পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এদিন আমাৰ লজৰ কোঠালৈ ফুৰিবলৈ আহিছিল বৰজনাৰ সহকৰ্মী আৰু তেওঁৰ পত্নী শ্ৰী আৰু শ্ৰীমতী বেনাৰ্জি। তেওঁলোকে প্ৰায় জোৰ কৰিয়ে আমাক লৈ গ’ল তেওঁলোকৰ ছাদত এনেয়ে পৰি থকা বৰ্ষাতি নামেৰে জনাজাত কোঠাটোলৈ। যাযাবৰ দম্পতীয়ে কেম্প সলালো। দিনৰ দিনটো লজত মই অকলে কটোৱা বাবে তেওঁলোকৰ ভাল লগা নাছিল। তালৈ যোৱাত মোৰ এটা অসুবিধা অৱশ্যে হ’ল, ৰান্ধিবলগীয়া হ’লো। পিছে ৰন্ধনত পাৰদৰ্শিনী বেনাৰ্জি বাইদেৱে প্ৰায়ে ইটো-সিটো ৰান্ধি পঠাইছিল।

 এটা মাহ বৰ্ষাতিত কটোৱাৰ পাছত শুনিলো বেনাৰ্জি চাহাবে দক্ষিণ দিল্লীৰ মতিবাগত এটা বিৰাট ডাঙৰ কোৱাৰ্টাৰ পাইছে। আমাকো লৈ যাব খুজিলে। তেতিয়া আমাৰ অসমলৈ উভতি আহিবলৈ দুই-আঢ়ৈ মাহ বাকী। আমি এইকেইটা দিন বৰ্ষাতিৰ কোঠাটোতে থাকিবলৈ সিদ্ধান্ত লৈছিলো। তেওঁলোক নাচোৰ বান্দা। আগ্ৰাৰ বৰজনাই কথাষাৰ শুনি আমাক তেওঁলোকৰ লগত যাবলৈ হেঁচা দিলে। আকৌ কেম্প সলালো। বেনাৰ্জি দম্পতী বৰ মৰমিয়াল আৰু সৎ প্ৰকৃতিৰ। তেওঁলোকৰ দুয়োজনী ছোৱালীৰ বিয়া হৈ গৈছিল, ল’ৰাজনে পঢ়ি আছিল শিৱপুৰ ইঞ্জিনিয়াৰিং কলেজত। দুপৰীয়া-গধুলি বেনাৰ্জি বাইদেৱে-ময়ে কথাপাতি, ফুৰিবলৈ গৈ পৰস্পৰক সংগদান কৰিছিলো। তেওঁৰ মুখে ১৯৪৬ চনত কলকাতাত ঘটা সাম্প্ৰদায়িক সংঘৰ্ষৰ বীভৎস ঘটনাৱলীৰ কথা শুনি কঁপি উঠিছিলো। আমাৰ গৃহস্থই সেই সময়ত কলকাতাৰ প্ৰেচিডেন্সী কলেজত এম এ পঢ়ি আছিল। তেওঁৰ মুখেও শুনিছিলো সেই দিনবোৰৰ কথা। কিন্তু বেনাৰ্জি বাইদেউৰ অভিজ্ঞতা লোমহৰ্ষক।

 নিজৰ ঘৰতে থাকি বেনাৰ্জি চাহাবে তেতিয়া কলকাতাৰ পোষ্ট এণ্ড টেলিগ্ৰাফ বিভাগত কাম কৰিছিল। সৰু সৰু ল’ৰা-ছোৱালী দুটিৰ সৈতে আনদিনাৰ দৰেই বাইদেৱে ঘৰুৱা কাম-কাজ কৰি আছিল। এনেতে শুনিলে মহানগৰীৰ মানুহ উন্মত্ত হৈ উঠিছে। চিঞৰ-বাখৰ, আৰ্তনাদৰ শব্দ বাইদেউৰ কাণত পৰিল। ঘৰৰ বাৰাণ্ডৰ পৰাই দেখিলে হিংসা-প্ৰতিহিংসাৰ এক বীভৎস চিত্ৰ। ৰণহুংকাৰ শুনি সৰ্বশৰীৰ কঁপি উঠিল তেওঁৰ। ঘৰৰ মানুহজন অফিচত। তেওঁ নিৰাপদে আছেতো? খবৰ পালে অস্ত্ৰৰ আঘাতত নিহত-আহত হৈ পৰি আছে অসংখ্য মানুহ। কলকাতা যেন এক মহাশ্মশানত পৰিণত হ’বলৈ ধৰিছে। ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ গ’ল, বেনাৰ্জি চাহাবৰ কোনো সন্ধান নাই। দিন গ’ল, ৰাতি হ’ল, ৰাতি পুৱাল। বেনাৰ্জি চাহাব ঘূৰি নাহিল। নৰকত পৰিণত হোৱা কলকাতাত কোন যাব বেনাৰ্জিৰ সন্ধানত? বাইদেৱে কাক অনুৰোধ কৰিব খবৰ এটা কৰিবলৈ? ঘটনা অলপ শাম কটাৰ পাছত তেওঁলোকৰ আত্মীয়কেইজনমান ওলাল হাস্পাতালবোৰৰ চৌহদত দম বান্ধি ৰখা মৃতদেহ আৰু আহতসকলৰ মাজত বেনাৰ্জি চাহাবক বিচাৰি। ইখনৰ পিছত সিখন হাস্পতালত বিচাৰি ফুৰিবলৈ ধৰিলে মানুহজনক। অৱশেষত মৃতদেহৰ দম এটাৰ মাজৰ পৰা ওলাই থকা হাত এখনত হীৰাৰ আঙুঠিটো এজনৰ চিনাকি যেন লাগিল। টানি উলিয়াই অনা হ’ল আঙুঠিটোৰ গৰাকীজনক। উদ্ধাৰকাৰী দলটোৰ মাজত থকা বেনাৰ্জি চাহাবৰ ডাক্তৰ খুলশালিয়েকে নাড়ীৰ এটা ক্ষীণ স্পন্দন শুনিবলৈ পালে মানুহজনৰ দেহত। অলপো কাল বিলম্ব নকৰি তেওঁ কাম কৰা হাস্পতাললৈ মানুহজনক লৈ গ’ল। তেৱেঁই আছিল বেনাৰ্জি

১৬৬/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি