সমললৈ যাওক

পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনেও কেৰেপ নকৰে। আমি গৈছিলো মোহিনী মাহীৰ বিয়ালৈ। কি আয়োজন! মোৰ সৰু সৰু চকু দুটা বিস্ফাৰিত হৈ পিংপং বলৰ দৰে হৈছিল আহল বহল কোঠা এটাত যেতিয়া দেখিছিলো দৈৰ টেকেলিবোৰ। নিজৰে বাথান আছে, গতিকে গাখীৰৰ অভাৱ নাই। বিৰাট বিৰাট ঢৌত কোমল চাউল আৰু গুৰৰ টেকেলিবোৰেও মোক কম আচৰিত কৰা নাছিল। মৌজাদাৰৰ জীয়েকৰ বিয়া, মৌজাবাসী সকলোৱে নিমন্ত্ৰিত। মাই কৈছিল তেওঁৰ আতা পুষ্পৰাম চৌধুৰীৰ আমোলত কোমল চাউল তিওৱা হৈছিল ডিঙা নাৱত (canoe)। সেই মোহিনী মাহীৰে বৰপুত্ৰ গুৱাহাটীৰ বিশিষ্ট আইনজীৱী সত্যেন ডেকা।

 মাহীৰ বিয়াত এটা মজাৰ ঘটনা ঘটিছিল। আত্মীয় স্বজনেৰে ভৰা ঘৰখনৰ উখল-মাখল পৰিবেশত কোনোবাই মেতৰ মেৰ বুলি কাৰোবাক মতা শুনি ডিব্ৰুগড়বাসী ডাঃ বল্লভ বৰুৱা মহাই মানুহজনক ধমকি মাৰি কৈছিল যে মেত্ৰক মেৰ বুলি মতাটো অভদ্ৰতা। মহাৰ কথা শুনি সকলোৱে হাঁহিবলৈ ধৰিলে। মেতৰ কাম কৰা ল'ৰা এটাৰ নাম, আচল মেতৰ নহয়। তেতিয়াও মহাৰ খং। নামটো কিনিবলৈ পইচা নালাগে যেতিয়া এনে নাম কোনোবাই ৰাখেনে? ৰখাৰ কাৰণটোও মজাৰ। মেৰৰ মাকৰ ল'ৰা-ছোৱালী হেনো নাবাচে। যমৰ দৃষ্টি আকৰ্ষণ কৰে ভাল ভাল নামৰ মানুহে। মেৰ নামটোৱে যমৰ মনত ঘৃণাৰ ভাব ওপজালে তালৈ ঘূৰিও নেচাব। যি কি নহওক, মাকৰ ধাৰণা নামটোৰ বাবেই বাছাক হেৰুৱাব লগা হোৱা নাই।

 তাৰ পিছত এদিন মোক এজনে ক'লে, ‘কলাক গেৰি মাৰচোন মাই।’ বাক্যটোৰ অৰ্থ বুজি নেপাই চিন্তাত পৰিলো। দৌৰি গৈ মোৰ সমবয়সী বুলু মাহীক ফুচফুচাই মোৰ সমস্যাৰ কথা কোৱাত গ'ম পালো ‘গেৰি মৰা' মানে চিঞৰি মতা আৰু কলা হ’ল এজন আত্মীয়ৰ নাম। গাৰ বৰণ ক’লা বাবে তেওঁৰ নাম হ'লগৈ কলা। বুলু মাহীৰ লগত মই তেওঁলোকৰ বিৰাট চৌহদটোত টিঘিল ঘিলাই ঘূৰি ঘূৰি আগতে নেদেখা চৰাই-চিৰিকতি, গছ-বন আদিৰ সন্ধান পাইছিলো। মাৰ সৰু মামা হাতী চিকাৰী ভবানন্দ আতাৰ বৰজীয়ৰী বুলু মাহীৰ অন্তঃকৰণখন আছিল বৰ বহল। মানুহক বৰ আদৰ-সাদৰ কৰিব জানিছিল৷ গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ মুনীন্দ্ৰ মোহন ডেকা মোৰ বান্ধৱীসম বুলু মাহীৰ ডাঙৰ জোঁৱাই।

 উৎসৱ আদি নথকা সময়তো বৰটাৰীৰ ঘৰখন আমাৰ বাবে আকৰ্ষণীয় আছিল। হঠাতে হয়তো লেতুক মামাই সুধিলে মাংস খাবৰ মন গৈছে নেকি। হাঁ বুলি কোৱাৰ লগে লগে বন্দুকটো উলিয়াই হাতীত উঠি ৰাওনা হ’ল আৰু অলপ সময়ৰ পিছতে চোতালত নমালে এটা পহু। ৰান্ধনী ঘৰত বহি আবুহঁতে ৰন্ধা-বঢ়া কৰি থকা চায়ো হৈছিলো অবাক। বিৰাট বিৰাট হাড়ী-কোহিত ৰঙা মেখেলা-চাদৰ পিন্ধি কিমান মানুহৰ ভাত ৰান্ধিছিল নেজানো। আমাৰ ঘৰতো খাওতা অনেক আছিল, আমাৰো ৰন্ধন পাত্ৰ আছিল ডাঙৰ ডাঙৰ। কিন্তু তেওঁলোকৰবোৰ আছিল জাম্বো আকাৰৰ। চেনিৰ সলনি তেওঁলোকে ব্যৱহাৰ কৰিছিল বিশুদ্ধ মৌ। নিজৰ কাঠনি-বননিত বাহ বান্ধিছিল অজস্ৰ মৌমাখিয়ে। আতাহঁতৰ নিৰোগ আৰু সৱল দেহবোৰৰ বিশুদ্ধ আহাৰেই ঘাই কাৰণ। আতা-আবু বুলি কৈ আছো যদিও তেওঁলোক কিন্তু সিমান বয়সীয়া নাছিল, বিশেষকৈ ভবানন্দ আতা।

৮৮/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি