সমললৈ যাওক

পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছিল। বহুদিনলৈ তেওঁলোক নিঃসন্তান হৈ থকা বাবে দুয়ো গৈছিল দেওঘৰৰ ওচৰৰ বৈদ্যনাথধামলৈ সন্তান কামনাৰ্থে। দহ বছৰীয়া ছোৱালীজনীক বিয়া কৰাই সন্তানৰ বাবে তেওঁলোকৰ বা কিয় ইমান খৰধৰ লাগিছিল ভাবি নেপাও। অৱশ্যে তেতিয়াৰ দিনত কিশোৰী কালতে ছোৱালীবোৰ মাক হৈছিল। এতিয়াও হয় অনুন্নত এলেকাবোৰত। ভগৱানৰ আশীৰ্বাদত নে যমুনা সুন্দৰীৰ দেহৰ প্ৰয়োজনীয় অংগ-প্ৰত্যংগবোৰ পুৰঠ হোৱা বাবে নাজানো, দম্পতিটোৰ কোলালৈ তিনিটা পুত্ৰ সন্তানৰ আৰু এজনী নুমলীয়া কন্যাৰ আগমন ঘটিল। জ্যেষ্ঠ গিৰীন্দ্ৰ মোহন, মাজু বীৰেন্দ্ৰ মোহন আৰু কনিষ্ঠ নৰেন্দ্ৰ মোহনৰ জন্মৰ পিছত তিনিও অলপ ডাঙৰ হোৱাত তিনিওকে বৈদ্যনাথধামলৈ লৈ গৈ তাতেই চূড়াকৰণ অনুষ্ঠিত কৰিছিল।গৌৰমোহনৰ তেতিয়া সুখৰ সংসাৰ। অৱস্থাও নদন-বদন। তেওঁ হেনো আবুক কৈছিল যে ডাঙৰ ঘৰ এটা সাজিব, বোৱাৰীহঁতে বৰষুণত তিতি ৰান্ধনি ঘৰলৈ যাতে যাবলগীয়া নহয় তাৰো ব্যৱস্থা কৰিব দুয়োটা ঘৰৰ সংযোগকাৰী অংশৰ ওপৰত চাল এখন দিয়া পথ এটা নিৰ্মাণ কৰি। ছোৱালীজনী জন্ম হোৱাৰ পিছতো কিমান যে কল্পনা তাইক কেন্দ্ৰ কৰি!

 গৌৰমোহন-যমুনাৰ সুখৰ সংসাৰ বেছি দিন নিটিকিল। জ্যেষ্ঠ পুত্ৰৰ দহ বছৰ, কনিষ্ঠ সন্তান ছোৱালীজনীৰ ছমাহ। এটা কোঠাতে তিনিটা পুত্ৰক লৈ শুই আছিল দেউতাক, আনটোত ছমহীয়া জীয়েক আৰু বিধবা ননদেৰে সৈতে যমুনা। হঠাতে গৌৰমোহনৰ কোঠাৰ পৰা আঃ আঃ বুলি যন্ত্ৰণাকাতৰ শব্দ এটা অহা শুনি যমুনা আৰু ননদেক দুয়ো উঠি গৈ দেখে তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি আছে গৌৰমোহন। বেৰ আৰু চিলিঙতো কেঁচা তেজৰ চেকুৰা। খোলা দুৱাৰেৰে ভাহি আহিছিল কেইজনমান মানুহৰ লৰ মাৰি যোৱা ভৰিৰ শব্দ। গৌৰমোহনৰ ভৰি দুখন ওলমি আছিল বিছনাৰ পৰা। শিশু তিনিটা টোপনিত লালকাল হৈ আছে দেউতাকৰ কাষত। আবুৱে সংজ্ঞা হেৰুৱালে। এন্ধাৰ হ'ল তেওঁৰ ভৱিষ্যতৰ দিনবোৰ।

 জ্ঞান হোৱাৰে পৰা আততায়ীৰ হাতত আতাৰ মৃত্যুৰ কাহিনী শুনিছো। দেউতাই এই বিষয়ে বৰকৈ নকৈছিল। পিতৃ বিয়োগৰ সময়ত তেওঁৰ বয়স আছিল মুঠেই দহ বছৰ। এদিন আমাৰ আগত দুখ কৰি কৈছিল যে সেই সময়ত তেওঁ আৰু অলপ ডাঙৰ হোৱা হ’লে এই ঘটনা ঘটিব নোৱাৰিলেহেঁতেন। ঘৰৰ কাষতে থকা পুখুৰী এটাত দেউতাই চাবি ঘূৰালে চলি থকা পুতলা জাহাজ এখন চলাই খেলি আছিল এদিন। সৰু ল’ৰা, নতুন খেলনাটো লৈ মছগুল। এনেতে নামী-দামী মানুহ এজনৰ ঘৰত কাম কৰা ল’ৰা এজনে দেউতাক ফুচফুচাই কৈছিল, সাৱধান হৈ থাকিবলৈ, কোনোবা এদিন ডকাইতৰ দল এটা তেওঁলোকৰ ঘৰলৈ যাবলৈ সাজু হৈছে। প্ৰতিদিনে ৰাতি হেনো নামী মানুহজনৰ ঘৰত কেইবাজনো মানুহ গোট খাই এই বিষয়ে আলোচনা কৰা শুনিছে তেওঁ। নতুন খেলনা এটা লৈ ব্যস্ত কিশোৰজনে কথাষাৰৰ ওপৰত সমূলি গুৰুত্ব দিয়া নাছিল। পাহৰিও গৈছিল।

 আততায়ীৰ উদ্দেশ্য কি আছিল ভালকৈ কোনেও জানিব পৰা নাছিল যদিও স্থানীয় মানুহখিনিৰ ধাৰণা একাংশ মানুহৰ স্বাৰ্থসিদ্ধিৰ বাবে তেওঁক পৃথিৱীৰ পৰা আঁতৰোৱা হয়।

১৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি