পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুৰংগৰ মাজেদি যোৱাৰ উত্তেজনা নাছিল।

 এবাৰ গৈছিলো কলকাতালৈ, ব্ৰিটিছৰ যুগৰ কলকাতা। কি জাকজমক। কি পৰিস্কাৰ পৰিচ্ছন্ন। কি সুন্দৰ সুন্দৰ অট্টালিকা, দোকান-বজাৰ চৌৰংগী আৰু ডেলহাউছী স্কোৱেৰত। হোটেলৰ পৰা দেখিছিলো আলিবাটবোৰ প্ৰতিদিনে পুৱা পানীৰে ধোৱা। গৈছিলো কোকৰাঝাৰৰ পৰা, নাদৰ ভেকুলী সাগৰত পৰা যেন লাগিছিল। ফাৰপো নামৰ কেক-পেষ্ট্ৰিৰ দোকান এখনত সোমাই উশাহ ল'বলৈ পাহৰি গৈছিলো। বিক্ৰেতাসকল আছিল চাহাব আৰু হৰেক ৰকমৰ খাদ্য সামগ্ৰী দেখি মোৰ মূৰ ঘূৰাই যোৱাৰ অৱস্থা। অতি চাফচিকুণ বাবেই হ’বলা সেইখন দোকানৰ কেক-বিস্কুট খোৱাত বাধা নাছিল আমাৰ। আজিৰ ফাৰপোত সেই আভিজাত্য নাই। এদিন দেউতাই লৈ গ'ল এটা আইচক্ৰীম পাৰ্লাৰলৈ। চৌৰংগীত। মায়াবী নীলা পোহৰে আৱৰি ৰখা পাৰ্লাৰটোত কোনোবা সপোনপুৰীত সোমোৱাৰ অনুভূতি হৈছিল। ইয়াৰ আগতে আইচক্ৰীম নামৰ বস্তুটো খোৱা দূৰৈৰ কথা, নামেই শুনা নাছিলো। দীঘলীয়া গিলাচ একোটাত পৰিবেশন কৰিছিল অতি উপাদেয় নানাৰঙী আইচক্ৰীম। জীৱন সাৰ্থক হোৱা যেন লাগিছিল।

 আমি কৰবালৈ যোৱাৰ আগতে দেউতাই সেই ঠাইখনৰ অৱস্থিতি, কেনেকৈ, কোন কোন ঠাইৰ মাজেৰে যাব লাগে মেপত দেখুৱাইহে আগবাঢ়িছিল। ঠাইখন গৈ পোৱাৰ পিছতো কোন বাটেৰে গৈ আছো, কেনেকৈ হোটেললৈ উভতিম ইত্যাদি নানা বিষয়ে শিক্ষা দিয়ে। নতুন ঠাইত দিকদৰ্শন কৰাবলৈ সৰু কম্পাচ এটা আমাৰ হাতত দিছিল। আমাকেই নহয়, মা আৰু আমাৰ লগত খুৰা, মামা যিয়ে গৈছিল তেওঁলোককো শিকাইছিল। আমি সৰু সৰুবিলাকক হোটেল পোৱাৰ অলপ আগতে বাট দেখুৱাই লৈ যাবলৈ কৈছিল। আজিও ক’ৰবালৈ গ'লে মই কাল্পনিক মেপ এখন চকুৰ আগত মেলি লৈহে যাওঁ। সমুদ্ৰ দৰ্শনৰ বাবে পুৰীলৈ যাওঁতে আমাক টোপনিৰ পৰা জগাই মহানদীখন দেখুৱাইছিল।

 মাৰ মামাহঁতৰ ঘৰ বৰটাৰীলৈ যাবলৈ আটাইতকৈ ভাল পাইছিলো। সেইখনো আছিল আমাৰ বাবে এক আশ্চৰ্যজগত। কোকৰাঝাৰৰ পৰা ৰে’লত উঠি সৰুপেটাত নামিছিলোগৈ। কেইমাইলমান আঁতৰত বৰটাৰীলৈ আমাক লৈ যাবলৈ ষ্টেচনলৈ আতাহঁতে হাতী আৰু ছৈ দিয়া গৰুৰ গাড়ী পঠাইছিল। মোৰ পছন্দ আছিল দ্বিতীয়বিধ যান, কাৰণ হাতীত প্ৰায়ে উঠো, গৰুৰ গাড়ী আছিল ৰোমাঞ্চকৰ। গাৰোৱানে গৰু দুটাৰ নেজ দুডাল পকাই টপ গিয়েৰত গাড়ীখন চলোৱা বৰ উপভোগ কৰিছিলো।

 আতাহঁতৰ ঘৰলৈ প্ৰথমবাৰ গৈ অবাক দৃষ্টিৰে চাৰিওফালে চাইছিলো। যেন ‘অনিমা in wonderland’। চাৰিগৰাকী আতাৰ ল'ৰা-ছোৱালীৰে সৈতে ডাঙৰ সংসাৰখনত সকলো বস্তুৰে উভৈনদী। হাতী কেইবাটাও, পোৱালীবোৰে শুঁৰ দাঙি দাঙি চোতালখনত খেলি থকা ল’ৰাহঁতৰ ফালে আহিলে সিহঁতে কল-ছল আদি খুৱাই দিয়া দৃশ্য ৰ লাগি চাইছিলো। কেৱল হাতী দেখিয়ে নে? হাঁহৰ গড়ালৰ আগত থিয় হৈ ভাবিছিলো কণীবোৰ বজাৰৰ পৰা আনি থৈছে হ’বলা। পিছে ঘৰতে পোহা অসংখ্য হাঁহৰ অসংখ্য কণী সেইবোৰ। কণীবোৰ দীঘলীয়া হেতা এখনৰ দৰে বস্তু এটাৰে গড়ালৰ পৰা টানি টানি আনোতে বহু কণী ভাঙি যায়। তালৈ

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৮৭