পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধুম জ্বৰ। দেউতাই তাক চাবলৈ গৈ দেখে সি বিছনাত নাই। বাহিৰলৈ (তেতিয়াৰ দিনত পেচাবখানা-পাইখানা কোঠাৰ সংলগ্ন নাছিল) যোৱা বুলি ভাবি তেওঁ কোঠাটোৰ পৰা ওলাই কঁঠাল গছত শব্দ এটা পাই ওপৰলৈ চাই দেখে কঁঠাল খাই থকা নিখিলে মোমায়েকে দেখে বুলি আৰু ওপৰলৈ বগাই গৈ আছে। মোতকৈ পাঁচ-ছ মাহে ডাঙৰ অখিল আছিল শান্ত স্বভাৱৰ।

 কমপেনছেশ্যন অফিচত অবিভক্ত গোৱালপাৰা জিলাৰ ৰজা-জমিদাৰসকলে তেওঁলোকৰ ক্ষতিপূৰ্ণ আদায় কৰিবলৈ অখিলহঁতৰ ওচৰলৈ প্ৰায়ে আহিছিল। বিজনী ষ্টেটৰ ৰজাই তাক দেউতাৰ ভাগিন বুলি জনা বাবে তাৰ ওচৰলৈ মাজে মাজে আহিছিল। তেওঁক দেখিলে অখিলে বৰ অস্বস্তিবোধ কৰিছিল, কাৰণ ৰজা হৈ থকাৰ সময়ত মহামহিম ভূপ বাহাদুৰৰ সাক্ষাৎ পোৱা আছিল ভাগ্যৰ কথা। একেজন মানুহে এতিয়া ৰাজত্ব হেৰুৱাই ক্ষতিপূৰণৰ তদাৰকি কৰিবলৈ আহে সাধাৰণৰ ওচৰলৈ। হায় অদৃষ্ট! ঘৰলৈ আহি অখিলে আঙুৰবালাই গোৱা তেতিয়াৰ বিখ্যাত গানটো গায়— ‘চিৰদিন কাহাৰো সমান নাহি যায় গো, আজকে যে ৰাজা হৰিশচন্দ্ৰ কালকে ভিক্ষা চায়...’। এই গানটো শুনাই দেউতায়ো আমাক সদায় যিকোনো পৰিস্থিতিৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰিছিল। হয়তো সেই শিক্ষাই আমাক পিতৃহীন অৱস্থাৰ সৈতে খাপ খাবলৈ সহায় কৰিছিল। জমিদাৰী উচ্ছেদৰ পাছত এষ্টেটৰ অনেকে চাকৰি বাকৰি হেৰুৱালে, কিছুমানে আগৰ সা-সুবিধা নোপোৱা হ’ল। আমি কোৱাকুই কৰিছিলো দেউতাই একো হেৰুৱাবলগীয়া হোৱা নাছিল। ৰজাৰ হালত থকা মানুহগৰাকীয়ে শাৰীৰিক কষ্টভোগ কৰিবলগীয়া হৈছিল যদিও সসন্মানে আঁতৰি গ’ল জমিদাৰী উচ্ছেদৰ আগে আগে।

 ধুবুৰীত আমি প্ৰায়ে গধুলিবোৰ আড্ডা মাৰি কটাইছিলো কাজিন ভাই-ভনীবোৰৰ সৈতে। ভুৱন খুৰাৰ বৰপুত্ৰ অনিমেষেও তেতিয়া ডিব্ৰুগড় মেডিকেল কলেজৰ পৰা ডাক্তৰী পাছ কৰি ধুবুৰীত নিযুক্তি পাইছিল। আড্ডাৰ মধ্যমণি আছিল তেওঁ আৰু কাজিন হাৰু। বাহিৰা জগতৰ বহু ইণ্টাৰেষ্টিং বা বাতৰিৰ যোগান ধৰিছিল দুয়ো। অনিমেষে আনিছিল Blitz নামৰ সাপ্তাহিকখন। তাত পাইছিলো দুনিয়াৰ খবৰ। নানাৱতী উপাধিৰ নৌসেনা বিভাগৰ উচ্চপদস্থ বিষয়া এজনৰ চিলভিয়া নামৰ বিদেশিনী পত্নীৰ প্ৰেম আহুজাৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কক কেন্দ্ৰ কৰি প্ৰকাশিত কাহিনীবোৰ আমি গোগ্ৰাসে গিলিছিলো। নানাৱতীয়ে সকলো কথা গম পোৱাৰ পাছত প্ৰেম আহুজাক কৈছিল তেওঁৰ পত্নীক বিয়া কৰাবলৈ। প্ৰেমক তেওঁ গুলীয়াই মাৰিছিল যেতিয়া প্ৰেমে উত্তৰত কৈছিল যে, তেওঁৰ শোৱাপাটীলৈ অহা সকলো তিৰোতাকে বিয়া কৰাব লাগিব নেকি? নানাৱতীৰ দীঘলীয়া বিচাৰপৰ্ব পুংখানুপুংখভাৱে পঢ়িছিলো। আমি আটায়েই আছিলো নানাৱতীৰ ফলীয়া। তেওঁৰ মৃত্যুদণ্ডৰ ৰায় ওলোৱাৰ পাছত আমি মৰ্মাহত হৈছিলো। অনেকেই হৈছিল। ক্ষমাদান কৰি মৃত্যুদণ্ডৰ পৰা ৰেহাই দিয়াৰ ক্ষমতা আজিকালি গৱৰ্ণৰৰ আছে নে নাই সঠিককৈ নাজানো, যিমানদূৰ মনত পৰে তেতিয়াৰ বোম্বাই ৰাজ্যৰ গৱৰ্ণৰ বিজয়লক্ষ্মী পণ্ডিতে নানাৱতীক ক্ষমদান কৰিছিল।

 আন এটা প্ৰেম কাহিনীয়ে ভাৰতক, বিশেষকৈ পশ্চিমবংগক জোকাৰি গৈছিল। ইয়ো

১৩২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি