পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হ’লেও নীলিমা সান্ন্যাল আছিল তেতিয়াৰ দিনত গ্লেমাৰাছ মহিলা। কোনোবা এখন ফেশ্বন আলোচনীত ছবিৰে সৈতে তেওঁৰ বিষয়ে পঢ়িছিলো। তেওঁ হেনো এখন শাৰী দুবাৰ নিপিন্ধিছিল বছৰটোত। অৰ্থাৎ তেওঁৰ কমপক্ষে আছিল ৩৬৫ খন শাৰী। কোনোবা এজন মালহোত্ৰাক বিয়া কৰাইছিল যদিও মই লগ পাওঁতে তেওঁলোকে ডিভোৰ্ছৰ বাবে আদালতৰ ৰায়ৰ অপেক্ষাত আছিল। মানুহগৰাকী বেছ ‘মাই ডিয়েৰ’ টাইপৰ আছিল। সেই কেইদিনতে মই তেওঁৰ ওচৰ চাপিব পাৰিছিলো। এদিন সুধিয়ে পেলালো কেনেকৈ তেওঁ মনত ৰাখে যে এখন শাৰী বছৰটোত দ্বিতীয়বাৰ নিপিন্ধে। তেওঁৰ আলমাৰী দুটা। পিন্ধাখন দ্বিতীয়টোত থয়, গতিকে দুবাৰ পিন্ধাৰ সমস্যা নাথাকে। এদিন নীলিমাই মনৰ আনন্দ ধৰি ৰাখিব নোৱাৰি কৈছিল ঘৰলৈ উভতি যোৱাৰ পথত বেংগলী মাৰ্কেটত সোমাই মোক মিঠাই খুৱাব। তেওঁৰ আনন্দৰ কাৰণ বা কি সুধিলত উত্তৰ পাইছিলো ‘আজি মই মুক্ত। মুক্ত মই। আঃ কি শান্তি।’ কিয় বা মুক্ত আকৌ সুধিছিলো। উত্তৰ শুনি মই স্তম্ভিত। আইনসংগতভাৱে তেওঁৰ বিয়াখন সিদিনাই ভাগিল। মানে ডিভোৰ্ছ হ’ল। ১৯৬০ চনত আজিৰ দৰে বিবাহ বিচ্ছেদ বৰকৈ হোৱা নাছিল। ক’ৰবাত হ’লেও মই শুনা নাছিলো। তদুপৰি ডিভোৰ্ছ পালে যে মানুহৰ আনন্দ হয় সিদিনা গম পালো। মোৰ তেতিয়া বিয়া হোৱা দুই-তিনি মাহ মাত্ৰ হৈছিল। বিবাহিত জীৱনত যে তিক্ততা কেতিয়াবা আহিব পাৰে কল্পনা কৰা টান আছিল মোৰ বাবে।

 নীলিমাৰ মুখলৈ চাই থাকোতে হঠাতে মনত পৰিল সৰুকালতে শুনা হাস্য-ৰসেৰে ভৰা এখন গ্ৰামোফোন ৰেকৰ্ডলৈ। এহাল দম্পতীয়ে গান গাই গাই কাজিয়া কৰিছিল এইদৰে—

 পত্নী : তোৰ জ্বালাত মৰিলো জ্বলি/ হে কালীমা কালী মোৰ / মালা পিন্ধালো কাৰ ডিঙিত/ তোৰ জ্বালাত মৰিলো জ্বলি...।

 পতি : ঘূৰাই নে তোৰ মালা / দে তই উল্টা চৈধ্য পাক...।

 তেতিয়াৰ দিনত ডিভোৰ্ছৰ ধাৰণা নথকা বাবে সাত পাক ঘূৰি মালা পিন্ধাই কৰোৱা বিয়াখন ওলোটাকৈ চৈধ্য পাক ঘূৰাই এৰা এৰি হোৱাৰ কথা কৈছিল।

 নীলিমাৰ ভিতৰত সেইগৰাকী মহিলাক দেখা পাই সুধিলো— ‘আপুনি বেলেগ ৰাজ্যৰ মানুহক বিয়া কৰাইছে যেতিয়া তেওঁক ভাল পায়ে কৰাইছিল নিশ্চয়। তেনেহ'লে এনে পৰিণতি হ’ল কিয়?’

 তেওঁ টপৰাই উত্তৰ দিছিল— ‘যি বতাহে মন-প্ৰাণ শীতল কৰে সেই বতাহেইতো ধুমুহাৰো সৃষ্টি কৰে।’

 সৰু ঠাই এখনৰ পৰা অহা মইজনীয়ে বহু অভিজ্ঞতা অৰ্জন কৰিবলৈ ধৰিলো ভাৰতৰ ৰাজধানীত। যি কি নহওক নীলিমাৰ ডিভোৰ্ছ উপলক্ষে সিদিনা বেংগলী মাৰ্কেটৰ ৰেস্তোঁৰা এখনত বহি নানা তৰহৰ সুস্বাদু আহাৰ খাই ঘৰলৈ উভতিলো। এই ঘটনাৰ পৰা মোৰ বদ্ধমূল ধাৰণা হৈছিল ডিভোৰ্ছ পালে মানুহৰ মন আনন্দেৰে উপচি পৰে। পিছে বহু বছৰ পাছত মোৰ এই ধাৰণা সঠিক নহয় বুলি উপলব্ধি কৰিলো। নীলিমা সান্ন্যালতকৈও ওপৰ খাপৰ এগৰাকী চেলিব্ৰিটিয়ে স্বামীৰ সৈতে সম্পূৰ্ণভাৱে এৰা এৰি হোৱাৰ দিনা মানসিকভাৱে

১৫৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি