সমললৈ যাওক

পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছোৱালী আমাৰ ঘৰত মৰমতে থাকিব আৰু ভূপেনো এদিন মেজিষ্ট্ৰেট হ'ব।’

 ঘৰৰ প্ৰথম বিয়া। আমাৰ মন উগুল-থুগুল। এনেতে যোৰহাটৰ ঘৰলৈ আমাৰ এজন আত্মীয় আহি উপস্থিত। ক'লে— ‘তহঁতৰ বাপেৰে আৰু দৰা বিচাৰি নাপালে। সি মস্ত এটা মদাহী।’ আজিকালি অনেকে মদ্যপান কৰে, আমিও মদ খোৱাক সিমান গুৰুত্ব নিদিও। কিন্তু তেতিয়াৰ দিনত কোনোবাই এটুপি মদ খোৱাৰ অৰ্থই চৰিত্ৰহীন, উশৃংখল, মানুহ নামৰ অযোগ্য। বিয়াৰ দিন ওচৰ চাপি আহিছে। দেউতাহঁত কৃষ্ণাইত ব্যস্ত, এনেতে মোৰ চিঠিখনে যেন বিস্ফোৰণ ঘটালে। কাৰো হাত-ভৰি নচলা হ'ল।

 কথাষাৰ কোৱা মানুহজন আমাৰ শুভাকাংক্ষী বাবেহে কৈছে, সকলোৱে ভাবিলে। দেউতা অনতিবিলম্বে গুৱাহাটীমুখী হ’ল। বাৰ লাইব্ৰেৰী, আদালত আৰু দৰা ঘৰৰ চিনাকি পৰিয়ালৰ মাজত দেউতাৰ পৰিচিত বিশ্বাসযোগ্য যিসকল আছিল প্ৰায় সকলোকে লগাই দিলে শুনা কথাষাৰৰ অনুসন্ধান কৰিবলৈ। অৱশেষত সকলোৰে পৰা ভাল চাৰ্টিফিকেট পাই পূৰ্ণোদ্যমত লাগি গ'ল বিয়াৰ প্ৰস্তুতিত।

 যোৰহাটৰ পৰা কৃষ্ণাইলৈ আহি শুনিলো দৰাক মদাহী বুলি কোৱা আত্মীয়জনৰ আবিয়ৈ ভনীয়েকজনীক এইজনা দৰালৈ যাচিছিল। মানুহ কেতিয়াবা অতি ঈৰ্ষাপৰায়ণ হৈ আনৰ চৰিত্ৰহনন যে কৰিব পাৰে তেতিয়াই প্ৰথম গম পাইছিলো। যি কি নহওক, গুৱাহাটীৰ পৰা বিয়াৰ দিনা গধূলি কেইবাখনো বাছ আৰু গাড়ীৰে বহু মানুহ আহিছিল দৰাৰ লগত। আহিয়ে দৰাৰ অভিভাৱক নগেনদাই দেউতাক কৈছিল চালিঘৰ এটাৰ ব্যৱস্থা কৰিবলৈ, দৰাপাৰ্টিটোৱে তাত চাহ কৰি খাব। বিয়া কৰাবলৈ আহি কইনাৰ ঘৰত নিজে চাহ কৰি খাব এনে নাভূত-নাশ্ৰুত কথা শুনি সকলো অবাক। গুৱাহাটীৰ পৰা অহাৰ সময়ত তেওঁলোকে হেনো ভাত খায়ে আহিছে। মাঘমহীয়া জাৰকালি চাহ কৰি খাবলৈ ডাঙৰ ডাঙৰ কেটলি, গাখীৰ, চেনি, চাহপাত, মাটিৰ গিলাচ আৰু মিঠাই-চিঠাই লৈ আহিছে। এনেকি জুই জ্বলাবলৈ খৰিও। দেউতাই কৈছিল চাহ-ভাতৰ যোগাৰ কৰা হৈছে, বস্তুবোৰ যেন ওভোতাই লৈ যায়। নগেনদাই নামানে। তেওঁলোক হেনো কইনাঘৰক কষ্ট দিয়াৰ পক্ষপাতী নহয়। জীয়েকৰ বিয়াত দৰাপাৰ্টিটোক খুৱাবলৈ মাছ, মাংস, পোলাও, দৈ, মিঠাইৰ ব্যৱস্থা কোনে নকৰে বাৰু? তেওঁলোকে চাহে-ভাতে অৱশেষত খালে যদিও চালি এখনত ওৰে ৰাতি নিজাকৈ চাহ কৰি খাই থাকিল৷ তেতিয়াৰ যুগত আজিৰ দৰে পুৰোহিতে শ্বৰ্টকাটকৈ বিয়া নাপাতিছিল। গধুলিতে আৰম্ভ হোৱা বিয়া শেষ হৈছিল ধলপুৱা। আমি ল'ৰা-ছোৱালীবোৰে অলপ সময়ৰ মূৰে মূৰে দৰাঘৰৰ চালিলৈ আহি চাহ মিঠাই খাইছিলো।

 আজি অসমীয়া সমাজত যৌতুক প্ৰথাৰ ব্যাপক প্ৰচলন দেখি ভাবো এসময়ত কইনাৰ ঘৰত চাহ-ভাত খাই তেওঁলোকক জুলুম কৰিব নোখোজা অসমীয়াৰ যৌতুকৰ বাবে বোৱাৰীক হত্যাপৰ্যন্ত কৰিবলৈ হাত নকঁপা হ'ল।

 বাইদেউৰ বিয়াৰ পিছত আমি যোৰহাটলৈ উভতি যোৱাৰ পথত ভিনিহিহঁতৰ গুৱাহাটীৰ শান্তিপুৰৰ ঘৰত সোমাই গৈছিলো। আমাক ট্ৰেইনত তুলি দিবলৈ গধূলি ষ্টেচনলৈ ঘোঁৰা গাড়ীত আহোতে ভিনিহিয়ে মোক ক'লে— ‘এক পেগ খাই আহিছো’। মই চক খাই

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৯৯