱে বহল হৈছে, যুক্তিবাদী হৈছে। ছাত্ৰ জীৱনত এই বিষয়ে বহু তিতা-কেঁহা অভিজ্ঞতা বুটলিছো। কথা এষাৰ আছে— ‘তিলকে তাল কৰা’ নাইবা বাংলাভাষাত ‘যা ৰটে তাৰ কিছুটা বটে’ অৰ্থাৎ ৰটনাৰ কেন্দ্ৰ বিন্দুত অলপ হ’লেও সত্যতা থাকি যায়। এই দুয়োটা প্ৰবাদ বাক্য যে ভিত্তিহীন হ’ব পাৰে, বৌদ্ধিক দিশৰ পৰা অসমৰ প্ৰাণকেন্দ্ৰ কটন কলেজত সোমোৱাৰ পাছত মৰ্মে মৰ্মে উপলব্ধি কৰিছিলো। ছাত্ৰীৰ সান্নিধ্য বিচাৰি বঞ্চিত হোৱা কিছুমান ছাত্ৰ ইমানে বিকৃতমনা আৰু প্ৰতিহিংসা পৰায়ণ আছিল যে অন্যায়ভাৱে তেওঁলোকৰ নামত মিছা অপবাদ ৰটনা কৰি চৰিত্ৰ হনন কৰাই নহয়, ওপৰ মহলত সেইসকল ছাত্ৰীৰ বিৰুদ্ধে [ ১১৭ ] চকিদাৰক ভেটী দি গোচৰ পৰ্যন্ত তৰিছিল। কেৱল কটন কলেজৰ ছাত্ৰীৰ বিৰুদ্ধেই নহয়, সন্দিকৈ কলেজৰ ছাত্ৰীকো লগত সাঙুৰিছিল। তাতোকৈ আচৰিত কথা কলেজৰ উচ্চ আসনত অধিষ্ঠিত এজন ব্যক্তিয়ে চকিদাৰৰ কথাকে বিশ্বাসযোগ্য বুলি ধৰি লৈছিল। পিছে বিচাৰ-বুদ্ধিসম্পন্ন ব্যক্তি নথকা নহয়। তেওঁৰ হস্তক্ষেপত চকিদাৰে ভেটী খোৱা কথাষাৰ ওলাই পৰে। মোৰ দীঘলীয়া জীৱনটোৰ অভিজ্ঞতাৰ ভিত্তিত ডাঠিকৈ ক'ব পাৰো যে পুথিগত বিদ্যা অৰ্জন কৰি শিক্ষাজগতৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ নামটো জিলিকাই তোলা ব্যক্তিও মানসিকতাৰ ফালৰ পৰা হ’ব পাৰে নিকৃষ্টতম। নামৰ আগে পিছে দীঘল দীঘল ডিগ্ৰী লগালেই মানুহ প্ৰকৃতাৰ্থত শিক্ষিত, সংস্কৃতিবান হ’ব নোৱাৰে। আশাৰ কথা, আজিৰ শিক্ষিতসকলৰ মাজত বিবেকশূন্য, যুক্তিহীন আৰু ৰক্ষণশীলৰ সংখ্যা কমি আহিছে।


ফুচুৰি গোসাই

আমাৰ সহপাঠীসকলৰ ভিতৰৰ অনেকেই পৰৱৰ্তী জীৱনত সুপ্ৰতিষ্ঠিত হৈছে। তাৰে কেইগৰাকীমানৰ সৈতে আজিও যোগাযোগ ৰক্ষা কৰি আছো। ইতিমধ্যে চিৰদিনৰ বাবে আঁতৰি গৈছে কেইবাজনো। আমিও লাইনত থিয় দি আছো। যিজনলৈ মনত পৰিলে দুখতো হাঁহি উঠে তেওঁ হ’ল মহম্মদ নৰেন্দ্ৰ নাথ গোস্বামী। নামটো শুনি পাঠক হয়তো চক খাই উঠিব। গোস্বামী কেতিয়াবা মহম্মদ হয় নে? হয়। শুৱালকুছিৰ পৰা অহা এই ছাত্ৰজনে কলেজৰ প্ৰথম দুটা বছৰ সকলোকে নিৰ্মল আনন্দৰ যোগান ধৰিছিল। এনে ৰসজ্ঞ আৰু মন্তব্য দিয়াত পাকৈত আছিল যে ক্লাছৰ ছাত্ৰ-ছাত্ৰী সকলোৰে তেওঁ প্ৰিয় হৈ উঠিছিল। আনকি ছাৰহঁতেও তেওঁক দেখিলে মিচিকিয়াই হাঁহিছিল। তেওঁ জনাজাত আছিল ‘ফুচুৰি গোসাই’ নামেৰে। গোসাইৰ কথা কোৱাৰ ধৰণ, মুখৰ অভিব্যক্তি, চাল-চলন দেখিলে অসমীয়া বৈশিষ্ট্য অক্ষুণ্ণ ৰখা এগৰাকী চাৰ্লি চেপলিন যেন লাগিছিল।কৌতুকাভিনেতা হ’লে তেওঁ বিখ্যাত হ’ব পাৰিলেহেঁতেন। পিছে তেওঁ যোগ দিছিল ৰেলসেৱাত। মহম্মদ নৰেন্দ্ৰ নাথ গোস্বামী তেওঁ কেনেকৈ হ’ল কওঁ। খুহুটিয়া কথা কৈ আমাক হঁহুৱাবলৈ তেওঁ প্ৰায়ে বহিছিল ছাত্ৰীৰ বাবে সংৰক্ষিত আসনৰ পিছফালে। এদিন পেনপেনাই বক্তৃতা দি থকা অধ্যাপক এজনৰ ক্লাছত ব’ৰ হৈ পেন্সিলেৰে মানুহ এজনৰ মুখ আঁকি আছিলো। গোসায়ে লাহেকৈ কৈ উঠিছিল— ‘হেঃ মানুহজন দেখাত দেখোন নৰেন্দ্ৰ নাথ গোস্বামী হেন হৈছি’। তুলতুলে লাহেকৈ মানুহটোৰ মূৰত ফেজ টুপি আৰু থুতৰিত দীঘলীয়া ডাঢ়ি আঁকি দিছিল। এখন্তেকো পলম নকৰি গোসায়ে কৈ উঠিছিল— ‘মহম্মদ নৰেন্দ্ৰ নাথ গোস্বামী’। আমি কোনোমতে হাঁহি কণ্ট্ৰল কৰিছিলো সিদিনা।

 এদিন আমাৰ ক্লাছৰ ‘চি’ চেকচনৰ ছোৱালী এজনীক তাইৰ আগৰে চিনাকি সহপাঠী ল’ৰা এজনে জোকোৱা বাবে তাই ল’ৰাটোক চেণ্ডেলেৰে কোবোৱাত আটাইকেইটা চেকচনৰ ছাত্ৰসকলে জাঙুৰ খাই উঠি শ্ৰেণী বৰ্জন কৰিছিল। যথাৰীতি আমি ছাত্ৰীসকল ক্লাছত [ ১১৮ ]

কটন কলেজৰ বান্ধৱীসকলৰ সৈতে

[ ১১৯ ] সোমাইছিলো। সোমাইছিল আন কেইবাজনো সাতে-পাঁচে নথকা চোকা ছাত্ৰ। ইফালে সিফালে চাই ফটকৈ সোমাই কোনেও নেদেখাকৈ বহি থাকিল ফুচুৰি গোসাই। ফিজিক্স ক্লাছত ভূমিধৰ চৌধুৰী ছাৰে তেতিয়া ৰোল কল কৰি আছিল। তেওঁ এফালৰ পৰা ৰোল নম্বৰবোৰ মাতি গৈ থাকোতে ফুচুৰিয়ে ক’লে— ‘ছাৰ সকলোৰে নম্বৰ মাতিব নালাগে, যি কেইজন আহিছে তেওঁলোকক উপস্থিত চিন দিয়ক’। ছাৰে নো তেওঁৰ কথা শুনিব নে? ইতিমধ্যে ধৰ্মঘটী ছাত্ৰসকলে বাহিৰৰ পৰা ফুচুৰিক দেখা পাই চিঞৰিবলৈ ধৰিলে— ‘গোস্বামী ওলাই আহক’। গোস্বামীয়ে উচপিচাবলৈ ধৰিলে। তেওঁৰ ২৩৭ নম্বৰটো ছাৰে নামাতেহে নামাতে। অৱশেষত ‘প্ৰেজেণ্ট ছাৰ’ বুলি কৈ একেজাপে ওলাই বাহিৰৰ ল’ৰাজাকক কোৱা শুনিলো— ‘আৰু দহটামান ছাত্ৰ যে বহি আছে সিহঁতক মাত্‌বা নোৱাৰে, দেখা পাইছে এই গোস্বামীকহে।’ তেওঁৰ অৱশ্যে সাতখুন মাফ। ক্লাছত উপস্থিতো হ’ল, শ্ৰেণী বৰ্জনো কৰিলে।

 কলেজৰ প্ৰথম দুটা বছৰ আমি কোনো ল’ৰাৰ লগত কথা নাপাতিলেও গোসাইৰ সৈতে পৰোক্ষভাৱে কথা-বতৰা হৈছিল। আই এছ চিৰ পাছত বহু ছাত্ৰ ডাক্তৰী-ইঞ্জিনীয়াৰিং আদি পঢ়িবলৈ ওলাই গ’ল, ছাত্ৰীসকলৰ মাজৰ পৰা গ'ল মালতী বৰুৱা আৰু বাসন্তী দত্ত ডিব্ৰুগড় মেডিকেল কলেজলৈ। অনুসূয়া চৌধুৰী (পিছত খ্যাতনামা সাংবাদিক তিলক হাজৰিকাৰ পত্নী), মণি দেৱী (কটন কলেজৰ ইংৰাজীৰ অধ্যাপক প্ৰয়াত আনন্দেশ্বৰ শৰ্মাৰ পত্নী), তুলতুল বৰুৱা (সাংবাদিক, লেখিকা তথা গীতিকাৰ -সুৰকাৰ-গায়ক প্ৰয়াত নৱ বৰুৱাৰ পত্নী), মায়া কুণ্ডু (কলকাতাৰ বেথুন কলেজৰ ব’টানিৰ অধ্যাপিকা) আৰু মই বি এছ চিত নাম লগালো। কিবা কামত আমি কলেজৰ অফিচ কোঠাত সোমায়ে দেখিলো গোসাইক। আমাৰ ফালে পিঠি দি তেওঁ ক’বলৈ ধৰিলে— ‘বি এছ চিত ছীট নাপালো। আমাৰ কিবা মাটি নাই না, হাল বাই খাম বাপ্পেকে।’ আমাৰে সৈতে অফিচ কোঠাৰ প্ৰতিজনে গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে। পাছত গম পালো প্ৰতিযোগিতামূলক পৰীক্ষা দি তেওঁ ইতিমধ্যে ৰেলসেৱাত যোগ দিছে।

 ফুচুৰি গোসাইহীন কটন কলেজখনৰ পৰিবেশ বহুদিনলৈ নিমাওমাও হৈ আছিল। তেওঁৰ লগত পোনপটীয়াকৈ কথা পাতিছিলো কেইবাবছৰো পাছত গুৱাহাটীৰ চিনেমা হল এটাত। বিৰতিৰ সময়ত লাইটবোৰ জ্বলি উঠাত সন্মুখৰ আসনত দেখিলো শিশুপুত্ৰ আৰু পত্নীসহ গোসাই ডাঙৰীয়াক। মোৰ লগত আছিল সহপাঠী বান্ধৱী কিৰণ বৰা। হঠাতে স্থান-কাল-বয়স পাহৰি আমি তিনিও হাঁহিবলৈ ধৰিলো। গোসাইৰ পত্নীয়ে এবাৰ আমালৈ এবাৰ স্বামীলৈ চাই অবাক। তেওঁৰ কোলাত থকা শিশুটি আজিৰ জনপ্ৰিয় সাংবাদিক ৰণেন কুমাৰ গোস্বামী। গোসাইৰ জীয়ৰী বেংক বিষয়া ৰুমাই বেংকলৈ গ’লে দেউতাকৰ সহপাঠী বুলি মোক বৰ সহায় কৰে।

 আমাৰ কলকাতাবাসৰ সময়তে শুনিছিলো ফুচুৰি গোসাই আৰু নাই। প্ৰথমতে ভাবিছিলো বোধকৰো তেওঁ নিজৰ মৃত্যুৰ খবৰ নিজেই প্ৰচাৰ কৰিছে, হঠাতে এদিন আমাক হঁহুৱাবলৈ আত্মপ্ৰকাশ কৰিব। পিছে ৰসিক ব্যক্তি এজনক স্বৰ্গৰাজ্যৰ দেৱ-দেৱীসকলৰ সভাত প্ৰয়োজন [ ১২০ ] হোৱা বাবে লৈ গ’ল বোধকৰো। শেষবাৰলৈ তেওঁক লগ পাইছিলো এক মিনিটৰ বাবে কোকৰাঝাৰ ৰে’ল ষ্টেচনত, বোধকৰো ১৯৬৯ চনত। মই পুণেৰ পৰা আহি নমা ৰে’লখনৰ আন এটা দবাত আছিল তেওঁ। মোক প্লেটফৰ্মত দেখি স্বভাৱসুলভ হাঁহি মাৰি মাত লগালে। ৰে’লখন এৰাৰ পাছত নেদেখা হোৱালৈ তেওঁ হাত জোকাৰি আছিল। যেন চিৰ বিদায় ল’লে সিদিনা।

 আমাৰ সহপাঠীসকলৰ ভিতৰৰ প্ৰায় আটায়ে নিজ নিজ জীৱনত সুপ্ৰতিষ্ঠিত হৈছে। এওঁলোকৰ মাজত আছে প্ৰশাসনিক বিষয়া, অধ্যাপক, ডাক্তৰ, ইঞ্জিনীয়াৰ, শিল্পী-সাহিত্যিক, ৰাজনীতিকৰ পৰা মন্ত্ৰীলৈ। ইতিমধ্যে বিদায় মাগিছে অনেকে, বাকীবোৰেও যমৰজাৰ সচিব চিত্ৰগুপ্তৰ ডেক্সত প্ৰয়োজনীয় কাকত-পত্ৰবোৰ ৰেডী হ’লেই যাবগৈ লাগিব। একো একোজন জুইৰ ভেলাত উঠি গুচি যায়, অনুসূয়া, মণি (দুয়ো তাৰিণী চৌধুৰী স্কুলৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী) আৰু মই কোৱাকুই কৰো এইবাৰ কোন উঠিব সেই বাহনত!


মনো মামা

 মনত পৰিছে মনো মামালৈ। মনোৰঞ্জন চৌধুৰী। মাৰ খুৰাক আইনজীৱী তথা স্বাধীনতা সংগ্ৰামী শ্যামচৰণ চৌধুৰীৰ পুত্ৰ। শ্যামচৰণ আতাই ডিব্ৰুগড়ত ওকালতি কৰিছিল আৰু তাৰে ছোৱালী বিয়া কৰাই পৰিয়ালটো ডিব্ৰুগড়বাসী হৈছিল। আবু প্ৰগতিশীল পৰিয়ালৰ জীয়ৰী আছিল আৰু ১৯২৪-২৫ মানত কলকাতাৰ বেথুন কলেজৰ পৰা বি এ পাছ কৰিছিল। ডিব্ৰুগড়ৰ কোনোবা এখন স্কুলত শিক্ষকতাও কৰিছিল তেওঁ। যি কি নহওক মনো মামাও আছিল আন এজন ইণ্টাৰেষ্টিং মানুহ। কটন কলেজত তেওঁ আছিল আমাৰ সহপাঠী। আমি যোৰহাটত থাকোতে মামা প্ৰায়ে ডিব্ৰুগড়ৰ পৰা আহিছিল। তেওঁৰ কণ্ঠত অলপো সুৰ নাথাকিলেও গান শিকা আৰু হাৰমনিয়াম বজোৱাৰ প্ৰতি আছিল অসীম আগ্ৰহ। গীতাবা আছিল তেওঁৰ গানৰ গুৰু। তেতিয়া আমি তিনিও নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী। পূজাৰ বন্ধত মামাই গাবলৈ আৰু বজাবলৈ শিকিলে তেওঁৰ প্ৰিয় গীত ‘জন গন মন অধিনায়ক জয়হে, ভাৰত ভাগ্য বিধাতা’। বজোৱাটো তেওঁৰ আঙুলিস্থ, হাৰমনিয়াৰ কোনটো ৰীড টিপিব লাগে সকলো জানে, কিন্তু সুৰৰ জ্ঞান নথকা বাবে তেওঁৰ গান শুনি হাঁহি মৰিছিলো। অপমানিত বোধ কৰি তেওঁ এদিন ঢলপুৱাতে কাকো নোকোৱাকৈ ওলাই গৈছিল চিঠি এখন লিখি থৈ। চিঠিত লিখি গৈছিল জীৱনতে আমাৰ ঘৰমুৱা নহয় বুলি কিন্তু বাস্তৱত এসপ্তাহৰ মূৰতে আহি উপস্থিত হৈছিল।

 কটন কলেজত সেই সময়ত আমি কেইবাজনো কাজিন ভাই-ভনীয়ে অগাপিচাকৈ পঢ়িছিলো। মনো মামা আমাৰ মামা হোৱাৰ সুবাদত কলেজখনৰে মামা হৈ পৰিছিল। তেওঁ আছিল কথা চহকী আৰু নিজৰ স্বভাৱটোৰ বাবে জনপ্ৰিয়। আমাৰ দেউতা কটনত পঢ়োতে চুডমাৰ্চন চাহাবে তেওঁক কৈছিল— The world is your cousin. আমাৰ সময়ত চাহাব থকা হ’লে মনো মামাক নিশ্চয় ক'লেহেঁতেন— The whole collage is your ভাগিন।

[ ১২১ ]  মেজিষ্ট্ৰেট হৈ অৱসৰ গ্ৰহণ কৰা মামাই ডিব্ৰুগড় এৰি গুৱাহাটীৰ উলুবাৰীত আমাৰ ঘৰৰ সমীপতে স্থায়ীভাৱে বাস কৰা বাবে মোৰ লগত শেষলৈকে যোগাযোগ আছিল। মামীও আছিল অত্যন্ত সাদৰী। তেওঁলোকৰ ছোৱালী চাৰিজনীক ৰত্ন বুলিলে বেছি কোৱা নহয়। মামীক সেয়েহে আমি ৰত্ন গৰ্ভা বুলি কৈছিলো। মামাৰ মৃত্যুৰ কিছুদিনৰ আগতে এদিন মোক আহি ক’লে যে তেওঁক হেনো উলুবাৰী চাৰিআলিত কৰ্মৰত ট্ৰেফিক পুলিচ এজনে চিঞৰি চিঞৰি কৈছিল— ‘মামা, আপুনি বুঢ়া হৈছে ভিৰ বাটটো পাৰ নহ'ব। অলপ ৰ’ব, মই ট্ৰেফিক বন্ধ কৰি দি আছো।’ মামাই নতুন ভাগিনটোৰ মুখলৈ ৰ’ লাগি চাই থকা দেখি তেওঁ কৈছিল, ‘মোক চিনি নেপাব, আপুনি মোৰ দেউতাৰ সহপাঠী।’ মামাই টপৰাই উত্তৰ দিছিল— ‘তোৰ বাপেৰৰ মামা হ’লে মই তোৰ ককাহে।’ দুয়ো হাঁহিবলৈ ধৰিলে।

 পুৰণি যুগৰ মামাই আধুনিক যুগৰ আমাৰ সম্পৰ্কীয় জোঁৱাই এজনৰ মানসিকতাক কেনেকৈ বিদ্ৰূপ কৰিছিল তাকে কৈ মামাক বিদায় দিম। প্ৰগতিশীল যেন লগা জোঁৱায়ে তেওঁৰ উচ্চ পদস্থ চাকৰিয়াল পত্নীয়ে জন্মগত উপাধিৰ সৈতে তেওঁৰটোও নিলিখা বাবে, চালোৱাৰ-কামিজ পিন্ধা বাবে আৰু অফিচৰ পৰা আহি ঘৰত ওৰণি নোলোৱা বাবে মামাৰ আগত অভিযোগ কৰিছিল। সৰুৰে পৰা অসমৰ বাহিৰত প্ৰাইভেট স্কুল-কলেজত পঢ়া জোঁৱাইক তেওঁ কৈছিল— ‘তোমাৰ চহকী দেউতাৰাই বাহিৰত নপঢ়ুৱাই গুৱাহাটীতে অসমীয়া মিডিয়ামৰ স্কুলত পঢ়োৱা হ’লে তুমি হয়তো নাৰী জাতিটোক শ্ৰদ্ধা কৰিবলৈ শিকিলাহেঁতেন।’ মানুহজনৰ অৱস্থা জোকৰ মুখত চূণ পৰা যেন হৈছিল সিদিনা।


চিনেমা আৰু ক্ৰীড়াৰ জগতত

আজিকালি সৰু ল’ৰা-ছোৱালীও চিনেমা চোৱাত অভ্যস্ত। আমাৰ সময়ত স্কুলীয়া ল’ৰা-ছোৱালীৰ বাবে চিনেমা আছিল এক নিষিদ্ধ জগত। আমাৰ সৰু খুৰীদেউহঁতৰ তেতিয়া গাভৰুকাল। তেওঁলোকে অশোক কুমাৰ, দেৱীকা ৰাণী, কাননবালা, প্ৰমথেশ বৰুৱা, লীলা চিটনিছ আদি চিনেমাৰ হিৰো-হিৰোইনসকলৰ বিষয়ে আলোচনা কৰা শুনিছিলো। তেওঁলোকে অভিনয় কৰা ‘অচ্যুত কন্যা’, ‘বন্ধন’, ‘দেৱদাস’, ‘মুক্তি’ আদি কথাছবিবোৰ চাই আহি উৎফুল্লিত হৈছিল। খুৰী-মাহীহঁতে গুণগুনাই গাইছিল— ‘ম্যায় বন কি চিড়িয়া বন বন ঘুমুৰে, ম্যায় ডালে ডালে উৰে যাউ...’, ‘তুফান মেল তুফান মেল যা আ আ... য় তুফান মেল- তেপান্তৰেৰ মাঠ পেড়িয়ে ময়নামতীৰ গাঁ ছাড়িয়ে... কাসেৰ বনেৰ ঢেউ খেলিয়ে...’, ‘ঘৰ ঘৰ মে দেৱালী হোয় মেৰা ঘৰমে আন্ধেৰা...’ ইত্যাদি। গ্ৰামোফোন ৰেকৰ্ডবোৰ কিনিও শুনিছিল। তেতিয়া ভাবিছিলো কেতিয়া যে ডাঙৰ হ’ম!

 যিমানদূৰ মনত পৰে চিনেমা হলত নহয়, কোকৰাঝাৰৰ কালী পূজাস্থলীত নিৰ্মাণ কৰা অস্থায়ী পৰ্দাত সাধনা বোস অভিনীত কিবা এখন চিনেমা প্ৰথম চাইছিলো। চিনেমা হলত চোৱা প্ৰথমখন চিনেমা আছিল ‘উদয়েৰ পথে’। এইখন বৰ নাম কৰা চিনেমা হোৱা হেতুকে স্কুলৰ ওপৰ ক্লাছত চাবলৈ অনুমতি পাইছিলো। পিছে তাৰ আগগুৰি একো বুজিয়ে নাপালো। [ ১২২ ] কলেজলৈ আহি হোষ্টেল নামৰ বন্দীশালত দুটা বছৰ কটোৱাৰ পিছত তৃতীয় বৰ্ষত পাখি গজিল। প্ৰেকটিকেল ক্লাছ কৰাসকলৰ এটা সুবিধা-আবেলিলৈকে ক্লাছ থাকে। তেনেবোৰ ক্লাছ নথকা দিনত ৰূপায়ণ, ৰূপশ্ৰী আদি হলত মেটিনি শ্ব’ চাই উভতিছিলো। ৰাজকাপুৰ, নাগিছ, দেৱানন্দ, দিলীপ কুমাৰ, মধুবালা, সুৰাইয়া অভিনীত কথাছবিবোৰৰ প্ৰায়ভাগ তেনেকৈয়ে চাইছিলো। অৱশ্যে সদায় তেনেকৈ নহয়, ওৱাৰ্ডেনৰ অনুমতি লৈ বন্ধৰ দিনত সকলোৱে একেলগেও চোৱা হৈছিল। কেতিয়াবা খুৰাৰ ঘৰত ৰাতি থাকি পৰিয়ালটোৰে সৈতে চাইছিলো। বৃত্তিৰ টকা পালে চিনেমা চোৱা আৰু কেডবাৰি চকলেট খোৱা বাঢ়ি গৈছিল।

 এতিয়া আছে নে নাই নাজানো, সেই সময়ত ‘স্ক্ৰীণ’ নামৰ এখন চিনেমা পত্ৰিকা আছিল। আজি সকলো বাতৰি কাকততে উলংগ নাৰীৰ ছবিৰে ভৰা চিনেমাৰ পৃষ্ঠা এটা থাকে। বুঢ়াৰ পৰা শিশুলৈকে সেই কাকত ঘৰৰ সকলোৱে পঢ়ে। চায়। আৰু আমি হোষ্টেলত ৱাৰ্ডেনৰ আৰু বন্ধৰ দিনকেইটাত মা-দেউতাৰ চকুৰ আঁৰত সৰ্বশৰীৰ শাৰী বা চেলোৱাৰ-কামিজেৰে ঢকা তাৰকাসকলৰ ছবিৰে সৈতে চিনেমাৰ বাতৰিবোৰ পঢ়িছিলো স্ক্ৰীণত। মই মেট্ৰিক দিয়াৰ আগতে দেউতা অভয়াপুৰীলৈ বদলি হৈ অহাৰ কথা লিখিছো। বন্ধৰ সময়ত স্ক্ৰীণখন আহিছিল ডাকযোগে। ডাকঘৰৰ পৰা আমাৰ ঘৰৰ চিঠিপত্ৰবোৰ আনিছিল শিৱালক সিং নামৰ বৰকান্দাজ এজনে। দেউতাই ডাকৰ লগত সেইখন দেখিলে চিনেমাৰ কাগজ পঢ়ি জীয়েকহঁতৰ চৰিত্ৰ নষ্ট হোৱা বুলি ভাবি নিশ্চয় মূৰ্ছা গ’লহেঁতেন। কি যে বদমাচ আছিলো! দেউতাৰ অফিচ কোঠাটোৰ কাষৰ কোঠাটো আছিল আমাৰ পঢ়া কোঠা। প্ৰতি শুকুৰবাৰে শিৱালক সিঙক ডাকঘৰলৈ যোৱা দেখিলে পঢ়া-শুনা ধোঁৱা চাঙত তুলি বাটলৈ চাই থাকিছিলো। শিৱালকক ঘৰৰ ওচৰ পোৱা দেখিলে ফ্ৰক পিন্ধা ভনী খুকুক পঠাই দিছিলো বাটলৈ ক্ৰীণখন আনিবলৈ। তাৰ পিছত আৰু পায় কোনে? আমাৰ যুগত অধিকাংশ মাক-দেউতাকৰ চিনেমা সম্পৰ্কে দৃষ্টিভংগী আছিল এনেকুৱাই। সেইবুলি এই বিষয়ে অভিভাৱকসকল কাঢ়া হ’ব নালাগে বুলিও ক’ব খোজা নাই। ছাত্ৰাৱস্থাত বাহিৰা আকৰ্ষণ কম হোৱাই মংগল। ‘ছাত্ৰানাং অধ্যয়নং তপঃ’ বাক্য শাৰীত মই আজীৱন বিশ্বাসী। কিন্তু চৌবিশ ঘণ্টাৰ বাবে নহয়। তদুপৰি আজিৰ দিনত সকলো বিষয়ে এটা জ্ঞান থকা উচিত বুলি ভাবো।

 খেল-ধেমালিৰ প্ৰতি মোৰ ৰাপ আছিল অতি কম। মোৰ ভনীহঁতে স্কুল-কলেজত খেলি ট্ৰফী পাইছে বহু। মই কেতিয়াও পোৱা নাছিলো। নিজৰ উৎসাহত যোগ দিয়া নাছিলো কেতিয়াও, জোৰ কৰি থিয় কৰালে শেষৰ ফালৰ পৰা প্ৰথম হোৱাৰ অৱস্থা হৈছিল। যি কি নহওক, কলেজ ক্ৰীড়া সপ্তাহত এবাৰ দীঘলীপুখুৰীৰ চাৰিওফালে দুপাক নে তিনিপাক খোজকঢ়া প্ৰতিযোগিতাত ঠেলি ঠুলি মোক অংশগ্ৰহণ কৰিবলৈ পঠাইছিল। এপাক মাৰি মই ওলাই আহিছিলো। সেই বছৰ কলেজ ইউনিয়নৰ ক্ৰীড়া সচিব আছিল গণেশ শৰ্মা, সকলোৱে তেওঁক চুলুদা বুলি মাতিছিল। মোক ওলাই অহা দেখি জোৰ কৰি তেওঁ আকৌ সুমুৱাই দিছিল যদিও চেগ চাই মই পলাই গৈছিলো। লিখি থাকোতে হঠাতে চকুৰ আগত আহি ওলাইছে দেৱী দাস নামৰ মানুহ এজন, যাক [ ১২৩ ] কেমেৰাবিহীন অৱস্থাত কেতিয়াবা দেখিছো যেন নালাগে। তেওঁৰ পেটটো অলপ ওলোৱা বাবে বহুতে দেৱী পেটলা বুলি কৈছিল। ফটো তোলা তেওঁৰ নিচা বুলি জনাজাত আছিল যদিও কেমেৰাটোৱে হেনো ৰীলৰ মুখ কেতিয়াও দেখা নাছিল। সঁচা-মিছা অৱশ্যে নাজানো।


হঠাতে দেউতাৰ আবিৰ্ভাৱ

কোনো আগজাননী নিদিয়াকৈ এদিন দেউতা আহি ৱাৰ্ডেন কমলা ৰয়ৰ ঘৰ সোমাল। মই তেতিয়া আই এছ চি দ্বিতীয় বৰ্ষত। কিছুপৰ পিছত মোকো মাতিলে, কিবা কামৰ বাবে অহা বুলি কৈ তেওঁ খুৰাৰ ঘৰলৈ গ’লগৈ। মোৰ মনত অলপ সন্দেহ উপজিছিল, কি নো এনে কাম আছিল যে মই নাজানিলো আৰু আহিয়ে মোক নামাতি কমলা ৰয়ৰ লগত কথা হ’ল। তেওঁ পিছদিনা ৰাতিপুৱাতে গ’লগৈ। খুৰাৰ ঘৰলৈ গৈ গীতাবাৰ মুখে শুনিলো যে গধুলি দেউতা আৰু খুৰাই হেনো ফুচফুচাই কথা পাতিছিল।

 কিছুদিন পাছত ছিনিয়ৰ ছাত্ৰী দুগৰাকীয়ে ক’লে দেউতা হঠাতে অহাৰ কাহিনী। বোধকৰো ৱাৰ্ডেনে তেওঁলোকক কৈছিল। দেউতাক হেনো আমাৰ ঘৰলৈ গৈ আমাৰ ক্লাছ লোৱা প্ৰবক্তা এজনে মোক বিয়া কৰোৱাৰ প্ৰস্তাৱ দিছিল। দেউতাৰ বিৰাট চিন্তা হ’ল, যি সংস্কৃতিহীন ডেকাই নিজৰ বিয়াৰ প্ৰস্তাৱ নিজে ছোৱালীজনীৰ দেউতাকক দিব পাৰে তেওঁ ছোৱালীজনীকো পোনপটীয়াকৈ যে নিদিব তাৰ নিশ্চয়তা ক’ত। কমলা ৰয়ো চিন্তিত। তেওঁ বিভাগীয় মুৰব্বীজনৰে আলোচনা কৰি সেই গৰাকী প্ৰবক্তাক আমাৰ ক্লাছ নোপোৱাৰ ব্যৱস্থা কৰিছিল। তদুপৰি আমাৰ সেইটো বিভাগত ক্লাছ থাকিলে মানুহজনৰ ওপৰত নজৰ ৰখা হৈছিল। শুনিছো দেউতাই হেনো প্ৰৱক্তাজনক কৈছিল আমাৰ সমাজৰ সংস্কৃতিমতে অভিভাৱকেহে প্ৰস্তাৱ আগবঢ়াব লাগে। তদুপৰি কৈছিল জীয়েকক পঢ়িবলৈ পঠাইছে, বিয়া দিবলৈ নহয়। এনেধৰণৰ ঘটনা এইটোৱে নহয়, পিছে গতানুগতিক কথাবোৰ ইয়াতে এৰিলো।


পৰীক্ষা

১৯৫১ চনত হ’বলগীয়া বি এছ চি ফাইনেল পৰীক্ষাত বহিব নোৱাৰিলো প্ৰবল জ্বৰৰ পাছত গুটি আই (মিজলচ)ত আক্ৰান্ত হোৱাৰ বাবে। এটা বছৰ ক্ষতি হোৱাত মই ভাগি পৰিছিলো। দেউতাই মোক মনোবল যোগাইছিল যদিও পিছৰ বছৰটো হতাশাৰ মাজেৰেই কটাবলগীয়া হৈছিলো। লগৰ বান্ধৱীসকল স্নাতক হৈ স্নাতকোত্তৰ ক্লাছ পালে আৰু সংগীবিহীন হৈ মই পৰি থাকিলো কটন কলেজত। সেই বছৰটোৰ কথা ভাবিলে মই আজিও হতাশাত ভোগো। গভীৰ হতাশাত মোৰ পঢ়িবলৈ মন নোযোৱা হ’ল। মোৰ ব’টানীত মেজৰ আছিল, এৰি দিলো। দেউতাই মনোকষ্ট পালে যদিও একো নক’লে। মেজৰৰ মূল্য থাকিলেও আমাৰ সময়ত মেজৰ নাথাকিলেও স্নাতকোত্তৰ ক্লাছত নাম লগোৱাত অসুবিধা নাছিল।

 যি কি নহওক, পৰীক্ষা মই দিলো আৰু ডিছটিংশ্যন পাই পাছ কৰিলো। সেই বছৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত হোৱা আটাইবোৰ বায়োল’জিকেল বিষয়ৰ ভিতৰত সৰ্বোচ্চ [ ১২৪ ] নম্বৰ আছিল ব’টানীত। সেই নম্বৰটো পোৱাজনলৈ বায়োল’জিকেল চ’ছাইটিয়ে এটা স্বৰ্ণপদক আগবঢ়াইছিল। সেই নম্বৰটো পোৱাৰ পিছত মোৰ হতাশা ভালেখিনি কমিছিল।

 মোৰ ৰিজাল্ট পোৱাৰ দিনা দেউতাৰ যে কি আনন্দ! ৰাতি তেওঁৰ চকুত টোপনি নাই। বোধকৰো তেওঁৰ মনত পৰিছিল কোকৰাঝাৰত এল পি স্কুলখন প্ৰতিষ্ঠা কৰাৰ কথা, সোঁতৰ বিপৰীতে গৈ ল’ৰাৰ স্কুলত মোক ভৰ্তি কৰোৱাৰ কথা, যোৰহাটলৈ পঠোৱাৰ কথা। আৰু যে কত কি! সেই সময়ত বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলা স্ত্ৰী শিক্ষাত আছিল পিছপৰা। মনত পৰে মাজনিশা দেউতাই মাক জগাই দি কৈছিল— ‘ছোৱালী চায়েন্স গ্ৰেজুৱেট হ’ল আৰু তুমি শুই আছা। মোৰতো টোপনিয়ে ধৰা নাই।’

 মোৰ মনত পৰিছিল কোকৰাঝাৰৰ নগেন্দ্ৰ লাইব্ৰেৰী নামৰ কিতাপৰ দোকানৰ প্ৰতিষ্ঠাতাগৰাকীলৈ। সাত-আঠ বছৰ বয়সত বান্ধৱী এজনীৰে সৈতে সেই দোকানখনত পেন্সিল-ৰবৰ কিনিবলৈ গৈছিলো এদিন। নগেন্দ্ৰ জেঠাই কৈছিল— ‘একখানা ডিক্‌সনাৰী নিয়া যা, ডিক্‌সনাৰীটা পড়লে বি এ পাশ কৰতে পাৰবি।’ আমি হাঁহি হাঁহি মাটিত বহি দিছিলো। বি এ পাছ কৰিম? বি এতো পাছ কৰে দেউতাহঁতে। কি যে কয় জেঠাই। সাত বছৰীয়া মইজনী এদিন ডাঙৰ হ’লো। বি এ পাছো কৰিলো। সময় উৰে জেট বিমানৰ গতিত। নগেন্দ্ৰ জেঠাৰ অমূল্য কথাষাৰ কৈছিলো গুৱাহাটীৰ এন এল পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী অলক অধিকাৰীক। অলক নগেন্দ্ৰ জেঠাৰ নাতি। তেওঁ বৰ স্ফূৰ্তি পাইছিল কথাষাৰ শুনি।

 ১৯৫১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত প্ৰথম কনভ’কেশ্যনখনলৈ মনত পৰিছে। কৃষ্ণকান্ত সন্দিকৈ তেতিয়া উপাচাৰ্য। আমি ভলণ্টিয়াৰ হৈ কাম কৰিছিলো। প্ৰধান অতিথি হিচাপে আহিছিল সৰ্বপল্লী ৰাধাকৃষ্ণণ।

 দেউতাৰ ইচ্ছা আছিল কলকাতাত মই ব’টানীত এম এছ চি পঢ়ো। তেতিয়াৰ দিনত অসমৰ ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে কলকাতাতে পঢ়িছিল। কিন্তু মোৰ ভাগ্যই মোক কলকাতামুৱা হ’বলৈ নিদিলে।


বিপৰ্যয়

মোৰ বি এছ চি পৰীক্ষা শেষ হোৱাৰ পাছত দেউতা গুৱাহাটীলৈ আহিছিল মোক ঘৰলৈ লৈ যাবলৈ। ইতিমধ্যে ভিনিহিদেউ ভূপেন্দ্ৰ নাৰায়ণ দাসে মেজিষ্ট্ৰেট পদত নিযুক্তি পাইছিল ডিব্ৰুগড়ত। ব্ৰিটিছৰ শাসনকালত অধিকাংশ পদস্থ বিষয়াৰ আসনত উপবিষ্ট আছিল ব্ৰিটিছসকল। স্বৰাজোত্তৰ ভাৰতত সেইবোৰ বাব স্বাভাৱিক কাৰণতেই দেশীয় মানুহৰ হস্তগত হ’ল। সেই সময়ত মেজিষ্ট্ৰেট হ’ব পৰাটো ভাগ্যৰ কথা বুলি বিবেচিত হৈছিল। বাইদেউৰ বিয়াৰ এবছৰ পাছত ভাৰত স্বাধীন হোৱাৰ কেইমাহমানৰ ভিতৰতে ভিনিহিদেউ মেজিষ্ট্ৰেট হোৱা শুনি মানুহে বাইদেউকে লখিমী বুলি বখানিছিল। আমাৰ ঘৰতো বৈ গৈছিল আনন্দৰ বান। যি কি নহওক, পৰীক্ষা শেষ হোৱাৰ পাছত দুদিনমান তেওঁলোকৰ ঘৰত থাকোতে দেউতাই ভিনিহিদেউক কৈছিল যে তেওঁৰ বুকুত যেন মাছৰ কাঁইটে বিন্ধিছে এনে এটা অনুভূতি হয়। [ ১২৫ ] দেউতাই বীজাণু আৰু বেমাৰক বৰ ভয় কৰিছিল। ভীতিবিকাৰগ্ৰস্ত (Paranoid) আছিল বুলিয়ে ক’ব পৰা যায়। সৰু খুৰা ডাঃ নৰেন্দ্ৰ মোহন দাস এই বিষয়ত দেউতাতকৈ এখোপ চৰা আছিল। তিনি ভাই-ককাইৰ ভিতৰত ডাঙৰ খুৰা বীৰেন্দ্ৰ মোহন দাসেই আছিল স্বাভাৱিক। ভীতিবিকাৰগ্ৰস্ত মানুহৰ মুখত বেমাৰৰ কথা শুনিলে শ্ৰোতাই সদায় সিমান গুৰুত্ব নিদিয়ে। গতিকে দেউতাৰ কথাত ভিনিহিদেউ আৰু মই বৰকৈ গুৰুত্ব নিদিলো। দেউতাৰ স্বাস্থ্য খুবেই ভাল আছিল। দেখাতো সুপুৰুষ। কোনোদিনে তেওঁৰ বেমাৰ হোৱা দেখা নাছিলো। তেতিয়াও তেওঁ নিয়মীয়াকৈ চিকাৰলৈ গৈছিল। বয়স আছিল পঞ্চাশৰ অলপ ওপৰত।

 দেউতা আৰু সৰু খুৰাৰ বেমাৰলৈ ভয়কেন্দ্ৰিক কিছুমান কথা বহুদিনলৈ অনেকে মনত ৰাখিছিল। কলেজত পঢ়োতে নিৰুপমা বৰগোহাঞিৰ (তেতিয়া তামুলী) দেউতাকৰ লগত এদিন চিনাকি হৈছিলো। দেউতাৰ নামটো শুনি তেওঁ ভালদৰে চিনি পোৱা বুলি কৈ সুধিছিল আমি তেতিয়াও আঁঠুৱাৰ তলত বহি ভাত খাইছিলো নেকি। ভাতত মাখি পৰে বুলি এসময়ত আমাৰ খোৱা টেবুলৰ ওপৰত আঁঠুৱা তৰা হৈছিল। কাউৰীয়ে বীজাণু আনে বুলি নাদৰ পাৰত বাচন ধোৱা ঠাইত এজন কাম কৰা মানুহে বাচন ধুইছিল, এজনে কাউৰী খেদিছিল। তাৰে ভিতৰত হঠাতে কাউৰীয়ে বাচনত মুখ লগালে বাচনপদ দেউতাই যে দলিয়াই পেলাই দিছিল সেই কথা আগতেও উল্লেখ কৰিছো। দেউতাৰ জামানাত দোকানৰ মিঠাই খোৱাটো আছিল নিষিদ্ধ। অৱশ্যে দেউতাৰ চকুত ধুলি দি এবাৰ মেলাৰ পৰা মিঠাই কিনি খোৱাৰ কাহিনী লিখিছো।

 সৰু খুৰাৰ কাহিনীও বৰ ইণ্টাৰেষ্টিং। ক’ৰবালৈ ট্ৰেইনেৰে ৰাতি যাবলগীয়া হ'লে তেওঁ আঁঠুৱা, হাতুৰি আৰু গজাল লৈ গৈছিল। তেতিয়াৰ দিনত ৰে’লৰ ডবাত আৰামত শুই যাব পৰা অৱস্থা আছিল। এবাৰ খুৰা উঠা ডবাটোত আছিল এগৰাকী মাথোঁ সহযাত্ৰী। দুৰ্ঘোৰ টোপনিত লালকাল হৈ থকা ভদ্ৰলোকগৰাকী হঠাতে কিহবাৰ শব্দত সাৰ পাই উঠি দেখে আমাৰ মৰমৰ খুৰাই তেতিয়া আঁঠুৱাৰ ৰচি বান্ধিবলৈ ৰেলৰ বেৰত গজাল মাৰি আছে। সেই যুগত লালুপ্ৰসাদ ৰেলমন্ত্ৰী হৈ থকা হ’লে খুৰাহঁতৰ দৰে যাত্ৰীৰ বাবে নিশ্চয় ৰেলত আঁঠুৱা তৰাৰ ব্যৱস্থা কৰিলেহেঁতেন।

 মিঠাইৰ প্ৰতি অনুৰক্ত নহয়নো কোন? দেউতাহঁতৰ চাৰিওগৰাকী ভাই-ভনীৰ সেইবিধ খাদ্যৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। কিন্তু ডায়েবেটিছ কাৰো হোৱা নাছিল। আজিৰ মানুহে সম্ভৱতঃ ধোদটোৰ দৰে বহি থকা বাবে এইটো ৰোগত বৰকৈ আক্ৰান্ত হয়। বীজাণুৰ ভয়ত ত্ৰাহি ত্ৰাহি সোঁৱৰা দেউতা আৰু খুৰাৰ ৰসনাৰ তৃপ্তিৰ বাবে মা-খুৰীহঁতে ঘৰতে কৰিছিল বিধে বিধে মিঠাই। আমাৰো মিঠাই প্ৰীতি নথকা বুলি নকওঁ। হায়ৰে, সেই দিনবোৰ যে ক’লৈ গ’ল! যি কি নহওক, সৰু খুৰা ডাক্তৰ। তেওঁ কয় ৰসগোল্লাৰ ৰস ভেদি বীজাণু সোমাব নোৱাৰে। গতিকে ঘৰত মিঠাই নাপালে তেওঁ ধুবুৰীৰ বিখ্যাত মিঠাই প্ৰস্তুতকাৰক মনা ঘোষৰ দোকানলৈ গৈছিল। পিছে তেওঁলোকৰ চামুচ আৰু প্লেটত বীজাণু থকাৰ সম্ভাৱনাৰ বাবে ঘৰৰ পৰা সেই দুপদ বস্তু লৈ গৈ নিজে শ্বো-কেইছৰ পৰা ৰসগোল্লা উলিয়াই [ ১২৬ ]

ধুবুৰীত বিদেশী পৰিয়াল এটাৰ সৈতে

[ ১২৭ ] খাইছিল। দুয়োগৰাকী ককাই-ভাইৰ বেমাৰ ভয়ৰ কাহিনী লিখিলে এখন কিতাপেই হ’ব।

 সৰু খুৰাৰ স্মৃতিশক্তি আছিল অতি প্ৰখৰ। কিবা এটা পঢ়িলে বা শুনিলে তেওঁ নাপাহৰিছিল। আব্ৰাহাম লিংকন, মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু প্ৰমুখ্যে বিশ্বৰ আগশাৰীৰ নেতা আৰু চিন্তাশীল ব্যক্তিৰ ভাষণ সলসলীয়াকৈ ক’ব পাৰিছিল। তেওঁক দেখিলে আমি পলাই ফাট মাৰিছিলো। ইংৰাজী গ্ৰামাৰ বোধকৰো তেওঁৰ প্ৰিয় বিষয় আছিল। আমাক দেখিলেই খুচৰি খুচৰি গ্ৰামাৰ কিতাপৰ পৰা প্ৰশ্ন সুধিছিল। আমাৰ দেউতাৰো হবি আছিল ইংৰাজী পঢ়োৱা। এবাৰ তেওঁৰ কোনোবা এজনী ভতিজা ছোৱালীয়ে পৰীক্ষাত ইংৰাজী বিষয়টোত বেয়া কৰা বাবে দুখ কৰি কৈছিল— ‘মোৰ ভতিজা ইংৰাজীত কেচা।’ তাইক আমাৰ ঘৰলৈ আনি এনেকৈ পঢ়ালে যে তিনিমাহতে তাই বিষয়টোত পাৰ্গত হ’ল।

 দেউতাৰ বুকুত কাঁইট বিন্ধাৰ অনুভূতি হোৱাৰ কথা উলিয়াই ক’ৰবালৈ গ’লো। দেউতা তেতিয়া বিজনী ৰাজ এষ্টেটৰ সহকাৰী দেৱান, থাকো ৰাজধানী অভয়াপুৰীত। মোৰ বি এছ চিৰ ৰিজাল্ট ওলোৱাৰ পাছত কলকাতালৈ পঢ়িবলৈ যোৱাৰ ব্যৱস্থা কৰা হ’ল। পিছে মই নহয়, গ’ল দেউতাহে।

 এদিন দুপৰীয়া ভাত খাবলৈ বহি তেওঁ খাব নোৱাৰা হ’ল। দিনটো বহু চেষ্টা কৰিও নোৱাৰিলে। এষ্টেটৰ প্ৰধান চিকিৎসক ডাঃ অনুকূল চেটাৰ্জী জেঠা আৰু সহকাৰী চিকিৎসক ডাঃ মণি সান্ন্যাল খুৰা আমাৰ ঘৰতে বহি থাকিল। তেওঁলোকে সিদ্ধান্ত ল’লে কলকাতালৈ যাব লাগিব। পিছদিনাই ডাঃ সান্ন্যাল আৰু দুই-তিনিজন সংগীৰ লগত ধুবুৰীৰ সমীপৱৰ্তী ৰূপসী বিমান বন্দৰৰ পৰা দেউতাই কলকাতালৈ উৰা মাৰিলে। তেতিয়াৰ দিনত ধেৰধেৰীয়া ডাকোটা বিমান চলাচল কৰিছিল। এইবোৰ আছিল মালবাহী বিমান। মালৰ লগত যাত্ৰীৰ বাবে কেইখনমান আসনৰ ব্যৱস্থা আছিল।

 আমাৰ ভোজনৰসিক দেউতাই এটোপা পানী পৰ্যন্ত নোখোৱাকৈ যাবলগীয়া হোৱা বাবে আমি যি মানসিক আঘাত পাইছিলো তাক ভাষাত প্ৰকাশ কৰিব নোৱাৰি। তথাপিতো আশা কৰিছিলো কলকাতাত চিকিৎসা কৰাই তেওঁ সুস্থ হৈ আহি আকৌ আগৰ দৰে খাব পাৰিব। সেই সময়ত ভিনিহিদেউৰ ভাগিন ডাঃ যমুনেশ্বৰ চৌধুৰী কলকাতাৰ কোনোবা এখন মেডিকেল কলেজৰ সৈতে যুক্ত আছিল। তেৱেঁ দেউতাৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল যদিও কলকাতাত পাঠৰত মোৰ সমসাময়িক কেইবাগৰাকী অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে নানাভাৱে সহায় কৰিছিল। এওঁলোকৰ ভিতৰত আছিল মহেশ ভূঞা, মহেন্দ্ৰ বৰা, মায়া কুণ্ডু, থানুৰাম দাস ইত্যাদি। দেউতাৰ সহকৰ্মীৰ ল’ৰা আৰু আমাৰ আত্মীয়-স্বজনৰ ল’ৰাহঁতেও সহায়ৰ হাত আগবঢ়াইছিল। তেতিয়াৰ দিনত চিঠি, টেলিগ্ৰাম আদিয়ে আছিল যোগাযোগৰ মাধ্যম। আমি আশা কৰি আছিলো তেওঁ যিকোনো দিনা আহি উপস্থিত হ’ব। বোধকৰো দুমাহ মানৰ মূৰত তেওঁ উভতি আহিছিল। খাব পৰাও হৈছিল, পিছে গোটা বস্তু নহয়। ভাত-দাইল আদি বেছিকৈ সিজাই দিয়া হৈছিল। আমাক জনোৱা হৈছিল তেওঁৰ খাদ্যনলীত এটা টিউমাৰ হৈছে, বুকুত ৰে (Ray) দিয়া হৈছে, ভাল হৈ যাব। আমি আছিলো মহামূৰ্খ।

 যি কি নহওক, দেউতাই খাব পৰা হৈছে, ভাল হৈ যাব শুনি মনৰ আনন্দত কণমানি [ ১২৮ ] ভনী ডলক লগত লৈ গুৱাহাটীলৈ বাইদেউৰ ঘৰলৈ আহিছিলো। তদুপৰি ভাবিছিলো কেইমাহমান পাছত কলকাতালৈ পঢ়িবলৈ গ’লে বাইদেউৰ ঘৰলৈ সহজেতো অহাও নহ’ব। নিয়তিয়ে বোধকৰো অলক্ষ্যে হাঁহিছিল। এদিন গধূলি বাইদেউহঁতৰ ঘৰৰ এন্ধাৰ বাৰাণ্ডাখনত বহুৱাই ইটো-সিটো কথা কোৱাৰ পাছত বাইদেৱে শুনালে হৃদয় ভাগি চিগি থানবান হোৱা বাতৰি এটা— দেউতাৰ কেন্সাৰ হৈছে, এইৰোগ ভাল নহয়। মোৰ মূৰত হ’ল সহস্ৰ বজ্ৰপাত। সেই মুহূৰ্তলৈ মনত পৰিলে মই আজিও অসহায়বোধ কৰো। ভাবি অবাক হওঁ যে তেতিয়ালৈকে কেন্সাৰ ৰোগটোৰ নামকে শুনা নাছিলো। ভগ্ন হৃদয়েৰে অভয়াপুৰীলৈ আহি থকাৰ সময়ত হঠাতে নিজৰ বয়স ভালেখিনি বাঢ়ি যোৱা যেন লাগিল। মই যেন একৈশ-বাইশ বছৰীয়া ৰাংঢালী গাভৰু নহওঁ। ঘৰখনৰ দায়িত্ব ল’বলৈ মই প্ৰতিজ্ঞাবদ্ধ হ’লো।

 আচৰিত কথা দেউতাই নিজেও জনা নাছিল যে তেওঁৰ বুকুত বাহ লৈছিল সেই কালব্যাধিয়ে। আচলতে এই ৰোগটোৰ বিষয়ে অধিকাংশ মানুহ আছিল অজ্ঞ। তদুপৰি দেউতাই ডাক্তৰৰ কথা বেদবাক্য জ্ঞান কৰিছিল। কলকাতাৰ চিত্তৰঞ্জন কেন্সাৰ হাস্পতালৰ ডাক্তৰে তেওঁৰ benign টিউমাৰ হোৱা বুলি কৈছিল, তেৱোঁ বিশ্বাস কৰিছিল। বেমাৰটোৰ নাম নজনা বাবে হয়তো মনৰ জোৰতে হওক বা কেইবাবাৰো কলকাতাত গৈ চিকিৎসা কৰোৱাৰ বাবে প্ৰায় দুটা বছৰ জীয়াই থাকিব পাৰিছিল দেউতা।

 বাইদেউহঁতৰ ঘৰৰ পৰা উভতি গৈয়ে প্ৰস্তাৱ দিলো যে অভয়াপুৰীৰ যোগেন্দ্ৰ নাৰায়ণ মেম’ৰিয়েল বালিকা হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে যোগ দিবলৈ ইচ্ছুক মই। বিজ্ঞান আৰু অংকৰ শিক্ষয়িত্ৰীৰ চাকৰি তেতিয়াৰ দিনত পোৱা অতি সহজ আছিল। দেউতাই কয় তেওঁ সুস্থ হোৱাৰ পাছত মইতো এম এছ চি পঢ়িবলৈ যাবই লাগিব, চাকৰিৰ কি প্ৰয়োজন। যদিও তেওঁক প্ৰকাশ্যে কৈছিলো যে— ‘তেতিয়া চাকৰি এৰিম’, মনতে কৈছিলো, পিতৃহাৰা হ’বলৈ আমাৰ আৰু বেছি দিন নাই। তেওঁৰ মৰমৰ আৰু আলাসত তোলা জীয়েককেইজনীৰ, স্নেহময়ী পত্নীৰ কি যে আলাই-আথানি হ’ব তেওঁ নজনাই ভাল। তেওঁ আশা কৰি থাকক সুস্থ হ’ব বুলি। ইফালে ঘৰত মা আৰু মোৰ তলৰ ভনী তিনিজনীয়েও নাজানে দেউতা চিৰদিনৰ বাবে যাবগৈ বুলি।

 সদলবলে কলকাতালৈ চিকিৎসাৰ বাবে যাবলগীয়া হোৱাত কিছু মাটিও বেচিবলগীয়া হৈছিলো। ইতিমধ্যে দুজনী ভনী টুলু (সবিতা) আৰু খুকুই (প্ৰতিমা) তেতিয়া অভয়াপুৰীত কলেজ নথকাৰ বাবে গুৱাহাটীৰ সন্দিকৈ কলেজত নাম লগালে। কিছুমানে কৈছিল—দেউতাকৰ যোৱা-থোৱা অৱস্থা জীয়েককেইজনীক পঢ়াবৰ কি দৰকাৰ। মেট্ৰিক পাছ কৰিছে সেয়ে যথেষ্ট। মাৰ মতে বিদ্যোৎসাহী দেউতাকৰ জীয়েকহঁতক কষ্ট কৰি হ’লেও পঢ়াব।

 কলকাতাৰ চিকিৎসকসকলে দেউতাক আদৰ্শ ৰোগী বুলি বখানিছিল। কাৰণ তেওঁক যি কোৱা হয় তাকেই মানি লৈছিল— চিত হৈ শুবলৈ ক’লে তেনেকৈয়ে শুইছিল, বহিবলৈ ক’লে বহি থাকিছিল। প্ৰচণ্ড কষ্ট সহ্য কৰাৰ ক্ষমতা আছিল তেওঁৰ। তেওঁক চিকিৎসা কৰা কলকাতাৰ চিকিৎসক ডাঃ নীহাৰ সৰকাৰক এবাৰ অভয়াপুৰীলৈ অনোৱা হৈছিল। অভয়াপুৰীৰ [ ১২৯ ] মুক্ত খোলা মেলা পৰিবেশ দেখি মুগ্ধ হৈছিল তেওঁ। কৈছিল এনে পৰিবেশত ৰোগে আক্ৰমণ কৰিলে কেনেকৈ?

 মাজে মাজে দেউতাক সুস্থ হোৱা যেন লাগিলেও মৃত্যুৰ ছমাহমান আগতে শৰীৰৰ আন ঠাইতো দুটামান টেমুনা দেখা দিয়াত আকৌ কলকাতালৈ গ’ল। সিবাৰ মা, সৰু খুৰা আৰু যিমান দুৰ মনত পৰে সুধীৰ খুৰা লগত গৈছিল। অভয়াপুৰীৰ ঘৰত থাকিলো মই, কণমানি ছবছৰীয়া ভনী ডল আৰু বাইদেউৰ তিনি বছৰীয়া পুত্ৰ অৰূপ। অৰূপ আমাৰ ঘৰতে ডাঙৰ হৈছে। আমাক পৰ দিবলৈ বৰভিটা গাঁৱৰ পৰা আহিছিল দেউতাৰ শশী খুৰায়েক আৰু এগৰাকী পেহীয়েক।

 এদিন আবেলি ধুবুৰীৰ পৰা অভয়াপুৰী আহি ওলাল আমাৰ দুজন কাজিন। মোক এফলীয়াকৈ মাতি নি ক’লে যে কলকাতাৰ ডাক্তৰে দেউতাক ঘৰলৈ আহিবলৈ পৰামৰ্শ দিছে। কিয়নো আৰু চিকিৎসা কৰি লাভ নাই। বৰ বেছি আৰু ছটা মাহ, আপোনজনৰ মাজতে কটাওক। ইতিমধ্যে দেউতা আহি আমাৰ ধুবুৰীৰ ঘৰ পাইছে। কাজিনহঁতৰ লগত পিছদিনাই আমি যাব লাগে অভয়াপুৰী চিৰিদিনৰ বাবে এৰি থৈ।

 বহু বছৰৰ বিশাল গৃহস্থালি। একেৰাতিৰ ভিতৰত সামৰি যোৱা এক দুৰূহ কাম। কাজিনহঁতৰ মুখে দেউতাৰ শৰীৰৰ যি অৱস্থা হোৱা শুনিলো, ভয় লাগিল পলম কৰিলে জানোচা তেওঁক দেখা নাপাওঁ। মোক সহায় কৰিবলৈ অনেকে আহিছিল। তেতিয়া বস্তু-বাহানিৰ প্ৰতি মায়া-মমতা নাছিল অলপো। কিমান প্ৰয়োজনীয় বস্তু যে পেলাই দিলো, জুইত পুৰিলো! তেতিয়া ধাৰণা হৈছিল দেউতা নাথাকিব, উপাৰ্জন নাথাকিব, আমিতো ভিকহু হ’বই লাগিব গতিকে বস্তুৰ প্ৰয়োজন কি? আজি ভাবিলে দুখ লাগে দেউতাই গোটাই থোৱা ‘আৱাহন’ আৰু ‘বাঁহী’ আলোচনীবোৰ, গ্ৰামোফোন ৰেকৰ্ডবোৰ বাৰীৰ এচুকত কাম কৰা মানুহৰ হতুৱাই পুতি থৈছিলো। দেউতালৈ বিভিন্নজনে লিখা চিঠিবোৰৰো হৈছিল একেই দশা। তাৰ মাজত চুডমাৰ্ছন চাহাবৰো চিঠি আছিল। তদুপৰি বিৰাট চৌহদত আহল-বহলকৈ থকা সংসাৰৰ বস্তু বাহানিবোৰ লৈ ধুবুৰীত ৰাখিম ক’ত? ধুবুৰীৰ ঘৰটোৰ আধা অংশ চিকিৎসক এগৰাকীয়ে ভাড়া লৈ আছিল। বাকী আধাত আমি মাজে সময়ে গৈ থাকিছিলো। এতিয়া তাতেই থাকিব লাগিব, সিটোফাল অৰ্থনৈতিক কাৰণে মুকলি কৰা সম্ভৱ নহয়। কোকৰাঝাৰ, অভয়াপুৰীত আছিল কেইবাজনো সাহায্যকাৰী, মালী, জমাদাৰ ইত্যাদি। মুঠতে আছিলো ৰজাৰ হালত। এছাটি ধুমুহাই আমাৰ জীৱন লণ্ডভণ্ড কৰি থৈ গ’ল।

 বিজনীৰ ৰজা ভৈৰৱেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰে এষ্টেটৰ গাড়ীৰে আমাক ধুবুৰীলৈ পঠালে। সমগ্ৰ অভয়াপুৰীয়ে আমাক অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাবলৈ আহিছিল। এক অনিৰ্দিষ্ট ভৱিষ্যতলৈ আমি আগবাঢ়িলো। গৈ দেখিলো আমাৰ সুপুৰুষ দেউতাই ক্ষীণাই-শুকাই বিছনাত বাগৰি মৃত্যুৰ ক্ষণ গণি আছে। গুৱাহাটীৰ পৰা আহি টুলু আৰু খুকুই দেউতাক শেষবাৰলৈ চাই গ’ল। ভিনিহিদেউ তেতিয়া লক্ষীমপুৰত চিভিল এছ ডি অ’।তেওঁলোকো আহিল। মুখেৰে মাত নোলালেও দেউতাৰ মগজু সক্ৰিয় হৈ আছিল। তেওঁ [ ১৩০ ] ক’ব খোজা কথা লিখি প্ৰকাশ কৰিছিল। নিজৰ পুত্ৰ সন্তান নথকা বাবে ভিনিহিয়ে সেই স্থান পূৰ্ণ কৰিছিল। দেউতাই মোলৈ আঙুলিয়াই কিবা ক’ব খোজোতেই ভিনিহিয়ে উপলব্ধি কৰিব পাৰিছিল তেওঁ কি ক’ব খোজে। দেউতাৰ ওচৰলৈ আহি তেওঁ কৈছিল— ‘আপুনি অলপো চিন্তা নকৰিব, আজিৰে পৰা এইখন ঘৰৰ দায়িত্ব মই ল’লো। মই নিমখ-ভাত খাবলগীয়া হ’লে এওঁলোককো তাকে খুৱাম।’ দেউতাৰ চকুৱেদি নিগৰি আহিছিল পৰম নিশ্চিন্ত হোৱাৰ দুটোপাল আনন্দাশ্ৰু।

 কেন্সাৰ যে কি সাংঘাতিক ব্যাধি তেতিয়াই গম পাইছিলো। আজি ইমান বছৰ পিছতো চিকিৎসাৰ বিশেষ উন্নতি হোৱা নাই। দেউতাৰ সময়ত কেম’থেৰাপি পদ্ধতিটো নাছিল, এতিয়া আছে যদিও আৰোগ্য লাভ কৰে কেইজনে? শেষবাৰ কলকাতালৈ যাওঁতে তেওঁ জানিব পাৰিছিল কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা বুলি। বেমাৰক আজীৱন ভয় কৰা মানুহজনে আতংকিত হৈ ডাক্তৰক সুধিছিল ই সংক্ৰামক ব্যাধি নেকি? যদি হয় তেনেহ’লে তেওঁৰ ঘৰখনেই ধ্বংস হ’ব। তদুপৰি জীয়েককেইজনীক কোনেও বিয়া নকৰাব। আগতেই লিখিছো ডেকা ডাক্তৰজনে দেউতাক বৰ শ্ৰদ্ধা কৰিছিল। ভালো পাইছিল। তেওঁ দেউতাৰ কাষত বাগৰি তেওঁক সাবটি ধৰি কৈছিল কেন্সাৰ সংক্ৰামক ৰোগ নহয়।

 প্ৰায় অনাহাৰে থাকি অসীম কষ্ট ভোগ কৰাৰ পাছত ১৯৫৪ চনৰ ৩ নৱেম্বৰৰ দিনা দেউতাই মুক্তি লাভ কৰে। শেষ মুহূৰ্তলৈকে তেওঁৰ মগজু যে সজাগ আছিল তাৰ উমান পাইছিলো কঁপা কঁপা হাতেৰে ফলিত যেতিয়া তেওঁ লিখিছিল তিনিটা শব্দ। প্ৰথমটো আছিল ‘চাবি’। তেওঁ বুজি পাইছিল অন্তিম ক্ষণ উপস্থিত। এনে এটা সময়ত বাহিৰা কিছু মানুহো সোমাই আহে, চোৰ-অপৰাধীও আহিব পাৰে, এতেকে আলমাৰীৰ চাবিৰ বিষয়ে সতৰ্ক কৰি দিলে। মই চাবিৰ থোকটো আনি তেওঁক দেখুৱাই লগত ৰাখিলো। আন দুটা শব্দ ‘শশী কাকা’, ‘নিশি কাকা’ (খুৰায়েক)। দহ বছৰ বয়সত পিতৃহাৰা হোৱা দেউতাহঁতৰ পৰিয়ালটোক এই দুগৰাকী খুৰায়েকে নানা আহুকালৰ পৰা ৰক্ষা কৰিছিল। হয়তো দেউতাই ক’ব খুজিছিল তেওঁলোকক যেন আমি কেতিয়াও উপেক্ষা বা অশ্ৰদ্ধা নকৰো।

 দেউতা গুচি যোৱাৰ লগে লগে আমাৰ জীৱনৰ এটা উজ্জ্বল অধ্যায়ৰ সামৰণি পৰে।


কঠিন জীৱনৰ মুখামুখি

দেউতাক হেৰুৱাই মহা সমুদ্ৰত পৰিছিলো ঠিকেই, কিন্তু আমি অতললৈ যাবলগীয়া হোৱা নাছিলো। একেটা চৌহদতে আছিল পৰিয়ালসহ ডাঙৰ আৰু সৰু খুৰা। ওচৰতে আছিল দেউতাৰ দুগৰাকী অতি শ্ৰদ্ধাৰ কাজিন— বাণেশ্বৰ জেঠা আৰু ভবানী জেঠা। আছিল অনেক আত্মীয়-স্বজন, বন্ধু-বান্ধৱ। ধুবুৰীৰ তেতিয়াৰ ডেপুটি কমিশ্যনাৰ লক্ষেশ্বৰ শৰ্মাৰ সৈতে বহুদিন আগৰে পৰা দেউতাৰ ঘনিষ্ঠ সম্পৰ্ক আছিল। তেওঁৰ পৰাও পাইছিলো দিহা-পৰামৰ্শ।

 নিৰাভৰণ দেহত শুভ্ৰ সাজ পিন্ধি মজিয়াতে চকুলো টুকি বহি থকা আমাৰ চৌৰাল্লিশ [ ১৩১ ] বছৰীয়া মাক দেখি বগৰীবাৰীৰ পৰা অহা ভুবন খুৰাই হাওহাওকৈ কান্দি উঠা দৃশ্যটো মই আজিও পাহৰিব পৰা নাই। ‘দুধে আলতা’ বৰণৰ ৰূপৱতী বৰজীয়ৰীৰ নাম দেউতাক কবি কেশৱচন্দ্ৰ চৌধুৰীয়ে ৰাখিছিল নীহাৰিকা। সেইগৰাকী নীহাৰিকাৰ উকা কপালখনলৈ মনত পৰিলে মই নিজকে ক্ষমা কৰিব নোৱাৰো। মাৰ দেহৰ পৰা এপদ এপদকৈ অলংকাৰবোৰ খোলাৰ সময়ত কিয় বাধা দিব নোৱাৰিলো, কিয় বগা কাপোৰসাজ দলিয়াই দিব নোৱাৰিলো, কিয় উকা কপালখনত ফোট এটা আঁকি নিদিলো! পিতৃতান্ত্ৰিক সমাজৰ বিৰুদ্ধে সিদিনাই কিয় জেহাদ ঘোষণা নকৰিলো! যুগ যুগ ধৰি নাৰীৰ ওপৰত সমাজে নিৰ্যাতন চলাই আহিছে। সেই নিৰ্যাতনৰ আজিও ওৰ পৰা নাই। নাৰীয়ে নিজেই নিজকে মানৱসত্তা হিচাপে প্ৰতিষ্ঠিত কৰিব লাগিব। আধুনিক বিশ্বৰ কোনো আগশাৰীৰ দেশত স্বামীহীনা মহিলাক আমাৰ ইয়াৰ দৰে এটা সুকীয়া শ্ৰেণীভুক্ত কৰা নহয়। ভাৰত এখন সুসভ্য দেশ বুলি ভাৰতীয়ই কিয় যে গৌৰৱ কৰে বুজি নাপাওঁ।

 পাৰলৌকিক কাৰ্য আদি শেষ হোৱাৰ পাছত আমাৰ কঠিন জীৱন আৰম্ভ হ’ল। টুলু আৰু খুকু গুৱাহাটীলৈ গ’ল। সিহঁতে তেতিয়া সন্দিকৈ কলেজত পঢ়ি আছিল বুলি উল্লেখ কৰিছো। পিছে দেউতাৰ অৱৰ্তমানত দুজনীকৈ ছোৱালীক বাহিৰত পঢ়োৱাটো আৰ্থিক দিশৰ পৰা কষ্টকৰ হ’ব বাবে সিদ্ধান্ত লোৱা হ’ল যে আই এ পাছ কৰি আহি ধুবুৰীৰ ভোলানাথ কলেজতে সিহঁতে বি এ ক্লাছত নাম লগাব। মই ধুবুৰী ছোৱালী হাইস্কুলত গণিত আৰু বিজ্ঞানৰ শিক্ষয়িত্ৰী হিচাপে নিযুক্তি পালো। কণমানি ডল ভৰ্তি হ’ল বি চি মেম’ৰিয়েল মজলীয়া স্কুলৰ তলশ্ৰেণীত। বিয়াৰ পাছৰে পৰা লগুৱা, ৰান্ধনী আদিক লৈ সুখত দিন যাপন কৰা মায়ে সাংসাৰিক অনেক কাম-কাজ নিজে কৰিবলৈ ধৰিলে। এটা কথা উপলব্ধি কৰিছিলো যে মানুহ অভ্যাসৰ দাস। পুৰণি সুখ-স্বাচ্ছন্দ্য মনৰ মণিকোঠাত সাঁচি থৈ আমি নতুন জীৱনত ধীৰে ধীৰে অভ্যস্ত হৈ পৰিছিলো। মা আছিল লখিমী স্বভাৱৰ। তেওঁ অৱস্থাৰ সৈতে খাপ খাই সংসাৰখন নিয়াৰিকৈ চলাই নিছিল। অভয়াপুৰীত আমাৰ চৌহদত চাৰিটামান পকী নাদ আছিল, পানীৰ কষ্ট কেতিয়াও ভোগ কৰা নাছিলো। ধুবুৰীত সময়মতে অহা অলপীয়া পানীৰে চলিবৰ সময়ত কেতিয়াবা বিৰক্তি প্ৰকাশ কৰিলে মায়ে আমাক প্ৰতিকূল অৱস্থাকো সহজভাৱে গ্ৰহণ কৰিবলৈ শিকাইছিল। কম বয়সতে বৈধৱ্য যন্ত্ৰণা ভুগিবলগীয়া হোৱা বাবেই হয়তো তেওঁ মাজে মাজে তেওঁৰ প্ৰিয় ৰবীন্দ্ৰ সংগীতটো যদি তোৰ ডাক শুনে কেউ না আসে, তবে একলা চলো ৰে— গাই প্ৰেৰণা লভিছিল।

 ১৯৫৬ চনতে হবলা জমিদাৰী উচ্ছেদ আইনখন কাৰ্যকৰী হয়। জমিদাৰসকলক ক্ষতিপূৰণ দিবলৈ আমাৰ ঘৰৰ পৰা নাতিদূৰত ‘কম্‌পেনছেশ্যন’ অফিচটো স্থাপিত হৈছিল। পেহীৰ বৰপুত্ৰ অখিলে আমাৰ ঘৰত থাকি সেইটো অফিচতে কামত যোগ দিছিল। অখিল আৰু তেওঁৰ ভাই নিখিল দুয়ো অভয়াপুৰীত আমাৰ ঘৰত থাকি অভয়েশ্বৰী হাইস্কুলত পঢ়িছিল কেইবছৰমান। নিখিল আছিল মজাৰ ল’ৰা। অভয়াপুৰীৰ ঘৰত আছিল কেইবাজোপা সু-স্বাদু কঁঠাল গছ। নিখিল আৰু মাৰ ধৰ্মপুৰবাসী মাহীয়েকৰ পুতেক, আমাৰ অনংগ মামাই গছ বগাই ফেৰেঙনিত বহি মস্ত মস্ত কঁঠাল নিমিষতে খাইছিল পৰম তৃপ্তিৰে। এবাৰ নিখিলৰ [ ১৩২ ] ধুম জ্বৰ। দেউতাই তাক চাবলৈ গৈ দেখে সি বিছনাত নাই। বাহিৰলৈ (তেতিয়াৰ দিনত পেচাবখানা-পাইখানা কোঠাৰ সংলগ্ন নাছিল) যোৱা বুলি ভাবি তেওঁ কোঠাটোৰ পৰা ওলাই কঁঠাল গছত শব্দ এটা পাই ওপৰলৈ চাই দেখে কঁঠাল খাই থকা নিখিলে মোমায়েকে দেখে বুলি আৰু ওপৰলৈ বগাই গৈ আছে। মোতকৈ পাঁচ-ছ মাহে ডাঙৰ অখিল আছিল শান্ত স্বভাৱৰ।

 কমপেনছেশ্যন অফিচত অবিভক্ত গোৱালপাৰা জিলাৰ ৰজা-জমিদাৰসকলে তেওঁলোকৰ ক্ষতিপূৰ্ণ আদায় কৰিবলৈ অখিলহঁতৰ ওচৰলৈ প্ৰায়ে আহিছিল। বিজনী ষ্টেটৰ ৰজাই তাক দেউতাৰ ভাগিন বুলি জনা বাবে তাৰ ওচৰলৈ মাজে মাজে আহিছিল। তেওঁক দেখিলে অখিলে বৰ অস্বস্তিবোধ কৰিছিল, কাৰণ ৰজা হৈ থকাৰ সময়ত মহামহিম ভূপ বাহাদুৰৰ সাক্ষাৎ পোৱা আছিল ভাগ্যৰ কথা। একেজন মানুহে এতিয়া ৰাজত্ব হেৰুৱাই ক্ষতিপূৰণৰ তদাৰকি কৰিবলৈ আহে সাধাৰণৰ ওচৰলৈ। হায় অদৃষ্ট! ঘৰলৈ আহি অখিলে আঙুৰবালাই গোৱা তেতিয়াৰ বিখ্যাত গানটো গায়— ‘চিৰদিন কাহাৰো সমান নাহি যায় গো, আজকে যে ৰাজা হৰিশচন্দ্ৰ কালকে ভিক্ষা চায়...’। এই গানটো শুনাই দেউতায়ো আমাক সদায় যিকোনো পৰিস্থিতিৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰিছিল। হয়তো সেই শিক্ষাই আমাক পিতৃহীন অৱস্থাৰ সৈতে খাপ খাবলৈ সহায় কৰিছিল। জমিদাৰী উচ্ছেদৰ পাছত এষ্টেটৰ অনেকে চাকৰি বাকৰি হেৰুৱালে, কিছুমানে আগৰ সা-সুবিধা নোপোৱা হ’ল। আমি কোৱাকুই কৰিছিলো দেউতাই একো হেৰুৱাবলগীয়া হোৱা নাছিল। ৰজাৰ হালত থকা মানুহগৰাকীয়ে শাৰীৰিক কষ্টভোগ কৰিবলগীয়া হৈছিল যদিও সসন্মানে আঁতৰি গ’ল জমিদাৰী উচ্ছেদৰ আগে আগে।

 ধুবুৰীত আমি প্ৰায়ে গধুলিবোৰ আড্ডা মাৰি কটাইছিলো কাজিন ভাই-ভনীবোৰৰ সৈতে। ভুৱন খুৰাৰ বৰপুত্ৰ অনিমেষেও তেতিয়া ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা ডাক্তৰী পাছ কৰি ধুবুৰীত নিযুক্তি পাইছিল। আড্ডাৰ মধ্যমণি আছিল তেওঁ আৰু কাজিন হাৰু। বাহিৰা জগতৰ বহু ইণ্টাৰেষ্টিং বা বাতৰিৰ যোগান ধৰিছিল দুয়ো। অনিমেষে আনিছিল Blitz নামৰ সাপ্তাহিকখন। তাত পাইছিলো দুনিয়াৰ খবৰ। নানাৱতী উপাধিৰ নৌসেনা বিভাগৰ উচ্চপদস্থ বিষয়া এজনৰ চিলভিয়া নামৰ বিদেশিনী পত্নীৰ প্ৰেম আহুজাৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কক কেন্দ্ৰ কৰি প্ৰকাশিত কাহিনীবোৰ আমি গোগ্ৰাসে গিলিছিলো। নানাৱতীয়ে সকলো কথা গম পোৱাৰ পাছত প্ৰেম আহুজাক কৈছিল তেওঁৰ পত্নীক বিয়া কৰাবলৈ। প্ৰেমক তেওঁ গুলীয়াই মাৰিছিল যেতিয়া প্ৰেমে উত্তৰত কৈছিল যে, তেওঁৰ শোৱাপাটীলৈ অহা সকলো তিৰোতাকে বিয়া কৰাব লাগিব নেকি? নানাৱতীৰ দীঘলীয়া বিচাৰপৰ্ব পুংখানুপুংখভাৱে পঢ়িছিলো। আমি আটায়েই আছিলো নানাৱতীৰ ফলীয়া। তেওঁৰ মৃত্যুদণ্ডৰ ৰায় ওলোৱাৰ পাছত আমি মৰ্মাহত হৈছিলো। অনেকেই হৈছিল। ক্ষমাদান কৰি মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়াৰ ক্ষমতা আজিকালি গৱৰ্ণৰৰ আছে নে নাই সঠিককৈ নাজানো, যিমানদূৰ মনত পৰে তেতিয়াৰ বোম্বাই ৰাজ্যৰ গৱৰ্ণৰ বিজয়লক্ষ্মী পণ্ডিতে নানাৱতীক ক্ষমদান কৰিছিল।

 আন এটা প্ৰেম কাহিনীয়ে ভাৰতক, বিশেষকৈ পশ্চিমবংগক জোকাৰি গৈছিল। ইয়ো [ ১৩৩ ] আছিল বিবাহ বহিৰ্ভূত প্ৰেম। যোৱা শতিকাৰ পঞ্চাশৰ দশকৰ শেষৰ ফালে ইটালীয়ান চিত্ৰ নিৰ্মাতা ৰবাৰ্টো ৰোছেলিনী ভাৰতলৈ আহিছিল চিত্ৰ নিৰ্মাণৰ কামত। বোধকৰো পশ্চিমবংগৰ খ্যাতনামা চিত্ৰ নিৰ্মাতা হৰিসাধন দাশগুপ্তৰ সহযোগত কৰিবলগীয়া আছিল কামটো। হলিউডৰ চিত্ৰতাৰকা ইনগ্ৰিড বাৰ্গমেনৰ স্বামী ৰোছেলিনীয়ে প্ৰথম দৰ্শনতে হৰিসাধনৰ মোহময়ী পত্নী সোণালীৰ প্ৰেমত হাবুডুবু খাবলৈ ধৰিলে। মানুহজনৰ বোধকৰো কিবা চৌম্বিক শক্তি আছিল। সাতাইশ বছৰীয়া সোণালী এক অভিজাত পৰিয়ালৰ জীয়ৰী। তেওঁ নিজৰ স্বামী, ছবছৰীয়া পুত্ৰ ৰাজা, এঘাৰমহীয়া পুত্ৰ অৰ্জুন আৰু পিতৃ পৰিয়ালৰ মান-সন্মান ভূলুণ্ঠিত কৰি ৰোজেলিনীৰ লগত ইউৰোপলৈ যাবলৈ প্ৰস্তুত হ’বলৈ ধৰিলে। পিছে বিদেশলৈ যাওঁ বুলিলেইতো যাব নোৱাৰি। প্ৰথমতে লাগিব পাছপ’ৰ্ট। সোণালী নিশ্চিত আছিল যে মিডিয়া আৰু তেওঁৰ পৰিয়ালে পাছপ’ৰ্ট পোৱাত বাধা দিব। শান্তি নিকেতনত অধ্যয়ন কৰাৰ সময়ৰে পৰা সোণালীয়ে জৱাহৰলাল নেহৰুক জানিছিল। অলপো কাল বিলম্ব নকৰি সোণালীয়ে নেহৰুক পাছপ’ৰ্ট আহৰণ কৰাত বাধা নিদিবলৈ অনুৰোধ কৰিছিল। ঠিকেই আছিল মহিলাগৰাকীৰ সন্দেহ। তেওঁৰ মোমায়েক প্ৰখ্যাত চিত্ৰনিৰ্মাতা বিমল ৰয়ে নেহৰুক অনুৰোধ কৰিছিল সোণালীৰ পাছপ’ৰ্ট পোৱাত বাধা দিবলৈ। ব্যক্তি স্বাধীনতাত বিশ্বাসী জৱাহৰলালে পিছে বাধা দিয়া নাছিল।

 পাছপ’ৰ্ট পোৱাৰ পিছত ৰোছেলিনীৰ কথামতে সৰুটো পুতেকক লগত লৈ ৰোছেলিনীৰ এজন বন্ধুপত্নীৰ সৈতে সোণালী ইউৰোপলৈ পলাই যায়। চিত্ৰশিল্পী মকবুল ফিদা হোছেইন আছিল ৰোছেলিনীৰ বন্ধু। দিল্লী বিমান বন্দৰলৈ সোণালী মিছেছ হোছেইন সাজি গৈছিল। ৰোছেলিনীয়ে হেনো হোছেইনক কৈছিল প্ৰতিখন চিনেমা নিৰ্মাণ কৰাৰ আগতে তেওঁ এগৰাকী নতুন নাৰীৰ সংগ বিচাৰে। নাৰীসকলেও তেওঁৰ আহ্বানত সঁহাৰি দিয়ে। ইনগ্ৰিড বাৰ্গমেনো সেইদৰেই আকৰ্ষিত হৈ আহিছিল। মকবুল ফিদা হোছেইনৰ ৰবাৰ্টো ৰোছেলিনীৰে বন্ধুত্ব হোৱাটোও এটা আচৰিত ঘটনা। কাৰণ হোছেইনে নাজানে ইংৰাজী আৰু ৰোছেলিনীয়ে ইংৰাজী কয় থমকি থমকি। সোণালীৰ সৰুটো পুতেক পৰৱৰ্তী কালত জিল ৰোছেলিনী নামেৰে জনাজাত হয়। ফুলে ফুলে মৌ চুহি ফুৰা মানুহক বিশ্বাস কৰে অতি ৰোমাণ্টিকসকলে, ভূত-ভৱিষ্যতলৈ নাচাই। সোণালী আছিল সেই দলভুক্ত। কিছুদিন পিছত সোণালী-ৰোছেলিনী সম্পৰ্কত ফাট মেলা বুলি শুনিছিলো।

 মোৰ বিয়াৰ পাছত সোণালীৰ বায়েক হাসিদিক (প্ৰতিমা) ঘনিষ্ঠভাৱে পাইছিলো। হাসিদি আমাৰ গৃহস্থৰ বন্ধু ইতিহাসবিদ তপন ৰায়চৌধুৰীৰ পত্নী। ৰোছেলিনীৰ ফালৰ পৰা সোণালীৰ ৰাধা নামৰ ছোৱালী এজনী হৈছিল। হাসিদিহঁতৰ দিল্লীৰ ঘৰত ৰোছেলিনী-সোণালী পৰিয়ালৰ অনেক ছবি দেখিছিলো। সোণালীয়ে ৰোমত ভাৰতীয় হস্তশিল্পৰ নানা বয়-বস্তুৰ এখন বুটিক খুলিছে। তাত সমাগত হয় অভিজাত ব্যক্তি, চেলিব্ৰিটি আৰু চিত্ৰতাৰকাসকলৰ।

 পৃথিৱীখন সঁচাই বেছি ডাঙৰ নহয়। ১৯৫৭-৫৮ চনত Blitz কাকতত ৰাজা নামৰ সোণালীৰ ছবছৰীয়া যিটো ল’ৰাৰ নাম পঢ়িছিলো, তেওঁক কলেজৰ ছাত্ৰ হিচাপে দিল্লীত [ ১৩৪ ] দেখা পালো হাসিদিৰ ঘৰত দহ-বাৰ বছৰমান পাছত। তাৰো পোন্ধৰ বছৰমান পাছত তেওঁৰ পত্নী কলকাতা টিভিৰ শিল্পী চৈতালীক লগ পাইছিলো। কলকাতাত তেওঁৰ মাকৰ ঘৰত। মাকে এৰি থৈ যোৱা ৰাজা বৰ্তমানে চিত্ৰ নিৰ্মাতা ৰাজা দাশগুপ্ত। হাসিদিক দুবছৰমান আগতে অলপ সময়ৰ বাবে কলকাতাত লগ পাইছিলো। সোণালী-ৰোছেলিনীৰ বিষয়ে শেহতীয়া খবৰ সোধা নহ’ল।

 আনৰ কথা বহুত কোৱা হ’ল, নিজৰ কথালৈ আহো। খুকু ধুবুৰীলৈ আহি বি এন কলেজত ভৰ্তি হ’ল। টুলুৱে বাইদেউহঁতৰ লগত পঢ়িবলৈ গ’ল ডিব্ৰুগড়লৈ। ইতিমধ্যে দেউতাৰ টকা-পইচা কিছু হাতলৈ আহিছিল। ছাকছেশ্যন চাৰ্টিফিকেট উলিওৱাত সহায় কৰিছিল আইনজীৱী কানুদাই (গুহ)। সেই টকাৰে ঘৰৰ আগফালে ভাড়া দিবলৈ এটা তিনি কোঠাৰ ঘৰ সাজিলে মায়ে নিজৰ তত্বাৱধানত। আমিও ভৰিৰ ওপৰত থিয় দিব পৰা হ’লো কোনোমতে। মাৰ তেতিয়া চিন্তা ছোৱালী অৰ্থাৎ মোক বিয়া দিয়াৰ। মই পিছে ঘোষণা কৰি দিছিলো যে মাহঁতক অঠাই সাগৰত পেলাই থৈ কোনোপধ্যেই বিয়া নকৰাওঁ। আত্মীয়-স্বজনৰ মুখতো একে কথা। কন্যা সন্তানক বিয়া দিব লাগে। ‘লাগে হয়’, তেওঁলোকক কৈছিলো, ‘পিছে সেইবোৰ নিয়ম খাটে যাৰ জীৱন স্বাভাৱিক বাটেৰে আগুৱায়। আমাৰ ভাই-ককাই নাই। দেউতাই মোক ল’ৰাৰ দৰে ডাঙৰ কৰিছে। কোকৰাঝাৰত স্কুল নাছিল, স্কুল প্ৰতিষ্ঠা কৰিছে, পঢ়িবলৈ পঠাইছে যোৰহাটলৈ, কটন কলেজলৈ। তেওঁ অকালতে এৰি যোৱা ঘৰখনৰ দায়িত্ব পালন কৰাটোৱে মোৰ ধৰ্ম, মোৰ কৰ্তব্য।’ তথাপিতো মানুহৰ ঘেনঘেননি-পেনপেননি শুনি শুনি বিৰক্ত হৈ এদিন মোৰ দীঘল চুলিকোচা আধাতে কেচীখনেৰে কাটি পেলালো। ক’লো— বিয়া নকৰাও বুলি প্ৰতিজ্ঞা নকৰো, কিন্তু মোৰ কেইটামান কৰ্তব্য শেষ কৰিহে। তেতিয়া দৰা নাপালে নকৰাও। চাকৰি এটাতো আছে। তাৰ পিছৰ পৰা মোৰ খং তোলা নাই কোনেও। ভিনিহিয়েও ক’লে মোৰ ওপৰত হেঁচা নিদিবলৈ।


যুৱ কংগ্ৰেছত যোগদান

জননেতা শৰৎ চন্দ্ৰ সিংহ আমাৰ পেহা চাপৰ নিবাসী হৰেন্দ্ৰ চন্দ্ৰ দাসৰ (ডিম্বুবাবু) স্নেহভাজন আছিল। পেহাক তেওঁ মামা বুলি মাতিছিল।মোমায়েকেও প্ৰতিভাধৰ ভাগিন শৰতে বাধাহীনভাৱে পঢ়া-শুনাকে লৈ সকলো ক্ষেত্ৰত যাতে আগবাঢ়িব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছিল। পেহাৰ ল’ৰা-ছোৱালীয়ে শৰৎ দা বুলি সম্বোধন কৰা বাবে আমিও তেওঁক মাতিছিলো শৰৎ দা বুলি। তেওঁৰ কথা-বতৰা, ত্যাগ, মানৱ প্ৰেম তথা দেশপ্ৰেমৰ চানেকি দেখি আকৃষ্ট হৈছিলো কংগ্ৰেছ দলৰ প্ৰতি। স্কুলত মোৰ সহকৰ্মী প্ৰতিভা ৰায়চৌধুৰী— ‘পুষ্প দি’ বুলি যাক শ্ৰদ্ধাৰে সম্বোধন কৰো— সেই সময়ত কংগ্ৰেছ দলভুক্ত আছিল। তেওঁক মোৰ মনৰ কথা কোৱাত যুৱ কংগ্ৰেছ দলত ভৰ্তি কৰাই দিলে। মোৰ আন এগৰাকী সহকৰ্মী বান্ধৱী সুৰমা নাৰায়ণেও (আৰক্ষী বিষয়া বিবেকানন্দ দাসৰ মাক) যুৱ কংগ্ৰেছত [ ১৩৫ ] যোগ দিছিল।

 যুৱ কংগ্ৰেছৰ সদস্য হৈ দেশৰ বা সমাজৰ বাবে লেখত ল’বলগীয়া একো কৰা নাছিলো যদিও নিজৰ জীৱনত স্মৰণীয় দুটা অভিজ্ঞতা আৰ্জিলো। ১৯৫৭ চনত অমৃতচৰত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত যোগদান কৰিবলৈ অসমৰ পৰা যোৱা দলটোৰ লগত যোৱাৰ সুযোগ ঘটিছিল। শৰৎ দাৰ নেতৃত্বত গোৱালপাৰা জিলাৰ পৰা যোৱা আমাৰ দলটো ফকিৰাগ্ৰাম ষ্টেচনৰ পৰা অসমৰ ঘাই দলটোৰ লগত একেখন ট্ৰেইনত গৈছিলো। সেই দলত আন অনেকৰ সৈতে আছিল ৰেণুকা দেৱী (পাছলৈ বৰকটকী), গোপীনাথ বৰদলৈৰ জীয়ৰী লিলি, তৰু বাইদেউ (দত্ত) আৰু স্মৃতিয়ে যদি বিশ্বাসঘাতকতা কৰা নাই মহেন্দ্ৰ মোহন চৌধুৰী। আমাৰ দলটোত শৰৎ দা আৰু ডালিম মেধি (সম্পৰ্কত আমাৰ আতা, যদিও তেওঁ ডেকাই আছিল) থকা বাবে মই যোৱাত মায়ে আপত্তি কৰা নাছিল। তদুপৰি সুৰমাও আছিল আমাৰ দলত।

 সেইবাৰেই প্ৰথম গৈছিলো উত্তৰ ভাৰতলৈ। শৰৎ সিংহ কেৱল ৰাজনীতিবিদেই নহয়, তেওঁ এগৰাকী সফল শিক্ষকো। ওৰে বাটটো তেওঁ বিভিন্ন ৰাজ্যৰ মাজেৰে যাওঁতে সেই অঞ্চলৰ সমাজ ব্যৱস্থা, ব্যক্তিৰ বিশেষত্ব, ঘৰ-দুৱাৰৰ নিৰ্মাণ শৈলী, খাদ্যাভ্যাস ইত্যাদি যাৱতীয় খা-খবৰ দি গৈছিল। অমৃতচৰ কংগ্ৰেছত জৱাহৰলাল নেহৰু, গোবিন্দ বল্লভ পন্থ, ইন্দিৰা গান্ধী প্ৰমুখ্যে তেতিয়ালৈ নাম শুনি থকা নেতা-নেত্ৰীসকলৰ ওচৰলৈ লৈ গৈছিল অটোগ্ৰাফ ল’বৰ বাবে। ইতিমধ্যে আমিও স্মাৰ্ট হ’লো। নিজেই চিনাকি হৈছিলো বঙালী কেইগৰাকীমান সাংবাদিকৰ লগত। এগৰাকীৰ লগত গৈছিলো বিজয়লক্ষ্মী পণ্ডিতৰ ওচৰলৈ। সাংবাদিকগৰাকীয়ে সাক্ষাৎকাৰ লোৱাৰ সময়ত আমি অদূৰত বহি বিজয়লক্ষ্মীৰ ৰূপ দৰ্শন কৰি আছিলো মূৰৰ পৰা ভৰিলৈ। গোবিন্দ বল্লভ পন্থৰ অটোগ্ৰাফ লোৱাৰ সময়ত তেওঁৰ সৰ্বশৰীৰ কঁপি থকা দেখি নিজকে দোষী যেন লাগিছিল, মানুহজনক অবাবতে কষ্ট দিয়া বাবে। শৰৎ দাই পাছত কৈছিল যে স্বাধীনতা যুদ্ধৰ সময়ত অহিংস সমদল এটাক ব্ৰিটিছ চৰকাৰৰ অশ্বাৰোহী বাহিনীয়ে দিগ্বিদিক জ্ঞানশূন্য হৈ হাণ্টাৰেৰে কোবোৱাৰ ফলত পন্থজীৰ স্নায়ুতন্ত্ৰটো বিকল হৈ গৈছিল। ঘৰলৈ উভতি অহাৰ পাছত অনেক নেতা-নেত্ৰীৰ অটোগ্ৰাফেৰে ধন্য হোৱা মোৰ সেই অমূল্য বহীখন কোনোবাই চুৰ কৰি নিলে।

 কংগ্ৰেছ অধিৱেশন সমাপ্ত হোৱাৰ পাছত শৰৎ দাই আমাক লৈ গৈছিল স্বৰ্ণমন্দিৰলৈ আৰু ঐতিহাসিক জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ সংৰক্ষিত ঘটনাস্থলীলৈ। কেউফালে প্ৰাচীৰ বেষ্টিত জালিয়ানৱালা বাগত সোমাবলৈ আছে ঠেক এটা কৰিড’ৰ। ব্ৰিটিছে বলৱৎ কৰা কিছুমান আইনৰ বিৰোধিতা কৰিবলৈ কংগ্ৰেছ দলে তাত সভা এখন পাতিছিল। চনটো আছিল ১৯১৯। ভাৰতীয় মানুহক এসেকা দিবলৈ কৰিড’ৰত উপস্থিত হৈছিল কৰ্ণেল ডায়াৰ। তেওঁৰ আদেশত গৰজি উঠিছিল মেচিনগান। সভাত উপস্থিত নিৰীহ ৰাইজে পলাবলৈ বাট বিচাৰি নাপালে। কিছুমানে কিংকৰ্তব্যবিমূঢ় হৈ কাষত থকা নাদ এটাত জপিয়াই আত্মৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতীয়ৰ তেজেৰে সিদিনা ৰাঙলী হৈছিল জালিয়ানৱালা বাগ। এই ঘটনাৰ প্ৰতিবাদত ব্ৰিটিছপ্ৰদত্ত ‘নাইট’ উপাধি ৰবীন্দ্ৰনাথ ঠাকুৰে [ ১৩৬ ] ওভোতাই দিয়ে। ব্ৰিটিছৰ এই দমননীতি সহ্যৰ বাহিৰলৈ যোৱাত মহাত্মা গান্ধীৰ নেতৃত্বত পূৰ্ণোদ্যমে আৰম্ভ হয় অসহযোগ আন্দোলন।

 বুৰঞ্জী কিতাপত এই হত্যাকাণ্ডৰ বিষয়ে পঢ়াৰ আগতে দেউতাৰ মুখেও শুনিছিলো। সিদিনা সেই নাদটো দেখি আৰু প্ৰাচীৰৰ গাত গুলীৰ চিনবোৰ দেখি আমাৰ তেজ তপত হৈ উঠিছিল। আমাৰ দলৰ সৰ্বেশ্বৰদাই খঙত একো নাই হৈ পাৰিলে কৰ্ণেল ডায়াৰক মুচৰি মাৰে। পিছে তেওঁক নো পায় কত?

 অমৃতচৰৰ পৰা দিল্লীলৈ একেলগে অহাৰ পিছত গোৱালপাৰীয়া দলটো বেলেগ হৈ তাৰ পৰা গ’লো সেই সময়ত শতদ্ৰ নৈৰ ওপৰত নিৰ্মাণৰ কাম চলি থকা ভাখৰা-নাঙল বান্ধটো চাবলৈ। ভাৰতৰ সৰ্ববৃহৎ নৈ-উপত্যকা (River valley) এই বান্ধটো পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানৰ যুটীয়া প্ৰচেষ্টাত নিৰ্মিত। আমি তালৈ যোৱাৰ আগতে নাঙলৰ ২৯ মিটাৰ ওখ বান্ধটোৰ কাম সম্পূৰ্ণ হৈছিল। চলি আছিল ভাখৰাত বিশাল কৰ্মযজ্ঞ। শতদ্ৰৰ ওপৰত ২২৬ মিটাৰ ওখ বান্ধটোৰ আৰম্ভণিৰ কাম আমি চাই আহিছিলো। ইয়াৰ পৰা বৰ্তমানে উৎপন্ন হয় ১২০৪ মেগাৱাট বিদ্যুৎ। তদুপৰি ২৭.৪ লাখ হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা হোৱাৰ ফলত সেইবোৰ অঞ্চল শস্য শ্যমলা হয়গৈ।

 সিবাৰেই মই দিল্লীলৈ প্ৰথম গৈছিলো। লালকিল্লা, কুটুবমিনাৰ, হুমায়ুনৰ কবৰ আদি ঐতিহাসিক ঠাইবোৰৰ উপৰি আধুনিক দিল্লীখনো চাই ধন্য হোৱা যেন লাগিছিল। এদিন আগ্ৰালৈ গৈ তাজমহল আৰু ফতেহপুৰ চিক্ৰি, বুলন্দ দৰৱাজা ইত্যাদি চাই আহিছিলো। দিল্লীৰ পৰা অসমমুখী ৰে’লখনত বিষাদ মনেৰে উঠাৰ সময়ত ভবা নাছিলো আকৌ আহিবলগীয়া হ’ব দুবছৰমান পাছত। তাজমহল চাই অহাৰ সময়তো কল্পনাত ঠাই পোৱা নাছিল যে ইয়ালৈকো আহিম বহুবাৰ। সেইবোৰ পাছৰ কথা পাছলৈ থলো।

 পাছৰ বছৰত অৰ্থাৎ ১৯৫৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনখন অনুষ্ঠিত হৈছিল গুৱাহাটীৰ পাণ্ডুত। যিমানদূৰ মনত পৰে সিবাৰ জাতীয় কংগ্ৰেছৰ সভাপতি আছিল ইউ এন ধেবৰ। নাজানো কি কাৰণে তেওঁ ধুবুৰীৰ সমীপৱৰ্তী ৰূপসী বিমান বন্দৰত অৱতৰণ কৰিছিল। গুৱাহাটীলৈ তেওঁক ধুবুৰীৰ পৰা আনিবলৈ এখন বিশেষ ৰে’ল গাড়ীৰ ব্যৱস্থা কৰা হৈছিল। সেইখন বাহিৰে-ভিতৰে ফুলেৰে ভলণ্টিয়াৰসকলে এনেকৈ সজাইছিল ধাৰণা হৈছিল যেন ই সাধাৰণ ৰে’ল গাড়ী নহয়, পুষ্পৰথহে। ধুবুৰী অঞ্চলৰ পৰা আমি বহুতে সেই ৰে’লখনতে জাতীয় কংগ্ৰেছৰ অধিৱেশনত যোগ দিবলৈ আহিছিলো। মা, সৰু ভণ্টী ডল আৰু ভাগিন অৰূপো আহিছিল মোৰ লগত। আমি পাণ্ডুত অস্থায়ীভাৱে সজা কেম্পত থাকিছিলো। সিবাৰ জৱাহৰলাল নেহৰুৰ লগত সপৰিয়ালে আহিছিল ইন্দিৰা গান্ধী। এদিন ৰাতিপুৱাৰ ভাগতে দেখিছিলো ইন্দিৰা গান্ধী আৰু ফিৰোজ গান্ধীক তেওঁলোকৰ কণ কণ দুই পুত্ৰ ৰাজীৱ আৰু সঞ্জয়ৰ সৈতে। দেউতাক-পুতেক তিনিও পিন্ধিছিল ধকধকীয়া বগা খাদীৰ পায়জামা-পাঞ্জাবী, মূৰত আছিল একেই বগা গান্ধীটুপী। তেতিয়াৰ দিনত আজিৰ দৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া নাছিল। ৰাইজে পৰিয়ালটোক ওচৰৰ পৰাই দেখিছিল।

[ ১৩৭ ] প্ৰজাপতিৰ গুণগুণনি

মাৰ চিন্তা লাঘৱ কৰিবলৈ টুলুৰ বাবে দৰাৰ সন্ধানত ব্যস্ত হৈ পৰিছিলো। মই বিয়া নহওঁ বুলি ডাঠি ঘোষণা কৰাৰ পাছত বাইদেউ আৰু আত্মীয়-স্বজনেও টুলুৰ বিয়াৰ চিন্তা কৰিবলৈ ধৰিলে। আমি সকলোৱে একমত আছিলো যে পিতৃহাৰা ছোৱালীজনীক দাঁতিকাষৰীয়া চিনাকি ঘৰলৈ দিব লাগিব। মাৰ এটা চৰ্ত আছিল ল’ৰা যেন বিদ্বান হয় আৰু চেলেপু স্বভাৱৰ নহয়। বাইদেউৰ বিয়াতো মাৰ আছিল একেটা চৰ্ত। অৱশেষত ভিনিহিৰ কাজিন ভায়েক পাচনীয়াবাসী গোপাল চন্দ্ৰ দাসৰ লগত ১৯৫৭ চনৰ ২৭ নৱেম্বৰত টুলুৰ বিয়া হৈ যায় হৰিষ-বিষাদৰ মাজেৰে। স্বাভাৱিকতে সকলোৰে মনত পৰিছিল দেউতালৈ। আমি জোৰ কৰি আমাৰ অনুভূতিবোৰক হেঁচি থৈছিলো, কিন্তু বান্ধ ভাগি সেইবোৰ চকুলো হৈ ওলাই আহিছিল যেতিয়া মাৰ এগৰাকী বায়েক বেলা জেঠীয়ে বিবাহথলীলৈ যোৱাৰ মুহূৰ্তত টুলুৰ গায়ে-মূৰে হাত ফুৰাই কৈছিল যে ওপৰৰ পৰা দেউতাই আশীৰ্বাদ কৰি আছে।

 গোৱালপাৰাৰ খ্যাতনামা আইনজীৱী চাৰু মোহন দাসৰ সাদৰী পত্নী বেলা জেঠী আছিল অত্যন্ত মৰমিয়াল। অত্যন্ত সৰলো। পৰিয়ালটোৰ সৈতে আমাৰ বৰ ঘনিষ্ঠতা আছিল। চাৰু জেঠা আছিল দেউতাৰ বন্ধুস্থানীয়। বেলা জেঠী আৰু মাৰ আন এগৰাকী জেঠায়েকৰ জীয়েক বায়েক সৰসী জেঠীয়ে ১৯১০ ৰ দশকতে কলকাতাৰ ব্ৰাহ্ম স্কুলত পঢ়া-শুনা কৰিছিল। সৰসী জেঠীয়ে পাছত বোধকৰো শান্তি নিকেতনলৈ পঢ়িবলৈ গৈছিল। সৰসী জেঠীৰ বিয়া হৈছিল গোৱালপাৰাৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান যোগেশ চন্দ্ৰ দাসৰ লগত। যোগেশ জেঠাই আজীৱন ডিব্ৰুগড়ত থাকি ওকালতি কৰিছিল। তেওঁলোকৰ উত্তৰপুৰুষসকল বৰ্তমানে ডিব্ৰুগড়বাসী।

 কথা এটা মনত পৰিলে তাৰ পৰা ওলায় অসংখ্য পোখা। তাৰে দুটামান কৈ টুলুৰ প্ৰসংগলৈ উভতি আহিম। বেলা জেঠী ইমানে মৰমিয়াল আছিল যে আমি তেওঁলোকৰ গোৱালপাৰাৰ ঘৰলৈ গ’লে মাজনিশা উঠি আহি আমাৰ মূৰশিতানত বহি মূৰত হাত ফুৰাই থাকিছিল। কেতিয়াবা সুধিছিল— ‘আই, টুপ্‌নি আইছে?’ তেওঁৰ মৰমৰ অত্যাচাৰত কেতিয়াবা সাৰ পাই বাকীছোৱা ৰাতি বিছনাতে ইকাতি-সিকাতি কৰি কটাইছিলো। আজিকালি মানুহে আলহী আহিলে বিৰক্তি বোধ কৰা দেখো। হয়তো বৰ্তমান যুগৰ পৰিস্থিতিয়ে মানুহক হৃদয়হীন কৰিছে। ফোন এটা নকৰাকৈ মানুহ আজিকালি হঠাতে কাৰো ঘৰত নোলায়গৈ। তেতিয়াৰ দিনত বিছনা-বাকচ লৈ আমিও মাহী-পেহীৰ ঘৰলৈ গৈছিলো; আমাৰ ঘৰলৈকো সদল-বলে আত্মীয়-স্বজন আহিছিল কোনো আগজাননী নিদিয়াকৈ।

 মনত পৰিছে মাৰ মাহীৰ ছোৱালী অন্নদা মাহীলৈ। এদিন আবেলিৰ ট্ৰেইনত তেওঁ দুজনমান ল’ৰা-ছোৱালীক লগত লৈ কোকৰাঝাৰলৈ আহিছিল পাঠশালাৰ পৰা। আহোতে ৰে’লৰ উদং খিৰিকীৰে ল’ৰাজন চলন্ত ৰে'লৰ পৰা পৰি গৈছিল। শিকলি টানি গাড়ী ৰখোৱা হ’ল। কেইজনমান হাল বাই থকা খেতিয়কে তাক কোলাত তুলি গাড়ীখনৰ ফালে বেগাই আহি আছিল। ৰে’লৰ যাত্ৰীকেইজনমানো ল’ৰাটোক বিচাৰি গৈ আছিল। কোমল মাটিত সৰি [ ১৩৮ ] পৰা বাবে তাৰ গাত আঁচোৰ এটাও পৰা নাছিল হেনো। সিদিনাৰ সেই ল’ৰাটো অৰ্থাৎ আমাৰ পতুদাক (ৰোহিনী পাটগিৰী) বহু বছৰৰ মূৰত লগ পাই অতীতৰ স্মৃতি ৰোমন্থন কৰিছিলো।

 কুৰি শতিকাৰ আগভাগত কলকাতাত শিক্ষিত গোৱালপাৰাৰ দুই-এঘৰ অভিজাত পৰিয়ালত বিশুদ্ধ বাংলা ভাষাৰ প্ৰচলন আছিল। তাৰে এঘৰ আছিল মাৰ কাজিন উল্লিখিত সৰসী জেঠীৰ পৰিয়ালটো। ডিব্ৰুগড়ত বাস কৰিও তেওঁলোকৰ ল’ৰা-ছোৱালীসকলে কলিকতীয়া বাংলা কৈছিল। জেঠা-জেঠীৰ নাতি-নাতিনীসকলৰ জমানাত বাংলা ভাষা বৰ্তমানে অন্তৰ্হিত হৈ তাৰ ঠাই লৈছে বিশুদ্ধ অসমীয়া ভাষাই। আন এটা পৰিয়াল আছিল হাকিম উত্তম দাসৰ পৰিয়ালটো। তেওঁৰো নাতি-নাতিনীসকলে বৰ্তমানে অসমীয়া ভাষা কয়। পিছে বিশুদ্ধ বাংলা সলসলীয়াকৈ ক’ব পাৰে। এইটো পৰিয়ালৰ লগতো মাহঁতৰ আত্মীয়তা আছিল। উত্তম দাসৰ আটাইকেইগৰাকী পুত্ৰ সুযোগ্য। তেওঁৰ পৌত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° নিলয় দাস আৰু দৌহিত্ৰ ৰণেন বৰুৱা মোৰ সহপাঠী বন্ধু।

 টুলুৰ কথালৈ উভতি যাওঁ। বাইদেউ আৰু টুলু দুয়োৰে শহুৰেকৰ ঘৰ গোৱালপাৰা চহৰৰ বিপৰীত দিশত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে পাচনীয়া নামৰ উন্নত গাঁওখনত। বহু যুগ আগৰে পৰা এইখন গাঁৱত বহু শিক্ষিত আৰু প্ৰতিভাশালী ব্যক্তিৰ সমাবেশ ঘটা বাবে অনেকে পাচনীয়াক ৰত্নগৰ্ভা ঠাই বুলি কয়। টুলুৰ তিনিগৰাকী মামা শহুৰৰ নাম আমি সৰুৰে পৰা শুনিছো। এওঁলোক হ’ল পৰমানন্দ, ধৰ্মেশ্বৰ আৰু সৰ্বেশ্বৰ দাস। জ্যেষ্ঠ পৰমানন্দই (১৮৮৯-১৯৭৩) কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত এণ্ট্ৰেন্স পৰীক্ষাত তৃতীয় স্থান অধিকাৰ কৰিছিল। আইনৰ ডিগ্ৰীধাৰী আছিল যদিও তেওঁ কেতিয়াও ওকালতি নকৰি ভাৰতৰ স্বাধীনতা যুদ্ধত নিজকে সপি দিছিল। গোৱালপাৰা লোকেল বোৰ্ডৰ চেয়াৰমেন হিচাপে মনোনীত হোৱাৰ পাছত একেখন চহৰৰে মিউনিচিপেলিটিৰ প্ৰথমগৰাকী চেয়াৰমেন হিচাপে নিৰ্বাচিত হয় তেওঁ। চন-তাৰিখ সঠিককৈ নাজানো, এবাৰ তেওঁ অভয়াপুৰী সৃজনগ্ৰামৰ পৰা এম এল চি (এম এল এ) হিচাপেও নিৰ্বাচিত হৈছিল। দেশৰ কামত জড়িত মানুহগৰাকীয়ে বিয়া-বাৰু নকৰালে। দ্বিতীয়গৰাকী ভায়েক ধৰ্মেশ্বৰ দাসে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম এত প্ৰথম স্থান অধিকাৰ কৰি দেশ আৰু সমাজৰ কামত আগভাগ লৈছিল। তেওঁ ডবল এম এ আছিল বুলি শুনিছিলো যদিও আনটো বিষয় কি আছিল সঠিককৈ নাজানো। শিক্ষা বিস্তাৰ কৰাটোৱে আছিল তেওঁৰ জীৱনৰ মূল লক্ষ্য। সমাজখনেই আছিল তেওঁৰ ঘৰ। এইখন ঘৰতে লাগি থকা বাবে ককায়েকৰ দৰে তেৱোঁ নিজাববীয়াকৈ সংসাৰ পাতিবলৈ সময় উলিয়াব নোৱাৰিলে। ককায়েকৰ দৰেই দীৰ্ঘজীৱী ধৰ্মেশ্বৰ দাসৰ ১৯৭৩ চনত ৮১ বছৰ বয়সত মৃত্যু হয়। কনিষ্ঠ দাসভাতৃ সৰ্বেশ্বৰ দাস আছিল অসমৰ তৃতীয়গৰাকী বি ই, গোৱালপাৰাৰ প্ৰথম। চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অবৈতনিক অধ্যাপক হিচাপে যোগ দিয়ে। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানটোৰ তেৱেঁ প্ৰতিষ্ঠাতা। ৰিহাবাৰীৰ নিজা ঘৰতে এই প্ৰতিষ্ঠানটোৰ পাতনি মেলিছিল। হোষ্টেলটোও আছিল নিজৰ ঘৰত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ঘৰ-দুৱাৰবোৰৰ নক্সা আদিৰ [ ১৩৯ ] পৰিকল্পনা কৰিছিল সৰ্বেশ্বৰ দাসে। সমাজসেৱা কৰিছিল যদিও তেওঁ ককায়েক দুগৰাকীৰ দৰে অবিবাহিত হৈ নাছিল। ১৯৭৯ চনত ৮৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। খাদ্যত দৈৰ প্ৰাধান্যই পাচনীয়াৰ মানুহক দীৰ্ঘজীৱী আৰু বুদ্ধিমান কৰে বুলি অনেকৰ ধাৰণা।

 টুলুৰ স্বামী গোপালে বিয়াৰ সময়ত গোৱালপাৰাত ওকালতি কৰি আছিল। তাৰ কেইবছৰমান পাছত কোকৰাঝাৰলৈ আহি অৱশেষত বঙাইগাঁৱত স্থায়ীভাৱে থাকিবলৈ লয়। বিশিষ্ট আইনজীৱী গোপাল চন্দ্ৰ দাস আছিল বঙাইগাঁও আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। ভিনিহিদেউ আমাৰ অভিভাৱক স্বৰূপ আছিল যদিও তেওঁ চাকৰিসূত্ৰে দূৰে দূৰে থাকিবলগীয়া হোৱাত গোপালেই হৈছিল মাৰ ওচৰতে থকা পুত্ৰস্বৰূপ জোঁৱাই। তথাপিতো টুলু গুচি যোৱাত ঘৰখন উদং উদং লাগিছিল অনেক দিনলৈ। তায়ো কিছুদিন ধুবুৰী বি চি মেম’ৰিয়েল স্কুলত শিক্ষকতা কৰিছিল বিয়াৰ আগতে।

 আমাৰ যৌথ পৰিয়ালটোত ১৯৫৬ চনৰে পৰা লগালগিকৈ কেইবাখনো বিয়া অনুষ্ঠিত হৈছিল। সেই বছৰৰ মে’ মাহৰ ২ তাৰিখে ড° মহেন্দ্ৰ বৰাৰ লগত বিয়া হ’ল ডাঙৰ খুৰাৰ জীয়ৰী গীতাবাৰ। খুৰাৰ আন এজনী ছোৱালী আৰতি আছিল জাকত জিলিকা ৰূপৱতী। ৰূপৱতী ছোৱালীৰ পাণিগ্ৰহণ কৰিবলৈ দৰাৰ ভিৰ লাগে। অসুবিধা হয় বাছনি কৰাত। ফুলকুমলীয়া বয়সতে তাইৰ বিয়া হৈ গ’ল নগাঁৱৰ বিশিষ্ট নাগৰিক ভূজ মহন্তৰ পুত্ৰ ভূপেন মহন্তৰ লগত, গীতাবাৰ বিয়াৰ কেইমাহমান পাছতে। আৰতিৰ বিয়ালৈ আহিছিল খ্যাতনামা চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ মাতৃ কমলকুমাৰী বৰুৱা। তেওঁ আছিল দৰাৰ বৰবাইদেউ।

 মানুহে কোৱাকুই কৰিবলৈ ধৰিলে যে দাস পৰিয়াললৈ আগমন ঘটিছে প্ৰজাপতিৰ। টুলু, গীতাবা আৰু আৰতিৰ বিয়াৰ পাছত ডাঙৰ খুৰাৰ দ্বিতীয়জনী ছোৱালী শেফালীৰ গুৱাহাটী নিবাসী ডাঃ যোগেন্দ্ৰ নাথ ভূঞাৰ লগত শুভ বিবাহ সম্পন্ন হ’ল। পৰিয়ালৰ আন এজনী ৰূপৱতী আছিল আমাৰ ভনী খুকু। শিশু বয়সতে তাই মানুহৰ মুখে মুখে শুনি গম পাইছিল যে তাই অতি ধুনীয়া, গাৰ বৰণ গোলাপৰ পাহিৰ দৰে। তাইৰ ভাল নামটো আছিল নীলিমা। পাঁচ বছৰমান বয়সত এদিন ড্ৰেছিং টেবুলৰ আৰ্চিৰ সন্মুখত বহি নিজৰ ৰূপত নিজে মুগ্ধ হৈ তাই স্বগতোক্তি কৰিছিল, ‘মই প্ৰতিমাৰ দৰে সুন্দৰী। আজিৰে পৰা মোৰ নাম নীলিমা নহয়, প্ৰতিমা।’ সিদিনাৰে পৰা তাইৰ নাম প্ৰতিমা। নিজৰ নাম নিজে ৰখা ব্যক্তি সম্ভৱতঃ পৃথিৱীত তায়ে প্ৰথম, তায়ে শেষ। প্ৰতিমাৰ অৰ্থ তাই সেই বয়সত নিশ্চয় নাজানিছিল। তাইৰ ৰূপমুগ্ধসকলৰ মুখত শুনি শুনি বাক্যশাৰী আয়ত্ত কৰিছিল।

 যি কি নহওক, এনেহেন সুন্দৰীৰ বাবে অনেক দৰা ওলালেও ধুবুৰীৰ বি এন কলেজৰ পৰা বি এ পাছ কৰাৰ পাছত তাইক গুৱাহাটীলৈ পঠালো এম এ পঢ়িবলৈ। ঘৰৰ পৰিস্থিতিয়ে মোক এম এছ চি পঢ়াত বাধা দিয়া বাবে দেউতাৰ মনত দুখ এটা থাকি গৈছিল। খুকুৰ যোগেদি দেউতাৰ সেই ইচ্ছা পূৰ্ণ হোৱাটো বিচাৰিছিলো। তদুপৰি স্কুলত চাকৰি কৰি উপলব্ধি কৰিছিলো স্কুলৰ শিক্ষক আৰু কলেজৰ শিক্ষকৰ মাজত সকলো ফালৰ পৰা বহু পাৰ্থক্য।

 খুকু গুৱাহাটীলৈ যোৱাৰ পাছত শিক্ষা বিভাগৰ পৰা মই সুযোগ পালো কটন কলেজত [ ১৪০ ] কেমেষ্ট্ৰিত এটা এডভান্স কোৰ্ছ কৰিবলৈ। সেই সময়ত মাধ্যমিক স্কুলবোৰ উচ্চ মাধ্যমিক স্তৰলৈ উন্নীত হৈ আছিল। সেইটো স্তৰত পঢ়াবলৈ প্ৰয়োজন হৈছিল স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষক। অথচ সেই সময়ত এম এ, এম এছ চি শিক্ষকৰ অভাৱ আছিল। গতিকে স্নাতকসকলৰ একাংশক বিভিন্ন বিষয়ত এবছৰীয়া বিশেষ ট্ৰেইনিং দি উচ্চ মাধ্যমিক স্কুলত পঢ়াবলৈ উপযুক্ত কৰোৱা হৈছিল। পুৰণি কলেজখনত আকৌ এবছৰৰ বাবে পঢ়িবলৈ গৈ ভালেই লাগিছিল। পিছে এইবাৰ অসমৰ বিভিন্ন স্কুলৰ পৰা অহা শিক্ষকসকল আছিল বিভিন্ন বয়সৰ। আমাৰ এসময়ৰ সহপাঠী কিৰণ বৰা দলটোত থকা বাবে আকৌ পুৰণি দিনবোৰ উভতি অহা যেন পাইছিলো। দুয়ো আছিলো ছাত্ৰীবাৰী হোষ্টেলত। বন্ধৰ দিনত দুয়ো পুৰণি বান্ধৱীহঁতৰ ঘৰলৈ, কেতিয়াবা চিনেমা চাবলৈ আৰু কেতিয়াবা অ’লৈ ত’লৈ টিঘিল ঘিলাই ঘূৰি ফুৰিছিলো। পঢ়াৰ চাপ বিশেষ নাছিল, পৰীক্ষাৰ চিন্তাও বৰকৈ নাছিল গতিকে বছৰটো আনন্দৰ মাজতে পাৰ হৈছিল।


সহকৰ্মীৰ সান্নিধ্য লাভ

ধুবুৰী ছোৱালী হাইস্কুলত সহকৰ্মী হিচাপে পোৱা ঊষা দাশগুপ্ত আৰু সুকুমাৰী ৰায়চৌধুৰীয়ে এসময়ত মোৰ বাইদেউক পঢ়াইছিল। সেইখন স্কুলত কাম কৰাৰ অভিজ্ঞতাই আৰু টুলুদি (সুকুমাৰী ৰায়চৌধুৰী), যশোদাদি, পুষ্পদি (প্ৰতিভা ৰায়চৌধুৰী), মনুদি, বিশাখাদি, শ্যেলীদি, দেৱবালা বাইদেউ, বীণা বাইদেউ, বীণাদি, লতিফা, সুৰমা প্ৰমুখ্যে সহকৰ্মীসকলৰ সহানুভূতিশীল সান্নিধ্যই দেউতাক হেৰুওৱাৰ লগে লগে দেখা দিয়া ঘোৰ এন্ধাৰ জীৱনত আলোকৰ সন্ধান দিছিল। জীয়াই থকাৰ অনুপ্ৰেৰণা পাইছিলো।

 পৰৱৰ্তী জীৱনত মোৰ মনত ইতিমধ্যে গজালি মেলা নাৰীবাদী চিন্তাধাৰাক প্ৰস্ফুটিত কৰিবলৈ ঊষাদিয়ে গভীৰভাৱে অৰিহণা যোগাইছিল। ঊষাদি নাৰীবাদী নাছিল, সমাজৰ বিৰুদ্ধে কোনো দিনে কোনো কথা প্ৰকাশ্যে কোৱাও নাছিল। কেৱল তেওঁৰ জীৱনত ঘটা ঘটনাবোৰ মাজে মাজে কৈছিল, তাকো ৰস লগাই। সেই ৰসৰ মাজতে পিছে নিমজ্জিত হৈ আছিল পিতৃতান্ত্ৰিক সমাজৰ নীতি-নিয়মৰ বিৰুদ্ধে একো একোপাত শানিত শেল। তেওঁৰ ৰসাল কথা-বতৰা শুনি আমি আমোদ পাইছিলো যদিও সেই শেলবোৰে মোৰ বিবেক, মোৰ চেতনাত তীব্ৰভাৱে খোঁচ মাৰি থকাসৰকা কৰিছিল।

 ঊষাদি অবিভক্ত ভাৰতৰ ঢাকাৰ ছোৱালী। কলকাতাত এম এ পাঠৰত ছাত্ৰ এগৰাকীৰ সৈতে তেওঁৰ আগৰ দিনৰ নিয়ম মতে চৈধ্য-পোন্ধৰ বছৰ বয়সতে বিয়া হয়। সেই যুগত সম্ভ্ৰান্ত বংশৰ সম্ভাৱনা থকা ছাত্ৰৰ সৈতে বিয়া হোৱাটো কোনো আচৰিত হ’বলগীয়া কথা নাছিল। সি যি কি নহওক, বিয়াৰ কেইদিনমানৰ পাছত দৰা কলকাতালৈ যায়গৈ, নৱবিবাহিতা পত্নীক ঘৰতে থৈ। গৰম বন্ধ, পূজাৰ বন্ধত আহিলেও সেই জামানাৰ নিয়মমতে ৰাতি কেৱল শোৱা কোঠাতহে ঊষাদিয়ে তেওঁৰ সংগ পাইছিল। তাকো লেমৰ পোহৰত। ইতিমধ্যে ঊষাদিৰ কোলালৈ আহিল এটি কন্যা সন্তান। কেইমাহমানৰ পাছতে মাক-জীয়েক দুয়োকে [ ১৪১ ] এৰি থৈ স্বামীজন পৃথিৱীৰ পৰা আঁতৰি গ’ল। টাইউয়েড ৰোগত ভুগি। জীয়েক পিতৃহাৰা হ’ল আৰু ঊষাদি হ’ল বিধবা। তেতিয়াৰ দিনত উচ্চকুলৰ বিধবাৰ দৰে দুৰ্ভগীয়া সম্ভৱতঃ আন কোনো নাছিল। পৰনিৰ্ভৰশীল হোৱাসকলৰ অৱস্থা আছিল অবৰ্ণনীয়।

 ঊষাদিৰ দেউতাক প্ৰগতিশীল আৰু দূৰদৰ্শী হোৱা হেতুকে জীয়েকক স্কুল-কলেজত পঢ়ুৱাই শিক্ষয়িত্ৰীৰ উপযুক্ত কৰিবলৈ বি এ বি টি পাছ কৰালে। সেই সময়ত তিৰোতা মানুহৰ বাবে মৰ্যাদাপূৰ্ণ চাকৰি আছিল কেৱল স্কুলত। ঢাকাৰ পৰা তেওঁ কেনেকৈ ধুবুৰী আহি পালে মই মনত পেলাব পৰা নাই। ধুবুৰী ছোৱালী হাইস্কুলৰ হোষ্টেলতে থাকিছিল তেওঁ।

 ঊষাদি আছিল শুভ্ৰবসনা, নিৰাভৰণ আৰু নিৰামিষাহাৰী। তেওঁ ‘ৰগৰ’ কৰি কৈছিল— ‘যাৰ কাৰণে সকলো ত্যাগ কৰিলো তেওঁৰ মুখখন মনতে নাই। থাকিবনো কনেকৈ? কেইদিননো লগ পাইছিলো? যি কেইদিন পাইছিলো লেমৰ ঢিমিক-ঢামাক পোহৰত ৰাতি।’ দিনত স্বামীক লগ পোৱাটো হেনো লাজৰ কথা আছিল। তদুপৰি স্বামী নামৰ মানুহজনৰ ফটো এখনো নাই। দুদিনৰ চিনাকি মানুহজনৰ বাবে সমগ্ৰ জীৱন শাস্তি ভোগ কৰিবলগীয়া হোৱা অৱস্থাটোৰ কথা ঊষাদিয়ে হাঁহি হাঁহি ক’লেও তেওঁৰ মৰ্মবেদনা উপলব্ধি কৰিব পাৰিছিলো।

 স্বামীৰ মৃত্যুৰ পাছত সচৰাচৰ মানুহে কোৱাৰ দৰে বহুতে ঊষাদিক সান্ত্বনা দি হেনো কৈছিল যে পৰলোকত তেওঁক নিশ্চয় লগ পাব। তেওঁ স্বভাৱসিদ্ধ ভংগীৰে আমাক কৈছিল— ‘চোৱাচোন বাৰু মানুহৰ কথা। সিপাৰত লগ পোৱাৰ আশাত কিমান দিনলৈ বাট চাম? শাস্ত্ৰমতে হেনো মানুহ যিটো বয়সত মৰে সিপুৰীলৈ যোৱাৰ পাছত সেই বয়সতে তাত থকা জীৱনটো কটায়। সেই থিয়’ৰীমতে স্বামীজন পঁচিশ বছৰীয়া ডেকা হৈয়ে আছে। আৰু মই হ’লো ষাঠি বছৰীয়া বুঢ়ী। আজি যদি মই মৰো গাল ভগা, ছাল শোটৰা-শোটৰ পৰা, চুলি পকা বুঢ়ীজনীক স্বৰ্গ বা নৰকৰ দুৱাৰমুখত দেখি সেই ডেকাজনে আইতা বুলি মাতি ভৰিত ধৰি সেৱা নকৰিব নে? তেওঁ তেতিয়া ৰম্ভা, মেনকা আদি অপেশ্বৰীসকলৰ সৈতে কৰি থকা বল-ডান্স এৰি ‘আইতাক’ৰ ওচৰলৈ আহিবলৈ বিৰক্তবোধ নকৰিবনে?’

 দিদিৰ কথা শুনি হাঁহিছিলো ঠিকেই, কিন্তু সেই হাঁহিয়ে আমাৰ বিবেকক তুলা-ধুনা কৰিছিল। মাছ খাবলৈ তেওঁক কৈছিলো। কিন্তু সমাজে যেতিয়া সেই অনুমতি দিয়া নাই তেওঁ চুৰ কৰি নেখায়। সিদিনা অলপ ছিৰিয়াচ হৈ ঊষাদিয়ে কৈছিল—‘এইবোৰ কথা আজি এইটো বয়সত যদি মই কওঁ মানুহে ক’ব যে বেটিৰ মাছ খোৱাৰ ধান্দা। গতিকে তোমালোক উঠি অহা তৰুণীসকলে সমাজখনক নিকা কৰিবলৈ চেষ্টা কৰিবা। এব্‌ছাৰ্ড এই নিয়ম-নীতিবোৰ নিৰ্মূল কৰিবলৈ আগবাঢ়ি আহিবা তোমালোক, আজিৰ ছোৱালীবোৰে।’

 সিদিনাৰ ‘আজিৰ ছোৱালী’ আমিসকলৰ নাতিনীসকল বৰ্তমান যুগৰ আজিৰ ছোৱালী। বৈধব্যৰ নিয়ম-নীতি যথেষ্ট শিথিল হৈছে যদিও আজিৰ যুগৰ ছোৱালীয়েও পত্নীহাৰা পুৰুষ আৰু স্বামীহাৰা মহিলাৰ মাজত থকা বৈষম্য আঁতৰাব পৰা নাই। বিবাহিতা সধবাই সেন্দূৰ [ ১৪২ ] পিন্ধা আৰু বিধবা হলে সেন্দূৰ মছা নিয়মটো মোৰ মনঃপুত নোহোৱা বাবে শুনিছো কিছুমানে মোক নিন্দা কৰে। নিন্দাৰ ভয়ত মোৰ মনৰ কথা প্ৰকাশ্যে ক’বলৈ ভয় কৰা বিধৰ মানুহ মই নহওঁ। সধবাৰ চিন এটাৰ প্ৰয়োজন হ’ল কিয়? মানুহে কয় যে মহিলাগৰাকী বিবাহিতা নে অবিবাহিতা জানিব পৰা যাব কেনেকৈ? জানিবৰ কিবা প্ৰয়োজন আছে নে? পুৰুষ এজনৰ Marital Status যদি জনাৰ প্ৰয়োজন নাই, তেন্তে এগৰাকী মহিলাৰ বাবে সেই Status জনাৰ প্ৰয়োজন কিয়? পৃথিৱীৰ আগশাৰীৰ দেশবোৰত এই চিনবোৰ নথকা বাবে কাৰোবাৰ কিবা অসুবিধা হৈছে নে? সেইবোৰ দেশক অনুকৰণ কৰি আমাৰ দীৰ্ঘদিনীয়া পৰম্পৰা বিসৰ্জন দিবলৈ কাকো কোৱা নাই যদিও সেন্দূৰৰ বিৰুদ্ধে থকা ধাৰণাটো মোৰ বহুদিনীয়া। আমাৰ আবু (পিতামহী) বিধবা হোৱা বাবে সেন্দূৰ নিপিন্ধিছিল, অথচ আতা (মাৰ পিতা) বিপত্নীক হোৱা সত্ত্বেও স্বাভাৱিক জীৱন-যাপন কৰা ব্যৱস্থাটোৱে বাল্যকালতে মোৰ মনক বিদ্ৰোহী কৰিছিল। তাৰ বহু বছৰ পাছত মোৰ গাভৰুকালত চৌচল্লিশ বছৰীয়া আমাৰ মাৰ বগা কপালখনত জিলিকি থকা সেন্দূৰৰ ফোটটো আৰু কিচকিচিয়া ক’লা চুলিৰ মাজত সেওঁতাত আঁকি থোৱা সেন্দূৰৰ ৰেখাডাল যিদিনা মচ খালে সিদিনাও মনত এটা জোকাৰণি অনুভৱ কৰিছিলো। তাৰ পিছত নিজৰ পৰিয়ালত, আত্মীয়-স্বজনৰ আৰু বন্ধু-বান্ধৱৰ পৰিয়ালৰ মাজত শিৰৰ সেন্দূৰ মচিবলগা অনেকক দেখিলো। সম্প্ৰতি মোৰ তেনেই গাভৰু ভাগিনীজনীৰ এই অৱস্থাই মোক ঘোৰতৰভাৱে সেন্দূৰ-বিদ্ৰোহী কৰি তুলিছে। নিজৰ পৰম্পৰা ৰক্ষা কৰা ভাল। পিছে যি পৰম্পৰাই লাভ নকৰি ক্ষতিহে কৰে সেইবোৰ, মই ভাবো বৰ্জনীয়। কিন্তু কোনোবাই ভাল পালে তেওঁলোকৰ সমালোচনাও নকৰো। নিজৰ বিবেকৰ কথাহে প্ৰকাশ কৰিলো।

 দাস পৰিয়ালত প্ৰজাপতিৰ গুণগুণনিৰ কথা লিখিছো। অগাপিছাকৈ হোৱা চাৰিজনী ছোৱালীৰ বিয়াৰ পাছত সৰু খুৰা-খুৰীৰ বৰজীয়ৰী বেবী (মঞ্জু)ৰ ফুলকুমলীয়া বয়সত বিয়া হৈছিল এজন ব্ৰাহ্মণ ল’ৰাৰ লগত। আমাৰ সেইগৰাকী ভনীজোঁৱাই ড° মনোজ চক্ৰৱৰ্তী আছিল গোৱালপাৰা কলেজৰ ইতিহাসৰ অধ্যাপক। কম বয়সতে স্বামীক হেৰুৱাই মনোজৰ মাক কিৰণবালা চক্ৰৱৰ্তীয়ে কঠোৰ বৈধব্য পালন কৰা আমি দেখিছো। তেৱোঁ যে ঊষাদিৰ দৰে মানসিক দিশৰ পৰা অতি আধুনিক আৰু প্ৰগতিশীল আছিল তাক জানিবলৈ সুযোগ পাইছিলো বেবীৰ বিয়াৰ সময়ত। ব্ৰাহ্মণ পুত্ৰই কলিতাৰ ছোৱালী বিয়া কৰাব খোজা কথাষাৰ সম্ভৱতঃ আজিও অনেক মাকে অন্তৰৰ পৰা মানি ল’ব নোৱাৰে। কিন্তু বায়ে (মনোজৰ মাকক আমি বাই বুলি মাতিছিলো) পঞ্চাশ বছৰ আগতেই দেখুৱাইছিল তেওঁৰ উদাৰতা, মনৰ প্ৰসাৰতা আৰু প্ৰগতিশীলতা। বেবীৰ বিয়াত তেওঁৰ উপস্থিতিয়ে তেওঁৰ প্ৰতি আমাক শ্ৰদ্ধাশীল কৰি তুলিছিল। তেওঁ মোক কৈছিল ঈশ্বৰৰ সৃষ্টি সকলো মানুহ একেই তেজ-মঙহৰ। মানুহৰ মাজত শ্ৰেণী বিভাগ কৰিছে মানুহে। ঈশ্বৰে নহয়। তেওঁৰ ছোৱালী এজনীৰো বিয়া হৈছে আমাৰ একে বংশৰ অমূল্য দাস খুৰাৰ লগত।

 জনসাধাৰণৰ বিশ্বাস তিৰোতা মানুহৰ মাজত অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু ৰক্ষণশীলতাৰ অধিক্য বেছি। পিতৃতান্ত্ৰিক সমাজৰ ৰীতি-নীতিৰ হেঁচাতে হয়তো তেওঁলোকৰ এই অৱস্থা। [ ১৪৩ ] অনেকৰ লগত অন্তৰংগভাৱে কথা পাতি দেখিছো সমাজৰ ভয়ত তেওঁলোকে বহু পৰম্পৰা ৰক্ষা কৰি চলে। সেয়েহে ভাবো পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাটো উৰুৱাই দিব নোৱাৰিলে নাৰীৰ প্ৰকৃত মূল্যায়ন কৰা নাযাব।


নতুন জীৱনত প্ৰৱেশ

কটন কলেজত কেমেষ্টিৰ এডভান্স কোৰ্ছ কৰি উভতিলো ১৯৫৯ত। একে চনতে খুকুৱে দৰ্শন শাস্ত্ৰত এম এ পাছ কৰি কোকৰাঝাৰ কলেজত প্ৰবক্তা হিচাপে যোগ দিলে। তাৰ কেইমাহমান আগতে ভনীজোঁৱাই গোপালে গোৱালপাৰাৰ পৰা উঠা দি আহি কোকৰাঝাৰ বাৰত যোগ দিয়াত আমাৰ পুৰণি কোকৰাঝাৰখনক আকৌ বিচাৰি পালো। তাত আমাৰ ভেটি-মাটি, খেতি মাটি তাহানিখনৰ পৰাই আছিল। দেউতা জীয়াই থকালৈকে আমি চাউল কিনি খোৱা নাছিলো। ভঁৰালত নানা তৰহৰ ধান আছিল। মোৰ নাকত এতিয়াও লাগি আছে ফুলপাখৰি জহাৰ গোন্ধ। দেউতাৰ মৃত্যুৰ পাছত আমাৰ ঘোৰ দুৰ্দিনৰ সময়ত খেতিত ধান নহয় বুলি জানিবলৈ দিছিল যিগৰাকী মানুহে খেতিয়ক আৰু দেউতাৰ মাজত মধ্যস্থতা কৰিছিল। যি কি নহওক, গোপাল কোকৰাঝাৰলৈ অহাৰ পাছত সেই একেই খেতিৰ পৰা ধান পোৱাত অসুবিধা নহ’ল। মুঠতে দেউতাৰ সময়ৰ সুদিন ঘূৰি নাহিলেও আমাৰ জীৱনৰ পৰা ক’লা ডাৱৰ ধীৰে ধীৰে আঁতৰিবলৈ ধৰিলে। এনে এক পৰিস্থিতিত আপোনজনৰ ইচ্ছাত মই মোৰ পছন্দমতে দৰা পালে বিয়া কৰাবলৈ আপত্তি নকৰিলো। মোৰ পছন্দ এটাই, মানুহজন যেন শিক্ষিত আৰু প্ৰতিভাৱান হয়। ধন-সম্পত্তিৰ প্ৰতি কোনোদিনে মোৰ দুৰ্বলতা নাছিল, এতিয়াও নাই।

 অমলেন্দু গুহৰ ‘লুইত পাৰেৰ গাঁথা’ কবিতাটো ধুবুৰীৰ কেইগৰাকীমান শিল্পীয়ে নৃত্য-নাট্য আকাৰত মঞ্চস্থ কৰিছিল। আমাৰ কাজিন বাদলদাৰ লগত গণনাট্য সংঘৰ অনুষ্ঠানটো চাবলৈ ময়ো সিদিনা থিয়েটাৰ হললৈ গৈছিলো। যিমান দূৰ মনত পৰে ভূপেন হাজৰিকাৰ দুজনী কিশোৰী ভনী ৰুবি আৰু ৰ’জে বৰাক উপত্যকাৰ ‘বৌ-নাচ’ ‘সোহাগ চাঁদ বদনী ধনি নাচতো দেখি, বালা, নাচতো দেখি বালা, নাচতো দেখি...’ নাচি সকলো দৰ্শকৰ প্ৰশংসা বুটলিছিল। বাদলদাই কৈছিল কবি অমলেন্দু গুহ তেওঁৰ চিনাকি। কবি বা কবিতাৰ প্ৰতি মোৰ বৰ বেছি আকৰ্ষণ নাই যদিও ‘লুইত পাৰেৰ গাঁথা' কবিতাটোৱে সিদিনা মোক যথেষ্ট আলোড়িত কৰাত বাদলদাক কৈছিলো সুযোগ হ’লে গুহৰ লগত চিনাকি কৰি দিবলৈ। ইয়াৰ পাছত গুহ এবাৰ ধুবুৰীলৈ আহোতে চিনাকি হৈছিলো আৰু তাৰ পাছতে বাকী জীৱন তেওঁৰ লগতে কটোৱাৰ সিদ্ধান্ত লোৱা হ'ল।

 পিছে লাগিল লেঠা। লুইতৰ পাৰতে ডাঙৰ-দীঘল হৈছে যদিও গুহ পৰিয়ালটো বঙালী। মাৰ চিন্তা হ’ল। মায়ে তেওঁৰ চাৰিওফালে যিসকল বঙালী পৰিয়ালৰ সান্নিধ্যলৈ আহিছিল তেওঁলোকৰ অধিকাংশই আছিল পৰম্পৰাক খামুচি থকা ৰক্ষণশীল শ্ৰেণীৰ। দিনটো ৰান্ধনী ঘৰত থাকি বোৱাৰীবিলাকে বিধে বিধে ব্যঞ্জন ৰান্ধিছিল, বাৰ মাহে তেৰটা পূজা পাতিছিল। প্ৰতি দিনৰ আৰু বৃহস্পতিবাৰৰ লক্ষ্মীপূজাতো আছেই। অথচ তেওঁৰ জীয়েকজনী ৰান্ধনী [ ১৪৪ ]

বিয়াৰ পাছত

[ ১৪৫ ] ঘৰৰ কামতো শূন্য, পূজা-পাতলো নকৰে। অৱশ্যে ধুবুৰীত আমাৰ প্ৰতিবেশী ভূপেন দত্ত, উপেন দত্তৰ দৰে প্ৰগতিশীল বঙালী পৰিয়ালৰ সৈতেও মাৰ সৌহাৰ্দ্য আছিল। আন এটা প্ৰধান কাৰণ আছিল একে সম্প্ৰদায়ভুক্ত নোহোৱাটো। সেই সময়ত শুচিব্ৰতা ৰায়চৌধুৰী বাইদেউ ধুবুৰীত মেজিষ্ট্ৰেট হৈ আছিল। তেও মাক ক’লে অমলেন্দু গুহ বঙালী পৰিয়ালত উপজিলেও তেওঁ অসমীয়া। ইফালে লক্ষীমপুৰত ভিনিহিদেউৰ এগৰাকী সাহিত্যিক বন্ধুৱে অমলেন্দু সম্পৰ্কে দিলে এখন দীঘলীয়া চাৰ্টিফিকেট। মাৰ মনটো অলপ কুমলিল যদিও পাত্ৰগৰাকীৰ জাতটো বা কি? বানেশ্বৰ জেঠাই বঙালী সমাজখনৰ বিষয়ে ভালদৰে জানে। তেওঁ মাৰ মনৰ খু-দুৱনিৰ বতৰা পাই জনালে যে ঘোষ-বোস-গুহ-মিত্ৰ এই চাৰি শ্ৰেণী হ’ল কুলীন অৰ্থাৎ উত্তম কুলীয়া কায়স্থ। ইয়াৰ পাছত কোনোবাই ৰিপোৰ্ট দিলে যে অমলেন্দু গুহ ঘোৰ নাস্তিক, গতিকে গোসাইঘৰত দিনটো পৰি থাকিব নালাগে। তদুপৰি তেওঁলোকৰ বোৱাৰীসকলে দিনে-নিশাই ৰান্ধনী ঘৰত কাম কৰি নাথাকে। যথেষ্ট মডাৰ্ন।

 অৱশেষত মাৰ পৰা গ্ৰীন চিগনেল পোৱা গ’ল। স্কুলত এদিন মনুদিয়ে কৈছিল— ‘বাছা, বিয়া যেতিয়া কৰাবলৈ ওলাইছা, ৰান্ধনী ঘৰত সোমাবই লাগিব। বেঙেনাৰ দৰে পাচলিয়ে তুমি সিজাব নোৱাৰা, গতিকে তোমাৰ কপালত আছে অশেষ দুখ।’ মনুদি ৰন্ধন পটিয়সী। এদিন তেওঁৰ ঘৰত লুচিৰ সৈতে বেঙেনাৰ অতি সু-স্বাদু এবিধ আঞ্জা খাই ৰেছিপিটো লিখি ঘৰত ৰান্ধিছিলো। সু-স্বাদু দূৰৈৰ কথা বেঙেনা নিসিজিল। গতিকে মনুদিৰ চিন্তা হোৱা স্বাভাৱিক।

 বিয়াৰ আগে আগে ঘৰে ঘৰে নিমন্ত্ৰণ খাই ফুৰিছিলো। এদিন মাতিলে শ্যেলীদিয়ে। সহকৰ্মী বান্ধৱী সুৰমা নাৰায়ণৰো বিয়াৰ ঠিক হৈছিল, তেৱোঁ ৰন্ধা-বঢ়া বৰকৈ নাজানিছিল। শ্যেলীদিৰ স্বামী বলাই বাবু ভোজন ৰসিকেই নহয়, উৎকৃষ্ট ৰন্ধনতো সমানে পাৰদৰ্শী। সুৰমাকে মোকে খোৱা-cum-ৰন্ধন প্ৰশিক্ষণৰ বাবে মাতিলে এদিন। আমি দুয়ো ৰাতিপুৱাতে গ’লো তেওঁলোকৰ পাকঘৰলৈ। বলাই বাবু প্ৰধান শিক্ষক, শ্যেলীদি সহকাৰী। বাপ্‌ৰে, কি আয়োজন! কি কঠোৰ প্ৰশিক্ষণ। তেতিয়াৰ দিনত খৰিৰ চৌকাত ৰন্ধা-বঢ়া কৰিব লাগিছিল। ৰন্ধনত বলাই বাবুৰ দক্ষতা দেখি অবাক হৈছিলো। প্ৰতিখন আঞ্জা মনোযোগ দি ৰান্ধিছিল। তেওঁ শিকোৱা এটা কথা আজিও মোৰ ৰান্ধোতে মনত পৰে। পিহি লোৱা মছলাখিনি ভালকৈ ভজাৰ পাছতহে পাচলিখিনি ভালদৰে সেই মছলাত ভাজি লৈ তাৰ পিছত পানী দি ঢাকোন মাৰি থ’ব লাগে। মছলা ভজাৰো কি কায়দা! অলপপৰ ভজাৰ পাছত যেতিয়া মছলাখিনি শুকান হৈ আহিবলৈ ধৰে তেতিয়া হাতত অলপ পানী লৈ মছলাত মাৰি পঠাব লাগে। পানীখিনি মছলাত মাৰি পঠাবৰ সময়ত বলাই বাবুই চিঞৰি চিঞৰি কৈছিল— ‘এইবাৰ মাৰো জলেৰ ঝাপ্‌টা’। অৰ্থাৎ বেছিকৈ নহয় ‘ঝাপ্‌টা’ (জোৰে ছটিওৱা) মাৰা অলপ পানীৰ। বলাই বাবুৰ পৰা পোৱা সকলো শিক্ষা পাহৰিলেও ‘মাৰো জলেৰ ঝাপটা’ পাহৰা নাই।

 সেয়েহে ভাবো একে ধৰণেৰে ৰান্ধিলেও সকলোৰে আঞ্জাত একে জুতি পোৱা নাযায় কিয়? ৰন্ধনো এক মহৎ শিল্প। হাতৰ লাচতে সুদক্ষ গৃহিণীয়ে সাধাৰণ পাচলিৰে অসাধাৰণ [ ১৪৬ ] ব্যঞ্জন ৰান্ধিব পাৰে। দেউতাৰ মাক আবুৱে ৰন্ধা বুঢ়া বন্ধাকবি আৰু উৰহীৰ খাৰৰ আঞ্জাখন জিভাত লাগি আছে। নিজে ৰান্ধিলে সেই সোৱাদ নেপাও। সৰু মাছ আৰু চাউলৰ খুদেৰে শোকোতা ৰান্ধিছিল কোহিনুৰ মাহীয়ে। মাহী-খুৰীৰ হাতৰ ৰহৰ দাইল, সৰযু মাহীয়ে ৰন্ধা মটৰ দাইল খালে বিৰিয়ানীও বিস্বাদ যেন লাগে। আৰু সকলো আত্মীয়-স্বজনে কয়, মায়ে হেনো কিবা সিজাই খাবলৈ দিলেও বস্তুটো অমৃত যেন লাগে।

 যি কি নহওক, বিয়াৰ দিন ওচৰ চাপি আহিবলৈ ধৰিলে। যা যোগাৰ প্ৰায় সম্পূৰ্ণ, এনেতে এটা মহা বিস্ফোৰণ ঘটিল। দেউতাৰ এগৰাকী শুভাকাংক্ষীয়ে মাক জনালে যে ছোৱালীজনীক হাত-ভৰি বান্ধি পানীত পেলাব খুজিছে নেকি? দৰা ব্লেক-লিষ্টেড কমিউনিষ্ট! আজি মাৰ্ক্সিজিমৰ ক-খ নজনাসকলেও মাৰ্ক্সিষ্ট বুলি কৈ নিজকে ইনটেলেকচুয়েল হিচাপে দাঙি ধৰিব খোজে, এটা সময় আছিল কমিউনিষ্ট মানেই দগাবাজ, অপৰাধী, দেশদ্ৰোহী। ঘৰত আকৌ সভা এখন বহিল। মাৰ আকৌ সৰ্বশৰীৰত কঁপনি উঠিল।

 ১৯৫৯ চনত দৰং কলেজৰ অৰ্থনীতি বিভাগত অধ্যাপনা কৰি থকা অমলেন্দু গুহই তিনি বছৰৰ বাবে কলেজৰ পৰা ছুটী লৈ দিল্লীৰ ইণ্ডিয়ান স্কুল অব্ ইণ্টাৰনেচনেল ষ্টাডিজত পি এইচ ডি ডিগ্ৰীৰ বাবে গৱেষণা কৰিবলৈ গৈছিল। গতিকে সভাখনত আলোচিত হ’ল যে এবাৰ উচ্চ শিক্ষাৰ বাবে ওলাই গৈছে যেতিয়া লালঝাণ্ডা উৰুৱাবলৈ আৰু উভতি নাহে। প্ৰস্তাৱটো সৰ্বসন্মতিক্ৰমে গৃহীত হ’ল।

 ১৯৬০ চনৰ ২৯ জানুৱাৰীত হোমৰ গুৰিত উচ্চাৰিত কেইটামান সংস্কৃত মন্ত্ৰই ওপজা পৰিয়ালটোৰ পৰা মোক শিপাৰে সৈতে উঘালি অচিনাকি পৰিয়াল এটাত ৰোপণ কৰিলে। ৰূপসী বিমান বন্দৰৰ পৰা ডাকোটা বিমান বাহিত হৈ কলকাতালৈ যাওঁতে কোকৰাঝাৰৰ অস্থায়ী বিমানকোঠ এটাত অলপ সময়ৰ বাবে বিমানখন নামিছিল। আমাক লগ কৰিবলৈ আহিছিল প্ৰিয়বালা বাই আৰু হৰিশ ভিনিহি। যি কি নহওক, কলকাতা পাই তাৰ পৰা ৰেলেৰে গ’লো হৰিণঘাটাত দেওৰ হেমেন্দুৰ অফিচ-কোৱাৰ্টাৰলৈ। শাহু আই তেতিয়া তাত থকা বাবে দৰা-কইনা তালৈ যাবলগীয়া হৈছিলো। মা আৰু বিশেষকৈ কিশোৰী ভনী ডলক এৰি যাবলগীয়া হোৱা বাবে মোৰ বুকুত হাহাকাৰ অৱস্থা এটা অনুভৱ কৰিছিলো। দেউতাৰ মৃত্যুৰ পিছত সকলো আপোনজনে আমাক চোৱা-মেলা কৰিছিল যদিও ময়েই মূল দায়িত্ব মূৰ পাতি লৈছিলো। অৱশ্যে খুকু প্ৰবক্তা হৈ ঘৰৰ দায়িত্ব লোৱাৰ বাবে মই ভালেখিনি নিশ্চিন্ত হ’ব পাৰিছিলো সেই সময়ত। তথাপিতো মনৰ থৌকি-বাথৌ অৱস্থা।

 হৰিণঘাটাত পশ্চিমবংগ চৰকাৰৰ দুগ্ধ উৎপাদন কেন্দ্ৰত কৰ্মৰত আছিল হেমেন্দু। পিছলৈ তেওঁ পশুপালন বিভাগৰ সঞ্চালক হৈ কলকাতালৈ আহে। যি কি নহওক, মৰমিয়াল শাহু আই, দেওৰ, ননদ, জেশাহু আৰু অন্যান্য আত্মীয়-স্বজনক পাই ভাল লাগিছিল। এওঁলোক সকলোৰে শিপা গুৱাহাটীৰ উলুবাৰীৰ ঘৰত। চাকৰি আৰু বৈবাহিকসূত্ৰে পশ্চিমবংগৰ বাসিন্দা হৈছিল। হেমেন্দুৰ এজন সহকৰ্মীৰ লগত বিয়া হৈছিল মোৰ স্কুল জীৱনৰ বন্ধু মঞ্জুৰ। কলেজীয়া বন্ধু মায়া কুণ্ডু তেতিয়া কলকাতাৰ ব্ৰেবোৰ্ণ কলেজৰ প্ৰবক্তা। তায়ো আহিল হৰিণঘাটালৈ। ননদ কল্যাণী, ভাগিনী ৰেবা সন্দিকৈ কলেজৰ পৰা পাছ কৰা স্নাতক। দেওৰে [ ১৪৭ ] কটন কলেজৰ পৰা আই এছ চি পাছ কৰি বাংগালোৰত ডেয়াৰী বিষয়ক প্ৰতিষ্ঠান এটালৈ উচ্চ শিক্ষাৰ্থে গৈছিল। মুঠতে অচিনাকি পৰিবেশত হেৰাই যোৱা যেন লগা নাছিল।

 সাত দিনমানৰ মূৰত আমি দুয়ো দিল্লীমুখে যাত্ৰা কৰিলো, মাহঁতক বহু আঁতৰত এৰি থৈ।... নতুন দিল্লী ষ্টেচনত আমাক আদৰিবলৈ ৰৈ আছিল মোৰ বৰজনা সুধেন্দু শেখৰ গুহ, জা প্ৰতিভা গুহ আৰু তেওঁলোকৰ আঠ বছৰীয়া জীয়ৰী বুলা। বৰজনা তেতিয়া দিল্লী টেলিগ্ৰাফ অফিচৰ এগৰাকী বিষয়া। আমি কেৰলবাগত তেওঁলোকৰ ঘৰলৈ গ’লো। এওঁলোক একান্নৱৰ্তী পৰিয়ালভুক্ত হোৱা হেতুকে আমি দুয়ো তাতেই থাকিলো।

 মোৰ শহুৰ যামিনী সুন্দৰ গুহ ইম্ফলৰ জনষ্টন হাইস্কুলৰ প্ৰধান শিক্ষক আছিল। পৰিয়ালটো পূৰ্ববংগমূলৰ। শহুৰৰ পাঁচ পিড়ি ঊৰ্ধ্বতন পুৰুষ ৰঘুনাথ গুহই ঢাকাৰ পৰা আহি মাণিকগঞ্জৰ শিমুলিয়াত বসবাস কৰিবলৈ লয়। তেওঁৰ পৰিনাতি ৰামসুন্দৰ গুহই ময়মনসিং জিলাৰ নাৰানদিয়ালৈ ঘৰজোঁৱাই হিচাপে আহি তাতে থিতাপি লয়। এওঁলোক আছিল তালুকদাৰ। পূৰ্ববংগ জমিদাৰপ্ৰধান ঠাই। লৰ্ড কৰ্নৱালিচৰ চিৰস্থায়ী বন্দৱস্ত মতে জমিদাৰসকলে এটা নিৰ্দিষ্ট তাৰিখে ব্ৰিটিছ চৰকাৰক সূৰ্যাস্তৰ আগতে খাজনা দিব লাগিছিল। সময়মতে দিব নোৱাৰাসকলৰ জমিদাৰী নিলামত বিক্ৰী হৈছিল। ই এক সৰ্বনশীয়া কথা। ইফালে প্ৰজাৰ পৰা খাজনা তোলা এটা টান কাম। গতিকে জমিদাৰে নিজৰ অধীনস্থ মাটি তালুকত ভাগ কৰি সেইবোৰ তালুকত তালুকদাৰৰ বাব দি একো একোগৰাকী ব্যক্তিক খাজনা তোলাৰ দায়িত্ব দিছিল। তালুকদাৰেও পাইছিল এটা অংশ। ধন-সম্পত্তি এওঁলোকৰ বিশেষ নাথাকিলেও এওঁলোকৰ দপদপনি কম নাছিল। অধীনস্থ দুখীয়া প্ৰজাৰ, যিসকল ঘাইকৈ আছিল ইছলামধৰ্মী আৰু নমশূদ্ৰ, তেওঁলোকৰ ওপৰত নিজৰ ক্ষমতা প্ৰয়োগ কৰিছিল। এওঁলোকৰ অনেকৰ ঘৰত দুখীয়া প্ৰজাসকল থাকিছিল ক্ৰীতদাসৰ দৰে। বাঙালী মধ্যবিত্ত শ্ৰেণীটোৰ উৎপত্তি হৈছে এওঁলোকৰ পৰাই। যি কি নহওক, গুহ পৰিয়ালটো আছিল তালুকদাৰ। উল্লেখ কৰা হৈছে যে ঘোষ-বোস (বসু)-গুহ-মিত্ৰসকল কুলীন কায়স্থ। এওঁলোক বিয়াই-সবাহে নিমন্ত্ৰিত হ’লে নিমন্ত্ৰণকৰ্তাই দক্ষিণা আগবঢ়াইছিল। ব্ৰাহ্মণসকলে তেওঁলোকতকৈ বেছি দক্ষিণা পালে কায়স্থসকল হৈছিল অসন্তুষ্ট। কুলীন ব্ৰাহ্মণেই হওক বা কায়স্থই হওক ছোৱালীক অকুলীনলৈ বিয়া দিলে পৰিয়ালটোক ভগ্নকুলীন বোলা হৈছিল, অৰ্থাৎ ৰেংকিং তললৈ নামিছিল।

 তালুকদাৰ ৰামসুন্দৰৰ জ্যেষ্ঠপুত্ৰ গৌড় সুন্দৰৰ দ্বিতীয় পুত্ৰগৰাকীয়ে হ’ল মোৰ শহুৰ যামিনী সুন্দৰ গুহ। গৌড় সুন্দৰৰ ভায়েকসকলৰ আমোলতে এটা ভাগে বৈষ্ণৱ ধৰ্ম আৰু আনটোৱে শাক্ত ধৰ্ম গ্ৰহণ কৰে। যামিনী সুন্দৰৰ পৰিয়ালটো আছিল বৈষ্ণৱ ধৰ্মী। মাটিবাৰী থকা মানুহে তেতিয়াৰ দিনত বৰ বেছি পঢ়া-শুনা নকৰিছিল। কিন্তু বংশ বিস্তাৰ হোৱাৰ লগে লগে সীমিত মাটিত পৰিছিল হেঁচা, কেৱল এইটো পৰিয়ালতে নহয়, সকলোৰে একে অৱস্থা। তদুপৰি ব্ৰাহ্মণসকলৰ দৰে কায়স্থয়ো হাল নাবাইছিল। ইতিমধ্যে জনাজাত হ’বলৈ ধৰিলে যে ঔপনিবেশিক ভাৰতত বহু চাকৰি ওলাব, যাৰ বাবে লাগিব স্কুলীয়া শিক্ষা। সেই শিক্ষাৰ বাবে সাজু হ’বলৈ ধৰিলে তালুকদাৰসকল।

[ ১৪৮ ]  নাৰানদিয়া গাঁৱৰ স্কুলখন উন্নতমানৰ নোহোৱা বাবে গৌড় সুন্দৰে পুতেকসকলক দূৰৈৰ ভাল স্কুললৈ পঢ়িবলৈ পঠায়। গাৰো পাহাৰৰ সীমাৰ পৰা বাৰ মাইল দক্ষিণৰ ফালে শ্বেৰপুৰৰ জমিদাৰে উন্নত মানৰ এখন স্কুল প্ৰতিষ্ঠা কৰিছিল। যামিনী সুন্দৰে ভাওৱাল ৰাজ্যৰ হাবি পাৰ হৈ চল্লিশ মাইল পথ খোজকাঢ়ি গৈ শ্বেৰপুৰ স্কুলত নাম লগায়। তেওঁৰ লগত গৈছিল সংগী হিচাপে লক্ষণ কাকা। লক্ষণ কাকা, মুক্তাপেহী আদি সাহায্যকাৰীসকলে মালিকৰ ঘৰতে থাকি কাম-বন কৰিছিল। এওঁলোককে বোধকৰো কোৱা হয় ক্ৰীতদাস। পিছে ঘৰৰ ল’ৰা-ছোৱালীয়ে তেওঁলোকক কাকা (খুৰা), পেহী আদি সন্মানজনক শব্দেৰে সম্বোধন কৰিছিল বুলি জানি ধাৰণা হয় তেওঁলোকক ক্ৰীতদাস হিচাপে গণ্য কৰা হোৱা নাছিল। যামিনী সুন্দৰে স্কুলৰ শিক্ষা সমাপ্ত কৰি ঢাকা আৰু কোচবিহাৰ কলেজত পঢ়া-শুনা কৰে। তেওঁ বৰ চোকা আছিল আৰু কবিতাও লিখিছিল। তেওঁলোকৰ ঘৰত হাতে লিখা পদ্মপুৰাণ এখন থকা বুলি শুনিছিলো।

 পঢ়া-শুনা শেষ হোৱাৰ পাছত লাগিল চাকৰি। সেই সময়ত বংগত আৰম্ভ হৈছিল স্বদেশী আন্দোলন। ইতিমধ্যে গুহ পৰিয়ালৰ চিনাকি নগৰবাৰীৰ গিৰিশ বোসে মণিপুৰৰ গড়কাপ্তানি বিভাগত ওভাৰ্চিয়াৰ পদত নিযুক্তি পাইছিল। তেওঁৰ আহ্বানত যামিনী সুন্দৰে কুৰি শতিকাৰ আৰম্ভণিতে জীৱিকাৰ সন্ধানত মণিপুৰলৈ যাত্ৰা কৰিলে। গৌড় সুন্দৰ আৰু তেওঁৰ ভায়েক ব্ৰজ সুন্দৰৰ পুত্ৰসকলে চাকৰিৰ সন্ধানত এজন এজনকৈ জন্মস্থান এৰিলেও ঘাই শিপাডাল তাতেই থাকিল। সমূলে উৎপাটিত হৈছিল ১৯৪৭ চনৰ ১৫ আগষ্টত দ্বিখণ্ডিত হৈ ভাৰত স্বাধীন হোৱাৰ সময়ত। গুহ পৰিয়ালৰ জন্মভূমি পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ল। পৰিয়ালটোৰ উত্তৰপুৰুষসকল বৰ্তমানে বিভিন্ন ঠাইত, আনকি ভাৰতৰ বাহিৰতো সিঁচৰতি হৈ আছে। নানা জাতি, নানা ভাষী পৰিয়ালৰে বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ ফলত গুহ পৰিয়ালটোৱে কুলীনত্ব বিসৰ্জন দি ভগ্নকুলীনত পৰিণত হৈছে। এওঁলোকে এতিয়াও সমমৰ্যাদাৰ ঘোষ, বোস, মিত্ৰৰ সৈতে বৈবাহিক সম্পৰ্ক পাতিব পাৰিলে সন্তুষ্টি লাভ কৰে।

 শাহু আই জ্ঞানদা সুন্দৰী টাংগাইল জিলাৰ কৰাইল গাঁৱৰ গোবিন্দবন্ধু ঘোষৰ একমাত্ৰ সন্তান। তেওঁৰ আজো আইতাক (মাকৰ ফালৰ) চন্দ্ৰপ্ৰভা চৌধুৰাণী আছিল অৱস্থাপন্ন জমিদাৰৰ গৃহিণী। পূৰ্ববংগৰ হ’লেও তেওঁলোকৰ জমিদাৰী চিলেটলৈকে বিস্তৃত আছিল। একেজনী জীয়ৰী শশী সুন্দৰীৰ জন্মৰ পিছত অকালতে চন্দ্ৰপ্ৰভাই বৈধব্যক আকোঁৱালি ল’বলগীয়া হয়। তেতিয়াৰ যুগৰ নিয়মমতে পুত্ৰ-সন্তানেহে পিতৃৰ সম্পত্তি পায় উত্তৰাধিকাৰী সূত্ৰে। পুত্ৰ নাথাকিলে ভায়েক-ককায়েকেই হয় সেই সম্পত্তিৰ গৰাকী। বিনিময়ত তেওঁলোকৰ ওপৰত বৰ্তায় মৃত ব্যক্তিগৰাকীৰ বিধবা পত্নী আৰু কন্যা সন্তানসকলৰ ভৰণপোষণৰ দায়িত্ব। চন্দ্ৰপ্ৰভা আৰু তেওঁৰ জীয়েকৰো সেই গতি হ’ল। পিছে চন্দ্ৰপ্ৰভাৰ প্ৰভা আছিল সূৰ্যৰ দৰে। জমিদাৰণী হিচাপে আছিল তেওঁৰ ঘোৰ প্ৰতিপত্তি। তেওঁ জমিদাৰীৰ দাবী জনাই আদালতত গোচৰ ৰুজু কৰিলে। গোচৰ নিষ্পত্তি নোহোৱালৈকে তেওঁৰ দেওৰেকেও জমিদাৰীখন নাপায়। গতিকে নবৌয়েকক মাহিলি শকত পেন্সন এটা আগবঢ়াই আপোচ [ ১৪৯ ] কৰি ল’লে দেওৰেকে। দেওৰেকৰ পৰিয়ালৰে এগৰাকী উত্তৰপুৰুষ অমৰ নাথ ৰায় অসম লেজিছলেটিভ কাউন্সিলৰ সদস্য আছিল।

 মাক চন্দ্ৰপ্ৰভাৰ দৰে জীয়েক শশী সুন্দৰীৰো আছিল একেজনী জীয়ৰী। নাম সুখদা সুন্দৰী। বৈবাহিক সূত্ৰে সুখদাই সন্তোষৰ ৰজাৰ পৰা টাংগাইল চহৰত কিছু সা-সম্পত্তি লাভ কৰে। সুখদাৰো একেজনী জীয়েক, জ্ঞানদা সুন্দৰী, এৱেঁই মোৰ শাহু। আচৰিত কথা যে চন্দ্ৰপ্ৰভাৰ পৰা চাৰি পিড়ি তললৈ প্ৰত্যেকৰে আছিল একেজনীকৈ কন্য সন্তান। চন্দ্ৰপ্ৰভাৰ পেন্সন প্ৰতিটো পিড়িত কমি গৈ গৈ জ্ঞানদা সুন্দৰীয়ে পাইছিল মাহিলি ১০ টকাকৈ। তেতিয়াৰ ১০ টকা সম্ভৱতঃ আজিৰ ১০ হেজাৰ।

 যামিনী সুন্দৰৰ লগত জ্ঞানদা সুন্দৰীৰ বিয়া হোৱাৰ পাছত সকলোৰে চিন্তা হ’ল মাক, আইতাক আৰু আজো আইতাকৰ দৰে জ্ঞানদায়ো যদি একেজনী ছোৱালীক জন্ম দিয়ে। মাক সুখদাই জ্ঞানদাৰ বিয়াত বিৰাট ডাঙৰ আঁঠুৱা এখন দিছিল এনে আশা কৰি, যাতে আঁঠুৱাৰ তলখন ভৰাই জীয়েকে সন্তান জন্ম দিয়ে। তেওঁৰ মনোকাংক্ষা পূৰ্ণ কৰিবলৈকে হবলা আঁঠুৱাৰ তললৈ একে একে আহিছিল ছজন পুত্ৰ সন্তান আৰু পাঁচজনী কন্যা। এই এঘাৰজনৰ অষ্টমজনেই হ'ল আমাৰ গৃহস্থ অমলেন্দু গুহ। প্ৰথম দুগৰাকীৰ বাহিৰে বাকী আটাইকেইগৰাকীৰ জন্ম ইম্ফলত। প্ৰথমৰ ফালে শহুৰ দেউতাই ইম্ফলৰ বাংলা স্কুল এখনত শিক্ষকতা কৰিছিল। তাৰ পাছত অৱসৰ গ্ৰহণ নকৰালৈ জনষ্টন স্কুলত অধ্যক্ষ পদত আসীন আছিল। তেওঁলোক আছিল বাবুপাৰাৰ বাসিন্দা। বৰ্তমানে এই এলেকাটোত মন্ত্ৰীসকলৰ বাস।

 তেতিয়াৰ দিনত যোগাযোগ ব্যৱস্থা আছিল অনুন্নত। শাহু আইৰ মুখে শুনিছিলো বিপদসংকুল দুৰ্গম পথেৰে তেওঁলোকে ডিমাপুৰৰ পৰা গৰুৰ গাড়ীৰে ইম্ফললৈ ১৪৪ মাইল পথ গৈছিল। সময় লাগিছিল ১০/১২ দিন। ইম্ফললৈ ২৫ মাইল বাকী থাকোতে বৰাক নৈখন পাৰ হৈছিল দলঙৰ ওপৰেদি। একেলগে বহু গৰু গাড়ী কনভয়ৰ ৰূপত ৰাওনা হৈছিল ডিমাপুৰৰ পৰা। গাড়ীবোৰ দিনৰ ভাগত কোনো নিজৰাৰ দাঁতিত ৰৈছিল আৰু ৰাতি যাত্ৰা কৰিছিল। লগত লৈ যোৱা চাউল-দাইল-আলু আদি নিজৰাৰ পানীৰে ৰান্ধিছিল, গা-পা কাপোৰ-কানি ধুইছিল আৰু জিৰণিও লৈছিল। শুনিছো, শাহু আইৰ মাক আৰু আইতাকে জীয়েকৰ লগত ‘নোনা ইলিচ’ মাছো দিছিল বাটত ৰান্ধি খাবলৈ। ঘৰে ঘৰে ফ্ৰীজ হোৱাৰ আগলৈকে অনেকৰ ঘৰত দেখিছিলো, সৰহকৈ ইলিচ মাছ আনিলে নিমখেৰে সাাানি টেমাত ভৰাই থয়। কেইবাদিনলৈ এই মাছ সংৰক্ষণ কৰিব পাৰি। ৰন্ধাৰ আগতে ভালকৈ ধুই ল’ব লাগে আৰু ৰান্ধোতে নিমখ দিব নালাগে। কেতিয়াবা কোহিমাত ব্ৰেক জাৰ্নি কৰি গুহ পৰিয়ালটো তেওঁলোকৰ আত্মীয় গিৰিশ বোসৰ ঘৰত আলহী হৈছিল। মোৰ ডাঙৰগৰাকী বৰজনা যোগেশ্বৰ গুহ দেউতাক-মাকৰ লগত গৰু গাড়ীৰে ইম্ফললৈ গৈছিল। আমাৰ গৃহস্থহঁতৰ সময়ত গৈছিল লৰীত, ওৰেটো বাট বমি কৰি কৰি।

 গুহ পৰিয়ালটোত যৌথ পৰিয়ালৰ বন্ধন শলাগিবলগীয়া। বৰ্তমানে শিথিল হৈ আহিছে যদিও সম্পূৰ্ণভাৱে লোপ পোৱা নাই। ডাঙৰ বৰজনা চাকৰিসূত্ৰে মণিপুৰ এৰি অসমলৈ [ ১৫০ ]

শহুৰ দেউতা যামিনীসুন্দৰ গুহ আৰু শাহুআই জ্ঞানদাসুন্দৰী গুহ

[ ১৫১ ] আহে। তেওঁৰ তদাৰকিত যোৱা শতিকাৰ ত্ৰিশৰ দশকত শহুৰ দেউতাই মণিপুৰৰ মহাৰজাৰ সহযোগত তেজপুৰৰ পাঁচমাইল অঞ্চলত কেইবাবিঘাও মাটি কিনিছিল। সেই মাটি বেচি পিছত গুৱাহাটীৰ উলুবাৰীত বৰ্তমানৰ চৌহদটো কিনে। কোল চাহাব নামৰ এগৰাকী ডি চিৰ লগত ইম্ফলতে শহুৰ দেউতাৰ ভাল চিনাকি আছিল। তেওঁ গুৱাহাটীলৈ বদলি হৈ অহাৰ পাছত শহুৰক কৈছিল ইয়াত মাটি কিনিবলৈ। পিছে অধিক মাটি কিনাত তেওঁ আগ্ৰহী নাছিল। সেই সময়ত পানীৰ দামত মাটি কিনি পিছলৈ গুৱাহাটী চহৰৰ অনেকে অত্যন্ত চহকী হৈছে। শহুৰে ১৯৩৫-৩৬ মানত অৱসৰ লোৱাৰ আগতে ঘৰৰ ল’ৰাবোৰে চাকৰি বা পঢ়া-শুনা কৰিবলৈ গুৱাহাটীলৈ আহিছিল। আমাৰ গৃহস্থ অমলেন্দুই বাল্যকালতে আহি কামৰূপ একাডেমী স্কুলত নাম লগায়। অৱশ্যে তেতিয়াও উলুবাৰীত ঘৰটো সজা নাছিল। তেওঁলোকে নিউফিল্ডৰ ওচৰত ঘৰ ভাড়া কৰি থাকিছিল। অমলেন্দুই পাছত বেংগলী হাইস্কুলত সপ্তম শ্ৰেণীত নাম লগায়।

 ডাঙৰ বৰজনাৰ বাইশ-তেইশ বছৰ বয়সতে বিয়া হয়। তেওঁৰ বিয়াৰ সময়ত অমলেন্দুৰ বয়স আছিল আঢ়ৈ বছৰ। ঘৰৰ বৰবোৱাৰীগৰাকীয়ে ছটা সন্তান জন্ম দি বৰ কম বয়সতে মৃত্যুক আকোঁৱালি লয়। বৰজনাৰ বয়স তেতিয়া চৌত্ৰিশমান। তেওঁ আছিল দীৰ্ঘজীৱী। তেওঁ দ্বিতীয়বাৰলৈ বিয়া নকৰালে। বোৱাৰীয়েকৰ মৃত্যুৰ আগতে শহুৰে অৱসৰ গ্ৰহণ কৰি পৰিয়ালটোক উলুবাৰীৰ ঘৰলৈ উঠা দি লৈ আহে। তেওঁলোকৰ ইচ্ছা আছিল, পুতেকহঁতে গুৱাহাটীতে থাকিব আৰু শহুৰ শাহু পূৰ্ববংগত নিজা ঘৰলৈ গৈ মাটি-বাৰী চোৱা-চিতা কৰি অৱসৰজীৱন কটাব। পিছে মানুহে ভাবে এটা, হয় আন এটা। বৰপুতেকৰ ছটাকৈ এমা-ডিমা সন্তানক চায় কোনে? নিজৰ এঘাৰটা সন্তানৰ সৰু তিনি-চাৰিজনো তেতিয়া কম বয়সীয়া। নাতি-নাতিনীৰ দায়িত্বও বৰ্তিলে শাহুৰ ওপৰত।

 মণিপুৰ এৰিলেও শহুৰৰ দ্বিতীয় পুত্ৰ অৰ্ধেন্দু গুহই ইম্ফলতে ব্যৱসায় আৰম্ভ কৰি তাতেই থাকি গ’ল। চতুৰ্থ বিমলেন্দু গুহয়ো তাতে চাকৰি পালে। তেওঁ লোগ্‌তাক হৃদৰ সমীপৱৰ্তী ময়ৰাঙত শিক্ষকতা কৰিছিল আৰু পাছত মণিপুৰৰ শিক্ষা বিভাগৰ সচিব হৈ অৱসৰগ্ৰহণ কৰে। তৃতীয় পুত্ৰ সুধেন্দু গুহই কটন কলেজৰ পৰা বি এ পাছ কৰি টেলিগ্ৰাফ বিভাগত নিযুক্তি পায়। দ্বিতীয় আৰু তৃতীয় পুত্ৰ তেতিয়া বিবাহোপযোগ্য হোৱাত অগা- পিছাকৈ ত্ৰিশৰ দশকৰ শেষৰ ফালে তেওঁলোকৰ বিয়া হয়। দুয়োগৰাকী বোৱাৰীয়ে ঘৰ সোমায়ে এমা-ডিমাকেইটাৰ দায়িত্ব ল’বলগীয়া হৈছিল। এমা-ডিমাকেইটাৰ বয়স এতিয়া সত্তৰৰ ইফালে-সিফালে। এতিয়াও তেওঁলোকে খুড়ীয়েক দুগৰাকীক মাকৰ দৰেই শ্ৰদ্ধা কৰে।

 শাহু আই তেওঁৰ ককাক-আইতাকৰ একেজনী নাতিনী আৰু মাক-দেউতাকৰ একেজনী জীয়ৰী হোৱা হেতুকে তেতিয়ালৈ জীয়াই থকা তেওঁৰ দেউতাক গোবিন্দবন্ধু ঘোষ আৰু আইতাক শশী সুন্দৰীক গুৱাহাটীলৈ লৈ আহে। ঘৰখনৰ বৰবোৱাৰীগৰাকীৰ মৃত্যুৰ সময়ত শশী সুন্দৰী জীয়াই আছিল। তেওঁৰ জীৱিতাৱস্থাত পৰিনাতিৰ গাভৰু পত্নীৰ মৃত্যু চকুৰ আগতে দেখি তেওঁ ইমানে মৰ্মাহত হৈছিল যে সেই শোকত অধীৰ হোৱাত তেৱোঁ [ ১৫২ ] কিছুদিনৰ ভিতৰতে মৃত্যুক আকোঁৱালি লয়। শাহুৰ দেউতাকৰো এই চৌহদতে মৃত্যু হয়। উলুবাৰীৰ ঘৰখন এতিয়ালৈ ছটা পিড়িৰ মৃত্যুৰ সাক্ষী হৈ আছে।

 মোৰ তৃতীয়গৰাকী জা প্ৰতিভা বাইদেউৰ বৰ্তমান বয়স নব্বৈৰ সিটো পাৰে। তেতিয়াৰ যুগতে তেওঁ ঢাকাৰ এখন নাম কৰা কলেজত পঢ়িছিল। মাক-দেউতাকৰ তেওঁ একেজনী ছোৱালী, ল’ৰা এটা। ল’ৰাজন অৰ্থাৎ শিশিৰদা আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ স্নেহধন্য। তেওঁ খুব ভাল বাঁহীবাদক আছিল বাবে ৰবীন্দ্ৰনাথে বাঁশীৱালা বুলি মৰম কৰি মাতিছিল। শিশিৰদাই শান্তি নিকেতনৰ কাষতে শ্ৰীনিকেতনত বাস কৰিছিল। মই বাইদেউক সুধিছিলো সৰু পৰিয়ালত ডাঙৰ হোৱা জীয়েকক দেউতাক-মাকে এনে জাকৰুৱা পৰিয়ালত বিয়া দিলে কিয়? দেউতাৰ ধনবল থাকিলেও জনবল হেনো নাছিল। তেওঁৰ ধাৰণা ধনবলতকৈ জনবলৰ মূল্য বেছি। যৌথ পৰিয়ালৰ যিটো ইতিবাচক দিশ তাক প্ৰত্যক্ষ কৰিলো এইটো পৰিয়ালত। এজন ককায়েকৰ ৰোজগাৰৰ অৰ্থ পৰিয়ালটোৰে যেন ৰোজগাৰ। কোনোবা এজনে বেছি আৰ্জিলে বুলি তেওঁৰ ল’ৰা-ছোৱালীয়ে প্ৰাধান্য নেপায়। এওঁলোকৰ ঘৰৰ পুৰণি চিঠি এখন পঢ়ি গম পালো কোনোবা এটা সময়ত ঘৰৰ সিংহভাগ আৰ্থিক সাহায্য আহিছিল চতুৰ্থগৰাকী পুত্ৰৰ পৰা। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইম্ফলত বোমা পৰাত মণিপুৰত ব্যৱসায় কৰি থকা দ্বিতীয়গৰাকী পুত্ৰই সৰ্বস্ব হেৰুৱাই এমাহ জুৰি হাবি-বননিৰ মাজেৰে কোনোমতে প্ৰাণটো লৈ আহিছিল। কেইবা বছৰলৈ তেওঁ আৰ্থিক দিশত দুৰ্বল হৈ আছিল। কিন্তু তেওঁৰ পৰিয়ালে আৰ্থিক কষ্ট ভোগ কৰিবলগীয়া হোৱা নাছিল। প্ৰাথমিক বিপৰ্যয়ৰ পাছত তেওঁ আকৌ ইম্ফললৈ গৈ পাওনাবাজাৰত ব্যৱসায় আৰম্ভ কৰে আৰু সা-সম্পত্তিত সকলো ভায়েক ককায়েকক চেৰাই যায়। বৰ্তমানে আগৰ দৰে যৌথ পৰিয়ালৰ বান্ধোন কটকটীয়া হৈ নাথাকিলেও যামিনী সুন্দৰ আৰু জ্ঞানদা সুন্দৰীৰ উত্তৰপুৰুষৰ মাজত যি ঐক্য দেখিবলৈ পাওঁ ই সঁচাকৈয়ে প্ৰশংসনীয়। বিয়া দিয়া ছোৱালী উপেক্ষিততো নহয়েই বৰঞ্চ কেইজনীমানৰ অনুশাসন কেইবাজনী বোৱাৰীয়ে মানি চলিবলগীয়া হৈছে। মোৰ দেওৰে ৰগৰ কৰি কয় পৰিয়ালটো মাতৃতান্দ্ৰিক। শাহুৰ আজো আইতাক জমিদাৰণী চন্দ্ৰপ্ৰভাৰ চাৰিটা পিড়ি তললৈ কোনো পুত্ৰ সন্তান নথকা বাবে কন্যা সন্তানসকলৰে দপদপনি আছিল বেছি। অৱশ্যে দপদপনি বেছি হ’লেও সকলোৱে মৰমিয়াল, অত্যাচাৰী নহয়।

 সম্প্ৰতি আমাৰ ভতিজাৰ পুতেকৰ বিয়া হৈ গ’ল। বোৱাৰীজনীয়ে বহু আত্মীয়-স্বজনক একেলগে দেখি মনত ৰাখিব পৰা নাই কোন কাৰ কি হয়। বহুতৰে পৰা সোণৰ অংলকাৰ পাই তাই আচৰিত। তাইৰ বাবে মই এখন বংশাৱলী প্ৰস্তুত কৰি আছো। সেই বংশাৱলীত যদি যামিনী সুন্দৰৰ ভায়েকহঁতৰ পৰিয়ালকো ঠাই দিও তেনেহ'লে ন কইনা মূৰ্ছা যাব। উলুবাৰীৰ আমাৰ এই চৌহদত আমি নিজ নিজ ৰান্ধনী ঘৰতে খাওঁ যদিও একেলগে চাৰিটা পিড়ি এতিয়ালৈ বাস কৰি আছো। গতিকে নিঃসংগতাবোধ কোনেও নকৰে। বৰ্তমানে চাৰিটা পিড়িৰে গঠিত পৰিয়ালটোৰ শীৰ্ষ ব্যক্তি অমলেন্দু গুহ। বিয়াবাৰুবোৰত নিমন্ত্ৰণী চিঠিত নিমন্ত্ৰণকৰ্তা হিচাপে নাম উল্লেখ কৰা হয় অমলেন্দু গুহৰ।

[ ১৫৩ ]


দিল্লীত তিনিটা বছৰ

দুবছৰ আগতে দিল্লীলৈ আহিছিলো কেইটামান দিনৰ বাবে ফুৰিবলৈ। এইবাৰ আহিলো থাকিবলৈ নতুন এটা চিনাকি লৈ। আছিলো অনিমা দাস, হ’লো অনিমা গুহ। নিজকে চিনি নোপোৱা যেন লাগিল। আজিকালি বেছিভাগ ছোৱালীয়ে পিতৃদত্ত উপাধিটোৰ সৈতে স্বামীৰটোও সাঙুৰি লয়। কম সংখ্যকে জন্মসূত্ৰে পোৱাটোকে ৰাখে। আমাৰ সময়ত নিজৰ আইডেনটিটি ৰক্ষা কৰাৰ ধাৰণাটোৱে নাছিল। পিছে পলমকৈ উপলব্ধি কৰিছো যে কেৱল জন্মসূত্ৰে পোৱা উপাধিটোকে ৰখা উচিত। অৱশ্যে এইটো মোৰ ব্যক্তিগত মতামতহে। এই প্ৰসংগত নিৰুমপা বৰগোহাঞিলৈ মনত পৰিছে। তেওঁ সকলো ফালৰ পৰা এগৰাকী অত্যন্ত সাহসী মহিলা। এই বিষয়ে নামনিৰ এজন ডেকাৰ লগত আলোচনা কৰি থাকোতে তেওঁ কৈছিল যে উজনিৰ আহোম মহিলাসকল সাহসীয়ে হয়, নামনিৰ মহিলাৰ মাজত হেনো এইটো গুণৰ অভাৱ। মই দীৰ্ঘশ্বাস পেলালো। আমি তেওঁক ছাত্ৰী অৱস্থাৰে পৰা চিনি পোৱাসকলে জানো নিৰুপমা নামনি অসমৰ কলিতাৰ ছোৱালী। বৰগোহাঞি উপাধিটোৱে, বিবাহ অনুষ্ঠানত উচ্চাৰিত দুটামান মন্ত্ৰোচ্চাৰণে তেওঁক উজনিৰ আহোমত পৰিণত কৰিলে। মোৰ নিজৰ ক্ষেত্ৰতো একেই অৱস্থা হৈছে। এবাৰ সাক্ষাৎকাৰ ল’বলৈ অহা তৰুণী সাংবাদিক এগৰাকীয়ে অনেক প্ৰশ্ন কৰাৰ পাছত সুধিলে— ‘আপুনি অসমীয়া কয়, লিখে, মেখেলা- চাদৰ পিন্ধে। আপুনি অসমতে ডাঙৰ হোৱা নেকি?’ মোৰ বৰ্তমানৰ উপাধিটোৰ বাবেই এনে এটা প্ৰশ্নৰ সন্মুখীন হোৱা নাছিলো নে? আমাৰ ঘৰৰ লগত যথেষ্ট ভাল সম্পৰ্ক থকা ডেকা লেখক এজন কেইবছৰমান আগতে বৰ উত্তেজিত হৈ আহি কৈছিল— ‘বাইদেউ, মোৰ যে ইম্মান স্ফূৰ্তি লাগিছে ফণী তালুকদাৰৰ মুখে শুনি যে আপুনি অসমীয়া!’ মোক তেওঁৰ আৰু আপোন যেন লাগিছিল কাৰণ আমাৰ মাৰ পূৰ্বপুৰুষ কামৰূপীয়া। ডেকাগৰাকীও সেই অঞ্চলৰ।

 ভ্ৰান্ত চিনাক্তকৰণে কেতিয়াবা মনত পীড়া দিয়ে। সমাজৰ এজন গণ্য-মান্য মানুহে হেনো কৈছে যে অসমীয়া ভাষাত লিখিলেও মই হেনো প্ৰো-বেংগলী। মানুহজনৰ লগত মোৰ ব্যক্তিগত চিনাকি নাই, মই নাভাবো মোৰ লেখাবোৰত—‘প্ৰো-বেংগলী’ গোন্ধ পোৱা যায়। মোৰ বিবাহোত্তৰ উপাধিটোৱে তাৰ একমাত্ৰ কাৰণ। নিৰুপমা অথবা মোৰ ক্ষেত্ৰতে নহয় আৰু অনেকৰে এই অভিজ্ঞতা হৈছে। কলকাতাত আমাৰ চুবুৰিটোত মিছেছ হুছেইন নামৰ এগৰাকী অসমীয়া মহিলা থকা বুলি দুই-একৰ মুখে শুনিছিলো। তেওঁৰ স্বামী অসমীয়া নহয়। এদিন হঠাতে এখন মিঠাইৰ দোকানত মিছেছ হুছেইন নামেৰে জনাজাত মানুহগৰাকীক লগ পালো। আমাতকৈ চাৰি বছৰে ছিনিয়ৰ মিছেছ হুছেইন এগৰাকী হিন্দু মহিলা। আইডেনটিটি হেৰুৱাই তেৱোঁ যে কিছু পৰিমাণে ভুগি আছিল, কথা বতৰাতে বুজি পাইছিলো। তেওঁ আগৰ উপাধিটোৰে জনাজাত হোৱা হ’লে নিজকে নিশ্চয় শিপাহীন যেন নালাগিলহেঁতেন।

 যাওক বাৰু এইবোৰ কথা। পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা যেতিয়া মানি লৈছো, শিপাহীনত্ব অৱস্থাও মানি ল’ব লাগিব। আন কথালৈ আহো। আগতে কোৱা হৈছে যে ৰান্ধনী ঘৰৰ [ ১৫৪ ] লগত মই আছিলো সম্পৰ্কহীন। দেউতা জীয়াই থকা সময়লৈকে সেইমুৱা হ'বৰ প্ৰয়োজন নাছিল। তদুপৰি দেউতা-মায়ে ৰান্ধনী ঘৰৰ কামত নহয়, উৎসাহ দিছিল পঢ়া-শুনা কৰিবলৈ, সংগীত চৰ্চা কৰিবলৈ, খেলা-ধুলা কৰিবলৈ, চিলাই-এমব্ৰয়দাৰী আদি কৰিবলৈ। মায়ে সদায় কৈছিল ঘৰুৱা কাম কৰিবলৈ মগজুৰ প্ৰয়োজন নহয়, ঠেকাত পৰিলে শিকা যায়। দিল্লীলৈ আহি মই ঠেকাত পৰিলো যদিও মোৰ মৰমিয়াল জা-বাইদেউগৰাকীয়ে মোৰ সীমাৱদ্ধতাৰ উমান পাই বিশেষ একো কৰিব দিয়া নাছিল। ৰন্ধা বঢ়াতো কৰা নাছিলোৱে, চাহ-তাহ কৰাতো বৰ পাৰদৰ্শিতা দেখুৱাব পৰা নাছিলো। এবাৰ তেওঁৰ তিনি-চাৰিগৰাকী বান্ধৱীয়ে মোৰ তেওঁলোকলৈ চাহ কৰাৰ নমুনা দেখি উভতি যাওঁতে হেনো ওৰে বাটটো মোৰ নিন্দা গাই গৈছিল। মুঠতে তেওঁলোকে মোক এজনী অপদাৰ্থ বোৱাৰী