পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দেউতাই হাতীটোক নিবলৈ আপত্তি কৰাত গঞাসকলে খোজকাঢ়িয়ে যাবলৈ অনুৰোধ কৰিলে। লগত লাঠি-যাঠি-জোং লৈ তেওঁলোকো যাবলৈ ওলাল দেউতাৰ পিছে পিছে।

 তেতিয়া বেলিটোৱে মধ্য গগনৰ পৰা পশ্চিমলৈ গতি কৰিছিল। চিকাৰ পাৰ্টিটো উভতি নহা বাবে ঘৰত সকলোৰে চিন্তা। আতাৰ পৰিবাৰ আবুৱে আমাৰ ঘৰলৈ আহি কান্দিবলৈ ধৰিলে। কেতিয়াও চিকাৰলৈ নোযোৱা মানুহজন হাতীৰ পিঠিৰ পৰাই সৰি পৰিল নে বাঘে তেওঁক খালে ইত্যাদি কথাবোৰ বিনাই ঘৰৰ পৰিবেশ অশান্ত কৰি তুলিলে। আমাৰ নিজৰ আবুৰ মুখতো বিষাদৰ ছাঁ— গিৰীন বাবা এতিয়াও উভতি নাহিল। আমাৰ মা নিমাতী কন্যা। তেওঁৰ মনোজগতত কি ঘটিছিল কোনেও গম নাপালে। ঘৰৰ গৃহিণী হিচাপে তেওঁ কৰ্তব্য কৰি থাকিল। আমি সৰু সৰুবোৰে খেল-ধেমালি, পঢ়া-শুনা, হাই-কাজিয়া বাদ দি থমথমীয়া হৈ থাকিলো। দেউতাৰ আনগৰাকী সহকৰ্মীৰ পৰিয়ালো আমাৰ ঘৰত নিঃশব্দে বহি থাকিল।

 এন্ধাৰে গ্ৰাস কৰিলে কোকৰাঝাৰক। চাকি, বন্তি, লেম জ্বলোৱা হ’ল। চিকাৰ পাৰ্টিৰ দেখা-সাক্ষাৎ নাই। মাউত -ঘাঁহীৰ ঘৰৰ গৃহিণীসকল আমাৰ ঘৰত। এনেতে নিস্তব্ধতা ভেদ কৰি এটা শব্দ শুনিবলৈ পোৱা গ'ল। হাতত লেম্প ওলোমাই চ’ৰা ঘৰৰ আগলৈ সকলোৱে ঢাপলি মেলিলোহঁক। আজিৰ দৰে বাট-ঘাট পোহৰ কৰি ৰাখিবলৈ চাকিৰ ব্যৱস্থা নাছিল যদিও এন্ধাৰতে হাতীজনীক দেখা পালো।

 হাতীৰ পিঠিৰ পৰা নামিল এটা বিৰাট চিতা বাঘ আৰু চিকাৰীৰ দলটো। নিমিষতে আমাৰ পদূলিত গোট খালে অসংখ্য মানুহ। আতাক দেখি আবুৱে হায়ৈ-বিয়ৈ কৰি আনন্দতে কান্দিবলৈ ধৰিলে। ৰাইজৰ মাজৰ পৰা ৰসিক কোনোবা এজনে ক'লে— ‘এই আবু, আতাই বাঘ মাৰি আনছে, ক’ত আমাক ভোজভাত খুৱাবি, কান্দিবা লাগছিস কিয়? যা বাঘেৰ মসং (মঙহ) ৰান্ধেক তাৰাতাৰি।

 আবুও কম নহয়, গাঁৱলীয়া ভাষাত গালি পাৰি ক'লে— ‘কায়তো এই কাণা যমেৰ আধুৰা টা? তোৰ আপীটাকে ৰান্ধিবা দে। দুইজনে খাবি লাপুৰ লুপুৰ কৰিয়া।’ (কণা যমেও আধা খোৱাকৈ পেলাই যোৱা এইটোনো কোন? তোৰ ঘৈণীয়েৰকে ৰান্ধিবলৈ ক। তাৰ পিছত দুয়ো দগৰি খাবি।)

 কোনোবাই এটা হেছাক লাইট জ্বলাই চাৰিওফাল উজলালে। বিৰাট বাঘটো দেখি সকলোৰে মুখৰ মাত হৰিল। শুনিলো সিদিনা খোজকাঢ়িয়ে ওচৰৰ নলখাগৰিৰ অনুচ্চ হাবিখনৰ ওচৰ পাইছিল হাতত বন্দুক লৈ দেউতা আৰু পিছে পিছে গঞা ৰাইজৰ এটা দল। হঠাতে নল খাগৰিৰ মাজত বাঘৰ নেজডাল দৃশ্যমান হ’ল, বাঘ চিকাৰীৰ সন্মুখতে। পিছফালে ঘূৰি চাই দেউতাই দেখিলে লগত অহা দলটো নাই। এই হাবিত দুটা মাত্ৰ প্ৰাণী— পৰস্পৰৰ শত্ৰু দেউতা আৰু বাঘ। হয় চিকাৰীৰ হাতত বাঘৰ মৃত্যু, নহয় বাঘৰ হাতত চিকাৰীৰ। মানুহৰ গোন্ধ পাই বাঘ থিয় হ’ল। পৰস্পৰে পৰস্পৰলৈ চাইছে। বাঘে দেউতাক আক্ৰমণ কৰিবলৈ জাঁপটো মাৰোতেই তেওঁ ট্ৰিগাৰত হেঁচা মাৰিলে। বাঘ পৰি গ'ল যদিও নিশ্চিত হ’বলৈ তেওঁ দ্বিতীয় গুলীটোও মাৰিছিল।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৭৫