পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিকল্পনা কৰিছিল সৰ্বেশ্বৰ দাসে। সমাজসেৱা কৰিছিল যদিও তেওঁ ককায়েক দুগৰাকীৰ দৰে অবিবাহিত হৈ নাছিল। ১৯৭৯ চনত ৮৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। খাদ্যত দৈৰ প্ৰাধান্যই পাচনীয়াৰ মানুহক দীৰ্ঘজীৱী আৰু বুদ্ধিমান কৰে বুলি অনেকৰ ধাৰণা।

 টুলুৰ স্বামী গোপালে বিয়াৰ সময়ত গোৱালপাৰাত ওকালতি কৰি আছিল। তাৰ কেইবছৰমান পাছত কোকৰাঝাৰলৈ আহি অৱশেষত বঙাইগাঁৱত স্থায়ীভাৱে থাকিবলৈ লয়। বিশিষ্ট আইনজীৱী গোপাল চন্দ্ৰ দাস আছিল বঙাইগাঁও আইন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। ভিনিহিদেউ আমাৰ অভিভাৱক স্বৰূপ আছিল যদিও তেওঁ চাকৰিসূত্ৰে দূৰে দূৰে থাকিবলগীয়া হোৱাত গোপালেই হৈছিল মাৰ ওচৰতে থকা পুত্ৰস্বৰূপ জোঁৱাই। তথাপিতো টুলু গুচি যোৱাত ঘৰখন উদং উদং লাগিছিল অনেক দিনলৈ। তায়ো কিছুদিন ধুবুৰী বি চি মেম’ৰিয়েল স্কুলত শিক্ষকতা কৰিছিল বিয়াৰ আগতে।

 আমাৰ যৌথ পৰিয়ালটোত ১৯৫৬ চনৰে পৰা লগালগিকৈ কেইবাখনো বিয়া অনুষ্ঠিত হৈছিল। সেই বছৰৰ মে’ মাহৰ ২ তাৰিখে ড° মহেন্দ্ৰ বৰাৰ লগত বিয়া হ’ল ডাঙৰ খুৰাৰ জীয়ৰী গীতাবাৰ। খুৰাৰ আন এজনী ছোৱালী আৰতি আছিল জাকত জিলিকা ৰূপৱতী। ৰূপৱতী ছোৱালীৰ পাণিগ্ৰহণ কৰিবলৈ দৰাৰ ভিৰ লাগে। অসুবিধা হয় বাছনি কৰাত। ফুলকুমলীয়া বয়সতে তাইৰ বিয়া হৈ গ’ল নগাঁৱৰ বিশিষ্ট নাগৰিক ভূজ মহন্তৰ পুত্ৰ ভূপেন মহন্তৰ লগত, গীতাবাৰ বিয়াৰ কেইমাহমান পাছতে। আৰতিৰ বিয়ালৈ আহিছিল খ্যাতনামা চাহ খেতিয়ক হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ মাতৃ কমলকুমাৰী বৰুৱা। তেওঁ আছিল দৰাৰ বৰবাইদেউ।

 মানুহে কোৱাকুই কৰিবলৈ ধৰিলে যে দাস পৰিয়াললৈ আগমন ঘটিছে প্ৰজাপতিৰ। টুলু, গীতাবা আৰু আৰতিৰ বিয়াৰ পাছত ডাঙৰ খুৰাৰ দ্বিতীয়জনী ছোৱালী শেফালীৰ গুৱাহাটী নিবাসী ডাঃ যোগেন্দ্ৰ নাথ ভূঞাৰ লগত শুভ বিবাহ সম্পন্ন হ’ল। পৰিয়ালৰ আন এজনী ৰূপৱতী আছিল আমাৰ ভনী খুকু। শিশু বয়সতে তাই মানুহৰ মুখে মুখে শুনি গম পাইছিল যে তাই অতি ধুনীয়া, গাৰ বৰণ গোলাপৰ পাহিৰ দৰে। তাইৰ ভাল নামটো আছিল নীলিমা। পাঁচ বছৰমান বয়সত এদিন ড্ৰেছিং টেবুলৰ আৰ্চিৰ সন্মুখত বহি নিজৰ ৰূপত নিজে মুগ্ধ হৈ তাই স্বগতোক্তি কৰিছিল, ‘মই প্ৰতিমাৰ দৰে সুন্দৰী। আজিৰে পৰা মোৰ নাম নীলিমা নহয়, প্ৰতিমা।’ সিদিনাৰে পৰা তাইৰ নাম প্ৰতিমা। নিজৰ নাম নিজে ৰখা ব্যক্তি সম্ভৱতঃ পৃথিৱীত তায়ে প্ৰথম, তায়ে শেষ। প্ৰতিমাৰ অৰ্থ তাই সেই বয়সত নিশ্চয় নাজানিছিল। তাইৰ ৰূপমুগ্ধসকলৰ মুখত শুনি শুনি বাক্যশাৰী আয়ত্ত কৰিছিল।

 যি কি নহওক, এনেহেন সুন্দৰীৰ বাবে অনেক দৰা ওলালেও ধুবুৰীৰ বি এন কলেজৰ পৰা বি এ পাছ কৰাৰ পাছত তাইক গুৱাহাটীলৈ পঠালো এম এ পঢ়িবলৈ। ঘৰৰ পৰিস্থিতিয়ে মোক এম এছ চি পঢ়াত বাধা দিয়া বাবে দেউতাৰ মনত দুখ এটা থাকি গৈছিল। খুকুৰ যোগেদি দেউতাৰ সেই ইচ্ছা পূৰ্ণ হোৱাটো বিচাৰিছিলো। তদুপৰি স্কুলত চাকৰি কৰি উপলব্ধি কৰিছিলো স্কুলৰ শিক্ষক আৰু কলেজৰ শিক্ষকৰ মাজত সকলো ফালৰ পৰা বহু পাৰ্থক্য।

 খুকু গুৱাহাটীলৈ যোৱাৰ পাছত শিক্ষা বিভাগৰ পৰা মই সুযোগ পালো কটন কলেজত

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৩৯