পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পেহীক গুৱাহাটীৰ উইভিং স্কুলত ট্ৰেইনিং লৈ নিজৰ ভৰিত থিয় দিয়াৰ কথা ক’লে। সেইমতে তেওঁ ট্ৰেইনিং লৈ সমাজকল্যাণ বিভাগত নিযুক্তি পাইছিল। নিজা চহৰ চাপৰেই আছিল তেওঁৰ কৰ্তব্যস্থল। তাত প্ৰায় সাত বছৰ কটোৱাৰ পাছত শান্তি নিকেতনত এঘাৰমহীয়া বালসেৱিকা ট্ৰেইনিং লৈ চাপৰ-ৰাণী আৰু আজাৰাত বালসেৱিকা হিচাপে কাম কৰে আঠ বছৰ কাল ধৰি। একেটা বিভাগত গৃহ সেৱিকা হিচাপে তেওঁৰ পদোন্নতি ঘটে। এই পদত পোন্ধৰ বছৰমান বিভিন্ন ঠাইত কাম কৰি অৱশেষত নলবাৰীৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰে। এই বয়সতো ধুনীয়া হৈ থকা ক্ষেমা পেহীয়ে ভতিজা-ভতিজীহঁতৰ ঘৰে ঘৰে গৈ খা-খবৰ কৰি সময় কটায়। ঘৰৰ পৰা বহু আঁতৰত থকা সময়ছোৱাত মাহঁতক সংগদান কৰি মোক নিশ্চিন্ত কৰি ৰখা বাবে ক্ষেমা পেহীৰ ওচৰত চিৰকৃতজ্ঞ মই।

 চিৰকৃতজ্ঞ মই মোৰ ডাঙৰ জা প্ৰতিভা গুহৰ ওচৰতো। তেওঁ ৰান্ধি-বাঢ়ি খুৱাই মোক পঠাইছিল বিশ্ববিদ্যালয়লৈ। পঢ়া-শুনাত ব্যস্ত থাকিবলগীয়া হোৱা বাবে মই ঘৰতো তেওঁক সহায় কৰিব পৰা নাছিলো। তাৰ বাবে ওৰে জীৱন মই বিবেকদংশনত ভুগি আছো। ঊনৈশ বছৰ বয়সত বিয়া হৈ আহি এই জাকৰুৱা ঘৰখনত সোমাইছিল তেওঁ। দিল্লীলৈ বদলি হৈ যোৱাৰ পাছতো অকলশৰে জীৱনটো উপভোগ কৰিব নোৱাৰিলে। হাজিৰ হ’লোগৈ আমি দুটা।

 মোৰ এম এছ চি প্ৰিভিয়াছ পৰীক্ষাৰ পাছতে বৰজনা বদলি হৈ আগ্ৰালৈ গ’ল টেলিগ্ৰাফ বিভাগৰ চীফ চুপাৰিৰ্নটেনডেণ্ট হিচাপে। আমিও লগত গ’লো। বিৰাট চৌহদত ইংৰাজৰ দিনতে সজা বিশাল কোৱাৰ্টাৰ। বেছিদিন নাথাকিলো কাৰণ গৃহস্থ অমলেন্দু এমাহ মানৰ পাছতে ইংলেণ্ডলৈ যাব এবছৰৰ বাবে গৱেষণা সংক্ৰান্ত কামত। সেই এমাহৰ আমাৰ সংসাৰখন দেখি বোধকৰো যাযাবৰেও লাজ পালেহেঁতেন।

 চিন্তা হ’ল এই এটা বছৰ মই থাকিম ক’ত? মই মিৰাণ্ডা হাউছ কলেজৰ ছাত্ৰী হিচাপে বিশ্ববিদ্যালয়ত পঢ়িছিলো। সেই সময়ত পোনপটীয়াকৈ বিশ্ববিদ্যালয়ত ভৰ্তি কৰাৰ নিয়ম নাছিল। মিৰাণ্ডা হাউছৰ হোষ্টেলত তেতিয়া ছীট নথকা বাবে সহপাঠী নীলা আৰু তাইৰ মাকে মোক তেওঁলোকৰ ঘৰতে থাকিবলৈ আমন্ত্ৰণ জনালে। দৰং কলেজৰ অধ্যাপক কে কে ৰাও তেতিয়া দিল্লীত, তেওঁ পি এইচ ডিৰ বাবে গৱেষণা কৰি আছিল। এওঁলোকৰ আন এজন বন্ধু বীৰেন, ৰাও আৰু মই এওঁক বিমান বন্দৰত ছী-অফ কৰি উভতি আহোতে নীলাহঁতৰ ঘৰত গধুলি নামি গ’লো। পিছদিনা পুৱা গ’লো আমাৰ যাযাবৰী সংসাৰখন সামৰি বস্তু বাহানিবোৰ আনিবলৈ। সস্তীয়া চকী-মেজ ইত্যাদি কাম কৰা ছোৱালীজনীক দিয়াৰ পাছত লগত থাকিল সৰু-ডাঙৰ বাৰটা চুটকেচ। তাৰে পাঁচটামানত কিতাপ। আমাৰ কেৰলবাগৰ ঘৰৰ পৰা টাংগা এখনত বস্তুবোৰ তুলি কনটপ্লেচৰ সমীপৱৰ্তী নীলাহঁতৰ ঘৰলৈ যাওঁতে মনটো বিষাদে ছাটি ধৰিছিল। সহপাঠীকেইজনৰ বাহিৰে দিল্লীত বন্ধু-বান্ধৱ কোনো নাই। সিহঁতো গৰমৰ বন্ধত দিল্লীৰ বাহিৰত। আত্মীয়-স্বজনহীন ৰাজধানী মহানগৰীখনত সিদিনা টাংগাত বহি ভাবিছিলো নীলাহঁতৰ ঘৰলৈ নগৈ যাওঁ নেকি যমুনাত বুৰিবলৈ।

 নীলাহঁতৰ ঘৰটো আছিল সৰু। গতিকে দুদিনমান পাছত প্ৰয়োজনীয় দুটামান চুটকেছ

১৬০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি