পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেই কাৰণেই আমি হিন্দু হৈ আছো।

 যুদ্ধৰ পৰা অক্ষত দেহাৰে উভতি অহাৰ পিছত আমি তেওঁৰ সৈনিক জীৱনৰ কথা শুনিবলৈ বেৰি ধৰিছিলো। তেতিয়া অৱশ্যে আমি আগৰ দৰে অঁকৰা হৈ থকা নাছিলো। গতিকে তেওঁৰ কাহিনীৰ শতকৰা পঞ্চাশভাগ বতাহৰ স'তে মিলি যাবলৈ দিয়া হৈছিল। তেওঁ অসমৰ বুলি জানি সহকৰ্মী সৈনিকসকলে অসমৰ আলিবাটেৰে বাঘ-হাতী আদি ঘূৰি ফুৰে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত হেনো কৈছিল যে কুকুৰক যেনেকৈ মানুহে ছেই ছেই কৰি খেদে, অসমীয়াই বাটেৰে যোৱা বাঘ-হাতীক তেনেকৈ খেদে। এইষাৰ কথা অৱশ্যে বিশ্বাস কৰিছিলো, কাৰণ আজিও বহু ভাৰতীয়ৰ ধাৰণা একেই।

 বহু বছৰ পিছত সুধীৰ খুৰাৰ পুত্ৰ দীপকে কালিকটৰ ৰিজিয়নেল ইঞ্জিনিয়াৰিং কলেজত নাম লগাবলৈ যাওঁতে খুৰাই হালধীয়া হৈ অহা পুৰণি ডায়েৰীৰ পৰা তেওঁৰ কেৰালা নিবাসী সৈনিক বন্ধুৰ ঘৰৰ ঠিকনা উলিয়াই চিঠি দিছিল পুতেকৰ কথা জনাই। যুদ্ধৰ পৰা ১৯৪৫ চনত উভতি অহাৰ পিছত প্ৰায় চল্লিশ বছৰ তেওঁলোকৰ মাজত যোগাযোগ নাছিল। চিঠি পাই উল্লসিত সৈনিক বন্ধুগৰাকীয়ে দীপকৰ লগত দেখা কৰিছে। বন্ধত নিজৰ ঘৰলৈ লৈ গৈছে। মুঠতে পিতৃৰ স্নেহেৰে ওপচাই দিছে দীপকক। সুধীৰ খুৰাক ইয়াতে এৰিলো আজিলৈ।

 যুদ্ধৰ সময়ত নিতৌ নতুন নতুন বাতৰি পোৱা গৈছিল। উজনি অসমৰ কিছুমান ঠাইত জাপানীয়ে বোমাবৰ্ষণ কৰাৰ বাতৰি আহিল। দিনজান এৰোড্ৰাম ভালকৈয়ে আক্ৰান্ত হৈছিল। ইফালে ব্ৰহ্মদেশৰ পৰা শ শ ভগনীয়াই হাবি-বননি আৰু পাহাৰ পদব্ৰজে পাৰ হৈ অসমত সোমাই ট্ৰেইনেৰে নামনিলৈ আহি থকাৰ বাতৰি মানুহৰ মুখে মুখে শুনিবলৈ পাইছিলো। এনেতে এদিন কোকৰাঝাৰৰ আকাশত এটা গমগমীয়া শব্দ শুনা গ'ল। মানুহৰ মাজত হুৱা-দুৱা লাগিল। জাপানী আহিছে, এতিয়াই বোমা পেলাব। আমি ট্ৰেঞ্চৰ ফালে ঢাপলি মেলিলো। আকাশত বিমান এখন অনেকৰ দৃষ্টিগোচৰ হ’ল। কোনোবাই ক’লে এইখন জাপানী বিমান নহয়, মিত্ৰপক্ষৰহে। বিমানখন আমাৰ ঘৰৰ সকলোৱে দেখিলে, একমাত্ৰ নেদেখিলো মই। নেদেখাৰ বেদনাই মোৰ বুকুত খুন্দা মাৰি ধৰিলে যদিও কাকো নক’লো দেখা নাই বুলি।

 বিমান নেদেখাৰ শোক পাতলিল, যিদিনা শুনিলো কোকৰাঝাৰৰ পিছৰ ষ্টেচন ফকিৰাগ্ৰামত এখন বিমান নামিছে আৰু দেউতাই সেইখন পাৰাৰ ল'ৰা-ছোৱালীক দেখুৱাবলৈ নিব। গাঁও-ভূইৰ মানুহ হিলদল ভাঙি ওলাই আহিছিল বিমান দৰ্শন কৰিবলৈ। দুপৰীয়া এক বজাৰ ট্ৰেইনত আমি অনুৰ্ধ দহ বছৰীয়া ছোৱালীবোৰহে যোৱাৰ উপযুক্ত বুলি বিবেচনা কৰিলে অভিভাৱকসকলে। সেই হিচাপত বাইদেউ আৰু সৰু মাহী বাদ পৰিল। যিয়েই নহওঁক, আমাৰ দহ-এঘাৰ জনীয়া দলটোক লৈ যাবলৈ চাৰিজনমান মানুহক নিৰ্বাচন কৰা হ'ল। পুৱাৰে পৰা ঘৰে ঘৰে উখল-মাখল অৱস্থা। আকাশেদি উৰি যোৱা যান! কম আচৰিত বস্তু নে? ভাগ্যৰ বলতহে মানুহে এনে বস্তু চাবলৈ সুযোগ পায়। তাতে বিমানৰ চালক আৰু যানখনত উঠি অহাসকল বগা চাহাব। সিহঁতক দেখাওতো ভাগ্যৰ কথা। যিহকে তিহকে পিন্ধি আমাৰ প্ৰভু ইংৰাজৰ দেশৰ মানুহৰ সন্মুখলৈতো যাব নোৱাৰি। মোৰ বাবে ভাল ফ্ৰক

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৬৭